06.11.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তোমালোক এতিয়া ঈশ্বৰীয় সেৱাত আছা, তোমালোকে সকলোকে এতিয়া সুখৰ ৰাস্তা দেখুৱাই দিব লাগে, বৃত্তি লবলৈ পুৰুষাৰ্থ কৰিব লাগে

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ বুদ্ধিত যেতিয়া জ্ঞানৰ ভাল ধাৰণা হৈ যায় তেতিয়া কোনটো ভয় আঁতৰি যায়?

উত্তৰ:
ভক্তিত যি ভয় থাকে যে গুৰুৱে আমাক যাতে অভিশাপ নিদিয়ে, এইটো ভয় জ্ঞানত আহিলে, জ্ঞানৰ ধাৰণা কৰিলে আঁতৰি যায় কিয়নো জ্ঞান মাৰ্গত কোনেও অভিশাপ দিব নোৱাৰে। ৰাৱণে অভিশাপ দিয়ে, পিতাই উত্তৰাধিকাৰ দিয়ে। তন্ত্ৰ-মন্ত্ৰ শিকোঁতাই এনেকৈ অশান্তিৰ সৃষ্টি কৰাৰ, দুখ দিয়াৰ কাম কৰে, জ্ঞানত তোমালোক সন্তানসকলে সকলোকে সুখ দিয়া।

ওঁম্শান্তি।
মৰম সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায়। তোমালোক সকলো প্ৰথমতে আত্মা হোৱা। এইটো দৃঢ় নিশ্চয় থাকিব লাগে। সন্তানসকলে জানে আমি আত্মাসকল পৰমধামৰ পৰা আহোঁ, ইয়াত শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰিবলৈ। আত্মাইহে ভূমিকা পালন কৰে। মনুষ্যই আকৌ ভাবে শৰীৰেহে ভূমিকা পালন কৰে। এইটো হৈছে আটাইতকৈ ডাঙৰ ভুল। যাৰ কাৰণে আত্মাক কোনেও নাজানে। এই অহা-যোৱা চক্ৰত আমি আত্মাসকল অহা-যোৱা কৰি থাকোঁ - এই কথাটি পাহৰি যায় সেয়েহে পিতাইহে আহি আত্মা-অভিমানী কৰি তুলিবলগীয়া হয়। এই কথাটিও কোনেও নাজানে। পিতাইহে বুজায়, আত্মাই কেনেকৈ ভূমিকা পালন কৰে। মনুষ্যৰ সৰ্বাধিক 84 জন্মৰ পৰা সৰ্বনিম্ন এক দুই জন্ম হয়। আত্মাই পুনৰ্জন্মতো লৈ থাকিব লাগে। ইয়াৰ পৰা সিদ্ধ হয় যে বহুত জন্ম লওঁতাই বহুত পুনৰ্জন্ম লয়। কম জন্ম লওঁতাই কম পুনৰ্জন্ম লয়। যেনেকৈ নাটকত কিছুমানৰ আৰম্ভণিৰ পৰা শেষলৈকে ভূমিকা থাকে, কিছুমানৰ অলপ ভূমিকা থাকে। এয়া কোনো মনুষ্যই নাজানে। আত্মাই নিজকেই নাজানিলে তেন্তে নিজৰ পিতাক কেনেকৈ জানিব। আত্মাৰেই কথা নহয় জানো। পিতা হল আত্মাসকলৰ। কৃষ্ণতো আত্মাসকলৰ পিতা নহয়। কৃষ্ণক নিৰাকাৰ বুলিতো কোৱা নহয়। সাকাৰতেই তেওঁক চিনিব পাৰি। আত্মাতো সকলোৰে আছে। প্ৰত্যেক আত্মাত ভূমিকাতো নিহিত হৈ আছে। এই কথাবোৰ তোমালোকৰ মাজতো পুৰুষাৰ্থৰ ক্ৰমানুসৰিহে আছে যিয়ে বুজাব পাৰে। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি আত্মাসকলে 84 জন্ম কেনেকৈ লৈছোঁ। এনেকুৱা নহয় যে আত্মাই পৰমাত্মা হয়। নহয়, পিতাই বুজাইছে - আমি আত্মাসকলেই প্ৰথমতে দেৱতা হওঁ। এতিয়া পতিত তমোপ্ৰধান পুনৰ পাৱন সতোপ্ৰধান হব লাগে। পিতাৰ তেতিয়াহে আগমন হয় যেতিয়া সৃষ্টি পুৰণি হৈ যায়। পিতা আহি পুৰণিক নতুন কৰি তোলে। নতুন সৃষ্টি স্থাপন কৰে। নতুন সৃষ্টিত আদি সনাতন দেৱী-দেৱতা ধৰ্মই থাকে। তেওঁলোকৰ বাবেই কোৱা হব প্ৰথমতে কলিযুগী শূদ্ৰ ধৰ্মৰ আছিল। এতিয়া প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বংশাৱলী হৈ ব্ৰাহ্মণ হৈছা। ব্ৰাহ্মণ কুলত আহিছা। ব্ৰাহ্মণ কুলৰ ৰাজবংশ নাথাকে। ব্ৰাহ্মণ কুলত কোনেও ৰাজত্ব নকৰে। এই সময়ত ভাৰতত ব্ৰাহ্মণ কুলেও ৰাজত্ব নকৰে আৰু শূদ্ৰ কুলেও ৰাজত্ব নকৰে। দুয়োটাৰে ৰাজত্ব নাই। তথাপিও তেওঁলোকৰ প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজত্বতো চলে। তোমালোক ব্ৰাহ্মণসকলৰ কোনো ৰাজ্য নাই। তোমালোক বিদ্যাৰ্থীসকলে পঢ়া। পিতাই তোমালোককে বুজায়। এই 84ৰ চক্ৰ কেনেকৈ ঘূৰে। সত্যযুগ, ত্ৰেতা........ তাৰপাচত হয় সংগমযুগ। এই সংগমযুগৰ দৰে মহিমা আৰু কোনো যুগৰে নাই। এয়া হল পুৰুষোত্তম সংগমযুগ। সত্যযুগৰ পৰা ত্রেতাত আহে, দুই কলা কম হৈ যায় তেন্তে তেওঁলোকৰ কি মহিমা কৰিব! অৱনমিত হলে মহিমা হয় জানো। কলিযুগক কোৱা হয় পুৰণি সৃষ্টি। এতিয়া নতুন সৃষ্টি স্থাপন হব, যত দেৱী-দেৱতাসকলৰ ৰাজ্য হয়। তেওঁলোক পুৰুষোত্তম আছিল। পুনৰ কলা কমি কমি কনিষ্ঠ, শূদ্ৰ বুদ্ধিৰ হৈ যায়। তেওঁলোকক পাথৰ বুদ্ধিৰ বুলিও কোৱা হয়। এনেকুৱা পাথৰ বুদ্ধিৰ হৈ যায় যে যিয়ে যাৰ পূজা কৰে তেওঁৰ জীৱন কাহিনীও নাজানে। সন্তানে পিতাকৰ জীৱন কাহিনী যদি নাজানে তেন্তে উত্তৰাধিকাৰ কেনেকৈ পাব। এতিয়া তোমালোক সন্তানসকলে পিতাৰ জীৱনৰ কথা জানা। তেওঁৰ পৰা তোমালোকে উত্তৰাধিকাৰ পাই আছা। বেহদৰ পিতাক স্মৰণ কৰা। আপুনি মাতা-পিতা........ বুলি কোৱা তেন্তে নিশ্চয় পিতা আহিছিল সেইবাবেতো অপাৰ সুখ দিছে নহয় জানো। পিতাই কয় - মই আহিছোঁ, অপাৰ সুখ তোমালোক সন্তানসকলক দিওঁ। সন্তানসকলৰ বুদ্ধিত এই জ্ঞান ভালদৰে থাকিব লাগে, সেইবাবে তোমালোক স্বদৰ্শন চক্ৰধাৰী হোৱা। তোমালোকে এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা। তোমালোকে জানা আমিয়ে দেৱতা হওঁ। এতিয়া শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছোঁ। কলিযুগী ব্ৰাহ্মণো আছে নহয় জানো। সেই ব্ৰাহ্মণসকলে নাজানে যে আমাৰ ধৰ্ম অথবা কুল কেতিয়া স্থাপন হল কিয়নো তেওঁলোক হয়েই কলিযুগী। তোমালোক এতিয়া পোনপটীয়াকৈ প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হৈছা আৰু সকলোতকৈ উচ্চ কুলৰ হোৱা। পিতাই বহি তোমালোকক পঢ়ুওৱাৰ সেৱা, তত্ত্বাৱধান লোৱাৰ সেৱা আৰু অলংকৃত কৰাৰ সেৱা কৰে। তোমালোকো কেৱল ঈশ্বৰীয় সেৱাত ব্ৰতী হৈ আছা। ঈশ্বৰ পিতায়ো (গড ফাদাৰেও) কয় - মই আহিছোঁ সকলো সন্তানৰ সেৱাত। সন্তানসকলে সুখৰ ৰাস্তা দেখুৱাব লাগে। পিতাই কয় - এতিয়া ঘৰলৈ বলা। মনুষ্যই ভক্তিও কৰে মুক্তিৰ বাবে। নিশ্চয় জীৱনত বন্ধন আছে। পিতা আহি এই দুখৰ পৰা মুক্ত কৰে। তোমালোক সন্তানসকলে জানা ত্ৰাহি ত্ৰাহি কৰিব। হাহাকাৰৰ পাচত জয়জয়কাৰ হব। এতিয়া তোমালোকৰ বুদ্ধিত আছে - কিমান হায় হায় কৰিব, যেতিয়া প্ৰাকৃতিক দুৰ্যোগ আদি হব। ইউৰোপবাসী যাদৱো হয়, পিতাই বুজাইছে - ইউৰোপবাসীক যাদৱ বুলি কোৱা হয়। এনেকৈ দেখুৱায় যে পেটৰ পৰা মিচাইল (ক্ষেপণাস্ত্ৰ) ওলাল তেতিয়া অভিশাপ দিলে। এতিয়া অভিশাপ আদিৰতো কথাই নাই। এয়াতো নাটক হয়। পিতাই উত্তৰাধিকাৰ দিয়ে, ৰাৱণে অভিশাপ দিয়ে। এইখন এখন খেল ৰচি থোৱা আছে, বাকী অভিশাপ দিওঁতাতো অন্য মনুষ্য হয়। সেই অভিশাপ মোচন কৰোঁতাও থাকে। গুৰু-গোঁসাই আদিকো মনুষ্যই ভয় কৰে কিজানিবা অভিশাপ দি দিয়ে। বাস্তৱত জ্ঞান মাৰ্গত কোনেও অভিশাপ দিব নোৱাৰে। জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গত অভিশাপৰ কোনো কথা নাই। যিসকলে তন্ত্ৰ-মন্ত্ৰ আদি শিকে, তেওঁলোকে অভিশাপ দিয়ে, ব্যক্তিক বহুত দুখী কৰি দিয়ে, পইচাও বহুত উপাৰ্জন কৰে। ভক্তলোকে এইবোৰ কাম নকৰে।

বাবাই এইটোও বুজাইছে - সংগমৰ লগত পুৰুষোত্তম শব্দটি নিশ্চয় লিখিবা। ত্ৰিমূৰ্তি শব্দটিও নিশ্চয় লিখিব লাগে আৰু প্ৰজাপিতা শব্দটিৰো প্ৰয়োজন কিয়নো ব্ৰহ্মা নামো বহুতৰ আছে। প্ৰজাপিতা শব্দটি লিখিলে তেতিয়া বুজিব যে সাকাৰত প্ৰজাপিতা আছে। কেৱল ব্ৰহ্মা বুলি লিখিলে সূক্ষ্মলোকৰ জন বুলি বুজি লয়। ব্ৰহ্মা-বিষ্ণু-শঙ্কৰক ভগৱান বুলি কৈ দিয়ে। প্ৰজাপিতা বুলি কলে তেতিয়া বুজাব পাৰা যে প্ৰজাপিতাতো ইয়াত আছে। সূক্ষ্মলোকত কেনেকৈ থাকিব পাৰে। বিষ্ণুতো দেখুৱায় যে ব্ৰহ্মাৰ নাভিৰ পৰা আবিৰ্ভাৱ হল। তোমালোক সন্তানসকলেও জ্ঞান পাইছা। নাভি আদিৰ কোনো কথা নাই। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱে ব্ৰহ্মা কেনেকৈ হয়। গোটেই চক্ৰৰ জ্ঞান তোমালোকে এই চিত্ৰবোৰৰ দ্বাৰা বুজাব পাৰা। চিত্ৰ অবিহনে বুজিবলৈ পৰিশ্ৰম হয়। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা হয়। লক্ষ্মী-নাৰায়ণে 84ৰ চক্ৰ পৰিক্ৰমা কৰি পুনৰ ব্ৰহ্মা-সৰস্বতী হয়। বাবাই প্ৰথমতেই নাম দি দিছে, যেতিয়া ভাটি তৈয়াৰ হল তেতিয়া নাম দিলে। আকৌ কিমান গুচি গল সেইকাৰণে বুজোৱা হয় ব্ৰাহ্মণৰ মালা নহয় কিয়নো ব্ৰাহ্মণ হৈছে পুৰুষাৰ্থী। কেতিয়াবা নীচ, কেতিয়াবা উচ্চ হৈ থাকে। গ্ৰহচাৰী বহে। বাবাতো হীৰা-মুকুতাৰ বেপাৰী আছিল। মণি আদিৰ মালা কেনেকৈ তৈয়াৰ হয়, অনুভৱী হয়। ব্ৰাহ্মণৰ মালা অন্তিমত তৈয়াৰ হয়। আমিয়েই ব্ৰাহ্মণ দৈৱীগুণ ধাৰণ কৰি দেৱতা হওঁ। পুনৰ চিৰি নামিব লাগে। নহলে 84 জন্ম কেনেকৈ লবা। 84 জন্মৰ হিচাপৰ পৰা এইটো উলিয়াব পাৰি। তোমালোকৰ আধা সময় পূৰা হয় তেতিয়া অন্য ধৰ্মাৱলম্বীসকল যোগ হয়। মালা গাঁথিবলৈ বহুত পৰিশ্ৰম হয়। বহুত সাৱধানেৰে মণিবোৰ টেবুলত ৰখা হয় যাতে লৰচৰ নকৰে। পুনৰ বেজিৰে গঁথা হয়। যদি সঠিকৈ তৈয়াৰ নহয় তেন্তে আকৌ ভাঙিবলগীয়া হয়। এয়াতো বহুত ডাঙৰ মালা। তোমালোক সন্তানসকলে জানা যে আমি নতুন সৃষ্টিৰ বাবে পঢ়োঁ। বাবাই বুজাইছে যে শ্লোগান লিখা - আমি শূদ্ৰৰ পৰা ব্ৰাহ্মণ, ব্ৰাহ্মণৰ পৰা দেৱতা কেনেকৈ হওঁ, সেয়া আহি বুজি লোৱা। এই চক্ৰক জানিলে তোমালোক চক্ৰৱৰ্তী ৰজা হবা। স্বৰ্গৰ মালিক হৈ যাবা। এনেকুৱা শ্লোগান তৈয়াৰ কৰি সন্তানসকলক শিকাব লাগে। বাবাই যুক্তিতো (উপায়তো) বহুত শুনায়। বাস্তৱত মূল্য তোমালোকৰহে। তোমালোকে নায়ক-নায়িকাৰ ভূমিকা পোৱা। তোমালোক হীৰাৰ দৰে হোৱা পুনৰ 84ৰ চক্ৰ লগাই কড়িৰ দৰে হৈ যোৱা। এতিয়া যিহেতু হীৰাৰ দৰে জন্ম পোৱা তেন্তে কড়িৰ পিচত কিয় দৌৰা। এনেকুৱাও নহয় যে ঘৰ-সংসাৰ এৰিব লাগে। বাবাইতো কয় গৃহস্থ ব্যৱহাৰত থাকি কমল ফুলৰ সমান পবিত্ৰ হৈ থাকা আৰু সৃষ্টি চক্ৰৰ জ্ঞানক জানি দৈৱীগুণো ধাৰণ কৰা তেতিয়া তোমালোক হীৰাৰ দৰে হৈ যাবা। যথাযথ ভাৰত 5 হাজাৰ বছৰ পূৰ্বে হীৰাৰ দৰে আছিল। এয়া হৈছে লক্ষ্য-উদ্দেশ্য। এই চিত্ৰখনক (লক্ষ্মী-নাৰায়ণৰ) বহুত মহত্ব দিব লাগে। তোমালোক সন্তানসকলে প্ৰদৰ্শনী মিউজিয়ামত বহুত সেৱা কৰিব লাগে। বিহংগ মাৰ্গৰ (তীব্ৰ গতিৰ) সেৱাৰ অবিহনে তোমালোকে প্ৰজা কেনেকৈ তৈয়াৰ কৰিবা? যদিও এই জ্ঞান শুনেও কিন্তু উচ্চ পদ কোনোবা বিৰলজনেহে প্ৰাপ্ত কৰে। তেওঁলোকৰ কাৰণেই কোৱা হয় কোটিৰ মাজত কোনোবা। বৃত্তিও কিছুমানে পায় নহয় জানো। স্কুলত 40-50 গৰাকী বিদ্যাৰ্থী থাকে, তাৰ মাজত কোনোবা এজনে বৃত্তি পায়, কাৰোবাৰ নম্বৰ অলপ ভাল হলে তেওঁকো দি দিয়ে। এয়াও এনেকুৱা। ভাল নম্বৰ বহুতৰ আছে। 8 (আঠ)টি মণিও আছে সেয়াও ক্ৰমানুসৰি হয় নহয় জানো। তেওঁ পোন প্ৰথমে ৰাজ সিংহাসনত বহিব। পুনৰ কলা কমি গৈ থাকিব, লক্ষ্মী-নাৰায়ণৰ চিত্ৰ হৈছে এক নম্বৰৰ। তেওঁলোকৰো ৰাজবংশ চলে, কিন্তু চিত্ৰ লক্ষ্মী-নাৰায়ণৰে দিয়া হৈছে। ইয়াত তোমালোকে জানা যে চিত্ৰতো সলনি হৈ থাকে। চিত্ৰ দিলে কি লাভ। নাম, ৰূপ, দেশ, কাল সকলো সলনি হৈ যায়।

মৰমৰ আত্মিক সন্তানসকলক আত্মিক পিতাই বহি বুজায়। কল্প পূৰ্বেও পিতাই বুজাইছিল। এনেকুৱা নহয়, কৃষ্ণই গোপ-গোপীসকলক শুনালে। কৃষ্ণৰ গোপ-গোপী নাথাকে। তেওঁক জ্ঞানো শিকোৱা নহয়। তেওঁতো হৈছে সত্যযুগৰ ৰাজকুমাৰ। তাত কেনেকৈ ৰাজযোগ শিকাব বা পতিতক পাৱন কৰি তুলিব। এতিয়া তোমালোকে নিজৰ পিতাক স্মৰণ কৰা। পিতা আকৌ শিক্ষকো হয়। শিক্ষকক বিদ্যাৰ্থীয়ে কেতিয়াও পাহৰিব নোৱাৰে। পিতাক সন্তানে পাহৰিব নোৱাৰে, গুৰুকো পাহৰিব নোৱাৰে। পিতাতো জন্মৰ পৰাই থাকে। শিক্ষকক 5 বছৰ পাচত পোৱা যায়। আাকৌ গুৰু বানপ্ৰস্থ অৱস্থাত পোৱা যায়। জন্মৰ পৰাই গুৰুৰ শৰণ ললেতো কোনো লাভ নাই। গুৰুৰ কোলাত আহিও দ্বিতীয় দিনা মৰি যায়। তেতিয়া গুৰুৱে কি কৰে? গায়নো আছে সৎগুৰুৰ অবিহনে গতি নাই। সৎগুৰুক এৰি তেওঁলোকে আকৌ গুৰু বুলি কৈ দিয়ে। গুৰুতো অনেক আছে। বাবাই কয় - সন্তানসকল, তোমালোকে কোনো দেহধাৰী গুৰু আদিৰ শৰণাপন্ন হোৱাৰ দৰকাৰ নাই, তোমালোকে কাৰো পৰা একো বিচাৰিব নালাগে। কোৱাও হয় - বিচৰাতকৈ মৰি যোৱাই ভাল। সকলোৰে চিন্তা থাকে আমি কেনেকৈ নিজৰ ধন স্থানান্তৰ কৰোঁ। পৰৱৰ্তী জন্মৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ অৰ্থে দান-পুণ্য কৰে তেতিয়া তাৰ প্ৰতিদান এইখন পুৰণি সৃষ্টিতে অলপ সময়ৰ কাৰণে পাই যায়। ইয়াত তোমালোকৰ স্থানান্তৰ হয় নতুন সৃষ্টিলৈ আৰু 21 জন্মৰ কাৰণে। তন-মন-ধন প্ৰভুৰ আগত অৰ্পণ কৰিব লাগে। সেয়াও যেতিয়া তেওঁ আহিব তেতিয়াহে কৰিব নহয় জানো। প্ৰভুক কোনেও নাজানেই সেয়েহে গুৰু বিচাৰি লয়। ধন আদি গুৰু আগত অৰ্পণ কৰি দিয়ে। উত্তৰাধিকাৰী নাথাকিলে তেতিয়া সকলো গুৰুক দি দিয়ে। আজিকালি নিয়ম অনুসৰি ঈশ্বৰৰ অৰ্থেও কোনেও নিদিয়ে। পিতাই বুজায় - মই গৰিবৰ কল্যাণ কৰোঁতা সেয়েহে মই আহোঁৱেই ভাৰতত। তোমালোকক আহি বিশ্বৰ মালিক কৰি তোলোঁ পোনপটীয়া আৰু আওপকীয়াৰ মাজত কিমান পার্থক্য আছে। তেওঁলোকে একোৱেই নাজানে। মাত্ৰ কৈ দিয়ে আমি ঈশ্বৰৰ অৰ্থে অৰ্পণ কৰোঁ। সকলোৱে অবোধ। তোমালোক সন্তানসকলে এতিয়া বোধশক্তি পাইছা সেয়েহে তোমালোক অবোধৰ পৰা বুদ্ধিমান হৈছা। বুদ্ধিত জ্ঞান আছে - পিতাইতো চমৎকাৰ কৰে। নিশ্চয় বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰহে পোৱা উচিত। পিতাৰ পৰা তোমালোকে উত্তৰাধিকাৰ লোৱা কেৱল দাদাৰ (ব্ৰহ্মাৰ) দ্বাৰা। দাদায়ো তেওঁৰ পৰা উত্তৰাধিকাৰ লৈ আছে। উত্তৰাধিকাৰ দিওঁতা এজনেই। তেওঁকেই স্মৰণ কৰিব লাগে। পিতাই কয় - সন্তানসকল, মই এওঁৰ বহুত জন্মৰ অন্তত আহোঁ, এওঁৰ শৰীৰত প্ৰৱেশ কৰি এওঁকো পাৱন কৰি তোলোঁ যাৰ ফলত এওঁ ফৰিস্তা হৈ যায়। বেজৰ ওপৰত তোমালোকে বহুত সেৱা কৰিব পাৰা। তোমালোকৰ এয়া সকলো হৈছে অর্থ সহিত বেজ। এয়াতো জীৱদান দিওঁতা চিত্ৰ হয়। ইয়াৰ মূল্য কোনেও গম নাপায় আৰু বাবাৰ সদায় ডাঙৰ বস্তু পচন্দ হয়, যাতে সকলোৱে দূৰৈৰ পৰা পঢ়িব পাৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ পৰা সীমাহীন (বেহদৰ) উত্তৰাধিকাৰ লবলৈ পোনপটীয়াকৈ নিজৰ তন-মন-ধন ঈশ্বৰৰ আগত অৰ্পণ কৰাৰ ক্ষেত্ৰত বুদ্ধিমান হব লাগে। নিজৰ সকলো 21 জন্মৰ কাৰণে স্থানান্তৰ কৰি দিব লাগে।

(2) যেনেকৈ পিতাই পঢ়ুওৱাৰ, তত্ত্বাৱধান লোৱাৰ আৰু অলংকৃত কৰাৰ সেৱা কৰে, তেনেকৈ পিতাৰ সমান সেৱা কৰিব লাগে। জীৱন বন্ধনৰ পৰা ওলাই সকলোকে জীৱন মুক্তিত লৈ যাব লাগে।

বৰদান:
সকলো সম্পদৰ মিতব্যয়িতাৰ বাজেট প্ৰস্তুত কৰোঁতা সূক্ষ্ম পুৰুষাৰ্থী হোৱা

যেনেকৈ লৌকিক ৰীতিত পৰিয়ালৰ লোকসকল মিতব্যয়ী নহলে ঠিক ৰীতিৰে চলিব নোৱাৰে। তেনেকৈ যদি নিমিত্ত হোৱা সন্তানসকল মিতব্যয়ী নহয় তেন্তে সেৱাকেন্দ্ৰ ঠিককৈ নচলে। সেয়া হল হদৰ প্ৰবৃত্তি, এয়া বেহদৰ প্ৰবৃত্তি। গতিকে পৰীক্ষা কৰিব লাগে যে সংকল্প, বাণী আৰু শক্তিত কি কি অতিৰিক্ত খৰচ কৰিলা? যিসকলে সকলো সম্পদৰ মিতব্যয়িতাৰ বাজেট প্ৰস্তুত কৰি সেই অনুসৰি চলে তেওঁলোককে সূক্ষ্ম পুৰুষাৰ্থী বুলি কোৱা হয়। তেওঁলোকৰ সংকল্প, বাণী, কৰ্ম আৰু জ্ঞানৰ শক্তি অলপো ব্যৰ্থত যাব নোৱাৰে।

স্লোগান:
স্নেহ ৰূপী সম্পদেৰে মালামাল হৈ সকলোকে স্নেহ দিয়া আৰু স্নেহ লোৱা।