05.05.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তোমালোক পিতাৰ শ্রীমতত চলা তেতিয়া তোমালোকক কোনেও দুখ দিব নোৱাৰিব, দুখ-কষ্ট দিওঁতা হৈছে ৰাৱণ যি তোমালোকৰ ৰাজ্যত নাথাকে

প্ৰশ্ন:
তোমালোক সন্তানসকলে এই জ্ঞান যজ্ঞত কি আহুতি দিয়া?

উত্তৰ:
এই জ্ঞান যজ্ঞত তোমালোকে কোনো তিল, যৱ আদি আহুতি নিদিয়া, ইয়াত তোমালোকে দেহ সহিত যি কিছু আছে সেই সকলো আহুতি দিব লাগে অৰ্থাৎ বুদ্ধিৰে সকলো পাহৰি যাব লাগে। এই যজ্ঞৰ তত্ত্বাৱধান পৱিত্ৰতাত থকা ব্ৰাহ্মণেহে লব পাৰে। যিসকল পৱিত্ৰ ব্ৰাহ্মণ হয় তেওঁলোকেই আকৌ ব্ৰাহ্মণৰ পৰা দেৱতা হয়।

গীত:
তুম্‌হে পাকে হমনে জহান পা লিয়া...... (তোমাক পাই আমি গোটেই জগতখনেই পাই গলোঁ)

ওঁম্শান্তি।
সন্তানসকল পিতাৰ ওচৰলৈ আহিছে। সন্তানসকল নিশ্চয় তেতিয়াহে আহিব, যেতিয়া পিতাক চিনি পিতা বুলি কব। নহ'লেতো আহিবই নোৱাৰে। সন্তানসকলে জানে যে আমি নিৰাকাৰী বেহদৰ পিতাৰ ওচৰলৈ যাওঁ, তেওঁৰ নাম হৈছে শিৱবাবা। তেওঁৰ নিজৰ শৰীৰ নাই, তেওঁৰ কোনো শত্ৰু হ'ব নোৱাৰে। ইয়াত শত্ৰু হ'লে তেতিয়া ৰজাকো মাৰি পেলায়। গান্ধীক মাৰিলে, কিয়নো তেওঁৰতো শৰীৰ আছিল। পিতাৰতো নিজৰ শৰীৰ নাই। মাৰিব বিচাৰিব সেয়াও তেওঁক যাৰ শৰীৰত প্ৰৱেশ কৰোঁ। আত্মাকতো কোনেও মাৰিব কাটিব নোৱাৰে। গতিকে যিয়ে মোক যথাৰ্থ ৰীতিৰে জানে, তেওঁলোককহে ৰাজ্য-ভাগ্য দিওঁ। তেওঁলোকৰ ৰাজ্য-ভাগ্য কোনেও জ্বলাব নোৱাৰে। যিকোনো অৱস্থাত পানীয়েও ডুবাব নোৱাৰে।

তোমালোক সন্তানসকল পিতাৰ পৰা অবিনাশী ৰাজধানীৰ উত্তৰাধিকাৰ লবলৈ আহিছা। যাক কোনেও দুখ অথবা কষ্ট দিব নোৱাৰে। তাত দুখ-কষ্ট দিওঁতা কোনো নাথাকে। দুখ-কষ্ট দিওঁতা হৈছে ৰাৱণ। ৰাৱণৰ 10টা মূৰো দেখুৱায়। কেৱল ৰাৱণক দেখুৱায়, মন্দোদৰীক নেদেখুৱায়। কেৱল নাম ৰাখি দিছে যে ৰাৱণৰ পত্নী আছিল। সেয়েহে এই ৰাৱণৰাজ্যত তোমালোকৰ দুখ-কষ্টই হয়। তাততো ৰাৱণ নাথাকে। পিতাতো হৈছে নিৰাকাৰ, তেওঁক কোনেও মাৰিব কাটিব নোৱাৰে। তোমালোককো এনেকুৱা কৰি তোলে যাতে তোমালোকৰ শৰীৰ থকা সত্ত্বেও কোনো দুখ হব নোৱাৰে। গতিকে এনেকুৱা পিতাৰ মতত চলিব লাগে। পিতাহে জ্ঞানৰ সাগৰ হয়, অন্য কোনেও এই জ্ঞান দিব নোৱাৰে। ব্ৰহ্মাৰ দ্বাৰা সকলো শাস্ত্ৰৰ সাৰ বুজায়। ব্ৰহ্মা হ'ল শিৱবাবাৰ সন্তান। এনেকুৱা নহয় যে বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হল। যদি নাভিৰ পৰা বুলি কোৱা হয় তেন্তে শিৱবাবাৰ নাভি-কমলৰ পৰা আবিৰ্ভাৱ হল। তোমালোকো শিৱৰ নাভিৰ পৰা আবিৰ্ভাৱ হৈছা। বাকী চিত্ৰতো সকলো মিছা। একমাত্ৰ পিতাই হৈছে সত্যনিষ্ঠ। ৰাৱণে পাপিষ্ঠ কৰি তোলে। এয়া হৈছে খেল। এই খেলখনক তোমালোকেহে জানা। কেতিয়াৰ পৰা ৰাৱণৰাজ্য আৰম্ভ হল, মনুষ্য কেনেকৈ অৱনমিত হৈ হৈ অধঃপাতে গল, আৰোহণ কোনেও কৰিব নোৱাৰে। পিতাৰ ওচৰলৈ যোৱাৰ যি মাৰ্গ দেখুৱায় সেই মাৰ্গে আৰুহে জংঘলত পেলাই দিয়ে কিয়নো বাবাৰ ঘৰ আৰু স্বৰ্গৰ মাৰ্গৰ বিষয়ে নাজানেই। যিসকল গুৰু আদি আছে, সকলো হৈছে হঠযোগী। ঘৰ-সংসাৰ ত্যাগ কৰি দিয়ে। বাবাই ত্যাগ নকৰায়। কয় - পৱিত্ৰ হোৱা। কুমাৰ আৰু কুমাৰী পৱিত্ৰ হয়। দ্ৰৌপদীয়ে মিনতি কৰে যে বাবা মোক ৰক্ষা কৰা। মই পৱিত্ৰ হৈ কৃষ্ণপুৰীলৈ যাব বিচাৰোঁ। কন্যাসকলেও মিনতি কৰে, মা-পিতাই হাৰাশাস্তি কৰে, মাৰে যে বিয়া হবই লাগিব। প্ৰথমে মা-পিতাই কন্যাৰ চৰণত পৰে, কিয়নো নিজক পতিত আৰু কন্যাক পাৱন বুলি মানে। আহ্বানো কৰে - হে পতিত-পাৱন আহক। এতিয়া পিতাই কয় - কুমাৰীসকল পতিত নহ'বা। নহ'লে আকৌ মিনতি কৰিব লাগিব। তোমালোকে নিজক ৰক্ষা কৰিব লাগে। পিতা আহিছেই পাৱন কৰি তুলিবলৈ। কয় - স্বৰ্গৰ বাদশ্বাহীৰ উত্তৰাধিকাৰ দিবলৈ আহিছোঁ সেইবাবে পৱিত্ৰ হ'বলগীয়া হয়। যদি পতিত হোৱা তেন্তে পতিত হৈ মৰিবা। স্বৰ্গত সুখ দেখিবলৈ নাপাবা। স্বৰ্গততো বহুত সুখ আনন্দ আছে। হীৰা- মুকুতাৰ মহল আছে। সেই ৰাধা-কৃষ্ণই লক্ষ্মী-নাৰায়ণ হয়। সেয়েহে লক্ষ্মী-নাৰায়ণকো ইমান মৰম কৰা উচিত। বাৰু কৃষ্ণক মৰম কৰে আৰু ৰাধাক কিয় লোপ কৰি দিছে? কৃষ্ণ জন্মাষ্টমীত কৃষ্ণক দোলনাত দোলায়। মাতাসকলে কৃষ্ণক বহুত মৰম কৰে, ৰাধাক নকৰে। আকৌ ব্ৰহ্মা যি কৃষ্ণ হ'বগৈ তেওঁৰো ইমান পূজা নহয়। জগত অম্বাকতো বহুত পূজা কৰে, যিগৰাকী সৰস্বতী ব্ৰহ্মাৰ জীয়ৰী হয়। আদি দেৱ ব্ৰহ্মাৰ কেৱল আজমিৰত মন্দিৰ আছে। এতিয়া মম্মা হ'ল জ্ঞান-জ্ঞানেশ্বৰী। তোমালোকে জানা তেওঁ হৈছে ব্ৰাহ্মণী, তেওঁ কোনো স্বৰ্গৰ আদি দেৱী নহয়। 8 (আঠ) ভূজাও নাই। মন্দিৰত 8 (আঠ) ভূজা দেখুৱায়। পিতাই কয় - মায়াৰ ৰাজ্যত সকলো মিছাৰ উপৰি মিছা। একমাত্ৰ পিতাহে সত্য যিয়ে মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তুলিবলৈ সত্য কথা কয়। সেই পাৰ্থিৱ ব্ৰাহ্মণৰ দ্বাৰাতো তোমালোকে কথা (কাহিনী) আদি শুনি শুনি এইটো অৱস্থা উপনীত হৈ গলা। এতিয়া মৃত্যু সন্মুখত থিয় হৈ আছে। বাবাই কয় - যেতিয়া বৃক্ষৰ জৰ্জৰিত অৱস্থা হয় তেতিয়া কলিযুগৰ অন্তত কল্পৰ সংগমযুগত মই আহোঁ। মই যুগে যুগে নাহোঁ। মই কাছ, মাছৰ অৱতাৰ, বৰাহৰ অৱতাৰ নলওঁ। মই কণ কণতো নাথাকোঁ। তোমালোক আত্মাসকলো কণ কণত নোযোৱা তেন্তে মই কেনেকৈ যাম। মনুষ্যৰ বাবে কয়, যে মনুষ্য জন্তুও হয়। সেয়াতো অনেক যোনি আছে, গণনা কৰিবই নোৱাৰে। পিতাই কয় - সত্য কথা এতিয়া মই তোমালোকক বুজাওঁ। এতিয়া নিৰ্ণয় কৰা 84 লাখ জন্ম সত্য নে অসত্য? এইখন অসত্য জগতত সত্য কৰ পৰা আহিল? সত্যতো এটাই হয়। পিতাহে আহি সত্য অসত্যৰ নিৰ্ণয় কৰে। মায়াই সকলোকে অসত্য কৰি দিছে। পিতা আহি সকলোকে সত্য কৰি তোলে। এতিয়া নিৰ্ণয় কৰা - সত্য কোন? তোমালোকৰ ইমানবোৰ গুৰু-গোঁসাই সত্য নে এজন পিতা সত্য? একমাত্ৰ সত্যনিষ্ঠ পিতাইহে সত্য সৃষ্টি স্থাপনা কৰে। তাত নীতিবিৰুদ্ধ কোনো কাম নহয়েই। তাত কোনেও বিষ নাপায়।

তোমালোকে জানা আমি ভাৰতবাসী যথাযথ দেৱী-দেৱতা আছিলোঁ। এতিয়া পতিত হৈ গৈছোঁ। আহ্বানো কৰে পতিত-পাৱন আহক। যেনে ৰজা-ৰাণী তেনে প্ৰজা সকলো পতিত সেয়েহে লক্ষ্মী-নাৰায়ণ আদিক পূজা কৰে নহয় জানো। ভাৰততহে পৱিত্ৰ ৰজা আছিল, এতিয়া অপৱিত্ৰ। পৱিত্ৰক পূজা কৰে। এতিয়া বাবা আহি তোমালোকক মহাৰজা-মহাৰাণী কৰি তোলে। সেয়েহে পুৰুষাৰ্থ কৰিব লাগে। বাকী 8 (আঠ) ভূজাধাৰী কোনো নাই। লক্ষ্মী-নাৰায়ণৰো দুখন ভূজা আছে। চিত্ৰত আকৌ নাৰায়ণক শ্যামবৰণীয়া, লক্ষ্মীক বগাবৰণীয়া দেখুৱায়। এতিয়া এগৰাকী পৱিত্ৰ, আনগৰাকী অপৱিত্র কেনেকৈ হ'ব পাৰে, তেন্তে চিত্ৰ মিছা নহল জানো। এতিয়া পিতাই বুজায় - ৰাধা-কৃষ্ণ দুয়োগৰাকী বগা আছিল আকৌ কাম চিতাত বহি দুয়ো শ্যামবৰণীয়া হৈ গল। এগৰাকী বগা, আনগৰাকী শ্যামবৰণীয়াতো হ'ব নোৱাৰে। কৃষ্ণক শ্যাম সুন্দৰ বুলি কয়। ৰাধাক শ্যাম সুন্দৰ বুলি কিয় নকয়। এইটো পাৰ্থক্য কিয় ৰখিছে। যোৰাতো একেধৰণৰ হোৱা উচিত। তোমালোক এতিয়া জ্ঞান চিতাত বহিছা, তোমালোকে আকৌ কাম চিতাত কিয় বহা! সন্তানসকলকো এইটো পুৰুষাৰ্থ কৰাব লাগে। আমি জ্ঞান চিতাত বহিছোঁ তুমি আকৌ কাম চিতাত বহিবলৈ কিয় চেষ্টা কৰা। যদি পুৰুষে জ্ঞান ধাৰণ কৰে, স্ত্ৰীয়ে ধাৰণ নকৰে তেতিয়াও কাজিয়া হৈ যায়। যজ্ঞত বিঘিনিতো বহুত আহে। এই জ্ঞান কিমান বিস্তৃত। যেতিয়াৰ পৰা বাবা আহিছে তেতিয়াৰ পৰা ৰুদ্ৰ যজ্ঞ আৰম্ভ হৈছে। যেতিয়ালৈকে তোমালোক ব্ৰাহ্মণ নোহোৱা তেতিয়ালৈকে দেৱতা হ'ব নোৱাৰা। শূদ্ৰ পতিতৰ পৰা পাৱন দেৱতা হবৰ বাবে ব্ৰাহ্মণ হ'ব লাগিব। ব্ৰাহ্মণেহে যজ্ঞৰ তত্ত্বাৱধান লয়, সেয়েহে পৱিত্ৰ হ'ব লাগে। বাকী কোনো তিল, যৱ আদি একত্ৰিত কৰি ৰাখিব নালাগে, যেনেকৈ অন্য লোকে কৰে। আপদৰ সময়ত যজ্ঞ ৰচে। এনেকৈ ভাবে যে ভগৱানেও এনেকুৱা যজ্ঞ ৰচিছিল। পিতাইতো কয় - এয়া হৈছে জ্ঞান যজ্ঞ য'ত তোমালোকে আহুতি দিয়া। দেহ সহিত যি কিছু আছে সকলো আহুতি দিব লাগে। পইচা আদি দিব নালাগে, ইয়াত সকলো স্বাহা কৰিব লাগে। ইয়াৰ ওপৰত এটা কাহিনী আছে। দক্ষ প্ৰজাপিতাই যজ্ঞ ৰচিলে (কাহিনী) এতিয়া প্ৰজাপিতাতো এজন। প্ৰজাপিতা ব্ৰহ্মা, আকৌ দক্ষ প্ৰজাপিতা কৰপৰা আহিল? পিতাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা যজ্ঞ ৰচে। তোমালোক সকলো ব্ৰাহ্মণ। তোমালোকে ককাৰ উত্তৰাধিকাৰ পোৱা। তোমালোকে কোৱা যে আমি ব্ৰহ্মা বাবাৰ দ্বাৰা শিৱবাবাৰ ওচৰলৈ আহিছোঁ। এওঁ শিৱবাবাৰ পোষ্ট অফিচ। চিঠিও যেতিয়া লিখা এনেকৈ লিখা - শিৱবাবালৈ ব্ৰহ্মাৰ দ্বাৰা। বাবা এওঁৰ শৰীৰত নিবাস কৰে। এই সকলো ব্ৰাহ্মণে পাৱন হোৱাৰ বাবে জ্ঞান যোগ শিকি আছে। তোমালোকে এনেকৈ নোকোৱা যে আমি পতিত নহয়। আমি পতিত কিন্তু পতিত-পাৱনে আমাক পাৱন কৰি আছে অন্য কোনো মনুষ্য মাত্ৰেই পাৱন নহয় সেয়েহে গঙ্গা স্নান কৰিবলৈ যায়। এতিয়া তোমালোকে জানা যে একমাত্ৰ সৎগুৰু বাবাইহে আমাক পাৱন কৰি তোলে। তেওঁৰ শ্রীমত হ'ল সন্তানসকল, তোমালোকে একমাত্ৰ মোৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়া। নিৰ্ণয় কৰা। লাগিলে সেই গুৰুসকলৰ ওচৰলৈ যোৱা বা মোৰ মতত চলা। তোমালোকৰতো এজনেই পিতা, শিক্ষক, সৎগুৰু। বেহদৰ পিতাই সকলো মনুষ্য মাত্ৰকে কয় - আত্মা-অভিমানী হোৱা। দেৱতাসকল আত্মা-অভিমানী হয়। ইয়াততো এই জ্ঞান কাৰো নাই। সন্ন্যাসীয়েতো কৈ দিয়ে - আত্মাই পৰমাত্মা। আত্মা ব্ৰহ্ম তত্ত্বত লীন হৈ যায়। এনেকুৱা কথা শুনি শুনি তোমালোক কিমান দুখী পতিত হৈ গৈছা। ভ্ৰষ্টাচাৰী পতিত তেওঁলোকক কোৱা হয় যিসকল বিকাৰৰ দ্বাৰা জন্মে। সেই ৰাৱণৰাজ্যত ভ্ৰষ্টাচাৰী কামেই কৰে। আকৌ ফুলৰ দৰে কৰি তুলিবলৈ পিতা আহিবলগীয়া হয়। ভাৰতলৈকে আহে। পিতাই কয় - তোমালোকক জ্ঞান আৰু যোগ শিকাওঁ। 5 হাজাৰ বছৰ পূৰ্বেও তোমালোকক এয়া শিকাই স্বৰ্গৰ মালিক কৰি তুলিছিলোঁ, পুনৰ কৰি তোলোঁ। কল্পই কল্পই মই আহিয়েই থাকোঁ। ইয়াৰ আদিও নাই, অন্তও নাই। চক্ৰ ঘূৰিয়েই থাকে। প্ৰলয়ৰতো কথাই নাই। তোমালোক সন্তানসকলে এই সময়ত অবিনাশী জ্ঞান ৰত্নৰে জোলোঙা ভৰপূৰ কৰা। শিৱক বম্‌ বম্‌ মহাদেৱ বুলি কয়। বম্‌ বম্‌ অৰ্থাৎ শংখ-ধ্বনি কৰি আমাৰ জোলোঙা ভৰপূৰ কৰি দিয়ক। জ্ঞান বুদ্ধিত থাকে নহয় জানো। আত্মাতহে সংস্কাৰ থাকে। আত্মাইহে পঢ়ি ইঞ্জিনীয়াৰ, বেৰিষ্টাৰ আদি হয়। এতিয়া তোমালোক আত্মাসকল কি হবা? এনেকৈ কোৱা - বাবাৰ পৰা উত্তৰাধিকাৰ লৈ লক্ষ্মী-নাৰায়ণ হম। আত্মাই পুনৰ্জন্ম নিশ্চয় লয়। এয়া বুজিবলগীয়া কথা নহয় জানো। কাৰোবাক কেৱল এই দুটা শব্দ কাণত শুনোৱা - আপুনি আত্মা, শিৱবাবাক স্মৰণ কৰক তেতিয়া স্বৰ্গৰ উত্তৰাধিকাৰ পাব। কিমান সহজ। একমাত্ৰ পিতাইহে সত্য কথা কয়, সকলোকে সৎগতি দিয়ে। বাকী সকলোৱে মিছা কৈ দুৰ্গতিহে কৰাব। এই শাস্ত্ৰ আদিও সকলো পাছত ৰচিছে। ভাৰতৰ একমাত্ৰ শাস্ত্ৰ হৈছে গীতা। এনেকৈ কয় - পৰম্পৰাগতভাৱে এয়া চলি আহিছে। কিন্তু কেতিয়াৰ পৰা? ভাবে যে সৃষ্টিৰ লাখ লাখ বছৰ হৈছে। বাৰু!

তোমালোক সন্তানসকলে বাবাৰ বাবে আঙুৰ লৈ আহা। তোমালোকেই আনা তোমালোকেই খোৱা, মই নাখাওঁ। মইতো অভোক্তা। সত্যযুগতো তোমালোকৰ বাবে মহল নিৰ্মাণ কৰোঁ। ইয়াতো তোমালোকক নতুন মহলত ৰাখোঁ, মইতো পুৰণাতে থাকোঁ। এওঁ বিস্ময়কৰ বাবা। এওঁ পিতাও হয় অতিথিও হয়। বোম্বাইলৈ (মুম্বাইলৈ) গ'লে অতিথি বুলি কব নহয়। এনেতো এওঁ গোটেই সৃষ্টিৰে বৰ ডাঙৰ অতিথি। এওঁৰ আহিবলৈ আৰু যাবলৈ বেছি সময় নালাগে। অতিথিও বৰ বিস্ময়কৰ। দূৰণিৰ দেশৰ নিবাসী আনৰ দেশলৈ আহিছে। গতিকে অতিথি নহল জানো। তোমালোকক ফুলৰ দৰে গঢ়ি তুলি উত্তৰাধিকাৰ দিবলৈ আহে। কড়িৰ পৰা হীৰাতুল্য কৰি তুলিবলৈ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অবিনাশী জ্ঞান ৰত্ন ধাৰণ কৰি শংখ-ধ্বনি কৰিব লাগে। সকলোকে এই জ্ঞান ৰত্ন দিব লাগে।

(2) সত্য আৰু অসত্যক বুজি সত্য মতত চলিব লাগে। কোনোধৰণৰ নীতিবিৰুদ্ধ কৰ্ম কৰিব নালাগে।

বৰদান:
বুদ্ধিক ব্যস্ত কৰি ৰখাৰ বিধিৰ দ্বাৰা ব্যৰ্থক সমাপ্ত কৰোঁতা সৰ্বদা সমৰ্থ হোৱা

সদায় সমৰ্থ অৰ্থাৎ শক্তিশালী তেওঁলোকেই হয় যিয়ে বুদ্ধিক ব্যস্ত কৰি ৰখাৰ বিধি ধাৰণ কৰে। ব্যৰ্থক সমাপ্ত কৰি সমৰ্থ হোৱাৰ সহজ সাধনেই হৈছে - সদায় ব্যস্ত হৈ থকা সেইবাবে নিতৌ ৰাতিপুৱা যিদৰে স্থূল দিনচৰ্যা প্ৰস্তুত কৰা সেইদৰে নিজৰ বুদ্ধিক ব্যস্ত কৰি ৰখাৰ সময়ৰ তালিকা প্ৰস্তুত কৰা যে এই সময়ত বুদ্ধিত এইটো সমৰ্থ সংকল্পৰে ব্যৰ্থক সমাপ্ত কৰিম। ব্যস্ত হৈ থাকিলে মায়া দূৰৰ পৰাই আঁতৰি গুচি যাব।

স্লোগান:
দুখৰ জগতক পাহৰিবলৈ হ'লে পৰমাত্ম প্ৰেমত সদায় বিলীন হৈ থাকা।