06.05.22 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক ব্ৰাহ্মণসকলে ঈশ্বৰৰ কোলা পাইছা, তোমালোকৰ নিচা থকা উচিত পিতাই এই দেহৰ
দ্বাৰা আমাক নিজৰ কৰি লৈছে”
প্ৰশ্ন:
পিতাই কোনটো
দিব্য কৰ্তব্য কৰিছে? যাৰ কাৰণে তেওঁৰ ইমান মহিমা গায়ন কৰা হৈছে?
উত্তৰ:
পতিতক পাৱন কৰি তোলা। সকলো মনুষ্যক মায়া ৰাৱণৰ শিকলিৰ পৰা মুক্ত কৰা - এইটো দিব্য
কৰ্তব্য একমাত্ৰ পিতাইহে কৰে। বেহদৰ পিতাৰ পৰা বেহদৰ সুখৰ উত্তৰাধিকাৰ পোৱা যায়, যি
আকৌ আধাকল্পলৈকে চলে। সত্যযুগত হৈছে সোণালী জয়ন্তী, ত্ৰেতাত হৈছে ৰূপালী জয়ন্তী।
এখন হৈছে সতোপ্ৰধান, আনখন হৈছে সতো। দুয়োখনকেই সুখধাম বুলি কোৱা হয়। এনেকুৱা
সুখধামৰ স্থাপনা পিতাই কৰিছে, সেইকাৰণে তেওঁৰ মহিমা গায়ন কৰা হয়।
গীত:
ইন্চাফ কা
মন্দিৰ হ্যে য়হ...... (ন্যায়ৰ মন্দিৰ এয়া……)
ওঁম্শান্তি।
পিতা আৰু দাদা
মিলি সন্তানসকলক বুজায়। কেতিয়াবা পিতাই বুজায়, কেতিয়াবা দাদায়ো বুজায় কিয়নো এই শৰীৰ
দাদাৰো ঘৰ হয়। পৰমপিতা পৰমাত্মাতো থাকে পৰমধামত। নিশ্চয় কোনোবা সময়ত ভাৰততেই তেওঁৰ
ঘৰ হয় সেইবাবেতো শিৱৰাত্ৰি পালন কৰা হয়। শিৱৰ বহুত মন্দিৰো আছে। গতিকে সিদ্ধ হয় যে
ভাৰত খণ্ডলৈকে তেওঁ আহিবলগীয়া হয়, পতিতক পাৱন কৰি তুলিবলৈ বা সকলো মনুষ্যক মায়া
ৰাৱণৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ কিয়নো এতিয়া ৰাৱণৰ ৰাজ্য। ৰাৱণক দাহো কৰে ভাৰততে।
শিৱৰাত্ৰি আৰু কৃষ্ণ জয়ন্তীও ভাৰততে পালন কৰে। ৰাৱণৰ ৰাজ্যও আধাকল্প চলে। আকৌ
পতিতসকলক পাৱন কৰি তুলিবলৈ পিতা আহে। বচ্ এবাৰেই পাৱন কৰি তোলে তাৰপাছত আৰু নাহেই।
পিতাৰ নাম ভাৰতত প্ৰসিদ্ধ। নিশ্চয় কোনো দিব্য কৰ্তব্য কৰিছে সেইবাবেতো তেওঁৰ নাম আছে।
মনুষ্যই মনুষ্যকতো পাৱন কৰিব নোৱাৰে। পতিত-পাৱন একমাত্ৰ পিতাকেই কোৱা হয়। স্বৰ্গ
নৰক এই নামো ভাৰতৰে হয়। ভাৰত 5 হাজাৰ বছৰ পূৰ্বে স্বৰ্গ আছিল, তাক পৰীস্তান বুলিও
কোৱা হয়, তেন্তে নিশ্চয় পিতাৰ পৰা উত্তৰাধিকাৰ পাইছে। ‘পিতা’ শব্দটি অতি মৰমৰ।
তেওঁৰ পৰাই বেহদৰ সুখৰ উত্তৰাধিকাৰ পোৱা যায় যি সুখ আধাকল্প ধৰি চলে। যাৰ সোণালী
জয়ন্তী, ৰূপালী জয়ন্তী পালন কৰে। সত্যযুগক সোণালী জয়ন্তী, ত্ৰেতাক ৰূপালী জয়ন্তী
বুলি কয়। এখন হৈছে সতোপ্ৰধান, আনখন হৈছে সতো, দুয়োখনকে মিলাই সুখধাম বুলি কোৱা হয়।
এক নম্বৰ হৈছে সূৰ্যবংশী, দ্বিতীয় নম্বৰত হৈছে চন্দ্ৰবংশী। পিতা যেতিয়া এই ভাৰত
খণ্ডলৈ আহে তেতিয়া ভাৰতক পাৱন কৰি তোলে পুনৰ যেতিয়া ভক্তি আৰম্ভ হয় তেতিয়া কলা কম
হৈ গৈ থাকে। বৃক্ষ জৰ্জৰিত তমোপ্ৰধান হৈ যায়। সকলো ভক্ত হৈ যায়। সাধুৱেও সাধনা কৰে
পিতাক পাবৰ কাৰণে অৰ্থাৎ মুক্তি-জীৱনমুক্তিধামলৈ যাবৰ কাৰণে। আধাকল্প ভক্তি কৰে
পিতাক পাবলৈ। যেতিয়া সেই সময় পূৰা হয় তেতিয়া পুনৰ ভক্তসকলক সুখী কৰিবলৈ পিতা আহে।
সত্যযুগততো সুখ-শান্তি, সম্পত্তি সকলো আছে। তাত কেতিয়াও অকাল মৃত্যু নহয়। কেতিয়াও
কন্দা-কটা নকৰে। এয়া কোনে বুজায়? বেহদৰ পিতাই, তেওঁৰ নামো লাগে নহয় জানো। কলিযুগত
হয়েই অন্ধকাৰ। ভক্তি মাৰ্গৰ ঠেকা-খুন্দা খাই থাকে। স্বৰ্গততো দুখৰ কথাই নাই, সকলো
সুখী হৈ থাকে সেইকাৰণে ভগৱানক আহ্বান নকৰে। সত্যযুগক সুখধাম, কলিযুগক দুখধাম বুলি
কোৱা হয়। বল্লভাচাৰী বৈষ্ণৱ লোকে এনেকৈ ভাবে যে সত্যযুগত লক্ষ্মী-নাৰায়ণৰ ৰাজ্য
আছিল। যথা ৰজা ৰাণী তথা প্ৰজা সুখী আছিল, তাক সোণালী যুগ বুলি কোৱা হয়। সত্যযুগৰ পৰা
আৰম্ভ কৰি যিসকল চক্ৰত আহে তেওঁলোকৰহে 84 জন্ম হ’ব। সন্তানসকলক বুজোৱা হৈছে যে এয়া
হৈছে বৃক্ষ। সকলো পাত একেলগে নাহিব। সত্যযুগত এটাই আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল,
তাক হিন্দু বুলি কোৱা নহ’ব। দেৱী-দেৱতাসকলকতো সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ বুলি
গায়ন কৰা হয়… যিসকল তেওঁলোকৰ পূজাৰী তেওঁলোক নিশ্চয় সেইটো ধৰ্মৰে হোৱা উচিত।
খ্ৰীষ্টানসকলে যীশুখ্ৰীষ্টক স্মৰণ কৰে গতিকে সেই ধৰ্মৰে হ’ল নহয় জানো। আকৌ
ভাৰতবাসীয়ে নিজৰ দেৱী-দেৱতা ধৰ্মৰ নাম কিয় লোপ কৰি দিছে?
তোমালোকে জানা আমিয়েই
দেৱতা আছিলোঁ। আমিয়েই জন্ম-মৃত্যুত আহোঁ। আমিয়েই দেৱতা, ক্ষত্ৰিয় হওঁ। 84 জন্ম লৈ
লৈ অন্তিমত আহি শূদ্ৰ হওঁ। শূদ্ৰৰ পৰা আকৌ ব্ৰাহ্মণ হ’ব লাগে। ব্ৰাহ্মণ হয় ব্ৰহ্মাৰ
সন্তানসকল। সকলো আত্মা বাস্তৱত শিৱৰ সন্তানতো হয়েই। তেওঁ হৈছে বেহদৰ পিতা। তেওঁক
“পৰমপিতা পৰমাত্মা”, “অ’ গ’ড ফাদাৰ” (ঈশ্বৰ পিতা) অথবা “হেভেনলি গ’ড ফাদাৰ” (স্বৰ্গীয়
ঈশ্বৰ পিতা) বুলি কোৱা হয়। তেওঁ হ’ল স্বৰ্গৰ ৰচয়িতা। এতিয়া সন্তানসকলে বুদ্ধিৰে কাম
আদায় কৰিব লাগে। যিহেতু পিতাই স্বৰ্গৰ স্থাপন কৰে তেন্তে আমি কিয়নো নতুন সৃষ্টিৰ
উত্তৰাধিকাৰী নহওঁ। এতিয়া সেই নতুন সৃষ্টি পুৰণা হৈ গৈছে আকৌ নতুন সৃষ্টি কেনেকৈ
হ’ব? গান্ধীজীয়েও গাইছিল নহয় যে নতুন ৰামৰাজ্য, নতুন ভাৰত হওঁক। আমি জানো যে এতিয়া
সেয়া স্থাপন হৈ আছে। এতিয়া তোমালোক ব্ৰাহ্মণসকলে ঈশ্বৰীয় কোলা পাইছা, বেহদৰ পিতাক
বাস্তৱিকতে নিজৰ কৰি লৈছা। এনেকৈতো সকলোৱে কৈ থাকে “অ’ গ’ড ফাদাৰ” দয়া কৰা, কিন্তু
এই সময়ত পিতা আহি এই শৰীৰৰ দ্বাৰা তোমালোকক নিজৰ কৰি লৈছে। তেওঁলোক হৈছে কলিযুগী
ব্ৰাহ্মণ কোষৰ সন্তান, আমি হৈছোঁ ব্ৰহ্মা মুখ বংশাৱলী। প্ৰজাপিতা ব্ৰহ্মা আছে সেয়েহে
ইমান সন্তান জন্ম দিব নহয় জানো। গতিকে এয়া হ’ল মুখ বংশাৱলী। পৰমপিতা পৰমাত্মাই
ব্ৰহ্মাৰ মুখৰ দ্বাৰা তুলি লৈছে, সেয়েহে মাতাও হৈ গ’ল। তুমি মাতা-পিতা… অ’ বাবা
আপুনি আমাক ব্ৰহ্মাৰ মুখৰ দ্বাৰা নিজৰ কৰি লৈছে। এয়াও বুজিবলগীয়া কথা। জ্ঞানৰ সাগৰ
একমাত্ৰ পিতাই হয়। জ্ঞানৰ দ্বাৰাই সৎগতি অৰ্থাৎ দিন হয়। অজ্ঞানতাৰে ৰাতি হয়।
কলিযুগতো ৰাতি নহয় জানো, ইয়াক ভক্তিমাৰ্গ বুলি কোৱা হয়। সকলো শাস্ত্ৰ ভক্তি মাৰ্গৰ।
ইয়াৰ দ্বাৰা কোনেও পিতাৰ ওচৰলৈ যোৱাৰ মাৰ্গ নাপায়। পিতা আহেই কল্পই কল্পই। শিৱৰাত্ৰি
পালন কৰে তেন্তে নিশ্চয় তেওঁ আহে। তেওঁৰ নিজৰ শৰীৰ নাই। ব্ৰহ্মা, বিষ্ণু, শংকৰকো
দেৱতা বুলি কোৱা হয়। ব্ৰহ্মা দেৱতা নমঃ, বিষ্ণু দেৱতা নমঃ আকৌ শিৱ পৰমাত্মা নমঃ।
ব্ৰহ্মা হৈছে এই সাকাৰ বংশবৃক্ষৰ জ্যেষ্ঠ। এতিয়া বাস্তৱত আছে। পিতা আহেই সংগমযুগত।
এতিয়া যাদৱো আছে, কৌৰৱো আছে আৰু পাণ্ডৱতো হৈছে যোগবলধাৰী শক্তি সেনা। গতিকে এতিয়া
তোমালোক সন্তানসকলে জানা শিৱবাবা বাস্তৱত ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰিছে। সেই নিৰাকাৰ
পিতাৰ মন্দিৰো আছে। শিৱৰাত্ৰি পালন কৰা হয়, কিন্তু চৰকাৰে শিৱ জয়ন্তীৰ ছুটিও বাতিল
কৰি দিছে। অন্যৰ জয়ন্তী পালন কৰি থাকে। ধৰ্মৰ শক্তিতো নাই সেইবাবে পাপী, অনীতিপৰায়ণ,
কঙাল হৈ গৈছে। পৱিত্ৰতা নাই, শান্তি নাই, সমৃদ্ধি নাই। এইখন ভাৰততে 5 হাজাৰ বছৰ
পূৰ্বে যেতিয়া সোণালী যুগ আছিল তেতিয়া পৱিত্ৰতা, শান্তি, সমৃদ্ধি আছিল। কেতিয়াও
অকালতে মৃত্যু নহৈছিল। ভাৰতৰ দৰে উচ্চ সম্পত্তিমান আন কোনো হ’ব নোৱাৰে। ভাৰত খণ্ড
হৈছে সকলোতকৈ উচ্চ। ইয়াৰ বুৰঞ্জীও ৰচি থোৱা আছে। পাৱনো এইখন ভাৰত আৰু পতিতো এইখন
ভাৰতেই হ’ব লাগে। আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলেই এই চক্ৰ পৰিক্ৰমা লগাই
শূদ্ৰ বৰ্ণত আহিছে। আকৌ শূদ্ৰ বৰ্ণৰ পৰা এতিয়া ব্ৰাহ্মণ বৰ্ণত আহিছা। দেৱতাসকলতকৈও
ব্ৰাহ্মণ বৰ্ণ উচ্চ শিখৰত আছে। সত্যযুগী দেৱতাসকলৰ যি মহিমা, সেয়া পিতাৰ মহিমাতকৈ
ভিন্ন। পিতাক কোৱা হয় জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ, আকৌ দেৱতাসকলক ক’ব সৰ্বগুণ সম্পন্ন…
তাত বিকাৰৰ কথা নাই। শাস্ত্ৰবোৰততো বহুত মিছা কথা লিখি দিছে যে কৃষ্ণপুৰীততো কংস,
ৰাৱণ আদি আছিল। বাস্তৱিকতেতো এতিয়া হৈছে কংসপুৰী। আকৌ সত্যযুগত হ’ব কৃষ্ণপুৰী। এয়া
হৈছে সংগম সেইবাবেই তেওঁলোকে কংস, জৰাসন্ধ, ৰাৱণ আদিক সত্যযুগী দেৱতাসকলৰ সৈতে
সাঙুৰি দিছে। এয়া হয়েই আসুৰি ৰাৱণ সম্প্ৰদায়। এতিয়া তোমালোক ঈশ্বৰীয় সম্প্ৰদায়ৰ হৈছা।
ঈশ্বৰীয় কোলাত আহি পৱিত্ৰ হৈ আকৌ 21 জন্মৰ বাবে দৈৱী কোলাত যোৱা। 8 (আঠ) জন্ম দৈৱী
কোলা আকৌ 12 জন্ম ক্ষত্ৰিয় কোলাত। ভাৰততে এনেকৈ গায়ন আছে যে কন্যা সেইগৰাকী যিয়ে 21
কুলৰ উদ্ধাৰ কৰে। গতিকে তোমালোকেই হৈছা সেইসকল কুমাৰী।
এতিয়া তোমালোক হৈছা
ঈশ্বৰীয় কুলৰ। ককা হৈছে শিৱবাবা, পিতা হ’ল ব্ৰহ্মা। তোমালোক হ’লা
ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী। উত্তৰাধিকাৰ সেইজন বেহদৰ পিতাৰ পৰা পোৱা যায়। দিওঁতা
হৈছে তেওঁ। তেওঁতো নিৰাকাৰ। তেওঁ এতিয়া ৰাজযোগ কেনেকৈ শিকাব। নৰৰ পৰা নাৰায়ণ কৰি
তুলিবলৈ নিশ্চয় সাকাৰ শৰীৰৰ প্ৰয়োজন। সেইবাবে এই পতিত শৰীৰত আহে যিয়ে 84 জন্ম লৈছে।
এইখন হৈছে অতিকৈ শ্ৰেষ্ঠ বিশ্ব বিদ্যালয়। য’ত স্বয়ং ভগৱানে বহি ৰজাৰো ৰজা কৰি
তুলিবলৈ ৰাজযোগ শিকায়। গীতাৰ ৰচয়িতা কৃষ্ণ নহয়। গীতা মাতাই কৃষ্ণক জন্ম দিলে। যিসকল
দেৱতা হ’ল তেওঁলোক শিৱবাবাৰ পৰা জন্ম পালে। খ্ৰীষ্টানসকলৰ জন্ম হ’ল বাইবেল পৰা
যীশুখ্ৰীষ্টৰ দ্বাৰা। তোমালোককো ব্ৰাহ্মণৰ পৰা দেৱতা কোনে কৰি তুলিলে। শিৱবাবাই
ব্ৰহ্মাৰ মুখৰ দ্বাৰা। তোমালোকৰ এয়া বেহদৰ সন্ন্যাস। সেয়া হৈছে হদৰ (সীমিত) ৰজোগুণী
সন্ন্যাস। সেয়া নিবৃত্তিমাৰ্গৰ সন্ন্যাস। তোমালোকৰ এইখন ছিঃ ছিঃ পুৰণি সৃষ্টিৰ প্ৰতি
বৈৰাগ্য জন্মিল। তোমালোকে জানা যে এইখনতো এতিয়া নাশ হ’ব। তাতকৈ কিয়নো আমি স্বৰ্গৰ
ৰচয়িতা পিতাক স্মৰণ নকৰোঁ। পিতাই কয় - মৰমৰ সন্তানসকল, তোমালোক বহুত জন্মৰ অন্তত আহি
মিলিত হৈছা। তোমালোকে পূৰা 84 জন্ম লৈছা। এতিয়া তোমালোক পুনৰাই দেৱতা বৰ্ণত যাব লাগে।
এইক্ষেত্ৰত সংযমো বহুত আছে, অশুদ্ধ বস্তু খাব নোৱাৰে। পিতাই কয় - মই সংগমত আহোঁয়েই
লেতেৰা কাপোৰ (মলিয়ন আত্মাক) পাৱন কৰি তুলিবলৈ। এতিয়া মৃত্যু সন্মুখত থিয় হৈ আছে।
যাদৱ, কৌৰৱ আৰু পাণ্ডৱো আছে তেন্তে নিশ্চয় পাণ্ডৱপতিও থাকিব। পাণ্ডৱপতি বুলি পিতা
পৰমাত্মাকে কোৱা হ’ব। তোমালোক আকৌ হৈছা পাণ্ডা। সুখধাম, শান্তিধামৰেই ৰাস্তা
দেখুৱায়, সেয়েহে তোমালোকক পাণ্ডৱ শিৱ শক্তি সেনা বুলি কোৱা হয়। ইউৰোপবাসী যাদৱেতো
নিজৰ কুলৰে নাশ কৰে। ভাৰতত আছে - পাণ্ডৱ আৰু কৌৰৱ - যি কাৰণে কোৱা হয় যে অসুৰ আৰু
দেৱতাৰ যুদ্ধ হৈছিল। তোমালোক এতিয়াতো দেৱতা হোৱা নাই, হ’ব লাগে। শ্ৰীমতেৰে তোমালোক
স্বৰ্গৰ মালিক হোৱা। বাকী সকলোৰে হৈছে আসুৰি ৰাৱণ মত। আধাকল্প ৰাৱণৰ মতত চলে।
এতিয়াতো গোটেই জগত তমোপ্ৰধান। এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ, য’ত পিতাই বহি ৰাজযোগ
শিকায়। যেতিয়া ৰাজ্য স্থাপন হৈ যায় তেতিয়া এই বিনাশ জ্বালা প্ৰজ্বলিত হয়, এই জ্ঞান
প্ৰায় লোপ হৈ যায়। আকৌ ড্ৰামা অনুসৰি ভক্তিমাৰ্গৰ যি শাস্ত্ৰ আছে সেয়াই ওলাব।
সন্ন্যাসীসকলৰ অনুগামী বহুত হ’ব। সকলোৱে পাপ ধুবলৈ গংগালৈ যায়। এতিয়া গংগা নদীয়েতো
কাকো পাৱন কৰিব নোৱাৰে। সেয়াতো পানীৰ সাগৰৰ পৰা ওলাইছে। জ্ঞান গংগা হৈছা তোমালোক,
যিসকল জ্ঞান সাগৰৰ পৰা ওলাইছা। বাকী গংগা কোনো পতিত-পাৱনী নহয়। সন্তানসকলক পুনৰাই
ভক্তিৰ ফল বেহদৰ (সীমাহীন) সুখৰ উত্তৰাধিকাৰ দিবলৈ আহিছোঁ। যিসকল পিতাৰ ওচৰলৈ আহি
পঢ়িব তেওঁলোকেই স্বৰ্গলৈ আহিব, বাকীসকলো নিজ নিজ শাখাত গুচি যাব। এই ড্ৰামাৰ চক্ৰকো
জানিব লাগে। চক্ৰক জানিলে তোমালোক চক্ৰৱৰ্তী ৰজা হোৱা। চৰকাৰেও চক্ৰ উলিয়াইছে।
তিনিটা সিংহ দেখুৱাই তলত লিখে - সত্যমেৱ জয়তে।
এতিয়া শিৱবাবা আহি
তোমালোক সকলো পাৰ্ৱতীক অমৰপুৰীৰ মালিক কৰি তুলিবলৈ অমৰ কথা শুনাই আছে। ইয়াকেই
সত্য-নাৰায়ণৰ কথা বা অমৰ কথা বুলি কোৱা হয়। এই কথা এবাৰেই শুনি তোমালোক স্বৰ্গৰ
মালিক হোৱা। বাকী সকলো হৈছে মনেসজা কথা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) দেৱতা বৰ্ণত যাবৰ বাবে ভোজনৰ বহুত সংযম ৰাখিব লাগে। কোনো ধৰণৰ অশুদ্ধ বস্তু খাব
নালাগে।
(2) এই পুৰণি লেতেৰা
ছিঃ ছিঃ সৃষ্টি, যি এতিয়া বিনাশ হ’ব, ইয়াৰ প্ৰতি বেহদৰ বৈৰাগ্য বৃত্তি ধাৰণ কৰি
স্বৰ্গৰ ৰচয়িতা পিতাক স্মৰণ কৰিব লাগে।
বৰদান:
নিজৰ
শক্তিসমূহ বা গুণসমূহৰ দ্বাৰা নিৰ্বলীক শক্তিশালী কৰি তোলোঁতা শ্ৰেষ্ঠ দানী আৰু
সহযোগী হোৱা
শ্ৰেষ্ঠ স্থিতিত
থাকোঁতা সুসন্তানসকলৰ সৰ্ব শক্তি আৰু সৰ্ব গুণ সময় অনুসৰি সদায় সহযোগী হৈ থাকে।
তেওঁলোকৰ সেৱাৰ বিশেষ স্বৰূপ হৈছে - পিতাৰ দ্বাৰা প্ৰাপ্ত গুণ বা শক্তিসমূহ অজ্ঞানী
আত্মাসকলক দান কৰা আৰু ব্ৰাহ্মণ আত্মাসকলক সহযোগ দিয়া। নিৰ্বলীক শক্তিশালী কৰি তোলা
- এয়াই শ্ৰেষ্ঠ দান বা সহযোগ। যেনেকৈ বাণীৰ দ্বাৰা আৰু মনৰ দ্বাৰা সেৱা কৰা সেইদৰে
প্ৰাপ্ত হোৱা গুণ বা শক্তিসমূহৰ সহযোগ অন্য আত্মাসকলক দিয়া, প্ৰাপ্তি কৰোঁৱা।
স্লোগান:
যিয়ে দৃঢ় নিশ্চয়েৰে ভাগ্য নিশ্চিত কৰি দিয়ে তেৱেঁই সদায় নিচিন্ত হৈ থাকে।