05.10.21       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল আত্মা আৰু শৰীৰ যি পতিত আৰু ক'লা হৈ গৈছে, পিতাৰ স্মৃতিৰে সেয়া পাৱন কৰি তোলা কিয়নো এতিয়া পাৱন সৃষ্টিলৈ যাব লাগে

প্ৰশ্ন:
ভগৱানক কোনসকল সন্তানে পায়, পিতাই কোনটো হিচাপ শুনাইছে?

উত্তৰ:
যিসকলে আৰম্ভণিৰ পৰা ভক্তি কৰিছে তেওঁলোকেহে ভগৱানক পায়। বাবাই এইটো হিচাপ শুনাইছে যে সকলোতকৈ প্ৰথমে তোমালোকে ভক্তি কৰা সেয়েহে তোমালোকেহে পোন-প্ৰথমে ভগৱানৰ দ্বাৰা জ্ঞান প্ৰাপ্ত কৰা, যাৰ দ্বাৰা আকৌ তোমালোকে নতুন সৃষ্টিত ৰাজত্ব কৰা। পিতাই কয় - তোমালোকে আধাকল্প মোক স্মৰণ কৰিলা এতিয়া মই আহিছোঁ, তোমালোকক ভক্তিৰ ফল দিবলৈ।

গীত:
মৰনা তেৰী গলী মে.. (তোমাৰ গলিতে যেন মৰোঁ..)

ওঁম্শান্তি।
সন্তানসকলে গীতটি শুনিলে। যেতিয়া কাৰোবাৰ মৃত্যু হয় তেতিয়া পিতাকৰ ওচৰত জন্ম লয়। জানা যে আমি আত্মা। সেয়া হৈ গ'ল শৰীৰৰ কথা। এটা শৰীৰ এৰি আকৌ অন্য এজন পিতাৰ ওচৰলৈ যায়। তোমালোকে কিমান সাকাৰী পিতা পাইছা। আচলতে নিৰাকাৰী পিতাৰ সন্তান হোৱা। তোমালোক আত্মাসকল পৰমপিতা পৰমাত্মাৰ সন্তান, থাকাও তাতেই, যাক নিৰ্বাণধাম বা শান্তিধাম বুলি কোৱা হয়। পিতাও তাতে থাকে। ইয়ালৈ তোমালোক আহি লৌকিক পিতাৰ সন্তান হোৱা, তেতিয়া আকৌ সেইজন পিতাক পাহৰি যোৱা। সত্যযুগত তোমালোক সুখী হৈ যোৱা, তেতিয়া সেই পাৰলৌকিক পিতাক পাহৰি যোৱা। সুখত সেইজন পিতাক স্মৰণ নকৰা। দুখত স্মৰণ কৰা আৰু আত্মাই স্মৰণ কৰে। যেতিয়া লৌকিক পিতাক স্মৰণ কৰে তেতিয়া বুদ্ধি শৰীৰৰ ফালে থাকে। সেইজন পিতাক স্মৰণ কৰিলে তেতিয়া ক'ব - অ' বাবা, হওঁতে দুয়োজনেই বাবা। শুদ্ধ শব্দ পিতাই হয়। তেৱোঁ পিতা, এৱোঁ পিতা। আত্মাই আত্মিক পিতাক স্মৰণ কৰে তেতিয়া বুদ্ধি তালৈ গুচি যায়। এয়া পিতাই বহি সন্তানসকলক বুজায়। এতিয়া তোমালোকে জানা যে বাবাৰ আগমন হৈছে, আমাক নিজৰ কৰি লৈছে। পিতাই কয় - পোন-প্ৰথমে মই তোমালোকক স্বৰ্গলৈ পঠিয়ালোঁ। তোমালোক বহুত চহকী আছিলা পুনৰ 84 জন্ম লৈ নাটকৰ পৰিকল্পনা অনুসৰি এতিয়া তোমালোক দুখী হৈ গৈছা। নাটক অনুসৰি এই পুৰণি সৃষ্টি নাশ হ'ব। তোমালোক আত্মা আৰু এই শৰীৰ ৰূপী বস্ত্ৰ সতোপ্ৰধান আছিল পুনৰ সোণালী যুগৰ পৰা আত্মা ৰূপালী যুগত আহিল তেতিয়া শৰীৰো ৰূপালী হল আকৌ তাম্ৰ যুগত আহিল। এতিয়াতো তোমালোক আত্মা একেবাৰেই পতিত হৈ গৈছা, সেয়েহে শৰীৰো পতিত। যেনেকৈ 14 কেৰেটৰ সোণ কোনেও পচন্দ নকৰে, ক'লা পৰি যায়। তোমালোকো এতিয়া ক'লা লৌহযুগী হৈ গৈছা। এতিয়া আত্মা আৰু শৰীৰ যি এনেকুৱা ক'লা হৈ গল তেন্তে আকৌ পৱিত্র কেনেকৈ হ'ব। আত্মা পৱিত্ৰ হলে তেতিয়া শৰীৰো পৱিত্ৰ পাব। সেয়া কেনেকৈ হ'ব? গংগা স্নান কৰিলে হব জানো? নহয়, আহ্বানেই জনায় - হে পতিত-পাৱন আহক। এনেকৈ আত্মাই কয় সেয়েহে বুদ্ধি পাৰলৌকিক পিতাৰ ফালে গুচি যায়। হে বাবা, চোৱা বাবা শব্দটিয়েই কিমান মিঠা। ভাৰততহে বাবা বাবা বুলি কয়। এতিয়া তোমালোক আত্ম-অভিমানী হৈ বাবাৰ হৈছা। বাবাই কয় - মই তোমালোকক স্বৰ্গলৈ পঠাইছিলোঁ, নতুন শৰীৰ ধাৰণ কৰিছিলা। এতিয়া তোমালোক কি হৈ গলা। এই কথাবোৰ সদায় ভিতৰত থাকিব লাগে। বাবাকেই স্মৰণ কৰিব লাগে। স্মৰণ সকলোৰে কৰে নহয় জানো - হে বাবা, আমি আত্মাসকল পতিত হৈ গলোঁ, এতিয়া আহক, আহি পাৱন কৰি তোলক। নাটকত এইটোও ভূমিকা আছে, সেইবাবেতো আহ্বান জনায়। নাটকৰ পৰিকল্পনা অনুসৰি আহিবও তেতিয়া যেতিয়া পুৰণি সৃষ্টিৰ পৰা নতুন হয়। তেন্তে নিশ্চয় সংগমতেই আহিব। তোমালোক সন্তানসকলৰ নিশ্চয় আছে - আটাইতকৈ মৰমৰ বাবা হয়। কয়ো মিঠা, অতি মিঠা.... এতিয়া মিঠা কোন হয়? লৌকিক সম্বন্ধত প্ৰথমে পিতা, যিজনে জন্ম দিয়ে। পাছত হৈছে শিক্ষক। শিক্ষকৰ পৰা পঢ়ি তোমালোকে পদমৰ্যাদা পোৱা। জ্ঞানক উপাৰ্জনৰ উৎস বুলি কোৱা হয়। জ্ঞান হৈছে নলেজ্‌, যোগ হৈছে স্মৃতি। গতিকে বেহদৰ বিষয়ে কোনেও গম নাপায়। চিত্ৰবোৰত স্পষ্টকৈ দেখুৱাও হৈছে, ব্ৰহ্মাৰ দ্বাৰা স্থাপনা শিৱবাবাই কৰায়। কৃষ্ণই কেনেকৈ ৰাজযোগ শিকাব। ৰাজযোগ শিকায়েই সত্যযুগৰ কাৰণে। তেন্তে নিশ্চয় সংগমত পিতাই শিকাইছিল চাগে। সত্যযুগৰ স্থাপনা কৰাওঁতাজন হৈছে বাবা। ব্ৰহ্মাৰ দ্বাৰা কৰায়, কৰণকৰাৱনহাৰ হয় নহয় জানো। তেওঁলোকেতো ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কৈ দিয়ে। কিন্তু উচ্চতকৈ উচ্চ শিৱবাবা হয় নহয় জানো। তেওঁ সাকাৰ, তেওঁ নিৰাকাৰ। সৃষ্টিও এইখনেই। এই সৃষ্টিৰহে চক্ৰ ঘূৰে, পুনৰাবৃত্তি হৈ থাকে। সূক্ষ্মধামৰ সৃষ্টিৰ চক্ৰ বুলি গায়ন কৰা নহয়। বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হয়। গায়নো কৰে - সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগ। মাজত নিশ্চয় সংগমযুগ লাগে। নহ'লে কলিযুগক সত্যযুগ কৰি কোনে গঢ়িব! নৰকবাসীসকলক স্বৰ্গবাসী কৰি তুলিবলৈ পিতা সংগমতহে আহে। যিমানে পুৰণি সৃষ্টি সিমানে অধিক দুখ। আত্মা যিমানে তমোপ্ৰধান হৈ গৈ থাকে, সিমানে দুখী হয়। দেৱতাসকল হৈছে সতোপ্ৰধান। এয়াতো সৰ্বোচ্চ কৰ্তৃত্ব ঈশ্বৰ পিতাৰ চৰকাৰ। লগত ধৰ্মৰজাও আছে। পিতাই কয় - তোমালোক শিৱালয়ৰ নিবাসী আছিলা, এতিয়া হৈছে বেশ্যালয়। তোমালোক পাৱন আছিলা এতিয়া পতিত হৈ গৈছা সেয়েহে কোৱা আমিতো পাপী। আত্মাই কয় - মই নিগুৰ্ণীৰ কোনো গুণ নাই। যিকোনো দেৱতাৰ মন্দিৰলৈ গলে তেতিয়া তেওঁৰ আগত এনেকৈ ক'ব। ক'ব লাগে পিতাৰ আগত। তেওঁক এৰি ভাইসকলৰ পাছত লাগে, এওঁলোক দেৱতাসকল ভাই নহল জানো। ভাইৰ পৰাতো একো পোৱা নাযায়। ভাইসকলৰ পূজা কৰি কৰি অৱনমিত হৈ আহিছে। এতিয়া তোমালোক সন্তানসকলে জানা পিতাৰ আগমন হৈছে, তেওঁৰ পৰা আমি উত্তৰাধিকাৰ পাওঁ। বাকী মনুষ্যইতো পিতাক নাজানেই। সৰ্বব্যাপী বুলি কৈ দিয়ে। কোনোৱে আকৌ অখণ্ড জ্যোতি তত্ত্ব বুলি কয়। কোনোৱে কয়- তেওঁ নামৰূপৰ পৰা উপৰাম। হেৰ তোমালোকে অখণ্ড জ্যোতি স্বৰূপ বুলি কোৱা, তেন্তে আকৌ নামৰূপৰ পৰা উপৰাম বুলি কেনেকৈ কোৱা। পিতাক নজনা কাৰণেই পতিত হৈ গৈছে। তমোপ্ৰধানো হ'বই লাগে। আকৌ যেতিয়া পিতা আহিব তেতিয়া সকলোকে পাৱন কৰি তুলিব। আত্মাসকল নিৰাকাৰী সৃষ্টিত পিতাৰ লগত থাকে। আকৌ ইয়ালৈ আহি সতো, ৰজো, তমোৰ ভূমিকা পালন কৰে। আত্মাইহে পিতাক স্মৰণ কৰে। পিতা আহেও, কয় - ব্ৰহ্মাৰ শৰীৰৰ আধাৰ লওঁ, এওঁ হৈছে ভাগ্যশালী ৰথ। আত্মাবিহীন ৰথ থাকে জানো। এনেকৈ কয় যে ভাগীৰথে গংগা নদী বোৱাই আনিলে। এতিয়া এনেকুৱা কথাতো হ'ব নোৱাৰে। কিন্তু একোৱেই বুজি নাপায় যে আমি কি কওঁ!

এতিয়া তোমালোক সন্তানসকলক বুজাইছোঁ - এয়া হৈছে জ্ঞান বৰ্ষা। ইয়াৰ দ্বাৰা কি হয়? পতিতৰ পৰা পাৱন হয়। গংগা যমুনাতো সত্যযুগতো থাকে। এনেকৈ কয় যে কৃষ্ণই যমুনাৰ তীৰত খেল-ধেমালি কৰিছিল। এনেকুৱা কোনো কথা নাই। তেওঁতো সত্যযুগৰ ৰাজকুমাৰ, তেওঁৰ বহুত তত্ত্বাৱধানত প্ৰতিপালন হয় কিয়নো ফুল নহয় জানো। ফুল কিমান ভাল সুন্দৰ হয়। ফুলৰ পৰা সকলোৱে সুবাস লয়। কাঁইটৰ পৰা জানো সুবাস ল'ব। এতিয়াতো হয়েই কাঁইটৰ সৃষ্টি। পিতা আহি জংঘলক ফুলৰ বাগিচা কৰি তোলে সেয়েহে তেওঁৰ বাবুলনাথ নামো ৰাখি দিছে। কাঁইটৰ পৰা ফুল কৰি তোলে সেয়েহে মহিমা গায় - কাঁইটৰ পৰা ফুল কৰি তোলোঁতা বাবা। এতিয়া তোমালোক সন্তানসকলৰ পিতাৰ প্ৰতি কিমান মৰম থাকিব লাগে। এতিয়া তোমালোকে জানা যে আমি বেহদৰ পিতাৰ হৈছোঁ। এতিয়া তোমালোকৰ সম্বন্ধ তেওঁৰ সৈতেও আছে লৌকিকৰ সৈতেও আছে। পাৰলৌকিক পিতাক স্মৰণ কৰিলে তোমালোক পাৱন হ'বা। আত্মাই জানে, তেওঁ আমাৰ লৌকিক পিতা আৰু এওঁ পাৰলৌকিক পিতা। ভক্তি মাৰ্গতো আত্মাই জানে, তেওঁ আমাৰ লৌকিক পিতা আৰু এওঁ ঈশ্বৰ পিতা। অবিনাশী পিতাক স্মৰণ কৰে। সেইজন পিতা কেতিয়া আহি স্বৰ্গ স্থাপন কৰে, এইটো কোনেও গম নাপায়। পিতা আহেই পতিতসকলক পাৱন কৰি তুলিবলৈ। তেন্তে নিশ্চয় সংগমতে আহিব। শাস্ত্ৰবোৰতো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি লিখি মনুষ্যক একেবাৰে ঘোৰ অন্ধকাৰত পেলাই দিছে। এনেকৈ কয় যে যিসকলে বহুত ভক্তি কৰে তেওঁলোকে ভগৱানক পায়। তেন্তে সকলোতকৈ বেছি ভক্তি কৰোঁতাসকলে নিশ্চয় আগতীয়াকৈ পাব লাগে। পিতাই হিচাপো শুনাইছে। সকলোতকৈ আগতে ভক্তি তোমালোকে কৰা তোমালোকেহে পোন-প্ৰথমে ভগৱানৰ দ্বাৰা জ্ঞান প্ৰাপ্ত কৰিব লাগে, যাতে তোমালোকেই পুনৰ নতুন সৃষ্টিত ৰাজত্ব কৰা। বেহদৰ পিতাই তোমালোক সন্তানসকলক জ্ঞান দি আছে, ইয়াত কষ্টৰ কোনো কথা নাই। পিতাই কয় - তোমালোকে আধাকল্প স্মৰণ কৰিছা। সুখততো কোনেও স্মৰণ নকৰেই। অন্তিমত যেতিয়া দুখী হৈ যায় তেতিয়া মই আহি সুখী কৰি তোলোঁ। এতিয়া তোমালোক অতি মহান ব্যক্তি হৈ যোৱা। মুখ্য মন্ত্ৰী, ৰাষ্ট্ৰপতি আদিৰ বঙলা কিমান উত্তম হয়। গোটেই আচবাব এনেকুৱা উত্তম হব। তোমালোকতো কিমান মহান ব্যক্তি (দেৱতা) হৈ যোৱা। দৈৱী গুণধাৰী দেৱতা, স্বৰ্গৰ মালিক হোৱা। তাত তোমালোকৰ কাৰণে মহলো হীৰা-মুকুতাৰ হয়। তাত তোমালোকৰ আচবাব সোণ খচিত অতি উত্তম হব।

এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। শিৱক ৰুদ্ৰ বুলিও কয়। যেতিয়া ভক্তি পূৰা হয় তেতিয়া ভগৱানে ৰুদ্ৰ যজ্ঞ ৰচে। সত্যযুগত যজ্ঞ অথবা ভক্তিৰ কথাই নাই। এই সময়তহে পিতাই অবিনাশী ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচে, যাৰ আকৌ পাছত গায়ন চলে। ভক্তিতো সদায় প্ৰচলিত হৈ নাথাকিব। ভক্তি আৰু জ্ঞান, ভক্তি হৈছে ৰাতি, জ্ঞান হৈছে দিন। পিতা আহি দিন কৰি তোলে, গতিকে সন্তানসকলৰো পিতাৰ প্ৰতি কিমান মৰম থাকিব লাগে। পিতাই আমাক বিশ্বৰ মালিক কৰি তোলে। অতিকৈ মৰমৰ পিতা হয় নহয় জানো। তেওঁতকৈ বেছি মৰমৰ বস্তু একো হ'ব নোৱাৰে। আধাকল্পৰ পৰা স্মৰণ কৰি আহিছে। বাবা আহি আমাৰ দুখ দূৰ কৰক। এতিয়া পিতা আহিছে, বুজায় সন্তানসকল, তোমালোক নিজৰ গৃহস্থ ব্যৱহাৰত থাকিবই লাগে। ইয়াত বাবাৰ ওচৰত কিমানলৈকে বহি থাকিবা। লগততো পৰমধামতহে থাকিব পাৰা। ইয়াততো থাকিব নোৱাৰা। ইয়াততো জ্ঞান পঢ়িব লাগে। জ্ঞান পঢ়োঁতা কমসংখ্যক থাকে। উচ্চস্বৰত কেতিয়াবা পঢ়া হয় জানো? শিক্ষকে প্ৰশ্ন কেনেকৈ সুধিব? উচ্চস্বৰত কেনেকৈ সঁহাৰি জনাব পাৰিব? সেয়েহে কমসংখ্যক বিদ্যাৰ্থীক পঢ়ায়। কলেজতো বহুত থাকে আকৌ সকলোৰে পৰীক্ষা হয়। ফলাফল ওলায়। ইয়াততো এজন পিতাইহে পঢ়ায়। এইটোও বুজাব লাগে যে দুজন পিতা আছে - লৌকিক আৰু পাৰলৌকিক। দুখত সেইজন পাৰলৌকিক পিতাক স্মৰণ কৰে। এতিয়া সেইজন পিতা আহিছে। মহাভাৰতৰ যুদ্ধও সন্মুখত থিয় হৈ আছে। তেওঁলোকে ভাবে মহাভাৰতৰ যুদ্ধত কৃষ্ণ আহিল, এইটোতো হ'ব নোৱাৰে। বেচেৰাসকল বিবুদ্ধিত পৰি আছে। তথাপিও কৃষ্ণ, কৃষ্ণ বুলি কৈ থাকে। এতিয়া অতিকৈ মৰমৰ শিৱও হয় আৰু কৃষ্ণও হয়। কিন্তু তেওঁ হৈছে নিৰাকাৰ, তেওঁ হৈছে সাকাৰ। নিৰাকাৰ পিতা সকলো আত্মাৰ পিতা। দুয়োজনেই অতিকৈ মৰমৰ হয়। কৃষ্ণও বিশ্বৰ মালিক হয়, নহয় জানো। এতিয়া তোমালোকে বিচাৰ কৰিব পাৰা যে সকলোতকৈ অধিক মৰমৰ কোন হয়? শিৱবাবাইহে এনেকুৱা যোগ্য কৰি তোলে নহয় জানো। কৃষ্ণই কি কৰে? পিতাইহে তেওঁক এনেকৈ গঢ়ি তোলে নহয় জানো। তেন্তে গায়নো বেছিকৈ সেইজন পিতাৰ হ'ব নালাগে জানো। পিতাই বুজাইছে - তোমালোক সকলো হৈছা পাৰ্বতী। এই শিৱ অমৰনাথে তোমালোকক কথা (কাহিনী) শুনাই আছে। তোমালোক সকলোৱেই অৰ্জুন, তোমালোক সকলোৱেই দ্ৰৌপদী। এই বিকাৰী সৃষ্টিক ৰাৱণ ৰাজ্য বুলি কোৱা হয়। সেইখন হৈছে নিৰ্বিকাৰী সৃষ্টি। বিকাৰৰ কথা নাই। নিৰাকাৰ পিতাই বিকাৰী সৃষ্টি ৰচিব জানো? বিকাৰতহে দুখ হয়। সন্ন্যাসীসকলৰ হয়েই হঠযোগ, নিবৃত্তি মাৰ্গ। কৰ্ম সন্ন্যাসতো কেতিয়াও নহয়। সেয়া তেতিয়া হ'ব যেতিয়া আত্মা শৰীৰৰ পৰা পৃথক হৈ যাব। গৰ্ভ কাৰাগাৰত পুনৰ কৰ্মৰ হিচাপ-নিকাচ আৰম্ভ হৈ যায়। বাকী কৰ্ম সন্ন্যাস বুলি কোৱাতো ভুল, হঠযোগ আদি বহুত শিকে, গুহাবোৰত গৈ বহে। জুইৰ ওপৰেদিও গুচি যায়। তন্ত্ৰ-মন্ত্ৰও বহুত আছে। যাদুবিদ্যাৰ দ্বাৰা বহুত বস্তুও উলিয়ায়। ভগৱানকো যাদুকৰ, ৰত্নাকৰ, সদাগৰ বুলি কয়। কিন্তু তেওঁলোকৰ পৰা কোনেও গতি সৎগতি প্ৰাপ্ত হ'ব নোৱাৰে। সেইজনতো এজনেই সঁচা সৎগুৰু আহি সকলোৰে গতি সৎগতি কৰে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কাঁইটৰ পৰা ফুল কৰি গঢ়ি তোলোঁতা আটাইতকৈ মৰমৰ একমাত্ৰ পিতা হয়, তেওঁক বহুত মৰমেৰে স্মৰণ কৰিব লাগে। সুবাসিত পাৱন ফুল হৈ সকলোকে সুখ দিব লাগে।

(2) এই জ্ঞান উপাৰ্জনৰ উৎস, ইয়াৰ দ্বাৰা তোমালোক 21 জন্মৰ কাৰণে মহান ব্যক্তি হোৱা সেয়েহে এয়া (জ্ঞান) ভালদৰে পঢ়িব আৰু পঢ়াব লাগে। আত্ম-অভিমানী হ'ব লাগে।

বৰদান:
বাপদাদাক নিজৰ সংগী বুলি বুজি দুগুণ শক্তিয়ে কাৰ্য কৰোঁতা সহজযোগী হোৱা

যিকোনো কাৰ্য কৰোঁতে বাপদাদাক নিজৰ সংগী কৰি লোৱা তেতিয়া দুগুণ শক্তিৰে কাৰ্য হ'ব আৰু স্মৃতিও বহুত সহজে থাকিব কিয়নো যিজন সদায় লগত থাকে তেওঁৰ স্মৃতি স্বতঃ থাকে। গতিকে এনেকুৱা সংগী থাকিলে বা বুদ্ধিৰ দ্বাৰা নিৰন্তৰ সত্যৰ সংগ ললে সহজযোগী হৈ যাবা আৰু শক্তিশালী সংগ হোৱাৰ কাৰণে প্ৰতিটো কৰ্তব্যত তোমালোকৰ দুগুণ শক্তি থাকিব, যাৰ দ্বাৰা প্ৰতিটো কাৰ্যত সফলতাৰ অনুভূতি হ'ব।

স্লোগান:
মহাৰথী তেওঁ হয় যি কেতিয়াও মায়াৰ প্ৰভাৱত পৰৰ বশৱৰ্তী নহয়।