05.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল এই দুচকুৰে যি দেখিবলৈ পোৱা যায়, সেয়া দেখিও নাচাবা, সেইবোৰৰ পৰা মমত্ব আঁতৰাই দিয়া কিয়নো সেইবোৰত এতিয়া জুই লাগিব"

প্ৰশ্ন:
ঈশ্বৰীয় গভাৰ্নমেণ্টৰ গুপ্ত কৰ্তব্য কোনটো, যাক জগতৰ লোকে নাজানে?

উত্তৰ:
ঈশ্বৰীয় গভাৰ্নমেণ্টে আত্মাসকলক পাৱন কৰি দেৱতা কৰি গঢ়ি তোলে - এইটো হৈছে বহুত গুপ্ত কৰ্তব্য, যাক মনুষ্যই বুজি নাপায়। যেতিয়া মনুষ্য দেৱতা হব তেতিয়াহে নৰকবাসীৰ পৰা স্বৰ্গবাসী হব পাৰে। মনুষ্যৰ কেৰেক্টাৰ (চৰিত্ৰ) বিকাৰে নষ্ট কৰি পেলালে। এতিয়া তোমালোকে সকলোকে চৰিত্ৰৱান কৰি তোলাৰ সেৱা কৰা, এইটোৱে তোমালোকৰ মুখ্য কৰ্তব্য।

ওঁম্শান্তি।
যেতিয়া ওঁম্ শান্তি বুলি কোৱা হয়, তেতিয়া নিজৰ স্ব-ধৰ্ম আৰু নিজৰ ঘৰ স্মৃতিলৈ আহে কিন্তু ঘৰতে বহি থাকিবতো নালাগে। পিতাৰ সন্তান হৈছা যেতিয়া নিশ্চয় স্বৰ্গৰ উত্তৰাধিকাৰো স্মৃতিলৈ আহিব। ওঁম্ শান্তি বুলি কলেও গোটেই জ্ঞান বুদ্ধিলৈ আহি যায়। মই আত্মা শান্ত স্বৰূপ, শান্তিৰ সাগৰ পিতাৰ সন্তান। যিজন পিতাই স্বৰ্গৰ স্থাপনা কৰে, সেইজন পিতাই আমাক পবিত্ৰ, শান্ত-স্বৰূপ কৰি তোলে। মুখ্য কথা হৈছে পবিত্ৰতাৰ। পবিত্ৰ সৃষ্টি আৰু অপবিত্ৰ সৃষ্টি। পবিত্ৰ সৃষ্টিত এটাও বিকাৰ নাই। অপবিত্ৰ সৃষ্টিত 5 বিকাৰ আছে সেইবাবে কোৱা হয় বিকাৰী সৃষ্টি। সেইখন হৈছে নিৰ্বিকাৰী সৃষ্টি। নিৰ্বিকাৰী সৃষ্টিৰ পৰা চিৰি নামি-নামি (অধঃপতিত হৈ) আকৌ তলৰ বিকাৰী সৃষ্টিলৈ আহে। সেইখন হৈছে পবিত্ৰ সৃষ্টি, এইখন হৈছে পতিত সৃষ্টি। ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য নাই জানো! সময় অনুসৰি দিন আৰু ৰাতি বুলি গায়ন কৰা হৈছে। ব্ৰহ্মাৰ দিন আৰু ব্ৰহ্মাৰ ৰাতি। দিন হৈছে সুখ আৰু ৰাতি হৈছে দুখ। ৰাতি হাবাথুৰি খাবলগীয়া হয়। এনেয়ে ৰাতি কোনো হাবাথুৰি খাব নালাগে কিন্তু ভক্তিক হাবাথুৰি খোৱা বুলি কোৱা হয়। তোমালোক সন্তানসকল ইয়ালৈ সৎগতি পাবৰ কাৰণে আহিছা। তোমালোক আত্মাসকলৰ 5 বিকাৰৰ কাৰণে পাপ আছিল, তাৰ ভিতৰতো মুখ্য হৈছে কাম বিকাৰ, যাৰ দ্বাৰাই মনুষ্য পাপ আত্মা হৈ যায়। এইটো প্ৰত্যেকে জানে যে মই পতিত। ভ্ৰষ্টাচাৰৰ দ্বাৰা জন্ম হৈছো। এক কাম বিকাৰৰ কাৰণে সকলো কোৱালিফিকেশ্বন (যোগ্যতা) নষ্ট হৈ যায় সেইবাবে পিতাই কয় এই কাম বিকাৰক জয় কৰিলে জগতজিৎ নতুন সৃষ্টিৰ মালিক হৈ যাবাগৈ। গতিকে ভিতৰি ইমানখিনি আনন্দ থাকিব লাগে। মনুষ্য পতিত হলে একো বুজি নাপায়। এই কামৰ ওপৰতেই কিমান গণ্ডগোল হয়। কিমান অশান্তি, হাহাকাৰ হৈ যায়। এই সময়ত সৃষ্টিত হাহাকাৰ কিয়? কিয়নো সকলো পাপ আত্মা। বিকাৰৰ কাৰণেই অসুৰবুলি কোৱা হয়। এতিয়া পিতাৰ দ্বাৰা বুজি পাইছা আমিতো একেবাৰে কড়ি তুল্য ৱৰ্থ নট এ পেনি (একেবাৰে মূল্যহীন) আছিলো। যি কামৰ বস্তু নহয় তাক জুইত জ্বলাই দিয়া হয়। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে সৃষ্টিত কোনো কামৰ বস্তু নাই। সকলো মনুষ্য মাত্ৰই জুইত জাহ যাব। এই দুচকুৰে যি দেখিবলৈ পোৱা যায় সেই সকলোতে জুই লাগিব। আত্মাততো জুই নালাগে। আত্মাৰ যেন ইনশ্যৰ (বীমা) হৈয়ে আছে। আত্মাৰ কেতিয়াবা ইনশ্যৰ কৰে জানো? ইনশ্যৰতো শৰীৰৰ কৰে। সন্তানসকলক বুজোৱা হৈছে, এয়া হৈছে খেল। আত্মাতো ওপৰত 5 তত্বৰো ওপৰত থাকে। 5 তত্বৰ দ্বাৰাই সৃষ্টিৰ সকলো সামগ্ৰী গঠন হয়। আত্মাতো গঠন নহয়, আত্মাতো সদায় আছেই। মাত্ৰ পূণ্য আত্মা, পাপ আত্মা হয়। 5 বিকাৰৰ বাবে আত্মা কিমান লেতেৰা হৈ যায়। এতিয়া পিতা আহিছে পাপৰ পৰা মুক্ত কৰিবলৈ। বিকাৰৰ বাবে কেৰেক্টাৰ নষ্ট হয়। কেৰেক্টাৰ কাক কোৱা হয় - তাকো কোনেও নাজানে। গোৱাও হয় পাণ্ডৱ ৰাজ্য, কৌৰৱ ৰাজ্য। এতিয়া পাণ্ডৱ কোন, তাকো কোনেও নাজানে। এতিয়া তোমালোকে বুজি পোৱা আমি ঈশ্বৰীয় গভাৰ্নমেণ্টৰ। পিতা আহিছে ৰাম ৰাজ্য স্থাপন কৰিবলৈ। এই সময়ত ঈশ্বৰীয় গভাৰ্নমেণ্টে কি কৰে? আত্মাসকলক পাৱন কৰি দেৱতা কৰি গঢ়ি তোলে। নহলে আকৌ দেৱতাসকল কৰ পৰা আহিল - এয়া কোনেও নাজানে সেইবাবে ইয়াক গুপ্ত গভাৰ্নমেণ্ট বুলি কোৱা হয়। হওঁতেতো এওঁলোকো মনুষ্য কিন্তু দেৱতা কেনেকৈ হল, কোনে দেৱতা কৰি গঢ়ি তুলিলে? দেৱী-দেৱতাতো থাকেই স্বৰ্গত। তেন্তে তেওঁলোকক কোনে স্বৰ্গবাসী কৰি তুলিলে। স্বৰ্গবাসীৰ পৰা পুনৰ নৰকবাসী হয়। আকৌ নৰকবাসীৰ পৰা স্বৰ্গবাসী হয়। এইটো তোমালোকেও নাজানিছিলা। তেনেস্থলত অন্য লোকে কেনেকৈ জানিব। স্বৰ্গ সত্যযুগক, নৰক কলিযুগক কোৱা হয়। এয়াও তোমালোকে এতিয়া বুজি পাইছা। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত। এই পঢ়া হৈছেই পতিতৰ পৰা পাৱন হোৱাৰ। আত্মাই পতিত হয়। পতিতৰ পৰা পাৱন কৰি তোলা - এইটো ধান্দা পিতাই তোমালোকক শিকাইছে। পাৱন হলে পাৱন সৃষ্টিলৈ যাবা। আত্মা পাৱন হলে তেতিয়া স্বৰ্গৰ লায়ক হব। এই জ্ঞান তোমালোকে এই সংগমতেই পোৱা। পবিত্ৰ হোৱাৰ অস্ত্ৰ পোৱা। পতিত-পাৱন এজন পিতাকেই কোৱা হয়। এনেকৈ কয় আমাক পাৱন কৰি তোলা। এই লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক আছিল। পুনৰ 84 জন্ম লৈ পতিত হৈ গল। শ্যাম আৰু সুন্দৰ, এওঁৰ নামো এনেকৈ ৰাখিছে কিন্তু মনুষ্যই জানো অৰ্থ বুজি পায়। কৃষ্ণৰো ক্লিয়াৰ (স্পষ্ট) বুজনি পোৱা যায়। ইয়াত দুখন সৃষ্টি কৰি দিছে। বাস্তৱত সৃষ্টিতো এখনেই। সেইখনেই নতুন আৰু পুৰণি হয়। প্ৰথমে সৰু শিশু তাৰ পাছত ডাঙৰ হৈ বুঢ়া হয়। সৃষ্টিও নতুনৰ পৰা পুৰণি হয়। তোমালোকে বুজাবলৈ কিমান মগজ খটুৱাই থাকা। নিজৰ ৰাজধানী স্থাপনা কৰি আছা নহয় জানো। এৱোঁ বুজি পালে। বুজি লৈ কিমান মিঠা হৈ গল। কোনে বুজালে? ভগৱানে। যুদ্ধ আদিৰতো কথাই নাই। ভগৱানে কিমান বুদ্ধিমান, জ্ঞানেৰে ভৰপূৰ কৰি তোলে। শিৱৰ মন্দিৰত গৈ নমন কৰে কিন্তু তেওঁ কি, কোন হয়, সেয়া কোনেও নাজানে। শিৱ কাশী বিশ্বনাথ গংগা. বচ মাত্ৰ কৈ থাকে, অৰ্থ অলপো বুজি নাপায়। বুজালে কব তোমালোকে আমাক কি বুজাবা, আমিতো বেদ-শাস্ত্ৰ আদি সকলো পঢ়িছো। তোমালোক সন্তানসকলৰ মাজত ক্ৰমানুসৰিহে ধাৰণা কৰে। কোনোৱেতো পাহৰি যায় কিয়নো একেবাৰে পাথৰ বুদ্ধিৰ হৈ গল। গতিকে এতিয়া যিসকল পাৰস বুদ্ধিৰ হৈছে তেওঁলোকৰ কাম হৈছে আনকো পাৰস বুদ্ধিৰ কৰি তোলা। পাথৰ বুদ্ধিৰ এক্টিভিটিয়েই (কৰ্মকাণ্ডই) এনেকুৱা কিয়নো হংস আৰু বগলী নহয় জানো। হংসই কেতিয়াও কাকো দুখ নিদিয়ে। বগলীয়ে দুখ দিয়ে। তেওঁলোকক অসুৰ বুলি কোৱা হয়। পৰিচয়েই নাথাকে। বহুত চেণ্টাৰলৈ এনেকুৱা বিকাৰী অনেক আহি যায়। এনেয়ে কয় যে আমি পবিত্ৰতাত থাকো কিন্তু মিছা। কোৱাও হয় মিছা জগত..। এতিয়া হৈছে সংগম। কিমান পাৰ্থক্য আছে। যিয়ে মিছা কয়, মিছা কাম কৰে, সেইসকলেই থাৰ্ড গ্ৰেডৰ (তৃতীয় শ্ৰেণীৰ) হয়। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড গ্ৰেড নাথাকে জানো। পিতাই কব পাৰে - এওঁ থাৰ্ড গ্ৰেডৰ।

পিতাই বুজায় - পবিত্ৰতাৰ পুৰা প্ৰমাণ দিব লাগে। কোনোৱে কয় আপোনালোক দুয়ো একেলগে থাকিও পবিত্ৰ হৈ থাকে - এইটোতো অসম্ভৱ। কিন্তু সন্তানসকলৰ যোগবল নোহোৱাৰ কাৰণে ইমান সহজ কথাটিও পুৰা ৰীতিৰে বুজাব নোৱাৰে। তেওঁলোকক এইটো কথা কোনেও নুবুজায় যে ইয়াত আমাক ভগৱানে পঢ়ায়। তেওঁ কয় - পবিত্ৰ হলে তোমালোক 21 জন্ম স্বৰ্গৰ মালিক হবাগৈ। জবৰ্দস্ত লটাৰি পোৱা যায়। আমি আৰুহে আনন্দিত হওঁ। কোনো সন্তানে গন্ধৰ্ব বিবাহ কৰি পবিত্ৰতাত থাকি দেখুৱায়। দেৱী-দেৱতাসকল পবিত্ৰ নহয় জানো। অপবিত্ৰতাৰ পৰা পবিত্ৰতো এজন পিতাইহে কৰি তুলিব। এইটোৱো বুজোৱা হৈছে জ্ঞান, ভক্তি আৰু বৈৰাগ্য। জ্ঞান আৰু ভক্তি আধা-আধা আকৌ ভক্তিৰ পাছত বৈৰাগ্য। এতিয়া এই পতিত সৃষ্টিত থাকিব নালাগে, এই কাপোৰ (শৰীৰ) সোলোকাই ঘৰলৈ যাব লাগিব। 84ৰ চক্ৰ এতিয়া পূৰ্ণ হল। এতিয়া আমি শান্তিধামলৈ যাওঁ। প্ৰথম কথা অল্‌ফক পাহৰিব নালাগে। এইটোও সন্তানসকলে বুজি পায় যে এই পুৰণি সৃষ্টি নিশ্চয় শেষ হৈ যাব। পিতাই নতুন সৃষ্টি স্থাপনা কৰে। পিতাই অনেকবাৰ নতুন সৃষ্টি স্থাপন কৰিবলৈ আহিছে তাৰ পাছত নৰকৰ বিনাশ হৈ যায়। নৰক কিমান ডাঙৰ, স্বৰ্গ কিমান সৰু। নতুন সৃষ্টিত এটাই ধৰ্ম থাকে । ইয়াততো কিমান অনেক ধৰ্ম আছে। লিখাও আছে শংকৰৰ দ্বাৰা বিনাশ। অনেক ধৰ্মৰ বিনাশ হয় আকৌ ব্ৰহ্মাৰ দ্বাৰা এক ধৰ্মৰ প্ৰতিষ্ঠা হয়। এইটো ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে? ব্ৰহ্মাইতো কৰা নাই! ব্ৰহ্মাই পতিতৰ পৰা পাৱন হয়। মোৰ ক্ষেত্ৰততো পতিতৰ পৰা পাৱন বুলি নকব। যেতিয়া পাৱন হয় তেতিয়া নাম লক্ষ্মী-নাৰায়ণ হয়, পতিত হৈ গলে নাম ব্ৰহ্মা হয়। ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাতি। তেওঁক (শিৱবাবাক) অনাদি ক্ৰিয়েটৰ (সৃষ্টিকৰ্তা) বুলি কোৱা হয়। আত্মাসকলতো আছেই। আত্মাসকলৰ ক্ৰিয়েটৰ বুলি কোৱা নহব সেইবাবে অনাদি বুলি কোৱা হয়। পিতা অনাদি গতিকে আত্মাসকলো অনাদি। খেলো অনাদি। এইখন অনাদি ৰচি থোৱা ড্ৰামা। আত্মাই নিজে সৃষ্টি চক্ৰৰ আদি, মধ্য, অন্তৰ ড্যুৰেশ্বন (সময় সীমা)ৰ জ্ঞান পায়। এয়া কোনে দিলে? পিতাই। তোমালোকে 21 জন্মৰ কাৰণে গৰাকী পাই যোৱা আকৌ ৰাৱণৰ ৰাজ্যত মাউৰা হৈ যোৱা। তাৰ পাছত কেৰেক্টাৰ নষ্ট হবলৈ ধৰে। বিকাৰ আছে নহয় জানো। মনুষ্যই ভাবে নৰক-স্বৰ্গ সকলো একেলগে চলে। এতিয়া তোমালোক সন্তানসকলক কিমান ক্লিয়াৰ (স্পষ্টকৈ) বুজোৱা হয়। এতিয়া তোমালোক গুপ্ত, শাস্ত্ৰত কি-কি লিখি দিলে। সূতাত একেবাৰে জঁট লাগি গল। পিতাকেই মাতে আমি কোনো কামৰ হৈ থকা নাই। আহি পাৱন কৰি তুলি আমাৰ কেৰেক্টাৰ শুধৰোৱা। তোমালোকৰ কেৰেক্টাৰ কিমান শুধৰণি হয়। কিছুমানতো শুধৰণী হোৱাৰ পৰিৱৰ্তে আৰুহে বেয়া হৈ যায়। চলনৰ পৰাই গম পোৱা যায়। আজি হংস বুলি কয়, কাইলৈ বগলী হৈ যায়। বেছি সময় নালাগে। মায়াও বহুত গুপ্ত। ইয়াত জানো কিবা দেখিবলৈ পোৱা যায়। বাহিৰলৈ ওলালে দেখিবলৈ পোৱা যায় তাৰ পাছত আশ্চৰ্যজনকভাৱে শুনেও, আনকো শুনায় তাৰ পাছত বাবাৰ হাত এৰি গুছি যায়। ইমানেই জোৰেৰে পৰে যে হাড়-মূৰ ভাগি যায়। ইন্দ্ৰপ্ৰস্থৰ কথা। গমতো পোৱাই যায়। এনেকুৱা সকল সভালৈ আহিব নালাগে। অলপ-চলপ যদি জ্ঞান শুনিছে তেন্তে স্বৰ্গলৈ আহিয়েই যাব। জ্ঞানৰ বিনাশ নহয়। এতিয়া পিতাই কয় - পুৰুষাৰ্থ কৰি উচ্চ পদ লোৱা। যদি বিকাৰত যোৱা তেন্তে পদ ভ্ৰষ্ট হৈ যাব। এতিয়া তোমালোকে বুজি পোৱা যে এই চক্ৰ কেনেকৈ ঘূৰি থাকে।

এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধি কিমান পৰিৱৰ্তন হয় তথাপিও মায়াই নিশ্চয় প্ৰবঞ্চনা কৰে। ইচ্ছা মাত্ৰম্ অবিদ্যা (ইছাৰ বিষয়ে অজ্ঞ হৈ যোৱা)। কোনো ইচ্ছা ৰাখিলে সকলো হেৰুৱাবলগীয়া হয়। ৱৰ্থ নট এ পেনি (একেবাৰে মূল্যহীন) হৈ যায়। ভাল-ভাল মহাৰথীসকলকো মায়াই নিশ্চয় প্ৰবঞ্চনা কৰে তেতিয়া তেওঁলোক অন্তৰত অধিষ্ঠিত হব নোৱাৰে। কিছুমানতো এনেকুৱাও সন্তান আছে যিয়ে পিতাকো শেষ কৰি দিয়াত দেৰি নকৰে। পৰিয়ালকো শেষ কৰি দিয়ে। সেয়া হৈছে মহান পাপ আত্মা। ৰাৱণে কি-কি কৰাই দিয়ে। বহুত ঘৃণা ওপজে। এইখন কিমান ডাৰ্টী (লেতেৰা) জগত, ইয়াৰ প্ৰতি কেতিয়াও অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। পবিত্ৰ হবলৈ বহুত সাহস লাগে। বিশ্বৰ বাদশ্বাহীৰ প্ৰাইজ (পুৰস্কাৰ) লবলৈ পবিত্ৰতা হৈছে মুখ্য। পবিত্ৰতাৰ ওপৰত কিমান হুলস্থুল হয়। গান্ধীয়েও কৈছিল - হে পতিত পাৱন আহা। এতিয়া পিতাই কয় - হিস্ত্ৰী-জিওগ্ৰাফী (বুৰঞ্জী-ভূগোল) আকৌ ৰিপিট (পুনৰাবৃত্তি) হব। সকলোৱে উভতি আহিবই লাগিব, তেতিয়াহে একেলগে উভতি যাব পাৰিব। পিতাও জানো সকলোকে ঘৰলৈ লৈ যাবলৈ অহা নাই। পিতা নহালৈকে কোনেও উভতি যাব নোৱাৰে। অচ্ছা!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মায়াৰ প্ৰবঞ্চনাৰ পৰা ৰক্ষা পাবৰ কাৰণে কোনো প্ৰকাৰৰ ইচ্ছা ৰাখিব নালাগে। ইচ্ছা মাত্ৰম্ অবিদ্যা (ইচ্ছাৰ বিষয়ে অজ্ঞ) হব লাগে।

(2) বিশ্বৰ বাদশ্বাহীৰ (সাম্ৰাজ্যৰ) প্ৰাইজ (পুৰস্কাৰ) লবলৈ মুখ্য হৈছে পবিত্ৰতা, সেইবাবে পবিত্ৰ হোৱাৰ সাহস ৰাখিব লাগে। নিজৰ কেৰেক্টাৰ শুধৰাব লাগে।

বৰদান:
দয়াৰ ভাৱনাৰ দ্বাৰা নিমিত্ত ভাৱেৰে সেৱা কৰোঁতা সকলো আসক্তিৰ পৰা মুক্ত হোৱা

বৰ্তমান সময়ত যিহেতু সকলো আত্মা ভাগৰি নিৰাশ হৈ দয়া ভিক্ষা কৰে গতিকে তোমালোক দাতাৰ সন্তান নিজৰ ভাই-ভনীসকলৰ প্ৰতি দয়াশীল হোৱা। কোনোবা যিমানেই বেয়া নহওক, তেওঁৰ প্ৰতিও দয়াৰ ভাৱনা থাকিলে তেতিয়া কেতিয়াও ঘৃণা, ঈৰ্শা বা ক্ৰোধৰ ভাৱনা উদয় নহব। দয়াৰ ভাৱনাই সহজে নিমিত্ত ভাৱ ইমাৰ্জ (জাগ্ৰত) কৰি দিয়ে, আসক্তিৰ প্ৰতি দয়াশীল নহয় কিন্তু প্ৰকৃত দয়াৰ ভাৱনাই আসক্তিৰ পৰা মুক্ত কৰি দিয়ে কিয়নো তাত দেহ ভাৱ নাথাকে।
 

স্লোগান:
আনক সহযোগ দিয়া মানেই নিজৰ খাতা (হিচাপ) জমা কৰা।