06.06.22 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
জ্ঞানৰ আধাৰ হ’ল নিশ্চয়, নিশ্চয়বুদ্ধিৰ হৈ পুৰুষাৰ্থ কৰা তেতিয়া লক্ষ্যত উপনীত হৈ
যাবা”
প্ৰশ্ন:
কোনটো এটা কথা
অতিকৈ বুজিব আৰু নিশ্চয় কৰিবলগীয়া?
উত্তৰ:
এতিয়া সকলো আত্মাৰ হিচাপ-নিকাচ নিষ্পত্তি হ’ব। সকলো মহৰ নিচিনাকৈ (অনেকে একেলগে)
নিজৰ মৰমৰ ঘৰলৈ যাব, আকৌ নতুন সৃষ্টিলৈ কিছুসংখ্যক আত্মা আহিব। এইটো কথা অতিকৈ
বুজিব আৰু নিশ্চয় কৰিবলগীয়া।
প্ৰশ্ন:
পিতাই কোনসকল
সন্তানক দেখি আনন্দিত হয়?
উত্তৰ:
যিসকল সন্তান পিতাৰ প্ৰতি পূৰা উৎসৰ্গিত হয়, যিসকল মায়াৰ বাবে অস্থিৰ নহয় অৰ্থাৎ
অঙ্গদৰ নিচিনাকৈ অচল-অটল হৈ থাকে - এনেকুৱা সন্তানসকলক দেখি পিতাও আনন্দিত হয়।
গীত:-
ধীৰজ ধৰ মনুৱা
… (ধৈৰ্য ধৰা হে মন …)
ওঁম্শান্তি।
সন্তানসকলে কি
শুনিলে? এনেকৈ পিতাইহে ক’ব পাৰে নহয় জানো। সন্ন্যাসী, উদাসী কোনেও ক’ব নোৱাৰে।
পাৰলৌকিক বেহদৰ পিতাইহে সন্তানসকলক কয় কিয়নো আত্মাতেই মন-বুদ্ধি আছে। আত্মাসকলক কয়
- এতিয়া ধৈৰ্য ধৰা। সন্তানসকলেহে জানে এই বেহদৰ পিতাই গোটেই জগতক কয় – ধৈৰ্য ধৰা।
এতিয়া তোমালোকৰ সুখ-শান্তিৰ দিন আহি আছে। এয়াতো দুখধাম ইয়াৰ পাছত আকৌ সুখধাম আহিবই।
সুখধামৰ স্থাপনাতো পিতাইহে কৰিব নহয়। পিতাইহে সন্তানসকলক ধৈৰ্য ধৰিবলৈ কয়। প্ৰথমেতো
নিশ্চয় জন্মা উচিত। নিশ্চয় জন্মে ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণসকলৰ। নহ’লেনো ইমান
ব্ৰাহ্মণ ক’ৰ পৰা আহিল? বি.কে.ৰ অৰ্থই হ’ল পুত্ৰ আৰু কন্যাসকল। ইমানবিলাকে বি.কে.
বুলি পৰিচয় দিয়ে তেন্তে নিশ্চয় প্ৰজাপিতা থাকিব নহয় জানো। ইমানবিলাকৰ এজনেই
মাতা-পিতা অন্য সকলোৰেতো বেলেগ বেলেগ মাতা-পিতা থাকে। ইয়াত তোমালোক সকলোৰে এজনেই
মাতা-পিতা। নতুন কথা নহয়। তোমালোক ব্ৰাহ্মণ নাছিলা, এতিয়া হৈছা। সেইসকল ব্ৰাহ্মণ
হ’ল কোষ বংশাৱলী, তোমালোক হ’লা মুখ বংশাৱলী। প্ৰত্যেক কথাত প্ৰথমেতো নিশ্চয় জন্মিব
লাগে যে কোনে আমাক বুজায়। ভগৱানেহে বুজায় এতিয়া কলিযুগৰ অন্ত, যুদ্ধ সমাগত।
ইউৰোপবাসী যাদৱো আছে যিসকলে বোমা আদি আৱিষ্কাৰ কৰিছে। গায়ন কৰা হৈছে যে পেটৰ পৰা
ক্ষেপণাস্ত্ৰ (মিচাইল) ওলাল, যাৰ দ্বাৰা নিজৰেই কুলৰ বিনাশ কৰিলে। যথাযথ কুলৰ বিনাশ
নিশ্চয় কৰিব। হয়তো এটা কুলৰেই। এটাই আনটোক কৈ থাকে আমি বিনাশ কৰিম। এয়াও যথাযথভাৱে
লিখা আছে। সেয়েহে এতিয়া পিতাই বুজায় - সন্তানসকল ধৈৰ্য ধৰা। এতিয়া এইখন পুৰণি সৃষ্টি
নাশ হৈ যাব। কলিযুগৰ নাশ হ’লে তেতিয়াহে সত্যযুগ হ’ব নহয় জানো। নিশ্চয় তাৰ আগতেই
স্থাপনা হ’ব লাগিব। গায়নো কৰা হয় – ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, শঙ্কৰৰ দ্বাৰা বিনাশ।
প্ৰথমে স্থাপনা কৰিব আকৌ যেতিয়া স্থাপনা পূৰা হৈ যায় তেতিয়া বিনাশ হয়। স্থাপনা হৈ
আছে। এয়া হয়েই অনন্য মাৰ্গ যাক কোনেও বুজি নাপায়। কোনেও কেতিয়াও শুনাই নাই, সেয়েহে
ভাবে যেনেকৈ অন্য মঠ-পন্থ আদি আছে তেনেকৈ এওঁলোক বি.কে.সকলৰ। সেই বেচেৰাহঁতৰ কোনো
দোষ নাই। কল্প পূৰ্বেও এনেকৈয়ে বিঘিনি আনিছিল। এয়া হয়েই ৰুদ্ৰ জ্ঞান যজ্ঞ। ৰুদ্ৰ
বুলি কোৱা হয় শিৱক। তেৱেঁই ৰাজযোগ শিকায়, যাক প্ৰাচীন সহজ ৰাজযোগ বুলি কোৱা হয়।
প্ৰাচীনৰো অৰ্থ বুজি নাপায়। এই সংগমযুগৰ কথা, পতিত আৰু পাৱন গতিকে সংগম হ’ল নহয়।
সত্যযুগৰ আদিত থাকেই এটা ধৰ্ম। তেওঁলোক হ’ল আসুৰি সম্প্ৰদায়ৰ, তোমালোক হ’লা দৈৱী
সম্প্ৰদায়ৰ। যুদ্ধ আদিৰতো কোনো কথাই নাই। এইটোও ভুল। তোমালোক ভাই ভাইসকলে কেনেকৈ
যুদ্ধ কৰিবা।
পিতাই বহি ব্ৰহ্মাৰ
দ্বাৰা সকলো বেদ শাস্ত্ৰৰ সাৰ বুজায়। বাস্তৱত ধৰ্ম মুখ্যতঃ চাৰিটা। তাৰ চাৰিখন ধৰ্ম
শাস্ত্ৰ আছে। তাৰ ভিতৰত প্ৰথম হৈছে আদি সনাতন দেৱী-দেৱতা ধৰ্ম, যাৰ শাস্ত্ৰ হৈছে
সৰ্বশাস্ত্ৰৰ শিৰোমণি গীতা, যিখন ভাৰতৰ প্ৰথম মুখ্য শাস্ত্ৰ যাৰ দ্বাৰাই আদি সনাতন
দেৱী-দেৱতা ধৰ্ম অথবা সূৰ্যবংশী আৰু চন্দ্ৰবংশী ধৰ্ম প্ৰতিষ্ঠা হ’ল। সেয়াওতো নিশ্চয়
সংগমতেই হৈছিল চাগৈ। ইয়াক কুম্ভ বুলিও কয়। তোমালোকে জানা এয়া কুম্ভ মেলা – আত্মা
পৰমাত্মাৰ মেলা, এয়া হৈছে সুন্দৰ কল্যাণকাৰী। কলিযুগ পৰিৱৰ্তন হৈ সত্যযুগ হ’বই,
সেইকাৰণে কল্যাণকাৰী বুলি কোৱা হয়। সত্যযুগৰ পৰা ত্ৰেতা হয়, আকৌ ত্ৰেতাৰ পৰা দ্বাপৰ
হয় তেতিয়া কলা কম হৈ গৈ থাকে। অকল্যাণ হৈয়েই গৈ থাকে। তেন্তে নিশ্চয় কল্যাণ
কৰোঁতাজনক লাগে। যেতিয়া পূৰা অকল্যাণ হৈ যায় তেতিয়া পিতা আহে সকলোৰে কল্যাণ কৰিবলৈ।
বুদ্ধিৰে কাম আদায় কৰিবলগীয়া হয়। নিশ্চয় পিতা কল্যাণ কৰাৰ অৰ্থে আহিবও সংগমত। সকলোৰে
সৎগতি দাতা হৈছে পিতা। সকলোতো দ্বাপৰত নাথাকে। সত্যযুগ ত্ৰেতাতো সকলো নাথাকে। পিতা
অহিবও অন্তিমত যেতিয়া সকলো আত্মা আহি যায়। সেয়েহে পিতাহে আহি ধৈৰ্য ধৰিবলৈ কয়।
সন্তানসকলে কয় - বাবা এই পুৰণি সৃষ্টিত দুখ বহুত। বাবা সোনকালে লৈ যাওঁক। পিতাই কয়
– নহয় সন্তানসকল, এইখন নাটক ৰচি থোৱা আছে, তৎক্ষণাৎ ভ্ৰষ্টাচাৰীৰ পৰা শ্ৰেষ্ঠাচাৰীতো
নহয়। নিশ্চয়বুদ্ধিৰ হৈ আকৌ পুৰুষাৰ্থ কৰিব লাগে। চেকেণ্ডত জীৱনমুক্তি সেইটো ঠিকেই।
সন্তান হ’ল মানে উত্তৰাধিকাৰৰ অধিকাৰ হ’ল, কিন্তু তাতো আকৌ ক্ৰমানুসৰি পদমৰ্যাদাতো
আছে নহয়। উচ্চ পদমৰ্যাদা পাবলৈ হ’লে পঢ়াত পুৰুষাৰ্থ কৰিবলগীয়া হয়। এনেকুৱা নহয় যে
তৎক্ষণাৎ কৰ্মাতীত অৱস্থা হৈ যাব। তেতিয়াতো আকৌ শৰীৰো এৰিব লাগিব। এনেকুৱা নিয়ম নাই।
মায়াৰ লগততো ভালকৈ যুদ্ধ কৰিব লাগে। তোমালোকে গম পোৱা, যুদ্ধ 8-10-15 বছৰলৈও চলি
থাকে। তোমালোকৰ যুদ্ধতো মায়াৰ সৈতে। যেতিয়ালৈকে পিতা আছে তোমালোকৰ যুদ্ধ চলিয়েই থাকে।
অন্তিমত ফলাফল ওলাব – কোনে কিমান মায়াক জিনিলে। কিমান কৰ্মাতীত অৱস্থাত উপনীত হ’ল!
পিতাই কয় – যিমান সম্ভৱ নিজৰ ঘৰক স্মৰণ কৰা। সেইখন হ’ল শান্তিধাম। সেইখন হৈছে বাণীৰ
সিপাৰৰ স্থান। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আনন্দ আছে। তোমালোকে জানা এই
নাটকখন কেনেকৈ ৰচি থোৱা আছে। তিনিওখন লোককো তোমালোকে জানা অন্য কাৰো বুদ্ধিত নাই।
বাবায়ো (ব্ৰহ্মা বাবায়ো) শাস্ত্ৰ আদি বহুত পঢ়িছে। কিন্তু এই কথাবোৰ জানো বুদ্ধিত
আছিল। যদিও গীতা আদি পঢ়িছিল, কিন্তু এইটো জানো বুদ্ধিত আছিল যে আমি দূৰণিৰ দেশ,
পৰমধামৰ নিবাসী। এতিয়া গম পাইছোঁ আমাৰ বাবা, যাক পৰমপিতা পৰমাত্মা বুলি কয়, তেওঁ
পৰমধামত থাকে। যাক সকলোৱে স্মৰণ কৰে যে পতিত-পাৱন আহক। উভতিতো কোনো যাব নোৱাৰে।
যেনেকৈ বিভ্ৰান্তিৰ খেল থাকে নহয়, যি ফালেই যোৱা দুৱাৰ সন্মুখত আহি যায়।
লক্ষ্যস্থানলৈ যাব নোৱাৰে। ভাগৰি পৰে তেতিয়া আকৌ চিঞৰিবলৈ ধৰে। কোনোবাই ৰাস্তা
দেখুৱাওঁক। ইয়াতো লাগিলে যিমানেই বেদ শাস্ত্ৰ নপঢ়ক, তীৰ্থ যাত্ৰাত নোযোৱা, একোৱেই
গম নোপোৱা – আমি ক’লৈ যাওঁ। কেৱল কৈ দিয়ে যে অমুক জ্যোতি জ্যোতিত সমাহিত হৈ গ’ল।
পিতাই কয় - কোনেও উভতি যাব নোৱাৰে। নাটক যেতিয়া পূৰা হ’বৰ হয় তেতিয়া সকলো ভাৱৰীয়া (এক্টৰ)
মঞ্চত আহি যায়। এইটো নিয়ম। সকলো সেই পোছাকত ঠিয় হৈ যায়। সকলোকে মুখ দেখুৱাই আকৌ
কাপোৰ আদি সলনি কৰি, ঘৰলৈ গুচি যায়। পুনৰ সেয়াই ভূমিকা পুনৰাবৃত্তি কৰে। এইখন আকৌ
হৈছে বেহদৰ নাটক। এতিয়া তোমালোক দেহী-অভিমানী হোৱা, জানা যে আমি আত্মাই এই শৰীৰ
ত্যাগ কৰি বেলেগ ল’ম। পুনৰ্জন্মতো হয় নহয় জানো। 84 জন্মত 84টা নাম আমি লৈছোঁ। এতিয়া
এই নাটক পূৰা হৈ গ’ল, সকলোৰে জৰ্জৰিত অৱস্থা। এতিয়া আকৌ পুনৰাবৃত্তি হ’ব। বিশ্বৰ
বুৰঞ্জী-ভূগোল আকৌ পুনৰাবৃত্তি হয়। তোমালোকে জানা, এতিয়া আমাৰ ভূমিকা পূৰা হ’ব, আকৌ
উভতি যাম। পিতাৰ আজ্ঞাও কিবা কম জানো। পতিত-পাৱন পিতাই বহি বুজায় - সন্তানসকল,
তোমালোকক বহুত সহজ উপায় শুনাওঁ। উঠোঁতে-বহোঁতে, চলোঁতে এইটো অন্তৰত ৰাখা যে আমি
ভাৱৰীয়া। 84 জন্ম এতিয়া পূৰা হ’ল। এতিয়া পিতা আহিছে ফুল (পৱিত্ৰ) কৰি তুলিবলৈ,
মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ। আমাক পতিতসকলক পাৱন কৰি আছে। পতিতৰ পৰা পাৱন আমি
অনেকবাৰ হৈছোঁ আৰু হ’ম। বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হ’ব। প্ৰথমেতো দেৱী-দেৱতা
ধৰ্মাৱলম্বীসকলেই আহিব। এতিয়া পুলি ৰোপণ হৈ আছে। আমি হওঁৱেই গুপ্ত। আমি উৎসৱ আদি
কিনো কৰিম। আমাৰ ভিতৰত জ্ঞান আছে, ভিতৰি আনন্দিত হওঁ। আমাৰ দেৱী-দেৱতা ধৰ্ম অথবা
বৃক্ষৰ যি পাত আছে সেয়া সকলো ধৰ্ম ভ্ৰষ্ট, কৰ্ম ভ্ৰষ্ট হৈ গৈছে। এই ভাৰতবাসীৰেই
ধৰ্ম, কৰ্ম শ্ৰেষ্ঠ আছিল। কেতিয়াও মায়াই পাপ নকৰাইছিল। পুণ্য আত্মাসকলৰ সৃষ্টি আছিল।
তাত ৰাৱণ নাথাকেই, তাত কৰ্ম অকৰ্ম হৈ যায়। আকৌ ৰাৱণ ৰাজ্যত কৰ্ম বিকৰ্ম হ’বলৈ আৰম্ভ
কৰে। তাততো বিকৰ্ম হ’ব নোৱাৰে। কোনো ভ্ৰষ্টাচাৰী হ’ব নোৱাৰে। তোমালোক সন্তানসকল
শ্ৰীমতত যোগবলেৰে বিশ্বৰ মালিক হোৱা। বাহুবলেৰেতো কোনো বিশ্বৰ মালিক হ’ব নোৱাৰে।
তোমালোকে জানা এওঁলোক যদি পৰস্পৰ মিলি যায় তেন্তে বিশ্বৰ মালিক হ’ব পাৰে। কিন্তু
নাটকত ভূমিকাই নাই। এনেকৈ দেখুৱায় দুটা মেকুৰীয়ে যুদ্ধ কৰিলে মাখন মাজতে বান্দৰে
খাই গ’ল। সাক্ষাৎকাৰো কৰে, কৃষ্ণৰ মুখত মাখন। এয়া সৃষ্টিৰ ৰাজ্য ৰূপী মাখন পায়। বাকী
যুদ্ধ হৈছে যাদৱ আৰু কৌৰৱৰ, সেয়াতো দেখি আছা, হৈয়ে আছে। বাতৰিকাকতত পঢ়িবলৈ পোৱা –
অমুক ঠাইত ইমান ডাঙৰ হিংসা হ’ল, তেতিয়া তৎক্ষণাৎ কাৰোবাক নহয় কাৰোবাক মাৰি পেলাব।
ভাৰতততো প্ৰথমে এটাই ধৰ্ম আছিল। আকৌ অন্য ধৰ্মৰ ৰাজ্য ক’ৰ পৰা আহিল? খ্ৰীষ্টানসকল
শক্তিশালী আছিল, সেইবাবেতো তেওঁলোকে ৰাজত্ব কৰিলে। এতিয়া বাস্তৱত গোটেই সৃষ্টি ৰাৱণে
দখল কৰি লৈছে। এয়া আকৌ হৈছে গুপ্ত কথা। শাস্ত্ৰবোৰত জানো এইবোৰ কথা আছে। পিতাই
বুজায় - এই বিকাৰ তোমালোকৰ আধাকল্পৰ শত্ৰু, যাৰ দ্বাৰা তোমালোকে আদি-মধ্য-অন্ত দুখ
পোৱা সেইবাবে সন্ন্যসীসকলেও কয় – কাউৰীৰ বিষ্ঠাৰ সমান সুখ। তেওঁলোকে জানো গম পায় যে
স্বৰ্গত সদায় সুখেই সুখ থাকে। ভাৰতবাসীয়েতো গম পায়, সেইবাবেতো কোনোবা মৰিলে কয়
স্বৰ্গলৈ গ’ল। স্বৰ্গৰ কিমান মহিমা আছে তেন্তে নিশ্চয় এইখন খেল হয়, কিন্তু যদি
কাৰোবাক কোৱা আপুনি নৰকবাসী তেতিয়া বিতুষ্ট হৈ পৰে। কিমান আচৰিত কথা। মুখেৰে কয়
স্বৰ্গবাসী হ’ল তেন্তে নিশ্চয় নৰকৰ পৰা গ’ল নহয় জানো। আকৌ তোমালোকে তেওঁক মাতি নৰকৰ
বস্তু কিয় খুউওৱা? স্বৰ্গততো তেওঁ চাগৈ বহুত ভাল বৈভৱ পায়। ইয়াৰ অৰ্থ হৈছে তোমালোকৰ
নিশ্চয় জন্মা নাই। তাত কি কি আছে, সন্তানসকলে সকলো দেখিছে। নৰকত চোৱা কি কি কৰি থাকে,
সন্তানে পিতাককো মাৰিবলৈ দেৰি নকৰে। স্ত্ৰীৰ কাৰোবাৰ প্ৰতি অন্তৰৰ আকৰ্ষণ জাগিলে
তেতিয়া পতিকো মাৰি পেলায়। ভাৰতক লৈ এটি গীত ৰচি থোৱা আছে – এফালে কয় - আজিৰ মনুষ্যৰ
কি হৈ গ’ল… আকৌ কয় – আমাৰ ভাৰত সকলোতকৈ ভাল সোণৰ আছিল। হেৰৌ ভাৰত সকলোতকৈ ভাল আছিল,
এতিয়া হয় জানো। এতিয়াতো কঙাল, কোনো নিৰাপত্তা নাই। আমিও আসুৰি সম্প্ৰদায়ৰ আছিলোঁ।
এতিয়া বাবাই আমাক ঈশ্বৰীয় সম্প্ৰদায়ৰ কৰি তুলিবলৈ পুৰুষাৰ্থ কৰাই আছে। নতুন কথা নহয়।
কল্পই কল্পই, কল্পৰ সংগমত আমি পুনৰাই নিজৰ উত্তৰাধিকাৰ লওঁ। পিতা উত্তৰাধিকাৰ দিবলৈ
আহে। মায়াই আকৌ অভিশাপ দিয়ে। কিমান সমৰ্থ। পিতাই কয় - মায়া তুমি কিমান শক্তিশালী,
ভাল ভালসকলকো বগৰাই দিয়া। সেই সেনাততো নিজে মৰাৰ আৰু আনক মাৰাৰ খেয়াল নাথাকে। আঘাত
পাই আকৌ যুদ্ধক্ষেত্ৰলৈ আহি যায়, তেওঁলোকৰ ধাণ্ডাই এইটো, পেছাদাৰী হয়। তেওঁলোকে আকৌ
পুৰস্কাৰো পায়। ইয়াত তোমালোক সন্তানসকলে আকৌ শিৱবাবাৰ পৰা শক্তি লোৱা, মায়াৰ ওপৰত
বিজয়ী হোৱা। পিতা বেৰিষ্টাৰ, যিয়ে মায়াৰ পৰা তোমালোকক মুক্ত কৰি দিয়ে। তোমালোক আকৌ
হৈছা শিৱশক্তি সেনা, মাতাসকলক উচ্চত ৰাখে - বন্দে মাতৰম্। এয়া কোনে ক’লে? পিতাই,
কিয়নো তোমালোক পিতাৰ প্ৰতি উৎসৰ্গিত হৈ যোৱা। বাবা আনন্দিত হয় – এওঁ ভাল স্থিতিত
থাকে, বিচলিত নহয়। অঙ্গদৰ উদাহৰণ আছে নহয়, তেওঁক ৰাৱণে বিচলিত কৰিব নোৱাৰিলে। এয়া
অন্তিম সময়ৰ কথা। অন্তত সেইটো অৱস্থা হ’বগৈ। সেই সময়ত তোমালোক বহুত আনন্দিত হোৱা,
যেতিয়ালৈকে বিনাশ নহয়, ধৰণী পৱিত্ৰ নহয়, তেতিয়ালৈকেতো দেৱতাসকল আহিব নোৱাৰে। খেৰৰ
জুমুঠি স্বৰূপ (অন্তঃসাৰশূন্য) পৃথিৱীখনত এতিয়া জুই নিশ্চয় লাগিব। সকলো আত্মাই
হিচাপ-নিকাচ নিষ্পত্তি কৰি মহৰ নিচিনাকৈ মৰমৰ ঘৰলৈ উভতি যাব লাগে। মহ কিমান কোটি
কোটি মৰে সেইবাবে গায়ন কৰা হয় ৰাম গ’ল, ৰাৱণ গ’ল… উভতিতো যাব লাগে নহয়। আকৌ তোমালোক
নতুন সৃষ্টিলৈ আহিবা। তাত বহুত কম সংখ্যক থাকিব। এয়া বুজিবলগীয়া আৰু নিশ্চয়
কৰিবলগীয়া কথা। এই জ্ঞান বাবাইহে দিব পাৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) উঠোঁতে-বহোঁতে, চলোঁতে নিজক ভাৱৰীয়া বুলি ভাবিব লাগে, অন্তৰত থাকিব লাগে যে মই
84 জন্মৰ ভূমিকা পূৰা কৰিলোঁ, এতিয়া ঘৰলৈ যাব লাগে। দেহী-অভিমানী হৈ থাকিব লাগে।
(2) নিশ্চয়বুদ্ধিৰ হৈ
কাঁইটৰ পৰা ফুল হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। মায়াৰ সৈতে যুদ্ধ কৰি বিজয়ী হৈ কৰ্মাতীত
হ’ব লাগে। যিমান সম্ভৱ নিজৰ ঘৰক (পৰমধামক) স্মৰণ কৰিব লাগে।
বৰদান:
নিজৰ পাতল
স্থিতিৰ দ্বাৰা প্ৰতিটো কাৰ্যক পাতল কৰোঁতা পিতাৰ সমান উপৰাম আৰু স্নেহী হোৱা
মন-বুদ্ধি আৰু
সংস্কাৰ – আত্মাৰ যি সূক্ষ্ম শক্তি আছে, তিনিওটাতে পাতল অনুভৱ কৰা, এয়াই পিতাৰ সমান
উপৰাম আৰু স্নেহী হোৱা কিয়নো সময় অনুসৰি বাহিৰৰ তমোপ্ৰধান বাতাৱৰণ, মনুষ্য
আত্মাসকলৰ বৃত্তি গধুৰ হ’ব। যিমানে বাহিৰৰ বাতাৱৰণ গধুৰ হ’ব সিমানে তোমালোক
সন্তানসকলৰ সংকল্প, কৰ্ম, সম্বন্ধ পাতল হৈ গৈ থাকিব আৰু পাতল হোৱাৰ বাবে সকলো কাৰ্য
পাতলকৈ (অনায়েসে) চলি থাকিব। কাৰোবাৰৰ প্ৰভাৱ তোমালোকৰ ওপৰত নপৰিব, এইটো স্থিতিয়ে
পিতাৰ সমান স্থিতি।
স্লোগান:
এইটো অলৌকিক নিচাত থাকা “বাঃ! মই”তেতিয়া মন আৰু শৰীৰৰ দ্বাৰা স্বাভাৱিকভাৱে নৃত্য
চলি থাকিব।