06.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল যেনেকৈ পিতাই ভৱিষ্যত 21 জন্মৰ বাবে সুখ দিয়ে তেনেকৈ তোমালোক সন্তানসকলেও পিতাৰ সহায়কাৰী হোৱা, প্রীত বুদ্ধিৰ হোৱা, দুখ দিয়াৰ কেতিয়াও খেয়ালো যাতে নাহে

প্ৰশ্ন:
তোমালোক ৰূপ-বসন্ত (জ্ঞানী-যোগী) সন্তানসকলৰ কৰ্তব্য কি? তোমালোকে পিতাৰ কোনটো শিক্ষা পাইছা?

উত্তৰ:
তোমালোক জ্ঞানী-যোগী (ৰূপ-বসন্ত) সন্তানসকলৰ কৰ্তব্য হ'ল মুখেৰে সদায় ৰত্ন উলিওৱা (জ্ঞানৰ কথা উচ্চাৰিত কৰা), তোমালোকৰ মুখৰ পৰা কেতিয়াও পাথৰ ওলাব (কটু বচন উচ্চাৰিত হব) নালাগে। সকলো সন্তানৰ প্রতি পিতাৰ শিক্ষা হ'ল যে সন্তানসকল- (1) পৰস্পৰ কেতিয়াও ইজনে সিজনক অশান্ত নকৰিবা, খং নকৰিবা, এয়া আসুৰিক মনুষ্যৰ কাম। (2) মনতো যাতে কাকোবাক দুখ দিয়াৰ খেয়াল নাহে। (3) নিন্দা-স্তুতি, মান-অপমান সকলো সহ্য কৰিবা। যদি কোনোবাই কিবা কয় তেন্তে শান্ত হৈ থাকিবা। হাতত আইন তুলি নল'বা।

গীত:
তু প্যাৰ কা সাগৰ হ্যেয় (তুমি মৰমৰ সাগৰ....)

ওঁম্শান্তি।
জ্ঞান আৰু অজ্ঞান। তোমালোক সন্তানসকলৰ এতিয়া জ্ঞান আছে- ভক্তসকলে কাৰ মহিমা কৰে আৰু তোমালোক সন্তানসকল যিসকল ইয়াত বহি আছা তোমালোকে কাৰ মহিমা শুনা? ৰাতি-দিনৰ পাৰ্থক্য আছে। তেওঁলোকেতো এনেয়ে কেৱল মহিমা গাই থাকে। ইমান মৰম নাই কিয়নো পৰিচয় নাই। তোমালোকক পিতাই পৰিচয় দিছে, মই মৰমৰ সাগৰ হওঁ আৰু তোমালোকক মৰমৰ সাগৰ কৰি আছোঁ। পিতা মৰমৰ সাগৰ - সকলোৰে কিমান মৰমৰ হয়। তাতো সকলোৱে ইজনে সিজনক মৰম কৰে। এয়া তোমালোকে ইয়াত শিকা। কাৰো সৈতে বিৰোধ হ'ব নালাগে, যাক বাবাই লোণ-পানী বুলি কয়। ভিতৰত কাৰো প্রতি ঘৃণাৰ ভাৱ থাকিব নালাগে। ঘৃণা কৰাজন কলিযুগী নৰকবাসী হয়। জানা যে আমি সকলো ভাই-ভনী হওঁ। শান্তিধামত থাকিলে ভাই ভাই হওঁ। ইয়াত যেতিয়া কৰ্মক্ষেত্রত ভূমিকা (পাৰ্ট) পালন কৰা তেতিয়া ভাই-ভনী হোৱা। ঈশ্বৰীয় সন্তান হোৱা। ঈশ্বৰৰ মহিমা হ'ল - তেওঁ জ্ঞানৰ সাগৰ, প্রেমৰ সাগৰ অৰ্থাৎ সকলোকে সুখ দিয়ে। তোমালোক সকলোৱে অন্তৰক সোধা - যেনেকৈ পিতাই ভৱিষ্যত 21 জন্মৰ বাবে সুখ দিয়ে তেনেকৈ আমিও সেইটো কাৰ্য কৰোঁনে? যদি পিতাৰ সহায়কাৰী নহয়, মৰম নকৰে, ইজনৰ সিজনৰ প্রতি প্রীতি নাথাকে, অপ্ৰীতিকৰ বুদ্ধিৰ হৈ থাকে তেন্তে বিনশন্তি হৈ যায়। অপ্ৰীতিকৰ বুদ্ধি হোৱাতো অসুৰৰ কাম। নিজকে ঈশ্বৰীয় সম্প্রদায়ৰ বুলি কৈ ইজনে সিজনক দুখ দিয়া - তাক অসুৰ বুলি কোৱা হয়। তোমালোক সন্তানসকলে কাকোৱে দুখ দিব নালাগে। তোমালোক হোৱাই দুখহৰ্তা, সুখকৰ্তা পিতাৰ সন্তান। গতিকে দুখ দিয়াৰ খেয়ালো তোমালোকৰ আহিব নালাগে। তেওঁলোকতো হয়েই আসুৰিক সম্প্রদায়ৰ, ঈশ্বৰীয় সম্প্রদায়ৰ নহয় কিয়নো দেহ-অভিমানী হয়। তেওঁলোক কেতিয়াও স্মৃতিৰ যাত্রাত থাকিব নোৱাৰে। স্মৃতিৰ যাত্রা অবিহনে কল্যাণ নহয়। উত্তৰাধিকাৰ দিওঁতা পিতাকতো নিশ্চয় স্মৰণ কৰিব লাগে তেতিয়াহে বিকৰ্ম বিনাশ হ'ব। আধাকল্পতো ইজনে সিজনক দুখ দি আহিছা। ইজনে সিজনৰ লগত কাজিয়া কৰি, অশান্ত কৰি থাকে, তেওঁলোকক আসুৰিক সম্প্রদায়ত গণনা কৰা হয়। যদিও পুৰুষাৰ্থী হয় তথাপি কেতিয়ালৈকে দুখ দি থাকিব, সেইবাবে পিতাই কয় নিজৰ খতিয়ান (চাৰ্ট) ৰাখা। খতিয়ান ৰাখিলে গম পাবা - মোৰ ৰেজিষ্টাৰ শুধৰণি হৈছে নে সেয়াই আসুৰিক চলন আছে? বাবাই সদায় কয় যে কেতিয়াও কাকো দুখ নিদিবা। নিন্দা-স্তুতি, মান-অপমান, ঠাণ্ডা-গৰম সকলো সহ্য কৰিব লাগে। কোনোবাই কিবা ক'লে শান্ত হৈ থাকিব লাগে। এনেকুৱা নহয় যে তেওঁৰ প্রতি আৰু দুআষাৰ কৈ দিব লাগে। কোনোবাই কাৰোবাক দুখ দিলে তেতিয়া পিতাই বুজাব নহয় জানো। সন্তানে সন্তানক ক'ব নোৱাৰে। নিজৰ হাতত আইন (ল) তুলি ল'ব নালাগে। কিবা কথা থাকিলে পিতাৰ ওচৰত আহিব লাগে। চৰকাৰৰো (গভাৰ্ণমেণ্টৰো) নিয়ম আছে - কোনেও এজনে আনজনক ঘোচা মাৰিব নোৱাৰে। অভিযোগ (কমপ্লেইন) কৰিব পাৰে। আইন তুলি লোৱা চৰকাৰৰ কাম। তোমালোকো চৰকাৰৰ ওচৰলৈ আহা। হাতত আইন তুলি নল'বা। এয়াতো হয়েই নিজৰ ঘৰ সেইবাবে বাবাই কয় - নিতৌ আদালত বহুওৱা। এয়াও বুজি নাপায় যে শিৱবাবাই আদেশ (অৰ্ডাৰ) দিয়ে। বাবাই কৈছে - সদায় বুজিবা যে শিৱবাবাই শুনায়। এনেকৈ নাভাবিবা যে ব্রহ্মাই শুনায়। সদায় শিৱবাবা বুলিয়ে বুজিবা তেতিয়া তেওঁৰ স্মৃতি থাকিব। এয়া শিৱবাবাই ৰথ লৈছে, তোমালোকক জ্ঞান শুনাবৰ কাৰণে। সতোপ্রধান হোৱাৰ ৰাস্তা পিতাই বুজাই আছে। তেওঁ হৈছে গুপ্ত। তোমালোক হৈছা প্রত্যক্ষ। যিয়েই নিৰ্দেশনা (ডায়ৰেক্সন) ওলায়, বুজিবা যে শিৱবাবাৰ হয় তেতিয়া তোমালোক নিৰাপদ (চেফ্‌) হৈ থাকিবা। তোমালোকে বাবা বাবা বুলি শিৱকেই কোৱা। উত্তৰাধিকাৰো তেওঁৰ পৰাই পোৱা যায়। তেওঁৰ সৈতে কিমান সন্মান সহকাৰে, মাৰ্জিত হৈ চলিব লাগে। তোমালোকে কোৱা নহয় - বাবা আমিতো লক্ষ্মী-নাৰায়ণ হ'ম। আকৌ দ্বিতীয়, তৃতীয় হম, সূৰ্যবংশী যদি নহওঁ তেন্তে চন্দ্রবংশী হম। এনেকুৱাতো নহয় যে মই দাস-দাসী হলেও হব। প্রজা হোৱাতো ভাল নহয়। তোমালোকেতো ইয়াত দৈৱীগুণ ধাৰণ কৰিব লাগে। আসুৰিক চলনতো হোৱা উচিত নহয়। নিশ্চয় নাথাকিলে আকৌ বহি বহি এনেকৈ কৈ দিয়ে, এওঁৰ শৰীৰত শিৱবাবা আহে - মইতো বুজি নাপাওঁ। মায়াৰ ভূত আহিলে পৰস্পৰ এনেকৈ কৈ দিয়ে। পৰস্পৰ আসুৰিক স্বভাৱৰসকল মিলিত হলে এনেকৈ কবলৈ আৰম্ভ কৰি দিয়ে, আসুৰিক কথাই মুখেৰে উচ্চাৰিত হয়। পিতাই কয় - তোমালোক আত্মাসকল ৰূপ-বসন্ত (জ্ঞানী-যোগী) হোৱা। তোমালোকৰ মুখেৰে ৰত্ন উচ্চাৰিত হব লাগে। যদি পাথৰ উচ্চাৰিত হয় তাৰমানে আসুৰিক বুদ্ধিৰ হলা।

গীতটিও সন্তানসকলে শুনিলা। সন্তানসকলে কয় - বাবা মৰমৰ সাগৰ, সুখৰ সাগৰ হয়। শিৱবাবাৰেই মহিমা আছে। পিতাই কয় - তোমালোকে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ইয়াতেই বহুত ভাল ভাল সন্তান অকৃতকাৰ্য (ফেইল) হৈ যায়। দেহী-অভিমানী স্থিতিত স্থিত হৈ থাকিব নোৱাৰে। দেহী-অভিমানী হলেহে ইমান উচ্চ পদ পাবা। বহুত সন্তানে অদৰকাৰী কথাত বহুত সময় নষ্ট (ৱেষ্ট) কৰে। জ্ঞানৰ কথাই ধ্যানলৈ নাহে। এইটোও গায়ন আছে যে ঘৰৰ গংগাৰ মান নাৰাখে। ঘৰৰ বস্তুৰ প্ৰতি ইমান সন্মান নাৰাখে। যিহেতু কৃষ্ণ আদিৰ চিত্ৰ ঘৰতো আছে তেন্তে শ্ৰীনাথ দ্বাৰ আদি ইমান দূৰ-দূৰণিলৈ কিয় যায়। শিৱৰ মন্দিৰবোৰতো পাথৰৰ লিংগহে আছে। পাহাৰৰ পৰা পাথৰ ওলায়, সেয়া ঘঁহনি খাই খাই লিংগ হৈ যায়, তাত কোনো কোনো পাথৰত সোণো লগাই থোৱা থাকে। কোৱা হয় সোণৰ কৈলাশ পৰ্বত। সোণ পাহৰৰ পৰা ওলায় নহয় জানো। সেয়েহে অলপ অলপ সোণ লাগি থকা পাথৰো থাকে যি পাচত বহুত ভাল গোলাকাৰ হৈ যায়, সেয়া বিক্ৰী কৰে। মাৰ্বলৰো বিশেষভাৱে সাজে। এতিয়া ভক্তি মাৰ্গৰসকলক কোৱা যে তোমালোক বাহিৰত ইমান হাবাথুৰি কিয় খোৱা তেন্তে বিতুষ্ট হৈ পৰিব। পিতাই নিজেই কয় - তোমালোক সন্তানসকলে বহুত পইচা নষ্ট কৰিলা। এয়াও নাটকত ভূমিকা আছে যে তোমালোক হাবাথুৰি খাবলগীয়া হয়। এয়া হয়েই জ্ঞান আৰু ভক্তিৰ খেল। এতিয়া সন্তানসকলৰ সকলো বোধগম্য হয়। জ্ঞান হৈছে সুখৰ পথ, জ্ঞানেৰে সত্যযুগৰ ৰাজ্য-ভাগ্য পোৱা যায়। এই সময়ত ৰজা ৰাণী তথা প্ৰজা সকলো নৰকৰ মালিক। যেতিয়া কাৰোবাৰ মৃত্যু হয় তেতিয়া কয় যে স্বৰ্গবাসী হল। এই কথাবোৰ এতিয়া তোমালোকে বুজিছা। এতিয়া তোমালোকে কোৱা যে আমি স্বৰ্গবাসী হবলৈ স্বৰ্গৰ স্থাপনা কৰোঁতা পিতাৰ ওচৰত বহি আছোঁ। জ্ঞানৰ টোপাল পোৱা যায়। অলপো যদি জ্ঞান শুনে তেন্তে স্বৰ্গলৈ নিশ্চয় আহিব. বাকী হৈছে পুৰুষাৰ্থৰ ওপৰত। এনেকৈ ভাবে গংগাজলৰ এক লোটাও মুখত ঢালিলে পতিতৰ পৰা পাৱন হৈ যায়। লোটা ভৰাই লৈ যায় নিতৌ এটোপাল এটোপাল পানীত মিহলাই স্নান কৰে। সেয়া যেন গংগা স্নান হৈ যাব। বিদেশলৈও গংগাজল ভৰাই লৈ যায়। এই সকলোবোৰ হৈছে ভক্তি।

পিতাই সন্তানসকলক বুজায় - সন্তানসকল মায়াই বহুত জোৰেৰে থাপৰ মাৰে, বিকৰ্ম কৰাই দিয়ে সেইবাবে আদালত বহুওৱা, নিজেই নিজৰ বিচাৰ কৰাতো ভাল। তোমালোকে নিজেই নিজক ৰাজতিলক দিয়া গতিকে নিজক পৰীক্ষণ কৰিব লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হব লাগে। পিতাই শ্ৰীমত দিয়ে এনেকৈ এনেকৈ কৰা, দৈৱীগুণ ধাৰণ কৰা। যিয়ে কৰিব তেৱেঁ পাব। তোমালোকৰতো আনন্দত লোম শিয়ৰি উঠিব লাগে। বেহদৰ পিতাক পাইছা, তেওঁৰ সেৱাত সহায়কাৰী হব লাগে। অন্ধৰ লাখুটি হব লাগে। যিমান বেছিকৈ হবা, সিমান নিজৰে কল্যাণ হব। বাবাকতো ঘনেঘনে স্মৰণ কৰিব লাগে। একে ঠাইত যোগত বহাৰ কথা নাই। চলোঁতে ফুৰোঁতে স্মৰণ কৰিব লাগে। ট্ৰেইন আদিতো তোমালোকে সেৱা কৰিব পাৰা। তোমালোকে যিকোনো লোককে বুজাব পাৰা যে উচ্চতকৈ উচ্চ কোন? তেওঁক স্মৰণ কৰা। উত্তৰাধিকাৰ তেওঁৰ পৰাহে পাবা। আত্মাই পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পায়। কোনোৱে দান পুণ্য কৰিলে ৰজাৰ ঘৰত জন্ম লয় তাকো অলপ সময়ৰ বাবে। সদাকালৰ বাবেতো ৰজা হব নোৱাৰে। সেয়েহে পিতাই কয় - ইয়াততো 21 জন্মৰ নিশ্চয়তা (গেৰেণ্টি) আছে। তাত এইটো কথা গম পোৱা নাযায় যে আমি বেহদৰ পিতাৰ পৰা এয়া উত্তৰাধিকাৰ লৈ আহিছোঁ। এই জ্ঞান এই সময়ত তোমালোকে পোৱা সেয়েহে কিমান ভালদৰে পুৰুষাৰ্থ কৰিব লাগে। পুৰুষাৰ্থ যদি নকৰে তেন্তে নিজৰ ভৰিত কুঠাৰ মাৰে (নিজে নিজৰ অনিষ্ট কৰে)। খতিয়ান লিখি থাকিলে ভয় থাকিব। কোনো-কোনোৱে লিখেও, বাবাই দেখিলে কি কব। চাল-চলনত বহুত পাৰ্থক্য থাকে। সেয়েহে পিতাই কয় - গাফিলতি নকৰিবা। নহলেতো বহুত অনুতাপ কৰিব লাগিব। নিজৰ পুৰুষাৰ্থৰ অন্তিম সময়ত আকৌ সাক্ষাৎকাৰ নিশ্চয় হব তেতিয়া বহুত কান্দিব লাগিব। কি কল্পই কল্পই এয়াই উত্তৰাধিকাৰ পাম। দাস-দাসী হমগৈ। আগতেতো ধ্যানত গৈ শুনাইছিল - অমুক দাসী হয়, এয়া হয়। পাচত বাবাই বন্ধ কৰি দিলে। অন্তিমত আকৌ তোমালোক সন্তানসকলৰ সাক্ষাৎকাৰ হব। সাক্ষাৎকাৰ নোহোৱাকৈ শাস্তি কেনেকৈ পাব। নিয়মেই নাই।

সন্তানসকলক যুক্তিও বহুত শুনোৱা হয় তোমালোকে নিজৰ স্বামীক কোৱা, বাবাই কয় - সন্তানসকল কাম মহাশত্ৰু, ইয়াৰ ওপৰত বিজয়ী হোৱা। মায়াজিৎ হৈ জগতজিৎ হোৱা। এতিয়া মই স্বৰ্গৰ মালিক হম নে তোমাৰ কাৰণে অপৱিত্ৰ হৈ নৰকত যাম। বহুত মৰেমেৰে নম্ৰতাৰে বুজোৱা। মোক নৰকলৈ কিয় ঠেলি দিয়া। এনেকুৱা বহুত কন্যা আছে - বুজাই বুজাই শেষত স্বামীক লৈ আহে। তেতিয়া স্বামীয়ে কয় এওঁ মোৰ গুৰু হয়, এওঁ মোক বহুত ভাল ৰাস্তা দেখুৱালে। বাবাৰ আগত চৰণত আহি পৰে। কেতিয়াবা জয় কেতিয়াবা পৰাজয়ো হয়। সেয়েহে সন্তানসকল বহুত বহুত মিঠা হব লাগে। যিয়ে সেৱা কৰিব তেৱেঁই মৰমৰ হব। ভগৱান পিতা সন্তানসকলৰ ওচৰলৈ আহিছে তেওঁৰ শ্ৰীমতত চলিব লাগে। শ্ৰীমতত নচলিলে ধুমুহা আহিলে বাগৰি পৰে। এনেকুৱাও আছে- তেওঁলোক কি কামৰ হৈ থাকিব। এই পঢ়া কোনো গতানুগতিক পঢ়া নহয় অন্য সকলো সৎসঙ্গ আদিততো হৈছে কনৰস, যাৰ দ্বাৰা অলপ সময়ৰ সুখ পোৱা যায়। এই পিতাৰ দ্বাৰাতো 21 জন্মৰ সুখ পোৱা যায়। বাবা সুখ-শান্তিৰ সাগৰ হয়, আমিও পিতাৰ পৰা উত্তৰাধিকাৰ লব লাগে। সেৱা কৰিলেহে তেতিয়াহে পাবা, সেইবাবে বেজ সদায় পিন্ধি থাকিব লাগে। আমি এনেকুৱা সৰ্বগুণ সম্পন্ন হব লাগে। পৰীক্ষণ কৰিব লাগে যে মই কাকো দুখতো নিদিওঁ? অসুৰিক আচৰণতো নকৰোঁ? মায়াই এনেকুৱা কাম কৰায়, কথাই নুসুধিবা। ভাল ভাল ঘৰৰ সকলেও কয়, মায়াই এইটো বিকর্ম কৰালে। কোনোৱে সঁচা কথা কয়, কোনোৱে সঁচা কথা নকলে এশগুণ শাস্তি পায়। পাচত সেইটো অভ্যাস বাঢ়ি যাব। বাবাক শুনালে তেন্তে বাবাই সাৱধান কৰি দিব। বাবাই কয় পাপ কৰিছা যদি ৰেজিষ্টাৰত লিখা আৰু কৈ দিয়া তেতিয়া তোমালোকৰ পাপ আধা নাইকিয়া হৈ যাব। নুশুনাই, লুকুৱাই ৰাখিলে আকৌ কৰিয়ে থাকিবা। অভিশাপ পাই যায়। নকলে এবাৰৰ ঠাইত 100 বাৰ কৰি থাকিব। বাবাই কিমান ভাল ৰায় দিয়ে কিন্তু কোনো কোনোৰ ওপৰত অলপো প্ৰভাৱ নপৰে। নিজৰ ভাগ্যক যেন লঠিয়াই থাকে। বহুত লোকচান কৰে। অন্তিমত সকলোৰে সাক্ষাৎকাৰ হব। এয়া এয়া হমগৈ, শ্রেণীত স্থানান্তৰ হলে নম্বৰ ওলায় নহয়। স্থানান্তৰ হোৱাৰ আগতে ফলাফল ওলায়। তোমালোকো যেতিয়া নিজৰ শ্রেণীলৈ যাবা নিজৰ নম্বৰৰ বিষয়ে জানিবা তেতিয়া বহুত জোৰেৰে কান্দিবা। তেতিয়া কি কৰিব পাৰিবা? ফলাফল ওলাই গ'ল। যি ভাগ্যত আছিল সেয়া লৈ ললা। পিতাই সকলো সন্তানক সাৱধান কৰে। কৰ্মতীত অৱস্থা এতিয়া হব নোৱাৰে। কৰ্মতীত অৱস্থা হৈ গলে আকৌ শৰীৰ এৰিব লাগিব, এতিয়া কিবা নহয় কিবা বিকৰ্ম বাকী আছে, হিচাপ-নিকাচ আছে সেয়েহে পূৰা যোগ নালাগে। এতিয়া কোনেও কব নোৱাৰে যে মই কৰ্মতীত অৱস্থাত আছোঁ। সন্মুখত আহিলে বহুত লক্ষণ দেখা দিব। সকলো নিজৰ অৱস্থাৰ ওপৰত আৰু বিনাশৰ ওপৰত নিৰ্ভৰ কৰে। তোমালোকৰ পঢ়া যেতিয়া সম্পূৰ্ণ হবৰ হব তেতিয়া দেখিবা যুদ্ধ শিৰত থিয় হৈ আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মায়াৰ বশ হৈ কোনো আসুৰিক আচৰণ কৰিব নালাগে। নিজৰ চলনৰ ৰেজিষ্টাৰ ৰাখিব লাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে অনুতাপ কৰিবলগীয়া হয়।

(2) বহুত মৰম আৰু নম্ৰতাৰে সেৱা কৰিব লাগে। মিঠা হব লাগিব। মুখেৰে আসুৰিক বচন উচ্চাৰিত কৰিব নালাগে। সংগৰ পৰা বহুত সাৱধান হব লাগে। শ্ৰীমতত আগবাঢ়ি গৈ থাকিব লাগে।

বৰদান:
মনৰ সংকল্প বা বৃত্তিৰ দ্বাৰা শ্রেষ্ট প্ৰকম্পন (ভাইব্ৰেচন)ৰ সুবাস বিয়পাই দিওঁতা শিৱ শক্তি সমন্বিত (কম্বাইণ্ড) হোৱা

যেনেকৈ আজিকালি স্থূল সুবাসৰ সাধনৰ পৰা গোলাপ, চন্দন বা ভিন্ন ভিন্ন প্ৰকাৰৰ সুবাস বিয়পাই দিয়ে তেনেকৈ তোমালোক শিৱ শক্তি সমন্বিত (কম্বাইণ্ড) হৈ মনৰ সংকল্প আৰু বৃত্তিৰ দ্বাৰা সুখ-শান্তি, প্ৰেম, আনন্দৰ সুবাস বিলোৱা। নিতৌ অমৃতবেলা ভিন্ন ভিন্ন শ্ৰেষ্ঠ প্ৰকম্পনৰ ফোৱাৰ (ভাইব্ৰেচনৰ ফাউণ্টেন)ৰ দৰে আত্মাসকলৰ ওপৰত গোলাপজল চটিয়াই দিয়া। কেৱল সংকল্পৰ স্বয়ংক্ৰিয় বুটাম টিপি দিয়া (অটটিক শ্চুইট্‌চ অন কৰা) তেতিয়া বিশ্বত যি অশুদ্ধ বৃত্তিৰ দুৰ্গন্ধ আছে সেয়া সমাপ্ত হৈ যাব।

স্লোগান:
সুখদাতাৰ দ্বাৰা সুখৰ ভঁৰাল প্ৰাপ্ত হোৱা - এয়াই তেওঁৰ মৰমৰ চিন।