07.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল ৰাতিয়ে-দিনে এইটো চিন্তনত থাকা যে সকলোকে পিতাৰ পৰিচয় কেনেকৈ দিওঁ, পিতাই সন্তানক প্ৰত্যক্ষ কৰে, সন্তানে পিতাক প্ৰত্যক্ষ কৰে, ইয়াতেই বুদ্ধি লগাব লাগে

প্ৰশ্ন:
জ্ঞান অলপমানো যাতে ব্যৰ্থত নাযায় তাৰ বাবে কোনটো কথাৰ প্ৰতি ধ্যান ৰাখিব লাগে?

উত্তৰ:
জ্ঞান ধন দিবৰ কাৰণে প্ৰথমে চোৱা যে এওঁ আমাৰ ব্ৰাহ্মণ কুলৰ হয়! যিসকল শিৱবাবাৰ বা দেৱতাসকলৰ ভক্ত, চেষ্টা কৰি তেওঁলোকক জ্ঞান ধন দিয়া। এই জ্ঞান সকলোৱে নুবুজিব। বোধগম্য তেওঁলোকৰহে হব যিসকল শূদ্ৰৰ পৰা ব্ৰাহ্মণ হ'বলগীয়া আছে। তোমালোকে চেষ্টা কৰি এটা কথাতো সকলোকে শুনোৱা যে সকলোৰে সৎগতি দাতা একমাত্ৰ পিতাহে হয়, তেওঁ কয় যে তোমালোক অশৰীৰী হৈ মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ নাও পাৰ হৈ যাব।

গীত:-
ওঁম্‌ নমঃ শিৱায়ে...

ওঁম্শান্তি।
পিতাই বহি সন্তানসকলক বুজায় - দুয়োজন পিতা আহি গ'ল। লাগিলে সেইজন পিতাই বুজাওঁক নতুবা এইজন পিতাই বুজাওঁক। গতিকে পিতাই বহি বুজায় - তোমালোক যিসকল পিতাৰ স্মৃতিত শান্তিত বহা, ইয়াকেই সঁচা শান্তি বুলি কোৱা হয়। এয়া হৈছে প্ৰত্যক্ষ ফল দিওঁতা প্ৰকৃত শান্তি, সেয়া হৈছে মিছা। নিজৰ স্বধৰ্মৰ বিষয়ে গম নাপায়। স্ব অৰ্থাৎ আত্মাই পৰমপিতা পৰমত্মাৰ বিষয়ে গম নাপায়, তেন্তে শান্তি, শক্তি কোনে দিব? শান্তিদাতা পিতাহে হয়। যিজন পিতাই কয় - সন্তানসকল অশৰীৰী হৈ নিজক আত্মা বুলি বুজি বহা। তোমালোকতো অবিনাশী হোৱা নহয় জানো! নিজৰ স্বধৰ্মত বহা অন্য কোনো এনেকৈ নবহে। যথাযথ আত্মাইহে এটা শৰীৰ এৰি অন্য এটা লয়। পৰমপিতা পৰমাত্মাতো এজনেই, তেওঁৰ মহিমা অতি মহান। তেওঁ পিতা হয়, সৰ্বব্যাপী নহয়। এটা কথা যদি সিদ্ধ কৰা তেন্তে তোমালোকৰ জয় হল। পাছত গীতাৰ ভগৱানো সিদ্ধ হৈ যাব। সাৰ কথাতো তোমালোকে বহুত পোৱা। শিখ লোকসকলেও কয় - সৎগুৰু অকাল..... তেৱেঁই অকালমূৰ্ত। এনেকৈ কয়ো, তেওঁ মুক্তিদাতা হয়, সকলোৰে সৎগতি দাতা হয়। আহি দুখৰ পৰা মুক্ত কৰে। পতিত-পাৱনো একমাত্ৰ পিতাই হয়। এনেকুৱা সাৰ কথাবোৰ সদায় বিচাৰ-সাগৰ মন্থন কৰিব লাগে। পিতাক পাহৰাৰ কাৰণেই সকলোৰে দুৰ্গতি হৈছে। ভগৱান এজন গতিকে অন্য কাকো ভগৱান বুলি ক'ব নোৱাৰি। সূক্ষ্মবতনবাসীসকলকো ভগৱান বুলি ক'ব নোৱাৰি। উচ্চতকৈ উচ্চ হৈছে একমাত্ৰ ভগৱান। ইয়াততো হৈছে মনুষ্য সৃষ্টি যত পুনৰ্জন্মত আহে। পৰমপিতা পৰমাত্মাতো পুনৰ্জন্মত নাহে, তেন্তে কেনেকৈ কোৱা যে কুকুৰ মেকুৰী সকলোতে পৰমাত্মা আছে। গোটেই দিন এইটো বুদ্ধিত থাকিব লাগে - পিতাৰ পৰিচয় কেনেকৈ দিওঁ। এতিয়া ৰাতিয়ে-দিনে তোমালোক এইটো চিন্তনত থাকা যে কেনেকৈ সকলোকে ৰাস্তা দেখুৱাওঁ? পতিতসকলক পাৱন কৰি তোলোঁতা এজনেই হয়। তেতিয়া গীতাৰ ভগৱানো সিদ্ধ হৈ যাব। তোমালোক সন্তানসকলৰে জয় হ'ব, সেয়াও যেতিয়া পৰিশ্ৰম কৰিবা। মহাৰথী, অশ্বাৰোহী, পদাতিকতো আছে নহয়।

তোমালোক সন্তানসকলে জানা ভাৰতেই পিতাৰ পৰা উত্তৰাধিকাৰ পাইছিল। এতিয়া কাঢ়ি লৈ গ'ল, পুনৰ পিতাই দিয়ে। পিতা আহেই ভাৰতত। এয়া যি ইমানবোৰ ধৰ্ম আছে, এই সকলোবোৰ নাশ হৈ যাব, পুনৰ সত্যযুগ হ'ব। হায় হায়ৰ পাছত জয়-জয়কাৰ হৈ যায়। মনুষ্যই দুখৰ সময়ত হায় ৰাম বুলি কয় নহয়। কয় নহয় যে ৰাম নাম দান দিয়া। ইয়াৰ ওপৰত শ্লোক ৰচি থোৱা আছে। শিখ লোকসকলৰো নাম বহুত। তেওঁলোকেও কয় অকাল আসন। তোমালোক সন্তানসকলৰ আসন কোনখন? তোমালোক সকলো আত্মা অকালমূৰ্ত হোৱা। তোমালোকক কালে খাব নোৱাৰে। এই শৰীৰতো শেষ হৈ যাব। তেওঁলোকে ভাবে অকাল আসন অমৃতসৰত আছে কিন্তু অকাল আসনতো হৈছে মহাতত্ব।আমি আত্মাসকলো তাৰ নিবাসী। গায়নো কৰে বাবা আপুনি নিজৰ আসন এৰি আহক। সেয়া সকলোৰে বাবে শান্তিৰ আসন। ৰাজ্য আসন সকলোৰে কাৰণে বুলি কোৱা নহব। বাবাৰ যি আসন সেয়াই আমাৰ। তাৰ পৰা আমি ভূমিকা পালন কৰিবলৈ আহোঁ, বাকী আকাশ এৰাৰ কথা নহয়। সন্তানসকলে এইটো কথাতে বুদ্ধি লগাব লাগে যে কাৰোবাক পিতাৰ পৰিচয় কেনেকৈ দিওঁ? পিতাই সন্তানক প্ৰত্যক্ষ কৰে, সন্তানে পিতাক প্ৰত্যক্ষ কৰে। আমাৰ পিতা কোন, তেওঁৰ সম্পত্তি কি, যাৰ মালিক হ'মগৈ। এইটো বুদ্ধিত আছে। মুখ্য হৈছেই পিতাৰ পৰিচয়। গোটেই বিভ্ৰান্তি ইয়াতেই আছে। এটা ভুলৰ কাৰণেই এই নাটকখন নহয় জানো। ভুল কৰাওঁতা হৈছে ৰাৱণ।

সত্যযুগত তোমালোক দেহী-অভিমানী হৈ থাকা। আমি আত্মা। বাকী এনেকৈ নোকোৱা যে আমি পৰমপিতা পৰমাত্মাক জানো। নহয়, তাততো সুখেই সুখ। দুখত সকলোৱে স্মৰণ কৰে। ভক্তি মাৰ্গ পূৰা হৈ গ'ল, জ্ঞান মাৰ্গ আৰম্ভ হ'ল, উত্তৰাধিকাৰ প্ৰাপ্ত হৈ গ'ল, তেন্তে ভগৱানক কিয় স্মৰণ কৰিব! কল্পই কল্পই উত্তৰাধিকাৰ প্ৰাপ্ত হয়। এই নাটকখনেই এনেকৈ ৰচি থোৱা আছে। পিতাক কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলক পিতাই পৰিচয় দিছে। ৰাতিয়ে-দিনে বুদ্ধিত এই কথাবোৰেই চলি থাকিব লাগে। এয়া বুদ্ধিৰ কাৰণে ভোজন। কেনেকৈ পিতাৰ পৰিচয় সকলোকে দিওঁ! পিতাৰ এবাৰেই অৱতাৰ বুলি গায়ন কৰা হয়। বুজি পায় নিশ্চয় আহিব, কলিযুগৰ অন্ত, সত্যযুগৰ আদি সংগমত, পতিতসকলক পাৱন কৰি তুলিবলৈ। মুখ্য হৈছে গীতা। গীতাৰ দ্বাৰাহে হীৰাতুল্য হ'ব পাৰে। বাকী সকলো শাস্ত্ৰ হৈছে গীতাৰ সতি-সন্ততি, তাৰপৰা কোনেও উত্তৰাধিকাৰ প্ৰাপ্ত কৰিব নোৱাৰে। সৰ্বশাস্ত্ৰৰ শিৰোমণি হৈছে গীতা। শ্ৰীমত প্ৰসিদ্ধ হয়। শ্ৰী হৈছে সকলোতকৈ উচ্চতকৈও উচ্চ। শ্ৰী শ্ৰী 108 ৰুদ্ৰ মালা। এয়া হৈছে শিৱবাবাৰ মালা। তোমালোকে জানা সকলো আত্মাৰ পিতা হৈছে এওঁ। বাবা বাবা বুলিতো সকলোৱে কয় নহয় জানো। বাবাৰ ৰচনা ৰচি থোৱা আছে, এইটো কোনেও জানিব নোৱাৰে। বাবাই কয় - তোমালোকক কোনো বেছি কষ্ট নিদিওঁ। কেৱল পিতাক পাহৰি যোৱাৰ কাৰণেই অৱনমিত হৈছা, তেওঁক জানিব লাগে। এতিয়া তোমালোক ঘোৰ অন্ধকাৰৰ পৰা ঘোৰ আলোকলৈ আহি গ'লা। তোমালোকে জ্ঞানৰ নৃত্য কৰিব লাগে। মীৰাই কৰিছিল ভক্তিৰ নৃত্য, অৰ্থ একোৱেই নাই। ব্যাসক ভগৱান বুলি কয়, এতিয়া ব্যাসতো হৈছে পিতা, যিয়ে গীতা শুনায়। তোমালোকে যিকোনো লোককে সিদ্ধ কৰি ক'ব পাৰা - বাবা এজনেই, তেওঁৰ পৰাই উত্তৰাধিকাৰ প্ৰাপ্ত হয়। নহ'লেনো ভাৰতক স্বৰ্গৰ উত্তৰাধিকাৰ কোনে দিব? স্বৰ্গৰ স্থাপনা পিতাৰ অবিহনে কোনেও কৰিব নোৱাৰে। সকলোকে মুক্ত কৰাতো একমাত্ৰ পিতাৰে কাম। পোপেও কৈছিল একতা (ৱাননেচ্‌) হওক। কিন্তু সেয়া হ'ব কেনেকৈ? আমি সকলো এজনৰতো হৈছোঁ নহয় জানো, তেন্তে ভাই-ভনী কেনেকৈ হওঁ, এইটো জানিব লাগে। একতা অৰ্থাৎ সকলো পিতা হৈ গ'ল, এয়াতো সকলো ভাই ভাই হয়, নহয় জানো। গোটেই জগতে কয় - হে ঈশ্বৰ পিতা দয়া কৰক। তেন্তে নিশ্চয় কোনোবাই নিৰ্দয়তা কৰি আছে। এইটো নাজানে যে নিৰ্দয়তা কৰোঁতাজন কোন? দয়া কৰোঁতাতো হৈছে একমাত্ৰ পিতা। নিৰ্দয় হৈছে ৰাৱণ, যাক জ্বলাই আহিছে, কিন্তু নজ্বলে। শত্ৰুৱেই যদি মৰি যায় তেন্তে জানো বাৰে বাৰে জ্বলাব। কোনেও এইটো গমেই নাপায় যে এয়া কি সাজি থাকে। আগতে তোমালোক ঘোৰ অন্ধকাৰত আছিলা, এতিয়াতো নাই নহয়। গতিকে মনুষ্যক কেনেকৈ বুজোৱা যায়। ভাৰতক সুখধাম কৰি তোলোঁতা একমাত্ৰ পিতাহে হয়। বাবাৰেই পৰিচয় দিব লাগে। এইটোও বুজোৱা হয় কিন্তু সকলোৱে নুবুজিব। বুজিব তথাপিও তেওঁলোকে যিসকল শূদ্ৰৰ পৰা ব্ৰাহ্মণ হ'বলগীয়া আছে। বাবাই কয় - যিসকল মোৰ ভক্ত আছে চেষ্টা কৰি তেওঁলোককহে জ্ঞান দিয়া। জ্ঞান ধন ব্যৰ্থত নেহেৰুৱাবা। দেৱতাসকলৰ ভক্ততো নিশ্চয় দেৱতা কুলৰ হ'ব। উচ্চতকৈও উচ্চ হৈছে একমাত্ৰ পিতা, সকলোৱে তেওঁক স্মৰণ কৰে। এওঁতো শিৱবাবা হয়, নহয় জানো। পিতাৰ পৰাতো উত্তৰাধিকাৰ ল'ব লাগে। যিসকলে কিবা ভাল কাম কৰি যায় তেতিয়া তেওঁলোকক পূজা কৰা হয়। কলিযুগত কাৰো দ্বাৰা ভাল কাম নহ'বই কিয়নো ইয়াত আছেই আসুৰি ৰাৱণ মত। সুখ ক'ত? কিমান ভালদৰে পিতাই বুজায়, কিন্তু কাৰোবাৰ বুদ্ধিত তেতিয়াহে ধাৰণ হব যেতিয়া পিতাৰ পৰিচয় দিবা। এওঁ পিতাও হয়, শিক্ষক, সৎগুৰুৰো হয়। এওঁৰ কোনো পিতা, শিক্ষক নাই। পোন-প্ৰথমে হৈছে মাতা-পিতা, তাৰপাছত শিক্ষক আৰু তাৰপাছত সৎগতিৰ কাৰণে গুৰু। এইটো আচৰিত কথা যে বেহদৰ পিতা এজনেই পিতা, শিক্ষক আৰু সৎগুৰু হয়।

তোমালোকে জানা সেইজন পিতা উচ্চতকৈও উচ্চ হয়। তেৱেঁই ভাৰতক স্বৰ্গৰ উত্তৰাধিকাৰ দিওঁতা হয়। নৰকৰ পাছত হয়েই স্বৰ্গ। নৰকৰ বিনাশৰ কাৰণে বিনাশৰ জুই নিৰ্গত হৈ আছে। হোলিকাত ধেমেলিয়া নাটক কৰে নহয়, সোধে স্বামীজী এওঁৰ পেটৰ পৰা কি ওলাব? যথাযথ দেখিবলৈ পোৱা যায় ইউৰোপবাসী যাদৱসকলৰ বুদ্ধিৰে বিজ্ঞানৰ কিমান আৱিষ্কাৰ হয়। তোমালোকে চেষ্টা কৰি এটা কথাৰ ওপৰতে বুজাব লাগে। সকলোৰে সৎগতি দাতা এজন। পিতা আহেই ভাৰতলৈ - গতিকে ভাৰত সকলোতকৈ ডাঙৰ তীৰ্থ হৈ গ'ল। এনেকৈ কয়ো যে ভাৰত প্ৰাচীন আছিল। কিন্তু বুজি নাপায়। এতিয়া তোমালোকে বুজি পোৱা - যি প্ৰাচীন হৈছে সেয়া পুনৰ হ'ব। তোমালোকে ৰাজযোগ শিকিছিলা, সেয়াই পুনৰ শিকা। বুদ্ধিত আছে - এই জ্ঞান বাবাই কল্পই কল্পই দিয়ে। শিৱৰো অনেক নাম ৰাখিছে। বাবুলনাথৰো মন্দিৰ আছে। কাঁইটক ফুল কৰি তুলিছে, সেয়েহে বাবুলনাথ বুলি কয়। এনেকুৱা বহুত নাম আছে, যাৰ অৰ্থ তোমালোকে বুজাব পাৰা। গতিকে পোন-প্ৰথমে পিতাৰ পৰিচয় দিয়া, যাক সকলোৰে পাহৰি আছে। প্ৰথমে পিতাক জানক তেতিয়া বুদ্ধিৰ যোগসূত্ৰ স্থাপন হব। পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। মুক্তিধামৰ পৰা পুনৰ জীৱনমুক্তি ধামলৈ যাব লাগে। এয়া হৈছে পতিত জীৱন বন্ধন। বাবাই কয় - সন্তানসকল অশৰীৰী হোৱা। অশৰীৰী হৈ পিতাক স্মৰণ কৰা, ইয়াৰ দ্বাৰাহে নাও পাৰ হ'ব। সকলো আত্মাৰ পিতা তেওঁ এজনেই। পিতাৰ আদেশ হৈছে মোক স্মৰণ কৰা তেতিয়া যোগৰ দ্বাৰা বিকৰ্ম বিনাশ হ'ব। অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। আমি পুনৰাই উভতি যাব লাগে, যিমান সম্ভৱ সোনকালে যাওঁ। কিন্তু সোনকালেতো যাব নোৱাৰে। উচ্চ পদ পাবলৈ হলে বাবাক স্মৃতিত ৰাখিব লাগে। আমি এজন পিতাৰ সন্তান। এতিয়া পিতাই কয় মনমনাভৱ (নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা)। কৃষ্ণই জানো কয়। কৃষ্ণ ক'ত আছে? এওঁতো পিতা হয় পৰমপিতা পৰমাত্মা, প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে, তেন্তে নিশ্চয় ইয়াত থাকিব লাগে। এয়া হৈছে ব্যক্ত পতিত সৃষ্টি। সেইখন হৈছে পাৱন সৃষ্টি। পতিত সৃষ্টিত কোনো পাৱন থাকিব নোৱাৰে। বৃক্ষজোপাত চোৱা ওপৰত ঠিয় হৈ আছে আৰু এয়া তলত তপস্যাত ব্ৰহ্মা বহি আছে, এওঁৰেই চেহেৰা সূক্ষ্মবতনত দেখা পোৱা যায়। এওঁ গৈ ফৰিস্তা হয়। শ্ৰীকৃষ্ণ এই সময়ত শ্যামবৰণীয়া নহয় জানো। প্ৰথম কথাটি যেতিয়ালৈকে বুজোৱা নহয় তেতিয়ালৈকে একো নুবুজিব। এই ক্ষেত্ৰতে পৰিশ্ৰম হয়। মায়াই ততালিকে পিতাৰ স্মৃতি পাহৰাই দিয়ে। নিশ্চয়েৰে লিখেও যথাযথ মই নাৰায়ণৰ পদ পাম তথাপিও পাহৰি যায়। মায়া বৰ শক্তিশালী। মায়াৰ ধুমুহা যিমানেই নাহক কিন্তু অস্থিৰ হব নালাগে। সেয়া হৈছে অন্তিমৰ স্থিতি। মায়াই শক্তিশালী হৈ যুঁজিব। ছাগলীৰ দৰে হলে তেন্তে তেওঁক ততালিকে বগৰাই দিব। ভয় খাব নালাগে। বৈদ্য লোকসকলে কয় প্ৰথমে গোটেই বেমাৰ বাহিৰলৈ ওলাব। মায়াৰ ধুমুহাও বহুত আহিব। যেতিয়া তোমালোক পৰিপক্ক হৈ যাবা তেতিয়া মায়াৰ চাপ কম হৈ যাব। বুজি পাব এতিয়া আৰু এওঁ অস্থিৰ নহয়। বাবাহে আহি পাথৰবুদ্ধিৰ পৰা পাৰসবুদ্ধিৰ কৰি তোলে। এয়া অতি ৰমণীয় জ্ঞান। ভাৰতৰ প্ৰাচীন ৰাজযোগ বুলি গায়ন কৰা হয়। এইটো তোমালোকে জানা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অশৰীৰী হৈ পিতাক স্মৰণ কৰিব লাগে। স্বধৰ্মত স্থিত হোৱাৰ অভ্যাস কৰিব লাগে। জ্ঞানৰ নৃত্য কৰিব আৰু কৰাব লাগে।

(2) মায়াৰ ধুমুহাত অস্থিৰ হ'ব নালাগে। ভয় খাব নালাগে। পৰিপক্ক হৈ মায়াৰ চাপ শেষ কৰিব লাগে।

বৰদান:
পিতাক নিজৰ সকলো দায়িত্ব অৰ্পণ কৰি সেৱাৰ খেল খেলোঁতা মাষ্টৰ সৰ্বশক্তিমান হোৱা

যিকোনো কাৰ্য কৰোঁতে সদায় স্মৃতিত ৰাখিব লাগে যে সৰ্বশক্তিমান পিতা মোৰ সংগী হয়, মই মাষ্টৰ সৰ্বশক্তিমান হওঁ তেতিয়া কোনো ধৰণৰ বোজা নাথাকিব। যেতিয়া মোৰ দায়িত্ব বুলি ভাবা তেতিয়া মগজ গধুৰ হয় সেয়েহে ব্ৰাহ্মণ জীৱনত নিজৰ সকলো দায়িত্ব পিতাক দি দিয়া তেতিয়া সেৱাও এক খেল যেন অনুভৱ হ'ব। লাগিলে যিমানেই ডাঙৰ চিন্তা কৰাৰ কাম নহওক, মনোযোগ দিয়াৰ কাম নহওক কিন্তু মাষ্টৰ সৰ্বশক্তিমানৰ বৰদানৰ স্মৃতিৰে অক্লান্ত হৈ থাকিবা।

স্লোগান:
মুৰুলীধৰৰ মুৰুলীত দেহৰ চেতনাক পাহৰি, আনন্দৰ ঝুলনাত ঝুলি থকাসকলেই প্ৰকৃত গোপ-গোপী।