07.05.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল এতিয়া পিতাৰ সমান দেহী-অভিমানী হোৱা, পিতাৰ এইটোৱে আশা যে সন্তানসকল মোৰ সমান হৈ মোৰ লগত ঘৰলৈ যাওঁক

প্ৰশ্ন:
তোমালোক সন্তানসকলে কোনটো কথাৰ চমৎকাৰ দেখি পিতাক ধন্যবাদ জনোৱা?

উত্তৰ:
তোমালোকে চমৎকাৰ দেখিবলৈ পোৱা কেনেকৈ বাবাই নিজৰ কৰ্তব্য পালন কৰি আছে। নিজৰ সন্তানসকলক ৰাজযোগ শিকাই যোগ্য কৰি আছে। তোমালোক সন্তানসকলে ভিতৰি ভিতৰি এনেহেন মৰমিয়াল বাবাক ধন্যবাদ জনোৱা। বাবাই কয় - এই ধন্যবাদ শব্দটিও ভক্তি মাৰ্গৰ। সন্তানৰতো অধিকাৰ থাকে, ইয়াত ধন্যবাদ জনোৱাৰনো কি কথা আছে। ড্ৰামা অনুসৰি পিতাই উত্তৰাধিকাৰ দিবই লাগে।

গীত:
জিচকা চাথী হে ভগৱান.. (যাৰ সংগী হৈছে ভগৱান)

ওঁম্শান্তি।
এই গীতটি হৈছে সন্তানসকলৰ বাবে। যাৰ সংগী সৰ্বশক্তিমান পৰমপিতা পৰমাত্মা, তেওঁক মায়াৰ ধুমুহা-বতাহে কি কৰিব পাৰে। সেয়া ধুমুহা নহয়, মায়াৰ ধুমুহাই আত্মাৰ জ্যোতি নুমাই দিয়ে। এতিয়া জ্বলাই তোলোঁতা সংগী পাইছা, তেন্তে মায়াই কি কৰিব পাৰে। নামেই ৰখা হয় মহাবীৰ, মায়া ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা। কেনেকৈ বিজয় প্ৰাপ্ত কৰিব লাগে? সেয়াতো সন্তানসকল সন্মুখত বহি আছে। বাপদাদা বহি আছে। পিতা আৰু দাদাক পিতামহ আৰু পিতা বুলি কয়। গতিকে বাপদাদা হৈ গল। সন্তানসকলে জানে যে আত্মিক পিতা আমাৰ সন্মুখত বহি আছে। আত্মিক পিতাই আত্মাসকলৰ সৈতে কথা পাতিব। আত্মাইহে কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনে, কয়। তোমালোক সন্তানসকলৰ দেহ-অভিমানী হোৱাৰ অভ্যাস হৈ গৈছে। আধাকল্প দেহ-অভিমানত থাকা। এটা শৰীৰ ত্যাগ কৰি অন্য এটা শৰীৰ ললা। শৰীৰৰেই নাম ৰখা হয়, কোনোবাই কব - মই পৰমানন্দ, কাৰোবাৰ কিবা নাম আন কাৰোবাৰ আন কিবা বাবাই কয় - মই সদায় দেহী-অভিমানী হওঁ। মই কেতিয়াও দেহ নাপাওঁ গতিকে মোৰ কেতিয়াও দেহ-অভিমান থাকিব নোৱাৰে। এই দেহতো এই দাদাৰ হয়। মই সদায় দেহী-অভিমানী। তোমালোক সন্তানসকলকো নিজৰ সমান কৰি তুলিব বিচাৰোঁ কিয়নো এতিয়া তোমালোক মোৰ ওচৰলৈ আহিব লাগে। দেহ-অভিমান এৰিব লাগে। সময় লাগে। বহুত সময়ৰ পৰা দেহ-অভিমানত থকাৰ অভ্যাস হৈ গৈছে। এতিয়া পিতাই কয় - এই দেহকো এৰা, মোৰ সমান হোৱা কিয়নো তোমালোক মোৰ আলহী হব লাগে। মোৰ ওচৰলৈ উভতি আহিব লাগে, সেইকাৰণে কওঁ যে প্ৰথমে নিজক আত্মা বুলি নিশ্চয় কৰা। এয়া মই আত্মাসকলৰ সৈতে কথা পাতোঁ। তোমালোকে পিতাক স্মৰণ কৰা তেতিয়া সেই দৃষ্টি সমাপ্ত হৈ যাব। এই ক্ষেত্ৰত পৰিশ্ৰম আছে। মই আত্মাসকলৰ সেৱা কৰি আছোঁ। আত্মাই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনে, মই আত্মাই তোমালোকক বাবাৰ বাৰ্তা দি আছোঁ। আত্মাইতো নিজক পুৰুষ বুলিও নকয়, নাৰী বুলিও নকয়। পুৰুষ নাৰী এয়া শৰীৰৰ নাম ৰাখে। তেওঁতো হয়েই পৰম আত্মা। পিতাই কয় - হে আত্মাসকল শুনিছানে? আত্মাই কয় - হয় শুনিছোঁ। তোমালোকে নিজৰ পিতাক জানা, তেওঁ সকলো আত্মাৰ পিতা। যেনেকৈ তোমালোক আত্মা তেনেকৈ ময়ো তোমালোকৰ পিতা হওঁ, যাক পৰমপিতা পৰমাত্মা বুলি কোৱা হয়, তেওঁৰ নিজা শৰীৰ নাই। ব্ৰহ্মা, বিষ্ণু, শংকৰৰ নিজৰ আকাৰ আছে। আত্মাক আত্মা বুলিয়ে কব। মোৰ নামতো হৈছে শিৱ। শৰীৰৰতো অনেক নাম ৰাখে। মই শৰীৰ নলওঁ, সেইকাৰণে মোৰ কোনো শাৰীৰিক নাম নাই। তোমালোক হৈছা শালগ্ৰাম। তোমালোক আত্মাসকলক কওঁ যে হে আত্মাসকল শুনিছানে? তোমালোকে দেহী-অভিমানী হৈ থকাৰ অভ্যাস কৰিব লাগে। আত্মাই এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনে আৰু কয়, পিতাই বহি আত্মাসকলক বুজায়। আত্মা অবোধ হৈ গৈছে কিয়নো পিতাক পাহৰি গৈছে। এনেকুৱা নহয় যে শিৱও পৰমাত্মা, কৃষ্ণও পৰমাত্মা। তেওঁলোকেতো কয় পাথৰ-শিলগুটি সকলোতে পৰমাত্মা আছে। গোটেই সৃষ্টিত ওলোটা জ্ঞান বিয়পি আছে। বহুতেতো বুজিও পায় যে আমি ভগৱান পিতাৰ সন্তান। কিন্তু গৰিষ্ঠ সংখ্যাকেই সৰ্বব্যাপী বুলি কওঁতা ওলাব। এই পিটনিৰ পৰা সকলোকে উদ্ধাৰ কৰিব লাগে। গোটেই জগত এফালে, পিতা আনফালে। পিতাৰ মহিমা গায়ন কৰা হৈছে। অহো প্ৰভু তোমাৰ লীলা অহো মোৰ মত যাৰ দ্বাৰা গতি অথবা সৎগতি পায়। সৎগতি দাতাতো এজনেই। মনুষ্যই গতি সৎগতিৰ বাবে কিমান মগজ খটুৱায়। এই এজনেই সৎগুৰু যিয়ে মুক্তি, জীৱনমুক্তি দুয়োটাই দিয়ে।

পিতাই কয় এই সাধু-সন্ত আদি সকলোৰে সৎগতি কৰিবলৈ মই আহিবলগীয়া হয়। সকলোৰে সৎগতি কৰোঁতা একমাত্ৰ ময়েই। আত্মাসকলৰ সৈতে কথা পাতোঁ। মই তোমালোকৰ পিতা হওঁ আন কোনেও এনেকৈ কব নোৱাৰে যে তোমালোক সকলো আত্মা মোৰ সন্তান হোৱা। তেওঁলোকেতো ঈশ্বৰ সৰ্বব্যাপী বুলি কৈ দিয়ে। গতিকে এনেকৈ আকৌ কেতিয়াও কব নোৱাৰে। এয়াতো স্বয়ং পিতাই কয় যে ভক্তসকলক ভক্তিৰ ফল দিবলৈ মই আহিছোঁ। গায়নো আছে ভক্তৰ ৰক্ষক একমাত্ৰ ভগৱান। সকলো ভক্ত, তেন্তে নিশ্চয় ভগৱান বেলেগ বস্তু। ভক্তই যদি ভগৱান হয় তেন্তে তেওঁলোকে ভগৱানক স্মৰণ কৰাৰ দৰকাৰ নাই। নিজৰ নিজৰ ভাষাত পৰমাত্মাক কোনোবাই কিবা কোনোবাই আন কিবা বুলি কয়। কিন্তু যথাৰ্থ নাম হল শিৱ। কোনোবাই কাৰোবাৰ গ্লানি কৰিলে বা বদনাম কৰিলে তেতিয়া তেওঁৰ ওপৰত মোকৰ্দমা চলায়। কিন্তু এয়া হৈছে ড্ৰামা, ইয়াত কাৰো কথা চলিব নোৱাৰে। পিতাই জানে যে তোমালোক দুখী হৈছা আকৌ এয়া হব। গীতা শাস্ত্ৰ আদি আকৌ সেয়াই ওলাব। কিন্তু কেৱল গীতা আদি পঢ়িলেতো কোনেও বুজি নোৱাৰে। এই ক্ষেত্ৰততো সামৰ্থ্য লাগে। শাস্ত্ৰ শুনাওঁতাসকলে কাৰোবাৰ বাবে এনেকৈ কব নোৱাৰে যে হে সন্তানসকল মোৰ সৈতে যোগসূত্ৰ গঢ়িলে তোমালোকৰ বিকৰ্ম বিনাশ যাব। তেওঁলোকেতো কেৱল গীতা পুথি পঢ়ি শুনায়।

তোমালোক এতিয়া অনুভৱী হোৱা, জানা যে আমি 84 চক্ৰত কেনেকৈ আহোঁ। ড্ৰামাত প্রতিটো কথা নিজৰ সময়ত হয়। এই পিতাই সন্তানসকলৰ, আত্মাসকলৰ সৈতে কথা পাতে যে তোমালোকেও এনেকৈ শিকা যে আমি আত্মাৰ সৈতে বাৰ্তালাপ কৰোঁ, মই আত্মাই এই মুখেৰে কথা কওঁ। তুমি আত্মাই এই কাণেৰে শুনা। মই পিতাৰ বাৰ্তা দিওঁ, মই আত্মা হওঁ। এনেকৈ বুজোৱা কিমান সহজ। তোমালোক আত্মাই এটা শৰীৰ এৰি আন এটা ধাৰণ কৰা। আত্মাই 84 জন্ম পূৰা কৰিছে। এতিয়া পিতাই কয় - যদিহে পৰমাত্মা সৰ্বব্যাপী হয় তেন্তে জীৱ পৰমাত্মা বুলি নোকোৱা কিয়। জীৱ আত্মা বুলি কিয় কোৱা? এয়া আত্মাৰ সৈতে বাৰ্তালাপ কৰে। মোৰ ভাই, আত্মাসকলে বুজে যে মই পিতাৰ বাৰ্তা শুনাওঁ - 5 হাজাৰ বছৰ পূৰ্বৰ বাৰ্তা। পিতাই কয় - মোক স্মৰণ কৰা। এইখন দুখধাম। সত্যযুগ হৈছে সুখধাম। হে আত্মাসকল, তোমালোক সুখধামত আছিলা নহয়। তোমালোকে 84ৰ চক্ৰ পৰিক্ৰমা লগালা। সতোপ্ৰধানৰ পৰা সতো, ৰজো তমোত নিশ্চয় আহিব লাগে। এতিয়া আকৌ কৃষ্ণপুৰীলৈ উভতি বলা। গৈ কি হব বিচৰা। মহাৰজা-মহাৰাণী হব বিচৰা নে দাস-দাসী? এনেকৈ আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰিব লাগে। উৎসাহ থাকিব লাগে। এনেকুৱা নহয় যে মই পৰমাত্মা হওঁ। পৰমাত্মাতো হয়েই জ্ঞানৰ সাগৰ। তেওঁ কেতিয়াও অজ্ঞানতাৰ সাগৰ নহয়। জ্ঞান আৰু অজ্ঞানতাৰ সাগৰ আমি হওঁ। পিতাৰ পৰা জ্ঞান লৈ মাষ্টৰ সাগৰ হওঁ, বাস্তৱত সাগৰ এজনেই পিতা। বাকী সকলোবোৰ নদী। পার্থক্য আছে নহয়। আত্মাক তেতিয়া বুজোৱা হয়, যেতিয়া আত্মা অবোধ হয়। স্বৰ্গত জানো কাৰোবাক বুজায়। ইয়াত সকলো অবোধ, পতিত আৰু দুখী। গৰিবসকলেই এই জ্ঞান আৰামত বহি শুনিব। চহকীসকলৰতো নিজৰ নিচা থাকে। তেওঁলোকৰ মাজততো কোনোবা বিৰলহে ওলাব। জনক ৰজাই সকলো দি দিলে নহয়। ইয়াত সকলো জনক। জীৱনমুক্তিৰ বাবে জ্ঞান লৈ আছে। এইটোতো দৃঢ় কৰিব লাগে যে মই আত্মা। বাবা মই আপোনাক কিমান ধন্যবাদ জনাওঁ। ড্ৰামা অনুসৰি আপুনি উত্তৰাধিকাৰতো দিবই লাগে। মই আপোনাৰ সন্তান হবই লাগে, ইয়াত কি ধন্যবাদ জনাওঁ। মই আপোনাৰ উত্তৰাধিকাৰীতো হবই লাগে, ইয়াত ধন্যবাদৰ কি কথা আছে। পিতাই নিজে আহি বুজাই যোগ্য কৰি তোলে, ভক্তি মাৰ্গত মহিমা গায় ধন্যবাদ শব্দটি উচ্চাৰিত হৈ যায়। পিতাইতো নিজৰ কৰ্তব্য পালন কৰিবই লাগে। আহি আকৌ স্বৰ্গলৈ যোৱাৰ মাৰ্গ দৰ্শন কৰে। ড্ৰামা অনুসৰি বাবা আহি ৰাজযোগ শিকাবই লাগে, উত্তৰাধিকাৰ দিব লাগে। তাৰপাছত যিয়ে যিমান পুৰুষাৰ্থ কৰিব সেই অনুসৰি স্বৰ্গলৈ আহিব। এনেকুৱা নহয় যে বাবাই পঠিয়াই দিব। আপোনাআপুনি যিমান পুৰুষাৰ্থ কৰিব সেই অনুসৰি স্বৰ্গলৈ আহিব। বাকী ইয়াত ধন্যবাদৰ কোনো কথা নাই। এতিয়া আমি আচম্বিত হওঁ যে বাবাই কি খেল দেখুৱাইছে। আগতেতো আমি জনা নাছিলোঁ, এতিয়া জানিছোঁ। বাবা আমি কি আকৌ এই জ্ঞান পাহৰি যাম? হয় সন্তানসকল, মোৰ আৰু তোমালোকৰ বুদ্ধিৰ পৰা জ্ঞান প্ৰায় লোপ হৈ যাব। আকৌ সময়ত জাগ্ৰত হব, যেতিয়া জ্ঞান দিয়াৰ সময় হব। এতিয়াতো আমি নিৰ্বাণধামলৈ গুচি যাম। আকৌ ভক্তি মাৰ্গত ভূমিকা পালন কৰোঁ। আত্মাত স্বতঃ সেই সংস্কাৰ আহি যায়। মই কল্পৰ পাছতো এইটো শৰীৰতে আহিম, এইটো বুদ্ধিত থাকে। কিন্তু তথাপিও তোমালোকতো দেহী-অভিমানী হৈ থাকিব লাগে। নহলেতো দেহ-অভিমানী হৈ যোৱা। মুখ্য কথা এইটোৱেই। পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। তোমালোকে পুৰুষাৰ্থ অনুসৰি কল্পই কল্পই উত্তৰাধিকাৰ পোৱা। কিমান সহজকৈ বুজায়। বাকী এই লক্ষ্যস্থানলৈ যোৱাত গুপ্ত পৰিশ্ৰম হয়।

আত্মা যেতিয়া প্ৰথমে আহে তেতিয়া পুণ্য আত্মা সতোপ্ৰধান হয় পুনৰাই সেই আত্মা পাপ আত্মা, তমোপ্ৰধান নিশ্চয় হব লাগে। এতিয়া পুনৰ তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান নিশ্চয় হব লাগে। পিতাই বাৰ্তা দিছে যে মোক স্মৰণ কৰা। গোটেই ৰচনাই পিতাৰ পৰা উত্তৰাধিকাৰ পাই আছে। সকলোৰে সৎগতি দাতা নহয় জানো। সকলোকে দয়া কৰোঁতা হয় অৰ্থাৎ সকলোকে কৃপা কৰোঁতা। সত্যযুগত কোনো দুখ নাথাকিব। বাকী সকলো আত্মা শান্তিধামত গৈ থাকিব। তোমালোক সন্তানসকলে জানি গলা যে এতিয়া বিনাশৰ সময় হৈছে। যোগবলেৰে দুখৰ হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে। আকৌ জ্ঞান আৰু যোগবলেৰে আমি ভৱিষ্যত সুখৰ বাবে হিচাপো জমা কৰিব লাগে। যিমান জমা কৰিবা সিমান সুখ পাবা আৰু দুখৰ হিচাপ নিষ্পত্তি হৈ যাব। এতিয়া আমি কল্পৰ সংগমত আহি দুখৰ বোজা নাইকিয়া কৰোঁ আৰু আনফালে জমা কৰোঁ। এয়া বেপাৰ নহয় জানো। বাবাই জ্ঞান ৰত্ন দি গুণৱান কৰি তোলে। পাছত যিয়ে যিমান ধাৰণ কৰিব পাৰে। এটি এটি ৰত্ন লাখ লাখ টকা মূল্যৰ সম্পদ, যাৰ দ্বাৰা তোমালোক ভৱিষ্যতে সদায় সুখী হৈ থাকিবা। এইখন হৈছে দুখধাম, সেইখন হল সুখধাম। সন্ন্যাসীসকলে এইটো নাজানে যে স্বৰ্গত সদায় সুখেই সুখ। এজনেই পিতা আছে যিয়ে গীতাৰ দ্বাৰা ভাৰতক ইমান উচ্চ কৰি তোলে। সেই লোকসকলে কিমান শাস্ত্ৰ আদি শুনায়। কিন্তু সৃষ্টিতো পুৰণা হবই লাগে। দেৱতাসকল প্ৰথমে নতুন সৃষ্টিত ৰামৰাজ্যত আছিল। এতিয়া দেৱতাসকল নাই। কলৈ গল? তেন্তে 84 জন্ম কোনে ভূগিলে? অন্য কাৰো 84 জন্মৰ হিচাপ উলিয়াব নোৱাৰি। 84 জন্ম নিশ্চয় দেৱতা ধৰ্মাৱলম্বীসকলেহে লয়। মনুষ্যইতো ভাবে যে লক্ষ্মী-নাৰায়ণ আদি ভগৱান আছিল। যিফালে চাওঁ তোমাকেই দেখোঁ। বাৰু তেন্তে সৰ্বব্যাপীৰ জ্ঞানেৰেও সুখী হৈ যায় নেকি? এই সৰ্বব্যাপীৰ জ্ঞানতো চলিয়েই আহিছে, তথাপিও ভাৰততো কঙাল, নৰক হৈ গৈছে। ভগৱানে ভক্তিৰ ফলতো দিবই লাগে। সন্ন্যাসী যিয়ে নিজেই সাধনা কৰি থাকে তেওঁলোকে কি ফল দিব? মনুষ্য সৎগতিদাতাতো নহয়। যিসকল এই ধৰ্মৰ হব তেওঁলোক ওলাই আহিব। এনেকৈতো বহুত সন্ন্যাসী ধৰ্মলৈও ধৰ্মান্তৰিত হৈছে, তেওঁলোকো আহিব। এই সকলোবোৰ বুজিবলগীয়া কথা।

বাবাই বুজায় - এইটো অভ্যাস কৰিব লাগে যে মই আত্মা। আত্মাৰ আধাৰতহে শৰীৰ ঠিয় (চলি) হৈ আছে। শৰীৰতো বিনাশী, আত্মা অবিনাশী। ভূমিকা সকলো এই সূক্ষ্ম আত্মাত আছে। কিমান আচৰিত। বৈজ্ঞানীসকলেও বুজিব নোৱাৰে। এই অমৰণশীল, অবিনাশী ভূমিকা ইমান সূক্ষ্ম আত্মাত আছে। আত্মাও অবিনাশী, সেইদৰে ভূমিকাও অবিনাশী। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কল্পৰ সংগমত যোগবলেৰে দুখৰ হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে। নতুন জমা কৰিব লাগে। জ্ঞান ৰত্ন ধাৰণ কৰি গুণৱান হব লাগে।

(2) মই আত্মা, আত্মা ভাইৰ সৈতে কথা পাতোঁ, শৰীৰ বিনাশী। মই মোৰ ভাই আত্মাক বাৰ্তা শুনাই আছোঁ, এনেকুৱা অভ্যাস কৰিব লাগে।

বৰদান:
শুভ ভাৱনা আৰু শ্ৰেষ্ঠ ভাৱৰ দ্বাৰা সকলোৰে প্ৰিয় হৈ বিজয় মালাত গঁথা যাওঁতা বিজয়ী হোৱা

কোনোবাই যি ভাৱেৰেই নকওঁক বা চলক কিন্তু তোমালোকে প্ৰত্যেকৰে প্ৰতি শুভ ভাৱ, শ্ৰেষ্ঠ ভাৱ ধাৰণ কৰা, এই ক্ষেত্ৰত বিজয়ী হলে তেতিয়া মালাৰ মণি হোৱাৰ অধিকাৰী হৈ যাবা কিয়নো সকলোৰে প্ৰিয় হোৱাৰ সাধনেই হৈছে সমন্ধ-সম্পৰ্কত প্ৰত্যেকৰে প্ৰতি শুভ ভাৱ ধাৰণ কৰা। এনে শ্ৰেষ্ঠ ভাৱ ধাৰণ কৰোঁতাজনে সদায় সকলোকে সুখ দিব, সুখ লব। এয়াও সেৱা হয় তথা শুভ ভাৱনা হৈছে মনৰ সেৱাৰ শ্ৰেষ্ঠ সাধন। সেয়েহে এনেকুৱা সেৱা কৰোঁতাজন বিজয় মালাৰ মণি হৈ যায়।

স্লোগান:
কৰ্মত যোগৰ অনুভৱ কৰা মানেই কৰ্মযোগী হোৱা।