06.09.20    Avyakt Bapdada     Assame Murli     16.03.86     Om Shanti     Madhuban


*আত্মিক কচৰৎ (ড্ৰিল)*


বাপদাদাই সকলো সন্তানৰে মিঠা মৌনতা বা শান্ত (চুইট চাইলেন্সৰ) স্থিতি প্ৰত্যক্ষ কৰি আছেহঁক। এক চেকেণ্ডত শান্ত স্থিতিত স্থিত হৈ যোৱা এইটো অভ্যাস (প্ৰেক্টিচ) কিমানলৈ কৰিছা? এইটো স্থিতিত যেতিয়াই বিচৰা তেতিয়াই স্থিত হব পৰা নে সময় লাগে? কিয়নো অনাদি স্বৰূপ মিঠা শান্ত হয়। আদি স্বৰূপ আৱাজত (বাণীত) অহাৰ। কিন্তু অনাদি অবিনাশী সংস্কাৰ হৈছে শান্ত। গতিকে নিজৰ অনাদি সংস্কাৰ, অনাদি স্বৰূপক, অনাদি স্বভাৱক জানি যেতিয়াই বিচৰা তেতিয়াই সেইটো স্বৰূপত স্থিত হব পৰানে? 84 জন্ম আৱাজত আহিব লাগে সেইবাবে সদায় অভ্যাস আৱাজৰ অহাৰ হয়। কিন্তু অনাদি স্বৰূপৰ বাবে আৰু এই সময়ত চক্ৰ পুৰা হোৱাৰ কাৰণে পুনৰাই মিঠা শান্তিৰ ঘৰলৈ (চাইলেন্স হোমলৈ) যাব লাগে। এতিয়া ঘৰলৈ যোৱাৰ সময় সমীপত। এতিয়া আদি মধ্য অন্ত তিনিওটি কালৰ ভূমিকা সমাপ্ত কৰি নিজৰ অনাদি স্বৰূপ, অনাদি স্থিতিত স্থিত হোৱাৰ সময় সেইবাবে এই সময়ত এইটো অভ্যাসৰে বেছি প্ৰয়োজন। নিজেই নিজক পৰীক্ষা (চেক) কৰা কৰ্মেন্দ্ৰিয়জিৎ হৈছোঁনে? আৱাজত যদি আহিব নিবিচৰা তেন্তে এই মুখৰ আৱাজে নিজৰ ফালে আকৰ্ষিততো নকৰে। ইয়াকেই আত্মিক কচৰৎ (ড্ৰিল) বুলি কোৱা হয়।

যিদৰে বৰ্তমান সময় অনুযায়ী শৰীৰৰ কাৰণে সকলো বেমাৰৰ চিকিৎসা হিচাপে কচৰৎ (ব্যায়াম) (এক্সাৰচাইচ) শিকায়, সেইদৰে এই সময়ত আত্মাক শক্তিশালী কৰাৰ বাবে এই আত্মিক কচৰতৰ অভ্যাস লাগে। চাৰিওফালে যেনেকুৱাই বাতাবৰণ নহওঁক, অস্থিৰতা নহওঁক কিন্তু আৱাজত থাকিও আৱাজৰ পৰা উপৰাম স্থিতিৰ অভ্যাস এতিয়া বহুকালৰ পৰা লাগে। শান্ত বাতাবৰণত শান্তিৰ স্থিতি গঢ়ি তোলা এয়া কোনো ডাঙৰ কথা নহয়। অশান্তিৰ মাজত তোমালোক শান্ত হৈ থাকা এইটোৱে অভ্যাস লাগে। এনেকুৱা অভ্যাস আছেনে? লাগিলে নিজৰ দুবৰ্লতাৰ অস্থিৰতা হওক বা সংস্কাৰৰ, ব্যৰ্থ সংকল্পৰ অস্থিৰতা হওক। এনেকুৱা অস্থিৰতাৰ সময়ত নিজকে অচল কৰি ৰাখিব পাৰানে নে সময় লাগি যায়? কিয়নো সময় লগাটোৱেও কেতিয়াবা প্ৰতাৰণা কৰিব পাৰে। সমাপ্তিৰ সময়ত বেছি সময় নোপোৱা। চুড়ান্ত ফলাফলৰ কাকত (ফাইনেল ৰিজাল্টৰ পেপাৰ) কেইটিমান চেকেণ্ড বা মিনিটৰহে হব। কিন্তু চাৰিওফালৰ অস্থিৰতাৰ বাতাবৰণত অচল হৈ থাকিলেহে নম্বৰ পাবা। যদি বহুকাল অস্থিৰতাৰ স্থিতিৰ পৰা অচল হোৱাত সময় লগাৰ অভ্যাস থাকে তেন্তে সমাপ্তিৰ সময়ত কি ফলাফল (ৰিজাল্ট) হব? সেইবাবে এই আত্মিক কচৰতৰ অভ্যাস কৰা। মনক যত আৰু যিমান সময় স্থিত কৰিব বিচৰা সিমান সময়ৰ বাবে যাতে তাত স্থিত কৰিব পাৰা। চুড়ান্ত কাকত বহুতেই সহজ। আৰু প্ৰথমতেই কৈ দিয়া হয় যে এইখন কাকত (পৰিস্থিতি) আহিব। কিন্তু নম্বৰ বহুত কম সময়ত পাবা। অৱস্থাও (ষ্টেজো) যাতে শক্তিশালী (পাৱাৰফুল) হয়।

দেহ, দেহৰ সম্বন্ধ, দেহৰ সংস্কাৰ, ব্যক্তি অথবা বৈভৱ, প্ৰকম্পন (ভায়ব্ৰেশ্বন), বায়ুমণ্ডল সকলো থকাৰ সত্ত্বেও যাতে আকৰ্ষিত নকৰে। ইয়াকেই কোৱা হয় নষ্টমোহা সমৰ্থ স্বৰূপ। তেন্তে এনেকুৱা অভ্যাস আছেনে? জগতৰ লোকে চিঞৰি থাকিব আৰু তোমালোক অচল হৈ থাকিবা। প্ৰকৃতিও, মায়ায়ো সকলোৱে অন্তিম সুযোগ লবৰ বাবে নিজৰ ফালে যিমানেই আকৰ্ষিত নকৰক কিন্তু তোমালোক উপৰাম আৰু পিতাৰ মৰমৰ হোৱাৰ স্থিতিত প্ৰেমত বিলীন (লভলীন) হৈ থাকা ইয়াক কোৱা হয় দেখিও নেদেখা, শুনিও নুশুনা.. এনেকুৱা অভ্যাস হওক। ইয়াকেই মিঠা শান্ত স্বৰূপৰ স্থিতি বুলি কোৱা হয়। তথাপিও বাপদাদাই সময় দি আছে। যদি কিবা দুৰ্বলতা আছে তেন্তে এতিয়াও পূৰণ কৰিব পাৰা কিয়নো বহুকালৰ হিচাপ শুনালোঁ। গতিকে এতিয়া অলপ সুযোগ (চাঞ্চ) আছে, সেইবাবে এইটো অভ্যাসৰ প্ৰতি পুৰা মনোযোগ (ফুল এটেনশ্বন) দিয়া। সন্মান সহকাৰে উত্তীৰ্ণ (পাছ উইথ অনাৰ) হবা নে উত্তীৰ্ণ হবা তাৰ আধাৰ এইটো অভ্যাসৰ ওপৰত হব। এনেকুৱা অভ্যাস আছেনে? সময়ৰ ঘণ্টা বাজিলে তেতিয়া তৈয়াৰ হবা নে এতিয়া ভাবিছা তৈয়াৰ হব লাগিব? এইটো অভ্যাসৰ কাৰণে অষ্ট ৰত্নৰ মালা বিশেষ সৰুকৈ তৈয়াৰ হৈছে। বহুত কম সময়ৰ। যিদৰে তোমালোকে কোৱা নহয় যে চেকেণ্ডত মুক্তি বা জীৱন মুক্তিৰ উত্তৰাধিকাৰ লোৱাৰ সকলোৰে অধিকাৰ আছে। গতিকে সমাপ্তিৰ সময়তো নম্বৰ লোৱাতো অলপ সময়ৰ কথা। কিন্তু অলপো যাতে অস্থিৰতা নহয়। বচ বিন্দু বুলি ভাবিলা আৰু বিন্দুত স্থিত হৈ গলা। বিন্দু যাতে অস্থিৰ নহয়। এনেকুৱা নহয় যে সেই সময়ত অভ্যাস কৰা আৰম্ভ কৰি দিবা - মই আত্মা হওঁ মই আত্মা হওঁ এয়া নচলিব কিয়নো শুনাইছোঁ নহয় প্ৰহাৰ চাৰিওফালৰ পৰা হব। শেষ প্ৰচেষ্টা (লাষ্ট ট্ৰায়েল) সকলোৱে কৰিব। প্ৰকৃতিতো যিমান শক্তি থাকিব, মায়াৰো যিমান শক্তি হব প্ৰচেষ্টা চলাব। সিঁহতৰো শেষ প্ৰচেষ্টা আৰু তোমালোকৰ অন্তিম কৰ্মাতীত, কৰ্মবন্ধন মুক্ত স্থিতি হব। দুয়োফালৰ পৰাই বহুত শক্তিশালী দৃশ্য (পাৱাৰফুল চিন) হব। সেয়াও পূৰ্ণ শক্তিৰে (ফুলফৰ্চ), এয়াও পূৰ্ণ শক্তিৰে। কিন্তু চেকেণ্ডৰ বিজয়ে বিজয়ৰ নাগাৰা বজাব। বুজিলা অন্তিম কাকত (লাষ্ট পেপাৰ) কি হব। সকলোৱে এইটো শুভ সংকল্পতো ৰাখেও আৰু ৰাখিবও লাগে যে প্ৰথম নম্বৰত (নাম্বাৰ ৱানত) আহিবই লাগিব। গতিকে যেতিয়া সকলো কথাত জয়ী হবা তেতিয়াহে প্ৰথমত আহিবা (ৱান হবা)। যদি এটি কথাত অলপো ব্যৰ্থ সংকল্প, ব্যৰ্থ সময় লাগি যায় তেন্তে নম্বৰ পিচত হৈ যাব সেইবাবে পৰীক্ষা কৰা। চাৰিওফালেই পৰীক্ষা কৰা। দ্বৈত (ডবল) বিদেশীসকলে সকলো দিশতে তীব্ৰতাৰে যাব বিচাৰে নহয় সেইবাবে তীব্ৰ পুৰুষাৰ্থ বা পুৰা মনযোগ এইটো অভ্যাসৰ প্ৰতি এতিয়াৰে পৰা দি যোৱা। বুজিলা! প্ৰশ্নও (কোৱেশ্বনো) জানা আৰু সময়কো জানা। তেনেহলেতো সকলোৱে কৃতকাৰ্য হোৱা উচিত। যদি প্ৰথমৰে পৰাই প্ৰশ্ন জনা যায় তেন্তে সাজু হৈ যায়। তেতিয়া কৃতকাৰ্য হৈ যায়। তোমালোক সকলোৱেতো কৃতকাৰ্য হওতা হোৱা নহয় জানো! বাৰু।

এইটো ঋতুত (চিজনত) বাপদাদাই প্ৰত্যেকৰে লগত মিলন মনোৱাৰ বাবে খোলা ভঁৰাল খুলি দিছে। আগলৈ কি হব লগা আছে, সেয়া পাচত কম। এতিয়া খোলা ভঁৰালৰ পৰা যিয়েই লব আহিছা সেয়াতো লৈয়ে লবা। ড্ৰামাৰ দৃশ্য সদায় সলনি হয়েই কিন্তু এইটো ঋতুত ভাৰতবাসীয়েই হওঁক বা দ্বৈত বিদেশীসকলেই হওঁক সকলোৱে বিশেষ বৰদানতো প্ৰাপ্ত কৰিছেই। বাপদাদাই যি প্ৰতিশ্ৰুতি দিছে সেয়াতো পালন কৰিবই। এইটো ঋতুৰ ফল খোৱা। ফল হৈছে মিলন, বৰদান। সকলোৱে ঋতুৰ ফল খাব আহিছা নহয়নে। বাপদাদাও সন্তানসকলক দেখি আনন্দিত হয়। তথাপিও সাকাৰী সৃষ্টিততো সকলো চাবলগীয়া হয়। এতিয়াতো ফূৰ্তি কৰা। আকৌ ঋতুৰ শেষত শুনাম।

সেৱাস্থান যদিও বেলেগ বেলেগ কিন্তু সেৱাৰ লক্ষ্যতো একেটিয়ে। উৎসাহ-উদ্দীপনা একেটিয়ে সেইবাবে বাপদাদাই সকলো স্থানকে বিশেষ মহত্ব দিয়ে। এনেকুৱা নহয় যে এটি স্থান গুৰুত্বপূৰ্ণ, আনটো কম। নহয়। যি স্থানতে সন্তানসকল উপস্থিত হৈছে তাৰ পৰা কিবা নহয় কিবা বিশেষ ফলাফল অৱশ্যেই ওলাব। তথাপিও কাৰোবাৰ ফলাফল সোনকালে ওলায় কাৰোবাৰ সময়ত ওলাব। কিন্তু বিশেষত্ব সকলো ফালৰে আছে। কিমান ভাল ভাল ৰত্ন ওলাইছে। এনেকৈ নাভাবিবা যে আমিতো সাধাৰণ হওঁ। সকলোৱে বিশেষ হোৱা। যদি কোনোবা বিশেষ নহলেহেতেন তেন্তে পিতাৰ ওচৰত নাহিলহেঁতেন। বিশেষত্ব আছে কিন্তু কোনোবাই বিশেষত্বক সেৱাত লগায় কোনোবাই সেৱাত লগাবৰ বাবে এতিয়া তৈয়াৰ হৈ আছে, বাকী হওতে সকলো বিশেষ আত্মা হোৱা। সকলো মহাৰথী, মহাবীৰ হোৱা। এজন-এজনৰ যদি মহিমা আৰম্ভ কৰোঁ তেন্তে ডাঙৰ-দীঘল মালা হৈ যাব। শক্তিসকলক চোৱা প্ৰতিগৰাকী শক্তিকে মহান আত্মা, বিশ্বকল্যাণকাৰী আত্মা হিচাপে দেখা পোৱা যাব। এনেকুৱা হোৱা নহয়নে নে কেৱল নিজৰ নিজৰ স্থানৰ কল্যাণকাৰী হোৱা? বাৰু।

06-09-2020 প্ৰাতঃমুৰুলী ওঁম্‌ শান্তি অব্যক্ত-বাপদাদা ৰিভাইজ্‌ 19-03-1986
মধুবন
অমৃতবেলা - শ্ৰেষ্ঠ প্ৰাপ্তিৰ বেলা

আজি আত্মিক বাগিচাৰ গৰাকীয়ে নিজৰ আত্মিক গোলাপ ফুলৰ (ৰজ ফ্লাৱাৰ্চ) বাগিচা প্ৰত্যক্ষ কৰি আছেহঁক। এনেকুৱা আত্মিক গোলাপৰ বাগিচা এতিয়া এই সংগমযুগতেই বাপদাদাৰ দ্বাৰা তৈয়াৰ হয়। বাপদাদাই প্ৰত্যেক আত্মিক গোলাপ ফুলৰ আত্মিকতাৰ সুবাস আৰু আত্মিকতাৰ ফুলি থকা ফুলবোৰৰ জেউতী চাই আছে। সুবাসিত সকলোৱে হোৱা কিন্তু কিছুমানৰ সুবাস চিৰকালৰ বাবে থাকে কিছুমানৰ সুবাস অলপ সময়ৰ বাবে থাকে। কোনোবাটো গোলাপ সদায় ফুলি থকা আৰু কোনোবাটো কেতিয়াবা ফুলা কেতিয়াবা অলপ ৰদ বা বতৰৰ হিচাপত মৰহিও যায়। কিন্তু তথাপিও অত্মিক বাগিচাৰ গৰাকীৰ বাগিচাৰ আত্মিক গোলাপ হয়। কোনো কোনো আত্মিক গোলাপৰ মাজত বিশেষ জ্ঞানৰ সুবাস আছে। কোনোবাটোৰ মাজত স্মৃতিৰ সুবাস বিশেষ আছে। কোনোবাটোৰ মাজত আৰু ধাৰণাৰ সুবাস, কোনোবাটোৰ মাজত বিশেষভাবে সেৱাৰ সুবাস আছে। কোনো কোনো এনেকুৱাও আছে যিসকল সকলো সুবাসৰে সম্পন্ন। গতিকে বাগিচাত সকলোতকৈ আগতে কাৰ ফালে নজৰ যাব বাৰু? যাৰ সুবাসে দূৰৈৰ পৰাই আকৰ্ষিত কৰিব। সেইফালেই সকলোৰে দৃষ্টি প্ৰথমতে যায়। গতিকে আত্মিক বাগিচাৰ গৰাকীয়ে সদায় সকলো আত্মিক গোলাপৰ ফুলক চায়। কিন্তু ক্ৰমানুসৰি। মৰমো সকলোৰে প্ৰতি আছে কিয়নো প্ৰতিপাহ গোলাপ ফুলৰ ভিতৰত বাগিচাৰ গৰাকীৰ প্ৰতি অতি মৰম আছে। মালিকৰ প্ৰতি ফুলবোৰৰ মৰম আছে। আৰু মালিকৰ ফুলবোৰৰ প্ৰতি মৰম আছে। তথাপিও কাচৰ আচবাবত (শ্বকেচত) সদায় থাকোঁতা আত্মিক গোলাপ তেৱেঁই হয় যি সদায় সকলো সুবাসেৰে সম্পন্ন আৰু ফুলি থাকে। মৰহি যোৱা কেতিয়াও নহয়। নিতৌ অমৃতবেলা বাপদাদাই স্নেহ আৰু শক্তিৰ বিশেষ প্ৰতিপালনৰে সকলো আত্মিক গোলাপ ফুলৰ সৈতে মিলন উদযাপন কৰে।

অমৃতবেলা বিশেষ প্ৰভু প্ৰতিপালনৰ বেলা হয়। অমৃতবেলা বিশেষ পৰমাত্ম মিলনৰ বেলা হয়। আত্মিক বাৰ্তালাপ কৰাৰ বেলা হয়। অমৃতবেলা ভোলা ভাণ্ডাৰীৰ বৰদানৰ খাজনাৰ (সম্পত্তিৰ) পৰা সহজে বৰদান প্ৰাপ্ত হোৱাৰ বেলা। মনে ইচ্ছিত ফল প্ৰাপ্ত কৰা - এয়া যি গায়ন আছে এয়া এই সময়ৰ অমৃতবেলাৰ সময়ৰ গায়ন। বিনা পৰিশ্ৰমেৰে মুকলি ভাবে খাজনা প্ৰাপ্ত কৰাৰ বেলা। এনেকুৱা মনমোহা সুন্দৰ সময়ক অনুভৱেৰে জানা নহয়। অনুভৱীয়েহে জানে এই শ্ৰেষ্ঠ সুখক, শ্ৰেষ্ঠ প্ৰাপ্তিক। গতিকে বাপদাদাই সকলো আত্মিক গোলাপক দেখি দেখি আনন্দিত হৈ আছে। বাপদাদায়ো কয় - বাহঃ মোৰ আত্মিক গোলাপ। তোমালোকে বাহঃ বাহঃৰ গীত গোৱা গতিকে বাপদাদায়ো এয়াই গীত গায়। বুজিলা!

মুৰুলীতো বহুত শুনিছা। শুনি শুনি সম্পন্ন হৈ গৈছা। এতিয়া মহাদানী হৈ বিলোৱাৰ পৰিকল্পনা কৰি আছা। এইটো উৎসাহ বহুত ভাল। আজি ইউ.কে. (আমেৰিকা যুক্তৰাষ্ট্ৰ) অৰ্থাৎ অ.কে. (ঠিক) হৈ থাকোঁতাসকলৰ পাল (টাৰ্ন)। দ্বৈত বিদেশীসকলৰ এটি শব্দ শুনি বাপদাদাই সদায় মিচিকিয়াই থাকে। কোনটো শব্দ বাৰু? থেংক ইউ (আপোনাক ধন্যবাদ)। থেংক ইউ বুলি কৈ থাকিও পিতাক স্মৰণো কৰি থাকে কিয়নো সকলোতকৈ প্ৰথমতে অন্তৰৰ পৰা পিতাৰ প্ৰতিয়ে ধন্যবাদ ওলায়। গতিকে যেতিয়াই কোনোবাক থেংক ইউ বুলি কোৱা তেতিয়া প্ৰথমতে পিতা স্মৃতিলৈ আহিব নহয়! ব্ৰাহ্মণ জীৱনত প্ৰথম ধন্যবাদ স্বতঃ পিতাৰ প্ৰতি ওলায়। উঠোঁতে-বহোঁতে অনেকবাৰ থেংক ইউ বুলি কোৱা। এয়াও এক প্ৰকাৰৰ বিধি বাবাক স্মৰণ কৰাৰ। ইউ.কে.ৰ নিবাসীসকলে সকলো ভিন্ন ভিন্ন হদৰ শক্তিধাৰীসকলক একত্ৰিত কৰাৰ বাবে নিমিত্ত হৈছা নহয়। অনেক প্ৰকাৰৰ জ্ঞানৰ শক্তি আছে। ভিন্ন ভিন্ন শক্তিধাৰীসকলক, ভিন্ন-ভিন্ন বৰ্গৰ সকলক, ভিন্ন-ভিন্ন ধৰ্মৰ সকলক, ভাষাৰ সকলক সকলোকে একত্ৰিত কৰি এটি ব্ৰাহ্মণ বৰ্গত অনা, ব্ৰাহ্মণ ধৰ্ম, ব্ৰাহ্মণ ভাষাত অহা। ব্ৰাহ্মণৰ ভাষাও নিজা। যিসকল নতুন তেওঁলোকে ভাবিবই নোৱাৰে যে এওঁলোকে কি কয়। গতিকে ব্ৰাহ্মণৰ ভাষা, ব্ৰাহ্মণৰ অভিধানেই (ডিক্সনেৰী) নিজা। গতিকে ইউ.কে. নিবাসীসকল সকলোকে এক কৰি তোলাত ব্যস্ত (বিজী) হৈ থাকা নহয়নে। সংখ্যাও ভাল আৰু স্নেহো ভাল প্ৰত্যেক স্থানৰ নিজা নিজা বিশেষত্বতো আছেই কিন্তু আজি ইউ.কে.ৰ শুনাই আছোঁ। যজ্ঞ স্নেহী, যজ্ঞ সহযোগী এইটো বিশেষত্ব ভালকৈ দেখা পোৱা যায়। প্ৰতিটো খোজত প্ৰথমতে যজ্ঞ অৰ্থাৎ মধুবনৰ অংশীদাৰ হোৱাত ভাল নম্বৰত গৈ আছা। মধুবনৰ প্ৰত্যক্ষ স্মৃতি এক বিশেষ জখলা (স্পেচিয়েল লিফ্‌ট) হৈ যায়। প্ৰতিটো কাৰ্যত, প্ৰতিটো খোজত মধুবন অৰ্থাৎ পিতাৰ স্মৃতি আছে নতুবা পিতাই পঢ়োৱা পাঠ আছে বা পিতাৰ ব্ৰহ্মা ভোজন আছে নতুবা পিতাৰ সৈতে মিলন আছে। মধুবনে স্বতঃ পিতাৰ স্মৃতি দিওঁতা হয়। যতেই নাথাকা মধুবনৰ স্মৃতি অহা অৰ্থাৎ বিশেষ স্নেহ, জখলা হৈ যায়। ওপৰলৈ বগাই যোৱাৰ পৰিশ্ৰমৰ পৰা মুক্ত হৈ যায়। চেকেণ্ডত বুটাম (শ্বুইটচ) অন কৰিলা আৰু আহি উপস্থিত হৈ গলা।

বাপদাদাকতো অন্য কোনো হীৰা মুকুতা নালাগে। পিতাৰ বাবে স্নেহৰ সৰু বস্তুৱেই হীৰা ৰত্ন সেইবাবে সুদামাৰ কেঁচা চাউল মুঠিৰ গায়ন কৰা হৈছে। ইয়াৰ ভাৱাৰ্থ এয়াই যে স্নেহৰ সৰু বেজিটোৱে মধুবনৰ স্মৃতি আনি দিয়ে। গতিকে সেয়াও বহুত ডাঙৰ অমূল্য ৰত্ন কিয়নো স্নেহৰ দাম আছে। মূল্য (ভেল্যু) স্নেহৰ। বস্তুৰ নহয়। কোনোবাই এনেয়ে যিমানেই নিদিয়ক কিন্তু যদি স্নেহ নাই তেন্তে তাৰ বিপৰীতে জমা নহয় আৰু স্নেহেৰে অলপ জমা কৰিলেও তাৰ বিপৰীতে পদম জমা হৈ যায়। গতিকে পিতাৰ পচন্দ হৈছে স্নেহ। গতিকে ইউ.কে. নিবাসীকলৰ বিশেষত্ব যজ্ঞ স্নেহী, যজ্ঞ সহযোগী আৰম্ভণিৰ পৰাই আছে। এয়াই সহজ যোগো হয়। সহযোগ, সহজ যোগ হয়। সহযোগৰ সংকল্প উদয় হলেও স্মৃতিতো পিতাৰেই থাকিব নহয় জানো। গতিকে সহযোগী, সহজ যোগী স্বতঃ হৈ যায়। যোগ পিতাৰ সৈতে থাকে, মধুবন অৰ্থাৎ বাপদাদাৰ সৈতে। গতিকে সহযোগী হোৱাসকলেও সহজযোগৰ বিষয়টিত ভাল নম্বৰ লৈ লয়। অন্তৰৰ সহযোগ পিতাৰ প্ৰিয় হয়, সেইবাবে ইয়াত স্মাৰকো দিলৱালা মন্দিৰ নিৰ্মাণ কৰিছে। গতিকে দিলৱালা পিতাৰ অন্তৰৰ স্নেহ, অন্তৰৰ সহযোগেই প্ৰিয় হয়। সৰু (ঠেক) অন্তৰৰ সকলে সৰু চুক্তি কৰি আনন্দিত হৈ যায় আৰু ডাঙৰ (বহল) অন্তৰৰ সকলে বেহদৰ (অসীমৰ) চুক্তি কৰে। ভেটি (ফাউণ্ডেশ্বন) ডাঙৰ অন্তৰৰ সেইবাবে বিস্তাৰো ডাঙৰ হৈ গৈ আছে। যিদৰে বহু ঠাইত বৃক্ষ দেখিছা বৃক্ষৰ ঠাল-ঠেঙুলিয়ে গা-গছ হৈ যায়। গতিকে ইউ.কে.ৰ ভেটিৰ পৰাই গা-গছ ওলাল, শাখাবিলাক ওলাল। এতিয়া সেই শাখাসমূহো গা-গছ হৈ গল। সেই গা-গছ সমূহৰ পৰাও শাখা ওলাই আছে। যিদৰে অষ্ট্ৰেলিয়া ওলাল, আমেৰিকা, ইউৰোপ, আফ্ৰিকা ওলাল। সকলো গা-গছ হৈ গল। আৰু প্ৰত্যেক গা-গছৰ শাখা সমূহো ভালদৰে বৃদ্ধি হৈ আছে। কিয়নো ভেটি স্নেহ আৰু সহযোগৰ পানীৰে মজবুত হয়, সেইবাবে বিস্তাৰো ভাল আৰু ফলো ভাল। ভাল বাৰু-

বৰদান:
দেহভাৱ ত্যাগ কৰি ক্ৰোধমুক্ত হওঁতা বিনয়ী অন্তৰৰ হোৱা

যিসকল সন্তানে দেহভাৱ ত্যাগ কৰে তেওঁলোকৰ কেতিয়াও ক্ৰোধ উৎপন্ন হব নোৱাৰে কিয়নো ক্ৰোধ উৎপন্ন হোৱাৰ দুটা কাৰণ থাকে। এটা হৈছে - যেতিয়া কোনোবাই মিছা কথা কয় আৰু আনটো হৈছে যেতিয়া কোনোবাই গ্লানি কৰে। এই দুটা কথাই ক্ৰোধৰ জন্ম দিয়ে। এনেকুৱা পৰিস্থিতিত বিনয়ী অন্তৰৰ বৰদানৰ দ্বাৰা অপকাৰীৰ প্ৰতিও উপকাৰ কৰা, গালি দিওঁতাসকলকো আকোৱালি লোৱা, নিন্দা কৰাসকলক সঁচা মিত্ৰ বুলি ভাবা - তেতিয়াহে চমৎকাৰ বুলি কোৱা হব। যেতিয়া এনেকুৱা পৰিৱৰ্তন দেখুৱাবা তেতিয়া বিশ্বৰ আগত প্ৰসিদ্ধ হবা।

স্লোগান:
আনন্দৰ (পৰিতৃপ্তিৰ) অনুভৱ কৰিবৰ বাবে মায়াৰ অধীনতাক এৰি স্বতন্ত্ৰ হোৱা।