06.02.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল এতিয়া বিকাৰ দান দিয়া তেতিয়া গ্ৰহণ আঁতৰি যাব আৰু এই তমোপ্ৰধান সৃষ্টি সতোপ্ৰধান হব

প্ৰশ্ন:
তোমালোক সন্তানসকল কোনটো কথাত কেতিয়াও বিতুষ্ট হোৱা উচিত নহয়?

উত্তৰ:
তোমালোকে নিজৰ জীৱনক লৈ কেতিয়া বিতুষ্ট হব নালাগে কিয়নো এইটো জন্মক হীৰা তুল্য বুলি গায়ন কৰা হৈছে, ইয়াক চম্ভালিবও লাগে, স্বাস্থ্যৱান হৈ থাকিলে তেতিয়া জ্ঞান শুনি থাকিবা। ইয়াত যিমান দিন জীয়াই থাকিবা, উপাৰ্জন হৈ থাকিব, হিচাপ-নিকাচ নিষ্পত্তি হৈ থাকিব।

গীত:
ওঁম্ নমঃ শিৱায়ে....

ওঁম্শান্তি।
আজি গুৰুবাৰ। তোমালোক সন্তানসকলে কবা সৎগুৰুবাৰ, কিয়নো সত্যযুগৰ স্থাপনা কৰোঁতাজনো আছে, সত্য নাৰায়ণৰ কথাও প্ৰেক্টিকেলত (বাস্তৱত) শুনায়। নৰৰ পৰা নাৰায়ণ কৰি তোলে। গায়নো কৰা হয় যে সকলোৰে সৎগতি দাতা, আকৌ বৃক্ষপতিও হয়। এয়া হৈছে মনুষ্য সৃষ্টিৰ বৃক্ষ, যাক কল্পবৃক্ষ বুলি কোৱা হয়। কল্পই-কল্পই অৰ্থাৎ 5 হাজাৰ বছৰ পাছত আকৌ হুবহু ৰিপিট (পুনৰাবৃত্তি) হয়। বৃক্ষও ৰিপিট নহয় জানো। ফুল 6 মাহ ধৰি ওলায় থাকে, আকৌ মালীসকলে শিপা উঘালি ৰাখি থয় পুনৰ ৰোপণ কৰে তেতিয়া ফুল ফুলি উঠে।

এতিয়া এয়াতো সন্তানসকলে জানে যে পিতাৰ জয়ন্তীও আধাকল্প পালন কৰা হয়, আধাকল্প পাহৰি যায়। ভক্তি মাৰ্গত আধাকল্প স্মৰণ কৰে। বাবাই কেতিয়া আহি গাৰ্ডেন অফ্‌ ফ্লাৱৰৰ্চ (ফুলৰ বাগিছা) স্থাপনা কৰিব? দশাতো বহুত থাকে নহয় জানো। বৃহস্পতিৰ দশাও আছে, অৱনতিৰ কলাৰ দশাও আছে। এই সময়ত ভাৰতত ৰাহুৰ গ্ৰহণ লাগি আছে। চন্দ্ৰমাৰো যেতিয়া গ্ৰহণ লাগে তেতিয়া আহ্বান কৰে - দান দিয়া তেতিয়া গ্ৰহণ আঁতৰিব। এতিয়া পিতায়ো কয় - এই 5 বিকাৰৰ দান দিয়া তেতিয়া গ্ৰহণ আঁতৰি যাব। এতিয়া গোটেই সৃষ্টিত গ্ৰহণ লাগি আছে, 5 তত্ত্বতো গ্ৰহণ লাগি আছে কিয়নো তমোপ্ৰধান হয়। প্ৰতিটো বস্তু নতুন তাৰ পাছত পুৰণি নিশ্চয় হয়। নতুনক সতোপ্ৰধান, পুৰণিক তমোপ্ৰধান বুলি কয়। সৰু শিশুকতো সতোপ্ৰধান মহাত্মাতকৈও উচ্চ বুলি মান্যতা দিয়া হয়, কিয়নো সিহঁতৰ 5 বিকাৰ নাথাকে। ভক্তিতো সন্ন্যাসীয়েও সৰু কালৰ পৰাই কৰে। যেনেকৈ ৰামতীৰ্থ কৃষ্ণৰ পূজাৰী আছিল আকৌ যেতিয়া সন্ন্যাস ললে তেতিয়া পূজা শেষ। সৃষ্টিত পবিত্ৰতাও লাগে। ভাৰত প্ৰথমে সকলোতকৈ পবিত্ৰ আছিল পাছত যেতিয়া দেৱতাসকল বাম মাৰ্গলৈ যায় তেতিয়া আকৌ আৰ্থকোৱেক (ভূমিকম্প) আদিত সকলো স্বৰ্গৰ সামগ্ৰী, সোণৰ মহল আদি নাশ হৈ যায় পুনৰ নতুনকৈ সাজিবলৈ আৰম্ভ কৰে। ডেষ্ট্ৰাকশ্বন (বিনাশ) নিশ্চয় হয়। যেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয় তেতিয়া উপদ্ৰপ হয়, এই সময়ত সকলো পতিত। সত্যযুগত দেৱতাসকলে ৰাজ্য কৰে। অসুৰ আৰু দেৱতাসকলৰ যুদ্ধ দেখুৱাইছে, কিন্তু দেৱতাসকলতো সত্যযুগত থাকে। তাত যুদ্ধ কেনেকৈ হব পাৰে। সংগমততো দেৱতাসকল নাথাকে। তোমালোকৰ নামেই হৈছে পাণ্ডৱ। পাণ্ডৱ কৌৰৱৰো যুদ্ধ নহয়। এই সকলোবোৰ হৈছে মিছা কাহিনী। কিমান বৃহৎ বৃক্ষ। কিমান অনেক পাত আছে, তাৰ হিচাপ কোনোবাই জানো উলিয়াব পাৰিব। সংগমততো দেৱতাসকল নাথাকে। পিতাই বহি আত্মাসকলক বুজায়, আত্মাইহে শুনি কান্ধ জোকাৰে। আমি হৈছোঁ আত্মা, বাবাই আমাক পঢ়ায়, এইটো দৃঢ় কৰিব লাগে। পিতাই আমাক পতিতৰ পৰা পাৱন কৰি তোলে। আত্মাতেই ভাল বা বেয়া সংস্কাৰ নাথাকে জানো। আত্মাই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কয় - আমাক বাবাই পঢ়ায়। পিতাই কয় - মোকো কৰ্মেন্দ্ৰিয়ৰ আৱশ্যক হয়, যাৰ দ্বাৰা বুজাম। আত্মা আনন্দিত হয়। বাবাই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহি আমাক শুনায়। তোমালোকতো সন্মুখত বহি আছা নহয় জানো। মধুবনৰেই মহিমা আছে। আত্মাসকলৰ পিতাতো তেওঁ হয়, সকলোৱে তেওঁক আহ্বান কৰে। তোমালোক ইয়াত সন্মুখত বহি আনন্দিত হোৱা। কিন্তু সকলোৱেতো ইয়াত থাকিব নোৱাৰে। নিজৰ কাম-কাজ, চাকৰি আদিও চাব লাগে। আত্মাসকল সাগৰৰ ওচৰলৈ আহে, ধাৰণা কৰি আকৌ গৈ আনকো শুনাব লাগে। নহলেতো অন্যৰ কল্যাণ কেনেকৈ কৰিবা? যোগী আৰু জ্ঞানী আত্মাৰ চখ থাকে যে আমি গৈ অন্যকো বুজাম। এতিয়া শিৱজয়ন্তী উদযাপন কৰা হয়। ভগৱানুবাচ হয়। ভগৱানুবাচ কৃষ্ণৰ কাৰণে কব নোৱাৰি, তেওঁতো হৈছে দৈৱীগুণ সম্পন্ন মনুষ্য। ড্যাটিজিম (দেৱী-দেৱতা ধৰ্ম) বুলি কোৱা হয়। এতিয়া সন্তানসকলেতো এইটো বুজি পালে যে এতিয়া দেৱী-দেৱতা ধৰ্ম নাই, স্থাপনা হৈ আছে। তোমালোকে এনেকৈ নোকোৱা যে আমি এতিয়া দেৱী-দেৱতা ধৰ্মৰ হওঁ। নহয়, এতিয়া তোমালোক হৈছা ব্ৰাহ্মণ ধৰ্মৰ, দেৱী-দেৱতা ধৰ্মৰ হৈ আছা। দেৱতাসকলৰ ছায়া এই পতিত সৃষ্টিত পৰিব নোৱাৰে, ইয়ালৈ দেৱতাসকল আহিব নোৱাৰে। তোমালোকৰ কাৰণে নতুন সৃষ্টি লাগে। লক্ষ্মীৰো পূজা কৰে তেতিয়া ঘৰৰ কিমান পৰিষ্কাৰ কৰা হয়। এতিয়া এই সৃষ্টিৰো কিমান পৰিষ্কাৰ হবলগীয়া আছে। গোটেই সৃষ্টিখনেই শেষ হৈ যাব। লক্ষ্মীৰ পৰা মনুষ্যই ধনহে বিচাৰে। লক্ষ্মী শ্ৰেষ্ঠ নে জগত অম্বা শ্ৰেষ্ঠ? (অম্বা) অম্বাৰ মন্দিৰো বহুত আছে। মনুষ্যই একোৱেই নাজানে। তোমালোকে বুজি পোৱা যে লক্ষ্মীতো স্বৰ্গৰ মালিক আৰু জগত অম্বা যাক সৰস্বতী বুলিও কোৱা হয়, সেই জগত অম্বাই আকৌ এই লক্ষ্মী হয়গৈ। তোমালোকৰ হৈছে উচ্চ পদ, দেৱতাসকলৰ পদ কম। উচ্চতকৈ উচ্চ ব্ৰাহ্মণৰ টিকনি নহয় জানো। তোমালোক হৈছা সকলোতকৈ উচ্চ। তোমালোকৰ মহিমা হৈছে - সৰস্বতী, জগত অম্বা, তেওঁলোকৰ পৰা কি প্ৰাপ্ত হয়? সৃষ্টিৰ বাদশ্বাহী। তাত তোমালোক ধনৱান হোৱা, বিশ্বৰ ৰাজ্য প্ৰাপ্ত হয়। পুনৰ দৰিদ্ৰ হোৱা, ভক্তি মাৰ্গ আৰম্ভ হয়। আকৌ লক্ষ্মীক স্মৰণ কৰে। প্ৰত্যেক বছৰে লক্ষ্মীৰ পূজাও হয়। লক্ষ্মীক প্ৰতি বছৰে আহ্বান কৰে, জগত অম্বাক কোনেও প্ৰতি বছৰে আহ্বান নকৰে। জগদম্বাৰতো সদায় পূজা হয়েই, যেতিয়াই বিচাৰে তেতিয়াই অম্বাৰ মন্দিৰলৈ যায়। ইয়াতো যেতিয়াই বিচৰা, জগত অম্বাক সাক্ষাৎ কৰিব পাৰা। তোমালোকো জগত অম্বা নোহোৱা জানো। সকলোকে বিশ্বৰ মালিক হোৱাৰ মাৰ্গ-দৰ্শন কৰাওঁতা হোৱা। জগত অম্বাৰ ওচৰত গৈ সকলো বিচাৰে। লক্ষ্মীৰ পৰা কেৱল ধন বিচাৰে। তেওঁৰ আগততো সকলো কামনা ৰাখিব, গতিকে সকলোতকৈ উচ্চ পদ মৰ্যাদা এতিয়া তোমালোকৰ হয়, যেতিয়া আহি পিতাৰ সন্তান হোৱা। পিতাই উত্তৰাধিকাৰ দিয়ে।

এতিয়া তোমালোক হৈছা ঈশ্বৰীয় সম্প্ৰদায়ৰ, পুনৰ দৈৱী সম্প্ৰদায়ৰ হবাগৈ। এই সময়ত সকলো মনোকামনা ভৱিষ্যতৰ কাৰণে পুৰা হয়। কামনাতো মনুষ্যৰ থাকেই নহয় জানো। তোমালোকৰ সকলো কামনা পুৰা হয়। এইখনতো হৈছে আসুৰি সৃষ্টি। কিমান সন্তান জন্ম দি থাকে। তোমালোক সন্তানসকলকতো সাক্ষাৎকাৰ কৰোৱা হয়, সত্যযুগত কেনেকৈ কৃষ্ণৰ জন্ম হয়? তাততো সকলো নিয়ম অনুসৰি হয়, দুখৰ নামেই নাথাকে। তাক কোৱা হয় সুখধাম। তোমালোকে অনেক বাৰ সুখৰ দিন অতিক্ৰম কৰিছা, অনেক বাৰ পৰাজিত হৈছা আৰু জয় লাভো কৰিছা। এতিয়া স্মৃতিলৈ আহিছে যে আমাক বাবাই পঢ়ায়। স্কুলত নলেজ (জ্ঞান) আহৰণ কৰে। লগতে শিষ্টাচাৰো নিশিকে জানো। তাত কোনো এই লক্ষ্মী-নাৰায়ণৰ দৰে শিষ্টাচাৰ শিকোৱা নহয়। এতিয়া তোমালোকে দৈৱী গুণ ধাৰণ কৰা। মহিমাও তেওঁলোকৰে কৰে - সৰ্বগুণ সম্পন্ন গতিকে এতিয়া তোমালোক এনেকুৱা হব লাগে। তোমালোক সন্তানসকল নিজৰ এই জীৱনক লৈ কেতিয়াও বিতুষ্ট হোৱা উচিত নহয়, কিয়নো এইটো জন্মক হীৰা তুল্য বুলি গায়ন কৰা হৈছে। ইয়াক চম্ভালিবও লাগে। স্বাস্থ্যৱান হলে তেতিয়া জ্ঞান শুনি থাকিবা। বেমাৰতো শুনিব পাৰে। পিতাক স্মৰণ কৰিব পাৰে। ইয়াত যিমান দিন জীয়াই থাকিবা সুখী হৈ থাকিবা। উপাৰ্জন হৈ থাকিব, হিচাপ-নিকাচ নিষ্পত্তি হৈ থাকিব। সন্তানে কয় - বাবা সত্যযুগ কেতিয়া আহিব? এইখন বৰ লেতেৰা সৃষ্টি। পিতাই কয় হেৰ, প্ৰথমে কৰ্মাতীত অৱস্থাতো গঢ়ি লোৱা। যিমান পাৰা পুৰুষাৰ্থ কৰি থাকা। সন্তানসকলক শিকাব লাগে যে শিৱবাবাক স্মৰণ কৰা, এয়া হৈছে অব্যভিচাৰী স্মৃতি। এজন শিৱৰ ভক্তি কৰা, সেয়া হৈছে অব্যভিচাৰী ভক্তি, সতোপ্ৰধান ভক্তি। আকৌ দেৱী-দেৱতাসকলক স্মৰণ কৰা, সেয়া হৈছে সতো ভক্তি। পিতাই কয় - উঠোঁতে-বহোঁতে মোক পিতাক স্মৰণ কৰা। সন্তানসকলেহে আহ্বান কৰে - হে পতিত-পাৱন, হে মুক্তিদাতা, হে পথ প্ৰদৰ্শক এনেকৈ আত্মাই নকলে জানো।

সন্তানসকলে স্মৰণ কৰে, পিতাই এতিয়া সোঁৱৰাই দিয়ে, তোমালোকে স্মৰণ কৰি আহিছা - হে দুখ হৰ্তা, সুখ কৰ্তা আহা, আহি দুখৰ পৰা ৰক্ষা কৰা, মুক্ত কৰা, শান্তিধামলৈ লৈ যোৱা। পিতাই কয় - তোমালোকক শান্তিধামলৈ লৈ যাম, পাছত সুখধামত তোমালোকক সংগ নিদিওঁ। এতিয়াহে সংগ দিওঁ। সকলো আত্মাক ঘৰলৈ লৈ যাওঁ। মই এতিয়া পঢ়াবৰ বাবে সংগ দিওঁ আকৌ ঘৰলৈ উভতাই লৈ যোৱাৰ বাবে সংগী হওঁ। বচ, মই নিজৰ পৰিচয় তোমালোক সন্তানসকলক যথা ৰীতি বহি শুনাওঁ। যিয়ে যেনেকৈ পুৰুষাৰ্থ কৰিব সেই অনুসৰি পুনৰ তাত প্ৰালব্ধ পাবগৈ। বুজনিতো পিতাই বহুত দিয়ে। যিমান পাৰা মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব আৰু উৰিবলৈ ডেউকা পাই যাবা। আত্মাৰ এনেকুৱা কোনো ডেউকা নাই। আত্মাতো সৰু বিন্দু হয়। কোনেও এইটো নাজানে যে আত্মাত কেনেকৈ 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। কাৰোৱেই আত্মাৰো পৰিচয় নাই আৰু পৰমাত্মাৰো পৰিচয় নাই। সেইবাবে পিতাই কয় মই যি হওঁ, যেনেকুৱা হওঁ, মোক কোনেও জানিব নোৱাৰে। মোৰ দ্বাৰাহে মোক আৰু মোৰ ৰচনাক জানিব পাৰে। ময়েই আহি তোমালোক সন্তানসকলক নিজৰ পৰিচয় দিওঁ। আত্মা কি হয়, সেয়াও বুজাওঁ। ইয়াকে চল ৰিয়েলাইজেশ্বন (আত্মা অনুভূতি) বুলি কোৱা হয়। আত্মা ভ্ৰূকুটিৰ মাজত থাকে। এনেকৈ কয়ো যে ভ্ৰূকুটিৰ মাজত জিলিকে আচৰিত তৰা.. কিন্তু আত্মা কি বস্তু, এয়া কোনেও একেবাৰে নাজানে। যেতিয়া কোনোবাই কয় যে আত্মাৰ সাক্ষাৎকাৰ হওক তেতিয়া তেওঁক বুজোৱা - আপুনিতো কয় যে ভ্ৰূকুটিৰ মাজত তৰা আছে, তৰাক কি চাবা? তিলকো তৰাৰ ৰূপতে দিয়া হয়। চন্দ্ৰমাকো তৰাৰ ৰূপত দেখুৱায়।বাস্তৱত আত্মা হৈছে তৰাৰ দৰে। এতিয়া পিতাই বুজাইছে - তোমালোক জ্ঞান তৰা হোৱা, বাকী সেই সূৰ্য, চন্দ্ৰ, তৰাবোৰতো মঞ্চক পোহৰ দিওঁতা হয়। সেয়া কোনো দেৱতা নহয়। ভক্তি মাৰ্গত সূৰ্যকো জল অৰ্পণ কৰে। ভক্তি মাৰ্গত এই বাবায়ো সকলো কৰিছিল। সূৰ্য দেৱতায়ে নমঃ, চন্দ্ৰমা দেৱতায়ে নমঃ বুলি কৈ জল অৰ্পণ কৰিছিল। এয়া সকলো হৈছে ভক্তি মাৰ্গ। এওঁতো বহুত ভক্তি কৰিছে। এক নম্বৰ পূজ্য আকৌ এক নম্বৰ পূজাৰী হৈছে। নম্বৰতো গণনা কৰা হয়। ৰুদ্ৰ মালাৰো নম্বৰ আছে নহয় জানো। ভক্তিও সকলোতকৈ বেছি এৱেঁই কৰিছে। এতিয়া পিতাই কয় - সৰু-ডাঙৰ সকলোৰে এতিয়া বানপ্ৰস্থ অৱস্থা। এতিয়া মই সকলোকে লৈ যাম পুনৰ ইয়ালৈ নাহিবই। বাকী শাস্ত্ৰবোৰত যি দেখুৱায় - প্ৰলয় হল, জলমগ্ন হৈ গল তাৰ পাছত আহতৰ পাতত কৃষ্ণ আহিল...... পিতাই বুজায় - সাগৰৰ কোনো কথা নাই। তাততো গৰ্ভ মহল হয়, যত সন্তান বহুত সুখত থাকে। ইয়াত গৰ্ভ জেল বুলি কোৱা হয়। পাপৰ শাস্তি গৰ্ভত পায়। তথাপিও পিতাই কয় - মনমনাভৱ, মোক স্মৰণ কৰা। প্ৰদৰ্শনীত যদি কোনোবাই সোধে যে ছিৰিত আৰু অন্য ধৰ্ম কিয় দেখুওৱা হোৱা নাই? তেতিয়া কবা যে আনৰতো 84 জন্ম নহয়। সকলো ধৰ্ম কল্পবৃক্ষৰ চিত্ৰত দেখুওৱা হৈছে তাৰ পৰা আপুনি নিজৰ হিচাপ উলিওৱা যে কিমান জন্ম লৈছা। আমিতো 84 জন্মৰ ছিৰি দেখুৱাব লাগে। বাকী সকলো চক্ৰত আৰু বৃক্ষত দেখুওৱা হৈছে। তাত সকলো কথা বুজোৱা হৈছে। নক্সা দেখিলে বুদ্ধিত আহি নাযায় জানো - লণ্ডন কত আছে, অমুক চহৰখন কত আছে। পিতাই কিমান সহজ কৰি বুজায়। সকলোকে এইটোৱে কোৱা যে 84ৰ চক্ৰ এইদৰে ঘূৰে। এতিয়া তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হব লাগে গতিকে বেহদৰ পিতাক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা আৰু পাৱন হৈ পাৱন সৃষ্টিলৈ গুচি যাবা। ইয়াত কোনো কষ্টৰ কথা নাই। যিমান সময় পোৱা পিতাক স্মৰণ কৰা তেতিয়া ভাল অভ্যাস হৈ যাব। যদি পিতাৰ স্মৃতিত থাকি তোমালোক দিল্লীলৈও খোজ কাঢ়ি যোৱা তেতিয়াও ভাগৰ নালাগিব। স্মৃতি যথাৰ্থ হলে দেহ-অভিমান আঁতৰি যাব, তেতিয়া ভাগৰ নালাগিব। শেষৰফালে অহাসকল স্মৃতিত তীব্ৰ বেগেৰে আগবাঢ়ি যাব। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন পিতাৰ অব্যভিচাৰী স্মৃতিত থাকি দেহ-ভাৱ সমাপ্ত কৰিব লাগে। নিজৰ কৰ্মাতীত অৱস্থা গঢ়ি তোলাৰ পুৰুষাৰ্থ কৰিব লাগে। এই শৰীৰত থাকি অবিনাশী উপাৰ্জন জমা কৰিব লাগে।

(2) জ্ঞানী আত্মা হৈ আনৰ সেৱা কৰিব লাগে। পিতাৰ পৰা যি শুনিছা সেয়া ধাৰণ কৰি আনক শুনাব লাগে। 5 বিকাৰৰ দান কৰি ৰাহুৰ গ্ৰহণৰ পৰা মুক্ত হব লাগে।

বৰদান:
মনৰ শক্তিৰ অনুভৱৰ দ্বাৰা বিশাল কাৰ্যত সদায় সহযোগী হোৱা

প্ৰকৃতিক, তমোগুণী আত্মাসকলৰ প্ৰকম্পনক পৰিৱৰ্তন কৰা তথা অহেতুক ৰক্তপাতৰ বায়ুমণ্ডল, প্ৰকম্পনৰ পৰা নিজকে সুৰক্ষিত কৰি ৰখা, অন্য আত্মাসকলক সহযোগ দিয়া, যোগবলৰ দ্বাৰা নতুন সৃষ্টিত নতুন ৰচনাৰ প্ৰাৰম্ভ কৰা - এই সকলো বিশাল কাৰ্যৰ বাবে মনৰ শক্তিৰ প্ৰয়োজন। মনৰ শক্তিৰ দ্বাৰাহে নিজৰ অন্তিম সময় মনোমোহা হব। মনৰ শক্তি অৰ্থাৎ শ্ৰেষ্ঠ সংকল্প শক্তি, এজনৰ সৈতে লাইন ক্লিয়ৰ (বুদ্ধিযোগ স্পষ্ট) - এতিয়া ইয়াৰ অনুভৱী হোৱা তেতিয়া বেহদৰ কাৰ্যত সহযোগী হৈ বেহদ বিশ্বৰ ৰাজ্য অধিকাৰী হবাগৈ।
 

স্লোগান:
নিৰ্ভীকতা আৰু নম্ৰতাই হৈছে যোগী তথা জ্ঞানী আত্মাৰ স্বৰূপ।