05.07.20    Avyakt Bapdada     Assame Murli     20.02.86     Om Shanti     Madhuban


*উৰন্ত কলাৰে সকলোৰে কল্যাণ*


আজি বিশেষ ডবল বিদেশী সন্তানসকলক ডবল অভিনন্দন জনাবলৈ আহিছোঁ। প্ৰথমতে - দূৰৈৰ দেশত ভিন্ন ধৰ্মত গৈও ভাৰতৰ সমীপত থকা অনেক আত্মাসকলতকৈ আগতে পিতাক চিনি পালা। পিতাক চিনি পোৱাৰ অৰ্থাৎ নিজৰ ভাগ্য প্ৰাপ্ত কৰাৰ অভিনন্দন আৰু দ্বিতীয়তে - যিদৰে তীব্ৰগতিৰে চিনি পালা সেইদৰে তীব্ৰগতিৰে সেৱাত নিজক ব্ৰতী কৰিলা। গতিকে সেৱাত তীব্ৰগতিৰে আগবাঢ়ি যোৱাৰ বাবে দ্বিতীয়বাৰ অভিনন্দন। সেৱাৰ বৃদ্ধিৰ গতি তীব্ৰ হৈ আছে আৰু আগলৈও ডবল বিদেশী সন্তানসকল বিশেষ কাৰ্যৰ অৰ্থে নিমিত্ত হব লাগিব। ভাৰতৰ নিমিত্ত আদি ৰত্ন বিশেষ আত্মাসকলে স্থাপনাৰ কাৰ্যত বহুত মজবুত ফাউণ্ডেশ্বন (আধাৰ) হৈ কাৰ্য স্থাপনা কৰিলে আৰু ডবল বিদেশী সন্তানসকলে চাৰিওফালে আৱাজ বিয়পোৱাত তীব্ৰগতিৰে সেৱা কৰিলে আৰু কৰি থাকিব। সেইবাবে বাপদাদাই সকলো সন্তানক আহিয়েই, জন্মতেই অতি সোনকালে সেৱাত আগবাঢ়ি যোৱাৰ বিশেষ অভিনন্দন জনাই আছে। কম সময়তে ভিন্ন ভিন্ন দেশত সেৱাৰ বিস্তাৰ কৰিছে, সেইবাবে আৱাজ বিয়পোৱাৰ কাৰ্য সহজে বৃদ্ধি হৈ গৈ আছে। আৰু সদায় ডবল লাইট হৈ ডবল মুকুটধাৰী হোৱাৰ সম্পূৰ্ণ অধিকাৰ প্ৰাপ্ত কৰাৰ তীব্ৰ পুৰুষাৰ্থ অৱশ্যে কৰিব। আজি বিশেষ মিলন উদযাপন কৰিবৰ বাবে আহিছোঁ। বাপদাদাই প্ৰত্যক্ষ কৰি আছে যে সকলোৰে অন্তৰত আনন্দৰ বাদ্য বাজি আছে। সন্তানসকলৰ আনন্দৰ সুৰ, আনন্দৰ গীত বাপদাদাই শুনিবলৈ পায়। স্মৃতি আৰু সেৱাত নিষ্ঠাৰে আগবাঢ়ি গৈ আছা। স্মৃতিও আছে, সেৱাও আছে কিন্তু এতিয়া কি এডিশ্বন (সংযোজন) হব লাগে? হওতে দুয়োটাই আছে কিন্তু সদায় যাতে দুয়োটাৰে বেলেঞ্চ (সন্তুলন) থাকে। এই বেলেঞ্চে নিজক আৰু সেৱাত পিতাৰ ব্লেচিঙৰ (আশীৰ্বাদৰ) অনুভৱী কৰি তোলে। সেৱাৰ উৎসাহ-উদ্দীপনা থাকে। এতিয়া আৰু অধিক সেৱাত স্মৃতি আৰু সেৱাৰ বেলেঞ্চ ৰাখিলে অধিক আৱাজ শক্তিশালী ৰূপত বিশ্বত প্ৰতিধ্বনিত হব। ভাল বিস্তাৰ কৰিছা। বিস্তাৰৰ পাচত কি কৰা হয়? বিস্তাৰৰ লগতে এতিয়া আৰু অধিক সেৱাৰ সাৰ এনেকুৱা বিশেষ আত্মাসকলক নিমিত্ত কৰাব লাগে যিসকল বিশেষ আত্মাই ভাৰতৰ বিশেষ আত্মাসকলক জগাই তুলিব। এতিয়া ভাৰততো সময় অনুসৰি সেৱাৰ ৰূপৰেখা আগবাঢ়ি গৈ আছে। নেতাসকল, ধৰ্মনেতাসকল আৰু লগতে অভিনেতাসকলো সম্পৰ্কত আহি আছে। বাকী কোন থাকি গল? সম্পৰ্কততো আহি আছে, নেতাসকলো আহি আছে কিন্তু বিশেষ ৰাজনেতাসকল তেওঁলোকলৈও সমীপ সম্পৰ্কত অহাৰ সংকল্প উদয় হবই লাগিব।

সকলো ডবল বিদেশী সন্তানসকল উৰন্ত কলাত গৈ আছা নহয়! আৰোহন কলাধাৰীতো নোহোৱা নহয়! উৰন্ত কলাধাৰী হোৱানে? উৰন্ত কলাধাৰী হোৱা অৰ্থাৎ সকলোৰে কল্যাণ হোৱা। যেতিয়া সকলো সন্তানৰ একে ৰসযুক্ত উৰন্ত কলা হৈ যাব তেতিয়া সকলোৰে কল্যাণ অৰ্থাৎ পৰিৱৰ্তনৰ কাৰ্য সম্পন্ন হৈ যাব। এতিয়া উৰন্ত কলা আছে কিন্তু উৰাৰ লগতে ষ্টেজো (ভিন্ন অৱস্থাও) আছে। কেতিয়াবা বহুত ভাল ষ্টেজ আৰু কেতিয়াবা ষ্টেজৰ কাৰণে পুৰুষাৰ্থ কৰাৰ ষ্টেজ হয়। সদায় আৰু মেজৰিটিৰ (সংখ্যাগৰিষ্ঠৰ) উৰন্ত কলা হোৱা অৰ্থাৎ সমাপ্তি হোৱা। এতিয়া সকলো সন্তানে জানে যে উৰন্ত কলাই শ্ৰেষ্ঠ স্থিতি হয়। উৰন্ত কলাই কৰ্মাতীত স্থিতি প্ৰাপ্ত কৰাৰ স্থিতি হয়। উৰন্ত কলাই শৰীৰত থাকিও, শৰীৰৰ পৰা উপৰাম আৰু সদায় পিতা আৰু সেৱাত স্নেহীভাৱৰ স্থিতি হয়। উৰন্ত কলাই বিধাতা আৰু বৰদাতা ষ্টেজৰ স্থিতি হয়। উৰন্ত কলাই চলোঁতে-ফুৰোঁতে ফৰিস্তা বা দেৱতা দুয়োটা ৰূপৰ সাক্ষাৎকাৰ কৰোৱাৰ স্থিতি হয়।

উৰন্ত কলা সকলো আত্মাক ভিক্ষাৰী স্বভাৱৰ পৰা মুক্ত কৰি পিতাৰ উত্তৰাধিকাৰৰ অধিকাৰী কৰি তোলোঁতা হয়। সকলো আত্মাই অনুভৱ কৰিব যে আমাৰ সকলো আত্মাৰ ইষ্ট দেৱ বা ইষ্ট দেৱী বা নিমিত্ত হোৱা যিসকল অনেক দেৱতা আছে, সকলো এই ধৰণীত অৱতৰিত হৈ গৈছে। সত্যযুগততো সকলো সংগতিত থাকিব কিন্তু এই সময়ত যিসকল আত্মা আছে সকলোৰে তোমালোক সৎগতি দাতা হোৱা। যিদৰে যিকোনো ড্ৰামা যেতিয়া সমাপ্ত হয় তেতিয়া অন্তত সকলো এক্টৰ (ভাৱৰীয়া) ষ্টেজত সন্মুখত আহে। গতিকে এতিয়া কল্পৰ ড্ৰামা সমাপ্ত হোৱাৰ সময় আহি আছে। গোটেই বিশ্বৰ আত্মাসকলৰ সপোনতে হওঁক, এক চেকেণ্ডৰ ৰেঙণিৰেই হওঁক প্ৰত্যক্ষতাৰ চাৰিওফালৰ আৱাজৰ দ্বাৰা এইটো নিশ্চয় সাক্ষাৎকাৰ হ'ব যে এই ড্ৰামাৰ হিৰ পাৰ্টধাৰীসকল (মুখ্য ভাৱৰীয়াসকল) ষ্টেজত প্ৰত্যক্ষ হৈ গ'ল। ধৰণীৰ তৰা, ধৰণীত প্ৰত্যক্ষ হৈ গ'ল। সকলোৱে নিজৰ নিজৰ ইষ্ট দেৱক প্ৰাপ্ত কৰি বহুত আনন্দিত হ'ব। আশ্ৰয় (সহায়) পাব। ডবল বিদেশীসকলো ইষ্ট দেৱ, ইষ্ট দেৱীৰ মাজত আছা নহয়! নে গল্ডেন জুবিলীৰ হোৱা? তোমালোকো তাত আছা নে প্ৰত্যক্ষ কৰোঁতা হোৱা? যিদৰে এতিয়া গ'ল্ডেন জুবিলীৰ দৃশ্য দেখিলা। এয়াতো এক ৰমণীয় ভূমিকা পালন কৰিলা। কিন্তু যেতিয়া ফাইনেল (চূড়ান্ত) দৃশ্য হব তাততো তোমালোক সাক্ষাৎকাৰ কৰাঁওতা হবা নে প্ৰত্যক্ষ কৰোঁতা হ'বা? কি হ'বা? হিৰ এক্টৰ হোৱা নহয় জানো। এতিয়া ইমাৰ্জ (মনত উদয়) কৰা সেই দৃশ্য কেনেকুৱা হব। এইটো অন্তিম দৃশ্যৰ কাৰণে এতিয়াৰ পৰা ত্ৰিকালদৰ্শী হৈ প্ৰত্যক্ষ কৰা যে কেনেকুৱা সুন্দৰ দৃশ্য হব আৰু কিমান সুন্দৰ আমি হ'ম! সুসজ্জিত দিব্য গুণমূৰ্ত ফৰিস্তা তথা দেৱতা, ইয়াৰ বাবে এতিয়াৰ পৰা নিজে সদায় ফৰিস্তা স্বৰূপ স্থিতিৰ অভ্যাস কৰি আগবাঢ়ি যোৱা। যি চাৰিটা বিশেষ চাবজেক্ট (বিষয়) আছে - জ্ঞানমূৰ্ত, নিৰন্তৰ স্মৃতি মূৰ্ত, সকলো দিব্যগুণ মূৰ্ত, এটা দিব্য গুণৰো যদি অভাৱ হয় তেন্তে 16 কলা সম্পন্ন বুলি কোৱা নহ'ব। 16 কলা, সৰ্ব (গুণ) আৰু সম্পূৰ্ণ (নিৰ্বিকাৰী) এই তিনিওৰে মহিমা আছে। সৰ্বগুণ সম্পন্ন বুলি কোৱা, সম্পূৰ্ণ নিৰ্বিকাৰী বুলি কোৱা আৰু 16 কলা সম্পন্ন বুলি কোৱা। তিনিওটা বিশেষত্বৰে প্ৰয়োজন। 16 কলা অৰ্থাৎ সম্পন্নও হব লাগে, সম্পূৰ্ণও হব লাগে আৰু সৰ্বও (সৰ্ব গুণো) লাগে। গতিকে এইটো চেক (পৰীক্ষা) কৰা। শুনাইছিলোঁ নহয় যে এইটো বছৰ বহুকালৰ হিচাপত জমা কৰাৰ বাবে হয় পাচত বহুকালৰ হিচাপ সমাপ্ত হৈ যাব তেতিয়া অলপ সময় বুলি কোৱা হব, বহুকাল নহয়। বহুকালৰ পুৰুষাৰ্থৰ লাইনত (শাৰীত) আহি যোৱা। তেতিয়াহে বহুকালৰ ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰাৰ অধিকাৰী হবাগৈ। দুই চাৰিটা জন্মও কম হলে তেতিয়াও বহুকালত গণনা নহব। প্ৰথম জন্ম হওঁক আৰু প্ৰথম প্ৰকৃতিৰ শ্ৰেষ্ঠ সুখ হওঁক। ৱান-ৱান-ৱান (এক-এক-এক) হওঁক। সকলোতে ৱান হওঁক। তাৰ কাৰণে কি কৰিব লাগিব? সেৱাও নাম্বাৰ ৱান, স্থিতিও নাম্বাৰ ৱান তেতিয়াহে ৱান-ৱান-ৱানত আহিবা নহয় জানো! গতিকে সত্যযুগৰ আদিত আহোঁতা নাম্বাৰ ৱান আত্মাৰ সৈতে ভূমিকা পালন কৰোঁতা আৰু নাম্বাৰ ৱান জন্মত ভূমিকা পালন কৰোঁতা। গতিকে চনো (বছৰো) তোমালোকে আৰম্ভ কৰিবা। প্ৰথমতে জন্ম লওঁতাসকলেহে প্ৰথম তাৰিখ, প্ৰথম মাহ, প্ৰথম বছৰ আৰম্ভ কৰিব। তেন্তে ডবল বিদেশী নাম্বৰ ৱানত আহিবা নহয়! বাৰু ফৰিস্তা স্বৰূপৰ ড্ৰেচ (পোচাক) পিন্ধিব জানা নহয়! এয়া চিকমিকাই থকা ড্ৰেচ হয়। এইটো স্মৃতি আৰু স্বৰূপ হোৱা অৰ্থাৎ ফৰিস্তা ড্ৰেচ ধাৰণ কৰা। চিকমিকাই থকা বস্তুৱে দূৰৈৰ পৰাই আকৰ্ষণ কৰে। গতিকে এই ফৰিস্তা ড্ৰেচ অৰ্থাৎ ফৰিস্তা স্বৰূপে দূৰ-দূৰণিলৈকে আত্মাসকলক আকৰ্ষিত কৰিব। বাৰু!

আজি ইউ.কে.ৰ টাৰ্ণ হয়। ইউ. কে. নিবাসীসকলৰ বিশেষত্ব কি? লণ্ডনক সত্যযুগতো ৰাজধানী বনাবা নে কেৱল ভ্ৰমণৰ স্থান বনাবা? হওতেতো ইউনাইটেড কিংডম নহয় জানো! তাতো কিংডম বনাবা নে কেৱল কিংচ (ৰজাসকল) গৈ পৰিক্ৰমা কৰিবা? তথাপিও যি নাম, কিংদম বুলি কয়। গতিকে এই সময়ত সেৱাৰ কিংডমতো হয়েই। গোটেই বিদেশৰ সেৱাৰ ৰাজধানীতো নিমিত্ত হয়েই। কিংডম নামতো ঠিকে আছে নহয়! সকলোকে ইউনাইটেড (একত্ৰিত) কৰোঁতা কিংডম হয়। সকলো আত্মাক পিতাৰ সৈতে সাক্ষাৎ কৰোৱাৰ ৰাজধানী হয়। ইউ. কে. নিবাসীসকলক বাপদাদাই কয় অ.কে. হৈ থাকোঁতা। ইউ. কে. অৰ্থাৎ অ.কে. হৈ থাকোঁতা। যেতিয়াই কাৰোবাক সোধা হয় তেতিয়াই অ.কে., এনেকৈ কোৱা নহয়। এনেকৈতো নোকোৱা যে হয় ঠিকেই কৈছে। দীঘলীয়া উশাহ লৈ কয় হয়। আৰু যেতিয়া ঠিকে থাকে তেতিয়া কয় হয় অ.কে.। অ.কে. বুলি কোৱাত পাৰ্থক্য থাকে। গতিকে সংগমযুগৰ ৰাজধানী, সেৱাৰ ৰাজধানী যৰ পৰা ৰাজ্য সত্ত্বা অৰ্থাৎ ৰয়েল ফেমিলীৰ (অভিজাত পৰিয়ালৰ) আত্মাসকল তৈয়াৰ হোৱাৰ প্ৰেৰণা চাৰিওফালে বিয়পে। গতিকে ৰাজধানীত ৰাজ্য অধিকাৰী কৰি তোলাৰ ৰাজ্য-স্থানতো হল নহয় সেইবাবে বাপদাদাই প্ৰতিখন দেশৰ বিশেষত্বক বিশেষ ৰূপত স্মৰণ কৰে আৰু বিশেষত্বৰে সদায় আগবঢ়ায়। বাপদাদাই দুৰ্বলতাবোৰক নাচায়, কেৱল ইংগিত দিয়ে। বহুত ভাল ভাল বুলি কওঁতে কওঁতে বহুত ভাল হৈ যায়। দুৰ্বল হোৱা দুৰ্বল হোৱা বুলি কলে তেতিয়া দুৰ্বল হৈ যায়। এফালেতো প্ৰথমৰ পৰাই দুৰ্বল, আনফালে যদি কোনোবাই কৈ দিয়ে তেন্তে অচেতন (নিৰুৎসাহিত) হৈ যায়। যিমানেই অচেতন নহওঁক কিয় তেওঁলোকক শ্ৰেষ্ঠ স্মৃতিৰ, বিশেষত্বসমূহৰ স্মৃতিৰ সঞ্জীৱনী ঔষধ খুওৱা তেতিয়া অচেতনৰ পৰা চেতন হৈ যাব। সঞ্জিৱনী ঔষধ সকলোৰে ওচৰত আছে নহয়। গতিকে বিশেষত্বসমূহৰ স্বৰূপৰ দৰ্পণ তেওঁলোকৰ সন্মুখত ৰাখা কিয়নো প্ৰত্যেক ব্ৰাহ্মণ আত্মা বিশেষ হয়। কোটিৰ মাজত কোনোবা নহয় জানো। তেন্তে বিশেষ নহল জানো! কেৱল সেই সময়ত নিজৰ বিশেষত্বক পাহৰি যায়। তেওঁলোকক স্মৃতি সোঁৱৰাই দিলে বিশেষ আত্মা হৈয়েই যাব। আৰু যিমান বিশেষত্বৰ বৰ্ণনা কৰিবা সিমানেই তেওঁৰ নিজেই নিজৰ দুৰ্বলতা আৰু বেছি স্পষ্টকৈ অনুভৱ হব। তোমালোকে কৰোৱাৰ প্ৰয়োজন নাথাকিব। যদি তোমালোকে কাৰোবাক দুৰ্বলতাৰ বিষয়ে শুনোৱা তেন্তে লুকুৱাব। মানি নলব, মই এনেকুৱা নহওঁ। তোমালোকে বিশেষত্বসমূহ শুনোৱা। যেতিয়ালৈকে দুৰ্বলতা নিজে অনুভৱ নকৰে তেতিয়ালৈকে পৰিৱৰ্তন কৰিব নোৱাৰে। লাগিলে তোমালোকে 50 বছৰেই পৰিশ্ৰম কৰি নাথাকা কিয় সেইবাবে এই সঞ্জীৱনী ঔষধেৰে অচেতনজনকো চেতন কৰি উৰি গৈ থাকা আৰু উৰুৱাই গৈ থাকা। এয়াই ইউ. কে.ৰ সকলে কৰে নহয় জানো। বাৰু!

লণ্ডনৰ পৰা আন আন স্থানলৈ কিমান গৈছে। ভাৰতৰ পৰাতো গৈছে, লণ্ডনৰ পৰা কিমান গৈছে? অষ্ট্ৰেলিয়াৰ পৰা কিমান গৈছে? অষ্ট্ৰেলিয়ায়ো বৃদ্ধি কৰিছে আৰু কত কত গলা? জ্ঞান গংগাসকল যিমান দূৰলৈ বৈ যায় সিমান ভাল। ইউ. কে., অষ্ট্ৰেলিয়া, আমেৰিকা, ইউৰোপত কিমান চেণ্টাৰ (সেৱাকেন্দ্ৰ) আছে? (সকলোৱে নিজৰ নিজৰ সংখ্যা শুনালে)

তাৰমানেতো বৃদ্ধি প্ৰাপ্ত কৰি আছা। এতিয়া কোনো বিশেষ স্থান বাকী আছে নেকি? (বহুত আছে) বাৰু, তাৰ প্লেনো (পৰিকল্পনাও) কৰি আছা নহয়। বিদেশৰ এইটো লিফ্‌ট আছে যে বহুত সহজে চেণ্টাৰ খুলিব পাৰা। লৌকিক সেৱাও কৰিব পাৰা আৰু অলৌকিক সেৱাৰো নিমিত্ত হব পাৰা। ভাৰতত তথাপিও নিমন্ত্ৰণৰ আধাৰত চেণ্টাৰ স্থাপনা হোৱাৰ বিশেষত্ব আছে কিন্তু বিদেশত নিজেই নিজক নিমন্ত্ৰণ দিয়ে। নিমন্ত্ৰণ দিওঁতাও নিজেই আৰু উপস্থিত হওঁতাও নিজেই গতিকে এয়াও সেৱাত সহজে বৃদ্ধি হোৱাৰ এক প্ৰকাৰৰ লিফ্‌ট প্ৰাপ্ত হৈছে। যলৈকে যোৱা দুই তিনিজন মিলি তাত স্থাপনাৰ নিমিত্ত হব পাৰা আৰু হৈ থাকিবা। এয়া ড্ৰামা অনুসৰি গিফ্‌ট (উপহাৰ) বুলিয়ে কোৱা বা লিফ্‌ট বুলিয়ে কোৱা, প্ৰাপ্ত হৈছে কিয়নো অলপ সময়ৰ ভিতৰতে সেৱা সমাপ্ত কৰিব লাগিব সেয়েহে গতি তীব্ৰ হওঁক তেতিয়াহে সময়ত সমাপ্ত হব পাৰিব। ভাৰতৰ বিধি আৰু বিদেশৰ বিধিৰ মাজত পাৰ্থক্য আছে সেইবাবে বিদেশত শীঘ্ৰতাৰে বৃদ্ধি হৈ আছে আৰু হৈ থাকিব। এদিনতে বহুত চেণ্টাৰ খুলিব পাৰা। চাৰিওফালৰ বিদেশত নিমিত্ত হোৱা বিদেশীসকলৰ সেৱাৰ চাঞ্চ (সুযোগ) সহজ হয়। ভাৰতৰ সকলক চোৱা ভিচাও বহুত কষ্টেৰে পায়। গতিকে এইটো চাঞ্চ হয়, তাত থকাসকলহে তাৰ সেৱাৰ নিমিত্ত হয় সেইবাবে সেৱাৰ চাঞ্চ আছে। যিদৰে লাষ্টত (শেষত) আহিও ফাৰ্ষ্টত (প্ৰথমত) যোৱাৰ চাঞ্চ আছে সেইদৰে ফাষ্টত (তীব্ৰ গতিৰে) সেৱা কৰাৰ চাঞ্চো প্ৰাপ্ত হৈছে সেইবাবে আপত্তি নাথাকিব যে আমি পাচত আহিলোঁ। পাচত অহাসকলৰ ফাষ্টত (তীব্ৰ গতিৰে) যোৱাৰ বিশেষ চাঞ্চো আছে সেইবাবে প্ৰত্যেকে সেৱাধাৰী হয়। সকলো সেৱাধাৰী হোৱা নে চেণ্টাৰত থকাসকল সেৱাধাৰী হয়? যতেই নাথাকা সেৱাৰ অবিহনে শান্তি পাব নোৱাৰা। সেৱাই শান্তিৰ নিদ্ৰা হয়। এনেকৈ কয় নহয় যে শান্তিৰে শোৱা এয়াই জীৱন। সেৱাকে শান্তিৰ নিদ্ৰা বুলি কোৱা বা শোৱা বুলি কোৱা। যদি সেৱা নাই তেন্তে শান্তিৰ নিদ্ৰাও নাই। শুনালোঁ নহয়, সেৱা কেৱল বাণীৰ নহয়, প্ৰতিটো চেকেণ্ডত সেৱা। প্ৰতিটো সংকল্পত সেৱা আছে। কোনেও এনেকৈ কব নোৱাৰে - ভাৰতবাসীয়ে হওঁক বা বিদেশত থকা কোনো ব্ৰাহ্মণে হওঁক এনেকৈ কব নোৱাৰে যে সেৱাৰ চাঞ্চ নাই। বেমাৰ হলে তেতিয়াও মনেৰে সেৱা, বায়ুমণ্ডল গঢ়ি তোলাৰ সেৱা, ভায়ব্ৰেশ্বন (প্ৰকম্পন) বিয়পোৱাৰ সেৱাতো কৰিবই পাৰে। যি প্ৰকাৰৰ সেৱাই নকৰা কিন্তু সেৱাতেই থাকিব লাগে। সেৱাই জীৱন হয়। ব্ৰাহ্মণৰ অৰ্থই হল সেৱাধাৰী। বাৰু!

সদায় উৰন্ত কলা সকলোৰে কল্যাণ এইটো স্থিতিত স্থিত থাকোঁতা, সদায় নিজক ফৰিস্তা অনুভৱ কৰোঁতা, সদায় বিশ্বৰ আগত ইষ্ট দেৱ ৰূপত প্ৰত্যক্ষ হওঁতা, দেৱ আত্মাসকল, সদায় নিজক বিশেষ আত্মা বুলি বুজি আনকো বিশেষত্বৰ অনুভৱ কৰাওঁতা, বিশেষ আত্মাসকলৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

পাৰ্টিসকলৰ প্ৰতি:- সদায় নিজক কৰ্মযোগী বুলি অনুভৱ কৰানে! কৰ্মযোগী জীৱন অৰ্থাৎ প্ৰতিটো কাৰ্য কৰোঁতে সদায় স্মৃতিৰ যাত্ৰাত থকা। এইটো শ্ৰেষ্ঠ কাৰ্য শ্ৰেষ্ঠ পিতাৰ সন্তানসকলেহে কৰে আৰু সদায় সফল হয়। তোমালোক সকলো কৰ্মযোগী আত্মা হোৱা নহয় জানো। কৰ্ম কৰি থাকি উপৰাম (অনাসক্ত) আৰু স্নেহী সদায় এইটো অভ্যাসেৰে নিজক আগবঢ়াই লৈ যাব লাগে। নিজৰ লগতে বিশ্বৰ দ্বায়িত্ব সকলোৰে ওপৰত আছে। কিন্তু এই সকলোবোৰ স্থূল সাধন হয়। কৰ্মযোগী জীৱনৰ দ্বাৰা আগবাঢ়ি গৈ থাকা আৰু আগবঢ়াই লৈ গৈ থাকা। এইটো জীৱনেই অতি প্ৰিয় জীৱন। সেৱাও হওঁক আৰু আনন্দিত হৈও থাকা। দুয়োটা একেলগে ঠিকে আছে নহয়। গল্ডেন জুবিলীতো (সোণালী জয়ন্তীতো) সকলোৰে হয়। গল্ডেন অৰ্থাৎ সতোপ্ৰধান স্থিতিত স্থিত হৈ থাকোঁতা। গতিকে সদায় নিজক এইটো শ্ৰেষ্ঠ স্থিতিৰ দ্বাৰা আগবঢ়াই লৈ গৈ থাকা। সকলোৱে সেৱা ভালদৰে কৰিলা নহয়! সেৱাৰ চাঞ্চো (সুযোগো) এতিয়াই পোৱা যায় পাচত এই চাঞ্চ সমাপ্ত হৈ যায়। গতিকে সদায় সেৱাত আগবাঢ়ি গৈ থাকা। ভাল বাৰু!

বৰদান:
পিতাৰ ছত্ৰছায়াৰ অনুভৱৰ দ্বাৰা বিঘ্ন বিনাশকৰ ডিগ্ৰী লওঁতা অনুভৱী মূৰ্ত হোৱা

যত পিতা লগত আছে তত কোনেও একো কৰিব নোৱাৰে। এই সান্নিধ্যৰ অনুভৱেই ছত্ৰছায়া হৈ যায়। বাপদাদাই সন্তানসকলক সদায় ৰক্ষা কৰেই। পেপাৰ (পৰিস্থিতি) আহে তোমালোকক অনুভৱী কৰি তুলিবলৈ সেইবাবে সদায় বুজিব লাগে যে এই পেপাৰ ক্লাচ আগবঢ়াবৰ (ওপৰৰ শ্ৰেণীলৈ নিবৰ) কাৰণে আহিছে। ইয়াৰ দ্বাৰাই চিৰকালৰ বাবে বিঘ্ন বিনাশকৰ ডিগ্ৰী আৰু অনুভৱী মূৰ্ত হোৱাৰ বৰদান পাই যাবা। এতিয়া কোনোবাই যদিও অলপ হুলস্থুল কৰে বা বিঘিনি আনেও সেয়াও ধীৰে ধীৰে শান্ত হৈ যাব।

স্লোগান:
যিসকল সময়ত সহযোগী হয় তেওঁলোকৰ একৰ বিপৰীতে পদমগুণ ফল প্ৰাপ্ত হৈ যায়।