05.12.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল নিজৰ লক্ষ্য আৰু লক্ষ্য দিওঁতা পিতাক স্মৰণ কৰা তেতিয়া দৈৱীগুণ আহি যাব, কাৰোবাক দুখ দিয়া, গ্লানি কৰা - এই সকলোবোৰ হৈছে আসুৰী লক্ষণ

প্ৰশ্ন:
পিতাৰ তোমালোক সন্তানসকলৰ প্ৰতি সীমাহীন মৰম আছে, তাৰ লক্ষণ কি?

উত্তৰ:
পিতাৰ যি ভাল-ভাল শিক্ষা পোৱা, এই শিক্ষা দিয়াটোৱেই তেওঁৰ সীমাহীন ভালপোৱাৰ লক্ষণ। পিতাৰ প্ৰথম শিক্ষা হল- (1) মৰমৰ সন্তানসকল, শ্ৰীমতৰ বাহিৰে কোনো উল্টা-পুল্টা কাম নকৰিবা। (2) তোমালোক বিদ্যাৰ্থী হোৱা, তোমালোকে কেতিয়াও নিজৰ হাতত আইন তুলি লব নালাগে, তোমালোকে নিজৰ মুখেৰে সদায় জ্ঞানৰত্ন উচ্চাৰণ কৰিবা, পাথৰ নহয়।

ওঁম্শান্তি।
পিতাই বহি সন্তানসকলক বুজায়। এতিয়া এওঁলোকক (লক্ষ্মী-নাৰায়ণক) তো ভালধৰণে দেখিছা। এয়া হল লক্ষ্য-উদ্দেশ্য- অৰ্থাৎ তোমালোক এই বংশৰে আছিলা। কিমান ৰাতি-দিনৰ পাৰ্থক্য সেইকাৰণে ঘনে-ঘনে এওঁলোকক চাব লাগে। আমি এনেকুৱা হব লাগে। এওঁলোকৰ মহিমাতো ভালদৰে জানা। এয়া জেপত লৈ ফুৰিলেহে আনন্দিত হৈ থাকিবা। অন্তৰত যি সংশয় হৈ থাকে, সেয়া থাকিব নালাগে, ইয়াক দেহ-অভিমান বুলি কোৱা হয়। দেহী-অভিমানী হৈ এই লক্ষ্মী-নাৰায়ণক চালে তেতিয়া বুজিবা আমি এনেকুৱা হৈ আছোঁ, তেন্তে নিশ্চয় এওঁলোকক চাব লাগিব। পিতাই বুজাইছে তোমালোক এনেকুৱা হব লাগিব। মধ্যাজী ভৱ, এওঁলোকক চোৱা, স্মৰণ কৰা। দৃষ্টান্ত শুনায় নহয় কাৰোবাক কোৱা হল যে তুমি নিজকে মহ বুলি ভাবা তেতিয়া তেওঁ নিজকে মহ বুলিয়েই বিশ্বাস কৰিবলৈ ধৰিলে। তোমালোকে জানা এয়া হৈছে আমাৰ লক্ষ্য-উদ্দেশ্য - এনেকুৱা হব লাগিব। কেনেকৈ হবা? পিতাৰ স্মৃতিৰে। প্ৰত্যেকেই নিজকে সোধা - আমি যথাৰ্থভাৱে এওঁলোকক চাই পিতাক স্মৰণ কৰি আছোনে? এয়াতো বুজা যে বাবাই আমাক দেৱতা কৰি গঢ়ি তোলে। যিমান দূৰ সম্ভৱ স্মৰণ কৰিব লাগে। পিতাইতো কয় যে নিৰন্তৰ স্মৃতিত থাকিব নোৱাৰা। কিন্তু পুৰুষাৰ্থ কৰিব লাগে। গৃহস্থ ব্যৱহাৰত কাম কৰিও এওঁলোকক (লক্ষ্মী-নাৰায়ণক) স্মৰণ কৰিলে তেতিয়া নিশ্চয় পিতা স্মৃতিলৈ আহিব। পিতাক স্মৰণ কৰিলেও এওঁলোক নিশ্চয় স্মৃতিলৈ আহিব। আমি এনেকুৱা হব লাগিব। গোটেই দিন এইটোৱে চিন্তন চলি থাকিব লাগে। তেতিয়া আকৌ ইজনে-সিজনৰ গ্লানি কেতিয়াও নকৰিব। এওঁ এনেকুৱা, অমুক এনেকুৱা যিয়ে এনেকুৱা কথাত লাগি থাকে তেওঁলোকে উচ্চ পদ পাব নোৱাৰে। এনেকৈয়ে থাকি যায়। কিমান সহজ কৰি বুজোৱা হয়। এওঁলোকক স্মৰণ কৰা, পিতাক স্মৰণ কৰা তেতিয়া এওঁলোকৰ নিচিনা হৈয়ে যাবা। ইয়াততো তোমালোক সন্মুখত বহি আছা, সকলোৰে ঘৰত এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ নিশ্চয় থাকিব লাগে। কিমান নিখুঁত চিত্ৰ। এওঁলোকক স্মৰণ কৰিলে পিতা স্মৃতিত আহিব। গোটেই দিন অন্য কথাৰ সলনি এয়াই শুনাই থাকা। অমুক এনেকুৱা, তেনেকুৱা কাৰোবাৰ নিন্দা কৰা - ইয়াক সংশয় বুলি কোৱা হয়। তোমালোকে নিজৰ বুদ্ধি দৈৱী কৰি তুলিব লাগে। কাৰোবাক দুখ দিয়া, গ্লানি কৰা, চঞ্চলতা কৰা - এনেকুৱা স্বভাৱ হব নালাগে। এনেকুৱা স্বভাৱততো আধাকল্প থাকিলা। এতিয়া তোমালোক সন্তানসকলে কিমান ভাল শিক্ষা পোৱা, ইয়াতকৈ উচ্চ মৰম দ্বিতীয় একো হব নোৱাৰে। শ্ৰীমতৰ বাহিৰে কোনো উল্টা-পুল্টা কাম কৰিব নালাগে। পিতাই ধ্যানৰ ওপৰতো নিৰ্দেশনা দিয়ে মাত্ৰ ভোগ লগাই আহা। বাবাই এনেকৈতো নকয় যে বৈকুণ্ঠলৈ যোৱা, ৰাস-বিলাস আদি কৰা। বেলেগ ঠাইত গলে তেতিয়া বুজিবা মায়াৰ প্ৰৱেশতা হল। মায়াৰ প্ৰথম কৰ্তব্য হল পতিত কৰি তোলা। অনিয়মত চলিলে বহুত লোকচান হয়। হয়তো আকৌ বহুত কাঢ়া শাস্তিও খাবলগীয়া হব, যদিহে নিজক চম্ভাল নকৰে। পিতাৰ লগে-লগে ধৰ্মৰাজো আছে। তেওঁৰ ওচৰত বেহদৰ হিচাপ-নিকাচ থাকে। ৰাৱণৰ ৰাজ্যত কিমান বছৰ শাস্তি খালা। এই সংসাৰত কিমান অপাৰ দুখ আছে। এতিয়া পিতাই কয় - বাকী সকলো কথা পাহৰি এজন পিতাক স্মৰণ কৰা আৰু সকলো সংশয় অন্তৰৰ পৰা আঁতৰাই দিয়া। বিকাৰলৈ কোনে লৈ যায়? মায়াৰ ভূতে। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই হৈছে এয়া। ৰাজযোগ নহয় জানো। পিতাক স্মৰণ কৰিলে এই উত্তৰাধিকাৰ পাবা। তেতিয়া হলে এইটো ধান্দাত লাগি যাব লাগে। সকলো আৱৰ্জনা অন্তৰৰ পৰা উলিয়াই দিব লাগে। মায়াৰ প্ৰভাৱো বহুত বেছি। কিন্তু মায়াক ওফৰাই দিব লাগে। যিমান দূৰ সম্ভৱ স্মৃতিৰ যাত্ৰাত থাকিব লাগে। এতিয়াতো নিৰন্তৰ স্মৃতিত থাকিব নোৱাৰা। অৱশেষত নিৰন্তৰ অৱস্থালৈকেও আহিবা তেতিয়াহে উচ্চ পদ পাবা। যদি অন্তৰত সংশয়, অশুদ্ধ ভাৱনা থাকে তেতিয়া উচ্চ পদ পাব নোৱাৰিবা। মায়াৰ বশীভূত হৈয়ে পৰাজিত হৈ যায়।

পিতাই বুজায় সন্তানসকল, লেতেৰা কামৰ ওচৰত হাৰি নাযাবা। নিন্দা আদি কৰিতো তোমালোকৰ বহুত বেয়া অৱস্থা হৈ গল। এতিয়া সৎগতি হয় সেইকাৰণে বেয়া কাম নকৰিবা। বাবাই দেখিবলৈ পায় মায়াই ডিঙিলৈকে গিলি পেলাইছে। গমেই নাপায়। নিজে ভাবে মই বহুত ভালকৈ চলি আছো, পিছে নহয়। পিতাই বুজায় - মন, বচন, কৰ্মত মুখেৰে ৰত্নহে উচ্চাৰিত হব লাগে। লেতেৰা (অদৰকাৰী) বাৰ্তালাপ কৰাতো পাথৰৰ নিচিনা। এতিয়া তোমালোক পাথৰৰ পৰা পাৰস হৈছা সেইকাৰণে মুখেৰে কেতিয়াও পাথৰ (অদৰকাৰী শব্দ) উচ্চাৰিত হব নালাগে। বাবাইতো বুজাবলগীয়া হয়। সন্তানক বুজোৱাতো পিতাৰ অধিকাৰ। এনেকুৱাতো নহয় যে ভায়ে ভায়েককসাৱধান কৰি দিব। শিক্ষকৰ কাম হল শিক্ষা দিয়া। তেওঁ যি কোনো কথা কব পাৰে। বিদ্যাৰ্থীয়ে আইন হাতত তুলি লব নালাগে। তোমালোক বিদ্যাৰ্থী নহয় জানো। পিতাই বুজাব পাৰে, বাকী সন্তানসকললৈ পিতাৰ নিৰ্দেশনা হল - এজন পিতাক স্মৰণ কৰা। তোমালোকৰ ভাগ্য এতিয়া মুকলি হৈছে। শ্ৰীমতত নচলিলে তোমালোকৰ ভাগ্য নষ্ট হৈ যাব তেতিয়া বহুত অনুতাপ কৰিব লাগিব। পিতাৰ শ্ৰীমতত নচলিলে এফালে শাস্তি খাব লাগিব আনফালে পদো ভ্ৰষ্ট হৈ যাব। এয়া হৈছে জন্ম-জন্মান্তৰ, কল্প-কল্পান্তৰৰ বাজী। পিতা আহি পঢ়াইছে গতিকে বুদ্ধিত থাকিব লাগে - বাবা আমাৰ শিক্ষক হয়, যাৰ দ্বাৰা এই নতুন জ্ঞান পাইছো যে নিজক আত্মা বুলি ভাবা। আত্মা আৰু পৰমাত্মাৰ মেলা বুলি কোৱা নহয় জানো। 5 হেজাৰ বছৰৰ পাছত পাম, এতিয়াই যিমান সম্পত্তি লব বিচৰা লব পাৰা। নহলে বহুত অনুতাপ কৰিবা, কান্দিবা। সকলো সাক্ষাৎকাৰ হৈ যাব। স্কুলত ছাত্ৰ-ছাত্ৰী উৰ্ত্তীণ হলে পিছত বহাসকলক সকলোৱে চায়। ইয়াতো উৰ্ত্তীণ হয়। তোমালোকে জানা ইয়াত শৰীৰ এৰি আকৌ গৈ সত্যযুগত ৰাজকুমাৰৰ কলেজত ভাষা শিকিমগৈ। তাত মাতৃভাষাতো সকলোৱে পঢ়িবলগীয়া হয়। বহুতৰে পুৰা জ্ঞান নাই আকৌ নিয়মীয়াকৈ নপঢ়েও। এবাৰ দুবাৰ খতি কৰিলে খতি কৰাৰ অভ্যাসেই হৈ যায়। মায়াৰ গ্ৰাহকসকলৰ সংগ লাগি যায়। শিৱবাবাৰ গ্ৰাহক কম। বাকী সকলো মায়াৰ গ্ৰাহক। তোমালোক শিৱবাবাৰ গ্ৰাহক হোৱা তেতিয়া মায়াই সহ্য কৰিব নোৱাৰে, সেইকাৰণে বহুত সাৱধান হব লাগে। লেতেৰা ছিঃ ছিঃ মনুষ্যৰ পৰা বহুত সাৱধান হৈ থাকিব লাগে। হংস আৰু বগলী নহয় জানো। বাবাই ৰাতিও শিক্ষা দিছে, গোটেই দিন কাৰোবাক নহয় কাৰোবাক নিন্দা কৰা, পৰচিন্তন কৰা, এই বিলাকক কোনো দৈৱীগুণ বুলি কোৱা নহয়। দেৱতাসকলে এনেকুৱা কাম নকৰে। পিতাই কয় - পিতা আৰু সম্পত্তিক স্মৰণ কৰা তথাপিও নিন্দা কৰি থাকে। নিন্দাতো জন্ম-জন্মান্তৰ কৰি আহিছা। অন্তৰত সংশয় থাকেই। এয়াও অন্তৰত যুদ্ধ চলি থাকে। কোনো কাৰণ নোহোৱাকৈয়ে নিজেই নিজক মাৰি পেলায়। বহুতৰে লোকচান কৰে। অমুক এনেকুৱা, ইয়াত তোমালোকৰ কি আহে বা যায়। সকলোৰে সহায়ক এজন পিতাই হয়। এতিয়াতো শ্ৰীমতত চলিব লাগে। মনুষ্য মতেতো বহুত লেতেৰা কৰি দিয়ে। ইজনে-সিজনৰ গ্লানি কৰি থাকে। গ্লানি কৰা এইটো হল মায়াৰ ভূত। এইখন হৈছেই পতিত সৃষ্টি। তোমালোকে জানা যে আমি এতিয়া পতিতৰ পৰা পাৱন হৈ আছো। গতিকে এইবোৰ বৰ বেয়া কথা। বুজোৱা হয় - আজিৰ পৰা নিজৰ কানত ধৰিব লাগে- কেতিয়াও এনে কৰ্ম নকৰো। যদি কিবা দেখা পোৱা তেতিয়া পিতাক জনাব লাগে। তোমালোকৰ কি যায়! তোমালোকে এজনে আনজনৰ গ্লানি কিয় কৰা! পিতাই সকলো কথাই শুনিবলৈ পায়। পিতাই কান আৰু চকু ঋণত লৈছে নহয় জানো। পিতাই দেখে আৰু এই দাদাইও দেখে। কিছুমানৰ চলন, বাতাৱৰণতো একেবাৰে অনিয়মত চলে। যাৰ পিতা নাথাকে তেওঁলোকক মাউৰা বুলি কোৱা হয়। তেওঁলোকে নিজৰ পিতাকো নাজানে, স্মৰণো নকৰে। শুধৰণি হোৱাৰ সলনি আৰুহে বেয়া হৈ যায়, সেইকাৰণে নিজৰেই পদবী হেৰুৱাই পেলায়। শ্ৰীমতত নচলে মানে মাউৰা। মাতা-পিতাৰ শ্ৰীমতত নচলে। তমেব মাতাশ্চ পিতা... (আপুনিয়েই মাতা-পিতা)... তেওঁ বন্ধু আদিও হয়।

কিন্তু গ্ৰেট-গ্ৰেট গ্ৰেণ্ড ফাদাৰেই যদি নাই তেন্তে মাদাৰ আকৌ কৰ পৰা হব, ইমানখিনিও বুদ্ধি নাই। মায়াই বুদ্ধি একেবাৰে ঘূৰাই দিয়ে। বেহদৰ পিতাৰ আজ্ঞা নামানিলে তেতিয়া দণ্ড পাবলগীয়া হয়। অলপো সৎগতি নহয়। পিতাই দেখিলে নকব জানো যে এওঁৰ কি দুৰ্গতি হব। এওঁতো বনৰীয়া ফুল, অক ফুল হয়। যাক কোনেও পচণ্ড নকৰে। তেতিয়াহলে শুধৰণি হব নালাগে জানো। নহলে পদ ভ্ৰষ্ট হৈ যাব। জন্ম-জন্মান্তৰৰ কাৰণে লোকচান হৈ যাব। কিন্তু দেহ-অভিমানীৰ বুদ্ধিত নবহেই। আত্মা-অভিমানীয়েহে পিতাৰ সৈতে প্ৰেম কৰিব পাৰে। বলিহাৰ হোৱাতো কোনো মাহীৰ ঘৰলৈ যোৱাৰ নিচিনা (সাধাৰণ কথা) নহয়। ডাঙৰ-ডাঙৰ লোকসকলতো বলিহাৰ হব নোৱাৰে। তেওঁলোকে বলিহাৰ হোৱাৰ অৰ্থও বুজি নাপায়। হৃদয় বিদীৰ্ণ হৈ যায়। বহুত বন্ধনমুক্তও আছে। সন্তান আদি একো নাই। তেওঁলোকে কয় - বাবা আপুনিয়েই আমাৰ সকলো। এনেকৈ মুখেৰে কয় কিন্তু সঁচা নহয়। পিতাকো মিছাকৈ কৈ দিয়ে। বলিহাৰ হৈ গলে তেতিয়া নিজৰ মমত্ব আঁতৰাই দিব লাগে। এতিয়াতো অন্তিমৰ সময় সেয়েহে শ্ৰীমতত চলিব লাগে। সা-সম্পত্তিৰ পৰাও মমত্ব আঁতৰি যোৱা উচিত। এনেকুৱা বন্ধনমুক্ত বহুত আছে। শিৱবাবাক নিজৰ কৰি লৈছে, এডাপ্ত নকৰে জানো। এওঁ মোৰ পিতা, শিক্ষক, সৎগুৰু হয়। মই তেওঁক নিজৰ কৰি লৈছো, তেওঁৰ পুৰা সা-সম্পত্তি লবলৈ। যিসকল সন্তান হৈ গল তেওঁলোক দৈৱী বংশত নিশ্চয় আহে। কিন্তু তাত কিমান ভিন্ন-ভিন্ন পদমৰ্যাদা আছে। কিমান দাস-দাসী আছে। এজনে আনজনৰ ওপৰত হুকুম চলায়। দাসীসকলৰ মাজতো ক্ৰমানুসৰি হয়। অভিজাত ঘৰত বাহিৰৰ দাস-দাসীতো নাহিব। যিসকল পিতাৰ হৈছে, তেওঁলোকেই হব লাগিব। এনেকুৱা সন্তানো আছে যাৰ অকণমানো বুদ্ধি নাই।

বাবাই এনেকৈতো নকয় যে মম্মাক স্মৰণ কৰা বা মোৰ ৰথক স্মৰণ কৰা। পিতাই কয় মামেকম্‌ (একমাত্ৰ মোকেই) স্মৰণ কৰা। দেহৰ সকলো বন্ধন এৰি নিজক আত্মা বুলি ভাবা। পিতাই বুজায় যে প্ৰীত (মৰম) ৰাখিব লাগে যদি এজনৰ সৈতে ৰাখা তেতিয়া নাও পাৰ হৈ যাব। পিতাৰ নিৰ্দেশনা মতে চলা। মোহজিৎ (নিৰ্মোহী) ৰজাৰ কথাও আছে নহয়! প্ৰথমতে হল সন্তান, সন্তানতো সম্পত্তিৰ মালিক হব। স্ত্ৰীতো হল হাফ্‌ পাৰ্টনাৰ, সন্তানতো সম্পূৰ্ণ মালিক হৈ যায়। তেতিয়া বুদ্ধি সেইফালে যায়, পিতাক সম্পূৰ্ণ মালিক বনালে এই সকলোবিলাক তোমালোকক দি দিব। লেন-দেনৰ কথাই নাই। এয়াতো বুদ্ধিৰ কথা। যদিও তোমালোকে শুনা আকৌ দ্বিতীয় দিনা সকলো পাহৰি যোৱা। বুদ্ধিত থাকিলে আনকো বুজাব পাৰিবা। পিতাক স্মৰণ কৰিলে তোমালোক স্বৰ্গৰ মালিক হৈ যাবাগৈ। এয়াতো বহুত সহজ, মুখ চলাই থাকা। লক্ষ্য-উদ্দেশ্যৰ কথা কৈ থাকা। বিশাল বুদ্ধিৰ হলে তৎক্ষণাৎ বুজিব। অন্তত এই চিত্ৰ আদিহে কামত আহিব। ইয়াত গোটেই জ্ঞান সমাহিত হৈ আছে। লক্ষ্মী-নাৰায়ণ আৰু ৰাধা-কৃষ্ণৰ পৰস্পৰ কি সম্বন্ধ আছে? এইটো কোনেও নাজানে। লক্ষ্মী-নাৰায়ণতো নিশ্চয় প্ৰথমে ৰাজকুমাৰ-ৰাজকুমাৰী হব। ভিকহুৰ পৰা ৰাজকুমাৰ-ৰাজকুমাৰী নহয় জানো! ভিকহুৰ পৰা ৰজা বুলি নকয়। ৰাজকুমাৰৰ পাছতহে ৰজা হয়। এয়াতো বহুত সহজ, কিন্তু মায়াই কিছুমানক ধৰি লয়, কাৰোবাৰ নিন্দা কৰা, গ্লানি কৰা - এনেকুৱা অভ্যাস বহুতৰে আছে। আৰু যেন একো কামেই নাই। পিতাক কেতিয়াও স্মৰণ নকৰে। ইজনে সিজনক গ্লানি কৰা ধান্দাহে কৰি থাকে। এয়া হল মায়াৰ পাঠ। পিতাৰ পাঠতো একেবাৰে চিধা। শেষলৈ এই সন্ন্যাসী আদি জাগি উঠিব, কব যে জ্ঞান আছে যদি এই বি. কে.সকলৰে আছে। কুমাৰ-কুমাৰীসকলতো পবিত্ৰ হয়। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। আমাৰ কোনো অশুদ্ধ খেয়ালো আহিব নালাগে। বহুতৰ এতিয়াও অশুদ্ধ খেয়াল আহি থাকে, আকৌ ইয়াৰ শাস্তিও বহুত বেছি। পিতাই বুজায়তো বহুতেই। যদি তোমালোকৰ কোনোবাতো চাল-চলন বেয়া দেখিবলৈ পোৱা যায় তেন্তে ইয়াত থাকিব নোৱাৰিবা। কিছু শাস্তিও দিব লগা হয়, তুমি লায়ক নহয়। পিতাক ঠগিছা। তুমি পিতাক স্মৰণ কৰিব নোৱাৰিবা। অৱস্থা একেবাৰে বেয়া হৈ যায়। অৱস্থা বেয়া হোৱাটোৱে শাস্তি। শ্ৰীমতত নচলি নিজৰ পদ ভ্ৰষ্ট কৰি দিয়ে। পিতাৰ নিৰ্দেশনা অনুসৰি নচলিলে আৰুহে ভূতৰ প্ৰৱেশতা হয়। পিতাৰতো কেতিয়াবা কেতিয়াবা খেয়াল হয়, কিজানি বহুত কাঢ়া শাস্তি এতিয়াই আৰম্ভ হৈ যায়। শাস্তিও বহুত গুপ্ত হয়। বহুত যন্ত্ৰণা যাতে ভূগিবলগীয়া নহয়। বহুত অধঃপতিত হৈ যায়, শাস্তি খায়। পিতাইতো সকলো ইংগিতেৰে বুজাই থাকে। নিজৰ ভাগ্য ৰেখাকে খণ্ডিত কৰি দিয়ে সেইকাৰণে পিতাই সাৱধান কৰি থাকে, এতিয়া গাফিলতি কৰাৰ সময় নহয়, নিজক শুধৰোৱা। অন্তিম মুহূৰ্ত আহিবলৈ বেছি সময় নাই। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো ধৰণৰ নীতিবিৰুদ্ধ, শ্ৰীমতৰ বিৰুদ্ধ চলন হব নালাগে। নিজক নিজেই শুধৰাব লাগে। ছিঃ-ছিঃ লেতেৰা মনুষ্যৰ পৰা নিজকে চম্ভালিব লাগে।

(2) যদি বন্ধন মুক্ত হোৱা তেন্তে পুৰা বলিহাৰ হব লাগে। নিজৰ মমত্ব নাইকিয়া কৰিব লাগে। কেতিয়াও কাৰো নিন্দা বা পৰচিন্তন কৰিব নালাগে। বেয়া অশুদ্ধ খেয়ালৰ পৰা নিজক মুক্ত কৰি ৰাখিব লাগে।

বৰদান:
স্বৰাজ্য অধিকাৰৰ নিচা আৰু নিশ্চয়ৰে সদায় শক্তিশালী হৈ থাকোঁতা সহজযোগী, নিৰন্তৰ যোগী হোৱা

স্বৰাজ্য অধিকাৰী অৰ্থাৎ প্ৰত্যেক কৰ্মেন্দ্ৰিয়ৰ ওপৰত নিজৰ ৰাজ্য। কেতিয়াও সংকল্পতো কৰ্মেন্দ্ৰিয় বিলাকে যাতে প্ৰতাৰণা নকৰে। কেতিয়াবা অকণমানো দেহ-অভিমান আহিলে তেতিয়া উত্তেজনা বা ক্ৰোধ সহজে আহি যায়, কিন্তু যি স্বৰাজ্য অধিকাৰী তেওঁ সদায় নিৰহংকাৰি, সদায়েই নম্ৰ হৈ সেৱা কৰে, সেইকাৰণে মই স্বৰাজ্য অধিকাৰী আত্মা হওঁ - এইটো নিচা আৰু নিশ্চয়ৰে শক্তিশালী হৈ মায়াজিৎ তথা জগতজিৎ হোৱা তেতিয়া সহজযোগী, নিৰন্তৰ যোগী হৈ যাবা।
 

স্লোগান:
লাইট হাউচ (প্ৰকাশ কুঞ্জ) হৈ মন বুদ্ধিৰে লাইট বিলোৱাত ব্যস্ত হৈ থাকা তেতিয়া কোনো কথাতে ভয় নালাগিব।