07.02.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকে পিতাই যি শুনায় তাকেই শুনিবা, আসুৰি কথা নুশুনিবা, নক'বা, হিয়েৰ ন' ইভিল (বেয়া নুশুনিবা), চি ন' ইভিল (বেয়া নাচাবা)....

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ কোনটো নিশ্চয় পিতাৰ দ্বাৰাহে হৈছে?

উত্তৰ:
পিতাই তোমালোকক নিশ্চয় কৰাইছে যে মই তোমালোকৰ পিতা হওঁ, শিক্ষকো হওঁ, সৎগুৰুও হওঁ, তোমালোকে এইটো স্মৃতিত থাকিবৰ কাৰণে পুৰুষাৰ্থ কৰা। কিন্তু মায়াই তোমালোকক এইটোৱেই পাহৰাই দিয়ে। অজ্ঞান কালততো মায়াৰ কথা নাই।

প্ৰশ্ন:
কোনটো কথাৰ চাৰ্ট (খতিয়ন) ৰাখিবৰ কাৰণে বিশাল বুদ্ধিৰ প্ৰয়োজন?

উত্তৰ:
নিজক আত্মা বুলি বুজি পিতাক কিমান সময় স্মৰণ কৰিলোঁ ইয়াৰ চাৰ্ট ৰখাৰ বাবে বহুত বিশাল বুদ্ধিৰ প্ৰয়োজন। দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব।

ওঁম্শান্তি।
ষ্টুডেণ্ট (বিদ্যাৰ্থী)সকলে এইটো বুজি পাইছে যে শিক্ষক আহিছে। এয়াতো সন্তানসকলে জানে তেওঁ পিতাও হয়, শিক্ষকো হয় আৰু চুপ্ৰীম (পৰম, সৰ্বোচ্চ) সৎগুৰুও হয়। সন্তানসকলৰ স্মৃতিত আছে কিন্তু পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। কায়দাই (বিধিয়ে, নিয়মে) কয় - যেতিয়া এবাৰ জানি গ'ল যে শিক্ষক হয় অথবা এওঁ পিতা হয়, গুৰু হয় তেন্তে তেওঁক পাহৰিব নোৱাৰে।কিন্তু ইয়াত মায়াই পাহৰাই দিয়ে। অজ্ঞান কালত মায়াই কেতিয়াও নাপাহৰায়। সন্তানে কেতিয়াও পাহৰিব নোৱাৰে যে এওঁ আমাৰ পিতা হয়, এওঁৰ এইটো অক্যুপেশ্বন (পেছা, কৰ্তব্য)। সন্তানসকল অনন্দিত হৈ থাকে যে আমি পিতাৰ ধনৰ মালিক হওঁ। যদিও নিজেও পঢ়ে কিন্তুপিতাকৰ প্ৰপাৰ্টী (সম্পত্তি)তো পায় নহয় জানো। ইয়াত তোমালোক সন্তানসকলেও পঢ়া আৰু পিতাৰ সম্পত্তিও তোমালোকে পোৱা। তোমালোকে ৰাজযোগ শিকি আছা। পিতাৰ দ্বাৰা এইটো নিশ্চয় হৈ যায় - আমি পিতাৰ হওঁ, পিতাইহে সৎগতিৰ ৰাস্তা দেখুৱাই আছে সেইকাৰণে তেওঁ সৎগুৰুও হয়। এই কথাবোৰ পাহৰিব নালাগে। পিতাই যি শুনায়সেয়াই শুনিব লাগে। এয়া যি বান্দৰৰ পুতলা দেখুৱায় - হিয়েৰ ন ইভিল (বেয়া নুশুনিবা), চি ন ইভিল (বেয়া নাচাবা).. এয়া হৈছে মনুষ্যৰ কথা। পিতাই কয় - আসুৰি কথা নক'বা, নুশুনিবা, নাচাবা। হিয়ৰ ন ইভিল.. এয়া আগতে বান্দৰৰ উদাহৰণ দি বনাইছিল। এতিয়াতো মনুষ্যৰ বনায়। তোমালোকৰ ওচৰত নলিনী ভগ্নীয়ে প্ৰদৰ্শন কৰোৱা চিত্ৰ আছে। গতিকে তোমালোকে পিতাৰ গ্লানিৰ কথা নুশুনিবা। পিতাই কয় - মোৰ কিমান গ্লানি কৰে। তোমালোকে জানা - কৃষ্ণৰ ভক্তৰ আগত ধূপ জ্বলালে তেতিয়া ৰামৰ ভক্তই নাক বন্ধ কৰি লয়। এজনে আনজনৰ সুবাসো ভাল নাপায়। পৰস্পৰ যেনিবা শত্ৰু হৈ যায়। এতিয়া তোমালোক হলা ৰাম বংশী। গোটেই সৃষ্টিখন হৈছে ৰাৱণ বংশী। ইয়াত ধূপৰতো কথা নাই। তোমালোকে জানা যে পিতাক সৰ্বব্যাপি বুলি কোৱাৰ বাবে কি গতি হৈছে! পাথৰ শিলগুটি সকলতে আছে বুলি কোৱাৰ বাবে পাথৰ বুদ্ধি হৈ গৈছে। গতিকে বেহদৰ পিতাই তোমালোকক যি উত্তৰাধিকাৰ দিয়ে, তেওঁৰ কিমান গ্লানি কৰে। জ্ঞানতো কাৰোৰেই নাই। সেয়া জ্ঞান ৰত্ন নহয়, পাথৰহে। এতিয়া তোমালোকে পিতাক স্মৰণ কৰিব লাগে। পিতাই কয় - মই যি হওঁ, যেনেকুৱা হওঁ, যথাৰ্থ ৰীতি মোক কোনেও নাজানে। সন্তানসকলৰ মাজতো ক্ৰমানুসৰি হয়। পিতাক যথাৰ্থ ৰীতিৰে স্মৰণ কৰিব লাগে। তেৱোঁ এটি সূক্ষ্ম বিন্দু হয়, তাতে সকলো পাৰ্ট (ভূমিকা) ভৰি আছে। পিতাক যথাৰ্থৰীতি জানি স্মৰণ কৰিব লাগে, নিজক আত্মা বুলি বুজিব লাগে। যদিও আমি সন্তান হওঁ কিন্তু এনেকুৱা নহয় যে পিতাৰ আত্মা ডাঙৰ, আমাৰ সৰু। নহয়, যদিও পিতা নলেজ্‌ফুল (জ্ঞানপূৰ্ণ) কিন্তু আত্মা কোনো ডাঙৰ হ'ব নোৱাৰে। তোমালোক আত্মাসকলতো জ্ঞান আছে কিন্তু ক্ৰমানুসৰি। স্কুলতো ক্ৰমানুসৰিউত্তীৰ্ণ নহয় জানো। শূণ্য নম্বৰ কোনেও নাপায়। কিবা নহয় কিবা নম্বৰ লৈ লয়। পিতাই কয় - মই তোমালোকক এয়া যি জ্ঞান শুনাও, এয়া প্ৰায়ঃ লোপ হৈ যায়। তথাপিও চিত্ৰ আছে, শাস্ত্ৰও ৰচি থোৱা আছে। পিতাই তোমালোক আত্মাসকলক কয় হিয়েৰ ন ইভিল..... এই আসুৰি জগতখনত কি চাবলগীয়া আছে। এই ছিঃ-ছিঃ সৃষ্টিৰ পৰা দৃষ্টি আঁতৰাই দিব লাগে। এতিয়া আত্মাৰ স্মৃতি জাগিছে, এইখন হল পুৰণি সৃষ্টি। ইয়াৰ লগত কি কানেক্‌শ্বন (সম্পৰ্ক) ৰাখিব লাগে। আত্মাৰ স্মৃতি জাগিছে যে এইখন সৃষ্টিক দেখিও চাব নালাগে। নিজৰ শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে। আত্মাই জ্ঞানৰ তৃতীয় নেত্ৰ লাভ কৰিছে সেয়েহে এয়া সোঁৱৰণ কৰি থাকিব লাগে। ভক্তি মাৰ্গতো ৰাতিপুৱা উঠি মালা জপে। ৰাতিপুৱাৰ সময়খিনিক উত্তম বুলি ভাবে। ব্ৰাহ্মণসকলৰ মুহূৰ্ত। ব্ৰহ্মা ভোজনৰো মহিমা আছে। ব্ৰহ্ম ভোজন নহয়, ব্ৰহ্মা ভোজন। তোমালোককো ব্ৰহ্মাকুমাৰীৰ সলনি ব্ৰহ্মকুমাৰী বুলি কৈ দিয়ে, বুজি নাপায়। ব্ৰহ্মাৰ সন্তানতো ব্ৰহ্মাকুমাৰ-কুমাৰী হ'ব নহয় জানো। ব্ৰহ্মতো হৈছে তত্ত্ব, নিবাস কৰা স্থান, তাৰ কি মহিমা হব। পিতাই সন্তানসকলক আপত্তি দৰ্শায় - সন্তানসকল, তোমালোকে এফালেতো পূজা কৰা, আনফালে আকৌ সকলোৰে গ্লানি কৰা। গ্লানি কৰি কৰি তমোপ্ৰধান হৈ গলা। তমোপ্ৰধানো হ'বই লাগিব, চক্ৰ ৰিপিট (পুনৰাবৃত্তি) হ'ব। যেতিয়া কোনো ডাঙৰ মানুহ আহে তেতিয়া তেওঁক চক্ৰৰ বিষয়ে নিশ্চয় বুজাব লাগে। এই চক্ৰ 5 হাজাৰ বছৰৰ হয়, ইয়াৰ ওপৰত বহুত মনোযোগ দিব লাগে। ৰাতিৰ পাছত দিন নিশ্চয় হব। এনেকুৱা হব নোৱাৰে যে ৰাতিৰ পাছত দিন নহব। কলিযুগৰ পাছত সত্যযুগ নিশ্চয় আহিব। এই ৱল্ডৰ হিষ্ট্ৰী-জগ্ৰাফী (বিশ্বৰ ইতিহাস-ভূগোল) ৰিপিট হয়।

সেয়েহে পিতাই বুজায় - মৰমৰ সন্তানসকল, নিজকে আত্মা বুলি বুজা, আত্মাইহে সকলো কৰে, ভূমিকা পালন কৰে। এইটো কোনেও নাজানে যে যদি আমি পাৰ্টধাৰী হওঁ তেন্তে নাটকৰ আদি-মধ্য-অন্তক নিশ্চয় জানিব লাগে। ৱল্ডৰ হিষ্ট্ৰী-জগ্ৰাফী পুনৰাবৃত্তি হয় তেন্তে নাটকেই নহল জানো। ছেকেণ্ডৰ পাছত ছেকেণ্ড সেয়াই পুনৰাবৃত্তি হব যি পাষ্ট (অতীত) হৈ গৈছে। এই কথাবোৰ আন কোনেও বুজিব নোৱাৰে। কম বুদ্ধিৰ লোকসকল সদায় অকৃতকাৰ্যই হয় তেনেক্ষেত্ৰত শিক্ষকে কি কৰিব পাৰে! শিক্ষকক জানো কব যে কৃপা বা আশীৰ্বাদ কৰক। এয়াও পঢ়াই হয়।এই গীতা পাঠশালাত স্বয়ং ভগৱানে ৰাজযোগ শিকায়। কলিযুগ সলনি হৈ সত্যযুগ নিশ্চয় হব লাগে। ড্ৰামা অনুসৰি পিতাও আহিব লাগে। পিতাই কয় - মই কল্পই কল্পই সত্যযুগত আহোঁ, অন্য কোনোবাই কব পাৰিব জানো যে মই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনাবলৈ আহিছোঁ। নিজকে শিৱোহম্‌ (ময়েই শিৱ) বুলি কয়, তাৰ পৰা কি হ'ল! শিৱবাবাতো পঢ়াবলৈকে আহে, সহজ ৰাজযোগ শিকাবলৈ। কোনো সাধু-সন্ত আদিক শিৱ ভগৱান বুলি ক'ব নোৱাৰি। এনেকৈতো বহুতে কয় - মই কৃষ্ণ, আমি লক্ষ্মী-নাৰায়ণ। এতিয়া ক'ত সেই শ্ৰীকৃষ্ণ সত্যযুগৰ ৰাজকুমাৰ আৰু ক'ত এয়া কলিযুগৰ পতিত। এনেকৈ জানো ক'ব যে তেওঁৰ গাত ভগৱান আছে। তোমালোকে মন্দিৰত গৈ সুধিব পাৰা - এওঁতো সত্যযুগত ৰাজ্য কৰিছিল আকৌ ক'লৈ গ'ল? সত্যযুগৰ পাছত নিশ্চয় ত্ৰেতা, দ্বাপৰ, কলিযুগ আহিল। সত্যযুগত সূৰ্যবংশী ৰাজ্য আছিল, ত্ৰেতাত চন্দ্ৰবংশী..... এই গোটেই জ্ঞান তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। ইমানবিলাক ব্ৰহ্মাকুমাৰ-কুমাৰী আছে, নিশ্চয় প্ৰজাপিতাও থাকিব। আকৌ ব্ৰহ্মাৰ দ্বাৰা মনুষ্য সৃষ্টিৰ ৰচনা কৰে। ব্ৰহ্মাক ক্ৰিয়েটৰ (স্ৰষ্টা) বুলি কোৱা নহয়। তেওঁ আকৌ হৈছে গড্‌ ফাদাৰ (ঈশ্বৰ পিতা)। কেনেকৈ ৰচনা কৰে, সেয়াতো পিতাই সন্মুখতে বহি বুজায়, এই শাস্ত্ৰবিলাকতো পাছত ৰচনা কৰা হৈছে। যেনেকৈ ক্ৰাইষ্ট (যীশুখ্ৰীষ্ট) আহি বুজালে, তেওঁৰ বাইবেল ৰচনা হ'ল। পাছত বহি গায়ন কৰে। সকলোৰে সৎগতি দাতা, সকলোৰে লিবাৰেটৰ (মুক্তিদাতা), পতিত-পাৱন বুলি এজন পিতাৰে গায়ন কৰা হৈছে, তেওঁক স্মৰণ কৰে যে গড্‌ ফাদাৰ দয়া কৰা। ফাদাৰ এজনেই হয়। এওঁ হ'ল গোটেই ৱৰ্ল্ডৰ ফাদাৰ (বিশ্বৰ পিতা)। মনুষ্যই নাজানে যে সকলো দুখৰ পৰা লিবাৰেট (মুক্ত) কৰোঁতাজন কোন? এতিয়া সৃষ্টিও পুৰণি, মনুষ্যও পুৰণি তমোপ্ৰধান। এইখন হৈছেই আইৰণ এজেড ৱৰ্ল্ড (লৌহযুগী সৃষ্টি)। গল্ডেন এজ্‌ (স্বৰ্ণিম যুগ) আছিল, আকৌ নিশ্চয় হ'ব। এই বিনাশ হৈ যাব, ৱৰ্ল্ড ৱাৰ (বিশ্বযুদ্ধ) হ'ব, অনেক প্ৰাকৃতিক দুৰ্যোগো হয়। সময়তো এয়াই। মনুষ্য সৃষ্টি কিমান বৃদ্ধি হৈ গৈছে।

তোমালোকেতো কৈ থাকা - ভগৱান আহিছে। তোমালোক সন্তানসকলে সকলোকে চেলেঞ্জ কৰা (প্ৰত্যাহ্বান জনোৱা) যে ব্ৰহ্মাৰ দ্বাৰা এক আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। ড্ৰামা অনুসৰি সকলোৱে শুনি থাকে। দৈৱীগুণো ধাৰণ কৰে। তোমালোকে জানা আমাৰ কোনো গুণ নাছিল। এক নম্বৰৰ অৱগুণ হৈছে - কাম বিকাৰ, যিয়ে কিমান হায়ৰাণ কৰে। মায়াৰ মুষ্টিযুদ্ধ চলে। নিবিচাৰিলেও মায়াৰ ধুমুহাই বগৰাই দিয়ে। আইৰণ এজ্‌ নহয় জানো। মুখ কলা (অপবিত্ৰ) কৰি দিয়ে। শ্যাম বৰণীয়া মুখ বুলি কোৱা নহব। কৃষ্ণৰ কাৰণে দেখুৱায় যে সৰ্পই দংশিলে তেতিয়া শ্যাম বৰণীয়া হৈ গ'ল। সন্মান ৰক্ষাৰ বাবে শ্যাম বৰণীয়া বুলি ক'লে। ক'লা মুখ দেখুৱালে সন্মান হানি হ'ব। সেইবাবে দূৰৈৰ দেশ, নিৰাকাৰ দেশৰ পৰা ট্ৰেভেলাৰ (পথিক) আহে। আইৰণ এজেড্‌ সৃষ্টি, কলা শৰীৰত আহি তেওঁকো বগা কৰি তোলে। এতিয়া পিতাই কয় - তোমালোক আকৌ সতোপ্ৰধান হ'ব লাগিব। মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব আৰু তোমালোক বিষ্ণুপুৰীৰ মালিক হৈ যাবাগৈ। এই জ্ঞানৰ কথাবোৰ বুজিব লাগে। বাবা ৰূপো (জ্ঞানীও) হয় আৰু বসন্তও (যোগীও) হয়। তেজোময় (শক্তিশালী) বিন্দু ৰূপ হয়। তেওঁৰ জ্ঞানো আছে। নাম ৰূপৰ পৰা উপৰামতোনহয়। তেওঁৰ ৰূপ কি, এয়া জগতে নাজানে। পিতাই তোমালোকক বুজায়, মোকো আত্মা বুলি কয়, কেৱল চুপ্ৰিম (পৰম) আত্মা। পৰম আত্মা গতিকে মিলি পৰমাত্মা হৈ যায়। পিতাও হয়, শিক্ষকো হয়। নলেজ্‌ফুল বুলি কয়। তেওঁলোকে ভাবে নলেজ্‌ফুল অৰ্থাৎ সকলোৰে অন্তৰক জানোঁতা। যদি পৰমাত্মা সৰ্বব্যাপি হয় তেনেহলেতো সকলোৱে নলেজ্‌ফুল হৈ গ'ল। তেন্তে সেই এজনকহে কিয় নলেজ্‌ফুল বুলি কয়? মনুষ্যৰ বুদ্ধি কিমান তুচ্ছ (হীন)। জ্ঞানৰ কথাবোৰ একেবাৰে নুবুজে। পিতাই বহি জ্ঞান আৰু ভক্তিৰ পাৰ্থক্য বুজায় - প্ৰথমতে হ'ল জ্ঞান দিন সত্যযুগ-ত্ৰেতা, আকৌ দ্বাপৰ-কলিযুগ ৰাতি। জ্ঞানেৰে সৎগতি হয়। এই ৰাজযোগৰ জ্ঞান হঠযোগীয়ে বুজাব নোৱাৰে। গৃহস্থীয়েও বুজাব নোৱাৰে কিয়নো অপবিত্র হয়। এতিয়া ৰাজযোগ কোনে শিকাব? যিয়ে কয় মামেকম্‌ (মনে মনে কেৱল মোক) স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। নিবৃত্তি মাৰ্গৰ ধৰ্মই বেলেগ, তেওঁলোকে প্ৰবৃত্তি মাৰ্গৰ জ্ঞান কেনেকৈ শুনাব। ইয়াত সকলোৱে কয় গড্‌ ফাদাৰ ইজ্ ট্ৰুথ (ঈশ্বৰ পিতা হৈছে সত্য)। পিতাহে সত্য শুনাওঁতা হয়। আত্মাৰ বাবাৰ স্মৃতি আহিছে সেয়েহে আমি পিতাক স্মৰণ কৰোঁ যে আহি নৰৰ পৰা নাৰায়ণ হোৱাৰ সত্য কথা শুনোৱা। এয়া তোমালোকক সত্য নাৰয়ণৰ কথা নুশুনাও জানো। আগতে তোমালোকে মিছা কথা শুনিছিলা। এতিয়া তোমালোকে সত্য কথা শুনা। মিছা কথা শুনি-শুনি কোনো নাৰায়ণতো হ'ব নোৱাৰে তেন্তে সেয়া সত্য নাৰায়ণৰ কথা কেনেকৈ হ'ব পাৰে? মনুষ্যই কাকো নৰৰ পৰা নাৰায়ণ কৰিব নোৱাৰে। পিতাহে আহি স্বৰ্গৰ মালিক কৰি তোলে। পিতা আহেও ভাৰতলৈকে। কিন্তু কেতিয়া আহে, এইটো বুজি নাপায়। শিৱ-শংকৰক মিহলি কৰি কাহিনী ৰচনা কৰি দিলে। শিৱ পুৰাণো আছে। গীতাখন কৃষ্ণৰ (বাণী) বুলি কয়, তেনেহলেতো শিৱ পুৰাণ ডাঙৰ হৈ গ'ল। বাস্তৱত জ্ঞানতো গীতাতহে আছে। ভগৱানুবাচ (ভগৱানে কয়) - মনমনাভৱ। এই শব্দটি গীতাৰ বাহিৰে অন্য কোনো শাস্ত্ৰত থাকিবই নোৱাৰে। গায়নো কৰা হয় যে সৰ্ব শাস্ত্ৰৰ শিৰোমণি গীতা। শ্ৰেষ্ঠ মত হৈছেই ভগৱানৰ। পোন প্ৰথমে এইটো শুনাব লাগে যে আমি কওঁ কিছু বছৰৰ ভিতৰত নতুন শ্ৰেষ্ঠাচাৰী সৃষ্টি স্থাপন হৈ যাব। এতিয়া হৈছে ভ্ৰষ্টাচাৰী সৃষ্টি। শ্ৰেষ্ঠাচাৰী সৃষ্টিত কিমান কম মনুষ্য হব। এতিয়াতো কিমান অনেক মনুষ্য আছে। তাৰ বাবে বিনাশ সন্মুখত থিয় হৈ আছে। পিতাই ৰাজযোগ শিকাই আছে। উত্তৰাধিকাৰ পিতাৰ পৰা পোৱা যায়। বিচাৰেও পিতাৰ পৰাই। কাৰোবাৰ ধন বেছি হলে, সন্তান হলে তেতিয়া কব যে ভগৱানে দিলে। গতিকে ভগৱান এজন নহ'ল জানো তেনেহলে সকলোতে ভগৱান কেনেকৈ থাকিব পাৰে? এতিয়া আত্মাসকলক পিতাই কয় - মোক স্মৰণ কৰা। আত্মাই কয় - আমাক পৰমাত্মাই জ্ঞান দিছে যি জ্ঞান আমি আকৌ ভাইসকলক দিওঁ। নিজকে আত্মা বুলি বুজি পিতাক কিমান সময় স্মৰণ কৰিলা, ইয়াৰ চাৰ্ট (খতিয়ন) ৰাখিবলৈ বিশাল বুদ্ধিৰ প্ৰয়োজন। দেহী-অভিমানী হৈ পিতাক স্মৰণ কৰিব লাগে তেতিয়া বিকৰ্ম বিনাশ হব। জ্ঞানতো অতি সহজ, বাকী আত্মা বুলি বুজি পিতাক স্মৰণ কৰি নিজৰ উন্নতি কৰিব লাগে। এই চাৰ্ট কোনোবা বিৰলাইহে (তেনেই কম সংখ্যকে) ৰাখে। দেহী-অভিমানী হৈ পিতাৰ স্মৃতিত থাকিলে কেতিয়াও কাকো দুখ নিদিব। পিতা আহেই সুখ দিবলৈ গতিকে সন্তানসকলেও সকলোকে সুখ দিয়া উচিত। কেতিয়াও কাকো দুখ দিব নালাগে। পিতাৰ স্মৃতিৰে সকলো ভূত পলাই যাব, বহুত গুপ্ত পৰিশ্ৰম কৰিবলগীয়া হয়। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই আসুৰী ছিঃ-ছিঃ সৃষ্টিৰ পৰা নিজৰ দৃষ্টি আঁতৰাই ৰাখিব লাগে। এইখন পুৰণি সৃষ্টি, ইয়াৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগে, ইয়াক দেখিও চাব লাগে।

(2) এই বেহদৰ (অসীমৰ) নাটকত আমি পাৰ্টধাৰী (ভাৱৰীয়া) হওঁ, এইখন চেকেণ্ডৰ পাছত চেকেণ্ড ৰিপিট (পুনৰাবৃত্তি) হৈ থাকে, যি অতীত হৈ গ'ল সেয়া আকৌ ৰিপিট হ'ব... এইটো স্মৃতিত ৰাখি প্ৰতিটো কথাত পাছ (উত্তীৰ্ণ) হ'ব লাগে। বিশালবুদ্ধিৰ হ'ব লাগে।

বৰদান:
শ্ৰেষ্ঠ বৃত্তিৰ দ্বাৰা বৃত্তিৰ পৰিৱৰ্তন কৰোঁতা সৰ্বদা সিদ্ধি স্বৰূপ হোৱা

সিদ্ধি স্বৰূপ হ'বৰ বাবে বৃত্তিৰ দ্বাৰা বৃত্তিৰ, সংকল্পৰ দ্বাৰা সংকল্পৰ পৰিৱৰ্তন কৰাৰ কাৰ্য কৰা, ইয়াৰ ৰিচাৰ্চ (গৱেষণা) কৰা। যেতিয়া এইটো সেৱাত বিজী (ব্যস্ত) হৈ যাবা তেতিয়া এই সূক্ষ্ম সেৱাই স্বতঃ অনেক দুৰ্বলতা অতিক্ৰম কৰাই দিব। এতিয়া ইয়াৰ পৰিকল্পনা কৰা তেতিয়া জিজ্ঞাসুৰ সংখ্যাও বেছি বাঢ়িব,উপাৰ্জনো বহুত বাঢ়িব, ঘৰো পাই যাবা - সকলো সিদ্ধি সহজেই হৈ যাব। এইটো বিধিয়ে সিদ্ধি (সফলতা) স্বৰূপ কৰি তুলিব।
 

স্লোগান:
সময়ক সফল কৰি গৈ থাকা তেতিয়া সময়ৰ প্ৰতাৰণাৰ পৰা বাচি যাবা।