05.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল একান্তত বহি এতিয়া এনেকুৱা অভ্যাস কৰা, যাতে অনুভৱ হয় মই শৰীৰৰ পৰা পৃথক আত্মা হওঁ, ইয়াকে জীৱন্তে মৰা বুলি কোৱা হয়

প্ৰশ্ন:
একান্তৰ অৰ্থ কি? একান্তত বহি তোমালোকে কোনটো অনুভৱ কৰিব লাগে?

উত্তৰ:
একান্তৰ অৰ্থ হৈছে এজনৰ স্মৃতিত এই শৰীৰৰ অন্ত হওঁক অৰ্থাৎ একান্তত বহি এনেকুৱা অনুভৱ কৰা যে মই আত্মা এই শৰীৰৰক (চামৰাক) এৰি পিতাৰ ওচৰলৈ যাওঁ। একোৱেই যাতে স্মৃতিলৈ নাহে। বহি বহি অশৰীৰী হৈ যোৱা। যেন মই এই শৰীৰৰ পৰা মৰি গলোঁ। বচ্ মই আত্মা হওঁ, শিৱবাবাৰ সন্তান হওঁ, এইটো অভ্যাসেৰে দেহৰ বোধ নাইকিয়া হৈ যাব।

ওঁম্শান্তি।
সন্তানসকলক পিতাই প্ৰথমতে বুজায় যে মৰমৰ সন্তানসকল যেতিয়া ইয়াত বহা তেতিয়া নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰি থাকিবা আৰু কোনোফালে বুদ্ধি যাব নালাগে। এইটো তোমালোক সন্তানসকলে জানা আমি আত্মা হওঁ। আমি আত্মাই এই শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰোঁ। আত্মা অবিনাশী, শৰীৰ বিনাশী। গতিকে তোমালোক সন্তানসকল দেহী-অভিমানী হৈ পিতাৰ স্মৃতিত থাকিব লাগে। মই আত্মা হওঁ এই কৰ্মেন্দ্ৰিয়সমূহ কামত লগাবও পাৰোঁ নলগাবও পাৰোঁ। নিজক শৰীৰৰ পৰা পৃথক বুলি বুজিব লাগে। পিতাই কয় - নিজক আত্মা বুলি বুজা। দেহক পাহৰি যোৱা। মই আত্মা স্বতন্ত্ৰ হওঁ। মই এজন পিতাৰ বাহিৰে অন্য কাকো স্মৰণ কৰিব নালাগে। জীৱন্তে মৃত অৱস্থাত থাকিব লাগে। মোৰ; আত্মাৰ যোগ এতিয়া পিতাৰ সৈতে থাকিব লাগে। বাকীতো জগতৰ পৰা, ঘৰৰ পৰা মৰি গলোঁ। এনেকৈ কয় নকয় যে তুমি মৰিলা মানে তোমাৰ কাৰণে জগতখন মৰি গল। এতিয়া জীৱন্তে তোমালোক মৰিব লাগে। আমি আত্মা শিৱবাবাৰ সন্তান হওঁ। শৰীৰৰ বোধ নাইকিয়া কৰি গৈ থাকিব লাগে। পিতাই কয় নিজক আত্মা বুলি বুজা আৰু মোক স্মৰণ কৰা। শৰীৰৰ বোধ এৰা। এইটো পুৰণা শৰীৰ নহয় জানো। পুৰণা বস্তুক এৰি নিদিয়ে জানো। নিজক অশৰীৰী বুলি বুজা। এতিয়া তোমালোকে পিতাক স্মৰণ কৰি কৰি পিতাৰ ওচৰলৈ যাব লাগে। এনেকৈ কৰোঁতে কৰোঁতে তোমালোকৰ অভ্যাস হৈ যাব। এতিয়াতো তোমালোক ঘৰলৈ যাব লাগে। তেন্তে আকৌ এই পুৰণি জগতখনক কিয় স্মৃতিলৈ আনিব লাগে। একান্তত বহি এনেকৈ নিজৰ সৈতে যত্ন কৰিব লাগে। ভক্তিমাৰ্গতো কোঠালীৰ ভিতৰত বহি মালা ঘূৰায়, পূজা কৰে। তোমালোকেও একান্তত বহি এনেকৈ চেষ্টা কৰা তেতিয়া অভ্যাস হৈ যাব। তোমালোকে মুখেৰেতো একো কব নালাগে। ইয়াত হৈছে বুদ্ধিৰ কথা। শিৱবাবাতো হৈছে শিকাওঁতা। তেওঁতো পুৰুষাৰ্থ কৰিব নালাগে। এই বাবাই (ব্ৰহ্মা বাবাই) পুৰুষাৰ্থ কৰে, এওঁ আকৌ তোমালোক সন্তানসকলকো বুজায়। যিমান সম্ভৱ হয় এনেকৈ বহি বিচাৰ কৰা। এতিয়া আমি নিজৰ ঘৰলৈ যাব লাগে। এই শৰীৰতো ইয়াতে এৰিব লাগিব। পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হব আৰু আয়ুসো বাঢ়িব। ভিতৰি এইটো চিন্তন চলিব লাগে। বাহিৰত একো কব নালাগে। ভক্তি মাৰ্গতো ব্ৰহ্ম তত্ত্বক বা কোনোৱে শিৱকো স্মৰণ কৰে। কিন্তু সেই স্মৰণ যথাৰ্থ নহয়। পিতাৰ পৰিচয়েই নাই তেন্তে কেনেকৈ স্মৰণ কৰিব। তোমালোকে এতিয়া পিতাৰ পৰিচয় পাইছা। ৰাতিপুৱা উঠি একান্তত এনেকৈ নিজৰ সৈতে কথা পাতি থাকা। বিচাৰ সাগৰ মন্থন কৰা, পিতাক স্মৰণ কৰা। বাবা মই এতিয়া আপোনাৰ আচল কোলালৈ যাব ওলাইছো। সেইখন হৈছে আত্মিক কোলা। গতিকে এনেকৈ নিজৰ লগত কথা পাতিব লাগে। বাবাৰ আগমন হৈছে। বাবাই কল্পই কল্পই আহি আমাক ৰাজযোগ শিকায়। পিতাই কয় - মোক স্মৰণ কৰা আৰু চক্ৰক স্মৰণ কৰা। স্বদৰ্শন চক্ৰধাৰী হব লাগে। বাবাৰেই চক্ৰৰ গোটেই জ্ঞান আছে নহয় জানো। তেওঁ আকৌ তোমালোকক দিয়ে। তোমালোকক ত্ৰিকালদৰ্শী কৰি আছে। তিনিওটা কালক অৰ্থাৎ আদি-মধ্য অন্তক তোমালোকে জানা। পিতাও হৈছে পৰম আত্মা। তেওঁৰ শৰীৰতো নাই। এতিয়া এই শৰীৰত বহি তোমালোকক বুজায়। এয়া আচৰিত কথা। ভাগীৰথত বিৰাজমান হয় তেন্তে নিশ্চয় অন্য আত্মা আছে। বহুত জন্মৰ অন্তিমৰ জন্ম হৈছে এওঁৰ। এক নম্বৰৰ পাৱন তেৱেঁই আকৌ এক নম্বৰৰ পতিত হয়। তেওঁ নিজক ভগৱান বিষ্ণু আদি বুলিতো নকয়। ইয়াত এটিও পাৱন আত্মা নাই, সকলো পতিতেই হয়। গতিকে বাবাই সন্তানসকলক বুজায়, এনেকৈ বিচাৰ সাগৰ মন্থন কৰা তেতিয়া তাৰ দ্বাৰা তোমালোক আনন্দিতো হৈও থাকিবা, এই ক্ষেত্ৰত একান্ত অৱস্থাও নিশ্চয় লাগে। এজনৰ স্মৃতিত যাতে শৰীৰৰ অন্ত হয়, ইয়াকে একান্ত বুলি কোৱা হয়। এই চামৰা আঁতৰি যাব। সন্ন্যাসীয়েও ব্ৰহ্মৰ স্মৃতিত বা তত্ত্বৰ স্মৃতিত থাকে, সেই স্মৃতিত থাকোঁতে থাকোঁতে শৰীৰৰ বোধ নোহোৱা হৈ যায়। বচ্‌ মই ব্ৰহ্মত লীন হৈ যাব লাগে। এনেকৈ বহি যায়। তপস্যাত বহি বহি শৰীৰ ত্যাগ কৰে। ভক্তিততো মনুষ্যই বহুত ঠেলা-গঁতা খায়, ইয়াত ঠেলা-গঁতা খোৱাৰ কোনো কথা নাই। স্মৃতিতে থাকিব লাগে। অন্তিমত যাতে কোনো স্মৃতিলৈ নাহে। গৃহস্থ ব্যৱহাৰততো থাকিবই লাগে। বাকী সময় উলিয়াব লাগে। বিদ্যাৰ্থীৰ পঢ়াৰ প্ৰতি ধাউতি থাকে নহয় জানো। এয়া হৈছে পঢ়া, নিজকে আত্মা বুলি নুবুজিলে পিতা-শিক্ষক-গুৰু সকলোকে পাহৰি যায়। একান্তত বহি এনেকুৱা বিচাৰ কৰা। গৃহস্থালিততো বাতাৱৰণ ভাল হৈ নাথাকে। যদি বেলেগ ব্যৱস্থা আছে তেন্তে এটা কোঠালীত একান্তত বহি যোৱা। মাতাসকলেতো দিনতো সময় পায়। লৰা-ছোৱালী আদি স্কুললৈ গুচি যায়। যিমান সময় পোৱা এইটোৱে চেষ্টা কৰি থাকা। তোমালোকৰতো এখনেই ঘৰ পিতাৰতো কিমান অনেক দোকান আছে আৰুহে বৃদ্ধি হৈ গৈ থাকিব। মনুষ্যৰতো পেচাগত কাম-কাজ আদিৰ চিন্তা চলি থাকে গতিকে নিদ্ৰাও নাইকিয়া হৈ যায়। এয়া বেপাৰো নহয় জানো। কিমান ডাঙৰ বেপাৰী। কিমান ডাঙৰ লেন-দেন কৰে। পুৰণি শৰীৰ আদি লৈ নতুন দিয়ে, সকলোকে ৰাস্তা দেখুৱায়। এইটোও বেপাৰ তেওঁ কৰিবলগীয়া হয়। এইটোতো বহুত ডাঙৰ বেপাৰ। বেপাৰীৰ বেপাৰৰহে খেয়াল থাকে। বাবাই এনেকৈ অভ্যাস কৰে আকৌ কয় - এনেকৈ কৰা। যিমানে তোমালোক পিতাৰ স্মৃতিত থাকিবা তেতিয়া আপোনাআপুনি নিদ্ৰা নোহোৱা হৈ যাব। উপাৰ্জন হলে আত্মা বহুত আনন্দিত হব। উপাৰ্জনৰ কাৰণে মনুষ্যই ৰাতিও জাগি থাকে। ছিজনত (বতৰৰ সময়ত) গোটেই ৰাতিও দোকান খোলা থাকে। তোমালোকৰ উপাৰ্জন ৰাতি আৰু ৰাতিপুৱা বহুত ভাল হব। স্বদৰ্শন চক্ৰধাৰী হবা, ত্ৰিকালদৰ্শী হবা। 21 জন্মৰ কাৰণে ধন একত্ৰিত কৰে। মনুষ্যই চহকী হবলৈ পুৰুষাৰ্থ কৰে। তোমালোকেও পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হব, শক্তি পাবা। স্মৃতিৰ যাত্ৰাত নাথাকিলে বহুত লোকচান হৈ যাব কিয়নো শিৰত পাপৰ বোজা বহুত আছে। এতিয়া জমা কৰিব লাগে, এজনক স্মৰণ কৰিব লাগে আৰু ত্ৰিকালদৰ্শী হব লাগে। এই অবিনাশী ধন আধাকল্পৰ কাৰণে একত্ৰিত কৰিব লাগে। এয়াতো বহুত মূল্যৱান হয়। বিচাৰ সাগৰ মন্থন কৰি ৰত্ন উলিয়াব লাগে। বাবাই যেনেকৈ নিজে কৰে সন্তানসকলকো যুক্তি শুনায় (উপায় দিয়ে)। এনেকৈ কয় বাবা মায়াৰ ধুমুহা বহুত আহে।

বাবই কয় - যিমান সম্ভৱ নিজৰ উপাৰ্জন কৰিব লাগে, এয়াই কামত আহিব। একান্তত বহি পিতাক স্মৰণ কৰিব লাগে। আজৰি থাকিলে মন্দিৰ আদিতো বহুত সেৱা কৰিব পাৰা। বেজ নিশ্চয় লগাই ৰাখিব লাগে। সকলোৱে বুজি পাব এওঁলোক আত্মিক সেনা। তোমালোকে লিখাও - আমি স্বৰ্গৰ স্থাপনা কৰি আছোঁ। আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, এতিয়া নাই যিটো আকৌ স্থাপন কৰে। এই লক্ষ্মী-নাৰায়ণ লক্ষ্য-উদ্দেশ্য হয় নহয় জানো। কোনোবা সময়ত এই আলোকিত (ট্ৰান্সলাইটৰ) চিত্ৰ বেটাৰি সহিত উঠাই পৰিক্ৰমা লগাবা আৰু সকলোকে কবা এই ৰাজ্য আমি স্থাপন কৰি আছোঁ। এই চিত্ৰখন (লক্ষ্মী-নাৰায়ণৰ) সকলোতকৈ উত্তম। এই চিত্ৰ বহুত প্ৰসিদ্ধ হৈ যাব। লক্ষ্মী-নাৰায়ণ কেৱল এযোৰেতো নাছিল, তেওঁলোকৰ ৰাজধানী আছিল নহয় জানো। এই স্বৰাজ্য স্থাপন কৰি আছে। এতিয়া পিতাই কয় - মনমনাভৱ। পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হব। এনেকৈ কয় আমি গীতাৰ সপ্তাহ পালন কৰিম। এইবোৰ সকলোবোৰ পৰিকল্পনা কল্পৰ আগৰ দৰে হৈ আছে। পৰিক্ৰমাত এইখন চিত্ৰ লব লাগে। এওঁলোকক দেখি সকলো আনন্দিত হব। তোমালোকে কবা পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰক, মনমনাভৱ। এয়া গীতাৰ শব্দ নহয় জানো। ভগৱান শিৱবাবা হয়, তেওঁ কয় - মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব। 84ৰ চক্ৰক স্মৰণ কৰিলে এনেকুৱা (লক্ষ্মী-নাৰায়ণৰ দৰে) হৈ যাবা। সাহিত্যও তোমালোকে উপহাৰ দি থাকা। শিৱবাবাৰ ভঁৰালতো সদায় ভৰপূৰ। আগলৈ গৈ বহুত সেৱা হব। লক্ষ্য-উদ্দেশ্য কিমান স্পষ্ট। এখনেই ৰাজ্য, এটাই ধৰ্ম, বহুত চহকী আছিল। মনুষ্যই বিচাৰে এখনেই ৰাজ্য, এটাই ধৰ্ম হওক। মনুষ্যই যি বিচাৰে এতিয়া তাৰ লক্ষণবোৰ দেখা পোৱা গৈছে তেতিয়া বুজিব এওঁলোকেতো ঠিকেই কয়। 100 শতাংশ পবিত্ৰতা, সুখ-শান্তিৰ ৰাজ্য পুনৰ স্থাপন কৰি আছে তেতিয়া তোমালোক আনন্দিত হৈও থাকিবা। স্মৃতিত থাকিলে কাঁড় লাগিব (শুনোৱা জ্ঞানে প্ৰভাৱ পেলাব)। শান্তিত থাকি কেইটিমান শব্দই কব লাগে। বেছি আৱাজ কৰিব নালাগে। গীত, কবিতা আদি একোৱেই বাবাই পচন্দ নকৰে। বাহিৰৰ লোকসকলৰ সৈতে তুলনা কৰিব নালাগে। তোমালোকৰ কথাই বেলেগ। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে, বচ্‌। শ্লোগানো ভাল হব লাগে যাতে মনুষ্যই পঢ়ি জাগ্ৰত হৈ যায়। সন্তান বৃদ্ধি হৈ গৈ থাকে। খাজনাতো ভৰপূৰ হৈ থাকে। সন্তানসকলে দিয়া সেয়া আকৌ সন্তানসকলৰ কামতেই আহে। পিতাইতো টকা-পইচা লৈ নাহে। তোমালোকৰ বস্তু তোমালোকৰে কামত আহে। ভাৰতবাসীয়ে জানে আমি বহুত শুধৰণি কৰি আছোঁ। 5 বছৰৰ ভিতৰত ইমান খাদ্য শস্য হব যে খাদ্য শস্যৰ কাৰণে কেতিয়াও কষ্ট নহব আৰু তোমালোকে জানা এনেকুৱা অৱস্থা হব যে খাবলৈ অন্ন নাপাব। এনেকুৱা নহয় যে খাদ্য শস্য বহুত সুলভ মূল্যৰ হব।

তোমালোক সন্তানসকলে জানা যে আমি 21 জন্মৰ কাৰণে নিজৰ ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰি আছোঁ। এই কম বেছি কষ্টতো সহ্য কৰিবই লাগিব। কোৱা হয় যে আনন্দৰ নিচিনা খোৰাক নাই। অতীন্দ্ৰিয় সুখ গোপ-গোপীসকলৰ বুলি গায়ন আছে। অনেক সন্তান হৈ যাব। যিসকল ইয়াৰ পুলি হব সেইসকল আহি যাব। বৃক্ষ ইয়াতে বাঢ়িব নহয় জানো। স্থাপনা হৈ আছে। অন্য ধৰ্মত এনেকুৱা নহয়। তেওঁলোকতো ওপৰৰ পৰা আহে। তেওঁলোকৰ কাৰণেতো এয়া যেন বৃক্ষ স্থাপনা হৈয়ে আছে, ইয়াত আকৌ ক্ৰম অনুসৰি আহি যাব, বৃদ্ধি হৈ গৈ থাকিব। কষ্ট একো নাই। তেওঁলোকেতো ওপৰৰ পৰা আহি ভূমিকা পালন কৰিবই লাগে, ইয়াত মহিমাৰ কি কথা আছে। ধৰ্ম প্ৰতিষ্ঠাপসকলৰ পিচে পিচে আহি থাকে। তেওঁলোকে সৎগতিৰ কি শিক্ষা দিব? একোৱে নিদিয়ে। ইয়াততো পিতাই ভৱিষ্যত দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছে। সংগমযুগত নতুন পুলি ৰোপণ কৰে নহয় জানো। প্ৰথমে গছপুলিক পাত্ৰত লগাই আকৌ মাটিত ৰোপণ কৰি দিয়ে। বাঢ়ি গৈ থাকে। তোমালোকেও এতিয়া গছপুলি ৰোপণ কৰি আছা আকৌ সত্যযুগত বৃদ্ধি হৈ ৰাজ্য-ভাগ্য পাবা। তোমালোকে নতুন সৃষ্টিৰ স্থাপনা কৰি আছা। মনুষ্যই ভাবে - এতিয়াও কলিযুগৰ বহুত বছৰ বাকী আছে, কিয়নো শাস্ত্ৰত লাখ লাখ বছৰ বুলি লিখি দিছে। এনেকৈ ভাবে যে কলিযুগৰ এতিয়া 40 হাজাৰ বছৰ বাকী আছে। আকৌ পিতা আহি নতুন সৃষ্টি ৰচিব। বহুতে ভাবে এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। গীতাৰ ভগৱানো নিশ্চয় থাকিব। তোমালোকে কোৱা কৃষ্ণতো নাছিল। পিতাই বুজাইছে - কৃষ্ণইতো 84 জন্ম লয়। এটা চেহেৰা আনটোৰ লগত নিমিলে। গতিকে ইয়াত কৃষ্ণ কেনেকৈ আহিব। কোনেও এই কথাবোৰৰ ওপৰত বিচাৰ নকৰে। তোমালোকে বুজি পোৱা কৃষ্ণ স্বৰ্গৰ ৰাজকুমাৰ তেওঁ আকৌ দ্বাপৰত কৰ পৰা আহিব। এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ দেখিলেই বুজি পোৱা যায় - শিৱবাবাই এই উত্তৰাধিকাৰ দি আছে। সত্যযুগৰ স্থাপনা কৰোঁতা পিতাই হয়। এই গোলা (সৃষ্টি চক্ৰ), বৃক্ষ (কল্প বৃক্ষ) আদিৰ চিত্ৰবোৰ কম জানো। এদিন তোমালোকৰ এই সকলোবোৰ চিত্ৰ আলোকিত (ট্ৰান্সলাইটৰ) হৈ যাব। তেতিয়া সকলোৱে কব - আমাক এনেকুৱা চিত্ৰই লাগে। এই চিত্ৰবোৰৰ দ্বাৰা তেতিয়া বিহংগ মাৰ্গৰ (তীব্ৰ গতিৰ) সেৱা হৈ যাব। তোমালোকৰ ওচৰলৈ ইমানবোৰ সন্তান আহিব যে আজৰিয়ে নাথাকিব। অনেক আহিব। বহুত আনন্দিত হবা। দিনে-প্ৰতিদিনে তোমালোকৰ শক্তি বাঢ়ি গৈ থাকিব। নাটক অনুসৰি যিসকল ফুল হবলগীয়া আছে তেওঁলোক প্ৰেৰিত হব। তোমালোক সন্তানসকলে এনেকৈ কবলগীয়া নহব যে বাবা এওঁলোকৰ উন্নতিৰ বাবে প্ৰেৰণা দিয়া। প্ৰেৰণা জানো পিতাই দিয়ে। সময়ত আপোনাআপুনি প্ৰেৰিত হব। পিতাইতো ৰাস্তাহে দেখুৱাই দিব। বহুত কন্যাই লিখে - আমাৰ স্বামীৰ বুদ্ধিক প্ৰেৰণা দিয়া। এনেদৰে সকলোৰে বুদ্ধিক প্ৰেৰণা দিলে তেনেহলেতো আকৌ স্বৰ্গত সকলোৱে আহি একত্ৰিত হৈ যাব। পঢ়াৰে পৰিশ্ৰম কৰিবলগীয়া হয়। তোমালোক ঈশ্বৰৰ সহায়কাৰী নোহোৱা জানো। সঁচা সঁচা কথা পিতাই আগতেই কৈ দিয়ে - কি কি কৰিব লাগে। এনেদৰে চিত্ৰ লৈ যাব লাগিব। ছিৰিৰ (জখলাৰ) চিত্ৰও লৈ যাব লাগিব। নাটক অনুসৰি স্থাপনাতো হবই। পিতাই সেৱাৰ কাৰণে যি নিৰ্দেশনা দিয়ে, তাৰ প্ৰতি ধ্যান দিব লাগে। পিতাই কয় - বেজ ভিন্ন ভিন্ন ধৰণৰ লাখ লাখ বনোৱা। ৰেলগাড়ীৰ টিকট লৈ 100 মাইললৈকে সেৱা কৰি আহা। এটা ডবাৰ পৰা দ্বিতীয় ডবাত গৈ আকৌ তৃতীয় ডবাত সেৱা কৰা বহুত সহজ। সন্তানসকলৰ সেৱা প্ৰতি ধাউতি থাকিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিচাৰ সাগৰ মন্থন কৰি ভাল ভাল ৰত্ন উলিয়াব লাগে, উপাৰ্জন জমা কৰিব লাগে। সঁচা সঁচা ভগৱানৰ সহায়কাৰী হৈ সেৱা কৰিব লাগে।

(2) পঢ়াৰ প্ৰতি বহুত আগ্ৰহ ৰাখিব লাগে। যেতিয়াই সময় পোৱা একান্তত গুচি যাব লাগে। এনেকুৱা অভ্যাস হব লাগে যে জীৱন্তে এই শৰীৰৰ পৰা মৰি গৈছোঁ, এইটো অৱস্থাৰ অনুভৱ হৈ থাকিব লাগে। দেহৰ বোধ পাহৰি যাব লাগে।

বৰদান:
ভিন্নতাক নাইকিয়া কৰি একতা আনোতা সঁচা সেৱাধাৰী হোৱা

ব্ৰাহ্মণ পৰিয়ালৰ বিশেষত্ব হৈছে - অনেক হোৱা সত্ত্বেও এক। তোমালোকৰ একতাৰ দ্বাৰাহে গোটেই বিশ্বত এক ধৰ্ম, এক ৰাজ্যৰ স্থাপনা হয় সেইকাৰণে বিশেষভাৱে মনোযোগ দি ভিন্নতাক নাইকিয়া কৰি একতা আনা তেতিয়া সঁচা সেৱাধাৰী বুলি কোৱা হব। সেৱাধাৰী নিজৰ প্ৰতি নহয়, কিন্তু সেৱাৰ প্ৰতি হয়। নিজৰ সৰ্বস্ব সেৱাৰ প্ৰতি স্বাহা কৰে, যিদৰে সাকাৰ পিতাই সেৱাত হাড় পৰ্যন্ত স্বাহা কৰিলে, সেইদৰে তোমালোকৰ প্ৰতিটো কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা যাতে সেৱা হৈ থাকে।

স্লোগান:
পৰমাত্ম স্নেহত বিলীন হৈ যোৱা তেতিয়া দুখৰ জগতক পাহৰি যাবা।