06.02.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


" মৰমৰ সন্তানসকল এতিয়া অশৰীৰী হৈ ঘৰলৈ যাব লা গিব সেইবাবে যেতিয়া কাৰোবাৰ লগত কথা পাতা তেতিয়া আত্মা ভাই - ভাই বুলি ভাবি কথা পা তিবা , দেহী - অভিমানী হৈ থাকিবলৈ চেষ্টা কৰা

প্ৰশ্ন:
ভৱিষ্যতে ৰাজতিলক প্ৰাপ্ত কৰাৰ আধাৰ কি ?

উত্তৰ:
অধ্যয়ন। প্ৰত্যেকে অধ্যয়ন কৰি ৰাজতিলক লব লাগে। পিতাৰ দায়িত্ব হৈছে পঢ়োৱা, এই ক্ষেত্ৰত আশীৰ্বাদৰ কথা নাই। পুৰা নিশ্চয় যদি আছে তেনেহলে শ্ৰীমতত চলি থাকা। ভুল কৰিব নালাগে। যদি মতভেদত আহি পঢ়িবলৈ এৰি দিয়া তেন্তে ফেল হৈ যাবা, সেইবাবে বাবাই কয় মৰমৰ সন্তানসকল, নিজৰ ওপৰত কৃপা কৰা। আশীৰ্বাদ খুজিব নালাগে, পঢ়াৰ ওপৰত ধ্যান দিয়া।

ওঁম্ শান্তি।
সৰ্বোত্তম শিক্ষকে সন্তানসকলক পঢ়ায়। সন্তানসকলে জানে পৰমপিতা পৰমাত্মা, পিতাও হয়, শিক্ষকো হয়। তোমালোকক এনেকৈ পঢ়ায় যে আন কোনেও সেয়া পঢ়াব নোৱাৰে। তোমালোকে কোৱা শিৱবাবাই আমাক পঢ়ায়। এতিয়া এই বাবা কোনোবা এজনৰ নহয়। মনমনাভৱ, মধ্যাজীভৱ, ইয়াৰ অৰ্থ বুজায় মোক স্মৰণ কৰা। সন্তানসকলতো এতিয়া বিচাৰ বুদ্ধি সম্পন্ন হৈছে। বেহদৰ পিতাই কয় তোমালোকৰ উত্তৰাধিকাৰতো আছেই এয়া কেতিয়াও পাহৰিব নালাগে। পিতাই আত্মাসকলৰ সৈতেই কথা পাতে। এতিয়া তোমালোক জীৱ আত্মা নোহোৱা জানো। বেহদৰ পিতাও নিৰাকাৰ। তোমালোকে জানিছা যে তেওঁ আমাক এই শৰীৰৰ দ্বাৰা পঢ়াই আছে আৰু আন কোনেও এনেকৈ বুজি নাপাব। স্কুলত শিক্ষকে পঢ়ালে তেতিয়া কোৱা হয় লৌকিক শিক্ষকে লৌকিক সন্তানসকলক পঢ়ায়। এয়া হৈছে পাৰলৌকিক সৰ্বোত্তম শিক্ষক যিয়ে পাৰলৌকিক সন্তানসকলক পঢ়ায়। তোমালোকো পৰলোক, মূলবতনৰ নিবাসী হোৱা। পিতাও পৰলোকত থাকে। পিতাই কয় মই শান্তিধামৰ নিবাসী আৰু তোমালোকো তাৰেই নিবাসী হোৱা। আমি দুয়ো এখন ধামৰে নিবাসী। তোমালোকে নিজকে আত্মা বুলি ভাবা। মই পৰম আত্মা হওঁ। এতিয়া তোমালোকে ইয়াত ভূমিকা পালন কৰি আছা। ভূমিকা পালন কৰি-কৰি তোমালোক এতিয়া পতিত হৈ গৈছা। এই গোটেইখন হৈছে বেহদৰ মঞ্চ, যত খেল হয়। এই গোটেই সৃষ্টি হৈছে কৰ্মক্ষেত্ৰ, ইয়াত খেল হৈ আছে। এয়াও কেৱল তোমালোকেহে জানা যে এয়া বেহদৰ খেল, ইয়াত দিন আৰু ৰাতিও হয়। সূৰ্য আৰু চন্দ্ৰই কিমান অপৰিসীম পোহৰ দিয়ে, এয়া হৈছে বেহদৰ কথা। এতিয়া তোমালোকৰ জ্ঞানো আছে। ৰচিয়তাহে আহি ৰচনা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ পৰিচয় দিয়ে। পিতাই কয় মই তোমালোকক ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য শুনাবলৈ আহিছো। এয়া হৈছে পাঠশালা, পঢ়াওতাজন অভোক্তা হয়। এনেকৈ কোনেও নকব যে মই অভোক্তা হওঁ। আহমদাবাদত এজন সাধুৱে এনেকৈ কৈছিল, কিন্তু পাছত প্ৰবঞ্চনা ধৰা পৰি গল। এই সময়ত প্ৰবঞ্চকো বহুত ওলাইছে। ভেশধাৰী বহুত আছে। এওঁৰতো কোনো ভেশ নাই। মনুষ্যই ভাবে কৃষ্ণই গীতা শুনাইছিল সেয়েহে আজিকালি কিমান কৃষ্ণ হৈ গৈছে। এতিয়া ইমান কৃষ্ণতো নাথাকে। ইয়াততো তোমালোকক শিৱবাবাই আহি পঢ়ায়, আত্মাসকলক শুনায়।

তোমালোকক বাৰে বাৰে কোৱা হৈছে যে নিজকে আত্মা বুলি ভাবি ভাই-ভাইক শুনোৱা। বুদ্ধিত থাকিব লাগে বাবাৰ জ্ঞান আমি ভাইসকলক শুনাওঁ। পুৰুষ অথবা মহিলা দুয়ো ভাই-ভাই সেইবাবে পিতাই কয় তোমালোক সকলোৱে মোৰ সম্পত্তিৰ অধিকাৰী হোৱা। এনেয়েতো মহিলাসকলে উত্তৰাধিকাৰীত্ব নাপায় কিয়নো তেওঁলোকে শহুৰৰ ঘৰলৈ যাব লাগে। তাততো হয়েই সকলো আত্মা। অশৰীৰী হৈ ঘৰলৈ যাব লাগে। এতিয়া তোমালোকে যি জ্ঞান ৰত্ন পাইছা এয়া অবিনাশী জ্ঞান ৰত্ন হৈ যায়। আত্মাই জ্ঞানৰ সাগৰ হয় নহয় জানো। আত্মায়ে সকলো কৰে। কিন্তু মনুষ্যৰ দেহ-অভিমান থকা বাবে, দেহী-অভিমানী নহয়। এতিয়া তোমালোকে দেহী-অভিমানী হৈ এজন পিতাক স্মৰণ কৰিব লাগে। অলপতো চেষ্টা লাগিবই নহয় জানো। লৌকিক গুৰুক কিমান স্মৰণ কৰে। মূৰ্তি ৰাখি দিয়ে। এতিয়া কত শিৱৰ চিত্ৰ, কত মনুষ্যৰ চিত্ৰ। ৰাতি-দিনৰ পাৰ্থক্য। তেওঁলোকে গুৰুৰ ফটো থকা লকেট পিন্ধি লয়। পতিসকলে আনৰ ফটো পিন্ধাতো ভাল নাপায়। অৱশ্যে, শিৱৰ পিন্ধিলে তেতিয়া সেয়া সকলোৰে ভাল লাগিব কিয়নো তেওঁতো পৰমপিতা হয় নহয় জানো। তেওঁৰ চিত্ৰও থকা উচিত। এওঁ হৈছে গলৰ মালা বনাওঁতা। তোমালোক ৰুদ্ৰ মালাৰ মণি হবাগৈ। এনেয়েতো গোটেই দুনিয়া ৰুদ্ৰমালাও হয়, প্ৰজাপিতা ব্ৰহ্মাৰ মালাও হয়, ওপৰত বংশ বৃক্ষ আছে। সেয়া হৈছে হদৰ বংশ বৃক্ষ, এয়া হৈছে বেহদৰ। যিমান মনুষ্য আছে সকলোৰে মালা আছে। আত্মা কিমান সূক্ষ্মতকৈও সূক্ষ্ম বিন্দু হয়। একেবাৰে সূক্ষ্ম বিন্দু। এনেকৈ বিন্দু দি যোৱা তেতিয়া অগণন হৈ যাব। গণনা কৰি কৰি ভাগৰি যাবা। কিন্তু চোৱা, আত্মাৰ বৃক্ষ কিমান সৰু। ব্ৰহ্ম তত্বত বহুত কম ঠাইত থাকে। সেই আত্মা পুনৰ ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহে। ইয়াত আকৌ কিমান আহল-বহল দুনিয়া। কৰবাত-কৰবাত এৰোপ্লেনেৰে যায়। তাত আকৌ এৰোপ্লেন আদিৰ দৰকাৰ নাই। আত্মাসকলৰ সৰু বৃক্ষ আছে। ইয়াত মনুষ্যৰ কিমান ডাঙৰ বৃক্ষ। এয়া সকলো হৈছে প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। যাক কোনোৱে আদম, কোনোৱে আদি দেৱ বুলি কয়। পুৰুষ-মহিলাতো নিশ্চয় আছে। তোমালোকৰ হৈছে প্ৰবৃত্তিমাৰ্গ। নিবৃত্তি মাৰ্গৰ খেল নহয়। এখন হাতেৰে কি হব? দুটা চকাৰ প্ৰয়োজন। দুটা থাকিলে তেতিয়া পৰস্পৰ মাজত প্ৰতিযোগিতা কৰে। আনটো চকাই লগ নিদিলে তেতিয়া ঢিলা হৈ পৰে। কিন্তু এটাৰ কাৰণে থমকি ৰব নালাগে। প্ৰথমতে পবিত্ৰ প্ৰবৃত্তি মাৰ্গ আছিল। পাছত আকৌ অপবিত্ৰ হয়। অধোঃগতিয়েই হৈ যায়। তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। এই বৃক্ষ কেনেকৈ বাঢ়ে, কেনেকৈ যুক্ত হৈ গৈ থাকে। এনেকুৱা বৃক্ষ কোনেও উলিয়াব নোৱাৰে। কাৰোবাৰ বুদ্ধিত ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান নায়েই সেইবাবে বাবাই কৈছিল এইটো লিখা যে আমি ৰচয়িতাৰ দ্বাৰা ৰচয়িতা আৰু ৰচনাৰ জ্ঞানৰ অন্ত পাইছো। তেওঁলোকেতো ৰচয়িতাকো নাজানে, ৰচনাকো নাজানে। যদি পৰম্পৰাগত ভাৱে এই জ্ঞান চলি আহিছে তেনেহলে কোনোবাই কওঁকচোন। তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ বাহিৰে আন কোনেও কব নোৱাৰে। তোমালোকে জানা যে আমি ব্ৰাহ্মণসকলকে পৰমপিতা পৰমাত্মাই পঢ়ায়। আমি ব্ৰাহ্মণসকলৰে হৈছে উচ্চতকৈও উচ্চ ধৰ্ম। চিত্ৰও নিশ্চয় দেখুৱাব লাগে। চিত্ৰ অবিহনে কেতিয়াও বুদ্ধিত নবহে। চিত্ৰ বহুত ডাঙৰ ডাঙৰ হব লাগে। বৈচিত্ৰ্যময় ধৰ্মবোৰৰ বৃক্ষ কেনেকৈ বাঢ়ে, এয়াও বুজাইছো। আগতেতো কৈছিলা আমি আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা। পিতাই এতিয়া ইয়াৰো অৰ্থ বুজাইছে। এই সময়ত আমিয়ে ব্ৰাহ্মণ হওঁ আকৌ নতুন দুনিয়াত আমিয়েই দেৱতা হম। এতিয়া আমি পুৰুষোত্তম সংগম যুগত আছো অৰ্থাৎ এয়া হৈছে পুৰুষোত্তম হোৱাৰ সংগমযুগ। এই সকলোবোৰ তোমালোকে বুজাব পাৰা ৰচয়িতা আৰু ৰচনাৰ অৰ্থ, আমিয়ে আছিলোৰ অৰ্থ। ওঁম অৰ্থাৎ প্ৰথমতে মই আত্মা, পাছত এয়া শৰীৰ। আত্মা অবিনাশী আৰু এই শৰীৰ বিনাশী হয়। আমি এই শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰো। ইয়াকে কোৱা হয় আত্মা-অভিমানী। মই আত্মাই অমুক ভূমিকা পালন কৰো, মই আত্মাই এইটো কৰো, মই আত্মা পৰমাত্মাৰ সন্তান হওঁ। কিমান আচৰিত জ্ঞান। এই জ্ঞান পিতাৰ ওচৰতে আছে, সেইবাবে পিতাকে আহ্বান কৰে।

পিতা হৈছে জ্ঞানৰ সাগৰ। তেওঁৰ তুলনাত আকৌ অজ্ঞানতাৰ সাগৰ, আধাকল্প হৈছে জ্ঞান, আধাকল্প হৈছে অজ্ঞান। জ্ঞানৰ বিষয়ে কোনেও নাজানেই। জ্ঞান বুলি কোৱা হয় ৰচয়িতাৰ দ্বাৰা ৰচনাক জনাটো। গতিকে নিশ্চয় ৰচয়িতাৰ ওচৰতে জ্ঞান আছে নহয় জানো, সেইবাবে তেওঁক ক্ৰিয়েটৰ (সৃষ্টিকৰ্তা) বুলি কোৱা হয়। মনুষ্যই ভাবে ক্ৰিয়েটৰে এই ৰচনা ৰচিলে। পিতাই বুজায় এয়াতো অনাদি পূৰ্ব নিৰ্ধাৰিত খেল। এনেকৈ কয় পতিত-পাৱন আহা, তেনেহলে ৰচয়িতা বুলি কেনেকৈ কবা? ৰচয়িতা বুলি তেতিয়াহে কোৱা হয় যেতিয়া প্ৰলয় হব তেতিয়া পুনৰ ৰচিব। পিতাইতো পতিত দুনিয়াক পাৱন কৰি তোলে। সেয়েহে এই গোটেই বিশ্বৰ যি বৃক্ষ আছে তাৰ আদি-মধ্য-অন্তকতো তোমালোক অতি মৰমৰ সন্তাসকলেহে জানা। যেনেকৈ মালীয়ে প্ৰতিটো বীজ আৰু বৃক্ষক জানে নহয় জানো। বীজক দেখিলে গোটেই বৃক্ষ বুদ্ধিলৈ আহি যায়। সেয়েহে এয়া হৈছে মানৱ জাতিৰ (মনুষ্য সৃষ্টিৰ) বীজ। তেওঁক কোনেও নাজানে। তেওঁলোকে গায়ো পৰমপিতা পৰমাত্মা হৈছে সৃষ্টিৰ বীজৰূপ। সৎ, চিত্ত, আনন্দ স্বৰূপ হয়, সুখ, শান্তি, পবিত্ৰতাৰ সাগৰ হয়। তোমালোকে জানা এই গোটেই জ্ঞান পৰমপিতা পৰমাত্মাই এই শৰীৰৰ দ্বাৰা দি আছে। তেনেহলে নিশ্চয় ইয়ালৈ আহিব নহয় জানো। প্ৰেৰণাৰে কেনেকৈ পতিতক পাৱন কৰি তুলিব? সেয়েহে পিতা ইয়ালৈ আহি সকলোকে পাৱন কৰি লৈ যায়। সেই পিতায়ে তোমালোকক পাঠ পঢ়াই আছে। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। ইয়াৰ ওপৰত তোমালোকে ভাষণ কৰিব পাৰা যে কেনেকৈ তমোপ্ৰধান পুৰুষৰ পৰা শ্ৰেষ্ঠ সতোপ্ৰধান হয়। তোমালোকৰ ওচৰত বিষয়বস্তুতো বহুত আছে। এই পতিত তমোপ্ৰধান দুনিয়া সতোপ্ৰধান কেনেকৈ হয় এয়াও বুজিবলগীয়া। আগলৈ তোমালোকৰ এই জ্ঞান শুনিব। হয়তো এৰিও দিব পাছত পুনৰ আহিব কিয়নো গতি-সৎগতিৰ বিপনী এখনেই। তোমালোকে কব পাৰা যে এজন পিতাই হৈছে সকলোৰে সৎগতি দাতা। তেওঁক শ্ৰী শ্ৰী বুলি কয়। শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হৈছে পৰমপিতা পৰমাত্মা। তেওঁ আমাক শ্ৰেষ্ঠ কৰি তোলে। সত্যযুগ হৈছে শ্ৰেষ্ঠ। কলিযুগ হৈছে ভ্ৰষ্ট। এনেকৈ কয়ো যে ভ্ৰষ্টাচাৰ। কিন্তু নিজকে নুবুজে। পতিত দুনিয়াত এজনো শ্ৰেষ্ঠ নাই। শ্ৰী শ্ৰী যেতিয়া আহে তেতিয়া আহি শ্ৰী কৰি তোলে। শ্ৰী উপাধিটি সত্যযুগৰ আদিত দেৱতাসকলৰ আছিল। ইয়াততো সকলোকে শ্ৰী শ্ৰী বুলি কৈ দিয়ে। প্ৰকৃততে শ্ৰী শব্দটো হৈছেই পবিত্ৰতাৰ। আন ধৰ্মাৱলম্বীসকলে কোনেও নিজকে শ্ৰী বুলি নকয়। শ্ৰী পোপ বুলি কোৱা হব জানো? ইয়াততো সকলোকে কৈ থাকে। কত ৰাজহংস মুকুতা বোটলি লওঁতা, কত বগলী লেতেৰা বস্তু খাওঁতা? পাৰ্থক্যতো আছে নহয় জানো। এই দেৱতাসকল হৈছে ফুল, সেয়া হৈছে গাৰ্ডেন অফ অল্লাহ (আল্লাৰ বাগিচা)। পিতাই তোমালোকক ফুল বনাই আছে। বাকী ফুলৰ মাজতো ভিন্নতা আছে। সকলোতকৈ ভাল ফুল হল কিং ফ্লাৱাৰ। এই লক্ষ্মী-নাৰায়ণক নতুন দুনিয়াৰ কিং-কুইন ফ্লাৱাৰ বুলি কোৱা হব।

তোমালোক সন্তানসকলৰ আন্তৰিক আনন্দ থাকিব লাগে। ইয়াৰ বাবে বাহ্যিক একো কৰিব নালাগে। এই চাকি আদি জ্বলোৱাৰো অৰ্থ থাকিব লাগে। শিৱ জয়ন্তীত জ্বলোৱা উচিত নে দীপাৱলীত? দীপাৱলীত লক্ষ্মীক আহ্বান কৰে। তেওঁৰ পৰা পইচা খোজে। কিন্তু ভাণ্ডাৰী ভৰপূৰ কৰোতাতো শিৱ ভোলা ভাণ্ডাৰী হয়। তোমালোকে জানা যে শিৱবাবাৰ দ্বাৰা আমাৰ ভাণ্ডাৰ অপৰিসীম সম্পত্তি ভৰি যায়। এয়া জ্ঞান ৰত্ন হৈছে ধন। তাতো তোমালোকৰ ওচৰত অজস্ৰ ধন থাকে। নতুন দুনিয়াত তোমালোক মালামাল হৈ যাবা। সত্যযুগতো বহুত বেছি হীৰা মুকুতা আছিল। পুনৰ সেয়াই হব। মনুষ্য বিবুদ্ধিত পৰে। এই সকলো শেষ হৈ যাব, আকৌ কৰ পৰা আহিব? খনিবোৰ খালি হৈ গৈছে, পাহাৰবোৰ খহি হৈছে আকৌ কেনেকৈ হব? তেওঁলোকক কোৱা, ইতিহাসৰ পুনৰাবৃত্তি হয় নহয় জানো, যি কিবা আছিল সেয়া আকৌ পুনৰাবৃত্তি হব। তোমালোক সন্তানসকলে স্বৰ্গৰ মালিক হবলৈ পুৰুষাৰ্থ কৰি আছা। স্বৰ্গৰ বুৰঞ্জী-ভূগোল আকৌ পুনৰাবৃত্তি হব। গীতত আছে নহয় আপুনি গোটেই সৃষ্টি, গোটেই সমুদ্ৰ আমাক দি দিছা যাক কোনেও আমাৰ পৰা কাঢ়ি নিব নোৱাৰে। তাৰ তুলনাত এতিয়া কি আছে! মাটিৰ কাৰণে, পানীৰ কাৰণে, ভাষাৰ কাৰণে যুঁজ-বাগৰ কৰে।

স্বৰ্গৰ ৰচয়িতা বাবাৰ জন্মদিন পালন কৰা হয়। নিশ্চয় তেৱেঁই স্বৰ্গৰ বাদশ্বাহী দিছিল। এতিয়া তোমালোকক পিতাই পঢ়াই আছে। তোমালোকে এই শৰীৰৰ নাম ৰূপৰ পৰা উপৰাম হৈ নিজকে আত্মা বুলি ভাবিব লাগে। পবিত্ৰ হব লাগে হয়তো যোগবলৰ দ্বাৰা নতুবা শাস্তি খাই। আকৌ পদো কম হৈ যায়। বিদ্যাৰ্থীৰ বুদ্ধিত থাকে নহয় আমি ইমান শ্ৰেষ্ঠ পদবী পাওঁ। শিক্ষকে ইমান পঢ়াইছে। তেতিয়া তাৰ বাবে শিক্ষককো উপহাৰ দিয়ে। এই পিতাইতো তোমালোকক বিশ্বৰ মালিক কৰি তোলে। সেয়েহে পাছত তোমালোকে ভক্তিমাৰ্গত তেওঁক স্মৰণ কৰি থাকা। বাকী পিতাক তোমালোকে কি উপহাৰ দিবা? ইয়াতেতো যি কিবা দেখিছা সেয়াতো নাথাকিব। এয়াতো পুৰণি ছিঃ ছিঃ দুনিয়া হয় সেইবাবেতো মোক আহ্বান কৰা। পিতাই তোমালোকক পতিতৰ পৰা পাৱন কৰি তোলে। এই খেলখনক স্মৰণ কৰিব লাগে। মোৰ ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে, যি তোমালোকক শুনাওঁ, তোমালোকে এতিয়া শুনা আকৌ পাহৰি যোৱা। পাঁচ হাজাৰ বছৰ পাছত পুনৰ চক্ৰ পুৰা হব। তোমালোকৰ ভূমিকা কিমান সুন্দৰ। তোমালোকে সতোপ্ৰধান আৰু সুন্দৰ হৈ যোৱা। পুনৰ তমোপ্ৰধানো তোমালোকেই হোৱা। তোমালোকেই আহ্বান কৰা বাবা আহা। এতিয়া মই আহিছো। যদি নিশ্চয় আছে তেনেহলে শ্ৰীমতত চলা উচিত। ভুল কৰিব নালাগে। কিছুমান সন্তানে মতভেদত আহি পঢ়িবলৈ এৰি দিয়ে। শ্ৰীমতত নচলিলে, নপঢ়িলে তোমালোকেই ফেল হবা। পিতাইতো কয় - নিজৰ ওপৰত কৃপা কৰা। প্ৰত্যেকে পঢ়ি নিজকে ৰাজতিলক দিব লাগে। পিতাৰ দায়িত্ব হৈছে পঢ়োৱা, এই ক্ষেত্ৰত আশীৰ্বাদৰ কথা নাই। তেতিয়াতো সকলোৰে ওপৰত আশীৰ্বাদ কৰিব লাগিব। এই কৃপা আদি ভক্তি মাৰ্গতহে খোজে। ইয়াত সেই কথা নাই। অচ্ছা!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰ বাবে মুখ্য সাৰ :-

(1) প্ৰবৃত্তিত থকি পৰস্পৰ ৰেচ্(প্ৰতিযোগিতা) কৰিব লাগে। কিন্তু যদি কিবা কাৰণত এটা চকা ঢিলা হৈ যায় তেওঁৰ পিছত ৰৈ যাব নালাগে। নিজকে ৰাজতিলক দিয়াৰ লায়ক কৰি তুলিব লাগে।

(2) শিৱজয়ন্তী বহুত ধূমধামেৰে পালন কৰিব লাগে কিয়নো শিৱবাবাই যি জ্ঞান ৰত্ন দিয়ে, তাৰ দ্বাৰাই তোমালোক নতুন দুনিয়াত মালামাল হবাগৈ। তোমালোকৰ সকলো ভাণ্ডাৰ ভৰপূৰ হৈ যাব।

বৰদান:
সকলো পদাৰ্থৰ আসক্তিৰ পৰা উপৰাম অনাসক্ত , প্ৰকৃতিজী ৎ হোৱা

যদি কোনো পদাৰ্থই কৰ্মেন্দ্ৰিয়ক বিচলিত কৰে অৰ্থাৎ আসক্তি ভাৱ উৎপন্ন হয় তেতিয়াও উপৰাম হব নোৱাৰিবা। ইচ্ছাবোৰেই হৈছে আসক্তিৰ ৰূপ। কোনোবাই কয় ইচ্ছা নাই কিন্তু ভাল লাগে। তেন্তে সেয়াও সূক্ষ্ম আসক্তি এইটো সূক্ষ্ম ৰূপত পৰীক্ষা কৰা যে এই পদাৰ্থ অৰ্থাৎ অল্পকালৰ সুখৰ সাধনে আকৰ্ষিততো নকৰে? এই পদাৰ্থ হৈছে প্ৰকৃতিৰ সাধন, যেতিয়া ইয়াৰ প্ৰতি অনাসক্ত অৰ্থাৎ উপৰাম হবা তেতিয়া প্ৰকৃতিজীৎ হৈ যাবা।

স্লোগান:
মোৰ - মোৰ ৰ ঝামেলা ( বিভ্ৰান্তি ) ত্যাগ কৰি বেহদত থাকা তেতিয়া কোৱা হ ব বিশ্ব কল্যাণকাৰী।