07.04.21 Morning Assame Murli Om Shanti BapDada Madhuban
"মৰমৰ সন্তানসকল –
পিতা দূৰণিৰ দেশৰ পৰা আহিছে তোমালোক সন্তানসকলৰ কাৰণে নতুন ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ,
তোমালাক এতিয়া স্বর্গৰ লায়ক হৈ আছা”
প্ৰশ্ন:
যিসকল সন্তানৰ
শিৱবাবাৰ প্ৰতি অটুট নিশ্চয় আছে তেওঁলোকৰ লক্ষণ কি হ’ব?
উত্তৰ:
তেওঁলোকে যি আজ্ঞা পাব, চকু মুদি বাবাৰ শ্ৰীমতত চলি থাকিব৷ কেতিয়াও খেয়ালো নচলিব যে
ইয়াৰ দ্বাৰা কিবা লোকচান হৈ যাব কিয়নো এনেকুৱা নিশ্চয়বুদ্ধিৰ সন্তানসকলৰ বাবে পিতা
দায়বদ্ধ (ৰেচপন্সিবল)৷ তেওঁলোকে নিশ্চয়ৰ বল পাই থাকিব৷ তেওঁলোকৰ অৱস্থা অচল-অটল হৈ
যায়৷
গীত:
তুম্হী হো
মাতা, তুম্হী পিতা হো… (তুমিয়েই মাতা, পিতা তুমিয়েই...)
ওঁম্শান্তি।
এয়া কাৰ মহিমা
শুনিলা? যাক তোমালোকৰ বাহিৰে জগতত আন কোনেও নাজানে৷ এয়া হ’ল উচ্চতকৈও উচ্চ পিতাৰ
মহিমা৷ বাকী যিমানে মহিমা কৰে সেয়া ফাল্টু (অৰ্থহীন) হৈ যায়৷ উচ্চতকৈও উচ্চ এজনেই
পিতা৷ কিন্তু পিতাৰ পৰিচয় কোনে দিব৷ নিজে আহি আত্মাৰ আৰু নিজৰ পৰিচয় দিয়ে৷ কোনো
মনুষ্যৰ আত্মাৰো পৰিচয় নাই৷ যদিও কয় – মহান আত্মা, জীৱ আত্মা৷ শৰীৰ যেতিয়া ত্যাগ কৰে
তেতিয়া কয় – আত্মা ওলাই যায়৷ শৰীৰ মৃত হৈ যায়৷ আত্মা অবিনাশী৷ আত্মা কেতিয়াও নাশ
নহয়৷ আত্মা যি তৰা সদৃশ, সেই আত্মা অতি সূক্ষ্ম৷ এই দুচকুৰে দেখিবলৈ পোৱা নাযায়৷
সকলো কর্তব্য আত্মাই কৰে৷ কিন্তু বাৰে বাৰে দেহৰ অভিমানত আহি যায় তেতিয়া কয়, মই
অমুক হওঁ, মই এয়া কৰোঁ৷ প্ৰকৃততে সকলো আত্মাই কৰে৷ শৰীৰতো হৈছে কর্মেন্দ্ৰিয় (অৰগেন্স)৷
এয়া সাধু আদিয়েও জানে যে আত্মা অতি সূক্ষ্ম, যি ভ্ৰূকুটিৰ মাজত থাকে৷ কিন্তু
তেওঁলোকৰ এইটো জ্ঞান নাই যে আত্মাত এই ভূমিকা পালন কৰাৰ সংস্কাৰ আছে৷ কোনোৱে কয় –
আত্মাত সংস্কাৰ নাথাকে, আত্মা নির্লেপ৷ কোনোৱে কয় – সংস্কাৰ অনুসৰি জন্ম লাভ কৰে৷
মতভেদ বহুত আছে৷ এইটোও কোনেও নাজানে যে কোনসকল আত্মাই 84 জন্ম লয়৷ তোমালোকে জানা যে
সূর্যবংশীসকলেহে 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাবলগীয়া হয়৷ আত্মাইহে 84 জন্মৰ চক্ৰ
পৰিক্ৰমা লগাই পতিত হয়৷ এতিয়া আত্মাক পাৱন কোনে কৰিব? পতিত-পাৱন উচ্চতকৈও উচ্চ
এজনেই পিতা, তেওঁৰ মহিমা সকলোতকৈ উচ্চ৷ 84 জন্ম সকলোৱেতো নলয়৷ পাছত অহাসকলেতো 84
জন্ম ল’ব নোৱাৰে৷ সকলো একেলগেতো নাহে৷ যিসকল প্ৰথমতে সত্যযুগত আহিব, সূর্যবংশী ৰজা
আৰু প্ৰজা, তেওঁলোকৰ 84 জন্ম হয়৷ পাছলৈতো মনুষ্যৰ বহুত বৃদ্ধি হয় নহয় জানো৷ তেতিয়া
কাৰোবাৰ 83 কাৰোবাৰ 80 জন্ম হয়৷ তাত সত্যযুগততো সম্পূর্ণ 150 বছৰ আয়ুস থাকে। কোনো
সোনকালে মৰিব নোৱাৰে৷ এই কথাবোৰ পিতাইহে বহি বুজায়৷ এতিয়া কোনেও পৰমপিতা পৰমাত্মাক
নাজানে৷ পিতাই কয় যে যেনেকৈ তোমালোক আত্মা, তেনেকৈ ময়ো আত্মা৷ তোমালোক কেৱল
জন্ম-মৰণত আহা, মই নাহোঁ৷ মোক আহ্বানো কৰে তেতিয়া যেতিয়া পতিত হৈ যায়৷ যেতিয়া বহুত
দুখী হৈ যায় তেতিয়া মোক আহ্বান কৰে৷ এই সময়ত তোমালোক সন্তানসকলক শিৱবাবাই পঢ়াই আছে৷
কিছুমানে সোধে যে এইটো কেনেকৈ মানো যে পৰমাত্মা আহে! গতিকে তেওঁলোকক বুজাব লাগে যে
সকলোৱে আহ্বান কৰে – হে পতিত-পাৱন আহা৷ এতিয়া তেওঁ হ’ল নিৰাকাৰ৷ তেওঁৰ নিজৰ শৰীৰ
নাই, আহিবও লাগে পতিত সৃষ্টিত৷ পাৱন সৃষ্টিততো নাহিব৷ এনেকৈ বুজোৱা উচিত৷ এইটোও
বুজাব লাগে যে পৰমাত্মা অতি সূক্ষ্ম যেনেকৈ আত্মা সূক্ষ্ম, কিন্তু তেওঁ হ’ল মনুষ্য
সৃষ্টিৰ বীজৰূপ, জ্ঞানপূৰ্ণ৷ পিতাই কয় যে তোমালোকে মোক পৰমপিতা পৰমাত্মা বুলি কোৱা৷
মিনতি কৰা সেয়েহে নিশ্চয় আহিম নহয় জানো৷ গায়নো আছে যে দূৰৈৰ দেশৰ নিবাসী পৰৰ দেশলৈ
আহিল৷ এতিয়া পিতাৰ দ্বাৰা গম পাইছা যে এতিয়া আমি পৰৰ দেশত অর্থাৎ ৰাৱণৰ দেশত আছোঁ৷
সত্যযুগ ত্ৰেতাত আমি ঈশ্বৰীয় দেশ অর্থাৎ নিজৰ দেশত আছিলোঁ তাৰপাছত দ্বাপৰৰ পৰা আমি
পৰৰ দেশ, পৰৰ ৰাজ্যত আহি যাওঁ৷ বাম (বিকাৰী) মার্গত আহি যাওঁ৷ আকৌ ভক্তি আৰম্ভ হৈ
যায়৷ প্ৰথমতে শিৱবাবাৰ ভক্তি কৰিবলৈ লাগি যায়, তেওঁলোকে শিৱবাবাৰ ইমান ডাঙৰ লিংগ
সাজে, কিন্তু তেওঁ ইমান ডাঙৰতো নহয়৷ এতিয়া তোমালোকে বুজিছা যে আত্মা আৰু পৰমাত্মাৰ
মাজত পার্থক্য কি৷ তেওঁ জ্ঞানপূৰ্ণ, সৰ্বদা পাৱন, সুখৰ সাগৰ, আনন্দৰ সাগৰ৷ এয়া
পৰমাত্মাৰ মহিমা নহয় জানো৷ এতিয়া আহ্বান কৰে যে পতিত-পাৱন আহা৷ তেওঁ হ’ল পৰমপিতা
যিজন কল্পই কল্পই আহে৷ দূৰৈৰ দেশৰ নিবাসী পথিকক মাতে, তেওঁৰ মহিমা গায়৷ ব্ৰহ্মা,
সৰস্বতীকতো আহ্বান নকৰে৷ নিৰাকাৰ পৰমাত্মাক আহ্বান কৰে৷ আত্মাই আহ্বান কৰে যে দূৰৈৰ
দেশৰ নিবাসী এতিয়া আনৰ দেশলৈ আহা কিয়নো সকলো পতিত হৈ গৈছে৷ ময়ো তেতিয়া আহিম যেতিয়া
ৰাৱণ ৰাজ্য সমাপ্ত হোৱাৰ সময় হ’ব৷ মই আহোঁও সংগমযুগত৷ এইটো কোনেও গম নাপায়৷ এনেকৈ
কয়ো যে তেওঁ পৰমাত্মা, বিন্দু৷ আজিকালি আকৌ কয় আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা৷
আত্মাই পৰমাত্মা হ’ব নোৱাৰে৷ আত্মা পৰমাত্মা দুয়ো বেলেগ বেলেগ৷ ৰূপ দুয়োটাৰে একেই৷
কিন্তু আত্মা পতিত হয়, 84 জন্মৰ ভূমিকা পালন কৰিবলগীয়া হয়৷ পৰমাত্মা জন্ম-মৰণ ৰহিত৷
যদি আত্মাই পৰমাত্মা বুলি কয় তেন্তে সতোপ্ৰধান পৰমাত্মা জানো তমোপ্ৰধানত আহে৷ নাহে,
এয়াতো হ’ব নোৱাৰে৷ পিতাই কয় যে মই আহোঁ, সকলো আত্মাৰ সেৱা কৰিবলৈ৷ মোৰ জন্ম বুলিও
কোৱা নহয়৷ মই আহোঁৱেই নৰকবাসীক স্বর্গবাসী কৰি তুলিবলৈ৷ পৰৰ দেশত আহিছোঁ, নিজৰ
স্বর্গ স্থাপন কৰিবলৈ৷ পিতাহে আহি আমাক স্বর্গৰ লায়ক কৰি তোলে৷ এয়াও বুজাইছে যে বাকী
আত্মাসকলৰ ভূমিকা নিজা নিজা৷ পৰমাত্মা জন্ম-মৰণ ৰহিত৷ আহেও নিশ্চয় সেইবাবেতো
শিৱৰাত্ৰি পালন কৰে৷ কিন্তু তেওঁ কেতিয়া আহিল, এয়া কোনেও নাজানে৷ এনেকৈয়ে শিৱ জয়ন্তী
পালন কৰি আহিছে৷ নিশ্চয় সংগমত আহিছিল, স্বর্গৰ স্থাপন কৰিবলৈ৷ পতিতসকলক পাৱন কৰি
তুলিবলৈ নিশ্চয় সংগমতে আহিব নহয় জানো৷ পাৱন সৃষ্টি হৈছে স্বর্গ৷ এনেকৈ কয় যে
পতিত-পাৱন আহা৷ তেন্তে নিশ্চয় পতিত সৃষ্টিৰ বিনাশৰ সময় হ’ব, তেতিয়াহে পাৱন সৃষ্টি
স্থাপন কৰিব৷ যুগে যুগেতো নাহে৷ পিতাই কয় – মই সংগমতে আহি পতিত সৃষ্টিক পাৱন কৰি
তুলিব লাগে৷ এইখন পৰৰ দেশ৷ ৰাৱণৰ দেশ৷ কিন্তু এয়া জানো কোনো মনুষ্যই জানে যে ৰাৱণৰ
ৰাজ্য চলি আছে৷ কেতিয়াৰ পৰা এই ৰাৱণ ৰাজ্য আৰম্ভ হ’ল, একোৱেই গম নাপায়৷ প্ৰথম মুখ্য
কথা আত্মা আৰু পৰমাত্মাৰ ৰহস্য বুজাব লাগে, তাৰপাছত বুজাব লাগে যে তেওঁ কল্পৰ
সংগমযুগত পাৱন কৰি তুলিবলৈ আহে৷ এইটো তেৱেঁৰেই কাম, কৃষ্ণৰ নহয়৷ শ্ৰীকৃষ্ণইতো নিজে
84 জন্ম লৈ অৱনমিত হয়৷ সূর্যবংশী সকলো অৱনমিত হয়৷ বৃক্ষ আধা সতেজ, আধা পুৰণি হ’ব
জানো৷ জৰাজীর্ণ অৱস্থা সকলোৰে হয়৷ কল্পৰ আয়ুসো মনুষ্যই গম নাপায়৷ শাস্ত্ৰত আয়ুস
বহুত দীঘলীয়া কৰি লিখি দিছে৷ এয়া পিতাইহে বহি বুজায়৷ এই ক্ষেত্ৰত অন্য প্ৰশ্ন উঠিব
নোৱাৰে৷ ৰচয়িতা পিতাই সঁচা কথাই কয়৷ আমি ইমান ব্ৰহ্মাকুমাৰ-কুমাৰী, সকলোৱে মানো৷
তেন্তে নিশ্চয় হয় সেইবাবেতো মানো৷ আগলৈ গৈ যেতিয়া নিশ্চয় হ’ব তেতিয়া বুজিও পাই যাব৷
প্ৰথমতে মনুষ্যক এইটো বুজাব লাগে যে পৰমপিতা পৰমাত্মা নিৰাকাৰ দূৰৈৰ দেশৰ পৰা আহিছে৷
কিন্তু কাৰ শৰীৰত আহিল? সূক্ষ্মবতনত আহি কি কৰিব? নিশ্চয় ইয়াত আহিবলগীয়া হয়৷
প্ৰজাপিতা ব্ৰহ্মাৰো ইয়াত প্ৰয়োজন৷ ব্ৰহ্মা কোন, সেয়াও পিতাই বহি বুজায়৷ যাৰ শৰীৰত
প্ৰৱেশ কৰে তেওঁ নিজৰ জন্মক নাজানিছিল সেয়েহে সন্তানসকলেও নাজানিছিল৷ সন্তানো তেতিয়া
হয় যেতিয়া মই তুলি লওঁ (এডাপ্ট কৰোঁ)৷ মই এই (সাকাৰ) সহিত সন্তানসকলক বুজাওঁ যে কি
তোমালোকে নিজৰ জন্মক পাহৰি গ’লা৷ এতিয়া সৃষ্টি চক্ৰ পূৰা হয়, পুনৰ পুনৰাবৃত্তি (ৰিপীট)
হ’ব৷ মই পাৱন কৰি তুলিবলৈ আহিছোঁ, ৰাজযোগ শিকাবলৈ৷ পাৱন হোৱাৰ আন একো ৰাস্তা নাই৷
যদি এইটো ৰহস্য মনুষ্যই জানে তেন্তে গংগা আদিত স্নান কৰিবলৈ, মেলা আদিলৈ নগ’লহেতেঁন৷
এই পানীৰ নদীততো সদায় স্নান কৰি থাকে৷ দ্বাপৰৰ পৰা কৰি আহিছে৷ তেওঁলোকে ভাবে যে
গংগাত ডুব মাৰিলে পাপ নাশ হ’ব৷ কিন্তু কাৰো পাপ নাশ নহয়৷ প্ৰথমতেতো আত্মা আৰু
পৰমাত্মাৰহে ৰহস্য বুজোৱা৷ আত্মাসকলেই পৰমাত্মা পিতাক আহ্বান কৰে, তেওঁ নিৰাকাৰ,
আত্মাও নিৰাকাৰ৷ এই কর্মেন্দ্ৰিয়ৰ দ্বাৰা আত্মাই আহ্বান কৰে৷ ভক্তিৰ পাছত ভগৱান
আহিব লাগে, এয়াও নাটক (ড্ৰামা)ত ভূমিকা আছে৷
পিতাই কয় – মই নতুন সৃষ্টি স্থাপন কৰিবলৈ আহিবলগীয়া হয়৷ শাস্ত্ৰতো আছে যে ভগৱানৰ
সংকল্প উদয় হ’ল তেন্তে নিশ্চয় নাটকৰ পৰিকল্পনা অনুসৰি সংকল্প উদয় হ’ব৷ আগতে এই
কথাবোৰ জানো বুজি পাইছিলা৷ দিনে-প্ৰতিদিনে বুজি গৈ থাকা৷ পিতাই কয় – মই তোমালোকক
নতুন নতুন গুপ্ত কথা শুনাওঁ৷ শুনি শুনি বুজি গৈ থাকা৷ আগতে এনেকৈ কোৱা নাছিলা যে
শিৱবাবাই পঢ়ায়৷ এতিয়াতো ভালদৰে বুজি পাইছা, বুজিবলৈ আৰু বহুত আছে৷ নিতৌ বুজাই থাকে
যে কেনেকৈ কাৰোবাক বুজাব লাগে৷ প্ৰথমতে এইটো নিশ্চয় কৰক যে বেহদৰ পিতাই বুজায় তেন্তে
তেওঁ নিশ্চয় সঁচা কথা ক’ব৷ এই ক্ষেত্ৰত বিবুদ্ধিত পৰাৰ কথা নাই৷ সন্তানসকল কোনোবা
পৈণত, কোনোবা কেঁচা৷ কেঁচা হ’লে তেন্তে কাকো বুজাব নোৱাৰে৷ এয়াতো স্কুলতো ক্ৰমানুসৰি
হয়৷ বহুতৰে এইটো সংশয় জন্মে যে আমি কেনেকৈ বুজিম যে পৰমপিতা পৰমাত্মা আহি পঢ়ায়
কিয়নো তেওঁলোকৰ বুদ্ধিত আছে শ্ৰীকৃষ্ণই জ্ঞান শুনালে৷ এতিয়া পতিত সৃষ্টিততো কৃষ্ণ
আহিব নোৱাৰে৷ এইটো তেওঁলোকক সিদ্ধ কৰা যে পৰমাত্মাহে পতিত সৃষ্টি আৰু পতিত শৰীৰত
আহিবলগীয়া হয়৷ পিতাই এইটোও বুজে যে প্ৰত্যেকৰে বুদ্ধি নিজা নিজা৷ কোনোৱেতো তৎক্ষণাৎ
বুজি পায়৷ যিমান সম্ভৱ বুজাব লাগে৷ সকলো ব্ৰাহ্মণ একে নিচিনা নহয়৷ কিন্তু
সন্তানসকলৰ দেহ-অভিমান বহুত আছে৷ এয়া বাবায়ো জানে যে ক্ৰমানুসৰি হয়৷ সন্তানসকল
নির্দেশনা অনুসৰি চলিব লাগে৷ জ্যেষ্ঠ বাবাই যি কয়, সেয়া মানিব লাগে৷ গুৰু আদিৰতো কথা
মানি আহিছা৷ এতিয়া পিতা যি স্বর্গলৈ লৈ যাওঁতা হয়, তেওঁৰ কথাতো চকু মুদি মানিব লাগে৷
কিন্তু তেনেকুৱা নিশ্চয়বুদ্ধিৰ নহয়৷ লাগিলে তাত লোকচান হওক বা লাভেই হওক, মানি ল’ব
লাগে৷ লাগিলে লোকচানেই হৈ যাওক৷ তথাপিও পিতাই কয় নহয় – সদায় এনেকৈ বুজিবা যে
শিৱবাবাই কয়, ব্ৰহ্মাই কয় বুলি নাভাবিবা৷ শিৱবাবা দায়বদ্ধ হ’ব৷ তেওঁৰ এয়া ৰথ, তেওঁ
ঠিক কৰি দিব৷ তেওঁ ক’ব যে মই বহি আছোঁ৷ সদায় বুজিবা যে শিৱবাবাইহে কয়, এওঁ একো
নাজানে৷ এনেকৈয়ে ভাবা৷ এফালেতো নিশ্চয় ৰখা উচিত, শিৱবাবাই কয় – মোৰ কথা মানি চলা
তেতিয়া তোমালোকৰ কল্যাণ হৈ থাকিব৷ এই ব্ৰহ্মায়ো যদি কিবা কয়, তেতিয়া তাৰ বাবেও মই
দায়বদ্ধ৷ তোমালোক সন্তানসকলে চিন্তা নকৰিবা৷ শিৱবাবাক স্মৰণ কৰিলে অৱস্থা আৰুহে দৃঢ়
হৈ যাব৷ নিশ্চয় থাকিলে বিকর্মও বিনাশ হ’ব, বলো পাবা৷ যিমান পিতাক স্মৰণ কৰিবা সিমান
বেছিকৈ বল পাবা৷ যিসকলে শ্ৰীমতত চলি সেৱা কৰে তেওঁলোকেহে উচ্চ পদ পাব৷ বহুতৰে
দেহ-অভিমান বহুত থাকে৷ বাবাক চোৱা সকলো সন্তানকে কেনেকৈ মৰমেৰে চলায়৷ সকলোৰে লগত কথা
পাতি থাকে৷ সন্তানসকলক সোধে যে ঠিককৈ বহিছানে! কোনো কষ্টতো পোৱা নাই! সন্তানসকলৰ
প্ৰতি স্নেহ থাকে৷ বেহদৰ পিতাৰ সন্তানসকলৰ প্ৰতি বহুত স্নেহ আছে৷ যিয়ে যিমান
শ্ৰীমতত সেৱা কৰে সেই অনুসৰি স্নেহ থাকে৷ সেৱাতেই লাভ৷ সেৱাত সৰ্বস্ব উজাৰি দিব লাগে৷
কোনো কাম কৰি থাকিলে তেতিয়া তেওঁ আকৌ অন্তৰতো থাকে যে এই সন্তানটি অতি উত্তম (ফাৰ্ষ্টক্লাছ)৷
কিন্তু আগবাঢ়ি গৈ থাকোঁতে কাৰোবাৰ ওপৰত গ্ৰহচাৰীও বহি যায়৷ মায়াৰ বিৰুদ্ধাচৰণ হয়
নহয় জানো৷ গ্ৰহচাৰীৰ বাবে আকৌ জ্ঞান ল’ব নোৱাৰে৷ কোনোৱেতো আকৌ স্থূল সেৱা অথক হৈ
কৰে৷
তোমালোকৰ কাম হ’ল সকলোকে সুখধামৰ মালিক কৰি তোলা৷ কাকো দুখ দিব নালাগে৷ জ্ঞান
নাথাকিলে তেতিয়া আকৌ বহুত দুখ দিয়ে৷ তেতিয়া যিমানেই নুবুজোৱা তথাপি বুজি নাপায়৷
প্ৰথমতে আত্মা আৰু পৰমাত্মাৰ বুজনি দিব লাগে৷ কেনেকৈ আত্মাত 84 জন্মৰ ভূমিকা ভৰি আছে,
যি অবিনাশী ভূমিকা হয়৷ কেতিয়াও সলনি নহয়, নাটকত নির্ধাৰিত হৈ আছে৷ এইটো নিশ্চয়
থকাসকল কেতিয়াও অস্থিৰ নহয়৷ বহুত অস্থিৰ হৈ যায়৷ অন্তিমত যেতিয়া খেৰৰ পুজি স্বৰূপ
সৃষ্টিখনত জুই লাগিব তেতিয়া অচল হৈ যাব৷ এতিয়াতো বহুত যুক্তিৰে বুজাব লাগে৷ ভাল ভাল
সন্তানসকলতো সেৱাত ব্ৰতী হৈ থাকে৷ অন্তৰত অধিষ্ঠিত হৈ থাকে৷ বহুত তীব্ৰতাৰে আগবাঢ়ি
যায়৷ বহুত যত্ন কৰে৷ তেওঁলোকৰ সেৱাৰ বহুত চখ থাকে৷ যাৰ যি গুণ আছে সেয়া বাবাই বর্ণনা
কৰে৷ ভাল বাৰু৷
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সেৱাত সৰ্বস্ব উজাৰি দিব লাগে, কোনো কথাত সংশয় আনিব নালাগে৷ সেৱাৰ দ্বাৰা সকলোকে
সুখ দিব লাগে, দুখ নহয়।
(2) নিশ্চয়ৰ বলেৰে নিজৰ অৱস্থা অটল কৰি ৰাখিব লাগে৷ যি শ্ৰীমত পোৱা যায়, তাত কল্যাণ
সমাহিত হৈ আছে, কিয়নো তাৰ বাবে পিতা দায়বদ্ধ সেইবাবে চিন্তা কৰিব নালাগে৷
বৰদান:
সহজযোগক
স্বভাৱ (নেচাৰ) আৰু স্বাভাৱিক (নেচাৰেল) কৰি তোলোঁতা সকলো বিষয়ত নিখুঁত হোৱা
যেনেকৈ পিতাৰ সন্তান
হোৱা - তাত কোনো শতকৰা হিচাপ নাই, তেনেকৈ নিৰন্তৰ সহজযোগী বা যোগী হোৱাৰ স্থিতিত
এতিয়া শতকৰা হিচাপ সমাপ্ত হোৱা উচিত৷ স্বাভাৱিক আৰু স্বভাৱ হৈ যোৱা উচিত৷ যেনেকৈ
কাৰোবাৰ বিশেষ স্বভাৱ থাকে, সেই স্বভাৱৰ বশ হ’ব নিবিচাৰিলেও চলি থাকে৷ তেনেকৈ এয়াও
স্বভাৱ হৈ যাওক৷ কি কৰোঁ, কেনেকৈ যোগযুক্ত হওঁ - এই কথাবোৰ সমাপ্ত হৈ গ’লে তেতিয়া
প্ৰতিটো বিষয়ত নিখুঁত হৈ যাবা৷ নিখুঁত অর্থাৎ প্ৰভাৱ (ইফেক্ট) আৰু ত্ৰুটি (ডিফেক্ট)ৰ
পৰা উপৰাম৷
স্লোগান:
সহ্য কৰা যদি আনন্দৰে কৰা, বাধ্য বাধকতাৰে নহয়৷