07.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল পুৰুষাৰ্থ কৰি দৈৱী গুণ যথা ৰীতি ধাৰণ কৰিব লাগে, কাকো দুখ দিব নালাগে, তোমালোকৰ কোনো আসুৰিক এক্টিভিটি (কৰ্মকাণ্ড) থাকিব নালাগে

প্ৰশ্ন:
কোনটো আসুৰিক গুণে তোমালোকৰ শোভা নষ্ট কৰি দিয়ে?

উত্তৰ:
পৰস্পৰ হাই-কাজিয়া কৰা, বিতুষ্ট হোৱা, চেণ্টাৰত (সেৱাকেন্দ্ৰত) হুলস্থুলৰ সৃষ্টি কৰা, দুখ দিয়া - এইবোৰ হৈছে আসুৰিক গুণ, যিবোৰে তোমালোকৰ শোভা নষ্ট কৰি দিয়ে। যিসকল সন্তান পিতাৰ হৈ উঠিও এই আসুৰিক গুণবোৰ ত্যাগ নকৰে, ওলোটা কৰ্ম কৰে, তেওঁলোকৰ বহুত লোকচান হৈ যায়। হিচাপেই হিচাপ। পিতাৰ লগত ধৰ্মৰাজো আছে।

গীত:
ভোলেনাথ চে নিৰালা. (ভোলানাথতকৈ অনন্য..)

ওঁম্শান্তি।
আত্মিক সন্তানসকলেতো এইটো ইতিমধ্যে জানিছে যে উচ্চতকৈ উচ্চ হৈছে ভগৱান। মনুষ্যই গায়ন কৰে আৰু তোমালোকে দিব্য দৃষ্টিৰে দেখা পোৱা। তোমালোকে বুদ্ধিৰেও জানা যে তেওঁ আমাক পঢ়াই আছে। আত্মাইহে শৰীৰৰ দ্বাৰা পঢ়ে। সকলো আত্মাইহে শৰীৰৰ দ্বাৰা কৰে। শৰীৰ হৈছে বিনাশী, যাক আত্মাই ধাৰণ কৰি ভূমিকা পালন কৰে। আত্মাতেই সকলো ভূমিকা নিহিত হৈ আছে। 84 জন্মৰো ভূমিকা আত্মাতেই নিহিত হৈ আছে। পোন প্ৰথমেতো নিজকে আত্মা বুলি বুজিব লাগে। পিতা হৈছে সৰ্ব শক্তিমান। তেওঁৰ পৰা তোমালোক সন্তানসকলে শক্তি পোৱা। যোগৰ দ্বাৰা শক্তি বেছিকৈ পোৱা যায়, যাৰ দ্বাৰা তোমালোক পাৱন হোৱা। পিতাই তোমালোকক বিশ্বত ৰাজত্ব কৰাৰ শক্তি দিয়ে। ইমান মহান শক্তি দিয়ে, সেই চাইন্স (বিজ্ঞান) অভিমানী আদিয়ে ইমানবোৰ সামগ্ৰী তৈয়াৰ কৰে বিনাশৰ বাবে। তেওঁলোকৰ বুদ্ধি হৈছে বিনাশৰ বাবে, তোমালোকৰ বুদ্ধি হৈছে অবিনাশী পদ প্ৰাপ্তিৰ বাবে। তোমালোকে বহুত শক্তি পোৱা যাৰ দ্বাৰা তোমালোকে বিশ্বত ৰাজত্ব কৰিবলৈ পোৱা। তাত প্ৰজাৰ প্ৰজাৰ ওপৰত ৰাজ্য নহয়। তাত হয়েই ৰজা-ৰাণীৰ ৰাজ্য। উচ্চতকৈও উচ্চ হৈছে ভগৱান। স্মৰণো তেওঁকেই কৰে। লক্ষ্মী-নাৰায়ণৰ কেৱল মন্দিৰ নিৰ্মাণ কৰি পূজা কৰে। তথাপিও উচ্চতকৈও উচ্চ বুলি ভগৱানৰে গায়ন কৰা হয়। এতিয়া তোমালোকে বুজি পোৱা যে এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক আছিল। উচ্চতকৈও উচ্চ বিশ্বৰ বাদশ্বাহী (সাম্ৰাজ্য) বেহদৰ পিতাৰ পৰা পোৱা যায়। তোমালোকে কিমান উচ্চ পদ পোৱা। তেন্তে সন্তানসকল কিমান আনন্দিত হব লাগে। যাৰ পৰা কিবা পোৱা যায় তেওঁক স্মৰণ কৰা হয় নহয় জানো। কন্যাৰ স্বামীৰ প্ৰতি কিমান লভ (মৰম) থাকে, কিমান স্বামীৰ পাচত প্ৰাণ আহুতি দিয়ে। স্বামীৰ মৃত্যু হলে হাহাকাৰ কৰি দিয়ে। এওঁতো স্বামীৰো স্বামী হয়, তোমালোকক কিমান অলংকৃত কৰি আছে - এয়া উচ্চতকৈও উচ্চ পদ প্ৰাপ্ত কৰোৱাবৰ বাবে। গতিকে তোমালোক সন্তানসকলৰ কিমান নিচা থাকিব লাগে। দৈৱীগুণো তোমালোকে ইয়াতেই ধাৰণ কৰিব লাগে। বহুতৰে এতিয়াও আসুৰিক অৱগুণ আছে, হাই-কাজিয়া কৰা, বিতুষ্ট হোৱা, চেণ্টাৰত হুলস্থুলৰ সৃষ্টি কৰা বাবাই জানে বহুত ৰিপৰ্টচ (গোচৰ) আহে। কাম মহাশত্ৰু হয় তেন্তে ক্ৰোধো কোনো কম শত্ৰু নহয়। অমুকৰ প্ৰতি মৰম, মোৰ প্ৰতি কিয় নাই! অমুক কথাটি এওঁক সুধিলে, মোক কিয় নুসুধিলে! এনেকৈ কোৱা সংশয় বুদ্ধিৰ বহুত আছে। ৰাজধানী স্থাপন হয় নহয় জানো। এনেকুৱাসকলে কি পদ পাব। পদমৰ্যাদাততো বহুত পাৰ্থক্য থাকে। মেতৰকো চোৱা ভাল ভাল মহলত থাকে, কোনোবা কত থাকে। প্ৰত্যেকেই নিজৰ পুৰুষাৰ্থ কৰি দৈৱীগুণ যথা ৰীতি ধাৰণ কৰিব লাগে। দেহ-অভিমানত আহিলে আসুৰিক এক্টিভিটি (কৰ্মকাণ্ড) হয়। যেতিয়া দেহী-অভিমানী হৈ যথা ৰীতি ধাৰণ কৰি থাকিবা তেতিয়াহে উচ্চ পদ পাবা। পুৰুষাৰ্থ এনেকুৱা কৰিব লাগে, দৈৱীগুণ ধাৰণ কৰাৰ, কাকো দুখ দিব নালাগে। তোমালোক সন্তানসকল দুখ-হৰ্তা, সুখ-কৰ্তা পিতাৰ সন্তান হোৱা। কাকোৱেই দুখ দিব নালাগে। যিয়ে চেণ্টাৰৰ তত্ত্বাৱধান লয় তেওঁলোকৰ ওপৰত বহুত ৰেচপনচিবিলিটি (দ্বায়িত্ব) আছে। যেনেকৈ পিতাই কয় - সন্তানসকল, যদি কিবা ভুল কৰা তেন্তে এশ গুণ দণ্ড হৈ যায়। দেহঅভিমানত আহিলে বহুত লোকচান হয় কিয়নো তোমালোক ব্ৰাহ্মণসকল শুধৰাবৰ বাবে নিমিত্ত হৈছা। যদি নিজেই শুধৰণি নোহোৱা তেন্তে আনক কি শুধৰাবা। বহুত লোকচান হৈ যায়। পাণ্ডৱ গভাৰ্ণমেণ্ট (চৰকাৰ) আছে নহয় জানো। উচ্চতকৈও উচ্চ হৈছে পিতা তেওঁৰ লগত ধৰ্মৰাজো আছে। ধৰ্মৰাজৰ দ্বাৰা বহুত কাঢ়া শাস্তি ভোগে। এনেকুৱা কোনো কৰ্ম কৰিলে বহুত লোকচান হৈ যায়। হিচাপেই হিচাপ, বাবাৰ ওচৰত সম্পূৰ্ণ হিচাপ থাকে। ভক্তি মাৰ্গতো হিচাপেই হিচাপ। এনেকৈ কয়ো যে ভগৱানে তোমাৰ হিচাপ লব। ইয়াত পিতাই নিজেই কয় ধৰ্মৰাজে বহুত হিচাপ লব। তেতিয়া সেই সময়ত কি কৰিব পাৰিবা! সাক্ষাৎকাৰ হব - মই এইটো এইটো কৰিলোঁ। তাততো অলপ মাৰ খাবলগীয়া হয়, ইয়াততো বহুত মাৰ খাবলগীয়া হব। তোমালোক সন্তানসকল সত্যযুগত গৰ্ভ জেইললৈ আহিব নালাগে। তাততো হৈছে গৰ্ভ মহল। কোনো পাপ আদি নকৰে। গতিকে এনেকুৱা ৰাজ্য-ভাগ্য পাবৰ কাৰণে সন্তানসকল বহুত সাৱধান হব লাগে। বহুত সন্তান ব্ৰাহ্মণীতকৈও তীক্ষ্ণ হৈ যায়। ভাগ্য ব্ৰাহ্মণীতকৈও উচ্চ হৈ যায়। এইটোও পিতাই বুজাইছে - যদি ভালদৰে ছাৰ্ভিচ নকৰা তেন্তে জন্ম-জন্মান্তৰলৈ দাস-দাসী হবাগৈ।

পিতা সন্মুখত আহিয়েই সন্তানসকলক সোধে - সন্তানসকল, দেহী-অভিমানী হৈ বহিছানে? পিতাৰ সন্তানসকলৰ প্ৰতি মহাবাক্য হৈছে - সন্তানসকল, আত্মা-অভিমানী হবলৈ বহুত পুৰুষাৰ্থ কৰিব লাগে। ঘূৰোঁতে-ফুৰোঁতেও বিচাৰ সাগৰ মন্থন কৰি থাকিব লাগে। বহুত সন্তান আছে যিসকলে ভাবে যে আমি অতি সোনকালে এই নৰকৰ ছিঃ ছিঃ সৃষ্টিৰ পৰা সুখধামলৈ যাম। পিতাই কয় ভাল ভাল মহাৰথী যোগত বহুত ফেইল হয়। তেওঁলোককো পুৰুষাৰ্থ কৰোৱা হয়। যোগত নাথাকিলে একেবাৰে অৱনমিত হৈ যাবা। নলেজতো (জ্ঞানতো) বহুত সহজ। হিষ্ট্ৰীজিওগ্ৰাফী (বুৰঞ্জী-ভূগোল) সকলো বুদ্ধিত আহি যায়। বহুত ভাল ভাল কন্যা আছে যিয়ে প্ৰদৰ্শনী বুজোৱাত বহুত তীক্ষ্ণ। কিন্তু যোগ নাই, দৈৱীগুণো নাই। কেতিয়াবা কেতিয়াবা খেয়াল হয়, সন্তানসকলৰ এতিয়াও কি কি অৱস্থা হৈ আছে। জগতত কিমান দুখ আছে। অতি সোনকালে এয়া শেষ হৈ যাওঁক। অপেক্ষা কৰি বহি আছে, অতি সোনকালে সুখধামলৈ যাম। ব্যাকুল হৈ থাকে। যেনেকৈ পিতাক লগ পাবলৈ ব্যাকুল হৈ থাকে, কিয়নো বাবাই আমাক স্বৰ্গৰ ৰাস্তা দেখুৱায়। এনেকুৱা পিতাক চাবলৈ ব্যাকুল হৈ থাকে। ভাবে এনেকুৱা পিতাৰ সন্মুখত গৈ সদায় মুৰুলী শুনোঁ। এতিয়াতো বুজি পোৱা যে ইয়াত কোনো জঞ্জালৰ কথা নাথাকে। বাহিৰত থাকিলেতো সকলোৰে লগত এৰা-ধৰাকৈ চলিবলগীয়া হয়। নহলেতো খামখেয়ালি হৈ যাব সেইবাবে সকলোকে ধৈৰ্য প্ৰদান কৰে। ইয়াত বহুত গুপ্ত পৰিশ্ৰম হয়। স্মৃতিত থকাৰ পৰিশ্ৰম কাৰো দ্বাৰা নহয়। গুপ্তভাৱে স্মৃতিত থাকিলে তেতিয়া পিতাৰ ডায়ৰেক্সনতো (নিৰ্দেশনা মতেও) চলিব। দেহ-অভিমানৰ কাৰণে পিতাৰ ডায়ৰেক্সনত নচলেই। কওঁ যে চাৰ্ট বনোৱা (খতিয়ানৰ তালিকা ৰাখা) তেতিয়া বহুত উন্নতি হব। এয়া কোনে কলে? শিৱবাবাই। শিক্ষকে যদি কাম দিয়ে তেন্তে সেয়া কৰি আনে নহয় জানো। ইয়াত ভাল ভাল সন্তানসকলকো মায়াই কৰিবলৈ নিদিয়ে। ভাল ভাল সন্তানৰ চাৰ্ট পিতাৰ ওচৰলৈ পঠিয়ালে তেতিয়া বাবাই কব চোৱা কেনেকৈ স্মৃতিত থাকে। বুজি পায় যে আমি আত্মাসকল এজন প্ৰেমিকৰ প্ৰেমিকা। সেই পাৰ্থিৱ (দৈহিক) প্ৰেমিক-প্ৰেমিকাতো অনেক প্ৰকাৰৰ হয়। তোমালোক বহুত পুৰণি প্ৰেমিকা। এতিয়া তোমালোক দেহী-অভিমানী হব লাগে। কিবা নহয় কিবা সহন কৰিবই লাগিব। নিজকে বৰ সিয়ান বুলি ভাবিব নালাগে। বাবাই জানো এনেকৈ কয় যে হাড় দি দিয়া (শৰীৰৰ হানি কৰি ছাৰ্ভিচ কৰা)। বাবাইতো কয় স্বাস্থ্য ভালে ৰাখা তেতিয়াহে ছাৰ্ভিচো ভালদৰে কৰিব পাৰিবা। যদি বেমাৰ হয় তেন্তে পৰি থাকিবা। কোনো কোনোৱে হস্পিতালতো বুজোৱাৰ ছাৰ্ভিচ কৰেগৈ তেতিয়া ডাক্টৰসকলে কয় এওঁলোকতো ফৰিস্তা হয়। চিত্ৰ লগত লৈ যায়। যিসকলে এনেকৈ ছাৰ্ভিচ কৰে তেওঁলোকক দয়াশীল বুলি কব। ছাৰ্ভিচ কৰিলে তেতিয়া অন্য কোনোবাও ওলাই আহে। যিমানে স্মৃতিৰ বলত থাকিবা সিমানেই তোমালোকে মনুষ্যক আকৰ্ষিত কৰিবা, ইয়াতেই শক্তি আছে। পিয়ৰিটি (পবিত্ৰতা) হৈছে ফাৰ্ষ্ট (প্ৰথম)। কোৱাও হয় প্ৰথমে পিয়ৰিটি, পিচ্‌ (শান্তি), পাচত প্ৰচপাৰ্টী (সমৃদ্ধি)। স্মৃতিৰ বলেৰেই তোমালোক পবিত্ৰ হোৱা। তাৰপাচত হৈছে জ্ঞানৰ বল। স্মৃতিত দুৰ্বল নহবা। স্মৃতিত থকাৰ ক্ষেত্ৰতেই বিঘ্ন আহিব। স্মৃতিত থাকিলে তোমালোক পবিত্ৰও হবা আৰু দৈৱীগুণো আহিব। পিতাৰ মহিমাতো জানা নহয় জানো। পিতাই কিমান সুখ দিয়ে। 21 জন্মৰ কাৰণে তোমালোকক সুখৰ লায়ক (উপযুক্ত) কৰি তোলে। কেতিয়াও কাকো দুখ দিব নালাগে।

বহুত সন্তানে ডিচছাৰ্ভিচ (অহিত) কৰি নিজেই নিজক যেন অভিশপ্ত কৰি দিয়ে, আনক বহুত অশান্তি দিয়ে। কু-সন্তান হলে নিজেই নিজক অভিশপ্ত কৰি দিয়ে। ডিচছাৰ্ভিচ কৰিলে একদম অৱনতি হৈ যায়। বহুত সন্তান আছে যিয়ে বিকাৰত অধঃপতিত হৈ যায় অথবা ক্ৰোধ কৰি পঢ়িবলৈ এৰি দিয়ে। ইয়াত অনেক প্ৰকাৰৰ সন্তান বহি আছে। যেতিয়া ইয়াৰ পৰা ৰিফ্ৰেছ (সতেজ) হৈ যায় তেতিয়া ভুলৰ বাবে অনুতাপ কৰে। তথাপি অনুতাপৰ দ্বাৰা কোনো ক্ষমা পাব নোৱাৰে। পিতাই কয় - ক্ষমা নিজেই নিজৰ ওপৰত কৰা। স্মৃতিত থাকা। পিতাই কাকো ক্ষমা নকৰে। এয়াতো হৈছে পঢ়া। পিতাই পঢ়ায়, সন্তানেসকলে নিজৰ ওপৰত কৃপা কৰি পঢ়িব লাগে। মেনাৰ্চ (আচৰণ) ভাল কৰি ৰাখিব লাগে। বাবাই ব্ৰাহ্মণীক কয়, ৰেজিষ্টাৰ লৈ আহা। এজন এজনৰ খবৰ শুনি বুজনি দিয়া হয়। গতিকে ভাবে ব্ৰাহ্মণীয়ে ৰিপৰ্ট (গোচৰ) দিলে, গতিকে আৰু বেছিকৈহে ডিচছাৰ্ভিচ কৰিবলৈ লাগি যায়। বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। মায়া ডাঙৰ শত্ৰু। বান্দৰৰ পৰা মন্দিৰ (মন্দিৰৰ লায়ক) হবলৈ নিদিয়ে। উচ্চ পদ পোৱাৰ পৰিৱৰ্তে আৰু বেছিকৈহে অৱনমিত হৈ যায়। তাৰপাচত কেতিয়াও উঠিব নোৱাৰে, মৰি যায়। বাবাই সন্তানসকলক বাৰে বাৰে বুজায় এয়া অতি উচ্চ লক্ষ্য, বিশ্বৰ মালিক হব লাগে। ডাঙৰ ঘৰৰ সন্তানসকল বহুত ৰয়েলিটিৰে (মাৰ্জিত হৈ) চলে। যাতে পিতাৰ সন্মান হানি নহয়। কব তোমাৰ পিতা কিমান ভাল, তুমি কিমান কু-সন্তান হোৱা। তুমি তোমাৰ পিতাৰ সন্মান হানি কৰাই আছা! ইয়াততো প্ৰত্যেকেই নিজৰ সন্মান হানি কৰায়। বহুত শাস্তি খাবলগীয়া হয়। বাবাই ওৱাৰ্নিং (সাৱধান কৰি) দিয়ে, বহুত সাৱধানে চলিবা। জেইল বাৰ্ডচ্‌ (জেলৰ কয়দী) নহবা। জেইল বাৰ্ডচো ইয়াত থাকে, সত্যযুগততো কোনো জেইল নাথাকে। তথাপিও পঢ়ি উচ্চ পদ পাব লাগে। গাফিলতি নকৰিবা। কাকোৱেই দুখ নিদিবা। স্মৃতিৰ যাত্ৰাত থাকিবা। স্মৃতিয়েই কামত আহিব। প্ৰদৰ্শনীতো মুখ্য কথা এইটোৱেই শুনাবা। পিতাৰ স্মৃতিৰ দ্বাৰাই পাৱন হবাগৈ। পাৱন হবলৈতো সকলোৱেই বিচাৰে। এইখন হয়েই পতিত সৃষ্টি। সকলোৰে সৎগতি কৰিবলৈ এজনেই পিতা আহে। ক্ৰাইষ্ট (যীশুখ্ৰীষ্ট), বুদ্ধ আদিয়ে কাৰো সৎগতি কৰিব নোৱাৰে। আকৌ ব্ৰহ্মাৰো নাম লয়। ব্ৰহ্মাকো সৎগতি দাতা বুলি কব নোৱাৰি। যি দেৱী-দেৱতা ধৰ্মৰ নিমিত্ত হয়। যদিও দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা শিৱবাবাই কৰে তথাপিও নামটোতো আছে নহয় ব্ৰহ্মাবিষ্ণু-শংকৰ..। ত্ৰিমূৰ্তি ব্ৰহ্মা বুলি কৈ দিয়ে। পিতাই কয় এৱোঁ (ব্ৰহ্মাও) গুৰু নহয়। গুৰুতো এজনেই, তেওঁৰ দ্বাৰা তোমালোক আত্মিক গুৰু হোৱা। বাকী সেইসকল হৈছে ধৰ্ম প্ৰতিষ্ঠাপক। ধৰ্ম প্ৰতিষ্ঠাপকক সৎগতি দাতা বুলি কেনেকৈ কব পাৰি, এয়া বুজিবলগীয়া অতি ডীপ (গভীৰ) কথা। অন্য ধৰ্ম প্ৰতিষ্ঠাপকেতো কেৱল ধৰ্ম প্ৰতিষ্ঠা কৰে, যাৰ পাচত (সেই ধৰ্মৰ) সকলো আহি যায়, ধৰ্ম প্ৰতিষ্ঠাপকে সকলোকে উভতাই লৈ যাব নোৱাৰে। তেওঁলোকতো পুনৰ্জন্মত আহিবই লাগিব, এই বুজনি সকলোৰে বাবে। এজনো গুৰুও সৎগতিৰ বাবে নহয়। পিতাই বুজায় - গুৰু পতিত-পাৱন এজনেই, তেৱেঁই সকলোৰে সৎগতিদাতা হয়, লিবাৰেটৰ (মুক্তিদাতা) হয়, কব লাগে আমাৰ গুৰু এজনেই, যিয়ে সৎগতি দিয়ে, শান্তিধাম, সুখধামলৈ লৈ যায়। সত্যযুগৰ আদিত বহুত কমসংখ্যক থাকে। তাত কাৰ ৰাজত্ব আছিল, চিত্ৰতো দেখুৱাবা নহয় জানো। ভাৰতবাসীয়েহে মানিব, দেৱতাসকলৰ পূজাৰীয়ে তৎক্ষণাত্‌ মানি লব যে যথাযথ এওঁলোকতো স্বৰ্গৰ মালিক হয়। স্বৰ্গত এওঁলোকৰ ৰাজত্ব আছিল। বাকী সকলো আত্মা কত আছিল? নিশ্চয় কব নিৰাকাৰী সৃষ্টিত আছিল। এয়াও তোমালোকে এতিয়া বুজি পোৱা। আগতে একোৱেই জনা নাছিলা। এতিয়া তোমালোকৰ বুদ্ধিত চক্ৰ ঘূৰি থাকে। যথাযথ 5 হাজাৰ বছৰ পূৰ্বে ভাৰতত এওঁলোকৰ ৰাজত্ব আছিল, যেতিয়া জ্ঞানৰ প্ৰালব্ধ পুৰা হয় তেতিয়া পুনৰ ভক্তি মাৰ্গ আৰম্ভ হয় তাৰপাচত লাগে পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। বচ, এতিয়া আমি নতুন সৃষ্টিলৈ যাম। পুৰণি সৃষ্টিৰ প্ৰতি থকা অন্তৰৰ আকৰ্ষণ নোহোৱা হৈ যায়। তাত স্বামী, সন্তান আদি সকলো এনেকুৱা পাবা। বেহদৰ (অসীমৰ) পিতাইতো আমাক বিশ্বৰ মালিক কৰি তোলে।

যিসকল বিশ্বৰ মালিক হওতা সন্তান আছে, তেওঁলোকৰ খেয়াল (বিচাৰ) বহুত উচ্চ আৰু চলন বহুত ৰয়েল (মাৰ্জিত) হব। ভোজনো বহুত কম, বেছি লোভ থাকিব নালাগে। স্মৃতিত থকাসকলৰ ভোজনো বহুত কম হব। বহুতৰ খোৱাৰ প্ৰতিয়ে বুদ্ধি গুচি যায়। তোমালোক সন্তানসকলৰতো বিশ্বৰ মালিক হোৱাৰ আনন্দ আছে। কোৱা হয় যে আনন্দৰ দৰে পথ্য নাই। এনেকুৱা আনন্দত সদায় থাকিলে তেতিয়া খোৱা-বোৱাও বহুত কম হৈ যাব। বহুত খালে গধুৰ হৈ যায় তাৰপাচত টোপনিয়াই থাকে। তেতিয়া কব - বাবা টোপনি আহে। ভোজন সদায় একে হিচাপত হব লাগে, এনেকুৱা নহয় যে খাদ্য ভাল হলে বহুত খাব লাগে! ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি দুখ-হৰ্তা, সুখ-কৰ্তা পিতাৰ সন্তান হওঁ, আমি কাকো দুখ দিব নালাগে। ডিচছাৰ্ভিচ (অহিত) কৰি নিজে নিজক অভিশপ্ত কৰিব নালাগে।

(2) নিজৰ খেয়াল (বিচাৰ) বহুত উচ্চ আৰু ৰয়েল (মাৰ্জিত) কৰি ৰাখিব লাগে। দয়াশীল হৈ ছাৰ্ভিচত (সেৱাত) তৎপৰ হৈ থাকিব লাগে। খোৱা-বোৱাৰ প্ৰতি থকা লোভ ত্যাগ কৰিব লাগে।

বৰদান:
ড্ৰামাৰ নলেজেৰে (নাটকৰ জ্ঞানেৰে) অচল স্থিতি গঢ়ি তোলোঁতা প্ৰকৃতি বা মায়াজিৎ হোৱা
 

প্ৰকৃতি বা মায়াৰ দ্বাৰা যেনেকুৱাই পেপাৰ (পৰিস্থিতি) নাহক কিন্তু অলপো অস্থিৰ হব নালাগে। এইটো কি, এয়া কিয়, এনেকুৱা কুৱেশ্বনো (প্ৰশ্নও) যদি উদয় হয়, কোনো সমস্যা যদি অলপো প্ৰহাৰ কৰোঁতা হৈ যায় তেন্তে ফেইল (অকৃতকাৰ্য) হৈ যাবা সেইবাবে যিয়েই নহওঁক কিন্তু ভিতৰৰ পৰা এইটো আৱাজ ওলাওক যে বাঃ মিঠা ড্ৰামা বাঃ! হায় কি হল - এইটো সংকল্পও যাতে উদয় নহয়। এনেকুৱা স্থিতি হব লাগে যাতে সংকল্পতো কোনো অস্থিৰতা নাহে। সদায় অচল অটল স্থিতি থাকিলে তেতিয়া প্ৰকৃতিজিৎ বা মায়াজিতৰ বৰদান প্ৰাপ্ত হব।

স্লোগান:
শুভ সংবাদ শুনাই আনন্দ প্ৰদান কৰা এইটোৱেই সকলোতকৈ শ্ৰেষ্ঠ কৰ্তব্য।