05.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকলপিতাৰমৰমসকলোসন্তা
নৰেপ্ৰতিআছেকিন্তুযিয়েপিতাৰৰায়তৎক্ষণাৎ
মানিলয়, তেওঁৰপ্ৰতিআকৰ্ষিতহয়।
গুণৱানসন্তানেমৰমআকৰ্ষিতকৰে

প্ৰশ্ন:
পিতাইকোনটোঠিকালৈছে?

উত্তৰ:
সকলোকে গুলগুল (ফুল) কৰি উভতাই লৈ যোৱাৰ ঠিকা এজন পিতাৰ হয়। পিতাৰ নিচিনা ঠিকাদাৰ সৃষ্টিত আৰু আন কোনো নাই। তেৱেঁই সকলোৰে সৎগতি কৰিবলৈ আহে। পিতাই সেৱাৰ অবিহনে থাকিব নোৱাৰে। তেন্তে সন্তানসকলেও সেৱাৰ প্ৰমাণ দিব লাগে। পিতাই যি শুনায় সেয়া উপেক্ষা কৰিব নালাগে।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক বুজাইছে - সন্তানসকল, নিজকে আত্মা বুলি ভাবি বহা। এয়া এজন পিতাইহে বুজায় অন্য কোনো মানুহে বুজাব নোৱাৰে। নিজক আত্মা বুলি বুজা-এয়া 5 হাজাৰ বছৰৰ পাছত পিতাহে আহি শিকায়। এয়া তোমালোক সন্তানসকলেহে জানা। কোনেও নাজানে যে এতিয়া পুৰুষোত্তম সংগম যুগ। তোমালোক সন্তানসকলৰ এইটো স্মৃতিত থাকিব লাগে যে আমি পুৰুষোত্তম সংগম যুগত আছোঁ, এইয়াও মনমনাভৱই হয়। পিতাই কয় - মোক স্মৰণ কৰা কিয়নো এতিয়া উভতি যাব লাগিব। 84 জন্ম এতিয়া পুৰা হল, এতিয়া সতোপ্ৰধান হৈ উভতি যাব লাগিব। কোনোবাইতো একেবাৰেই স্মৰণ নকৰে। পিতাইতো প্ৰত্যেকৰে পুৰুষাৰ্থক ভালকৈ জানে। তাৰ ভিতৰতো বিশেষকৈ যিসকল ইয়াত আছে অথবা বাহিৰত আছে। বাবাই জানে যদিও ইয়াত বহি প্ৰত্যক্ষ কৰো কিন্তু মিঠা মিঠা যিসকল সেৱাধাৰী সন্তান আছে, তেওঁলোকক স্মৰণ কৰো। তেওঁলোককেই প্ৰত্যক্ষ কৰো, এইয়া কেনে ধৰণৰ ফুল হয়, এওঁলোকৰ কি কি গুণ আছে? কিছুমান এনেকুৱা আছে যাৰ কোনো গুণ নাই। এতিয়া এনেকুৱা সকলক বাবাই চাই কি কৰিব। পিতাতো হৈছে চুম্বক, পবিত্ৰ আত্মা গতিকে নিশ্চয় আকৰ্ষণ কৰিব। কিন্তু বাবাই অন্তৰৰ কথা জানে, পিতাই নিজৰ গোটেই খতিয়ন জনায় গতিকে সন্তানসকলেও জনাব লাগে। পিতাই কয়- মই তোমালোকক বিশ্বৰ মালিক কৰিবলৈ আহিছোঁ। তাৰ পিছত যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰে। যি পুৰুষাৰ্থ কৰা হয়, সেয়াও জানিব লাগে। বাবাই লিখে - সকলোৰে বৃত্তিৰ (পেচা) বিষয়ে লিখি পঠিওৱা অথবা তেওঁৰ দ্বাৰা লিখি পঠিওৱা। যিসকল তৎপৰ বিচাৰ বুদ্ধি সম্পন্ন ব্ৰাহ্মণী হয় তেওঁলোকে সকলোবোৰ তেওঁলোকৰ দ্বাৰা লিখি পঠিয়াই দিয়ে - কি কাম কৰে, কিমান উপাৰ্জন হয়? পিতাই নিজৰ বিষয়ে সকলো শুনায় আৰু সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। তেওঁ সকলোৰে অৱস্থাৰ বিষয়ে জানে। ভিন্ন-ভিন্ন ফুল আছে নহয় জানো। (এটি এটি ফুল দেখুৱাই) চোৱা, কেনেকুৱা ৰয়েল (অভিজাত) ফুল। এতিয়া এনেকুৱা সুবাস, যেতিয়া পূৰ্ণ ৰূপত ফুলি যাব তেতিয়া প্ৰথম শ্ৰেণীৰ শোভা হৈ যাব। তোমালোকো এই লক্ষ্মী-নাৰায়ণৰ দৰে লায়ক হৈ যাবা। গতিকে পিতাই চাই থাকে, এনেকৈ নহয় যে সকলোকে চাৰ্চ-লাইট দিয়ে। যি যেনেকুৱা তেনেকৈয়ে আকৰ্ষণ কৰে, যাৰ কোনো গুণ নাই তেওঁ কি আকৰ্ষণ কৰিব। এনেকুৱা সকলে তাত গৈ পাই-পইচাৰ পদ পাব। বাবাই প্ৰত্যেকৰে গুণক চাই আৰু মৰমো কৰে। মৰমত দুচকু সেমেকি যায়। এই সেৱাধাৰীসকলে কিমান সেৱা কৰে! এওঁলোকৰ সেৱাৰ অবিহনে আৰাম নালাগে। কিছুমানেতো সেৱা কৰিবই নাজানে। যোগত নবহে। জ্ঞানৰ ধাৰণা নাই। বাবাই বুজি পায়-এওঁলোকে কি পদ পাব। কোনেও লুকাই থাকিব নোৱাৰে। যিসকল সন্তান ভাল বুদ্ধিমান, সেৱাকেন্দ্ৰ চম্ভালে, তেওঁলোকে প্ৰত্যেকৰে খতিয়ন পঠিয়াব লাগে। তেতিয়া বাবাই বুজি পাব কিমানলৈকে পুৰুষাৰ্থী হয়। বাবাতো জ্ঞানৰ সাগৰ। সন্তানসকলক জ্ঞান দিয়ে। কোনে কিমান জ্ঞান ধাৰণ কৰে, গুণৱান হয়- সেয়া তৎক্ষণাৎ গম পোৱা যায়। বাবাৰ মৰম সকলোৰে প্ৰতি আছে। ইয়াৰ ওপৰত এটি গীত আছে- তোমাৰ কাঁইটৰ প্ৰতিও মৰম আছে, তোমাৰ ফুলৰ প্ৰতিও মৰম আছে। ক্ৰমানুসৰিতো হয়েই। গতিকে পিতাৰ প্ৰতি কিমান ভাল মৰম থকা উচিত। বাবাই যি কয় সেয়া তৎক্ষণাৎ কৰি দেখুৱাব লাগে তেতিয়া বাবাইও বুজি পাব যে বাবাৰ প্ৰতি মৰম আছে। তেওঁলোকে আকৰ্ষিত কৰিব। পিতাৰ এনেকুৱা আকৰ্ষণ আছে যে একেবাৰে লিপিত খাই ধৰে। কিন্তু যেতিয়ালৈকে মামৰ আঁতৰি নাযায় তেতিয়ালৈকে আকৰ্ষিতো নহব। এজন-এজনক চাওঁ।

বাবাক সেৱধাৰী সন্তানৰ আৱশ্যক। পিতাতো সেৱাৰ বাবেই আহে। পতিতক পাৱন কৰি তোলে। এয়া তোমালোকে জানা, জগতৰ লোকে নাজানে কিয়নো এতিয়া তোমালোক বহুত কম সংখ্যক। যেতিয়ালৈকে যোগ নাথাকিব তেতিয়ালৈকে আকৰ্ষণ নহব। সেই পৰিশ্ৰম বহুত কম সংখ্যকে কৰে। কিবা নহয় কিবা কথাত ওলমি থাকে। এইয়া সেই সৎসংগ নহয় যত যি শুনে তাকে সত্য সত্য বুলি কয়। সর্ব শাস্ত্ৰৰ শিৰোমণি হৈছে একমাত্ৰ গীতা। গীতাতে ৰাজযোগৰ বিষয়ে আছে। বিশ্বৰ মালিকতো পিতাই হয়। সন্তানসকলক কৈ থাকো যে গীতাৰ পৰাই প্ৰভাৱ বিস্তাৰ হব। কিন্তু ইমান শক্তিও থাকিব লাগিব। যোগবলৰ ধাৰ ভাল হোৱা উচিত, কিন্তু তাতেই তোমালোক বহুত দুৰ্বল। এতিয়া অলপ সময় আছে। এনেকৈ কোৱা হয় তুমি মিঠা হলে আনেও তোমাক মিঠা ব্যৱহাৰ কৰিব... মোক মৰম কৰিলে তেতিয়া ময়ো মৰম কৰিম। এইয়া হল আত্মাৰ মৰম। এজন পিতাৰ স্মৃতিত থাকা, এই স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হব। কিছুমানেতো একেবাৰে স্মৰণ নকৰে। পিতাই বুজায় - ইয়াত ভক্তিৰ কথা নাই। এইয়া বাবাৰ ৰথ, এওঁৰ দ্বাৰা শিৱবাবাই পঢ়ায়। শিৱবাবাই নকয় যে মোৰ ভৰি ধুই পাণ কৰা। বাবাইতো হাত লগাবও নিদিয়ে। এয়া হৈছে অধ্যয়ন। হাত লগালে কি হ'ব। পিতাতো হৈছে সকলোৰে সৎগতি কৰোঁতা। কৌটিৰ মাজত কোনোবাইহে এই কথাবোৰ বুজি পায়। যি কল্পৰ আগতে বুজিছিল, তেওঁলোকেহে বুজি পাব। ভোলানাথ পিতা আহি নিৰীহ মাতাসকলক জ্ঞান দান কৰি উচ্চ স্থানলৈ আনে। পিতাই একেবাৰে উচ্চ কৰি দিয়ে - মুক্তি আৰু জীৱনমুক্তিলৈ লৈ যায়। পিতাই কেৱল কয় - বিকাৰ ত্যাগ কৰা। ইয়াৰ ওপৰতে কাজিয়া হয়। পিতাই বুজায় - নিজকে চোৱা মোৰ কি কি অৱগুণ আছে? বেপাৰীলোকে সদায় নিজৰ লাভ লোকচানৰ খাতিয়ান উলিয়ায়। তোমালোকেও খাতিয়ান ৰাখা যে কিমান সময় অতি মৰমৰ বাবা, যিয়ে আমাক বিশ্বৰ মালিক কৰি তোলে, তেওঁক স্মৰণ কৰিলোঁ। তেতিয়া দেখিবা কমকৈ স্মৰণ কৰিলে নিজৰে লাজ লাগিব যে এনেকুৱা বাবাক মই স্মৰণেই নকৰিলোঁ। আমাৰ বাবা সকলোতকৈ বিস্ময়কৰ। স্বৰ্গও গোটেই সৃষ্টিৰ ভিতৰত বিস্ময়কৰ। তেওঁলোকেতো স্বৰ্গক লাখ বছৰৰ বুলি কৈ দিয়ে আৰু তোমালোকে 5 হাজাৰ বছৰৰ বুলি কোৱা। কিমান দিন আৰু ৰাতিৰ পাৰ্থক্য আছে। যি বহুত পুৰণি ভক্ত হয় তেওঁলোকৰ প্ৰতি পিতাও বলিহাৰ যায়। বহুত ভক্তি কৰিলে নহয় জানো। বাবাই এই জন্মতো গীতা পঢ়িছিল আৰু নাৰায়ণৰ চিত্ৰও ৰাখিছিল। লক্ষ্মীক দাসত্বৰপৰা মুক্ত কৰি দিলে গতিকে কিমান সুখী হৈ থাকে। যেনেকৈ মই এই শৰীৰ ত্যাগ কৰি সত্য যুগত আন এটি লমগৈ। বাবাও আনন্দিত হৈ থাকে যে মই ৰাজকুমাৰ হমগৈ। পুৰুষাৰ্থো কৰাই থাকে। বিনা পৰিশ্ৰমে কেনেকৈ হব। তোমালোকেও ভালকৈ পিতাক স্মৰণ কৰিলে তেতিয়া স্বৰ্গৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিবা। কিছুমানেতো নপঢ়েই, নতুবা দৈৱীগুণ ধাৰণ কৰে। খতিয়নেই নাৰাখে। খতিয়ন সদায় তেওঁহে ৰাখিব যি উচ্চ পদ পাওঁতা হব। নহলে কেৱল দেখুৱাৰ কাৰণে কৰিব। 15-20 দিনৰ পিছত এৰি দিয়ে। ইয়াততো পৰীক্ষা আদি সকলো গুপ্ত। প্ৰত্যেকৰে যোগ্যতা পিতাই জানে। পিতাৰ আজ্ঞা তৎক্ষণাৎ মানিলে কোৱা হব আজ্ঞাকাৰী, একান্ত বাধ্য। বাবাই কয় - এতিয়া সন্তানসকলৰ বহুত কাম কৰিবলগীয়া আছে। কিমান ভাল ভাল সন্তানেও এৰি গুছি যায়। এওঁ কেতিয়াও কাকো ত্যাগ বা বিচ্ছেদ নকৰে। এওঁটো ড্ৰামা অনুসৰি আহিছে বৃহৎ ঠিকা লবলৈ। মই সকলোতকৈ ডাঙৰ ঠিকাদাৰ। সকলোকে ফুল কৰি তুলি উভতাই লৈ যাম। তোমালোক সন্তানসকলে জানা পতিতক পাৱন কৰি তোলোতা ঠিকাদাৰ এজনেই। তেওঁ তোমালোকৰ সন্মুখত বহি আছে। কাৰোবাৰ পুৰা নিশ্চয় আছে, কাৰোবাৰ একেবাৰে নাই। আজি ইয়াত আছে, কালিলৈ গুছি যাব, চলনেই এনেকুৱা। অন্তৰত নিশ্চয় কষ্ট পাব - মই বাবাৰ ওচৰত থাকি, বাবাৰ হৈয়ো কি কৰিলো। সেৱা একোৱেই নকৰিলে কি পাবা। ৰুটি সেকা, ব্যঞ্জন ৰন্ধা এইবোৰটো আগতেও কৰিছিলা। নতুন কাম কি কৰিলা? সেৱাৰ প্ৰমাণ দিব লাগে। ইমানজনক মাৰ্গদৰ্শন কৰালো।

এই ড্ৰামা বহুত বিস্ময়কৰ ভাবে ৰচনা কৰা হৈছে। যি হৈ আছে তোমালোকে প্ৰত্যক্ষ ৰূপত দেখি আছা। শাস্ত্ৰততো কৃষ্ণৰ চৰিত্ৰ লিখি দিছে, কিন্তু চৰিত্ৰ হৈছে এজন পিতাৰ। তেওঁৱেই সকলোৰে সৎগতি কৰে। এওঁৰ দৰে চৰিত্ৰ আন কাৰোৱেই হব নোৱাৰে। চৰিত্ৰতো নিশ্চয় ভাল হব লাগে। বাকী কাৰোবাক পলুৱাই নিয়া-এয়া কোনো চৰিত্ৰ নহয়। সকলোৰে সৎগতি কৰোঁতা হৈছে এজন পিতা। তেওঁ কল্পই-কল্পই আহি স্বৰ্গৰ স্থাপনা কৰে। লাখ বছৰৰ কোনো কথা নহয়।

গতিকে সন্তানসকলে ছিঃছিঃ অভ্যাস এৰি দিব লাগে। নহলে কি পদ পাবা? প্ৰেমিকো গুণ দেখিহে প্ৰেমত পৰিব, নহয় জানো। প্ৰেমিক তেওঁলোকৰ প্ৰেমত পৰিব যিসকলে তেওঁৰ সেৱা কৰিব। যিয়ে সেৱা নকৰে তেওঁ কি কামৰ! এই কথাবোৰ বহুত বুজিবলগীয়া। পিতাই বুজায় - তোমালোক মহান ভাগ্যশালী হোৱা, তোমালোকৰ দৰে ভাগ্যৱান কোনো নাই। যদিও তোমালোক স্বৰ্গলৈ যাবা কিন্তু উচ্চ প্ৰালব্ধ গঢ়িব লাগে। কল্প-কল্পান্তৰৰ কথা। পদ কম হৈ যায়। যি পাম সেইয়াই ভাল বুলি ভাবি আনন্দিত হব নালাগে। পুৰুষাৰ্থ বহুত ভালকৈ কৰিব লাগে। সেৱাৰ প্ৰমাণ দিব লাগে - কিমানজনক নিজৰ সমান কৰি তুলিলো? তোমালোকৰ প্ৰজা কত? পিতা-শিক্ষকে সকলোকে পুৰুষাৰ্থ কৰায়। কিন্তু কাৰোবাৰ ভাগ্যত থাকিলেহে। সকলোতকৈ শ্ৰেষ্ঠ আশীৰ্বাদ এয়াই যে পিতাই নিজৰ শান্তিধাম এৰি পতিত সৃষ্টিত আৰু পতিত দেহত আহে। নহলে তোমালোকক ৰচয়িতা আৰু ৰচনাৰ জ্ঞান কোনে শুনাব? এইয়াও কাৰো বুদ্ধিত ধাৰণ নহয় যে সত্যযুগত ৰাম ৰাজ্য আৰু কলিযুগত ৰাৱণ ৰাজ্য। ৰাম ৰাজ্যত এখনেই ৰাজ্য আছিল, ৰাৱণ ৰাজ্যত অনেক ৰাজ্য আছে সেই কাৰণে তোমালোকে সোধা নৰকবাসী হোৱা নে স্বৰ্গবাসী হোৱা? কিন্তু মানুহে এইটো নুবুজে যে আমি কত আছো। এইয়া হৈছে কাঁইটৰ জংঘল, সেইখন হল ফুলৰ বাগিছা। গতিকে এতিয়া পিতা-মাতা আৰু অনন্য সন্তানসকলক অনুসৰণ কৰিব লাগে, তেতিয়াহে উচ্চ হব পাৰিবা। পিতাই বুজাইতো বহুতেই। কিন্তু কোনোবা বুজোতাইহে বুজিব। কিছুমানেতো শুনি লৈ ভালকৈ বিচাৰ সাগৰ মন্থন কৰে। কিছুমানে বাবাই শুনোৱা কথাবোৰক উপেক্ষা কৰে। যতে ততে লিখা আছে- শিৱবাবা স্মৃতিত আছেনে? তেতিয়া প্ৰাপ্তিও নিশ্চয় স্মৃতিলৈ আহিব। দৈৱীগুণ থাকিলে তেন্তে দেৱতা হবাগৈ। যদি ক্ৰোধ থাকে, আসুৰী অৱগুণ থাকে তেতিয়া হলে উচ্চ পদ পাব নোৱাৰিব। তাত কোনো ভূত নাথাকে। ৰাৱণেই নাই গতিকে ৰাৱণৰ ভূত কৰ পৰা আহিব। দেহ অভিমান, কাম, ক্ৰোধ এইবোৰ হল ডাঙৰ ভূত। ইয়াক আতৰোৱাৰ এক মাত্ৰ উপায় হল - বাবাৰ স্মৃতি। বাবাৰ স্মৃতিৰ দ্বাৰাই সকলো ভূত পলাই যাব। ভাল বাৰু!

কল্পৰ পিছত পুনৰাই লগ পোৱা অতি মৰমৰ সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ৰাত্ৰি ক্লাছ:-

বহুত সন্তানৰ ইচ্ছা থাকে যে আমিও আনক নিজৰ সমান কৰি তোলাৰ সেৱা কৰো। নিজৰ প্ৰজা বনাওঁ। যেনেকৈ আমাৰ অন্য ভাতৃসকলে সেৱা কৰে আমিও তেনেকৈ কৰো। মাতাসকল সংখ্যাত অধিক। কলহো মাতাসকলকেই দিয়া হৈছে। বাকী এইয়া হৈছে প্ৰবৃত্তি মাৰ্গ। দুয়োটাই লাগে নহয় জানো। বাবাই সোধে - কিমান সন্তান আছে? চায় সঠিক উত্তৰ দিয়ে নে নিদিয়ে। 5 জন নিজৰ এজন হল শিৱবাবা। কিছুমানেতো কব লাগে কাৰণে কৈ দিয়ে। কোনোবাই সঁচাকৈ কয়। যিয়ে (শিৱ বাবাক) উত্তৰাধিকাৰী কৰি লয় তেওঁ বিজয়মালাত আহি যাব। যিয়ে সঁচা উত্তাৰীধিকাৰী বনায় তেওঁ নিজেও উত্তৰাধিকাৰী হয়। সঁচা অন্তৰত চাহেব ৰাজী হয়.... বাকীতো সকলোৱে কব লাগে কাৰণে কৈ দিয়ে। এই সময়ত পাৰলৌকিক পিতাহে আছে যিয়ে সকলোকে উত্তৰাধিকাৰ দিয়ে। সেয়েহে স্মৰণো তেওঁকেই কৰিব লাগে যাৰ দ্বাৰা 21 জন্মৰ উত্তৰাধিকাৰ পোৱা যায়। বুদ্ধিত জ্ঞান আছে যে এয়াতো একোৱেই নাথাকিবগৈ। পিতাই প্ৰত্যেকৰে অৱস্থাক চায় সঁচা উত্তৰাধিকাৰী কৰি লৈছে নে কৰিবলৈ চিন্তা কৰি আছে। উত্তৰাধিকাৰী কৰি লোৱাৰ অৰ্থ বুজেনে। বহুত আছে যিয়ে বুজি পায়ো বাবাক উত্তৰাধিকাৰী কৰি লব নোৱাৰে কিয়নো মায়াৰ বশীভূত হৈ আছে। এই সময়ত হয়তো ঈশ্বৰৰ বশ হব নতুবা মায়াৰ বশ হব। যি ঈশ্বৰৰ বশ হব তেওঁ উত্তৰাধিকাৰী কৰি লব। মালা আঠৰো হয়, 108 ৰো হয়। আঠটিয়ে নিশ্চয় চমৎকাৰ কৰিব। সঁচাকৈয়ে উত্তৰাধিকাৰী কৰিহে এৰিব। যদিও উত্তৰাধিকাৰী কৰি লয় তেওঁলোকে উত্তৰাধিকাৰতো লয়েই। তথাপিও এনেকুৱা উচ্চ উত্তৰাধিকাৰী কৰি লওঁতাসকলৰ কৰ্মও এনেকুৱা উচ্চ হব। কোনো বিকৰ্ম নহয়। যি বিকাৰ আছে সেয়া সকলো বিকৰ্মই নহয় জানো। পিতাক বাদ দি অন্য কাৰোবাক স্মৰণ কৰা- এইটোও বিকৰ্ম। পিতা মানে পিতা। পিতাই মুখেৰে কয় মামেকম (মনে মনে কেৱল মোক) স্মৰণ কৰা। নিৰ্দেশনা পাইছা নহয় জানো। গতিকে পিতাক পুৰা স্মৰণ কৰা- ইয়াতেই বহুত যত্ন কৰিবলগীয়া হয়। এজন পিতাক স্মৰণ কৰিলে মায়াই ইমান আমনি নকৰে। বাকী মায়াও বহুত শক্তিশালী। বুজি পোৱা যে মায়াই বহুত বিকৰ্ম কৰায়। ডাঙৰ-ডাঙৰ মহাৰথীকো বগৰাই পেলায়। দিনে-প্ৰতিদিনে চেণ্টাৰৰ (সেৱাকেন্দ্ৰৰ) সংখ্যা বৃদ্ধি হৈ গৈ থাকিব। গীতা পাঠশালা বা মিউজিয়াম খুলি থাকিব। গোটেই সৃষ্টিৰ মানুহে পিতাৰ কথাও মানিব, ব্ৰহ্মাৰ কথাও মানিব। ব্ৰহ্মাকেই প্ৰজাপিতা বুলি কোৱা হয়। আত্মাসকলকতো প্ৰজা বুলি কোৱা নহব। মনুষ্য সৃষ্টি কোনে ৰচে? প্ৰজাপিতা ব্ৰহ্মাৰ নাম আহে তেন্তে তেওঁ সাকাৰ, তেওঁ নিৰাকাৰ হৈ গল। তেওঁতো অনাদি। তেওঁকো অনাদি বুলি কব। দুয়োজনৰ নাম আটাইতকৈ উচ্চ। তেওঁ আত্মিক পিতা, তেওঁ প্ৰজাপিতা। দুয়োজনে বহি তোমালোকক পঢ়ায়। কিমান উচ্চ (মহান) হল! সন্তানসকলৰ কিমান নিচা থকা উচিত! কিমান আনন্দিত হোৱা উচিত। কিন্তু মায়াই আনন্দত বা নিচাত থাকিব নিদিয়ে। এনেকুৱা বিদ্যাৰ্থীয়ে যদি বিচাৰ সাগৰ মন্থন কৰি থাকে তেন্তে সেৱাও কৰিব পাৰিব। আনন্দতো থাকিব পাৰে, কিন্তু কিজানি এতিয়া সময় (বাকী) আছে। যেতিয়া কৰ্মাতীত অৱস্থা হব তেতিয়া আনন্দতো থাকিব পাৰিব। ভাল বাৰু- আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু শুভৰাত্ৰি।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় ৰাতি খতিয়ন (পোতামেল) চাব লাগে যে অতি মৰমৰ বাবাক গোটেই দিনটোত কিমান মনত পেলালোঁ? নিজক জাহিৰ কৰিবলৈ খতিয়ন ৰাখিব নালাগে, গুপ্ত পুৰুষাৰ্থ কৰিব লাগে।

(2) পিতাই যি শুনায়, তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰিব লাগে, সেৱাৰ প্ৰমাণ দিব লাগে। পিতাই শুনোৱা কথাক উপেক্ষা কৰিব নালাগে। ভিতৰত যদি কিবা আসুৰি অৱগুণ আছে তেন্তে সেয়া পৰীক্ষা কৰি আতৰাব লাগে।

বৰদান:
স্বাৰ্থ, ঈৰ্ষাআৰুখিংখিঙীয়াভাৱৰপৰা
মুক্তহৈথাকোঁতাক্ৰোধমুক্তহোৱা

যিকোনো বিচাৰ লাগিলে প্ৰকট কৰা, সেৱাৰ বাবে নিজকে অফাৰ (আগবঢ়াই দিয়া) কৰা। কিন্তু বিচাৰৰ পিছত সেই বিচাৰক ইচ্ছাৰ ৰূপত সলনি নকৰিবা। যেতিয়া সংকল্প ইচ্ছাৰ ৰূপলৈ সলনি হয় তেতিয়া খিংখিঙীয়া ভাৱ আহে। কিন্তু নিঃস্বাৰ্থ হৈ বিচাৰ আগবঢ়োৱা, স্বাৰ্থ ৰাখি নহয়। মই কলোঁ যেতিয়া হবই লাগিব - এনেকৈ নাভাবিবা, অফাৰ কৰা (আগবঢ়াই দিয়া), কিয়, কি লৈ নাহিবা, নহলে ঈৰ্ষা-ঘৃণা এটা এটা লগৰীয়া আহি যায়। স্বাৰ্থ বা ঈৰ্ষাৰ কাৰণেও ক্ৰোধ উৎপন্ন হয়, এতিয়া ইয়াৰ পৰাও মুক্ত হোৱা।

স্লোগান:
শান্তিদূতহৈসকলোকেশান্তিদিয়া- এয়াইতোমালোকৰঅকুপেচন (পেচা)।