05.06.22    Avyakt Bapdada     Assame Murli     17.03.91     Om Shanti     Madhuban


*সন্তুষ্টমণিৰ শ্ৰেষ্ঠ আসনত অধিষ্ঠিত হবৰ বাবে প্ৰসন্নচিত্ত, নিচিন্ত আত্মা হোৱা*


আজি বাপদাদাই নিজৰ চাৰিওফালৰ সন্তুষ্টমণিসকলক চাই আছেহঁক। সংগমযুগ হয়েই সন্তুষ্ট হৈ থকাৰ আৰু সন্তুষ্ট কৰাৰ যুগ। ব্ৰাহ্মণ জীৱনৰ বিশেষত্ব হৈছে সন্তুষ্টতা। সন্তুষ্টতাই শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ সম্পদ। সন্তুষ্টতাই ব্ৰাহ্মণ জীৱনৰ পৱিত্ৰতাৰ ব্যক্তিত্ব (পাৰচনেলিটি)। এই ব্যক্তিত্বৰে বিশেষ আত্মা সহজে হৈ যায়। যদি সন্তুষ্টতাৰ ব্যক্তিত্ব নাথাকে তেন্তে বিশেষ আত্মা বুলি কব নোৱাৰে। আজিকালি দুই প্ৰকাৰৰ ব্যক্তিত্বৰ গায়ন কৰা হয় এটা হৈছে শাৰীৰিক ব্যক্তিত্ব, আনটো পদমৰ্যাদাৰ ব্যক্তিত্ব। ব্ৰাহ্মণ জীৱনত যিসকল ব্ৰাহ্মণ আত্মাৰ সন্তুষ্টতাৰ মহানতা আছে তেওঁলোকৰ মুখমণ্ডলত, তেওঁলোকৰ চেহেৰাতো সন্তুষ্টতাৰ ব্যক্তিত্ব দেখিবলৈ পোৱা যায় আৰু শ্ৰেষ্ঠ স্থিতিৰ পদমৰ্যাদাৰ ব্যক্তিত্ব দেখা যায়। সন্তুষ্টতাৰ আধাৰ হৈছে পিতাৰ দ্বাৰা প্ৰাপ্ত সকলো প্ৰাপ্তিৰ সন্তুষ্টতা অৰ্থাৎ ভৰপূৰ আত্মা। অসন্তুষ্টতাৰ কাৰণ হৈছে অপ্ৰাপ্তি। সন্তুষ্টতাৰ কাৰণ হল সৰ্ব প্ৰাপ্তি, সেয়েহে বাপদাদাই তোমালোক সকলো ব্ৰাহ্মণ সন্তানক ব্ৰাহ্মণ জন্ম হওঁতেই পূৰা উত্তৰাধিকাৰ দি দিলে নহয় নে কাৰোবাক অলপ, কাৰোবাক বেছিকৈ দিলে? বাপদাদাই সদায় সকলো সন্তানক এয়াই কয় যে পিতা আৰু সম্পত্তিক স্মৰণ কৰিব লাগে। উত্তৰাধিকাৰ হৈছে সৰ্ব প্ৰাপ্তিৰ। ইয়াত সৰ্ব শক্তিও আহি যায়, গুণো আহি যায়, জ্ঞানো আহি যায়। সৰ্বশক্তি, সৰ্বগুণ আৰু সম্পূৰ্ণ জ্ঞান। কেৱল জ্ঞান নহয় কিন্তু সম্পূৰ্ণ জ্ঞান। কেৱল শক্তি আৰু গুণ নহয় কিন্তু সৰ্বগুণ আৰু সৰ্বশক্তি, গতিকে উত্তৰাধিকাৰ সৰ্ব অৰ্থাৎ সম্পন্নতাৰ। কোনো অভাৱ নাই। প্ৰত্যেক ব্ৰাহ্মণ সন্তানে পূৰা পূৰা উত্তৰাধিকাৰ পায়, আধা নহয়। সৰ্বগুণৰ ভিতৰত দুটা গুণ তোমাৰ, দুটা গুণ তেওঁৰ এনেকৈ ভগাই দিয়া নাই। সম্পূৰ্ণ উত্তৰাধিকাৰ অৰ্থাৎ সম্পন্নতা, সম্পূৰ্ণতা। যিহেতু প্ৰত্যেকে সম্পূৰ্ণ উত্তৰাধিকাৰ প্ৰাপ্ত কৰে গতিকে যত সৰ্বপ্ৰাপ্তি আছে তত সন্তুষ্টতা থাকিব। বাপদাদাই সকলো ব্ৰাহ্মণৰ সন্তুষ্টতাৰ ব্যক্তিত্ব চাই আছিল যে কিমানলৈকে এই ব্যক্তিত্ব ধাৰণ হৈছে। ব্ৰাহ্মণ জীৱনত অসন্তুষ্টতাৰ নাম-চিহ্ন নাই। ব্ৰাহ্মণ জীৱনৰ যদি মজা আছে তেন্তে এই ব্যক্তিত্বত আছে। এয়াই মজাৰ জীৱন, আনন্দৰ জীৱন।

তপস্যাৰ অৰ্থই হল সন্তুষ্টতাৰ ব্যক্তিত্ব নয়নত, অভিব্যক্তিত, চেহেৰাত, চলনত দেখা দিয়ক। এনেকুৱা সন্তুষ্ট মণিসকলৰ মালা গাঁথি আছিল। কিমান মালা তৈয়াৰ হল বাৰু? সন্তুষ্ট মণি অৰ্থাৎ দাগবিহীন মণি। সন্তুষ্টতাৰ চিন হল - সন্তুষ্ট আত্মা সদায় প্ৰসন্নচিত্ত নিজেও অনুভৱ কৰিব আৰু অন্যও প্ৰসন্ন হব। প্ৰসন্নচিত্ত স্থিতিত প্ৰশ্নচিত্ত নহয়। এক হল প্ৰসন্নচিত্ত, দ্বিতীয়তে হল প্ৰশ্নচিত্ত। প্ৰশ্ন অৰ্থাৎ কুৱেশ্বন। প্ৰসন্নচিত্তজন ড্ৰামাৰ জ্ঞানেৰে পৰিপূৰ্ণ হোৱাৰ বাবে প্ৰসন্ন হৈ থাকে, প্ৰশ্ন নকৰে। যিয়েই প্ৰশ্ন নিজৰ প্ৰতি বা কাৰোবাৰ প্ৰতি উদয় হয় তাৰ উত্তৰ নিজে প্ৰথমে পাব। আগতেও শুনাইছিলোঁ কি (ৱাট) আৰু কিয় (ৱাই) নহয়, কিন্তু বিন্দু (ডট্‌)। কি, কিয় নহয়, যতি (ফুলষ্টপ) বিন্দু। এক চেকেণ্ডত বিস্তাৰ, এক চেকেণ্ডত সাৰ। এনেকুৱা প্ৰসন্নচিত্ত হৈ থকাজন সদায় নিচিন্ত হৈ থাকে। গতিকে পৰীক্ষা কৰা - এনেকুৱা লক্ষণ মোৰ অৰ্থাৎ সন্তুষ্টমণিৰ আছেনে? বাপদাদাইতো সকলোকে সন্তুষ্টমণি উপাধি দিছে। গতিকে বাপদাদাই সুধি আছে যে হে সন্তুষ্ট মণিসকল সন্তুষ্ট হৈ আছানে? আকৌ বাপদাদাই সুধিছে - নিজৰ প্ৰতি অৰ্থাৎ নিজৰ পুৰুষাৰ্থত, নিজৰ সংস্কাৰ পৰিৱৰ্তনৰ পুৰুষাৰ্থত, নিজৰ পুৰুষাৰ্থৰ শতাংশত, স্থিতিত সদায় সন্তুষ্ট হোৱানে? বাৰু দ্বিতীয় প্ৰশ্ন - নিজৰ মন, বচন আৰু কৰ্ম, অৰ্থাৎ সমন্ধ-সম্পৰ্কৰ দ্বাৰা সেৱাত সন্তুষ্ট হোৱানে? তিনিওটা সেৱা, কেৱল এটা সেৱা নহয়। তিনিওটা সেৱাতো সদায় সন্তুষ্ট হোৱানে? ভাবি আছে, নিজক চাই আছে যে কিমানলৈকে সন্তুষ্ট? বাৰু, তৃতীয় প্ৰশ্ন - সকলো আমাৰ সমন্ধ-সম্পৰ্কত নিজৰ দ্বাৰা আৰু সকলোৰে দ্বাৰা সদায় সন্তুষ্ট হোৱানে? কিয়নো তপস্যা বৰ্ষত তপস্যাৰ, সফলতাৰ ফল ইয়াতে প্ৰাপ্ত কৰিব লাগে। নিজৰ প্ৰতি, সেৱাৰ প্ৰতি আৰু সকলোৰে প্ৰতি সন্তুষ্টতা। চাৰি ঘণ্টাতো যোগ কৰিলা - বহুত ভাল, আৰু চাৰি ঘণ্টাৰ পৰা আঠ ঘণ্টাও হবগৈ। এয়াও বহুত ভাল। যোগৰ সিদ্ধি স্বৰূপ হোৱা। যোগ হৈছে বিধি। কিন্তু এইটো বিধিৰে কি সিদ্ধি প্ৰাপ্ত কৰিলা? যোগযুক্ত হোৱা এইটো হৈছে বিধি, যোগৰ প্ৰাপ্তি এয়া হৈছে সিদ্ধি। গতিকে যিদৰে 8 (আঠ) ঘণ্টাৰ লক্ষ্য ৰাখিছা সেইদৰে অতি কমেও তিনি প্ৰকাৰৰ সন্তুষ্টতাৰে সিদ্ধিৰ স্পষ্ট শ্ৰেষ্ঠ লক্ষ্য ৰাখা। বহুত সন্তানে নিজকে বৰ বুদ্ধিমান বুলি ভাবিও সন্তুষ্ট হৈ থাকে। এনেকৈ সন্তুষ্ট নহবা। এটা হল অন্তৰে মানি লোৱা, দ্বিতীয়টো হল মগজে মানি লোৱা। মগজেৰে নিজকে ভাবে সন্তুষ্ট হওঁৱেই, কি চিন্তা কৰিবলগীয়া আছে। মইতো নিচিন্ত। গতিকে মগজেৰে নিজকে সন্তুষ্ট বুলি ভবা - এনেকুৱা সন্তুষ্টতা নহয়, যথাৰ্থভাৱে বুজিব লাগে। সন্তুষ্টতাৰ লক্ষণসমূহ নিজৰ ক্ষেত্ৰত অনুভৱ হওক। চিত্ত (মন) সদায় প্ৰসন্ন হওঁক, তেনেকুৱা ব্যক্তিত্ব হওঁক। নিজে তেনেকুৱা ব্যক্তিত্ব সম্পন্ন বুলি ভাবিলে আৰু আনে নাভাবিলে ইয়াক নিজে নিজৰ প্ৰশংসা কৰা বুলি কোৱা হয়। এনেকুৱা সন্তুষ্ট নহয়। কিন্তু যথাৰ্থভাৱে অনুভৱৰ দ্বাৰা সন্তুষ্ট আত্মা হবা। সন্তুষ্টতা অৰ্থাৎ মন-মগজ সদায় আৰামত থাকিব। সুখ-শান্তিৰ স্থিতিত থাকিব। বিচলিত নহব। সুখ শান্তি থাকিব। এনেকুৱা সন্তুষ্ট মণিসকল সদায় পিতাৰ মস্তকত সন্তুষ্ট মণিৰ দৰে চিকমিকাই থাকে। গতিকে নিজকে পৰীক্ষা কৰা। সন্তুষ্টতাই পিতাৰ আৰু সকলোৰে আশীৰ্বাদ প্ৰাপ্ত কৰায়। সন্তুষ্ট আত্মাই সময়ে সময়ে সদায় নিজক পিতা আৰু সকলোৰে আশীৰ্বাদৰ বিমানত উৰি থকা অনুভৱ কৰিব। এই আশীৰ্বাদ তেওঁলোকৰ কাৰণে বিমান। সদায় নিজক বিমানত উৰি থকা অনুভৱ কৰিব। আশীৰ্বাদ নিবিচাৰিব, কিন্তু আশীৰ্বাদ স্বয়ং তেওঁলোকৰ আগত স্বতঃ আহিব। এনেকুৱা সন্তুষ্টমণি অৰ্থাৎ সিদ্ধি স্বৰূপ তপস্বী। অল্পকালৰ সিদ্ধি নহয়, এয়া হৈছে অবিনাশী আৰু আত্মিক সিদ্ধি। এনেকুৱা সন্তুষ্ট মণিসকলক চাই আছিল। প্ৰত্যেকে নিজে নিজক সোধা - মই কোন?

তপস্যা বৰ্ষৰ উৎসাহ-উদ্দীপনাতো ভালেই দেখা গৈছে। প্ৰত্যেকে যথাশক্তি কৰিও আছে। আৰু আগলৈও উৎসাহ আছে। এই উৎসাহ বহুত ভাল। এতিয়া তপস্যাৰ দ্বাৰা প্ৰাপ্তিসমূহক স্বয়ং নিজৰ জীৱনত আৰু সকলোৰে সম্বন্ধ-সম্পৰ্কত প্ৰত্যক্ষ কৰা। নিজে নিজৰ ক্ষেত্ৰত অনুভৱ কৰা কিন্তু অনুভৱক কেৱল মন-বুদ্ধিৰে অনুভৱ কৰিলা, ইয়াতে সীমাৱদ্ধ কৰি নাৰাখিবা। ইয়াক চলন আৰু চেহেৰাত আনা, সম্বন্ধ-সম্পৰ্কলৈকে আনা। তেতিয়া প্ৰথমে নিজৰ মাজত প্ৰত্যক্ষ হব, তাৰপাছত সম্বন্ধত প্ৰত্যক্ষ হব তাৰপাছত বিশ্বৰ মঞ্চত প্ৰত্যক্ষ হব। তেতিয়া প্ৰত্যক্ষতাৰ নাগাৰা বাজিব। যিদৰে তোমালোকৰ সোঁৱৰণি হিচাপে শাস্ত্ৰত কয় - শংকৰে তৃতীয় নেত্ৰ মেলিলে আৰু বিনাশ হৈ গল। গতিকে শংকৰ অৰ্থাৎ অশৰীৰী তপস্যা ৰূপ। বিকাৰ ৰূপী সাপক ডিঙিৰ হাৰ কৰি দিলে। সদায় উচ্চ স্থিতি আৰু উচ্চ আসনধাৰী। এয়া তৃতীয় নেত্ৰ অৰ্থাৎ সম্পূৰ্ণতাৰ নেত্ৰ, সম্পন্নতাৰ নেত্ৰ। যেতিয়া তোমালোক তপস্বীয়ে সম্পন্ন, সম্পূৰ্ণ স্থিতিৰে বিশ্ব পৰিৱৰ্তনৰ সংকল্প কৰিবা তেতিয়া এই প্ৰকৃতিয়েও সম্পূৰ্ণ উথল-পাথলৰ নৃত্য কৰিব। উপদ্ৰৱ কৰাৰ নৃত্য কৰিব। তোমালোক অচল হৈ থাকিবা আৰু তেওঁলোক অস্থিৰ হৈ থাকিব কিয়নো ইমান বিশাল বিশ্বৰ চাফাই কোনে কৰিব? মনুষ্য আত্মাসকলে কৰিব পাৰিবনে? এই বায়ু, ধৰণী, সমুদ্ৰ, জল - এইবোৰৰ উথল-পাথলেই চাফা কৰিব। গতিকে এনেকুৱা সম্পূৰ্ণতাৰ স্থিতি এই তপস্যাৰে গঢ়িব লাগে। প্ৰকৃতিয়েও তোমালোকৰ সংকল্পৰ আদেশ তেতিয়াহে পালন কৰিব যেতিয়া প্ৰথমে তোমালোকৰ নিজৰ সদাকালৰ সহযোগী কৰ্মেন্দ্ৰিয় মন-বুদ্ধি-সংস্কাৰে আদেশ পালন কৰিব। যদি নিজৰ, সদাকালৰ সহযোগীয়ে আদেশ পালন নকৰে তেন্তে প্ৰকৃতিয়ে মানিব জানো? ইমান শক্তিশালী তপস্যাৰ উচ্চ স্থিতি হওঁক যে সকলোৰে একেই সংকল্প একে সময়তে উদয় হওক। চেকেণ্ডত সংকল্প উদয় হওক পৰিৱৰ্তন আৰু প্ৰকৃতি হাজিৰ হৈ যাওক। যিদৰে বিশ্বৰ ব্ৰাহ্মণ আত্মাসকলে একে সময়তে বিশ্ব শান্তিৰ বাবে যোগ কৰা নহয়। গতিকে সকলোৰে একে সময় আৰু একে সংকল্পৰ স্মাৰক থাকে। সেইদৰে সকলোৰে এটা সংকল্পতে প্ৰকৃতিয়ে উথল-পাথলৰ নৃত্য আৰম্ভ কৰি দিব, সেইবাবে কোৱাই হয় - স্ব পৰিৱৰ্তনেৰে বিশ্ব পৰিৱৰ্তন। এই পুৰণি সৃষ্টি নতুন সৃষ্টিলৈ কেনেকৈ পৰিৱৰ্তন হব? তোমালোক সকলোৰে শক্তিশালী সংকল্পৰে সংগঠিত ৰূপত সকলোৰে একেই সংকল্প উদয় হব। বুজিলা কি কৰিব লাগে? তপস্যা বুলি ইয়াকে কোৱা হয়। বাৰু।

বাপদাদাই দ্বৈত বিদেশীসকলক চাই সদায় হৰ্ষিত হৈ থাকে। এনেকুৱা নহয় যে ভাৰতবাসীক দেখি হৰ্ষিত নহয়। এতিয়া দ্বৈত বিদেশীসকলৰ পাল সেয়েহে কৈছোঁ। ভাৰতৰ প্ৰতিতো পিতা সদায় প্ৰসন্ন। সেইবাবেতো ভাৰতলৈ আহিছে। আৰু তোমালোককো ভাৰতবাসী কৰি দিলে। এই সময়ত তোমালোক সকলো বিদেশী হোৱা নে ভাৰতবাসী হোৱা। ভাৰতবাসীৰ ভিতৰতো মধুবনবাসী। মধুবনবাসী হবলৈ ভাল লাগে। এতিয়া তীব্ৰ গতিৰে সেৱা পূৰা কৰা তেতিয়া মধুবনবাসী হৈয়েই যাবা। সমগ্ৰ বিশ্বত বাৰ্তা সোনকালে দি সম্পূৰ্ণ কৰা। তাৰপাছত ইয়ালৈ আহিলে তেতিয়া আৰু পঠিয়াই নিদিওঁ। তেতিয়ালৈকে স্থানো তৈয়াৰ হৈ যাব। চোৱা আহল বহল স্থানতো (পিচ্ পাৰ্ক) পৰিয়েই আছে, তাত আগতেই ব্যৱস্থা কৰি লম তেতিয়া তোমালোকৰ একো অসুবিধা নহব। কিন্তু যেতিয়া এনেকুৱা সময় আহিব সেই সময়ত নিজৰ বাকচৰ ওপৰতো শুই যাবা। বিচনা নলবা। সেই সময়েই বেলেগ হব। বৰ্তমানৰ সময়ো বেলেগ। এতিয়াতো একে সময়তে মন, বাণী, কৰ্মত একেলগে সেৱাৰ সংকল্প উদয় হওঁক তেতিয়াহে সেৱাত তীব্ৰ গতি আহিব। মনৰ দ্বাৰা শক্তিশালী, বাণীৰ দ্বাৰা জ্ঞানপূৰ্ণ, সমন্ধ-সম্পৰ্ক অৰ্থাৎ কৰ্মৰ দ্বাৰা স্নেহপূৰ্ণ। এই তিনিওটা অনুভূতি একে সময়তে একেলগে হওঁক। ইয়াক কোৱা হয় তীব্ৰ গতিৰ সেৱা।

বাৰু, শাৰীৰিকভাৱে ঠিকে আছানে, মানসিকভাৱে ঠিকে আছানে? তথাপিও দূৰণিৰ পৰা আহা সেয়েহে বাপদাদাও দূৰণিৰ পৰা অহা সন্তানসকল আনন্দত থকা দেখিলে আনন্দিত হয়। তথাপিও দূৰণিৰ পৰা অহাসকল ভালে আছা। কিয়নো বিমানেৰে আহা। যি এইটো কল্পত প্ৰথমবাৰ আহিছে তেওঁলোকক বাপদাদাই বিশেষভাৱে স্নেহপূৰ্ণ স্মৰণ কৰি আছে। তথাপিও ভাল সাহসী হোৱা। ইয়াৰ পৰা গৈয়েই টিকটৰ বাবে জমা কৰে আৰু আহি যায়। এয়াও এক স্মৃতিৰ বিধি। যাব লাগে, যাব লাগে, যাব লাগে। ইয়ালৈ আহিলে তেতিয়া ভাবা বিদেশলৈ যাব লাগে। আকৌ গৈয়েই অহাৰ কথা ভাবা। এনেকুৱাও সময় আহিবই, যেতিয়া চৰকাৰেও বুজি পাব যে আবুৰ শোভা এই ব্ৰাহ্মণ আত্মাসকলেই হয়। ভাল বাৰু!

চাৰিওফালৰ সকলো মহান সন্তষ্ট আত্মাসকলক, সদায় প্ৰসন্নচিত্ত নিচিন্ত হৈ থাকোঁতা শ্ৰেষ্ঠ আত্মাসকলক, সদায় একে সময়তে তিনিওটা সেৱা কৰোঁতা তীব্ৰ গতিৰ সেৱাধাৰী আত্মাসকলক, সদায় শ্ৰেষ্ঠ স্থিতিৰ আসনধাৰী তপস্বী আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

দলসমূহৰ সৈতে অব্যক্ত বাপদাদাৰ মিলন

সকলোৱে নিজক পৱিত্ৰ হংস বুলি ভাবানে? পৱিত্ৰ হংসৰ বিশেষ কৰ্ম কি? (প্ৰত্যেকে শুনালে) যি বিশেষত্ব শুনালা সেয়া ব্যৱহাৰিক কৰ্মত আছেনে? কিয়নো তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে পৱিত্ৰ হংস আৰু কোন হব পাৰে? সেয়েহে নিচাৰে কোৱা। যিদৰে পিতা সদায়েই পৱিত্ৰ, সদায় সৰ্বশক্তিক কৰ্মত খটুৱায়, সেইদৰে তোমালোক পৱিত্ৰ হংসসকলো সৰ্বশক্তিক ব্যৱহাৰিক কৰ্মত প্ৰয়োগ কৰোঁতা আৰু সৰ্বদা পৱিত্ৰ। আছিলা আৰু সদায় হৈ থাকিবা। তিনিওকাল স্মৃতিত আছে নহয়? বাপদাদাই সন্তানসকলৰ অনেক বাৰ পালন কৰা ভূমিকা দেখি হৰ্ষিত হয়, সেইবাবে কঠিন নালাগে নহয় জানো। মাষ্টৰ সৰ্বশক্তিমানৰ আগত কঠিন শব্দ সপোনতো আহিব নোৱাৰে। ব্ৰাহ্মণৰ অভিধানত কঠিন শব্দ আছে নেকি? কৰবাত সৰু আখৰেৰেতো নাই? মায়াৰো জ্ঞানপূৰ্ণ হৈ গলা নহয়? যত পৰিপূৰ্ণ হয় তত অকৃতকাৰ্য হব নোৱাৰে। অকৃতকাৰ্য হোৱাৰ কাৰণ কি হয়? জানিও অকৃতকাৰ্য কিয় হোৱা? যদি কোনোবাই জানেও আৰু অকৃতকাৰ্যও হয় তেন্তে তেওঁক কি বুলি কোৱা হব? কিবা কথা (পৰিস্থিতি) আহিলে অকৃতকাৰ্য হোৱাৰ কাৰণ হল যে কিবা নহয় কিবা কথাত ভাৱপ্ৰৱণতাত আহি যোৱা। ভাৱপ্ৰৱণতাৰ ফ্লু (ভাইৰাছজনিত জ্বৰ) হৈ যায়। আৰু ফ্লুৱে কি কৰে গম পোৱানে? দুৰ্বল কৰি দিয়ে। তাৰবাবে সৰু কথা (পৰিস্থিতি) ডাঙৰ হৈ যায় গতিকে এতিয়া ভৰপূৰ হোৱা। অকৃতকাৰ্য হব নালাগে, কৃতকাৰ্য হব লাগে। যি কথাই (পৰিস্থিতিয়েই) নাহক সেয়া অতিক্ৰম কৰি গৈ থাকা তেতিয়া সন্মান সহকাৰে উত্তীৰ্ণ হৈ যাবা। গতিকে অতিক্ৰম কৰিব লাগে, উত্তীৰ্ণ হব লাগে আৰু সমীপত থাকিব লাগে। যেতিয়া নিচাৰে কোৱা যে বাপদাদাৰ প্ৰতি মোৰ যিমান স্নেহ আছে সিমান আৰু কাৰোৱেই নাই। তেন্তে যিহেতু স্নেহ আছে তেন্তে সমীপত থাকিব লাগে নে দূৰৈত থাকিব লাগে? গতিকে সমীপত থাকিব লাগে আৰু উত্তীৰ্ণ হব লাগে। য়ু.কে. নিবাসীসকলতো বাপদাদাৰ সকলো আশা পূৰ্ণ কৰোঁতা হোৱা নহয়। পিতাৰ সকলোতকৈ এক নম্বৰৰ শুভ আশা কি? বিশেষকৈ য়ু.কে. নিবাসীসকলৰ প্ৰতি কৈ আছোঁ। ডাঙৰ ডাঙৰ প্ৰভাৱশালী ব্যক্তি (মাইক) আনিব লাগে। যিসকল পিতাক প্ৰত্যক্ষ কৰাৰ নিমিত্ত হওঁক আৰু পিতাৰ সমীপত আহক। এতিয়া য়ু.কে.ত, আমেৰিকাত আৰু বিদেশৰ অন্য দেশসমূহত প্ৰভাৱশালী ব্যক্তি নিশ্চয় ওলাইছে কিন্তু এবিধ হল সহযোগী আৰু আনবিধ হৈছে সহযোগী, সমীপৰ। গতিকে এনেকুৱা প্ৰভাৱশালী ব্যক্তি তৈয়াৰ কৰা। এনেয়েতো সেৱাত ভাল বৃদ্ধি হৈ আছে, হৈও থাকিব। বাৰু, ৰাছিয়াৰসকল সৰু সন্তান কিন্তু ভাগ্যৱান হয়। তোমালোকৰ পিতাৰ প্ৰতি কিমান স্নেহ আছে! ভাল কথা, বাপদাদাও সন্তানসকলৰ সাহস দেখি আনন্দিত হৈছে। এতিয়া পৰিশ্ৰম পাহৰি গলা নহয়। ভাল বাৰু।

বৰদান:
প্ৰতিটো সংকল্প, বাণী আৰু কৰ্মৰ দ্বাৰা পুণ্য কৰ্ম কৰোঁতা আশীৰ্বাদৰ অধিকাৰী হোৱা

নিজে নিজৰ প্ৰতি এইটো দৃঢ় সংকল্প কৰা যে গোটেই দিনটোত সংকল্পৰ দ্বাৰা, বাণীৰ দ্বাৰা, কৰ্মৰ দ্বাৰা পুণ্য আত্মা হৈ পুণ্যই কৰিম, পুণ্যৰ প্ৰত্যক্ষ ফল হৈছে প্ৰত্যেক আত্মাৰ আশীৰ্বাদ। গতিকে প্ৰতিটো সংকল্পত, বাণীত আশীৰ্বাদ জমা হওঁক। সম্বন্ধ-সম্পৰ্কৰে অন্তৰেৰে সহযোগৰ ধন্যবাদ উচ্চাৰিত হওক। এনেকুৱা আশীৰ্বাদৰ অধিকাৰীসকলহে বিশ্ব পৰিৱৰ্তনৰ নিমিত্ত হয়। তেওঁলোকেই পুৰস্কাৰ পায়।

স্লোগান:
সদায় এজন পিতাৰ সান্নিধ্যত থাকা আৰু পিতাক নিজৰ সংগী কৰি লোৱা - এয়াই শ্ৰেষ্ঠতা।