06.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল নিজকে পৰীক্ষা কৰা যে কিমান সময় পিতাৰ স্মৃতি থাকে, কিয়নো স্মৃতিতে লাভ, বিস্মৃতিত লোকচান

প্ৰশ্ন:
এই পাপ আত্মাৰ জগতত কোনটো কথা একেবাৰে অসম্ভৱ আৰু কিয়?

উত্তৰ:
ইয়াত যদি কোনোবাই কয় যে মই পূণ্য আত্মা, এয়া একেবাৰে অসম্ভৱ! কিয়নো এই জগতখনেই কলিযুগী তমোপ্ৰধান। মনুষ্যই যিটো পূণ্যৰ কাম বুলি ভাবে সেয়াও পাপ হৈ যায় কিয়নো প্ৰতিটো কাম বিকাৰৰ বশীভূত হৈ কৰে।

ওঁম্শান্তি।
এয়াতো সন্তানসকলে বুজি পোৱা যে আমি এতিয়া ব্ৰহ্মাৰ সন্তান ব্ৰহ্মাকুমাৰ-কুমাৰী হওঁ। তাৰ পাছত দেৱী-দেৱতা হমগৈ। এয়াতো তোমালোকেহে বুজি পোৱা, আন কোনেও বুজি নাপায়। তোমালোকে জানা যে আমি ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে বেহদৰ পঢ়া পঢ়ি আছো। 84 জন্মৰ বিষয়েও পঢ়া আৰু সৃষ্টি চক্ৰৰ বিষয়েও পঢ়া। পাছত তোমালোকে এই শিক্ষা পোৱা যে পবিত্ৰ হব লাগে। ইয়াত বহি তোমালোক সন্তানসকলে পবিত্ৰ হবলৈ পিতাক নিশ্চয় স্মৰণ কৰা। নিজৰ অন্তৰক সোধা সঁচাকৈয়ে মই পিতাৰ স্মৃতিত বহি আছিলো নে মায়া ৰাৱণে বুদ্ধি অন্য ফালে লৈ গল। পিতাই কৈছে মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হব। এতিয়া নিজকে সুধিব লাগে মই বাবাৰ স্মৃতিত আছিলো নে বুদ্ধি অন্য ফালে গুচি গৈছিল? স্মৃতি থকা উচিত কিমান সময় মই বাবাৰ স্মৃতিত থাকিলোঁ? কিমান সময় মোৰ বুদ্ধি কত-কত গল? নিজৰ অৱস্থাৰ ফালে চোৱা। যিমান সময় পিতাক স্মৰণ কৰিবা, তাৰ দ্বাৰাই পবিত্ৰ হবা। জমা কৰিলা নে নকৰিলা তাৰো খতিয়ন ৰাখিব লাগে। অভ্যাস হলে তেতিয়া স্মৃতিও থাকিব। লিখি থাকিবা। ডায়েৰীতো সকলোৰে জেপত থাকেই। যিসকল বেপাৰী হয়, তেওঁলোকৰ হৈছে হদৰ ডায়েৰী। তোমালোকৰ হৈছে বেহদৰ ডায়েৰী। গতিকে তোমালোকে নিজৰ চাৰ্ট (খতিয়ন) লিখিব লাগে। পিতাৰ আদেশ হৈছে পেচাগত কাম-কাজ আদি সকলো কৰা কিন্তু কিছু সময় উলিয়াই মোক স্মৰণ কৰিবা। নিজৰ খতিয়ন ৰাখি লাভ বঢ়াই যোৱা। লোকচান নকৰিবা। তোমালোকৰ যুদ্ধ নচলে জানো। ছেকেণ্ডত লাভ, ছেকেণ্ডত লোকচান। তৎক্ষণাৎ গম পোৱা যায়, আমি লাভ কৰিলো নে লোকচান? তোমালোক বেপাৰী নোহোৱা জানো। কোনোবা বিৰলাইহে এই বেপাৰ কৰিব। স্মৃতিৰ দ্বাৰা লাভ হয়, বিস্মৃতি দ্বাৰা লোকাচান হয়। এয়া নিজকে পৰীক্ষা কৰিব লাগে, যিসকল উচ্চ পদ পাবলগীয়া তেওঁলোকৰতো আগ্ৰহ থাকে পৰীক্ষা কৰিব যে মই কিমান সময় বিস্মৃতিত থাকিলোঁ? এয়াতো তোমালোক সন্তানসকলে জানা আমাৰ সকলো আত্মাৰ পিতা পতিত-পাৱন হয়। আমি আচলতে আত্মা হওঁ। নিজৰ ঘৰৰ পৰা ইয়ালৈ আহিছো, এই শৰীৰ লৈ ভূমিকা পালন কৰো। শৰীৰ হৈছে বিনাশী, আত্মা হৈছে অবিনাশী। সংস্কাৰো আত্মাতে থাকে। বাবাই সোধে হে আত্মা স্মৰণ কৰা, এই জন্মৰ শৈশৱকালত কোনো উল্টা কামতো কৰা নাই? স্মৃতিলৈ আনা। 3-4 বছৰৰ পৰা স্মৃতিতো থাকেই, আমি শৈশৱকাল কেনেকৈ কটালো, কি-কি কৰিলো? কিবা কথাই অন্তৰ দগ্ধ কৰি নাথাকেতো? স্মৃতিলৈ আনা। সত্যযুগত পাপ কৰ্ম নহয়ে সেয়েহে সুধিবলগীয়া কথাই নাথাকে। ইয়াতেতো পাপ হয়েই। মনুষ্যই যিটো পূণ্যৰ কাম বুলি ভাবে সেয়াও পাপেই হয়। এইখন হৈছেই পাপ আত্মাৰ জগত। তোমালোকৰ লেন-দেনো পাপ আত্মাৰ লগতে হয়। পূণ্য আত্মা ইয়াত নায়েই। পূণ্য আত্মাৰ জগতত আকৌ এটাও পাপ আত্মা নাথাকে। পাপ আত্মাৰ জগতত এটাও পূণ্য আত্মা থাকিব নোৱাৰে। যিসকল গুৰুৰ চৰণত পৰে সেই গুৰুসকলো কোনো পূণ্য আত্মা নহয়। এয়াতো হৈছেই কলিযুগ সেয়াও তমোপ্ৰধান। সেয়েহে ইয়াত কোনো পূণ্য আত্মা থকাতো অসম্ভৱ। পূণ্য আত্মা হবৰ বাবেই পিতাক আহ্বান কৰে যে আহি আমাক পবিত্ৰ আত্মা কৰি গঢ়ি তোলা। এনেকুৱা নহয়, কোনোবাই বহুত দান-পূণ্য আদি কৰে, ধৰ্মশালা আদি সাজি দিয়ে সেয়েহে তেওঁ পূণ্য আত্মা হয়। নহয়, বিয়া আদিৰ কাৰণে ভৱন আদি নিৰ্মাণ কৰে, এয়া জানো পূণ্য হয়। এইটো বুজিবলগীয়া কথা। এয়া হল ৰাৱণ ৰাজ্য, পাপ আত্মাসকলৰ আসুৰি সৃষ্টি। এই কথাবোৰ তোমালোকৰ বাহিৰে আন কোনেও নাজানে। ৰাৱণ আছে কিন্তু ৰাৱণক চিনি পায় জানো। শিৱৰ চিত্ৰও আছে কিন্তু চিনি নাপায়। ডাঙৰ ডাঙৰ শিৱ লিংগ আদি সাজে, তথাপিও কৈ দিয়ে নাম-ৰূপৰ পৰা উপৰাম, সৰ্বব্যাপি হয় সেইবাবে পিতাই কয় - যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভবতি ভাৰত ভাৰততে শিৱবাবাৰ গ্লানি হয়। যিজন পিতাই তোমালোকক বিশ্বৰ মালিক কৰি গঢ়ি তোলে, তোমালোকে মনুষ্য মতত চলি তেওঁৰ কিমান গ্লানি কৰা। মনুষ্য মত আৰু ঈশ্বৰীয় মতৰ কিতাপো আছে নহয় জানো। এয়াতো তোমালোকেহে জানা আৰু বুজোৱা যে আমি শ্ৰীমত অনুসৰি দেৱতা হমগৈ। ৰাৱণৰ মতত আকৌ আসুৰি মনুষ্য হৈ যায়। মনুষ্য মতক আসুৰি মত বুলি কোৱা হয়। আসুৰি কৰ্তব্যই কৰি থাকে। মূল কথা হল ঈশ্বৰক সৰ্বব্যাপি বুলি কৈ দিয়ে। কাছৰ অৱতাৰ, মাছৰ অৱতাৰ তেন্তে কিমান আসুৰি ছিঃ-ছিঃ হৈ গল। তোমালোক আত্মাসকলে কাছ-মাছৰ অৱতাৰ নোলোৱা, মনুষ্য শৰীৰতে আহা। এতিয়া তোমালোকে বুজিছা আমি কোনো কাছ-মাছ নহওঁ, 84 লাখ যোনী নলওঁ। এতিয়া তোমালোকে পিতাৰ শ্ৰীমত পাইছা সন্তানসকল, তোমালোকে 84 জন্ম লোৱা। 84 আৰু 84 লাখৰ পাৰচেণ্টজ (শতাংশ) কিমান বুলি কবা! মিছাতো একেবাৰে মিছা, সত্যৰ এক ৰতীও নাই। ইয়াৰো অৰ্থ বুজা উচিত। চোৱা এতিয়া ভাৰতৰ কি অৱস্থা হল। ভাৰত সত্যখণ্ড আছিল, যাক হেভেন (স্বৰ্গ) বুলি কোৱা হৈছিল। আধাকল্প হৈছে ৰাম ৰাজ্য, আধাকল্প ৰাৱণ ৰাজ্য। ৰাৱণ ৰাজ্যক আসুৰি সম্প্ৰদায় বুলি কোৱা হয়। কিমান কাঢ়া শব্দ। আধা কল্প দেৱতাসকলৰ ৰাজ্য চলে। পিতাই বুজাইছে লক্ষ্মী-নাৰায়ণ প্ৰথম, দ্বিতীয়, তৃতীয় বুলি কোৱা হয়। যেনেকৈ এডৱাৰ্ড প্ৰথম, দ্বিতীয় এনেকৈ নাথাকে জানো। প্ৰথম প্ৰজন্ম, আকৌ দ্বিতীয় প্ৰজন্ম এনেকৈ চলে। তেমালোকৰো প্ৰথমতে হয় সূৰ্যবংশী ৰাজ্য, পাছত চন্দ্ৰবংশী। পিতা আহি নাটকৰ ৰহস্যও ভালদৰে বুজাইছে। তোমালোকৰ শাস্ত্ৰত এই কথাবোৰ নাছিল। কিছুমান শাস্ত্ৰত অকণমান আঁচ লগোৱা আছে কিন্তু সেই সময়ত যিসকলে কিতাপ লিখিছিল তেওঁলোকে একো বুজাই নাছিল।

বাবাও যেতিয়া বেনাৰসলৈ গৈছিল সেই সময়ত এই জগতখন ভাল লগা নাছিল, তাত বহি গোটেই দেৱালবোৰত ৰেখা আঁকিছিল। পিতাই এই সকলোবোৰ কৰাইছিল কিন্তু মইতো সেই সময়ত শিশু (প্ৰাৰম্ভিক অৱস্থাত) আছিলো। সম্পূৰ্ণকৈ বুজা নাছিলো। বচ, কোনোবা আছে যিয়ে মোৰ দ্বাৰা এয়া কৰায়। বিনাশ দেখি অন্তৰ আনন্দিতো হৈছিল। ৰাতি যেতিয়া শুইছিলো তেতিয়াও যেন উৰি আছিলো কিন্তু একো বুজি পোৱা নাছিলো। এনেকৈ ৰেখা আঁকি আছিলোঁ। কিবা শক্তি আছে যি প্ৰৱেশ কৰিছে। মই আচৰিত হৈছিলো। প্ৰথমতেতো পেছাগত কাম-কাজ আদি কৰিছিলো, পাছত কি হল, কাৰোবাক চালেই তৎক্ষণাৎ ধ্যানত গুছি গৈছিল। এনেকৈ কৈছিলো এয়া কি হয় যাৰ ফালে চাওঁ তেওঁৰ চকু বন্ধ হৈ যায়। সুধিছিলো, কি দেখিলা তেতিয়া কৈছিল - বৈকুণ্ঠ দেখিলো, কৃষ্ণক দেখিলো। এয়াও সকলো বুজিবলগীয়া কথা হৈ নগল জানো সেইবাবে সকলো এৰি বুজিবলৈ বেনাৰসলৈ গুচি গলো। গোটেই দিন বহি আছিলো। পেঞ্চিল আৰু দেৱাল আৰু কোনো ধান্দাই নাই। শিশু (প্ৰাৰম্ভিক অৱস্থাত) আছিলো নহয় জানো। সেয়েহে এনেকৈ যেতিয়া দেখিলো তেতিয়া বুজিলো যে এতিয়া এয়া একো কৰিব নালাগে। পেছাগত কাম-কাজ আদি এৰিব লাগিব। আনন্দিত হৈছিলো এই গাধৰ কাম এৰিব লাগিব। ৰাৱণ ৰাজ্য নহয় জানো। ৰাৱণৰ গাধৰ মূৰ নেদেখুৱাই জানো, সেয়েহে খেয়াল আহিল এয়া ৰজা নহয়, গাধৰ কাম। গাধই বাৰে-বাৰে মাটিত লুতুৰি-পুতুৰি হৈ ধোবাৰ সকলো কাপোৰ নষ্ট কৰি দিছিল। পিতায়ো কয় তোমালোক কি আছিলা, এতিয়া তোমালোকৰ কি অৱস্থা হৈ গল। এই পিতাইহে বহি বুজায় আৰু এই দাদায়ো বুজায়। দুয়োৰে চলি থাকে। জ্ঞান যিসকলে ভালদৰে বুজায় তেওঁলোকক তীক্ষ্ণ বুলি কোৱা হব। ক্ৰমানুসৰিয়েতো হয়েই। তোমালোক সন্তানসকলেও বুজোৱা, এয়া ৰাজধানী স্থাপন হৈ আছে। নিশ্চয় ক্ৰমানুসৰি পদ পাব। আত্মায়ে কল্পই-কল্পই নিজৰ ভূমিকা পালন কৰে। সকলোৱে একে সমানে জ্ঞান ধাৰণ নকৰিব। এই স্থাপনাই আশ্চৰ্যজনক। অন্য কোনোবাই জানো স্থাপনাৰ জ্ঞান দিয়ে। ধৰি লোৱা, শিখ ধৰ্মৰ প্ৰতিষ্ঠা হল। শুদ্ধ আত্মা প্ৰৱেশ কৰিলে, কিছু সময় পাছত শিখ ধৰ্মৰ প্ৰতিষ্ঠা হল। তেওঁলোকৰ হেড (প্ৰধান) কোন? গুৰু নানক। তেওঁ আহি জপ চাহেব (শিখসকলৰ ধৰ্মীয় বাণী) ৰচিলে। প্ৰথমেতো নতুন আত্মাই হব কিয়নো পবিত্ৰ আত্মা হয়। পবিত্ৰক মহান আত্মা বুলি কোৱা হয়। চুপ্ৰিম (সৰ্বশ্ৰেষ্ঠ) বুলিতো এজন পিতাকে কোৱা হয়। তেওঁলোকেও ধৰ্ম প্ৰতিষ্ঠা কৰে সেয়েহে মহান বুলিয়ে কোৱা হব। কিন্তু ক্ৰমানুসৰি পিছে-পিছে আহে। 500 বছৰ আগতে এটা আত্মা আহিল, আহি শিখ ধৰ্ম প্ৰতিষ্ঠা কৰিলে, সেই সময়ত গ্ৰন্থ কৰ পৰা আহিল। নিশ্চয় সুখমণি (স্তুতি, ভজন), জপ চাহেব আদি পাছত ৰচিছে নহয় জানো! কি শিক্ষা দিয়ে। উৎসাহিত হলে তেতিয়া বহি পিতাৰ মহিমা কৰে। বাকী এই কিতাপ আদিতো পাছৰ ফালে লিখে। যেতিয়া সেই ধৰ্মাৱলম্বী লোকৰ সংখ্যা বৃদ্ধি হয়। পঢ়োতাও লাগিব নহয় জানো। সকলো ধৰ্মৰে শাস্ত্ৰ পাছলৈ লিখে। যেতিয়া ভক্তি মাৰ্গ আৰম্ভ হব তেতিয়া শাস্ত্ৰ পঢ়ে। জ্ঞান নালাগিব জানো। প্ৰথমতে সতোপ্ৰধান হব পাছলৈ সতো, ৰজো, তমোলৈ আহে। যেতিয়া বহুত বৃদ্ধি হব তেতিয়া মহিমা হব আৰু শাস্ত্ৰ আদি ৰচিব। নহলে বৃদ্ধি কোনে কৰিব। অনুগামী হব লাগিব। শিখ ধৰ্মৰ আত্মাসকল আহিব লাগিব যিসকলে আহি অনুসৰণ কৰিব। ইয়াৰ বাবে বহুত সময়ৰ প্ৰয়োজন।

যিসকল নতুন আত্মা আহে তেওঁলোকৰ দুখতো হব নোৱাৰে। বিধান নাই। আত্মা সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমোলৈ আহিলে তেতিয়া দুখ হব। বিধানো আছে নহয় জানো! ইয়াত হৈছে সংমিশ্ৰণ, ৰাৱণ সম্প্ৰদায়ো আছে, ৰাম সম্প্ৰদায়ো আছে। এতিয়াতো সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হৈ গলে তেতিয়া শৰীৰ এৰি দিব। কৰ্মাতীত অৱস্থা হোৱাসকলৰ কোনো দুখ হব নোৱাৰে। তেওঁলোকে এই ছিঃ-ছিঃ সৃষ্টিত থাকিব নোৱাৰে। তেওঁলোক গুচি যাব বাকী কৰ্মাতীত নোহোৱাসকল থাকি যাব। সকলোৱেতো একেলগে কৰ্মাতীত হব নোৱাৰে। বিনাশ হলেও তথাপিও কিছু বাচিব। প্ৰলয় নহয়। এনেকৈ গায়নো কৰে ৰাম গল, ৰাৱণ গল ৰাৱণৰ বহুত পৰিয়াল আছিল। আমাৰ পৰিয়ালতো তেনেই কম। সেয়া কিমান অনেক ধৰ্ম আছে। প্ৰকৃততে আমাৰ পৰিয়াল সকলোকতকৈ ডাঙৰ হোৱা উচিত কিয়নো দেৱী-দেৱতা ধৰ্ম হৈছে সকলোতকৈ প্ৰথম। এতিয়াতো সকলো সানমিহলি হৈ গৈছে, সেয়েহে বহুত খ্ৰীষ্টিয়ান হৈ গৈছে। মনুষ্যই যিফালে সুখ দেখে, পজিচন (পদ মৰ্যাদা) দেখে সেই ধৰ্মৰে হৈ যায়। যেতিয়া পোপ আহে তেতিয়া বহুত খ্ৰীষ্টিয়ান হৈ যায়। পাছত বৃদ্ধিও বহুত হয়। সত্যযুগততো এটিয়ে পুত্ৰ সন্তান, এটিয়ে কন্যা সন্তান হব। আন কোনো ধৰ্মৰে এনেকৈ বৃদ্ধি নহয়। এতিয়া চোৱা খ্ৰীষ্টিয়ানসকল সকলোতকৈ তীখৰ। যিসকলে বহুত সন্তান জন্ম দিয়ে তেওঁলোকে পুৰস্কাৰ পায় কিয়নো তেওঁলোককতো মনুষ্যৰ প্ৰয়োজন নহয় জানো। যিসকল মিলিটেৰী, সৈন্যবাহিনীৰ কামত আহিব। তেওঁলোকৰ সকলোৱে খ্ৰীষ্টিয়ান। ৰাছিয়া, আমেৰিকা সকলো খ্ৰীষ্টিয়ান, এটা কাহিনী আছে দুটা বান্দৰে যুদ্ধ কৰে মাখন মেকুৰীয়ে খালে। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। আগতেতো হিন্দু, মুছলমান একেলগে আছিল। যেতিয়া পৃথক হল তেতিয়া পাকিস্তান নামে নতুন ৰাষ্ট্ৰৰ সৃষ্টি হল। এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে। দুখন দেশে যুদ্ধ কৰিলে তেতিয়া বাৰুদ কিনিব, বেপাৰ হব। এয়াই তেওঁলোকৰ মুখ্য বেপাৰ। কিন্তু নাটকত বিজয় তোমালোকৰে হব। 100 শতাংশই নিশ্চিত, তোমালোকক কোনেও জয় কৰিব নোৱাৰে। বাকী সকলো শেষ হৈ যাব। তোমালোকে জানা যে নতুন সৃষ্টিত আমাৰ ৰাজ্য হব, যাৰ বাবেই তোমালোকে পঢ়া। লায়ক হৈ যোৱা। তোমালোক লায়ক আছিলা, এতিয়া নালায়েক হৈ গৈছা পুনৰ লায়ক হব লাগে। এনেকৈ গায়নো কৰে পতিত-পাৱন আহা। কিন্তু অৰ্থ জানো বুজি পায়। এইখন হৈছেই গোটেই জংঘল। এতিয়া পিতা আহিছে, তেওঁ আহি কাঁইটৰ জংঘলক ফুলৰ বাগিচা কৰি তোলে। সেইখন হল দৈৱী সৃষ্টি। এইখন হল আসুৰি সৃষ্টি। গোটেই মনুষ্য সৃষ্টিৰ ৰহস্য বুজাইছে। তোমালোকে এতিয়া বুজি পোৱা আমি নিজৰ ধৰ্মক পাহৰি ধৰ্ম ভ্ৰষ্ট হৈ গৈছো। সেয়েহে সকলো কৰ্ম বিকৰ্মই হয়। কৰ্ম, বিকৰ্ম, অকৰ্মৰ গতি বাবাই তোমালোকক বুজাই গৈছিল। তোমালোকে বুজি পোৱা যথাযথ কালিলৈকে আমি এনেকুৱা আছিলো আকৌ আজি আমি এনেকুৱা হলো। নিচেই সমীপত নহয় জানো। বাবাই কয় কালি তোমালোকক দেৱতা কৰি গঢ়ি তুলিছিলো। ৰাজ্য-ভাগ্য দিছিলো, সেই সকলোবোৰ আকৌ কি কৰিলা? তোমালোকৰ স্মৃতিলৈ আহিছে ভক্তিমাৰ্গত আমি কিমান ধন অপচয় কৰিলো। কালিৰ কথা নহয় জানো। পিতাইতো আহি হাতত স্বৰ্গ তুলি দিয়ে। এই জ্ঞান বুদ্ধিত থকা উচিত।

বাবাই এয়াও বুজাইছে এই দুচকুৱে কিমান প্ৰবঞ্চনা কৰে, ক্ৰিমিনেল আইক (কু-দৃষ্টিক) জ্ঞানেৰে চিভিল (সু, সভ্য) কৰি তুলিব লাগে। অচ্ছা!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ বেহদৰ ডায়েৰীত চাৰ্ট (খতিয়ন) লিখিব লাগে যে মই স্মৃতিত থাকি কিমান লাভ কৰিলো? লোকচানতো হোৱা নাই? স্মৰণৰ সময়ত বুদ্ধি কত কত গল।

(2) এই জন্মত শৈশৱকালৰ পৰা আমাৰ দ্বাৰা কি কি উল্টা কাম অথবা পাপ হল, সেয়া লিখিব লাগে। যিটো কথাই অন্তৰ দগ্ধ কৰি থাকে সেয়া পিতাক শুনাই বোজামুক্ত হৈ যাব লাগে। এতিয়া কোনো পাপ কৰ্ম কৰিব নালাগে।

বৰদান:
কাৰোবাৰ যোগ্যতাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সলনি সেয়া নিজৰ মাজত ধাৰণ কৰোঁতা পৰমাত্ম স্নেহী হোৱা

যদি পৰমাত্ম স্নেহী হব বিচৰা তেন্তে দেহ-অভিমানে সৃষ্টি কৰা প্ৰতিবন্ধকসমূহ পৰীক্ষা কৰা। কিছুমান সন্তানে কয় এয়া বহুত ভাল সেইবাবে অলপ দয়া ওপজে কোনোবা কাৰোবাৰ শৰীৰৰ প্ৰতি আকৰ্ষিত হয় আকৌ কোনোবা কাৰোবাৰ গুণ আৰু বিশেষত্বৰ প্ৰতি আকৰ্ষিত হয়। কিন্তু সেই বিশেষত্ব বা গুণ দিওঁতাজন কোন? যদি কোনোবা যোগ্য হয় তেন্তে তেওঁৰ যোগ্যতাসমূহক নিজৰ মাজত ধাৰণ কৰা কিন্তু যোগ্যতাৰ প্ৰতি প্ৰভাৱিত হৈ নাযাবা। উপৰাম আৰু পিতাৰ স্নেহী হোৱা। এনেকুৱা স্নেহী অৰ্থাৎ পৰমাত্ম স্নেহী সন্তান সদায় সুৰক্ষিত হৈ থাকে।
 

স্লোগান:
চাইলেন্স (মৌনতা, শান্তি)ৰ শক্তি ইমাৰ্জ (জাগ্ৰত) কৰা তেতিয়া সেৱাৰ গতি তীব্ৰ হৈ যাব।