06.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল সদায় আনন্দত থাকা যে আমাক কোনে পঢ়ায়, গতিকে এয়াও মনমনাভৱ, তোমালোক আনন্দিত হোৱা যে কালি আমি পাথৰ বুদ্ধিৰ আছিলোঁ, আজি পাৰস (পবিত্ৰ) বুদ্ধিৰ হৈ গলোঁ

প্ৰশ্ন:
ভাগ্য উদয় হোৱাৰ আধাৰ কি?

উত্তৰ:
নিশ্চয়। যদি ভাগ্য উদয় হোৱাত দেৰি হয় তেন্তে লেঙেৰাই থাকিব। নিশ্চয় বুদ্ধিৰসকলে ভালদৰে পঢ়ি ঘাটি পূৰণ কৰি থাকিব। কোনো কথাত সংশয় থাকিলে তেন্তে পিচত ৰৈ যাব। যিসকলে নিশ্চয় বুদ্ধিৰ হৈ নিজৰ বুদ্ধিক পিতাৰ ফালে দৌৰাই থাকে তেওঁলোক সতোপ্ৰধান হৈ যায়।
 

ওঁম্শান্তি।
সকলো ষ্টুডেণ্টে (বিদ্যাৰ্থীয়ে) স্কুলত পঢ়ে গতিকে সিহঁতে এইটো গম পায় যে আমি পঢ়ি কি হমগৈ। মৰমৰ আত্মিক সন্তানসকলৰ বুদ্ধিত উদয় হোৱা উচিত যে আমি সত্যযুগ পাৰসপুৰীৰ মালিক হওঁগৈ। এই দেহৰ সম্বন্ধ আদি সকলো এৰিব লাগে। এতিয়া আমি পাৰসপুৰীৰ মালিক পাৰসনাথ হব লাগে, গোটেই দিন এইটো আনন্দত থকা উচিত। বুজি পোৱানে পাৰসপুৰী কাক কোৱা হয়? তাত ঘৰ আদি সকলো সোণ-ৰূপৰ হয়। ইয়াততো শিল ইটাৰ ঘৰ। এতিয়া পুনৰ তোমালোক পাথৰ বুদ্ধিৰ পৰা পাৰস বুদ্ধিৰ হৈ যোৱা। যেতিয়া পাৰসনাথ কৰি তোলোঁতা পিতা আহিব তেতিয়াহে পাথৰ বুদ্ধিৰ পৰা পাৰস বুদ্ধিৰ কৰি তুলিব নহয় জানো! তোমালোক ইয়াত বহি আছা এইটো জানা যে আমাৰ স্কুল উচ্চতকৈও উচ্চ হয়। ইয়াতকৈ শ্ৰেষ্ঠ কোনো স্কুল নাথাকে। এই স্কুলত পঢ়ি তোমালোক কোটি পদম ভাগ্যশালী বিশ্বৰ মালিক হোৱা, গতিকে তোমালোক সন্তানসকল কিমান আনন্দিত হৈ থাকিব লাগে। এই পাথৰপুৰীৰ পৰা পাৰসপুৰীলৈ যোৱা এয়া হৈছে পুৰুষোত্তম সংগমযুগ। কালি পাথৰ বুদ্ধিৰ আছিলা, আজি পাৰস বুদ্ধিৰ হৈ আছা। এই কথাষাৰ যদি সদায় বুদ্ধিত থাকে তেতিয়াও মনমনাভৱই হয়। স্কুললৈ শিক্ষক পঢ়াবলৈ আহে। ষ্টুডেণ্টসকলৰ অন্তৰত এইটো থাকে যে এতিয়া শিক্ষক আহিবৰ হৈছে। তোমালোক সন্তানসকলেও বুজি পোৱা যে আমাৰ শিক্ষকতো স্বয়ং ভগৱান হয়। তেওঁ আমাক স্বৰ্গৰ মালিক কৰি তোলে তেন্তে নিশ্চয় সংগমত আহিব। এতিয়া তোমালোকে জানা যে মনুষ্যই আহ্বান কৰি থাকে আৰু তেওঁ ইয়ালৈ আহি গল। কল্পৰ পূৰ্বেও এনেকুৱা হৈছিল সেইবাবেতো লিখা আছে যে বিনাশকালত বিপৰীত বুদ্ধি কিয়নো সেইসকল হৈছে পাথৰ বুদ্ধিৰ। তোমালোকৰ হৈছে বিনাশকালত প্ৰীত বুদ্ধি। তোমালোক পাৰস বুদ্ধিৰ হৈ আছা। গতিকে এনেকুৱা কোনো যুক্তি উলিওৱা উচিত যাতে মনুষ্যই সোনকালে বুজি পায়। ইয়ালৈও বহুতকে লৈ আহে, তেতিয়াও কয় শিৱবাবাই ব্ৰহ্মাৰ শৰীৰত আহি কেনেকৈ পঢ়ায়! কেনেকৈ আহে! একোৱে বুজি নাপায়। ইমানবিলাক চেণ্টাৰলৈ (সেৱাকেন্দ্ৰলৈ) আহে। নিশ্চয় বুদ্ধি আছে নহয় জানো। সকলোৱে কয় - শিৱ ভগৱানুবাচ, শিৱই হৈছে সকলোৰে পিতা। কৃষ্ণক জানো সকলোৰে পিতা বুলি কব। এই ক্ষেত্ৰত বিবুদ্ধিত পৰাৰ কোনো কথা নাই। কিন্তু ভাগ্য পলমকৈ উদয় হবলগীয়া থাকিলে লেঙেৰাই থাকে। কমকৈ পঢ়াজনক কোৱা হয় যে এওঁ লেঙেৰাই থাকে। সংশয় বুদ্ধিৰ হলে পিচত থাকি যাব। নিশ্চয় বুদ্ধিৰ ভালকৈ পঢ়াসকলে আগলৈ ঘাটি পূৰাই থাকিব। কিমান চিম্পল (সৰলভাৱে) বুজোৱা হয়। যিদৰে লৰা-ছোৱালীয়ে দৌৰি চিহ্নলৈকে গৈ আকৌ ঘূৰি আহে। পিতায়ো কয় - বুদ্ধিক সোনকালে শিৱবাবাৰ ওচৰলৈ দৌৰালে সতোপ্ৰধান হৈ যাবাগৈ। ইয়াত বুজেও ভালকৈয়ে। কাঁড় লাগি যায় (প্ৰভাৱিত হৈ যায়) আকৌ বাহিৰলৈ গলে শেষ হৈ যায়। পিতাই জ্ঞানৰ ইঞ্জেকশ্বন (বেজী) দিয়ে গতিকে তাৰ নিচা বাঢ়ি যাব লাগে নহয় জানো। কিন্তু নিচা নাবাঢ়েই। ইয়াত জ্ঞান অমৃতৰ পিয়লা পান কৰে তেতিয়া প্ৰভাৱ পৰে। বাহিৰলৈ গলেই পাহৰি যায়। সন্তানসকলে জানে - জ্ঞানৰ সাগৰ, পতিত-পাৱন, সৎগতিদাতা, লিবাৰেটৰ (মুক্তিদাতা) এজনেই পিতা। তেৱেঁই সকলো কথাৰ উত্তৰাধিকাৰ দিয়ে। পিতাই কয় সন্তানসকল, তোমালোকো সম্পূৰ্ণ সাগৰ হৈ যোৱা। মোৰ যিমান জ্ঞান আছে সিমান তোমালোকেও ধাৰণ কৰা।

শিৱবাবাৰ দেহৰ নিচা নাই। পিতাই কয় সন্তানসকল, মইতো সদায় শান্ত হৈ থাকোঁ। তোমালোকৰো যেতিয়া দেহ নাছিল তেতিয়া নিচা নাছিল। শিৱবাবাই এনেকৈ কয় জানো যে এইটো মোৰ বস্তু। এইটো শৰীৰ ঋণত লৈছে, ঋণত লোৱা বস্তু নিজৰ হল জানো। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ অলপ সময়ৰ কাৰণে সেৱা কৰাৰ অৰ্থে। এতিয়া তোমালোক সন্তানসকল ঘৰলৈ উভতি যাব লাগে, ভগৱানৰ সৈতে মিলিত হবলৈ দৌৰ লগাব লাগে। ইমান যজ্ঞ-তপ আদি কৰি থাকে কিন্তু এইটো বুজি পায় জানো তেওঁক কেনেকৈ লগ পাব। এনেকৈ ভাবে যে কিবা নহয় কিবা ৰূপত ভগৱান আহিব। পিতাই বুজায়তো অতি সহজকৈ, প্ৰদৰ্শনীতো তোমালোকে বুজোৱা। সত্যযুগ-ত্ৰেতাৰ আয়ুসো লিখা আছে। তাত 2500 বছৰলৈকে একেবাৰে এক্যুৰেট (সঠিক)। সূৰ্য্যবংশীৰ পাচত হয় চন্দ্ৰবংশী আকৌ দেখুওৱা যে ৰাৱণ ৰাজ্য আৰম্ভ হল আৰু ভাৰত পতিত হবলৈ ললে। দ্বাপৰ-কলিযুগত ৰাৱণ ৰাজ্য হয়, তিথি-তাৰিখ লিখা আছে। মাজত সংগমযুগক ৰাখিবা। ৰথীও নিশ্চয় লাগে নহয় জানো। এই ৰথত প্ৰৱেশ কৰি পিতাই ৰাজযোগ শিকায় যাৰ দ্বাৰা এওঁলোক লক্ষ্মী-নাৰায়ণ হয়। যিকোনো লোককে বুজোৱাটো বহুত সহজ। লক্ষ্মী-নাৰায়ণৰ ডায়নেষ্টি (ৰাজবংশ) কিমান সময় চলে। বাকী সকলো বংশ হৈছে হদৰ (সীমিত) এয়া হৈছে বেহদৰ (অসীমৰ)। এই বেহদৰ হিষ্ট্ৰী-জিওগ্ৰাফী (ইতিহাস-ভূগোল)ক জানিব লাগে নহয় জানো। এতিয়া হৈছে সংগমযুগ। আকৌ দৈৱী ৰাজ্য স্থাপন হৈ আছে। এই পাথৰপুৰী, পুৰণি সৃষ্টিৰ বিনাশ হব। বিনাশ নহলে নতুন সৃষ্টি কেনেকৈ হব! এতিয়া কয় নিউ দেল্‌হী (নতুন দিল্লী)। এতিয়া তোমালোক সন্তানসকলে জানা নিউ দেল্‌হী কেতিয়া হব। নতুন সৃষ্টিত নিউ দেল্‌হী হয়। গায়নো কৰে যমুনাৰ পাৰত মহল হয়। যেতিয়া এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব হয়, তেতিয়া কোৱা হব নিউ দেল্‌হী, পাৰসপুৰী। নতুন ৰাজ্যতো সত্যযুগত লক্ষ্মী-নাৰায়ণৰ হয়। মনুষ্যইতো এইটোও পাহৰি গৈছে যে ড্ৰামা কেনেকৈ আৰম্ভ হয়। কোন কোন মুখ্য এক্টৰ্চ (ভাৱৰীয়া) হয়, সেয়া জনা উচিত নহয় জানো। এক্টৰ্চতো বহুত আছে সেইকাৰণে মুখ্য এক্টৰ্চক তোমালোকে জানা। তোমালোকো মুখ্য এক্টৰ্চ হৈ আছা। সকলোতকৈ মুখ্য ভূমিকা তোমালোকে পালন কৰি আছা। তোমালোক আত্মিক চচিয়েল ৱৰ্কাৰ (সমাজসেৱক) হোৱা। বাকী সকলো চচিয়েল ৱৰ্কাৰ হৈছে পাৰ্থিৱ। তোমালোকে আত্মাসকলক বুজোৱা, আত্মাই পঢ়ে। মনুষ্যই ভাবে শৰীৰে পঢ়ে। এইটো কোনেও নাজানে যে আত্মাই এই অৰগেন্সৰ (ইন্দ্ৰিয়ৰ) দ্বাৰা পঢ়ে। আমি আত্মা বেৰিষ্টাৰ আদি হওঁ। বাবাই আমাক পঢ়ায়। সংস্কাৰো আত্মাত থাকে। সংস্কাৰ লৈ যাব আকৌ আহি নতুন সৃষ্টিত ৰাজত্ব কৰিব। যিদৰে সত্যযুগত ৰাজধানী চলিছিল সেইদৰেই আৰম্ভ হৈ যাব। ইয়াত সুধিবলৈ একো দৰকাৰ নাথাকে। মুখ্য কথা হৈছে দেহ-অভিমানত কেতিয়াও নাহিবা। নিজক আত্মা বুলি বুজা। কোনো বিকৰ্ম নকৰিবা। স্মৃতিত থাকিবা, নহলে এটা বিকৰ্মৰ বোজা এশগুণ হৈ যাব। হাড়-মূৰ একেবাৰে ভাঙি যায়। তাৰ ভিতৰতো মুখ্য বিকাৰ হৈছে কাম বিকাৰ। কোনোৱে কয় - সন্তানে বিৰক্ত কৰে তেতিয়া মাৰিবলগীয়া হয়। এতিয়া এইটো কোনো সুধিবলগীয়া কথা নহয়। এয়াতো সাধাৰণ পা-পইচাৰ পাপ বুলি কোৱা হব। তোমালোকৰ শিৰততো জন্ম-জন্মান্তৰৰ পাপ আছে, প্ৰথমে সেয়াতো ভস্ম কৰা। পিতাই পাৱন হবলৈ বহুত সহজ উপায় শুনায়। তোমালোক এজন পিতাৰ স্মৃতিৰে পাৱন হৈ যাবা। ভগৱানুবাচ (ভগৱানে কয়) - সন্তানসকলৰ প্ৰতি, তোমালোক আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰোঁ। আৰু কোনো মনুষ্যই এনেকৈ বুজিব নোৱাৰে। তেওঁলোকেতো নিজক শৰীৰ বুলিয়ে বুজে। পিতাই কয় - মই আত্মাসকলক বুজাওঁ। গায়নো কৰা হয় যে আত্মাসকল আৰু পৰমাত্মাৰ মেলা লাগে, ইয়াত কোনো আৱাজ (শব্দ) আদি কৰিব নালাগে। এয়াতো হৈছে পঢ়া। দূৰ-দূৰণিৰ পৰা পিতাৰ ওচৰলৈ আহে। যিসকল নিশ্চয় বুদ্ধিৰ হব তেওঁলোকৰ আগলৈ গৈ তীব্ৰ আকৰ্ষণ হব। এতিয়া কাৰো ইমান আকৰ্ষণ নহয় কিয়নো স্মৰণ নকৰে। যেতিয়া যাত্ৰাৰ পৰা উভতে, ঘৰৰ সমীপত আহে তেতিয়া ঘৰ স্মৃতিলৈ আহিব, লৰা-ছোৱালী স্মৃতিলৈ আহিব, ঘৰ পোৱা মাত্ৰকে আনন্দেৰে আহি লগ কৰিব। আনন্দ বাঢ়ি যাব। প্ৰথমে স্ত্ৰী স্মৃতিলৈ আহিব তাৰপাচত লৰা-ছোৱালী আদি স্মৃতিলৈ আহিব। তোমালোকৰ স্মৃতি উদয় হব যে আমি ঘৰলৈ যাওঁ তাত পিতা আৰু সন্তানসকলহে থাকে। ডবল (দুগুণ) আনন্দ থাকে। শান্তিধাম ঘৰলৈ যাম আকৌ ৰাজধানীলৈ আহিম। মাত্ৰ স্মৰণহে কৰিব লাগে, পিতাই কয় - মনমনাভৱ। নিজকে আত্মা বুলি বুজি পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। পিতাই তোমালোক সন্তানসকলক গুল-গুল (ফুল) কৰি তুলি নয়নত বহুৱাই লগত লৈ যায়। অলপো কষ্ট নাই। যেনেকৈ মহৰ জাক যায় নহয় জানো। তোমালোক আত্মাসকলো এনেকৈ পিতাৰ সৈতে যাবাগৈ। পাৱন হবলৈ তোমালোকে পিতাক স্মৰণ কৰা, ঘৰক নহয়।

পিতাৰ দৃষ্টি পোন প্ৰথমে দৰিদ্ৰ সন্তানসকলৰ প্ৰতি যায়। পিতা দৰিদ্ৰৰ কল্যাণ কৰোঁতা নহয় জানো। তোমালোকেও গাঁৱত ছাৰ্ভিচ (সেৱা) কৰিবলৈ যোৱা। পিতাই কয় - ময়ো আহি তোমালোকৰ গাঁৱক পাৰসপুৰী কৰি তোলোঁ। এতিয়াতো এইখন নৰক পুৰণি সৃষ্টি। ইয়াক নিশ্চয় ভাঙিব (নাশ কৰিব) লাগিব। নতুন সৃষ্টিত নিউ দেল্‌হী, সেয়া সত্যযুগতহে হব। তাত ৰাজত্বও তোমালোকৰ হব। তোমালোকৰ নিচা বাঢ়ি যায় যে আমি পুনৰ নিজৰ ৰাজধানী স্থাপন কৰিম। যেনেকৈ কল্পৰ পূৰ্বে কৰিছিলোঁ। এনেকৈ কবা জানো যে আমি এনেকুৱা এনেকুৱা ঘৰ সাজিম। নহয়, তোমালোক যেতিয়া তালৈ যাবা তেতিয়া অটমেটিক (আপোনাআপুনি) তোমালোকে সাজিবলৈ লাগি যাবা কিয়নো আত্মাত সেই পাৰ্ট (ভূমিকা) নিহিত হৈ আছে। ইয়াত কেৱল পঢ়াৰ পাৰ্ট। তাত তোমালোকৰ বুদ্ধিত আপোনাআপুনি উদয় হব যে আমি এনেকৈ এনেকৈ মহল সাজিম। যেনেকৈ কল্পৰ পূৰ্বে সাজিছিলা, সেয়া সাজিবলৈ লাগি যাবা। আত্মাততো আগৰ পৰাই নিহিত হৈ আছে। তোমালোকে সেয়াই মহল সাজিবা যিবোৰত তোমালোক কল্পই কল্পই থাকা। এই কথাবোৰ নতুন কোনেও বুজিব নোৱাৰে। তোমালোকে বুজি পোৱা, আমি আহোঁ, নতুন নতুন পইণ্টচ (উক্তি) শুনি ৰিফ্ৰেচ (সতেজ) হৈ যাওঁ। নতুন নতুন পইণ্টচ ওলাই থাকে, সেয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।

বাবাই কয় সন্তানসকল, মই এই ষাঁড় গৰুত (ৰথত; ব্ৰহ্মা তনত) সদায় আৰোহণ কৰিম, ইয়াৰ পৰা মোৰ সুখৰ অনুভূতি নহয়। মইতো তোমালোক সন্তানসকলক পঢ়াবলৈ আহোঁ। এনেকুৱা নহয় যে ষাঁড়ৰ ওপৰত আৰোহণ কৰি বহি থাকোঁ। ৰাতিয়ে-দিনে ষাঁড়ৰ ওপৰত আৰোহণ হয় জানো? তেওঁৰতো চেকেণ্ডত অহা-যোৱা চলি থাকে। সদায় বহি থকা নিয়মেই নাই। পিতা কিমান দূৰৈৰ পৰা পঢ়াবৰ কাৰণে আহে, তেওঁৰ ঘৰতো সেইখন নহয় জানো। গোটেই দিন জানো শৰীৰত বহি থাকিব। তেওঁৰ সুখৰ অনুভূতিয়েই নহব। যেনেকৈ সজাত ভাটৌ আৱদ্ধ হৈ যায়। মইতো এয়া (ব্ৰহ্মা তন) ঋণত লওঁ তোমালোকক বুজাবৰ কাৰণে। তোমালোকে কবা জ্ঞানৰ সাগৰ বাবা আমাক পঢ়াবৰ কাৰণে আহে। আনন্দত ৰোমাঞ্চিত হৈ যাব (গাৰ নোম শিয়ৰি উঠিব) লাগে। সেই আনন্দ আকৌ কম হৈ যাব লাগে জানো। এওঁ (ব্ৰহ্মা) গৰাকীতো স্থায়ীভাৱে বহি আছে। এটা ষাঁড়ত সদায় দুজন আৰোহী থাকিব জানো? শিৱবাবা থাকে নিজৰ ধামত। ইয়ালৈ আহে, আহিবলৈ দেৰি লাগে জানো। ৰকেট চোৱা কিমান দ্ৰুতবেগী হয়। আৱাজতকৈও বেগী। আত্মাও অতি সূক্ষ্ম ৰকেট হয়। আত্মাই কেনেকৈ দৌৰে, ইয়াৰ পৰা মুহূৰ্ততে লণ্ডন পায়গৈ। এক চেকেণ্ডত জীৱনমুক্তি বুলি গায়ন কৰা হৈছে। বাবা নিজেও ৰকেট হয়। তেওঁ কয় - মই তোমালোকক পঢ়াবৰ কাৰণে আহোঁ। আকৌ নিজৰ ঘৰলৈ যাওঁ। এইখিনি সময়ত বহুত বিজী (ব্যস্ত) হৈ থাকোঁ। দিব্য দৃষ্টি দাতা হওঁ, গতিকে ভক্তসকলক ৰাজী কৰিবলগীয়া হয়। তোমালোকক পঢ়াওঁ। ভক্তসকলৰ অন্তৰে বিচাৰে সাক্ষাৎকাৰ হওক বা কিবা নহয় কিবা ভিক্ষা মাগি থাকে। আটাইতকৈ বেছি ভিক্ষা জগত অম্বাৰ পৰা মাগে। তোমালোক জগত অম্বা নোহোৱা জানো। তোমালোকে বিশ্বৰ বাদশ্বাহীৰ (সাম্ৰাজ্যৰ) ভিক্ষা দিয়া। দৰিদ্ৰসকলে ভিক্ষা পায় নহয় জানো। আমিও দৰিদ্ৰ হওঁ গতিকে শিৱবাবাই স্বৰ্গৰ বাদশ্বাহী ভিক্ষা হিচাপে দি দিয়ে। ভিক্ষা আৰু অন্য একো নহয়, কেৱল কয় - পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব। শান্তিধামলৈ গুচি যাবাগৈ। মোক স্মৰণ কৰা তেনেহলে মই গেৰাণ্টী (প্ৰতিশ্ৰুতি) দিছোঁ তোমালোকৰ আয়ুসো দীঘলীয়া হৈ যাব। সত্যযুগত মৃত্যুৰ নামেই নাথাকে। সেইখন হৈছে অমৰলোক, তাত মৃত্যুৰ নাম নাথাকে। কেৱল এখন ছাল (এটা শৰীৰ) ত্যাগ কৰি আন এখন লয়, ইয়াক মৃত্যু বুলি কবা নেকি! সেইখন হৈছে অমৰপুৰী, সাক্ষাৎকাৰ হয় মই শিশু হমগৈ। আনন্দৰ কথা। বাবাৰ (ব্ৰহ্মাৰ) অন্তৰে বিচাৰে এতিয়া গৈ শিশু হওঁগৈ। এইটো জানে যে গল্ডেন স্পুন ইন মাউথ (মুখত সোণৰ চামুচ; জন্মৰে পৰা সমৃদ্ধিশালী অৱস্থা) হব। একমাত্ৰ কল্পৰ পাচত পুনৰাই লগ পোৱা পিতাৰ অতি মৰমৰ সন্তান হওঁ। পিতাই এডপ্ট কৰিছে (তুলি লৈছে)। মই কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তান হওঁ সেয়েহে পিতাই কিমান মৰম কৰে। একেবাৰে প্ৰৱেশ কৰি লয়। এয়াও খেল নহয় জানো। খেলত সদায় আনন্দিত হোৱা যায়। এইটোও জানে যে নিশ্চয় বহুত ভাগ্যশালী ৰথ হব। যাৰ বাবে গায়ন আছে জ্ঞানৰ সাগৰে এই ৰথত (ব্ৰহ্মা তনত) প্ৰৱেশ কৰি তোমালোকক জ্ঞান দিয়ে। তোমালোক সন্তানসকলৰ বাবে এটাই আনন্দ বহুত বেছি যে ভগৱানে আহি পঢ়ায়। ভগৱানে স্বৰ্গৰ ৰাজ্য স্থাপন কৰে। আমি তেওঁৰ সন্তান হওঁ তেন্তে আমি নৰকত কিয়! এইটো কাৰো বুদ্ধিত উদয় নহয়। তোমালোকতো ভাগ্যশালী হোৱা যে বিশ্বৰ মালিক হবলৈ পঢ়া। এনেকুৱা পঢ়াৰ প্ৰতি কিমান এটেনশ্বন (মনোযোগ) দিয়া উচিত। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এইটো ডবল (দুগুণ) আনন্দত থাকিব লাগে যে এতিয়া যাত্ৰা সম্পূৰ্ণ হল - প্ৰথমে আমি নিজৰ ঘৰ শান্তিধামলৈ যাম আকৌ নিজৰ ৰাজধানীলৈ আহিম।

(2) শিৰত জন্ম-জন্মান্তৰৰ যি পাপৰ বোজা আছে, সেয়া ভস্ম কৰিব লাগে, দেহ-অভিমানত আহি কোনো বিকৰ্ম কৰিব নালাগে।
 

বৰদান:
মনৰ স্বতন্ত্ৰতাৰ দ্বাৰা সকলো আত্মাক শান্তিৰ দান দিওঁতা মনেৰে মহাদানী হোৱা
 

বন্ধনত থকা মাতৃসকল যদিও শাৰীৰিকভাৱে পৰতন্ত্ৰ কিন্তু মনেৰে যদি স্বতন্ত্ৰ হয় তেন্তে নিজৰ বৃত্তিৰ দ্বাৰা, শুদ্ধ সংকল্পৰ দ্বাৰা বিশ্বৰ বায়ুমণ্ডলক পৰিৱৰ্তন কৰাৰ সেৱা কৰিব পাৰে। এতিয়া বিশ্বক মনৰ শান্তিৰ প্ৰয়োজন। গতিকে মনেৰে স্বতন্ত্ৰ আত্মাই মনৰ দ্বাৰা শান্তিৰ ভায়ব্ৰেশ্বন (প্ৰকম্পন) বিয়পাব পাৰে। শান্তিৰ সাগৰ পিতাৰ স্মৃতিত থাকিলে অটমেটিক (আপোনাআপুনি) শান্তিৰ কিৰণ বিয়পে। এনেদৰে শান্তিৰ দান দিওঁতাসকলহে মনেৰে মহাদানী হয়।

স্লোগান:
স্নেহ ৰূপৰ অনুভৱতো শুনোৱা এতিয়া শক্তি ৰূপৰ অনুভৱ শুনোৱা।