06.05.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল নিজে নিজক চোৱা - মই ফুল হৈছোঁনে, দেহৰ অহংকাৰত আহি কাঁইটতো নহওঁ? পিতা তোমালোকক কাঁইটৰ পৰা ফুল কৰি তুলিবলৈ আহিছে

প্ৰশ্ন:
কোনটো নিশ্চয়ৰ আধাৰত পিতাৰ প্ৰতি অটুট স্নেহ থাকিব পাৰে?

উত্তৰ:
প্ৰথমতে নিজকে আত্মা নিশ্চয় কৰা তেতিয়া পিতাৰ প্ৰতি স্নেহ থাকিব। এইটোও অটুট নিশ্চয় থাকিব লাগে যে নিৰাকাৰ পিতা এই ভাগীৰথত বিৰাজমান হৈ আছে। তেওঁ আমাক এওঁৰ দ্বাৰা পঢ়াই আছে। যেতিয়া এইটো নিশ্চয় নোহোৱা হয় তেতিয়া স্নেহ কম হৈ যায়।

ওঁম্শান্তি।
কাঁইটৰ পৰা ফুল কৰি তোলোঁতা ভগৱানুবাচ (ভগৱানৰ বাণী) অথবা বাগিচাৰ মালী ভগৱানুবাচ। সন্তানসকলে জানে যে আমি ইয়ালৈ কাঁইটৰ পৰা ফুল হবলৈ আহিছোঁ। প্ৰত্যেকে বুজে আগতে আমি কাঁইট আছিলোঁ। এতিয়া ফুল হৈ আছোঁ। পিতাৰ মহিমাতো বহুত কৰে, পতিত-পাৱন আহা। তেওঁ নাৱৰীয়া হয়, বাগিচাৰ মালী হয়, পাপ খণ্ডন কৰোঁতা হয়। বহুত নামেৰে মাতে কিন্তু চিত্ৰ সকলো ঠাইতে একে। তেওঁৰ গুণানুকীৰ্তনো কৰে জ্ঞানৰ সাগৰ, সুখৰ সাগৰ... এতিয়া তোমালোকে জানা যে আমি সেই এজন পিতাৰ ওচৰত বহি আছোঁ। কাঁইটৰূপী মনুষ্যৰ পৰা আমি ফুলৰূপী দেৱতা হবলৈ আহিছোঁ। এয়া হৈছে এইম-অৱজেক্ট (লক্ষ্য-উদ্দেশ্য)। এতিয়া প্ৰত্যেকে নিজৰ অন্তৰত চাব লাগে, মোৰ দৈৱীগুণ আছেনে? মই সৰ্বগুণ সম্পন্ন হওঁনে? আগতেতো দেৱতাসকলৰ গুণানুকীৰ্তন কৰিছিলা, নিজকে কাঁইট বুলি ভাবিছিলা। আমাৰ নিৰ্গুণীৰ কোনো গুণ নাই... কিয়নো 5 বিকাৰ আছে। দেহ-অভিমানো বহুত কাঢ়া অভিমান। নিজকে আত্মা বুলি ভাবিলে তেতিয়া পিতাৰ প্ৰতিও বহুত স্নেহ থাকিব। এতিয়া তোমালোকে জানা যে নিৰাকাৰ পিতা এই ৰথত (ব্ৰহ্মাৰ শৰীৰত) বিৰাজমান হৈ আছে। এইটো নিশ্চয় কৰোঁতে কৰোঁতেও আকৌ নিশ্চয় নোহোৱা হৈ যায়। তোমালোকে কোৱাও আমি শিৱবাবাৰ ওচৰলৈ আহিছোঁ। যিজন এই ভাগীৰথ প্ৰজাপিতা ব্ৰহ্মাৰ শৰীৰত আছে, আমাৰ; সকলো আত্মাৰ পিতা এজন শিৱবাবা, তেওঁ এই ৰথত বিৰাজমান হৈ আছে। এইটো একেবাৰে দৃঢ় নিশ্চয়ৰ প্ৰয়োজন, এই ক্ষেত্ৰতে মায়াই সংশয়ত লৈ আহে। কন্যা পতিৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়, ভাবে তেওঁৰ পৰা বহুত সুখ পাব, কিন্তু কি সুখ পায়, গৈ তৎক্ষণাৎ অপৱিত্ৰ হৈ যায়। কুমাৰী হলে মা-পিতা আদি সকলোৱে মূৰ দোঁৱায় কিয়নো পবিত্ৰ হয়। অপৱিত্ৰ হল আৰু সকলোৰে সন্মুখত মূৰ দোঁৱাবলৈ আৰম্ভ কৰি দিয়ে। আজি সকলোৱে তেওঁক মূৰ দোঁৱায় কাইলৈ নিজে মূৰ দোঁৱাব লাগি যায়।

তোমালোক সন্তানসকল সংগমত পুৰুষোত্তম হৈ আছা। কাইলৈ কত থাকিবা? বৰ্তমান এয়া ঠিকনা কি! কিমান লেতেৰা কৰ্মকাণ্ড হৈ আছে! ইয়াক কোৱাই হয় বেশ্যালয়। সকলোৱে বিহৰ দ্বাৰা জন্ম হয়। তোমালোকেই শিৱালয়ত আছিলা, আজিৰ পৰা 5000 বছৰ আগতে বহুত সুখী আছিলা। দুখৰ নাম-চিহ্ন নাছিল। এতিয়া পুনৰ এনেকুৱা হবলৈ আহিছা। মনুষ্যই শিৱালয়ৰ বিষয়ে নাজানেই। স্বৰ্গক কোৱা হয় শিৱালয়। শিৱবাবাই স্বৰ্গৰ স্থাপনা কৰিলে। বাবা বুলিতো সকলোৱে কয় কিন্তু সোধাচোন ফাদাৰ (পিতা) কত আছে? তেতিয়া সৰ্বব্যাপী বুলি কৈ দিয়ে। কুকুৰ, মেকুৰী, কাছ-মাছ সকলোতে আছে বুলি কৈ দিয়ে তেন্তে কিমান পাৰ্থক্য হল! পিতাই কয় তোমালোক পুৰুষোত্তম আছিলা, আকৌ 84 জন্ম ভোগ কৰি তোমালোক কি হৈ গলা? নৰকবাসী হৈছা সেইবাবে সকলোৱে গায় হে পতিত-পাৱন আহা। এতিয়া পিতা পাৱন কৰিবলৈ আহিছে। তেওঁ কয় এই অন্তিম জন্মত বিহ পান কৰিবলৈ এৰা। তথাপিও নুবুজে। সকলো আত্মাৰ পিতাই এতিয়া কয় পবিত্ৰ হোৱা। সকলোৱে কয়ো বাবা, আত্মাৰ প্ৰথমে সেইজন পিতা (শিৱবাবা) স্মৃতিত আহে, পাচত এইজন বাবা। নিৰাকাৰত সেইজন বাবা, সাকাৰত আকৌ এইজন বাবা। ছুপ্ৰিম (সৰ্বোত্তম) আত্মাই বহি এই পতিত আত্মাসকলক বুজায়। তোমালোকো প্ৰথমতে পবিত্ৰ আছিলা। পিতাৰ লগত আছিলা আকৌ তোমালোক ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহিছা। এই চক্ৰক ভালদৰে বুজি লোৱা। এতিয়া আমি সত্যযুগলৈ; নতুন সৃষ্টিলৈ যাবলৈ ওলাইছো। তোমালোকৰ আশাও আছে নহয় যে আমি স্বৰ্গলৈ যাওঁ। তোমালোকে কৈছিলাও যে কৃষ্ণৰ নিচিনা যাতে সন্তান পাওঁ। এতিয়া মই আহিছোঁ তোমালোকক এনেকুৱাকৈ গঢ়ি তুলিবলৈ। তাত সন্তান কৃষ্ণৰ দৰেই হয়। সতোপ্ৰধান ফুল নহয় জানো। এতিয়া তোমালোক কৃষ্ণপুৰীলৈ যোৱা। তোমালোকতো স্বৰ্গৰ মালিক হোৱাগৈ। নিজকে সুধিব লাগে - মই ফুল হৈছোঁনে? কৰবাত দেহৰ অহংকাৰত আহি কাঁইটতো নহওঁ? মনুষ্যই নিজকে আত্মা বুলি ভবাৰ সলনি দেহ বুলি ভাবি লয়। আত্মাক পাহৰা বাবে পিতাকো পাহৰি গৈছে। পিতাক পিতাৰ দ্বাৰাহে জনা বাবে পিতাৰ উত্তৰাধিকাৰ পোৱা যায়। বেহদৰ পিতাৰ পৰা উত্তৰাধিকাতো সকলোৱে পায়। এজনো নাথাকে যিয়ে উত্তৰাধিকাৰ নাপায়। পিতাহে আহি সকলোকে পাৱন কৰি তোলে। নিৰ্বাণধামলৈ লৈ যায়। তেওঁলোকেতো কৈ দিয়ে - জ্যোতি জ্যোতিত সমাহিত হৈ গল, ব্ৰহ্মত লীন হৈ গল। জ্ঞান একো নাই। তোমালোকে জানা আমি কাৰ ওচৰলৈ আহিছোঁ? এয়া কোনো মনুষ্যৰ সৎসংগ নহয়। আত্মাসকল পৰমাত্মাৰ পৰা বিচ্ছিন্ন হল, এতিয়া তেওঁৰ সংগ পাইছে। এয়া সঁচা সত্যৰ সংগ 5000 হাজাৰ বছৰত এবাৰে হয়। সত্যযুগ-ত্ৰেতাততো সৎসংগ নাথাকে। বাকী ভক্তিমাৰ্গততো অনেকানেক সৎসংগ আছে। এতিয়া বাস্তৱত সত্যতো এজন পিতাহে হয়। এতিয়া তোমালোক তেওঁৰ সংগত বহি আছা। এইটোও যদি স্মৃতি থাকে যে আমি গড্‌লী ষ্টুডেণ্ট (ঈশ্বৰীয় বিদ্যাৰ্থী), ভগৱানে আমাক পঢ়ায়, সেয়াও অতি সৌভাগ্যৰ কথা।

আমাৰ বাবা ইয়াত আছে, তেওঁ পিতা, টিচাৰ (শিক্ষক) আকৌ গুৰুও হয়। তিনিওটা ভূমিকাই এতিয়া পালন কৰি আছে। সন্তানসকলক নিজৰ কৰি লয়। পিতাই কয় স্মৃতিৰ দ্বাৰাহে বিকৰ্ম বিনাশ হব। পিতাক স্মৰণ কৰিলেহে পাপ খণ্ডন হয় তেতিয়া তোমালোকে লাইটৰ মুকুট পাই যোৱা। এয়াও এটা চিহ্ন। বাকী এনেকুৱা নহয় যে লাইট দেখিবলৈ পোৱা যায়। এয়া পবিত্ৰতাৰ চিহ্ন। এই নলেজ (জ্ঞান) অন্য কোনেও পাব নোৱাৰে। দিওঁতা এজনেই পিতা। তেওঁৰ ফুল নলেজ (সম্পূৰ্ণ জ্ঞান) আছে। পিতাই কয় মই মনুষ্য সৃষ্টিৰ বীজৰূপ হওঁ। এয়া ওলোটা বৃক্ষ। এয়া কল্প বৃক্ষ নহয় জানো। প্ৰথমতে দৈৱী কুলৰ বৃক্ষ আছিল। এতিয়া কাঁইটৰ জংঘল হৈ গৈছে কিয়নো 5 বিকাৰ আহি গৈছে। প্ৰথমতে, মুখ্য হল দেহ-অভিমান। তাত দেহ-অভিমান নাথাকে। ইমানখিনি বুজে আমি আত্মা হওঁ, বাকী পৰমাত্মা পিতাক নাজানে। আমি আত্মা হওঁ, বচ। অন্য কোনো জ্ঞান নাই। (সাপৰ দৃষ্টান্ত) এতিয়া তোমালোকক বুজোৱা হয় যে এয়া জন্ম-জন্মান্তৰৰ পুৰণি গেলি যোৱা ছাল (শৰীৰ) যি এতিয়া তোমালোকে এৰিব লাগে। এতিয়া আত্মা আৰু শৰীৰ দুয়োটা পতিত। আত্মা পবিত্ৰ হৈ গলে তেতিয়া এই শৰীৰ এৰি দিব। সকলো আত্মা দৌৰিব। এই জ্ঞান এতিয়া তোমালোকৰ আছে যে এই নাটক সম্পূৰ্ণ হব। এতিয়া আমি পিতাৰ ওচৰলৈ যাব লাগে, সেইবাবে ঘৰক স্মৰণ কৰিব লাগে। এই দেহক ত্যাগ কৰিব লাগে, শৰীৰ সমাপ্ত হলে তেতিয়া সৃষ্টি সমাপ্ত হব তাৰ পাচত নতুন ঘৰলৈ যাম তেতিয়া নতুন সম্বন্ধ হৈ যাব। তেওঁলোকে তথাপিও পুনৰ্জন্ম ইয়াতেই লয়। তোমালোকেতো ফুলৰ সৃষ্টিত পুনৰ্জন্ম লব লাগে। দেৱতাসকলক পবিত্ৰ বুলি কোৱা হয়। তোমালোকে জানা আমিয়েই ফুল আছিলোঁ আকৌ কাঁইট হলোঁ পুনৰ ফুলৰ সৃষ্টিলৈ যাব লাগে। আগলৈ গৈ তোমালোকৰ বহুত সাক্ষাৎকাৰ হব। এয়া হল খেল-ধেমালি। মীৰাই ধ্যানত খেলিছিল, তেওঁৰ জ্ঞান নাছিল। মীৰাই কোনো বৈকুণ্ঠলৈ যোৱা নাই। ইয়াতেই কৰবাত থাকিব। যদি এই ব্ৰাহ্মণ কুলৰ হয় তেন্তে ইয়াতেই জ্ঞান লৈ আছে। এনেকুৱা নহয়, ডান্স (নৃত্য) কৰিলে গতিকে বচ বৈকুণ্ঠলৈ গুচি গল। এনেকৈতো বহুতে ডান্স কৰিছিল। ধ্যানলৈ গৈ প্ৰত্যক্ষ কৰি আহিছিল পুনৰ গৈ বিকাৰী হলগৈ। গোৱা হয় নহয় ওপৰলৈ উঠিলে (উন্নতি কৰিলে) বৈকুণ্ঠ ৰসৰ সোৱাদ পাবা... পিতাই আশ্বাস দিয়ে তোমালোক বৈকুণ্ঠৰ মালিক হব পাৰা যদিহে জ্ঞান-যোগ শিকা। পিতাক এৰিলা মানে গাঁতত (বিকাৰত) গলা। আচৰিতধৰণে বাবাৰ হয়, শুনে, শুনায় তাৰ পাচত পিতাক এৰি আঁতৰি যায়। অহো মায়া! কিমান গভীৰ আঘাত লাগি যায়। এতিয়া তোমালোক পিতাৰ শ্ৰীমতত দেৱতা হৈ যোৱা। আত্মা আৰু শৰীৰ দুয়োটাই শ্ৰেষ্ঠ লাগে নহয় জানো। দেৱতাসকলৰ জন্ম বিকাৰেৰে নহয়। সেইখন হয়েই নিৰ্বিকাৰী সৃষ্টি। তাত 5 বিকাৰ নাথাকে। শিৱবাবাই স্বৰ্গ স্থাপন কৰিছিল। এতিয়াতো নৰক হয়। এতিয়া তোমালোক পুনৰ স্বৰ্গবাসী হবলৈ আহিছা, যিসকলে ভালদৰে পঢ়ে তেওঁলোকহে স্বৰ্গলৈ যাব। তোমালোকে পুনৰ পঢ়া, কল্প কল্প পঢ়ি থাকিবা। এই চক্ৰ ঘূৰি থাকিব। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা, ইয়াৰ পৰা কোনেও মুক্ত হব নোৱাৰে। যি কিছু দেখিবলৈ পোৱা, মহ উৰিছে, কল্পৰ পাচতো উৰিব। এয়া বুজিবলৈ বহুত ভাল বুদ্ধিৰ প্ৰয়োজন। এয়া ছুটিং (দৃশ্যগ্ৰহণ) চলি থাকে। এয়া হৈছে কৰ্মক্ষেত্ৰ। পৰমধামৰ পৰা ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহিছা।

এতিয়া এই পঢ়াত কোনোবাতো বহুত বুদ্ধিমান হৈ যায়, কোনোবাই এতিয়া পঢ়ি আছে। কোনোৱে পঢ়ি পঢ়ি পুৰণাসকলতকৈও তীক্ষ্ণ হৈ যায়। জ্ঞান সাগৰেতো সকলোকে পঢ়াই থাকে। পিতাৰ হলা আৰু বিশ্বৰ উত্তৰাধিকাৰ তোমালোকৰ। অৱশ্যে হয়, তোমালোক আত্মা যি পতিত হৈ গৈছা পাৱন নিশ্চয় হব লাগিব, তাৰ বাবে অতিকৈ সহজ উপায় হল বেহদৰ পিতাক স্মৰণ কৰি থাকিবা তেতিয়া তোমালোক এয়া (দেৱী-দেৱতা) হৈ যাবা। তোমালোক সন্তানসকলৰ এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য জন্মা উচিত। বাকী মুক্তিধাম, জীৱনমুক্তিধাম আছে আৰু পিতাৰ বাহিৰে আন কাকো আমি স্মৰণ নকৰোঁ। ৰাতিপুৱাই উঠি অভ্যাস কৰিব লাগে যে আমি অশৰীৰী হৈ আহিছোঁ, অশৰীৰী হৈ যাব লাগে। তেনেস্থলত কোনো দেহধাৰীক আমি কিয় স্মৰণ কৰিব লাগে। ৰাতিপুৱা অমৃতবেলা উঠি নিজৰ সৈতে এনেকুৱা কথাবোৰ পাতিব লাগে। ৰাতিপুৱাক অমৃতবেলা বুলি কোৱা হয়। জ্ঞান অমৃত জ্ঞান সাগৰৰ ওচৰত আছে। সেয়েহে জ্ঞান সাগৰে কয় ৰাতিপুৱাৰ সময়খিনি বহুত ভাল। ৰাতিপুৱা উঠি বহুত স্নেহেৰে পিতাক স্মৰণ কৰিবা বাবা, আপোনাক 5000 বছৰ পাচত পুনৰ লগ পাইছোঁ। এতিয়া পিতাই কয় মোক স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হৈ যাব। শ্ৰীমতত চলিব লাগে। সতোপ্ৰধান নিশ্চয় হব লাগে। পিতাক স্মৰণ কৰাৰ অভ্যাস হৈ গলে তেতিয়া আনন্দত বহি থাকিবা। শৰীৰৰ বোধ নাইকিয়া হৈ গৈ থাকিব। পাচত দেহৰ বোধ নাথাকিব। বহুত আনন্দিত হৈ থাকিবা। তোমালোক যেতিয়া পবিত্ৰ আছিলা তেতিয়া আনন্দত আছিলা। তোমালোকৰ বুদ্ধিত এই সকলো জ্ঞান থকা উচিত। প্ৰথমতে যিসকল আহে নিশ্চয় তেওঁলোকে 84 জন্ম লব। তাৰ পাচত চন্দ্ৰবংশী কিছু কম, ইছলামীসকলে তাতোকৈ কম (জন্ম লব)। ক্ৰমানুসৰি বৃক্ষৰ বৃদ্ধি হয় নহয় জানো। মুখ্য হৈছে ডীটী (দৈৱী) ধৰ্ম পুনৰ তাৰ পৰা 3টা ধৰ্ম ওলায়। তাৰ পাচত ঠাল-ঠেঙুলি ওলায়। এতিয়া তোমালোকে ড্ৰামাক জানা। এই ড্ৰামা ওকণিৰ দৰে বহুত লাহে লাহে ঘূৰি থাকে। ছেকেণ্ডৰ পাচত ছেকেণ্ড টিক্‌ টিককৈ চলি থাকে সেইবাবে গোৱা হয় ছেকেণ্ডত জীৱনমুক্তি। আত্মাই নিজৰ পিতাক স্মৰণ কৰে। বাবা আমি আপোনাৰ সন্তান। আমিতো স্বৰ্গত থকা উচিত। তেন্তে আকৌ নৰকত কিয় পৰি আছোঁ। পিতাতো স্বৰ্গৰ স্থাপন কৰোঁতা হয় তেন্তে আকৌ নৰকত কিয় পৰি আছোঁ। পিতাই বুজায় তোমালোক স্বৰ্গত আছিলা, 84 জন্ম লৈ লৈ তোমালোকে সকলো পাহৰি গলা। এতিয়া পুনৰ মোৰ মতত চলা। পিতাৰ স্মৃতিৰেহে বিকৰ্ম বিনাশ হব কিয়নো আত্মাতহে খাদ (বিকাৰৰ লেপ) পৰে। শৰীৰ হৈছে আত্মাৰ অলংকাৰ। আত্মা পবিত্ৰ হলে তেতিয়া শৰীৰো পবিত্ৰ পোৱা যায়। তোমালোকে জানা যে আমি স্বৰ্গত আছিলোঁ, এতিয়া পুনৰ পিতা আহিছে গতিকে পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লোৱা উচিত নহয় জানো। 5 বিকাৰক এৰিব লাগে। দেহ-অভিমান এৰিব লাগে। কাম-কাজ কৰি পিতাক স্মৰণ কৰি থাকিবা। আত্মাই নিজৰ প্ৰেমিকক আধাকল্পৰ পৰা স্মৰণ কৰি আহিছে। এতিয়া সেই প্ৰেমিক আহিছে। তেওঁ কয় তোমালোক কাম চিতাত বহি কলা হৈ গৈছা। এতিয়া মই সুন্দৰ কৰি তুলিবলৈ আহিছোঁ। তাৰ বাবে এয়া যোগ অগ্নি। জ্ঞানক চিতা বুলি কোৱা নহব। যোগৰ চিতা হয়। যোগৰ চিতাত বহিলে বিকৰ্ম বিনাশ হব। জ্ঞানকতো নলেজ বুলি কোৱা হয়। পিতাই তোমালোকক সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। উচ্চতকৈও উচ্চ হৈছে পিতা তাৰ পাচত ব্ৰহ্মা-বিষ্ণু-শংকৰ, তাৰ পাচত সূৰ্যবংশী-চন্দ্ৰবংশী তাৰ পাচত অন্য ধৰ্মবোৰৰ বাইপ্লট (গৌণ বা পাৰ্শ্ব দৃশ্য)। বৃক্ষ কিমান ডাঙৰ হৈ গৈ থাকে। এতিয়া এই বৃক্ষৰ ফাউণ্ডেচন (আধাৰ) নাই সেইবাবে বনেন ট্ৰী (বট-বৃক্ষ)ৰ উদাহৰণ দিয়া হয়। দেৱী-দেৱতা ধৰ্ম প্ৰায়ঃ লোপ হৈ গৈছে। ধৰ্ম ভ্ৰষ্ট, কৰ্ম ভ্ৰষ্ট হৈ গৈছে। এতিয়া তোমালোক সন্তানসকলে শ্ৰেষ্ঠ হবৰ বাবে শ্ৰেষ্ঠ কৰ্ম কৰা। নিজৰ দৃষ্টি চিভিল (নিৰ্বিকাৰী) কৰি তোলা। তোমালোকে এতিয়া ভ্ৰষ্ট কৰ্ম কৰিব নালাগে। কোনো কুদৃষ্টি যাতে নাযায়। নিজকে চোৱা মই লক্ষ্মী-নাৰায়ণক বৰণ কৰাৰ লায়ক হৈছোঁনে? মই নিজকে আত্মা বুলি ভাবি পিতাক স্মৰণ কৰোঁনে? নিতৌ খতিয়ান যাবা। গোটেই দিনটোত দেহ-অভিমানত আহি কোনো বিকৰ্মতো নকৰিলোঁ? নহলে এশগুণ হৈ যাব। মায়াই চাৰ্টো (খতিয়ানৰ তালিকাও) ৰাখিব নিদিয়ে। 2-4 দিন লিখি পুনৰ এৰি দিয়ে। পিতাৰ খেয়াল থাকে নহয় জানো। দয়া উপজে সন্তানসকলে, মোক স্মৰণ কৰক তেতিয়া পাপ খণ্ডন হৈ যাব। এই ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয়। নিজৰ লোকচান কৰিব নালাগে। জ্ঞানতো বহুত সহজ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ৰাতিপুৱা অমৃতবেলা উঠি পিতাৰ সৈতে মিঠা মিঠা কথা পাতিব লাগে। অশৰীৰী হোৱাৰ অভ্যাস কৰিব লাগে। ধ্যান ৰাখিব লাগে পিতাৰ স্মৃতিৰ বাহিৰে আন একোৱে যাতে স্মৃতিলৈ নাহে।

(2) নিজৰ দৃষ্টি বহুত শুদ্ধ আৰু পবিত্ৰ কৰিব লাগে। দৈৱী ফুলৰ বাগিচা তৈয়াৰ হৈ আছে সেইবাবে ফুল হোৱাৰ পূৰা পুৰুষাৰ্থ কৰিব লাগে। কাঁইট হব নালাগে।

বৰদান:
প্ৰতিটো সংকল্প, সময়, বৃত্তি আৰু কৰ্মৰ দ্বাৰা সেৱা কৰোঁতা নিৰন্তৰ সেৱাধাৰী হোৱা

যেনেকৈ পিতা অতি মৰমৰ হয়, পিতা অবিহনে জীৱন নাই, ঠিক তেনেকৈ সেৱা অবিহনে জীৱন নাই। নিৰন্তৰ যোগীৰ লগে লগে নিৰন্তৰ সেৱাধাৰী হোৱা। শুই থাকিও সেৱা কৰা। শুই থকা সময়ত যদি তোমালোকক কোনোৱে দেখে তেন্তে তোমালোকৰ চেহেৰাৰ দ্বাৰা শান্তি, আনন্দৰ ভাইব্ৰেচন (প্ৰকম্পন) অনুভৱ কৰক। প্ৰতিটো কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা পিতাৰ স্মৃতি সোঁৱৰাই দিয়াৰ সেৱা কৰি থাকা। নিজৰ পাৱাৰফুল (শক্তিশালী) বৃত্তিৰ দ্বাৰা ভাইব্ৰেচন বিয়পাই থাকা, কৰ্মৰ দ্বাৰা কৰ্মযোগী হোৱাৰ বৰদান দি থাকা, প্ৰতিটো খোজতে পদমৰ উপাৰ্জন জমা কৰি থাকা তেতিয়া নিৰন্তৰ সেৱাধাৰী অৰ্থাৎ ছাৰ্ভিচেবল বুলি কোৱা হব।

স্লোগান:
নিজৰ আত্মিক পাৰ্চনেলিটি (ব্যক্তিত্ব)ক স্মৃতিত ৰাখিবা তেতিয়া মায়াজিৎ হৈ যাবা।