07.04.19    Avyakt Bapdada     Assame Murli     29.04.84     Om Shanti     Madhuban


জ্ঞানসূৰ্যৰআত্মিকতৰাসকলৰভিন্ন-ভিন্নবিশেষত্বসমূহ


আজি জ্ঞান সূৰ্য, জ্ঞান চন্দ্ৰমাই নিজৰ বিভিন্ন প্ৰকাৰৰ তৰাসকলক চাই আছেহঁক। কিছুমান হৈছে স্নেহী তৰা, কিছুমান বিশেষ সহযোগী তৰা, কিছুমান শ্ৰেষ্ঠ জ্ঞানী তৰা, কিছুমান বিশেষ সেৱাৰ উৎসাহত থকা তৰা। কিছুমান কষ্টৰ ফল খোৱা তৰা, কিছুমান সহজ সফলতাৰ তৰা। এনেকুৱা সকলো ভিন্ন ভিন্ন বিশেষত্ব সম্পন্ন তৰা। জ্ঞান সূৰ্যৰ দ্বাৰা সকলো তৰাই আত্মিক কিৰণ প্ৰাপ্ত কৰাৰ বাবে চিকমিকাই থকা তৰাতো হৈ গলা। কিন্তু প্ৰত্যেক প্ৰকাৰৰ তৰাৰ বিশেষত্বৰ কিৰণ ভিন্ন-ভিন্ন। যিদৰে স্থূল তৰাবিলাকে ভিন্ন-ভিন্ন গ্ৰহৰ ৰূপত ভিন্ন-ভিন্ন ফল অল্প কালৰ বাবে প্ৰাপ্ত কৰায়। সেইদৰে জ্ঞান সূৰ্যৰ আত্মিক তৰাসকলৰো সৰ্ব আত্মাৰ অবিনাশী প্ৰাপ্তিৰ লগত সম্বন্ধ আছে। যেনেদৰে নিজে যি বিশেষত্বৰ দ্বাৰা সম্পন্ন তৰা হয় তেনেদৰে আনকো সেই অনুসৰি ফলৰ প্ৰাপ্তি কৰোৱাৰ নিমিত্ত হয়। যিমানেই স্বয়ং জ্ঞান চন্দ্ৰমা বা সূৰ্যৰ সমীপত (নিকট) হয় সিমানেই আনকো সমীপ সম্বন্ধত আনে অৰ্থাৎ জ্ঞান সূৰ্যৰ দ্বাৰা প্ৰাপ্ত বিশেষত্বৰ আধাৰত আনকো প্ৰত্যক্ষ ভাবে বিশেষত্বৰ শক্তিৰ আধাৰত সিমানেই সমীপত আনে যাৰ বাবে তেওঁলোকৰ প্ৰত্যক্ষ ভাবে জ্ঞান সূৰ্য, জ্ঞান চন্দ্ৰমাৰ লগত সম্বন্ধ হৈ যায়, ইমান শক্তিশালী তৰা হোৱা নহয় জানো। যদি নিজে শক্তিশালী নোহোৱা, সমীপৰ নোহোৱা তেন্তে প্ৰত্যক্ষ সম্বন্ধ স্থাপন কৰাব নোৱাৰা। দূৰৈৰ হোৱাৰ কাৰণে তৰাসকলৰ বিশেষত্ব অনুসৰি তেওঁলোকৰ দ্বাৰা যিমান শক্তি, সম্বন্ধ-সম্পৰ্ক প্ৰাপ্ত কৰিব পাৰে সিমানেই যথা শক্তি প্ৰাপ্তি কৰি থাকে। প্ৰত্যক্ষ ভাবে শক্তি লোৱাৰ শক্তি নাথাকে সেইবাবে যিদৰে জ্ঞান সূৰ্য উচ্চতকৈ উচ্চ, বিশেষ তৰাসকলো উচ্চ। তেনেকুৱা উচ্চ স্থিতিৰ অনুভৱ কৰিব নোৱাৰে। যথা শক্তি, যথা প্ৰাপ্তি কৰে। যেনেকুৱা শক্তিশালী স্থিতি হব লাগে তেনেকুৱা অনুভৱ নকৰে।

এনেকুৱা আত্মাসকলৰ সদায় এইটো কথাই মনৰ পৰা বা মুখৰ পৰা ওলায় যে এয়াই হব লাগে কিন্তু নহয়। এনেকুৱা হৈ উঠা উচিত কিন্তু হৈ উঠা নাই। এইটো কৰা উচিত কিন্তু কৰিব নোৱাৰো। ইয়াক কোৱা হয় যথাশক্তি আত্মা। সৰ্ব শক্তিমান আত্মা নহয়। এনেকুৱা আত্মাই নিজৰ বা অইনৰ বিঘ্ন-বিনাশক হব নোৱাৰে। অলপ আগবাঢ়িল আৰু বিঘ্ন আহিল। এটি বিঘ্ন পাৰ কৰিলে, সাহস আহিল, আনন্দিত হল আকৌ অইন এটা বিঘ্ন আহিব। জীৱনৰ অৰ্থাৎ পুৰুষাৰ্থৰ লাইন সদায় ক্লিয়াৰ (স্পষ্ট) নহব। থমকি ৰোৱা, আগবাঢ়ি যোৱা এইটো বিধিৰে আগবাঢ়ি গৈ থাকিব আৰু আনকো আগবঢ়াই লৈ যাব সেইবাবে থমকি ৰোৱা আৰু আগবঢ়াৰ কাৰণে তীব্ৰ গতিৰ অনুভৱ নহয়। কেতিয়াবা চলন্ত কলা, কেতিয়াবা উৰ্ধমূখী কলা, কেতিয়াবা উৰন্ত কলা। একৰস শক্তিশালী অনুভুতি নহয়। কেতিয়াবা সমস্যা, কেতিয়াবা সমাধান স্বৰূপ কিয়নো যথাশক্তি আত্মা হয়। জ্ঞান সূৰ্যৰ পৰা সৰ্ব শক্তিক গ্ৰহণ কৰাৰ শক্তি নাই। মাজত কোনোবা সাৰথি নিশ্চয় লাগে। ইয়াকে কোৱা হয় যথাশক্তি আত্মা।

যিদৰে ইয়াত ওখ পাহাৰত উঠা। যি বাহনতেই আহা, বাছতেই হওক বা গাড়ীতেই হওঁক ইঞ্জিন যদি শক্তিশালী হয় তেন্তে কোনো বায়ু পানীৰ সহায়ৰ অবিহনে চিধাচিধি আহি পোৱা। আৰু ইঞ্জিন দুৰ্বল হলে তেতিয়া বিৰাম লৈ পানী বা বায়ুৰ সহায় লব লগা হয়। ননষ্টপ (অবিৰত) নহয়, ষ্টপ (বিৰাম) কৰিব লগা হয়। এনেদৰে যথাশক্তি আত্মাসকলে, কোনোবা নহয় কোনোবা আত্মাৰ, সুৰক্ষা, সাধনৰ আধাৰ নোলোৱাকৈ তীব্ৰ গতিৰে উৰন্ত কলাৰ লক্ষ্যস্থানত উপনীত হব নোৱাৰে। কেতিয়াবা কব আজি আনন্দ কমি গল, আজি যোগ ইমান শক্তিশালী নহল, আজি এইটো ধাৰণা কৰাত বুজি পায়ো দুৰ্বল হৈছো। আজি সেৱাৰ উৎসাহ-উদ্দীপনা অহা নাই। কেতিয়াবা পানী লাগিব, কেতিয়াবা বায়ু লাগিব, কেতিয়াবা থেলি দিব লাগিব। ইয়াক জানো শক্তিশালী বুলি কবা? হওঁতো অধিকাৰী, লোৱাৰ ক্ষেত্ৰত এক নম্বৰ অধিকাৰী হওঁ। কোনোজনতকৈ কম নহয়। আৰু কাৰ্যক্ষেত্ৰত কি বুলি কোৱা? মইতো সৰু। এতিয়া নতুন হৈ আছো, পুৰণা নহয়, সম্পূৰ্ণ জানো হৈছো। এতিয়া সময় হাতত আছে। ডাঙৰৰ দোষ, মোৰ নহয়। শিকি আছো, শিকি যাম। বাপদাদাইতো সদায় কয় - সকলোকে সুযোগ দিব লাগে। ময়ো এইটো সুযোগ পোৱা উচিত। মোৰ কথাও শুনিব লাগে। লোৱাৰ ক্ষেত্ৰত মই আৰু কৰাৰ ক্ষেত্ৰত ডাঙৰ সকলে কৰিব। অধিকাৰ লোৱাৰ ক্ষেত্ৰত এতিয়া আৰু কৰাৰ ক্ষেত্ৰত কেতিয়াবা কৰিম। লোৱাৰ ক্ষেত্ৰত ডাঙৰ হৈ যোৱা আৰু কৰাৰ ক্ষেত্ৰত সৰু হৈ যোৱা। ইয়াক কোৱা হয় যথাশক্তি আত্মা।

বাপদাদাই এই ৰমণীয় খেল চাই-চাই মিচিকিয়াই থাকে। বাবাতো সকলোতকৈ চতুৰ হয়। কিন্তু মাষ্টৰ চতুৰসকলো কম নহয় সেইবাবে যথাশক্তি আত্মাৰ পৰা এতিয়া মাষ্টৰ সৰ্বশক্তিমান হোৱা। কৰোতা হোৱা। স্বতঃস্ফূৰ্তভাৱে শক্তিশালী কৰ্মৰ ফল শুভ ভাৱনা, শ্ৰেষ্ঠ কামনাৰ ফল স্বতঃস্ফূৰ্তভাৱে প্ৰাপ্ত হব। সৰ্ব প্ৰাপ্তি নিজেই তোমালোকৰ পিছত চায়াৰ সমান অৱশ্যেই আহিব। কেৱল জ্ঞান সূৰ্যৰ পৰা প্ৰাপ্ত হোৱা শক্তিৰ কিৰণত চলা তেন্তে সৰ্ব প্ৰাপ্তি ৰূপী চায়া নিজেই পিছে-পিছে আহিব। বুজি পাইছা - আজি যথাশক্তি আৰু শক্তিশালী তৰাসকলৰ ৰিমজিম দেখি আছিলো। অচ্ছা-

সকলোৱে তীব্ৰগতিৰে দৌৰি-দৌৰি আহি উপস্থিত হৈছাহি। পিতাৰ ঘৰত আহি উপস্থিত হৈছাহি যেতিয়া সন্তানসকলক কম - আহিছা ভালেই কৰিলা। যেনেকুৱা যিমানেই ঠাই আছে, তোমালোকৰেই ঘৰ। ঘৰতো এটা দিনতেই নাবাঢ়ে কিন্তু সংখ্যাতো বাঢ়ি গল নহয় জানো। গতিকে সমাহিত কৰিব লাগিব। স্থান আৰু সময়ক সংখ্যা অনুসৰিয়েই চলাব লাগিব। সকলো সমাহিত হৈ গৈছা নহয়! লাইনতো (শাৰীতো) সকলো কথাতে লাগিবই। তথাপিও এতিয়াও বহুত-বহুত ভাগ্যৱান হোৱা কিয়নো পাণ্ডৱ ভৱন বা যি ঠাই আছে তাৰ ভিতৰতেই সমাহিত হৈ গলা। বাহিৰলৈতো লাইন পাতিবলগীয়া নহল নহয় জানো! বৃদ্ধি হবই, লাইনো লাগিব। সদায় সকলো কথাতে আনন্দ মনোৰঞ্জন কৰি থাকা। তথাপিও পিতাৰ ঘৰৰ নিচিনা অন্তৰৰ আৰাম কত পাবা, সেইবাবে সদায় সকলো পৰিস্থিতিতে সন্তুষ্ট হৈ থাকিবা, সংগম যুগৰ বৰদানী ভূমিৰ তিনি খোজ জমি সত্যযুগী মহলতকৈও শ্ৰেষ্ঠ। ইমান যে বহিবলৈ ঠাই পাইছা, এয়াও বহুত শ্ৰেষ্ঠ। এই দিনবোৰো পিছত স্মৃতিলৈ আহিব। এতিয়াও তথাপি দৃষ্টি আৰু টোলীতো পোৱা যায়। পিছলৈ দৃষ্টি আৰু টোলী দিওতা হব লাগিব। বৃদ্ধি হৈ আছে, এয়াও আনন্দৰ কথা নহয় জানো। যি পোৱা, যেনেকৈ পোৱা সকলোতে সন্তুষ্ট আৰু বৃদ্ধি অৰ্থাৎ কল্যাণ। অচ্ছা!

কৰ্ণাটক বিশেষ মৰমৰ হৈ গৈছে। মহাৰাষ্ট্ৰও সদায় সংখ্যাত মহান হৈ আছে। দিল্লীয়েও ৰেচ (প্ৰতিযোগীতা) কৰিছে। ভালেই বৃদ্ধি কৰি থাকা। ইউ.পি.ও (উত্তৰ প্ৰদেশো) কোনোতকৈ কম নহয়। প্ৰত্যেক স্থানৰেই নিজৰ নিজৰ বিশেষত্ব আছে। সেয়া পিছলৈ শুনাম।

বাপদাদাইও সাকাৰ শৰীৰৰ আধাৰ লোৱাৰ বাবে সময়ৰ সীমা ৰাখিব লগা হয়। তথাপিও ঋণলৈ লোৱা শৰীৰ হয়। নিজৰতো নহয়। শৰীৰও দায়িত্বও বাপদাদাৰ হৈ যায় সেইবাবে বেহদৰ মালিকো হদত বান্ধ খাই যায়। অব্যক্ত বতনত বেহদ। ইয়াত সংযম, সময় আৰু শৰীৰৰ শক্তি সকলো চাব লগা হয়। বেহদলৈ আহা, মিলন মনোৱা। তাত কোনেও নকব যে এতিয়া আহা, এতিয়া যোৱা বা ক্ৰমানুসৰি আহা। খোলা নিমন্ত্ৰণ আছে অথবা খোলা অধিকাৰ আছে। দুই বজাতে আহা বা চাৰি বজাতে আহা। অচ্ছা!

সদায় সৰ্ব শক্তিশালী শ্ৰেষ্ঠ আত্মাসকলক, সদায় জ্ঞান সূৰ্যৰ সমীপৰ আৰু সমান উচ্চ স্থিতিত স্থিত হৈ থাকোতা বিশেষ আত্মাসকলক, সদায় সকলো কাৰ্য কৰোতে প্ৰথমতে মই ৰ উৎসাহ-উদ্দীপনাত থাকোতা সাহসী আত্মাসকলক, সদায় সকলোকে শক্তিশালী আত্মা কৰি তোলোতা সকলো সমীপৰ সন্তানসকলক, জ্ঞান সূৰ্য আৰু জ্ঞান চন্দ্ৰমাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

দাদীসকলৰপ্ৰতি:- বাপদাদাৰ তোমালোক সন্তানসকলৰ ওপৰত গৰ্ব হয়, কি কথাত গৰ্ব হয় বাৰু? পিতাই সদায় নিজৰ সমান সন্তানসকলক দেখি গৰ্ব কৰে। যেতিয়া সন্তানসকলে পিতাতকৈও বিশেষ কাৰ্য কৰি দেখুৱায় তেতিয়া পিতাৰ কিমান গৰ্ব হব। দিনে-ৰাতিয়ে পিতাৰ স্মৃতি আৰু সেৱা এই দুটিৰে লগন লাগি আছে। কিন্তু মহাবীৰ সন্তানসকলৰ বিশেষত্ব এয়াই যে স্মৃতিক প্ৰথমতে ৰাখে পিছত সেৱাক ৰাখে। অশ্বাৰোহী আৰু পদাতিকৰ প্ৰথমে সেৱা আৰু পিছত স্মৃতি। সেইবাবে পাৰ্থক্য আহি যায়। প্ৰথমতে স্মৃতি আৰু পিছত সেৱা কৰিলে সফলতা হয়। প্ৰথমতে সেৱাক ৰাখিলে সেৱাত যি ভাল-বেয়া হয় তাৰ ৰূপত আহি যায় আৰু প্ৰথমতে স্মৃতিক ৰাখিলে সহজেই উপৰাম হব পাৰা। গতিকে পিতাৰো এনেকুৱা সমান সন্তানসকলক লৈ গৌৰৱ হয়! গোটেই বিশ্বত এনেকুৱা সমান সন্তান কাৰ হব? এটি-এটি সন্তানৰ বিশেষত্ব বৰ্ণনা কৰিলে ভাগৱত হৈ যাব। যদি আৰম্ভণিৰ পৰাই প্ৰতিগৰাকী মহাৰথীৰ বিশেষত্ব বৰ্ণনা কৰা যায় তেন্তে ভাগৱত হৈ যাব। মধুবনত যেতিয়া জ্ঞান সূৰ্য আৰু তৰাসকল সংগঠিত ৰূপত চিকমিকাই উঠে তেতিয়া মধুবনৰ আকাশত শোভা কিমান শ্ৰেষ্ঠ হৈ পৰে। জ্ঞান সূৰ্যৰ লগত তৰাও নিশ্চয় লাগে।

যুগলৰদলৰলগতবাপদাদাৰসাক্ষাৎ

1) এক মতৰ পাতিৰে (পথেৰে) চলোতাসকলতো তীব্ৰ গতিৰ হব নহয় জানো! দুয়োৰে মত একেই, এই এক মতেই হৈছে চকা। এক মতৰ চকাৰ আধাৰত চলোতাই সদায় তীব্ৰ গতিৰে চলে। দুয়োটি চকাই শ্ৰেষ্ঠ হব লাগে। এজন ঢিলা এজন বেগীতো নোহোৱা? দুয়োটি চকাই একৰস। তীব্ৰ পুৰুষাৰ্থত পাণ্ডৱসকল এক নম্বৰ নে শক্তিসকল? এজনে আন জনক আগবঢ়াই দিয়া অৰ্থাৎ নিজক আগবঢ়োৱা। এনেকুৱা নহয় যে আগবঢ়াই দিলে নিজে পিছ পৰি যাবা। আগবঢ়াই দিয়া অৰ্থাৎ নিজে আগবাঢ়ি যোৱা। সকলো ভাগ্যৱান আত্মা হোৱা নহয়? দিল্লী আৰু বোম্বাই (মুম্বাই) নিবাসী বিশেষ ভাগ্যৱান হোৱা, কিয়নো ৰাস্তাৰে গৈ থাকিলেও বহুত খাজনা পোৱা যায়। বিশেষ আত্মাসকলৰ সংগ, সহযোগ, শিক্ষা সকলো প্ৰাপ্ত হয়। এয়াও বৰদানৰ নিচিনা যি বিনা নিমন্ত্ৰণৰে পাই থাকা। অন্য লোকসকলে কিমান পৰিশ্ৰম কৰে। গোটেই ব্ৰাহ্মণ জীৱনত বা সেৱাৰ জীৱনত এনেকুৱা শ্ৰেষ্ঠ আত্মাসকল দুই-তিনি বাৰো কৰবাত কেতিয়াবাহে যায় কিন্তু তোমালোকে নিমন্ত্ৰণ দিয়া বা নিদিয়া, তোমালোকৰ ওচৰত সহজেই আহি যায়। গতিকে সংগৰ ৰং বুলি যি প্ৰসিদ্ধ, বিশেষ আত্মাসকলৰ সংগইও উৎসাহ দিয়ে। কিমান সহজ ভাগ্য প্ৰাপ্ত কৰোতা ভাগ্যৱান আত্মা হোৱা। সদায় গীত গাই থাকিবা বাহ মোৰ শ্ৰেষ্ঠ ভাগ্য। যি প্ৰাপ্তি হৈ আছে ইয়াৰ ৰিটাৰ্ন (প্ৰতিদান) হৈছে উৰন্ত কলা। থমকি ৰোৱা আৰু চলোতা নহয়। সদায় উৰোতা।

2) সদায় নিজক পিতাৰ চত্ৰচায়াৰ ভিতৰত থাকোতা বুলি অনুভৱ কৰানে? পিতাৰ স্মৃতিয়েই চত্ৰচায়া। যি চত্ৰচায়াৰ ভিতৰত থাকে তেওঁ সদায় নিৰাপদে থাকে। কেতিয়াবা বৰষুণ অথবা ধুমুহা আহিলে চত্ৰচায়াৰ ভিতৰত গুছি যায়। সেইদৰে পিতাৰ স্মৃতিয়েই হৈছে চত্ৰচায়া। চত্ৰচায়াত থাকোতা সহজেই মায়াজীৎ হয়। স্মৃতি পাহৰিলা অৰ্থাৎ চত্ৰচায়াৰ পৰা বাহিৰত আহিলা। পিতাৰ স্মৃতি যাতে সদায় লগত থাকে। যিসকলে এনেকুৱা চত্ৰচায়াত থাকে তেওঁলোকে পিতাৰ সহযোগ সদায় প্ৰাপ্ত কৰি থাকে। সকলো শক্তি প্ৰাপ্তিৰ সহযোগ সদায় পাই থাকে। কেতিয়াও দুৰ্বল হৈ মায়াৰ লগত পৰাজিত নহয়। কেতিয়াবা মায়াই স্মৃতি পাহৰাইতো নিদিয়ে? 63 জন্ম পাহৰি থাকিলা, সংগম যুগ হল স্মৃতিত থকাৰ যুগ। এই সময়ত নাপাহৰিবা। পাহৰা বাবে খেকা-খুন্দা খালা, দুখ পালা। এতিয়া আকৌ কেনেকৈ পাহৰিবা! এতিয়া সদায় স্মৃতিত থাকোতা।

বিদায়ৰসময়ত

সংগম যুগ হৈছেই মিলনৰ যুগ। যিমান মিলন কৰিবা সিমানেই আৰু মিলনৰ আশা বাঢ়িব। আৰু মিলনৰ শুভ আশা থাকিব লাগে কিয়নো এই মিলনৰ শুভ আশায়ে মায়াজীৎ কৰি তুলিব। এই মিলনৰ শুভ সংকল্পই সদায় পিতাৰ স্মৃতি স্বতঃ আনি দিয়ে। এয়াটো হবই লাগে। এয়া পুৰা হৈ গলে সংগম পুৰা হৈ যাব। আৰু সকলো ইচ্ছা পুৰণ হল কিন্তু স্মৃতিত সদায় বিলিন হৈ থাকো, এইটো শুভ ইচ্ছাই আগবঢ়াই লৈ গৈ থাকিব, এনেকুৱা হয় নহয়! তেতিয়া সদায় মিলন মেলা হৈয়ে থাকিব। ব্যক্ত ৰূপতে হওক বা অব্যক্ত ৰূপতে হওঁক। সদায় লগতেই থাকা গতিকে মিলনৰ আৱশ্যকতাই বা কি! প্ৰত্যেক মিলনৰেই নিজা-নিজা স্বৰূপ আৰু প্ৰাপ্তি আছে। অব্যক্ত মিলন নিজা আৰু সাকাৰ মিলন নিজা। মিলনতো ভালেই। আচ্ছা! সদায় শুভ আৰু শ্ৰেষ্ঠ প্ৰভাত হৈ থাকিব। তেওঁলোকেতো কেৱল গুড মৰ্নিং বুলি কয় কিন্তু ইয়াত শুভও হয় আৰু শ্ৰেষ্ঠও হয়। প্ৰতিটো চেকেণ্ড শুভ আৰু শ্ৰেষ্ঠ সেয়েহে চেকেণ্ড চেকেণ্ড মোবাৰক হওক। ওঁম্ শান্তি।

বৰদান:
পিতাৰসংগৰদ্বাৰাপবিত্ৰতাৰূপীস্বধৰ্মকসহজেপালনকৰোতামাষ্টৰসৰ্বশক্তিমানহোৱা

আত্মাৰ স্বধৰ্ম হৈছে পবিত্ৰতা, অপবিত্ৰতা হৈছে পৰধৰ্ম। যেতিয়া স্বধৰ্মৰ নিশ্চয় হৈ গল তেন্তে পৰধৰ্মই অস্থিৰ কৰিব নোৱাৰে। পিতাই যি হয়, যেনেকুৱা হয়, যদি তেওঁক যথাৰ্থ ৰূপত বুজি লৈ লগত ৰাখা তেন্তে পবিত্ৰতা ৰূপী স্বধৰ্মক ধাৰণ কৰা বহুত সহজ, কিয়নো সংগী হৈছে সৰ্বশক্তিমান। সৰ্বশক্তিমানৰ সন্তান মাষ্টৰ সৰ্বশক্তিমানৰ আগত অপবিত্ৰতা আহিব নোৱাৰে। যদি সংকল্পতো মায়া আহে তেন্তে নিশ্চয় কোনোবা গেট খোলা আছে অথবা নিশ্চয়ৰ অভাৱ আছে।

স্লোগান:
ত্ৰিকালদৰ্শীয়েকোনোকথাকএককালৰদৃষ্টিৰেনাচায়,প্ৰতিটোকথাতেকল্যাণআছেবুলিভাবে।