06.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকল পিতাই21 জন্মৰবাবেতো মালোকৰঅন্তৰএনেকৈ আনন্দৰেতৃপ্ত কৰিদিয়েযেতো মালোকেআন্তৰি কতৃপ্তিৰবাবেকো নোমেলাআদিলৈ যোৱাৰপ্ৰয়োজননাই

প্ৰশ্ন:
যিসকলস ন্তানবৰ্তমা নপিতাৰসহায় কাৰীহয় তেওঁলোকৰবা বেকোনটোগেৰাণ্টি (প্ৰতিশ্ৰুতি) আছে?

উত্তৰ:
শ্ৰীমতৰ আধাৰত ৰাজধানী স্থাপন কৰাত সহায়কাৰী হোৱা সন্তানসকলৰ বাবে গেৰাণ্টি আছে যে তেওঁলোকক কেতিয়াও কালে গ্ৰাস কৰিব নোৱাৰে। সত্যযুগী ৰাজধানীত কেতিয়াও অকালতে মৃত্যু হ'ব নোৱাৰে। সহায়কাৰী সন্তানসকলৰ পিতাৰ দ্বাৰা এনেকুৱা প্ৰাইজ (পুৰস্কাৰ) প্ৰাপ্ত হয় যে 21 প্ৰজন্মলৈকে অমৰ হৈ যায়।

ওঁম্শান্তি।
পূৰ্ব নিৰ্ধাৰিত সৃষ্টি চক্ৰ অনুসৰি কল্পৰ আগৰ দৰেই শিৱ ভগৱানুবাচ (ভগৱানৰ মহাবাক্য)। এতিয়া নিজৰ পৰিচয়তো সন্তানসকলে প্ৰাপ্ত কৰিলে। পিতাৰো পৰিচয় পাই গলা। বেহদৰ (অসীমৰ) পিতাকতো জানি ললা আৰু আৰু বেহদৰ সৃষ্টিৰ আদি-মধ্য-অন্তকো জানি ললা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি কোনোৱাই ভাল দৰে জানি লয় যিয়ে আনক বুজাবও পাৰে। কিছুমানে আধৰুৱাকৈ, কিছুমানে তাতোকৈ কম। যেনেকৈ যুদ্ধক্ষেত্ৰতো কোনোবা কামাণ্ডৰ চীফ, কোনোবা কেপ্তেইন, কোনোবা অন্য কিবা হয়। ৰাজ্যৰ মালাতো কোনোবা আঢ্যৱন্ত প্ৰজা, কোনোবা দৰিদ্ৰ প্ৰজা, ক্ৰমানুসৰি হয়। সন্তানসকলে জানে যে যথাযথ আমি স্বয়ং শ্ৰীমতৰ আধাৰত সৃষ্টিত শ্ৰেষ্ঠ ৰাজধানী স্থাপনা কৰি আছো। যিয়ে যিমান পৰিশ্ৰম কৰে সিমানেই পিতাৰ পৰা পুৰস্কাৰ প্ৰাপ্ত কৰে। আজি-কালি শান্তি স্থাপনৰ কাৰণে ৰায় দিওঁতাজনকো পুৰস্কৃত কৰা হয়। তোমালোক সন্তানসকলেও পুৰস্কাৰ পোৱা। তেওঁলোকে সেইয়া নাপায়। তেওঁলোকে সকলো বস্তু অল্পকালৰ বাবেহে প্ৰাপ্তি কৰে। তোমালোকে পিতাৰ শ্ৰীমতৰ আধাৰত নিজৰ ৰাজধানী স্থাপন কৰি আছা। সেইয়াও 21 জন্মৰ, 21 প্ৰজন্মৰ বাবে নিশ্চিত ভাৱে। তাত শৈশৱ বা কৈশোৰ কালত কালে গ্ৰাস নকৰে। এইয়াও জানা যে এয়া তোমালোকৰ মনত বা অন্তৰত নাছিল, আমি এনেকুৱা স্থানত আহি বহিছোঁ য'ত তোমালোকৰ স্মৃতি চিহ্নও বিৰাজমান হৈ আছে। য'ত তোমালোকে 5 হাজাৰ বছৰ পূৰ্বেও সেৱা কৰিছিলা। দেলৱাড়া মন্দিৰ, অচলঘৰ, গুৰু শিখৰ আছে। উচ্চতকৈ উচ্চ সৎগুৰুও তোমালোকে প্ৰাপ্ত কৰিছা, যাৰ স্মৃতি চিহ্ন সজোৱা আছে। অচলঘৰৰো ৰহস্য তোমালোকে বুজি পাইছা। সেইয়া হল ঘৰৰ মহিমা। তোমালোকে উচ্চতকৈও উচ্চ পদ প্ৰাপ্ত কৰা নিজৰ পুৰুষাৰ্থৰ দ্বাৰা। এইয়া হৈছে তোমালোকৰ আশ্চৰ্যজনক জড় স্মৃতি চিহ্ন। তাত তোমালোকে চৈতন্য ৰূপত আহি বহি আছা। এই সকলোবোৰ আত্মিক কাৰোবাৰ (কাৰ্য-কলাপ), যি কল্পৰ আগতে চলিছিল। তাৰ সম্পূৰ্ণ স্মৃতি চিহ্ন ইয়াত আছে। প্ৰথম শ্ৰেণীৰ স্মৃতি চিহ্ন। যেনেকৈ কোনোবাই বিশেষ পৰীক্ষাত উত্তীৰ্ণ হলে তেতিয়া তেওঁৰ অন্তৰত আনন্দ, জিলিকনি আহি যায়। আচবাব,পোচাক-পাতি কিমান ভালকৈ ৰাখে। তোমালোকতো বিশ্বৰ মালিক হোৱাগৈ। তোমালোকৰ লগত কাৰোৰে তুলনা কৰিব নোৱাৰে। এইয়াও পঢ়াশালি। পঢ়াঁওতাজনকো তোমালোকে জানি ল'লা। ভগৱানুবাচ, ভক্তি মাৰ্গত যাক স্মৰণ কৰা হয়, পূজা কৰা হয়, একোৱেই গম পোৱা নাযায়। পিতাইহে সন্মুখলৈ আহি সকলো ৰহস্য বুজায় কিয়নো এই স্মৃতি চিহ্নবোৰ সকলো তোমালোকৰেই শেষৰ অৱস্থাৰ। এতিয়াও ফলাফল ঘোষিত হোৱা নাই। যেতিয়া তোমালোকৰ অৱস্থা সম্পূৰ্ণ হৈ যায়, তেতিয়া ভক্তি মাৰ্গত তাৰ স্মাৰক হয়। যেনেদৰে ৰক্ষা বন্ধনৰ স্মৃতি চিহ্ন আছে। যেতিয়া সম্পূৰ্ণ দৃঢ় ৰাখী বান্ধি আমি নিজৰ ৰাজ্য ভাগ্য প্ৰাপ্ত কৰি লওঁ, তেতিয়া আৰু স্মৃতি দিৱস উৎযাপন কৰা নহয়। এই সময়ত তোমালোকক সকলো মন্ত্ৰৰ অৰ্থ বুজোৱা হৈছে। ওঁম্ৰ অৰ্থ বুজোৱা হৈছে। ওঁম্ৰ অৰ্থ দীঘলীয়া নহয়। ওঁম্ৰ অৰ্থ হৈছে অহম আত্মা (মই আত্মা), মম শৰীৰ (মোৰ শৰীৰ)। অজ্ঞান কালতো তোমালোক দেহ-অভিমানত থাকা তেতিয়া নিজকে শৰীৰ বুলি বুজা। দিনে-প্ৰতিদিনে ভক্তি মাৰ্গ অধঃপতিত হৈ গৈ থাকে। তমোপ্ৰধান হৈ গৈ থাকে। প্ৰতিটো বস্তু প্ৰথমতে সতোপ্ৰধান হয়। ভক্তিও প্ৰথমে সতোপ্ৰধান আছিল। যেতিয়া এজন সত্য শিৱবাবাক স্মৰণ কৰিছিল। আছিলো বহুত কম সংখ্যক। দিনে-প্ৰতিদিনে বৃদ্ধি বহুত হ'ব। পশ্চিমীয়া (বিদেশত) দেশত বেছি সন্তান জন্ম দিওঁতাজনক পুৰস্কৃত কৰা হয়। পিতাই কয় - কাম হৈছে মহাশত্ৰু। সৃষ্টিৰ ইতিমধ্যে বহুত বৃদ্ধি হ'ল, এতিয়া পবিত্ৰ হোৱা।

তোমালোক সন্তানসকলে এতিয়া পিতাৰ দ্বাৰা সৃষ্টিৰ আদি-মধ্য-অন্তক জানিছা। সত্যযুগত ভক্তিৰ কোনো নাম চিহ্নই নাথাকে। এতিয়াতো কিমান ধুমধাম, মেলা আদি বহুত আয়োজিত কৰে, য'ত মনুষ্যই গৈ আন্তৰিক তৃপ্তি লাভ কৰে। পিতাই আহি তোমালোকৰ অন্তৰ 21 জন্মৰ কাৰণে তৃপ্ত কৰি দিয়ে। যাৰ ফলস্বৰূপে তোমালোক সদায় আন্তৰিক তৃপ্তিত থাকা। তোমালোকৰ মেলা আদিলৈ যোৱাৰ প্ৰয়োজন কেতিয়াও অনুভৱ নহব। সুখ প্ৰাপ্ত কৰিবলৈ মনুষ্য ক'লৈনো নাযায়। তোমালোকে কোনো পাহাৰ আদিলৈ যোৱাৰ প্ৰয়োজন নাই। ইয়াত চোৱা মনুষ্যৰ কেনেকৈ মৃত্যু হয়। মনুষ্যইতো সত্যযুগ-কলিযুগ, স্বৰ্গ-নৰকৰ বিষয়েও নাজানে। তোমালোক সন্তানসকলেতো সম্পূৰ্ণ জ্ঞান পাইছা। পিতাই এনেকৈ নকয় যে তোমালোক মোৰ লগত থাকিব লাগে। তোমালোকে ঘৰ-সংসাৰো চম্ভালিব লাগে। সন্তানসকল তেতিয়াহে বিচ্ছেদ হয় যেতিয়া পৰস্পৰৰ মাজত মত বিৰুদ্ধ হয়। তথাপিও তোমালোকে পিতাৰ সংগত থাকিব নোৱাৰা। সকলোৱে সতোপ্ৰধান অৱস্থা প্ৰাপ্ত কৰিব নোৱাৰে। কোনোবা সতো, কোনোবা ৰজো, কোনোবা তমো অৱস্থাতো আছে। সকলো একেলগে থাকিব নোৱাৰিব। এয়া ৰাজধানী স্থাপনা হৈ আছে। যিয়ে যিমান পিতাক স্মৰণ কৰিব, সেই অনুযায়ী ৰাজধানীত পদ প্ৰাপ্ত কৰিব। মূল কথা হৈছে পিতাক স্মৰণ কৰাৰ। পিতাই নিজে বহি ড্ৰিল (ব্যায়াম) শিকায়। এইয়াহৈছে ডেড চাইলেন্স (সম্পূৰ্ণ নিস্তব্ধতা; শান্ত অৱস্থা)। তোমালোকে ইয়াত যি দেখিবলৈ পোৱা, সেয়া চাব নালাগে। দেহৰ সৈতে সকলো ত্যাগ কৰিব লাগে। তোমালোকে কি চোৱা? এক হৈছে নিজৰ ঘৰ খনক আৰু পঢ়া অনুযায়ী যি পদ প্ৰাপ্ত কৰিবা, সেই সত্যযুগী ৰাজ্যৰ বিষয়েও তোমালোকে জানা, যেতিয়া সত্যযুগ হয়, তেতিয়া ত্ৰেতা নাথাকে, ত্ৰেতা হলে তেতিয়া দ্বাপৰ নাথাকে, দ্বাপৰ হ'লে কলিযুগ নাথাকে। এতিয়া কলিযুগো হয় আৰু সংগমযুগো হয়। যদিও তোমালোক পুৰণি সৃষ্টিত বহি আছা কিন্তু বুদ্ধিৰে বুজি পোৱা যে আমি হৈছো সংগমযুগী। সংগম যুগৰ পৰিভাষাও তোমালোকেও জানা। পুৰুষোত্তম বৰ্ষ, পুৰুষোত্তম মাহ, পুৰুষোত্তম দিনো এই পুৰুষোত্তম সংগম যুগতেই হয়। পুৰুষোত্তম হোৱাৰ সময়ো এই পুৰুষোত্তম যুগতেই আছে। এইটো বহুত সৰু লিপ যুগ। তোমালোকে বাজোলী (ডিগবাজি; লুটি-বাগৰ মৰা খেল) খেল খেলা, যাৰ দ্বাৰা তোমালোক স্বৰ্গলৈ যোৱা। বাবাই দেখিছে কেনেকৈ সাধু সকলে বা অন্য কোনো মনুষ্যই বাজোলী খেলি-খেলি যাত্ৰা কৰে। বহুত কঠিনতাৰ সন্মুখীন হয়। এতিয়া ইয়াত কঠিনতাৰ কোনো কথা নাই। ইয়াত যোগবলৰ কথা। তোমালোক সন্তানসকলে স্মৃতিৰ যাত্ৰা কঠিন অনুভৱ কৰা নেকি? নামো বহুত সহজ ৰখা হৈছে। যাতে শুনি ভয় নাখায়। কয় বাবা আমি যোগত থাকিব নোৱাৰো। বাবাই পুনৰ সহজ কৰি দিয়ে। এইয়া হল পিতাৰ স্মৃতি। স্মৰণতো প্ৰতিটো বস্তুৰেই কৰা হয়। পিতাই কয় নিজকে আত্মা বুলি ভাবা। তোমালোক সন্তান নোহোৱা জানো। এওঁ তোমালোকৰ পিতাও হয়, প্ৰেমিকো হয়। সকলো প্ৰেমিকাই তেওঁক স্মৰণ কৰে, এক 'পিতা' শব্দই যথেষ্ট। ভক্তি মাৰ্গত তোমালোকে মিত্ৰ-সম্বন্ধীক স্মৰণ কৰা, তথাপিও হে প্ৰভু, হে ঈশ্বৰ বুলি নিশ্চয় কোৱা। মাত্ৰ তেওঁ কি বস্তু সেই বিষয়ে অজ্ঞ। আত্মাসকলৰ পিতাতো হৈছে পৰমাত্মা। এই শৰীৰৰ পিতাতো দেহধাৰী হয়। আত্মাৰ পিতা অশৰীৰী। তেওঁ কেতিয়াও পুনৰ জন্ম নলয়। বাকী সকলোৱে পুনৰ জন্ম লয়, সেয়েহে পিতাকেই স্মৰণ কৰে। নিশ্চয় কেতিয়াবা সুখ দিছিল। তেওঁক দুখহৰ্তা, সুখকৰ্তা বুলি কয়, কিন্তু তেওঁৰ নাম, ৰূপ, দেশ, কালৰ বিষয়ে অজ্ঞ। যিমান মনুষ্য, সিমান মত। অনেক মত হৈ গ'ল।

পিতাই কিমান স্নেহেৰে পঢ়ুৱায়। তেওঁ হৈছে ঈশ্বৰ, শান্তিদাতা। তেওঁৰ পৰা কিমান সুখ প্ৰাপ্ত হয়। মাত্ৰ গীতা শুনাই পতিতক পাৱণ কৰি তোলে। প্ৰবৃত্তি মাৰ্গৰো প্ৰয়োজন আছে। মনুষ্যই কল্পৰ আয়ুস লাখ বছৰ বুলি কৈ দিলে, তেনেহলেতো অগণন মনুষ্য হৈ যাব। কিমান ভুল কৰিলে। এই জ্ঞান তোমালোকে এতিয়া প্ৰাপ্ত কৰিছা আকৌ প্ৰায় লুপ্ত হৈ যাব। চিত্ৰতো আছে, যাৰ পূজা হয়। কিন্তু নিজকে দেৱতা ধৰ্মৰ বুলি বুজি নাপায়। যিয়ে যাক পূজা কৰে, তেওঁ সেই ধৰ্মৰে হয়। এইটো বুজি নাপায় যে আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ। তেওঁলোকৰে বংশাৱলী। এইয়াই পিতাইহে বুজায়। পিতাই কয় - তোমালোক পাৱন আছিলা, তাৰ পিছত তমোপ্ৰধান হ'লা, এতিয়া পাৱন সতোপ্ৰধান হ'ব লাগিব। গঙ্গা স্নানৰ দ্বাৰা হবা জানো? পতিত-পাৱনতো পিতা হয়। তেওঁ যেতিয়া আহি পথ দেখুৱাব তেতিয়াহে পবিত্ৰ হ'ব পাৰিবা। আহ্বান কৰি থাকে কিন্তু একোৱে নাজানে। আত্মাই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা পিতাক আহ্বান কৰে হে পতিত-পাৱন আহি আমাক পবিত্ৰকৰি তোলা। সকলো পতিত, কাম চিতাত জ্বলি-পুৰি থাকে। এই খেলখনেই এনেদৰে ৰচা আছে। পাছত পিতা আহি সকলোকে পবিত্ৰকৰি তোলে।এই পিতাই সংগমতে বুজায়। সত্যযুগত এক ধৰ্ম হয়, বাকী সকলো উভতি গুছি যায়। তোমালোকে ড্ৰামাখনক জানিলা, যিটো আন কোনেও নাজানে। এই ৰচনাৰ আদি, মধ্য, অন্ত কি, ইয়াৰ ড্যুৰেচন (সময় সীমা) কিমান, এইয়া তোমালোকেহে জানা। সেই সকলো হৈছে শূদ্ৰ, তোমালোক হৈছা ব্ৰাহ্মণ। তোমালোকেও পুৰুষাৰ্থৰ ক্ৰমাঙ্ক অনুযায়ী জানা। কোনোবাই ভুল কৰিলে তেতিয়া তেওঁৰ খতিয়নৰ পৰা দেখা পোৱা যায় যে কমকৈ পঢ়িছে। চৰিত্ৰৰ ৰেজিষ্টাৰ (খতিয়ন) থাকে। ইয়াতো ৰেজিষ্টাৰ থকা উচিত। এইয়া হৈছে স্মৃতিৰ যাত্ৰা, যাৰ বিষয়ে কোনেও নাজানে। সকলোতকৈ মূখ্য বিষয় হৈছে স্মৃতিৰ যাত্ৰা। নিজকে আত্মা নিশ্চয় কৰি পিতাক স্মৰণ কৰিব লাগে। আত্মাই মুখৰ দ্বাৰা কয় মই এটা শৰীৰ এৰি আন এটা লওঁ। এই সকলো কথা এই ব্ৰহ্মাবাবাই নুবুজায়। কিন্তু জ্ঞান সাগৰ পৰমপিতা পৰমাত্মাই এই ৰথত বহি শুনায়। কোৱা হয় গো-মুখ। মন্দিৰো ইয়াত নিমাৰ্ণ কৰি থোৱা আছে, যত তোমালোকে বহি আছা। যেনেদৰে তোমালোকৰচিড়িআছে, তেনেদৰে তাতো চিড়ি (জখলা) আছে। তোমালোকে ওপৰলৈ উঠোতে ভাগৰ অনুভৱ নকৰা।

তোমালোকে ইয়ালৈ আহিছা পিতাৰ দ্বাৰা পঢ়ি পুনৰুজ্জীৱিত হবলৈ। তাত কাম কাজ বহুত। শান্তিৰে শুনিবও নোৱাৰা। সংকল্প চলি থাকিব- কোনোৱাই নেদেখিলেই হল, ঘৰলৈ সোনকালে যাওঁ। কিমান চিন্তা থাকে। ইয়াত কোনো চিন্তা নাই, ইয়াত যেন হোষ্টেলত থাকা। ইয়াত ঈশ্বৰীয় পৰিবাৰ। শান্তিধামত ভাই-ভাই ৰূপত থাকে। ইয়াত আছে ভাই-ভনী কিয়নো ইয়াত ভূমিকা পালন কৰিব লাগে গতিকে ভাই-ভনী লগিব। সত্যযুগতো তোমালোক পৰস্পৰ ভাই-ভনী আছিলা। তাক কোৱা হয় অদ্বৈত ৰাজধানী। তাত হাই-কাজিয়া একো নহয়। তোমালোক সন্তানসকলে সম্পূৰ্ণ জ্ঞান প্ৰাপ্ত কৰিলা যে আমি 84 জন্ম লওঁ। যি জনে অতি ভক্তি কৰিছে, তাৰ হিচাপো পিতাই শুনাইছে। তোমালোকেই শিৱৰ অব্যভাচাৰী ভক্তি কৰাৰ আৰম্ভণি কৰা। আকৌ পুনৰ বৃদ্ধি হৈ যায়। সেইয়া সকলো হৈছে ভক্তি। জ্ঞানটো এটাই হয়। তোমালোকে জানা যে আমাক শিৱবাবাই পঢ়ায়। এই ব্ৰহ্মাইতো একোৱেই নাজানিছিল। যিজন গ্ৰেট-গ্ৰেট গ্ৰেণ্ড ফাডাৰ আছিল তেওঁৱেই এই সময়ত এনেকুৱা হৈছে পুনৰ মালিক হব, তত্ত্বম (তোমালোকৰ ক্ষেত্ৰতো সেয়াই)। এজনেইতো মালিক নহব। তোমালোকেও পুৰুষাৰ্থ কৰা। এইয়া হৈছে বেহদৰ পঢ়াশালী (স্কুল)। ইয়াৰ অনেক শাখা হব। অলিয়ে-গলিয়ে ঘৰে ঘৰে হৈ যাব। কয় আমি নিজৰ ঘৰত চিত্ৰ ৰাখিছো, মিত্ৰ সমন্ধীয় আদি আহিলে তেতিয়া তেওঁলোকক বুজাওঁ। যিজন এই বৃক্ষজোপাৰ পাত হব তেওঁ আহিব। তেওঁলোকৰ কল্যাণৰ কাৰণে তোমালোকে এই ব্যৱস্থা কৰিছা। চিত্ৰৰ ওপৰত বুজাবলৈ সহজ হয়। শাস্ত্ৰতো বহুত পঢ়িছা, এতিয়া সকলো পাহৰি যাব লাগিব। পিতা হৈছে পঢ়াওঁতা, তেওঁৱেই সত্য জ্ঞান শুনায়। ভাল বাৰু!

কল্পৰ পিছত পুনৰাই লগ পোৱা অতি মৰমৰ সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ডেড চাইলেন্স (সম্পূৰ্ণ নিস্তব্ধতা; শান্ত অৱস্থা)ৰ ড্ৰিলকৰিবলৈ ইয়াত এই দুচকুৰে যি দেখিবলৈ পোৱা যায় সেয়া চাব নালাগে। বুদ্ধিৰে দেহৰ সৈতে সকলো ত্যাগ কৰি নিজৰ ঘৰ আৰু ৰাজ্যৰ স্মৃতিত থাকিব লাগে।

(2) নিজৰ কেৰেক্টাৰৰ (চৰিত্ৰৰ) ৰেজিষ্টাৰ (খতিয়ন) ৰাখিব লাগে। পঢ়াত কেতিয়াও অৱহেলা কৰিব নালাগে। এই পুৰুষোত্তম সংগম যুগত পুৰুষোত্তম হব লাগে আৰু আনকো পুৰুষোত্তম কৰি তুলিব লাগে।

বৰদান:
পিতাৰআ জ্ঞাঅনু সৰিবুদ্ধিকখালীক ৰিৰাখোঁ তাব্যৰ্থআৰু বিকাৰীস্বপ্নৰপ ৰাওমুক্তহোৱা

পিতাৰ আজ্ঞা হৈছে শোৱাৰ সময়ত সদায় নিজৰ বুদ্ধি খালী কৰা, ভাল বা বেয়া যিয়েই নহওঁক সকলো পিতাক অৰ্পণ কৰি বুদ্ধি খালী কৰি দিয়া। পিতাক অৰ্পণ কৰি পিতাৰ সৈতে শুই যোৱা। অকলে নহয়। অকলেশুলেবা ব্যৰ্থ কথাৰ বৰ্ণনা কৰি-কৰি শুই গলে তেতিয়াই ব্যৰ্থ বা বিকাৰী স্বপ্ন আহে। এইয়াও আলস্য। এই আলস্য ত্যাগ কৰি আজ্ঞা অনুসৰি চলা তেতিয়া ব্যৰ্থ বা বিকাৰী স্বপ্নৰ পৰা মুক্ত হৈ যাবা।

স্লোগান:
ভাগ্যৱান আত্মাইহেসঁচা সেৱাৰদ্বাৰাস কলোৰেআশী ৰ্বাদপ্ৰাপ্তকৰে।