07.02.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


" মৰমৰ সন্তানসকল পবিত্ৰ হ ' বৰ বাবে এটা হৈছে স্মৰণৰ বল , দ্বিতীয়টো হৈছে শাস্তিৰ বল , তোমালোকে স্মৰণৰ বলৰ দ্বাৰা পবিত্ৰ হৈ উচ্চ পদ পাব লাগিব

প্ৰশ্ন:
পিতা হৈছে আত্মিক চাৰ্জন ( শল্য - চিকিৎসক ), তেওঁ তোমালোকক কোনটো ক্ষেত্ৰত ধৈৰ্যশীল কৰি তুলিবলৈ আহিছে ?

উত্তৰ:
যেনেকৈ চাৰ্জনে ৰোগীক ধৈৰ্য ধৰিবলৈ কয় যে এতিয়া বেমাৰ ঠিক হৈ যাব, সেইদৰে আত্মিক চাৰ্জনেও তোমালোক সন্তানসকলক ধৈৰ্যশীল হবলৈ কয় যে - সন্তানসকল, তোমালোকে মায়াৰ বেমাৰৰ বাবে চিন্তা নকৰিবা, চাৰ্জনে ঔষধ দিয়ে গতিকে এই সকলো বেমাৰ বাহিৰলৈ ওলাই আহিব, যিবোৰ চিন্তা অজ্ঞান কালতো অহা নাছিল, সেইবোৰো আহিব। কিন্তু তোমালোকে সকলো সহ্য কৰিব লাগিব। অলপ চেষ্টা কৰা, তোমালোকৰ সুখৰ দিন সমাগত।

ওঁম্ শান্তি।
বেহদৰ (অসীমৰ) পিতাই সকলো সন্তানক বুজায় - তোমালোকে সকলোকে এইটো বাৰ্তা দিয়া যে এতিয়া পিতাৰ আগমন হৈছে। পিতাই ধৈৰ্যশীল কৰি আছে কিয়নো ভক্তিমাৰ্গত আহ্বান কৰে - বাবা আহা, লিবাৰেট কৰা (মুক্তি দিয়া), দুখৰ পৰা পৰিত্ৰাণ কৰা। সেয়েহে পিতাই ধৈৰ্য ধৰিবলৈ কয়, কেইটিমান দিন বাকী আছে। কাৰোবাৰ বেমাৰ আৰোগ্য হবলৈ আৰম্ভ কৰিলে কয় যে এতিয়া ভাল হৈ যাব। সন্তানসকলেও বুজি পায় যে এই ছিঃছিঃ (লেতেৰা) দুনিয়াত আৰু কেইটিমান দিন বাকী আছে, তাৰ পিছত আমি নতুন দুনিয়ালৈ যাম। তাৰ বাবে আমি যোগ্য হৈ উঠিব লাগে আৰু ইয়াৰ পিছত কোনোধৰণৰ ৰোগ আদিয়ে তোমালোকক কষ্ট নিদিব। পিতাই ধৈৰ্য ধৰিবলৈ দি কয় অলপ চেষ্টা কৰা। আৰু কোনো নাই যিয়ে এনেকৈ ধৈৰ্য ধৰিবলৈ কব। তোমালোকেই তমোপ্ৰধান হৈ গৈছা। এতিয়া পিতা আহিছে তোমালোকক পুনৰ সতোপ্ৰধান কৰি তুলিবৰ বাবে। এতিয়া সকলো আত্মা পবিত্ৰ হৈ যাব - কোনোবা যোগবলৰ দ্বাৰা, কোনোবা শাস্তিৰ বলৰ দ্বাৰা। শাস্তিৰো বল আছে নহয় জানো। শাস্তিৰ দ্বাৰা যি পবিত্ৰ হ'ব তেওঁলোকৰ পদ কম হৈ যাব। তোমালোক সন্তানসকলে শ্ৰীমত পাই থাকা। পিতাই কয় - মামেকম্ (মনে মনে কেৱল মোক) স্মৰণ কৰা, তোমালোকৰ সকলো পাপ ভস্ম হৈ যাব। যদি স্মৰণ নকৰা তেন্তে পাপ এশগুণ বৃদ্ধি হৈ যাব কিয়নো পাপ আত্মা হৈ তোমালোকে মোৰ নিন্দা কৰোঁৱা। মনুষ্যই ক'ব যে এওঁলোকক ঈশ্বৰে এনেকুৱা মত দিয়েনে যে আসুৰী চলন হৈ যায়! উত্থান-পতনো হৈ থাকে। সন্তানসকল পৰাজিতো হয়। ভাল ভাল সন্তানো পৰাজিত হয়। সেয়ে পাপ খণ্ডনেই নহয়। পিছত ভুগিবলগীয়াও হয়। এইখন বহুত ছিঃছিঃ দুনিয়া, ইয়াত সকলো ঘটি থাকে। পিতাক আহ্বানেই কৰে যে বাবা আহি আমাক ভৱিষ্যত নতুন দুনিয়াৰ বাবে মাৰ্গ-দৰ্শন কৰা। বাবাই জানে - সেইফালে পুৰণি দুনিয়া আৰু এইফালে নতুন দুনিয়া। তোমালোক হৈছা নাওঁ। এতিয়া তোমালোক পুৰুষোত্তম হ'বৰ বাবে চলি গৈ আছা। তোমালোকৰ এই পুৰণি দুনিয়াৰ পৰা লংগৰ উঠি গল। সেয়েহে য'লৈ গৈ আছা সেই ঘৰকেই স্মৰণ কৰিব লাগে। পিতাই কৈছে - মোক স্মৰণ কৰিলে তোমালোকৰ পাপ নাইকিয়া হ'ব। হয় যোগবল, নহয় শাস্তি। সকলো আত্মাই নিশ্চয় পবিত্ৰ হ'ব লাগিব। পবিত্ৰ নোহোৱাকৈ কোনো উভতি যাব নোৱাৰে। সকলোৱে নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। পিতাই কয় - এয়া হৈছে তোমালোকৰ অন্তিম জন্ম। মনুষ্যই কয় - কলিযুগ এতিয়াও সৰু কেচুঁৱা হৈ আছে। অৰ্থাৎ মনুষ্য এতিয়া ইয়াতকৈও বেছি দুখী হব। তোমালোক সংগমযুগী ব্ৰাহ্মণে বুজি পোৱা যে এই দুখধামতো এতিয়া শেষ হ'ব। পিতাই ধৈৰ্য ধৰিবলৈ কয়। কল্পৰ আগতে পিতাই কৈছিল - মামেকম্, মোক স্মৰণ কৰিলে পাপ ৰূপী ময়লা (মামৰ) নাইকিয়া হৈ যাব। এইটো মই গেৰান্টি (প্ৰতিশ্ৰুতি) দিছো। এইটোও বুজায় যে কলিযুগৰ বিনাশ নিশ্চয় হ'ব আৰু সত্যযুগো নিশ্চয় আহিব। আবদাৰো পায়, সন্তানসকলৰ নিশ্চয়ো আছে। কিন্তু স্মৃতিত থাকিব নোৱাৰাৰ বাবে কিবা নহয় কিবা বিকৰ্ম কৰি দিয়ে। কয় - বাবা ক্ৰোধ আহি যায়, ইয়াকো ভূত বুলি কোৱা হয়। এই ৰাৱণ ৰাজ্যত 5 ভূতে দুখ দিয়ে। এই অন্তিমৰ হিচাব-নিকাচো পৰিশোধ কৰিব লাগিব, যাক আগতে কেতিয়াও কাম বিকাৰে আমনি নকৰিছিল, তেওঁৰ মাজতো বেমাৰ আবিৰ্ভাৱ হৈ যায়। কয় যে আগতেতো এনেকুৱা বিকল্প (নেতিবাচক সংকল্প) কেতিয়া উদয় হোৱা নাছিল, এতিয়া কিয় আমনি কৰে? এইয়া জ্ঞান নহয় জানো। জ্ঞানে সকলো বেমাৰ বাহিৰলৈ উলিয়াই দিয়ে। ভক্তিয়ে সকলো বেমাৰ উলিয়াই নিদিয়ে। এইখন হৈছেই অশুদ্ধ বিকাৰী দুনিয়া, 100শতাংশই অশুদ্ধ হয়। 100শতাংশ পতিতৰ পৰা পুনৰ 100শতাংশ পবিত্ৰ হ'ব লাগিব। 100শতাংশ ভ্ৰষ্টাচাৰীৰ পৰা 100শতাংশ পবিত্ৰ শ্ৰেষ্ঠাচাৰী দুনিয়া হ'ব।

পিতাই কয় - মই আহিছো তোমালোক সন্তানসকলক শান্তিধাম-সুখধামলৈ নিবৰ বাবে। তোমালোকে মোক স্মৰণ কৰা আৰু সৃষ্টি চক্ৰক ঘূৰাই থাকা। কোনোধৰণৰ বিকৰ্ম নকৰিবা। যিবিলাক গুণ এই দেৱতাসকলৰ আছে এনেকুৱা গুণ ধাৰণ কৰিব লাগে। বাবাই কোনোধৰণৰ কষ্ট নিদিয়ে। কোনো কোনো ঘৰত ইভিল (চয়তান) আত্মা থাকে বাবে জুই লগাই দিয়ে, লোকচান কৰে। এই সময়ত সকলো মনুষ্যইতো ইভিল নহয় জানো। স্থূল ৰূপতো কৰ্মভোগ থাকে। আত্মাই এটাই আনটোক শৰীৰৰ দ্বাৰা দুখ দিয়ে, শৰীৰ নাথাকিলেও দুখ দিয়ে। সন্তানসকলে দেখিছে যাক ভূত বুলি কোৱা হয়, সেয়া শুভ্ৰ ছাঁয়াৰ দৰে দেখা যায়। কিন্তু সেইবোৰৰ কথা কোনো চিন্তা কৰিব নালাগে। তোমালোকে পিতাক যিমানে স্মৰণ কৰিবা সিমানেই এইবোৰ নাইকিয়া হৈ যাব। এয়াও হিচাপ-নিকাচ, নহয় জানো।

ঘৰত কন্যাসকলে কয় - আমি পবিত্ৰ হৈ থাকিব বিচাৰো। এয় আত্মাই কয়। আৰু যাৰ জ্ঞান নাই, তেওঁ কয় পবিত্ৰ নহবা। পিছত কাজিয়া লাগি যায়। কিমান হাংগামা (উপদ্ৰৱ) হয়। এতিয়া তোমালোক পবিত্ৰ আত্মা হৈ আছা। তেওঁলোক হৈছে অপবিত্ৰ সেয়েহে দুখ দিয়ে। আত্মাইতো হয়, নহয় জানো। তেওঁলোকক কোৱা হয় ইভিল আত্মা। শৰীৰৰ দ্বাৰাও, শৰীৰৰ অবিহনেও দুখ দিয়ে। জ্ঞানতো সহজ হয়। স্বদৰ্শন চক্ৰধাৰী হব লাগে। বাকী মুখ্য হৈছে পবিত্ৰতাৰ কথা। ইয়াৰ কাৰণে পিতাক আনন্দৰে স্মৰণ কৰিব লাগে। ৰাৱণক ইভিল বুলি কোৱা নহব জানো। এই সময়ত এই দুনিয়া হৈছেই ইভিল। ইজনে-সিজনৰ পৰা অনেক প্ৰকাৰৰ দুখ পাই থাকে। ইভিল বুলি পতিতক কোৱা হয়। পতিত আত্মাত 5 বিকাৰ অনেক ৰূপত থাকে। কাৰোবাৰবিকাৰৰ অভ্যাস, কাৰোবাৰ ক্ৰোধৰ অভ্যাস, কাৰোবাৰ পীড়িত কৰাৰ অভ্যাস, কাৰোবাৰ লোকচান কৰাৰ অভ্যাস থাকে। কাৰোবাৰ বিকাৰৰ অভ্যাস থাকিলে বিকাৰত যাব নাপালে ক্ৰোধিত হৈ বহুত মাৰেও। এই দুনিয়াখনেই এনেকুৱা। তেন্তে পিতাই আহি ধৈৰ্য ধৰিবলৈ কয়- হে আত্মাসকল, সন্তানসকল ধৈৰ্য ধৰা, মোক স্মৰণ কৰি থাকা আৰু দৈৱীগুণো ধাৰণ কৰা। এনেকৈও নকয় যে পেচাগত কাম-কাজ আদি নকৰিবা। যেনেকৈ মিলিটেৰীসকল যুদ্ধত যাবলগীয়া হয় তেতিয়া তেওঁলোককো কোৱা হয় যে শিৱবাবাৰ স্মৃতিত থাকা। গীতাৰ শব্দবোৰ আওৰাই তেওঁলোকে ভাবে আমি যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰিলে স্বৰ্গলৈ যাম সেইকাৰণে আনন্দেৰে যুদ্ধলৈ যায়। কিন্তু তেনেকুৱা কথাতো নহয়। এতিয়া বাবাই কয় - তোমালোক স্বৰ্গলৈ যাব পাৰিবা কেৱল শিৱবাবাক স্মৰণ কৰা। স্মৰণতো এজন শিৱবাবাকেই কৰিব লাগে তেতিয়া স্বৰ্গলৈ নিশ্চয় যাব। যিয়েই আহে যদিও পুনৰ গৈ পতিত হয় তথাপি স্বৰ্গলৈ নিশ্চয় আহিব। শাস্তি খাই, পবিত্ৰ হৈ তথাপিও আহিবই। পিতা দয়ালু নহয় জানো। পিতাই বুজায় কোনো বিকৰ্ম নকৰিবা তেতিয়া বিকৰ্মাজিৎ হবাগৈ। এই লক্ষ্মী-নাৰায়ণ বিকৰ্মাজিৎ নহয় জানো। পুনৰ ৰাৱণ ৰাজ্যত বিকৰ্মী হৈ যায়। বিক্ৰম শকাব্দ আৰম্ভ হয় নহয় জানো। মনুষ্যইতো একোৱেই গম নাপায়। তোমালোক সন্তানসকলে এতিয়া জানা এই লক্ষ্মী-নাৰায়ণ বিকৰ্মাজিৎ হৈছে। এনেকৈ কব বিকৰ্মাজিৎ নম্বৰৱান আকৌ 2500 বছৰ পিছত বিক্ৰম শকাব্দ আৰম্ভ হয়। মোহজিৎ ৰজাৰ কাহিনী আছে, নহয় জানো। পিতাই কয় - নিৰ্মোহী হোৱা। মামেকম্ স্মৰণ কৰিলে পাপ খণ্ডিত হব। পবিত্ৰ হৈ 2500 বছৰত যি পাপ হল সেয়া খণ্ডিত কৰিব পাৰা আৰু 50-60 বছৰত তোমালোকে নিজকে সতোপ্ৰধান কৰি তুলিব পাৰা। যদি যোগবল নাথাকে তেন্তে আকৌ নম্বৰ পিছলৈ গুছি যাব। মালাতো বহুত ডাঙৰ। ভাৰতৰ মালাতো অন্যতম। যাৰ ওপৰত গোটেই খেলখন বনোৱা হৈছে। ইয়াত মুখ্য হৈছে স্মৰণৰ যাত্ৰা আৰু একো কষ্ট নাই। ভক্তিত অনেকৰ লগত বুদ্ধিযোগ লগায়। এই সকলোবোৰ হৈছে ৰচনা। তেওঁলোকক স্মৰণ কৰিলে কাৰো কল্যাণ নহব। পিতাই কয় - কাকোৱে স্মৰণ নকৰিবা। যেনেকৈ ভক্তি মাৰ্গত প্ৰথমতে তোমালোকে কেৱল ভক্তি কৰিছিলা এতিয়া আকৌ অন্তিমতো মোক স্মৰণ কৰা। পিতাই কিমান ক্লীয়াৰ (স্পষ্টকৈ) বুজায়। আগতে জানো জানিছিলা। এতিয়া তোমালোকে জ্ঞান পাইছা। পিতাই কয় - অন্য সংগ এৰি এজনৰ সংগ লোৱা তেতিয়া যোগ অগ্নিৰ দ্বাৰা তোমালোকৰ পাপ ভস্ম হৈ যাব। পাপতো বহুত কৰি আহিছা। কাম কটাৰী চলোৱা। ইজনে সিজনক আদি-মধ্য-অন্ত দুখ দি আহিছা। মুল কথা হৈছে কাম কটাৰীৰ। এয়াও ড্ৰামা নহয় জানো। এনেকৈও কোৱা নহব যে এনেকুৱা ড্ৰামা কিয় ৰচা হল? এয়াতো অনাদি খেল। ইয়াত মোৰো পাৰ্ট (ভূমিকা) আছে। ড্ৰামা কেতিয়া ৰচা হল, কেতিয়া পুৰা হব - এইটোও কব নোৱাৰি। এয়াতো আত্মাতপাৰ্ট নিহিত হৈ আছে। আত্মাৰ যি প্লেট আছে সেইয়া কেতিয়াও ক্ষয়নহয়। আত্মা অবিনাশী, তাত থকা পাৰ্টো অবিনাশী। ড্ৰামাকো অবিনাশী বুলি কোৱা হয়। পিতা যি পুনৰ্জন্মত নাহে তেওঁৱেই আহি সকলো ৰহস্য বুজায়। সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য কোনেও বুজাব নোৱাৰে। পিতাৰ বৃত্তি (কৰ্তব্য), আত্মাৰ বৃত্তি একোৱেই নাজানে। এই সৃষ্টি চক্ৰ ঘুৰিয়েই থাকে।

এতিয়া হৈছে পুৰুষোত্তম সংগমযুগ, যেতিয়া সকলো মনুষ্য মাত্ৰ উত্তম পুৰুষ হৈ যায়। শান্তিধামত সকলো আত্মা পবিত্ৰ উত্তম হৈ যায়। শান্তিধাম পাৱন হয়, নহয় জানো। নতুন দুনিয়াও পবিত্ৰ। তাত শান্তিতো আছেই, আকৌ শৰীৰ লাভ কৰিলে ভূমিকা পালন কৰে। এইটো আমি জানো, সকলোৱে নিজৰ নিজৰ ভূমিকা লাভ কৰিছে। সেয়া আমাৰ ঘৰ, শান্তিত থাকো। ইয়াততো ভূমিকা পালন কৰিব লাগে। এতিয়া পিতাই কয় - ভক্তিমাৰ্গত তোমালোকে মোৰ অব্যভিচাৰী পূজা কৰিছিলা। দুখী নাছিলা। এতিয়া ব্যভিচাৰী ভক্তিত অহা বাবে তোমালোক দুখী হৈ পৰিছা। এতিয়া পিতাই কয় - দৈৱী গুণ ধাৰণ কৰা, তথাপি আসুৰী গুণ কিয়? পিতাক আহ্বান কৰিলা যে আমাক আহি পাৱন কৰি তোলা। আকৌ পতিত কিয় হোৱা? তাৰ ভিতৰতো বিশেষকৈ কামক নিশ্চয় জিনিব লাগে তেতিয়া তোমালোক জগতজীৎ হৈ যাবা। মনুষ্যইতো ভগৱানৰ কাৰণে কৈ দিয়ে আপুনিয়েই পূজ্য আপুনিয়েই পূজাৰী। অৰ্থাৎ তেওঁক তললৈ লৈ আনে। এনেকৈ পাপ কৰোতে-কৰোতে মহা-বিকাৰী দুনিয়া হৈ যায়। গৰুড় পুৰাণতো ৰৌৰৱ নৰক বুলি কয়, যত বৃশ্চিক জেঠী আদিয়ে দংশন কৰি থাকে। শাস্ত্ৰত কি কি যে দেখুৱাই দিছে! এয়াও পিতাই বুজাইছে এই শাস্ত্ৰ আদি সকলো ভক্তি মাৰ্গৰ। এইবোৰৰ দ্বাৰা কোনেও মোৰ সৈতে মিলিত হব নোৱাৰে। আৰু বেছিহে তমোপ্ৰধান হৈ পৰিছে সেইকাৰণে মোক আহ্বান কৰে যে আহি পাৱন কৰি তোলা তেন্তে পতিত নহয় জানো। মনুষ্যইতো একো বুজি নাপায়। যি নিশ্চয় বুদ্ধিৰ তেওঁতো বিজয়ী হৈ যায়। ৰাৱণৰ ওপৰত বিজয়ী হৈ ৰাম ৰাজ্যলৈ আহি যায়।পিতাই কয় - কামৰ ওপৰত জয়ী হোৱা, ইয়াৰ ওপৰতেই উপদ্ৰৱ হয়। গোৱা হয় অমৃত এৰি বিহ কিয় খোৱা? অমৃত নাম শুনি ভাবে যে গোমূখৰ পৰা অমৃত ওলায়। হেৰ, গংগাজলক জানো অমৃত বুলি কোৱা হয়। এয়াতো জ্ঞান অমৃতৰ কথা। স্ত্ৰীয়ে পতিৰ চৰণ ধুই পানী খায়, সেয়াও অমৃত বুলি ভাবে। যদি অমৃত হয় তেন্তে হীৰাৰ সমান হৈ যাব নালাগে জানো। এয়াতো পিতাই জ্ঞান দিয়ে যাৰ দ্বাৰা তোমালোক হীৰাৰ দৰে হোৱা। পানীৰ নাম কিমান প্ৰখ্যাত কৰি দিলে। তোমালোকে জ্ঞান অমৃত পাণ কৰোৱা তেওঁলোকে পানী পাণ কৰায়।তোমালোক ব্ৰাহ্মণসকলৰ বিষয়ে কোনোৱে নাজানে। তেওঁলোকে কৌৰৱ-পাণ্ডৱ বুলি কয় কিন্তু পাণ্ডৱসকলক জানো ব্ৰাহ্মণ বুলি বুজে। গীতাত এনেকুৱা শব্দ নাই, যাৰ দ্বাৰা পাণ্ডৱক ব্ৰাহ্মণ বুলি বুজিব। পিতাই বহি সকলো শাস্ত্ৰৰ সাৰ বুজায়। সন্তানসকলক কয় - শাস্ত্ৰত যি পঢ়িছা আৰু যি মই শুনাওঁ তাক বিচাৰ কৰা। তোমালোকে জানা আগতে আমি যি শুনিছিলো সেয়া ভুল আছিল, এতিয়া শুদ্ধ কথা শুনো।

পিতাই বুজাইছে তোমালোক সকলো সীতা অথবা ভক্ত হোৱা। ভক্তিৰ ফল দিওঁতা হৈছে ৰাম ভগৱান। এনেকৈ কয় - মই আহোঁ ফল দিবলৈ। তোমালোকে জানা আমি স্বৰ্গত অপাৰ সুখ ভোগ কৰোঁ। সেই সময়ত বাকী সকলো শান্তিধামত থাকে। শান্তিতো পায় নহয় জানো। তাত বিশ্বত সুখ-শান্তি-পবিত্ৰতা সকলো আছে। তোমালোকে বুজোৱা যেতিয়া বিশ্বত এটাই ধৰ্ম আছিল তেতিয়াই শান্তি আছিল। তথাপিও বুজি নাপায়। বৰ্তি থকাটো কঠিন। অন্তিমৰ ফালে বহুত আহিব। যাবনো কলৈ! এয়া এখনেই দোকান। যেনেকৈ দোকানীৰ বস্তু ভাল হলে দাম এটাই থাকে। এয়াতো শিৱবাবাৰ দোকান, তেওঁ হৈছে নিৰাকাৰ। ব্ৰহ্মাও নিশ্চয় লাগিব। তোমালোকে কোৱা ব্ৰহ্মাকুমাৰ-কুমাৰী। শিৱ কুমাৰী বুলিতো কব নোৱাৰা। ব্ৰাহ্মণো নিশ্চয় লাগে। ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা কেনেকৈ হবা। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰ বাবে মুখ্য সাৰ :-

(1) দেৱতাৰ দৰে গুণ নিজৰ মাজত ধাৰণ কৰিব লাগে, ভিতৰত যি আসুৰিক সংস্কাৰ আছে, ক্ৰোধ আদিৰ অভ্যাস আছে, সেইবোৰ এৰিব লাগে। বিকৰ্মাজিৎ হ'ব লাগে সেয়েহে এতিয়া কোনো বিকৰ্ম কৰিব নালাগে।

(2) হীৰাৰ সমান শ্ৰেষ্ঠ হবৰ বাবে জ্ঞান অমৃত পান কৰিব লাগে আৰু পাণ কৰাব লাগে। কাম বিকাৰৰ ওপৰত সম্পূৰ্ণ বিজয়ী হব লাগে। নিজকে সতোপ্ৰধান কৰি তুলিব লাগে। স্মৃতিৰ বলৰদ্বাৰা সকলো পুৰণা হিচাপ-নিকাচ পৰিশোধ কৰিব লাগে।

বৰদান:
সহজ যোগৰ সাধনাৰ দ্বাৰা সাধনৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা প্ৰয়োগী আত্মা হোৱা

সাধন প্ৰাপ্ত কৰি, সাধনক প্ৰয়োগ কৰোঁতে যোগৰ স্থিতি যাতে দোলায়মান (তল-ওপৰ) নহয়। যোগী হৈ প্ৰয়োগ কৰা, ইয়াক কোৱা হয় উপৰাম। থকা সত্ত্বেও নিমিত্ত মাত্ৰ, অনাসক্ত ৰূপত প্ৰয়োগ কৰা। যদি ইচ্ছা থাকে তেন্তে সেই ইচ্ছাই ভাল হ'বলৈ নিদিব। পৰিশ্ৰম কৰি থাকোঁতেই সময় পাৰ হৈ যাব। সেই সময়ত তোমালোকে সাধনাত থাকিবলৈ প্ৰয়াস কৰিবা আৰু সাধনে নিজৰ ফালে আকৰ্ষিত কৰিব, সেয়েহে প্ৰয়োগী আত্মা হৈ সহজযোগৰ সাধনাৰ দ্বাৰা সাধনৰ ওপৰত অৰ্থাৎ প্ৰকৃতিৰ ওপৰত বিজয়ী হোৱা।

স্লোগান:
নিজে সন্তুষ্ট হৈ থাকি , সকলোকে সন্তুষ্ট কৰাটোৱেই হৈছে সন্তুষ্টমণি হোৱা।