06.10.21       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল এই পুৰণি জগতৰ পৰা বেহদৰ (অসীমৰ) বৈৰাগী হোৱা কিয়নো পিতাই তোমালোকৰ কাৰণে নতুন স্বৰ্গ ৰূপী ঘৰ নিৰ্মাণ কৰি আছে

প্ৰশ্ন:
এই অবিনাশী ৰুদ্ৰ যজ্ঞত কোনবোৰ কথাৰ কাৰণে বিঘিনি আহে?

উত্তৰ:
এয়া হৈছে শিৱবাবাৰ দ্বাৰা ৰচিত অবিনাশী ৰুদ্ৰ যজ্ঞ, ইয়াত তোমালোক মনুষ্যৰ পৰা দেৱতা হ'বলৈ পৱিত্ৰ হোৱা, ভক্তি আদি এৰা সেইকাৰণে বিঘিনি আহে। জগতৰ লোকে কয় - শান্তি হওঁক, বিনাশ নহওঁক আৰু পিতাই এই ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচিছেই পুৰণি সৃষ্টিৰ বিনাশৰ কাৰণে। ইয়াৰ পাছতহে শান্তিৰ সৃষ্টি আহিব।

ওঁম্শান্তি।
ওঁম্‌ শান্তিৰ অৰ্থ পিতাই সন্তানসকলক বুজাইছে। মই আত্মাৰ স্ব-ধৰ্ম হৈছে শান্তি। শান্তিধামলৈ যাবৰ বাবে কোনো পুৰুষাৰ্থ কৰিবলগীয়া নহয়। আত্মা স্বয়ং শান্ত স্বৰূপ, শান্তিধামত থাকোঁতা হয়। ইয়াত অলপ সময়ৰ বাবে শান্ত হৈ থাকিব পাৰে। আত্মাই কয় মোৰ কৰ্মেন্দ্ৰিয়ৰ বাজনা ভাগৰি পৰিছে। মই নিজৰ স্ব-ধৰ্মত স্থিত হৈ যাওঁ, শৰীৰৰ পৰা পৃথক হৈ যাওঁ। কিন্তু কৰ্মতো কৰিবই লাগে। শান্তিত কিমান সময়লৈকে বহি থাকিবা। আত্মাই কয় - মই শান্তিৰ দেশৰ নিবাসী হওঁ। কেৱল ইয়াত শৰীৰত অহাৰ বাবে মই বাণীত আহিছোঁ। মই আত্মা, এয়া মোৰ শৰীৰ। আত্মাহে পতিত আৰু পাৱন হয়। আত্মা পতিত হ'লে শৰীৰো পতিত হয় কিয়নো সত্যযুগত 5 তত্বও সতোপ্ৰধান হয়। ইয়াত 5 তত্ব তমোপ্ৰধান। সোণত খাদ পৰিলে (অন্য ধাতু মিহলি হলে) সোণ পতিত হৈ যায়। আকৌ তাক চাফা কৰিবলৈ জুইত দিয়া হয়। তাক যোগ অগ্নি বুলি কোৱা নহয়। যোগ অগ্নিও হয়, যাৰ দ্বাৰা পাপ ভস্ম হয়। আত্মাক পতিতৰ পৰা পাৱন কৰি তোলোঁতাজন হৈছে পৰমাত্মা। নামেই হৈছে এজনৰ। আহ্বান জনায় - হে পতিত-পাৱন আহক। নাটকৰ পৰিকল্পনা অনুসৰি সকলোৱে পতিত তমোপ্ৰধান হ'বই লাগে। এয়া বৃক্ষ নহয় জানো। সেই বৃক্ষৰ বীজ তলত থাকে, ইয়াৰ বীজ ওপৰত থাকে। পিতাক যেতিয়া আহ্বান জনায়, তেতিয়া বুদ্ধি ওপৰলৈ গুচি যায়। যাৰ পৰা তোমালোকে উত্তৰাধিকাৰ লৈ আছা তেওঁ এতিয়া তললৈ আহিছে। তেওঁ কয় - মই আহিবলগীয়া হয়। মোৰ এয়া যি মনুষ্য সৃষ্টিৰ বৃক্ষ আছে, এয়া বিভিন্ন ধৰ্মৰ হয়। এতিয়া সেই বৃক্ষৰ তমোপ্ৰধান পতিত জৰাজীৰ্ণ অৱস্থা হৈছে। পিতাই বহি সন্তানসকলক বুজায় - সত্যযুগত প্ৰথমতে দেৱী-দেৱতাসকল থাকে। এতিয়া কলিযুগত হৈছে অসুৰ। বাকী অসুৰ আৰু দেৱতাসকলৰ যুদ্ধ লগা নাই। তোমালোকে এই আসুৰি 5 বিকাৰৰ ওপৰত যোগবলেৰে বিজয় প্ৰাপ্ত কৰা। বাকী কোনো হিংসক যুদ্ধৰ কথা নাই। তোমালোকে কোনো প্ৰকাৰৰ হিংসা নকৰা। তোমালোকে কাকো হাতো নলগোৱা। তোমালোক দ্বৈত অহিংসক হোৱা। কাম-কটাৰী চলোৱা, এয়াতো সকলোতকৈ ডাঙৰ পাপ। পিতাই কয়- এই কাম-কটাৰীয়ে আদি-মধ্য-অন্ত দুখ দিয়ে। বিকাৰত যাব নালাগে। দেৱতাসকলৰ আগত মহিমা গায় - আপুনি সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী। আত্মাই এই ইন্দ্ৰিয়ৰ দ্বাৰা জানে। কয় যে আমি পতিত হৈ গলোঁ, তেন্তে নিশ্চয় কেতিয়াবা পাৱন আছিল, যাৰবাবে কয় আমি পতিত হৈ গলোঁ। আহ্বানো জনায় - হে পতিত-পাৱন আহক। যেতিয়া পাৱন হৈ থাকে তেতিয়া কোনেও আহ্বান নজনায়। তাক স্বৰ্গ বুলি কোৱা হয়। ইয়াততো সাধু-সন্ত আদিয়ে পতিত পাৱন সীতা ৰাম. বুলি কিমান সুৰ লগাই গাই থাকে, যলৈকে যায় গাই থাকে। পিতাই বুজায় যে গোটেই সৃষ্টিখনেই পতিত। ৰাৱণ ৰাজ্য নহয় জানো, ৰাৱণক জ্বলায়। কিন্তু তেওঁৰ ৰাজ্য কেতিয়াৰ পৰা হ'ল, কোনেও গম নাপায়। ভক্তিমাৰ্গৰ অনেক সামগ্ৰী আছে। কোনোবাই কিবা কৰে, কোনোবাই আন কিবা কৰে। সন্ন্যাসীয়েও কিমান যোগ শিকায়। বাস্তৱত যোগ বুলি কাক কোৱা হয় - এয়া কোনেও গম নাপায়। ইয়াৰ বাবে দোষ কাৰো নাই। এই নাটকখন পূৰ্ব নিৰ্ধাৰিত। যেতিয়লৈকে মই নাহোঁ, তেওঁলোকে নিজৰ ভূমিকা পালন কৰিব লাগে। জ্ঞান আৰু ভক্তি, জ্ঞান হৈছে দিন সত্যযুগ ত্ৰেতা, ভক্তি হৈছে ৰাতি দ্বাপৰ কলিযুগ তাৰপাছত হৈছে বৈৰাগ্য। পুৰণি সৃষ্টিৰ পৰা বৈৰাগ্য। এয়া হ'ল বেহদৰ (অসীমৰ) বৈৰাগ্য। তেওঁলোকৰ হৈছে হদৰ (সীমিত) বৈৰাগ্য। তোমালোকে জানা যে এই পুৰণি সৃষ্টি এতিয়া নাশ হোৱাৰ পথত। নতুন ঘৰ নিৰ্মাণ কৰিলে তেতিয়া পুৰণা ঘৰৰ প্ৰতি বৈৰাগ্য জন্মে।

চোৱা, বেহদৰ পিতা কেনেকুৱা! তোমালোকক স্বৰ্গ ৰূপী ঘৰ নিৰ্মাণ কৰাই দিয়ে। স্বৰ্গ হৈছে নতুন সৃষ্টি। নৰক হৈছে পুৰণি সৃষ্টি। নতুনেই পুৰণি হয় আকৌ নতুন হয়। নতুন সৃষ্টিৰ আয়ুস কিমান, এইটো কোনেও গম নাপায়। এতিয়া পুৰণি সৃষ্টিত থাকি আমি নতুন কৰি তোলোঁ। পুৰণি কবৰস্থানত আমি পৰীস্তান গঢ়িম। এয়াই যমুনাৰ তীৰ হ'ব, তাত মহল নিৰ্মাণ হব। এই দিল্লীয়েই যমুনা নদীৰ তীৰত হ'ব। বাকী এয়া যি দেখুৱায় যে পাণ্ডৱৰ দুৰ্গ আছিল। এই সকলোবোৰ নাটকৰ পৰিকল্পনা অনুসৰি নিশ্চয় আকৌ নিৰ্মাণ হ'ব। যিদৰে তোমালোকে যজ্ঞ, তপ, দান আদি কৰিছিলা, এয়াও কৰিব লাগিব। প্ৰথমতে শিৱৰ ভক্তি কৰা। অতিকৈ সুন্দৰ মন্দিৰ নিৰ্মাণ কৰা, তাক অব্যভিচাৰী ভক্তি বুলি কোৱা হয়। এতিয়া তোমালোক জ্ঞান মাৰ্গত আছা। এয়া হ'ল অব্যভিচাৰী জ্ঞান। এজন শিৱবাবাৰ পৰাই তোমালোকে শুনা যাৰ প্ৰথমতে তোমালোকে ভক্তি কৰিছিলা, সেই সময়ত অন্য কোনো ধৰ্ম নাথাকে। সেই সময়ত তোমালোক বহুত সুখী হৈ থাকা। দেৱতা ধৰ্ম বহুত সুখ দিওঁতা হয়। নাম ললেই মুখ মিঠা হৈ যায়। তোমালোকে একমাত্ৰ পিতাৰ পৰাই জ্ঞান শুনা। পিতাই কয় - অন্য কাৰো পৰা তোমালোকে নুশুনিবা। এয়া হৈছে তোমালোকৰ অব্যভিচাৰী জ্ঞান। তোমালোক বেহদৰ পিতাৰ হৈছা। পিতাৰ পৰাহে উত্তৰাধিকাৰ পাবা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। পিতা অলপ সময়ৰ কাৰণে সাকাৰত (শৰীৰত) আহিছে। তেওঁ কয় - মই তোমালোক সন্তানসকলকহে জ্ঞান দিব লাগে। মোৰ এইটো স্থায়ী শৰীৰ নহয়, মই এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত প্ৰৱেশ কৰোঁ। শিৱ জয়ন্তী পৰা আকৌ ততালিকে গীতা জয়ন্তী হৈ যায়। এওঁৰ পৰাই পৰা জ্ঞান আৰম্ভ কৰি দিয়ে। এই আত্মিক জ্ঞান পৰম আত্মাই দি আছে। পানীৰ কথা নহয়। পানীক জানো জ্ঞান বুলি ক'ব। পতিতৰ পৰা পাৱন, জ্ঞানেৰে হ'বা। পানীৰ দ্বাৰা জানো পাৱন হবা। নদীতো গোটেই জগততে আছে। এয়াতো জ্ঞান সাগৰ পিতা আহে, এওঁৰ শৰীৰত প্ৰৱেশ কৰি জ্ঞান শুনায়। ইয়াত গো-মুখলৈ যায়। বাস্তৱত গো-মুখ তোমালোক চৈতন্য ৰূপত হোৱা। তোমালোকৰ মুখেৰে জ্ঞান অমৃত ওলায়। গাইৰ পৰাতো গাখীৰ পোৱা যায়। পানীৰতো কথাই নাই, এই সকলোবোৰ পিতাই বহি বুজায়। যিজন সকলোৰে সৎগতি দাতা হয়। এতিয়া সকলো দুৰ্গতিত পৰি আছে। আগতে তোমালোকে নাজানিছিলা ৰাৱণক কিয় জ্বলায়। এতিয়া তোমালোকে জানা যে বেহদৰ দশহৰা (বিজয়া দশমী) হ'বলৈ গৈ আছে। এই গোটেই সৃষ্টিখন এটা দ্বীপ। ৰাৱণৰ ৰাজ্য গোটেই সৃষ্টিতে আছে। শাস্ত্ৰত যি আছে যে বান্দৰ সেনা আছিল, বান্দৰে সেতু নিৰ্মাণ কৰিলে... এই সকলোবোৰ হৈছে মুখ-ৰোচক কথা। ভক্তি আদি চলি থাকে, প্ৰথমতে হৈছে অব্যভিচাৰী ভক্তি, তাৰপাছত ব্যভিচাৰী ভক্তি। দশহৰা, ৰাখী বন্ধন সকলোবোৰ এতিয়াৰে উৎসৱ। শিৱ জয়ন্তীৰ পাছত হয় কৃষ্ণ জয়ন্তী। এতিয়া কৃষ্ণপুৰী স্থাপন হৈ আছে। আজি কংসপুৰী, কাইলৈ হ'ব কৃষ্ণপুৰী। কংস বুলি আসুৰি সম্প্ৰদায়ক কোৱা হয়। পাণ্ডৱ আৰু কৌৰৱৰ যুদ্ধ লগা নাই। কৃষ্ণৰ জন্ম হয় সত্যযুগত, তেওঁ হ'ল প্ৰথম ৰাজকুমাৰ। স্কুলত পঢ়িবলৈ যায়। যেতিয়া ডাঙৰ হয় তেতিয়া ৰাজসিংহাসনত বহে। সকলো মহিমা শিৱবাবাৰ, যিজন পতিতক পাৱন কৰি তোলোঁতা হয়। বাকী যি ৰাস লীলা আদি আছে সেয়াতো পৰস্পৰ আনন্দোৎসৱ কৰে। বাকী কৃষ্ণই কাৰোবাক জ্ঞান শুনাব, এয়া কেনেকৈ হ'ব পাৰে। পিতাই কয় - কাকো মানা কৰিব নালাগে যে ভক্তি নকৰিবা। আপোনাআপুনি আঁতৰি যায়। ভক্তি কৰিবলৈ এৰি দিয়ে, বিকাৰ এৰি দিয়ে, ইয়াক লৈয়ে হুলস্হূল হয়। বাবাই কৈছে - মই ৰুদ্ৰ যজ্ঞ ৰচনা কৰোঁ, ইয়াত আসুৰি সম্প্ৰদায়ৰ বিঘিনি আহে। এয়া হ'ল শিৱবাবাৰ বেহদৰ যজ্ঞ, যাৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা হয়। গায়ন কৰা হৈছে - জ্ঞান যজ্ঞৰ পৰা বিনাশ জ্বালা প্ৰকট হ'ল। যেতিয়া পুৰণি সৃষ্টিৰ বিনাশ হ'ব - তেতিয়া তোমালোকে নতুন সৃষ্টিত ৰাজত্ব কৰিবা। জগতৰ লোকে কয় - আমি কওঁ শান্তি দিয়া, এওঁলোক বি.কে.সকলে কয় বিনাশ হওঁক। জ্ঞান বুজি নোপোৱাৰ কাৰণে এনেদৰে কয়। পিতাই বুজায় - এই গোটেই পুৰণি সৃষ্টি এই জ্ঞান যজ্ঞত স্বাহা (আহুতি) হৈ যাব। পুৰণি সৃষ্টিত এতিয়া জুই লাগিব। প্ৰাকৃতিক দুৰ্যোগ হব, সৰিয়হৰ বীজৰ দৰে সকলো গুড়ি হৈ শেষ হৈ যাব। বাকী কিছু আত্মা থাকি যাব। আত্মাতো অবিনাশী হয়। এতিয়া বেহদৰ হোলিকা (দহন) হ'বলৈ গৈ আছে, য'ত সকলো শৰীৰ শেষ হৈ যাব। বাকী আত্মা পৱিত্ৰ হৈ গুচি যাব। জুইত বস্তু শুদ্ধ হয়। যজ্ঞ কৰে, শুদ্ধিকৰণৰ কাৰণে। সেই সকলোবোৰ হ'ল পাৰ্থিৱ কথা। এতিয়া গোটেই সৃষ্টি স্বাহা হব। বিনাশৰ পূৰ্বে নিশ্চয় স্থাপনা হোৱা উচিত। যিকোনো লোককে বুজোৱা - প্ৰথমে স্থাপনা তাৰ পাছত বিনাশ। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। প্ৰজাপিতা প্ৰসিদ্ধ হয়, আদি দেৱ, আদি দেৱী জগত অম্বাৰ লাখ লাখ মন্দিৰ আছে। কিমান মেলা অনুষ্ঠিত হয়। তোমালোক হৈছা জগত অম্বাৰ সন্তান জ্ঞান-জ্ঞানেশ্বৰী, আকৌ ৰাজ-ৰাজেশ্বৰী হ'বাগৈ। তোমালোক বহুত ধনবান হোৱাগৈ। আকৌ ভক্তিমাৰ্গত লক্ষ্মীৰ পৰা দীপাৱলীত বিনাশী ধন বিচাৰে। ইয়াত তোমালোকে সকলো পাই যোৱা আয়ুস্মান ভৱ, পুত্ৰবান ভৱ। তাত (সত্যযুগত) 150 বছৰ আয়ুস হয়। ইয়াত তোমালোক যিমানে যোগযুক্ত হবা সিমানে আয়ুস বাঢ়ি গৈ থাকিব। তোমালোক ঈশ্বৰৰ সৈতে যোগযুক্ত হৈ যোগেশ্বৰ হৈ যোৱা।

পিতাই কয় - মই ধোবা হওঁ। সকলো মলিয়ন আত্মাক মই চাফা কৰোঁ। আকৌ শৰীৰো শুদ্ধ পাবা। মই চেকেণ্ডত জগতৰ কাপোৰ চাফা কৰি দিওঁ। কেৱল মনমনাভৱ হৈ গলে (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰিলে) আত্মা আৰু শৰীৰ পৱিত্ৰ হৈ যাব। যাদু মন্ত্ৰ হৈ গ'ল নহয়। চেকেণ্ডত জীৱনমুক্তি, কিমান সহজ উপায়। চলোঁতে-ফুৰোঁতে কেৱল পিতাক স্মৰণ কৰা আৰু অন্য অলপো কষ্ট নিদিওঁ। এতিয়া তোমালোকৰ চেকেণ্ডত আৰোহণ কলা হয়। পিতাই কয় - মই তোমালোক সন্তানসকলৰ সেৱক হৈ আহিছোঁ। তোমালোকে আহ্বান জনাইছা - হে পতিত-পাৱন আহি আমাক পাৱন কৰি তোলক তেন্তে সেৱক নহলোঁ জানো। যেতিয়া তোমালোক বহুত পতিত হোৱা তেতিয়া জোৰেৰে চিঞৰা। এতিয়া মই আহিছোঁ। মই কল্পই কল্পই আহি সন্তানসকলক মন্ত্ৰ দিওঁ যে মোক স্মৰণ কৰা। মনমনাভৱৰ অৰ্থই হৈছে এয়া। আকৌ বিষ্ণুপুৰীৰ মালিক হ'বাগৈ। তোমালোক আহিছাই বিষ্ণুপুৰীৰ ৰাজ্য ল'বলৈ, ৰাৱণপুৰীৰ পাছত বিষ্ণুপুৰী। কংসপুৰীৰ পাছত কৃষ্ণপুৰী। কিমান সহজকৈ বুজোৱা হয়। পিতাই কয় - এই পুৰণি জগতৰ পৰা কেৱল মমত্ব আঁতৰাই দিয়া। এতিয়া আমি 84 জন্ম পূৰা কৰিছোঁ। এই পুৰণা চোলা এৰি আমি নতুন সৃষ্টিলৈ যাম। স্মৃতিৰেহে তোমালোকৰ পাপ খণ্ডন হৈ যাব, ইমানখিনি সাহস কৰিব লাগে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মুখেৰে সদায় জ্ঞান অমৃত উচ্চাৰিত কৰিব লাগে। জ্ঞানেৰেহে সকলোৰে সৎগতি কৰিব লাগে। এজন পিতাৰ পৰাহে জ্ঞান শুনিব লাগে, আনৰ পৰা নহয়।

(2) আৰোহণ কলাত যাবলৈ চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ কৰাৰ অভ্যাস কৰিব লাগে। এইখন পুৰণি সৃষ্টি, পুৰণা চোলাৰ পৰা মমত্ব আঁতৰাই দিব লাগে।

বৰদান:
এটাই মাৰ্গত চলোঁতা আৰু এজনৰ লগতেই সম্পৰ্ক ৰাখোঁতা সম্পূৰ্ণ ফৰিস্তা হোৱা

নিৰাকাৰ বা সাকাৰ ৰূপত বুদ্ধিৰ সংগ বা সম্পৰ্ক এজন পিতাৰ লগত দৃঢ় হলে তেতিয়া ফৰিস্তা হৈ যাবা। যাৰ সৰ্ব সম্বন্ধ বা সৰ্ব সম্পৰ্ক এজনৰ লগত থাকে তেৱেঁই সদায় ফৰিস্তা হয়। যিদৰে চৰকাৰে ৰাস্তাত ফলক লগাই দিয়ে যে এইটো ৰাস্তা বন্ধ, এনেকৈ সকলো ৰাস্তা বন্ধ কৰি দিয়া তেতিয়া বুদ্ধি ভ্ৰমি ফুৰাতো বন্ধ হৈ যাব। বাপদাদাৰ এয়াই আদেশ যে প্ৰথমতে সকলো ৰাস্তা বন্ধ কৰি দিয়া। ইয়াৰ দ্বাৰা সহজে ফৰিস্তা হৈ যাবা।

স্লোগান:
সদায় সেৱাৰ উৎসাহ-উদ্দীপনাত থকা - এয়াই মায়াৰ পৰা সুৰক্ষাৰ সাধন।


মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য - "নিৰন্তৰ ঈশ্বৰীয় স্মৃতিৰ বৈঠক

এতিয়া যেতিয়া পৰমাত্মাৰ স্মৃতিত বহা তেন্তে বহাৰ অৰ্থ কি বাৰু? আমি কেৱল পৰমাত্মাৰ স্মৃতিত বহিব নালাগে কিন্তু নিজৰ ঈশ্বৰীয় স্মৃতিততো সদায় চলোঁতে-ফুৰোঁতে সকলো সময়তে থাকিব লাগে আৰু স্মৃতিও সেইটো বস্তুৰেই থাকে যাৰ পৰিচয় থাকে। তেওঁৰ নাম-ৰূপ কি, যদি আমি কওঁ ঈশ্বৰ নাম ৰূপৰ পৰা উপৰাম তেনেহ'লে আকৌ কোনটো ৰূপত স্মৰণ কৰিম? যদি কয় ঈশ্বৰ সৰ্বব্যাপী তেন্তে তেওঁৰ ব্যাপকতাতো সৰ্বত্ৰ হৈ গ'ল তেন্তে স্মৰণ কাক কৰিম, যদি স্মৃতি শব্দটি আছে তেন্তে নিশ্চয় স্মৃতিৰ ৰূপো থাকিব। স্মৃতিৰ অৰ্থ এটা হ'ল স্মৰণ কৰোঁতা, দ্বিতীয়তে যাক স্মৰণ কৰা তেন্তে নিশ্চয় স্মৰণ কৰোঁতাজন তেওঁতকৈও ভিন্ন হয়, তেন্তে ঈশ্বৰ সৰ্বব্যাপী নহল। যদি কোনোবাই কয় যে আমি আত্মাসকল পৰমাত্মাৰ অংশ তেন্তে পৰমাত্মাও জানো টকুৰা-টুকুৰ হয়। তেনেহ'লেতো পৰমাত্মা বিনাশী হ'ল! তেওঁৰ স্মৃতিও বিনাশী হ'ল। এতিয়া এইটো কথাক মানুহে নাজানে, পৰমাত্মাও অবিনাশী, আমি সেই অবিনাশী পৰমাত্মাৰ সন্তান আত্মাও অবিনাশী। তেন্তে অমি বংশ হলোঁ, অংশ নহয়। এতিয়া এই জ্ঞান লাগে, যিটো পৰমাত্মাই নিজেই আহি সন্তানসকলক দিয়ে। পৰমাত্মাৰ আমাৰ অৰ্থাৎ সন্তানসকলৰ প্ৰতি মহাবাক্য হৈছে - সন্তানসকল, মই যি হওঁ, যেনেকুৱা হওঁ সেইটো ৰূপক স্মৰণ কৰিলে তোমালোকে মোক অৱশ্যেই পাবা। যদি মই দুখ সুখৰ পৰা উপৰাম পিতা সৰ্বব্যাপী হ'লোহেঁতেন তেন্তে আকৌ খেলখনত দুখ সুখ নাথাকিলহেঁতেন। গতিকে মই সৰ্বব্যাপী নহয়, ময়ো আত্মা সদৃশ আত্মা হওঁ কিন্তু সকলো আত্মাতকৈ মোৰ গুণ পৰম (সৰ্বোচ্চ) হয় সেইবাবে মোক পৰম আত্মা অৰ্থাৎ পৰমাত্মা বুলি কয়। ভালবাৰু। ওঁ‌ম্‌ শান্তি।