05.09.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল এই বেহদৰ নাটকত তোমালোক আত্মাসকলে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছা, এতিয়া তোমালোকে এই শৰীৰ ৰূপী কাপোৰ খুলি থৈ ঘৰলৈ যাব লাগে, পুনৰ নতুন ৰাজ্যত আহিব লাগে

প্ৰশ্ন:
পিতাই কোনো কৰ্ম প্ৰেৰণাৰে নকৰে, তেওঁৰ অৱতৰণ হয়, এইটো কোনোটো কথাৰ পৰা সিদ্ধ হয়?

উত্তৰ:
পিতাক কোৱাই হয় কৰণকৰাৱনহাৰ। প্ৰেৰণাৰতো অৰ্থ হৈছে বিচাৰ। প্ৰেৰণাৰ দ্বাৰা কোনো নতুন সৃষ্টিৰ স্থাপনা নহয়। পিতাই সন্তানসকলৰ দ্বাৰা স্থাপনা কৰায়, কৰ্মেন্দ্ৰিয় অবিহনেতো একোৱেই কৰাব নোৱাৰে সেয়েহে তেওঁ শৰীৰৰ আধাৰ ল'বলগীয়া হয়।
 

ওঁম্শান্তি।
আত্মিক সন্তানসকলে আত্মিক পিতাৰ সন্মুখত বহি আছে। অৰ্থাৎ আত্মাসকল নিজৰ পিতাৰ সন্মুখত বহি আছে। আত্মাই নিশ্চয় শৰীৰ সহিত বহিব। পিতায়ো যেতিয়া শৰীৰ ধাৰণ কৰে তেতিয়াহে সন্মুখত আহে ইয়াকেই কোৱা হয় আত্মা-পৰমাত্মা বেলেগে থাকিল বহুকাল...... তোমালোক সন্তানসকলে বুজি পোৱা উচ্চতকৈও উচ্চ পিতাকহে ঈশ্বৰ, প্ৰভু, পৰমাত্মা ভিন্ন নাম দিছে, পৰমপিতা বুলি কেতিয়াও লৌকিক পিতাক কোৱা নহয়। কেৱল পৰমপিতা বুলি লিখিলেও কোনো আপত্তি নাই। পৰমপিতা অৰ্থাৎ তেওঁ এজনেই সকলোৰে পিতা। সন্তানসকলে জানে আমি পৰমপিতাৰ লগত বহি আছোঁ। পৰমপিতা পৰমাত্মা আৰু আমি আত্মাসকল শান্তিধামৰ নিবাসী হয়। ইয়াত ভূমিকা পালন কৰিবলৈ আহোঁ, সত্যযুগৰ পৰা ধৰি কলিযুগৰ অন্তিমলৈকে ভূমিকা পালন কৰিছোঁ, এয়া হৈ গ'ল নতুন ৰচনা। ৰচয়িতা পিতাই বুজাইছে যে তোমালোক সন্তানসকলে এনেকুৱা ভূমিকা পালন কৰিছিলা। আগতে এইটো জনা নাছিলোঁ যে আমি 84 জন্ম পৰিক্ৰমা লগাইছিলোঁ। এতিয়া তোমালোক সন্তানসকলৰ সৈতেহে পিতাই কথা পাতে, যিসকলে 84ৰ চক্ৰ লগাইছিল। সকলোৱেতো 84 জন্ম ল'ব নোৱাৰে। এইটো বুজাব লাগে যে 84ৰ চক্ৰ কেনেকৈ ঘূৰে। বাকী লাখ বছৰৰতো কথা নাই। সন্তানসকলে জানে যে আমি প্ৰত্যেক 5 হাজাৰ বছৰ পাচত ভূমিকা পালন কৰিবলৈ আহোঁ। আমি ভূমিকা পালন কৰোঁতা হওঁ। উচ্চতকৈ উচ্চ ভগৱানৰো বিচিত্ৰ ভূমিকা আছে। ব্ৰহ্মা আৰু বিষ্ণুৰ বিচিত্ৰ ভূমিকা বুলি কোৱা নহয়। দুয়ো 84ৰ চক্ৰ লগায়। বাকী শংকৰৰ ভূমিকা এই সৃষ্টিততো নাই। ত্ৰিমূৰ্তিত দেখুৱায় - স্থাপনা, বিনাশ, প্ৰতিপালন। চিত্ৰসমূহৰ ওপৰত বুজাবলগীয়া হয়। চিত্ৰ যি দেখুওৱা তাৰ ওপৰত বুজাব লাগে। সংগমযুগত পুৰণি সৃষ্টিৰ বিনাশতো হ'বই। প্ৰেৰক শব্দটিও ভুল। যেনেকৈ কোনোবাই কয় আজি মোৰ বাহিৰলৈ যোৱাৰ প্ৰেৰণা নাই, প্ৰেৰণা অৰ্থাৎ বিচাৰ। প্ৰেৰণাৰ অন্য কোনো অৰ্থ নাই। পৰমাত্মাই কোনো প্ৰেৰণাৰে কাম নকৰে। প্ৰেৰণাৰে জ্ঞানো প্ৰাপ্ত হ'ব নোৱাৰে। পিতা আহে এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা ভূমিকা পালন কৰিবলৈ। কৰণকৰাৱনহাৰ হয় নহয় জানো। সন্তানসকলৰ দ্বাৰা কৰাব। শৰীৰ অবিহনেতো কৰিব নোৱাৰে। এই কথাবোৰ কোনেও নাজানে। ঈশ্বৰ পিতাকো নাজানে। ঋষি-মুনি আদি সকলে কৈছিল আমি ঈশ্বৰক নাজানো। আত্মা আৰু পৰমাত্মা পিতা কাৰোৰে জ্ঞান নাই। পিতা হৈছে স্ৰষ্টা (ক্ৰিয়েটৰ), নিৰ্দেশক (ডাইৰেক্টৰ), নিৰ্দেশনাও (ডাইৰেকশ্বনো) দিয়ে। শ্ৰীমত দিয়ে। মনুষ্যৰ বুদ্ধিততো সৰ্বব্যাপীৰ জ্ঞান আছে। তোমালোকে বুজি পোৱা বাবা আমাৰ বাবা হয়, সেই লোকসকলে সৰ্বব্যাপী বুলি কৈ দিয়ে গতিকে পিতা বুলি বুজিবই নোৱাৰে। তোমালোকে বুজি পোৱা এয়া বেহদৰ পিতাৰ পৰিয়াল (ফেমিলী) হয়। সৰ্বব্যাপী বুলি ক'লে পৰিয়ালৰ সুবাস নাহে। তেওঁক কোৱা হয় নিৰাকাৰী শিৱবাবা। নিৰাকাৰী আত্মাসকলৰ পিতা‌। শৰীৰ আছে সেইবাবে আত্মাই কয় যে বাবা। শৰীৰ অবিহনেতো আত্মাই ক'ব নোৱাৰে। ভক্তি মাৰ্গত আহ্বান জনাই আহিছে। এনেকৈ ভাবে যে সেইজন বাবা দুখহৰ্তা সুখকৰ্তা হয়। সুখ প্ৰাপ্ত হয় সুখধামত। শান্তি প্ৰাপ্ত হয় শান্তিধামত। ইয়াত আছেই দুখ। এই জ্ঞান তোমালোকে সংগমযুগত প্ৰাপ্ত কৰা। পুৰণি আৰু নতুন মাজৰ সময়খিনিত। পিতা আহেই তেতিয়া যেতিয়া নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ হোৱাৰ সময় হয়। প্ৰথমতে সদায় ক'ব লাগে -নতুন সৃষ্টিৰ স্থাপনা। প্ৰথমে পুৰণি সৃষ্টিৰ বিনাশ বুলি কোৱাতো ভুল হৈ যায়। এতিয়া তোমালোকে বেহদৰ নাটকৰ জ্ঞান প্ৰাপ্ত কৰিছা। যেনেকৈ সেই নাটকত যেতিয়া ভাৱৰীয়াসকল (এক্টৰসকল) আহে তেতিয়া ঘৰৰ পৰা সাধাৰণ কাপোৰ পিন্ধি আহে আকৌ নাটকত আহি কাপোৰ সলনি কৰে। আকৌ নাটক সম্পূৰ্ণ হ'লে তেতিয়া তেওঁলোকে কাপোৰ সলাই ঘৰলৈ উভতি যায়। ইয়াত তোমালোক আত্মাসকল ঘৰৰ পৰা অশৰীৰী হৈ আহিব লাগে। ইয়াত আহি এই শৰীৰ ৰূপী কাপোৰ পিন্ধা। প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। এয়া হৈছে বেহদৰ নাটক। এতিয়া এই বেহদৰ গোটেই সৃষ্টিখন পুৰণি হয় পুনৰ হ'ব নতুন সৃষ্টি। সেইখন বহুত সৰু হয়, এটাই ধৰ্ম থাকে। তোমালোক সন্তানসকলে এই পুৰণি সৃষ্টিৰ পৰা ওলাই পুনৰ হদৰ সৃষ্টিলৈ, নতুন সৃষ্টিলৈ আহিব লাগিব কিয়নো তাত এটা ধৰ্ম থাকে। অনেক ধৰ্ম, অনেক মনুষ্য হোৱাৰ কাৰণে বেহদ হৈ পৰে। তাততো আছেই এটা ধৰ্ম, কম সংখ্যক মনুষ্য। এটা ধৰ্মৰ প্ৰতিষ্ঠাৰ কাৰণে আহিবলগীয়া হয়। তোমালোক সন্তানসকলে এই বেহদৰ নাটকৰ ৰহস্যক বুজি পোৱা যে এই চক্ৰ কেনেকৈ ঘূৰে। এই সময়ত যি কিছু বাস্তৱত (প্ৰেক্টিকেলত) হয় তাৰেই আকৌ ভক্তি মাৰ্গত উৎসৱ উদযাপন কৰে। ক্ৰম অনুসৰি কি কি উৎসৱ আছে, সেয়াও তোমালোক সন্তানসকলে জানা। উচ্চতকৈও উচ্চ ভগৱান শিৱবাবাৰ জয়ন্তী বুলি কোৱা হব। তেওঁ যেতিয়া আহিব তেতিয়া পুনৰ অন্য উৎসৱ পালন কৰিব। শিৱবাবাই পোন-প্ৰথমে আহি গীতা শুনায় অৰ্থাৎ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। যোগো শিকায়। লগতে তোমালোকক পঢ়ায়ো। গতিকে পোন-প্ৰথমে পিতা আহিল শিৱজয়ন্তী হ'ল তাৰপাচত কোৱা হব গীতা জয়ন্তী। আত্মাসকলক জ্ঞান শুনায় গতিকে গীতা জয়ন্তী হৈ গ'ল। তোমালোক সন্তানসকলে বিচাৰ কৰি উৎসৱসমূহক ক্ৰম অনুসৰি লিখা। এই কথাবোৰো বুজিব আমাৰ ধৰ্মৰ লোকসকলে। প্ৰত্যেকৰে নিজৰ ধৰ্মটি প্ৰিয় হয়। অন্য ধৰ্মৰ লোকসকলৰ কথাই নাই। যদিও কাৰোবাৰ অন্য ধৰ্ম প্ৰিয় হয়ো কিন্তু সেই ধৰ্মত আহিব নোৱাৰে। স্বৰ্গত অন্য ধৰ্মৰ লোকসকল জানো আহিব পাৰিব। বৃক্ষজোপাত একেবাৰে স্পষ্টকৈ আছে। যি যি ধৰ্ম যি সময়ত আহে পুনৰ সেই সময়ত আহিব। প্ৰথমতে পিতা আহে, তেৱেঁই আহি ৰাজযোগ শিকায় গতিকে কোৱা হয় শিৱজয়ন্তী তাৰপাচত গীতা জয়ন্তী তাৰপাচত নাৰায়ণ জয়ন্তী। সেয়াতো হৈ যায় সত্যযুগ। সেয়াও লিখিব লাগে ক্ৰম অনুসৰি। এয়া হৈছে জ্ঞানৰ কথা। শিৱজয়ন্তী কেতিয়া হৈছিল সেয়াও গম নাপায়, জ্ঞান শুনালে, যাক গীতা বুলি কোৱা হয় পুনৰ বিনাশো হয়। জগত অম্বা আদিৰ জয়ন্তীত কোনো বন্ধৰ দিন (হ'লী ডে) নাই। মনুষ্যই কাৰো তিথি-তাৰিখ আদিক একেবাৰে নাজানে। লক্ষ্মী-নাৰায়ণ, ৰাম-সীতাৰ ৰাজত্বৰ বিষয়েই নাজানে। 2500 বছৰত যিসকল আহিছে, তেওঁলোকক জানে কিন্তু তেওঁলোকৰ আগত যি আদি সনাতন দেৱী-দেৱতাসকল আছিল, তেওঁলোকৰ কিমান সময় হ'ল, একোৱেই নাজানে। 5 হাজাৰ বছৰতকৈ ডাঙৰ কল্পতো হ'ব নোৱাৰে। আধাফালেতো বহুত সংখ্যা আহি গ'ল, বাকী আধাত এওঁলোকৰ ৰাজত্ব। তেনেস্থলত অধিক বছৰৰ কল্প কেনেকৈ হ'ব পাৰে। 84 লাখ জন্মও হ'ব নোৱাৰে। সেই লোকসকলে ভাবে কলিযুগৰ আয়ুস লাখ বছৰ হয়। মনুষ্যক অন্ধকাৰত পেলাই দিছে। ক'ত গোটেই নাটক 5 হাজাৰ বছৰৰ, ক'ত কেৱল কলিযুগৰ কাৰণে কয় যে এতিয়া 40 হাজাৰ বছৰ বাকী আছে। যেতিয়া যুদ্ধ লাগে তেতিয়া ভাবে ভগৱান আহিব লাগে কিন্তু ভগৱানতো আহিব লাগে সংগমত। মহাভাৰতৰ যুদ্ধতো লাগেই সংগমত। পিতাই কয় - ময়ো কল্পই কল্পই সংগমযুগত আহোঁ। পিতাই আহিব নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ কৰাবলৈ। নতুন সৃষ্টি স্থাপনা হলে পুৰণি সৃষ্টিৰ বিনাশ নিশ্চয় হ'ব, ইয়াৰ বাবে এই যুদ্ধ। ইয়াত শংকৰৰ প্ৰেৰণা আদিৰতো কোনো কথা নাই। এইটো প্ৰতীত (আণ্ডাৰষ্টুড) পুৰণি সৃষ্টিৰ বিনাশ হৈ যাব। ঘৰ আদিতো ভূমিকম্পত (আৰ্থকোৱেকত) সকলো নাশ হৈ যাব কিয়নো নতুন সৃষ্টি লাগে। নতুন সৃষ্টি আছিল নিশ্চয়। দিল্লী পৰিস্তান আছিল, যমুনাৰ তীৰ আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল। চিত্ৰও আছে। লক্ষ্মী-নাৰায়ণক স্বৰ্গৰ বুলিয়ে ক'ব। তোমালোক সন্তানসকলে সাক্ষাৎকাৰো কৰিছা যে কেনেকৈ সয়ম্বৰ হয়। এই সকলোবোৰ মূল কথা (পইণ্টচ্) বাবাই পুনৰালোচনা (ৰিভাইজ) কৰায়। বাৰু মূল কথাবোৰ স্মৃতিলৈ নাহে তেন্তে বাবাক স্মৰণ কৰা। পিতাক যদি পাহৰি যোৱা তেন্তে শিক্ষকক স্মৰণ কৰা। শিক্ষকে যি শিকায় সেয়াও নিশ্চয় স্মৃতিলৈ আহিব নহয় জানো। শিক্ষকো স্মৃতিত থাকিব, জ্ঞানো (নলেজো) স্মৃতিত থাকিব। উদ্দেশ্যও বুদ্ধিত আছে। স্মৃতিত ৰাখিবই লাগে কিয়নো তোমালোকৰ বিদ্যাৰ্থী জীৱন (ষ্টুডেণ্ট লাইফ) হয় নহয় জানো। এইটোও জানা যে যিয়ে আমাক পঢ়ায় তেওঁ আমাৰ পিতাও হয়, লৌকিক পিতা নাইকিয়া হৈ নাযায়। লৌকিক, পাৰলৌকিক আকৌ এওঁ (ব্ৰহ্মা) হৈছে অলৌকিক। এওঁক কোনেও স্মৰণ নকৰে। লৌকিক পিতাৰ পৰাতো উত্তৰাধিকাৰ প্ৰাপ্ত হয়। অন্তিমলৈকে স্মৃতিত থাকে। শৰীৰ ত্যাগ কৰিলে পুনৰ অন্য পিতা পোৱা যায়। প্ৰত্যেক জন্মতে লৌকিক পিতা পোৱা যায়। পাৰলৌকিক পিতাকো দুখ বা সুখত স্মৰণ কৰে। সন্তান প্ৰাপ্ত হ'ল তেন্তে ক'ব ঈশ্বৰে সন্তান দিলে। বাকী প্ৰজাপিতা ব্ৰহ্মাক কিয় স্মৰণ কৰিব, এওঁৰ পৰা জানো কিবা প্ৰাপ্তি হয়। এওঁক অলৌকিক বুলি কোৱা হয়।

তোমালোকে জানা আমি ব্ৰহ্মা বাবাৰ দ্বাৰা শিৱবাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। যেনেকৈ আমি পঢ়োঁ, এই ৰথো নিমিত্ত হৈছে। বহুত জন্মৰ অন্তিমত এওঁৰ শৰীৰহে ৰথ হৈছে। ৰথ নামটি ৰাখিবলগীয়া হয় নহয় জানো। এয়া হৈছে বেহদৰ সন্ন্যাস। ৰথ স্থায়ী হৈয়েই থাকে, বাকীসকলৰ ঠিকনা নাই। আগবাঢ়ি গৈ গৈ আকৌ আঁতৰি গুচি যায়। এই ৰথখনটো নাটক অনুসৰি নিশ্চিত, এওঁক কোৱা হয় ভাগ্যশালী ৰথ। তোমালোক সকলোকে ভাগ্যশালী ৰথ বুলি কোৱা নহয়। ভাগ্যশালী ৰথ বুলি এখনকেই মান্যতা দিয়া হয়, য'ত পিতা আহি জ্ঞান দিয়ে। স্থাপনাৰ কাৰ্য কৰায়। তোমালোক ভাগ্যশালী ৰথ নহ'লা। তোমালোক আত্মা এই ৰথত বহি পঢ়া। আত্মা পবিত্র হৈ যায় সেয়েহে মহিমা এইটো শৰীৰৰ য'ত এওঁ বহি পঢ়ায়। এইটো অন্তিম জন্ম বহুত মূল্যবান (ভেল্যুৱেবল) হয় পুনৰ শৰীৰ সলনি কৰি আমি দেৱতা হৈ যাম। এই পুৰণি শৰীৰৰ দ্বাৰাহে তোমালোকে শিক্ষা প্ৰাপ্ত কৰা। শিৱবাবাৰ হোৱা। তোমালোকে জানা আমাৰ প্ৰথম জীৱন একেবাৰে মূল্যহীন (ৱৰ্থ নট এ পেনী) আছিল। এতিয়া মূল্যবান (পাউণ্ড) হৈ আছোঁ। যিমান পঢ়িবা সিমান উচ্চ পদ প্ৰাপ্ত কৰিবা। পিতাই বুজাইছে স্মৃতিৰ যাত্ৰা হৈছে মুখ্য। ইয়াকেই ভাৰতৰ প্ৰাচীন যোগ বুলি কয় যাৰ দ্বাৰা তোমালোক পতিতৰ পৰা পাৱন হোৱা, স্বৰ্গবাসীতো সকলো হয় বাকী পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোক বেহদৰ স্কুলত বহি আছা। তোমালোকেই পুনৰ দেৱতা হ'বাগৈ। তোমালোকে বুজি পোৱা উচ্চ পদ কোনে প্ৰাপ্ত কৰিব পাৰে। তেওঁলোকৰ অৰ্হতা (কোৱালিফিকেশ্বন) কি হ'ব লাগে। প্ৰথমে আমাৰো অৰ্হতা নাছিল। আসুৰিক মতত চলিছিলোঁ। এতিয়া ঈশ্বৰীয় মত পোৱা যায়। আসুৰিক মতত আমি অৱনতিৰ কলাত যাওঁ। ঈশ্বৰীয় মতৰ দ্বাৰা উন্নতিৰ কলাত যাওঁ। ঈশ্বৰীয় মত দিওঁতা এজনেই, আসুৰিক মত দিওঁতা অনেক আছে। মা-পিতা, ভাই-ভনী, শিক্ষক-গুৰু কিমানৰ মত পোৱা যায়। এতিয়া তোমালোকে এটাই মত পোৱা যিটো 21 জন্ম কামত আহে। গতিকে এনেকৈ শ্ৰীমতত চলিব লাগে। যিমান চলিবা সিমান শ্ৰেষ্ঠ পদ পাবা। কমকৈ চলিলে তেন্তে কম পদ। শ্ৰীমত হৈছেই ভগৱানৰ। উচ্চতকৈও উচ্চ ভগৱানেই হয়, যিয়ে কৃষ্ণক উচ্চতকৈও উচ্চ কৰি তুলিলে আকৌ নীচতকৈও নীচ ৰাৱণে কৰিলে। পিতাই বগা (পবিত্ৰ) কৰি তোলে ৰাৱণে শ্যামবৰণীয়া (অপবিত্ৰ) কৰি তোলে। পিতাই উত্তৰাধিকাৰ দিয়ে। তেওঁতো হৈছেই নিৰ্বিকাৰী (ভাইচলেচ)। দেৱতাসকলৰ মহিমা গায় সৰ্বগুণ সম্পন্ন..... সন্ন্যাসীসকলক সম্পূৰ্ণ নিৰ্বিকাৰী বুলি কোৱা নহয়। সত্যযুগত আত্মা আৰু শৰীৰ দুয়োটা পবিত্র হয়। দেৱতাসকলক সকলোৱে জানে, তেওঁলোক সম্পূৰ্ণ নিৰ্বিকাৰী হোৱাৰ কাৰণে সম্পূৰ্ণ বিশ্বৰ মালিক হয়। এতিয়া নহয়, পুনৰ তোমালোক হোৱা। পিতাও সংগমযুগতেই আহে। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ। ব্ৰহ্মাৰ সন্তানতো তোমালোক সকলো হ'লা। তেওঁ হল প্ৰপিতা (গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ)। কোৱা, প্ৰজাপিতা ব্ৰহ্মাৰ নাম শুনা নাই? পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰাই সৃষ্টি ৰচনা কৰিব নহয় জানো। ব্ৰাহ্মণ কুল হয়। ব্ৰহ্মা মুখ বংশাৱলী ভাই-ভনী হৈ গল। ইয়াত ৰজা-ৰাণীৰ কথা নাই। এই ব্ৰাহ্মণ কুলতো হৈছে সংগমৰ, অলপ সময় চলে। ৰাজত্ব পাণ্ডৱৰো নাই আৰু কৌৰৱৰো নাই। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) 21 জন্ম শ্ৰেষ্ঠ পদৰ অধিকাৰী হ'বৰ কাৰণে সকলো আসুৰিক মত ত্যাগ কৰি একমাত্ৰ ঈশ্বৰীয় মতত চলিব লাগে। সম্পূৰ্ণ নিৰ্বিকাৰী (ভাইচলেচ) হ'ব লাগে।

(2) এই পুৰণা শৰীৰত বহি পিতাৰ শিক্ষা সমূহক ধাৰণ কৰি দেৱতা হ'ব লাগে। এয়া হৈছে বহুত মূল্যবান (ভেল্যুৱেবল) জীৱন, এইটো জীৱনতে অতি মূল্যবান (ৱৰ্থ পাউণ্ড) হ'ব লাগে।

বৰদান:
সৰ্ব সম্বন্ধৰ সহযোগৰ অনুভূতিৰ দ্বাৰা নিৰন্তৰ যোগী, সহজযোগী হোৱা

প্ৰতি ক্ষণত পিতাৰ ভিন্ন ভিন্ন সম্বন্ধৰ সহযোগ লোৱা অৰ্থাৎ অনুভৱ কৰাটোৱেই হৈছে সহজ যোগ। পিতাই যিকোনো সময়তে সম্বন্ধ পালন কৰিবৰ কাৰণে বান্ধ খাই আছে। গোটেই কল্পত এতিয়াহে সৰ্ব অনুভৱৰ খনি প্ৰাপ্ত হয় সেয়েহে সদায় সৰ্ব সম্বন্ধৰ সহযোগ লোৱা আৰু নিৰন্তৰ যোগী, সহজযোগী হোৱা কিয়নো যিসকল সৰ্ব সম্বন্ধৰ অনুভূতি বা প্ৰাপ্তিত মগ্ন হৈ থাকে তেওঁলোক পুৰণি সৃষ্টিৰ বাতাৱৰণৰ পৰা সহজেই উপৰাম হৈ যায়।

স্লোগান:
সৰ্ব শক্তিৰে সম্পন্ন হৈ থকা এয়াই ব্ৰাহ্মণ স্বৰূপৰ বিশেষত্ব হয়।