07.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল আত্মা-অভিমানী হৈ বহা, ভিতৰি মন্থন কৰি থাকা - মই আত্মা হওঁ..... দেহী-অভিমানী হোৱা, সঁচা খতিয়ান ৰাখা তেতিয়া বিচাৰ বুদ্ধি সম্পন্ন হৈ গৈ থাকিবা, বহুত লাভ হ'ব

প্ৰশ্ন:
বেহদৰ নাটকখনক বুজোঁতা সন্তানসকলে কোনটো এটা বিধিক ভালদৰে বুজি পায়?

উত্তৰ:
এইখন অবিনাশী নাটক হয়, ইয়াত প্ৰত্যেক ভাৱৰীয়া ভূমিকা পালন কৰিবলৈ নিজৰ সময়ত আহিবই লাগে। কোনোৱে কয় আমি সদাকালৰ কাৰণে শান্তিধামতেই বহি যাম- তেন্তে এইটো বিধি নহয়। তেওঁলোককতো ভূমিকা পালন কৰোঁতা বুলিয়েই কোৱা নহ'ব। এই বেহদৰ কথাবোৰ বেহদৰ পিতাইহে তোমালোকক শুনায়।

ওঁম্শান্তি।
নিজক আত্মা বুলি বুজি বহা। দেহ-অভিমান ত্যাগ কৰি বহা। বেহদৰ পিতাই সন্তানসকলক বুজাই আছে। বুজোৱা তেওঁলোকক হয় যিসকল অবোধ হয়। আত্মাই বুজি পায় যে পিতাই সঁচা কথা কয় - আমি আত্মাসকল অবোধ হৈ গৈছোঁ। মই আত্মা অবিনাশী হওঁ, শৰীৰ বিনাশী হয়। মই আত্মা-অভিমান এৰি দেহ-অভিমানত আৱদ্ধ হৈ আছোঁ। গতিকে অবোধ হ'ল নহয় জানো। পিতাই কয় সকলো সন্তান দেহ-অভিমানত আহি অবোধ হৈ গৈছে। পুনৰ তোমালোক পিতাৰ দ্বাৰা দেহী-অভিমানী হোৱা তেতিয়া একেবাৰে বিচাৰ বুদ্ধি সম্পন্ন হৈ যোৱা। কিছুমানতো হৈ গৈছে, কিছুমানে পুৰুষাৰ্থ কৰি থাকে। অবোধ হবলৈ আধাকল্প লাগিল। এই অন্তিম জন্মত পুনৰ বিচাৰ বুদ্ধি সম্পন্ন হ'ব লাগে। আধাকল্পৰ পৰা অবোধ হৈ হৈ 100 শতাংশ অবোধ হৈ যায়। দেহ-অভিমানত আহি নাটকৰ পৰিকল্পনা অনুসৰি তোমালোক অৱনমিত হৈ আহিছা। এতিয়া তোমালোকে বোধ শক্তি পাইছা তথাপিও পুৰুষাৰ্থ বহুত কৰিব লাগে কিয়নো সন্তানসকলৰ দৈৱীগুণো লাগে। সন্তানসকলে জানে আমি সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ...... আছিলোঁ। পুনৰ এই সময়ত নিৰ্গুণ হৈ গৈছোঁ। কোনো গুণ নাই। তোমালোক সন্তানসকলৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি এই খেলখনক বুজি পায়। বুজি থাকোঁতেও কিমান বছৰ হৈ গ'ল। তথাপিও যিসকল নতুন হয় তেওঁলোক ভাল বিচাৰ বুদ্ধি সম্পন্ন হৈ গৈ থাকে। অন্যকো বিচাৰ বুদ্ধি সম্পন্ন কৰি তুলিবলৈ পুৰুষাৰ্থ কৰে। কিছুমানেতো একেবাৰে বুজি পোৱা নাই। যি অবোধ অবোধেই হৈ আছে। পিতা আহিছেই বিচাৰ বুদ্ধি সম্পন্ন কৰি তুলিবলৈ। সন্তানসকলে বুজি পায় মায়াৰ কাৰণে আমি অবোধ হৈ গলোঁ। আমি পূজ্য আছিলোঁ তেতিয়া বিচাৰ বুদ্ধি সম্পন্ন আছিলোঁ আকৌ আমিয়েই পূজাৰী হৈ অবোধ হৈ গৈছোঁ। আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰায় লোপ হৈ গ'ল। এই বিষয়ে জগতৰ কোনেও নাজানে। এওঁলোক লক্ষ্মী-নাৰায়ণ কিমান বিচাৰ বুদ্ধি সম্পন্ন আছিল, ৰাজত্ব কৰিছিল। পিতাই কয় তত্ ত্বম্ (তোমালোকৰ ক্ষেত্ৰতো একে কথা)। তোমালোকেও নিজৰ কাৰণে এনেকৈয়ে বুজা। এয়া অতিকৈ বুজিবলগীয়া কথা। পিতাৰ বাহিৰে কোনেও বুজাব নোৱাৰে‌। এতিয়া উপলব্ধি হয় - পিতাহে উচ্চতকৈও উচ্চ আটাইতকৈ অধিক বিচাৰ বুদ্ধি সম্পন্ন হ'ব নহয় জানো। এটাতো জ্ঞানৰ সাগৰো হয়। সকলোৰে সৎগতি দাতাও হয়। পতিত-পাৱনো হয়। এজনৰে মহিমা আছে। ইমান উচ্চতকৈও উচ্চ পিতা আহি সন্তান সন্তান বুলি কৈ কেনেকৈ ভালদৰে বুজায়। সন্তানসকল এতিয়া পাৱন হ'ব লাগে। তাৰ বাবে পিতাই এটাই দৰব দিয়ে, কয় - যোগৰ দ্বাৰা তোমালোক ভৱিষ্যত 21 জন্ম নিৰোগী হৈ যাবা। তোমালোকৰ সকলো ৰোগ, দুখ শেষ হৈ যাব। তোমালোক মুক্তিধামলৈ গুচি যাবা। অবিনাশী চিকিৎসকৰ ওচৰত এটাই দৰব আছে। এটাই বেজী (ইঞ্জেকশ্বন) আত্মাসকলক আহি দিয়ে। এনেকুৱা নহয় যে কোনো মনুষ্য বেৰিষ্টাৰো হ'ব, ইঞ্জিনিয়াৰো হ'ব। নহয়। প্ৰত্যেক ব্যক্তি নিজৰে বৃত্তিত লাগি যায়। পিতাক কয় - আহি পতিতৰ পৰা পাৱন কৰি তোলা কিয়নো পতিত অৱস্থা দুখজনক হয়। শান্তিধামক পাৱন সৃষ্টি বুলি কোৱা নহয়। স্বৰ্গকহে পাৱন সৃষ্টি বুলি কোৱা হয়। এইটোও বুজোৱা হৈছে মনুষ্যই শান্তি আৰু সুখ বিচাৰে। প্ৰকৃত শান্তিতো তাত আছে য'ত শৰীৰ নাই, তাক কোৱা হয় শান্তিধাম। বহুতে কয় শান্তিধামত থাকিম, কিন্তু বিধি নাই। সেয়াতো ভূমিকা পালন কৰোঁতা নহ'ল। সন্তানসকলে নাটকখনকো বুজি পাইছে। যেতিয়া ভাৱৰীয়াসকলৰ ভূমিকা থাকিব তেতিয়া বাহিৰত ষ্টেজত আহি ভূমিকা পালন কৰিব। এই বেহদৰ কথাবোৰ বেহদৰ পিতাইহে বুজায়। জ্ঞান সাগৰ বুলিও তেওঁক কোৱা হয়। সকলোৰে সৎগতি দাতা পতিত-পাৱন হয়। সকলোকে পাৱন কৰি তোলোঁতা তত্ত্ব হ'ব নোৱাৰে। পানী আদি সকলো তত্ত্ব হয়, সেই তত্ত্ববোৰে কেনেকৈ সৎগতি কৰিব। আত্মাইহে ভূমিকা পালন কৰে। হঠযোগৰো ভূমিকা আত্মাই পালন কৰে। এই কথাবোৰো যিসকল বিচাৰ বুদ্ধি সম্পন্ন হয় তেওঁলোকেহে বুজিব পাৰে। পিতাই কিমান বুজাইছে- কিবা এনেকুৱা যুক্তি ৰচা যাতে মনুষ্যই বুজি পায়- কেনেকৈ পূজ্যৰ পৰা পূজাৰী হয়। পূজ্য হয় নতুন সৃষ্টিত, পূজাৰী হয় পুৰণি সৃষ্টিত। পাৱনসকলক পূজ্য, পতিতসকলক পূজাৰী বুলি কোৱা হয়। ইয়াততো সকলো পতিত কিয়নো বিকাৰৰ পৰা জন্ম হয়। তাত হৈছে শ্ৰেষ্ঠ। গায়নো আছে সম্পূৰ্ণ শ্ৰেষ্ঠাচাৰী। এতিয়া তোমালোক সন্তানসকল এনেকুৱা হ'ব লাগে। পৰিশ্ৰম আছে। মুখ্য কথা হৈছে স্মৃতিৰ। সকলোৱে কয় স্মৃতিত থকাটো বৰ কঠিন। আমি যিমান বিচাৰোঁ, স্মৃতিত থাকিব নোৱাৰোঁ। কোনোবাই যদি সততাৰে খতিয়ন (চাৰ্ট) লিখে তেন্তে বহুত লাভ হব পাৰে। পিতাই সন্তানসকলক এইটো জ্ঞান দিয়ে যে মন্‌মনাভৱ। তোমালোকে অৰ্থ সহিত কোৱা, তোমালোকক পিতাই প্ৰতিটো কথা যথাৰ্থ ৰীতি অৰ্থ সহিত বুজায়। পিতাক সন্তানসকলে অনেক প্ৰকাৰৰ প্ৰশ্ন সোধে, পিতাই অন্তৰ জয় কৰিবলৈ কিবা এটা কৈ দিয়ে। কিন্তু পিতাই কয় - মোৰ কামেই হৈছে পতিতৰ পৰা পাৱন কৰি তোলা। মোকতো এইকাৰণেই আহ্বানো কৰা। তোমালোকে জানা যে আমি আত্মাসকল শৰীৰ সহিত পাৱন আছিলোঁ। এতিয়া সেই আত্মাই শৰীৰ সহিত পতিত হৈছে। 84 জন্মৰ হিচাপ আছে নহয়।

তোমালোকে জানা- এতিয়া এই সৃষ্টি কাঁইটৰ জংঘল হৈ গৈছে। এই লক্ষ্মী-নৰায়ণতো ফুল হয় নহয় জানো। তেওঁলোকৰ আগত কাঁইট গৈ কয় - আপুনি সৰ্বগুণ সম্পন্ন. মই পাপী কপট। সকলোতকৈ ডাঙৰ কাঁইট হৈছে- কাম বিকাৰৰ। পিতাই কয়- ইয়াৰ ওপৰত বিজয়ী হৈ জগতজিৎ হোৱা। মনুষ্যই কয় - ভগৱান কিবা নহয় কিবা ৰূপত আহিব, ভাগীৰথত বিৰাজমান হৈ আহিব। ভগৱান আহিবই লাগে পুৰণি সৃষ্টিক নকৈ গঢ়ি তুলিবলৈ। নতুন সৃষ্টিক সতোপ্ৰধান, পুৰণিক তমোপ্ৰধান বুলি কোৱা হয়। যিহেতু এতিয়া পুৰণি সৃষ্টি তেন্তে নিশ্চয় পিতা আহিবলগীয়াই হয়। পিতাকেই ৰচয়িতা বুলি কোৱা হয়। তোমালোক সন্তানসকলক কিমান সহজকৈ বুজায়। কিমান আনন্দিত হব লাগে। বাকী কাৰোবাৰ কৰ্মভোগৰ হিচাপ-নিকাচ আছে, যিয়েই আছে, সেয়াতো ভূগীব লাগিব, এই ক্ষেত্ৰত বাবাই আশীৰ্বাদ নকৰে। মোক আহ্বানেই কৰা - বাবা আহি আমাক সম্পত্তি (উত্তৰাধিকাৰ) দিয়া। বাবাৰ পৰা কি সম্পত্তি পাবলৈ বিচৰা? মুক্তি-জীৱনমুক্তিৰ। মুক্তি-জীৱনমুক্তিৰ দাতা এজনেই জ্ঞান সাগৰ পিতা হয় সেইকাৰণে তেওঁক জ্ঞানদাতা বুলি কোৱা হয়। ভগৱানে জ্ঞান দিছিল কিন্তু কেতিয়া দিছিল, কোনে দিলে, এয়া কোনেও নাজানে। ইয়াতেই সকলো বিবুদ্ধিত পৰে। কাক জ্ঞান দিলে, এইটোও কোনেও নাজানে। এতিয়া এই ব্ৰহ্মা বহি আছে- এওঁ জানিব পাৰিছে যে ময়েই নাৰায়ণ আছিলোঁ আকৌ 84 জন্ম ভোগ কৰিলোঁ। এওঁ প্ৰথম নম্বৰত আছে। বাবাই কয় মোৰতো চকুৱে মুকলি হৈ গল। তোমালোকেও কবা আমাৰতো চকুৱে মুকলি হৈ গল। তৃতীয় নেত্ৰতো মুকলি হয় নহয় জানো। তোমালোকে কবা আমি পিতাৰ, সৃষ্টি চক্ৰৰ সকলো জ্ঞান পাই গলোঁ। মই যি হওঁ, যেনেকুৱা হওঁ - মোৰ চকু মুকলি হৈ গল। কিমান আচৰিত হয়। প্ৰথমে মই আত্মা আকৌ মই নিজক শৰীৰ বুলি বুজি আছিলোঁ। আত্মাই কয় - মই এটা শৰীৰ এৰি অন্য এটা লওঁ। তথাপিও আমি নিজক আত্মা বুলি পাহৰি দেহ-অভিমানী হৈ যাওঁ সেইকাৰণে এতিয়া তোমালোকক পোন-প্ৰথমে এইটো বোধ দিওঁ যে নিজক আত্মা বুলি বুজি বহা। ভিতৰি এইটো মন্থন কৰা যে মই আত্মা হওঁ। আত্মা বুলি নুবুজাৰ কাৰণে পিতাক পাহৰি যোৱা। অনুভৱ কৰা যথাযথ মই বাৰে বাৰে দেহ-অভিমানত আহি যাওঁ। পৰিশ্ৰম কৰিব লাগে। ইয়াত বহিলেও আত্মা-অভিমানী হৈ বহা। পিতাই কয় - মই তোমালোক সন্তানসকলক ৰাজ্য-ভাগ্য দিবলৈ আহিছোঁ। আধাকল্প তোমালোকে মোক স্মৰণ কৰিছা। কোনো কথা সন্মুখত আহিলে কোৱা হায় ৰাম, কিন্তু ঈশ্বৰ বা ৰাম কোন, এইটো কোনেও নাজানে। তোমালোকে সিদ্ধ কৰিব লাগে- জ্ঞানৰ সাগৰ, পতিত-পাৱন, সকলোৰে সৎগতি দাতা, ত্ৰিমূৰ্তি পৰমপিতা পৰমাত্মা শিৱ হয়। ব্ৰহ্মা-বিষ্ণু-শংকৰ তিনিওৰে জন্ম একেলগে হৈছে। অকল শিৱজয়ন্তী নহয় কিন্তু ত্ৰিমূৰ্তি শিৱজয়ন্তী হয়। নিশ্চয় যেতিয়া শিৱৰ জয়ন্তী হব তেতিয়া ব্ৰহ্মাৰো জয়ন্তী হব। শিৱৰ জয়ন্তী পালন কৰে কিন্তু ব্ৰহ্মাই কি কৰিলে। লৌকিক, পাৰলৌকিক আৰু এয়া হল অলৌকিক পিতা। এয়া হল প্ৰজাপিতা ব্ৰহ্মা। পিতাই কয় - নতুন সৃষ্টিৰ কাৰণে এয়া নতুন জ্ঞান এতিয়া তোমালোকে পোৱা আকৌ প্ৰায় লোপ হৈ যায়। যাৰ পিতা ৰচয়িতা আৰু ৰচনাৰ জ্ঞান নাই তেন্তে তেওঁ অজ্ঞানী নহল জানো। অজ্ঞান নিদ্ৰাত শুই আছে। জ্ঞানেৰে দিন হয়, ভক্তিৰে ৰাতি হয়। শিৱৰাত্ৰিৰ অৰ্থও নাজানে সেয়েহে তেওঁৰ দিৱসত বন্ধৰ দিনো উঠাই দিছে।

এতিয়া তোমালোকে জানা পিতা আহেই- সকলোৰে জ্যোতি জগাবলৈ। তোমালোকে এই চাকি আদি জ্বলালে তেতিয়া বুজিব এওঁলোকৰ কিবা বিশেষ দিন চাগৈ। এতিয়া তোমালোকে জ্বলোৱা অৰ্থ সহিত। তেওঁলোকে বুজিব জানো। তোমালোকৰ ভাষণৰ পৰা পূৰা বুজিব নোৱাৰে। এতিয়া গোটেই বিশ্বত ৰাৱণৰ ৰাজ্য, ইয়াততো মনুষ্য কিমান দুখী। তন্ত্ৰ-মন্ত্ৰ কৰোঁতাসকলেও বহুত অশান্ত কৰে। বাতৰিকাকততো ওলায়, এওঁৰ দেহত আসুৰিক আত্মা আছে। বহুত দুখ দিয়ে। বাবাই কয় এইবোৰ কথাৰ লগত তোমালোকৰ কোনো সম্পৰ্ক নাই। পিতাইতো চিধা কথা কয়- সন্তানসকল, তোমালোকে মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা। তোমালোকৰ সকলো দুখ দূৰ হৈ যাব। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যথাৰ্থ ৰীতি পিতাক স্মৰণ কৰাৰ আৰু আত্মা-অভিমানী হোৱাৰ পৰিশ্ৰম কৰিব লাগে, সততাৰে নিজৰ খতিয়ান (চাৰ্ট) ৰাখিব লাগে, ইয়াতেই বহুত লাভ আছে।

(2) সকলোতকৈ অধিক দুখ দিওঁতা কাঁইট হ'ল কাম বিকাৰ, ইয়াৰ ওপৰত যোগবলেৰে বিজয় প্ৰাপ্ত কৰি পতিতৰ পৰা পাৱন হ'ব লাগে। বাকী কাৰো কথাৰ লগত তোমালোকৰ সম্পৰ্ক নাই।

বৰদান:
বিঘ্ন অভেদ্য (প্ৰুফ) চিকমিকাই থকা ফৰিস্তা পোছাক পৰিধান কৰোঁতা সৰ্বদা বিঘ্ন-বিনাশক হোৱা

স্বৰ প্ৰতি আৰু সকলোৰে প্ৰতি সদায় বিঘ্ন বিনাশক হোৱাৰ কাৰণে প্রশ্নবোধক চিহ্নক বিদায় দিয়া আৰু যতি চিহ্নৰ দ্বাৰা সৰ্ব শক্তিৰ ভঁৰাল ভৰপূৰ কৰা। সদায় বিঘ্ন অভেদ্য (প্ৰুফ) চিকমিকাই থকা ফৰিস্তা পোছাক পিন্ধি থাকিবা, মাটিৰ পোছাক নিপিন্ধিবা। লগতে সৰ্ব গুণৰ অলংকাৰেৰে অলংকৃত হৈ থাকিবা। সদায় অষ্ট শক্তি শস্ত্ৰধাৰী সম্পন্ন মূৰ্তি হৈ থাকিবা আৰু কমল পুষ্পৰ আসনত নিজৰ শ্রেষ্ঠ জীৱনৰ ভৰি ৰাখিবা।

স্লোগান:
অভ্যাসৰ ওপৰত সম্পূৰ্ণ মনোযোগ দিয়া তেতিয়া প্ৰথম স্থানত নম্বৰ আহি যাব।
মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য


এই ঈশ্বৰীয় জ্ঞান সকলো মনুষ্য আত্মাৰ কাৰণে

পোন প্ৰথমেতো নিজে এটা মুখ্য পইণ্ট খেয়ালত অৱশ্যেই ৰাখিব লাগে, যিহেতু এই মনুষ্য সৃষ্টি বৃক্ষৰ বীজ ৰূপ পৰমাত্মা হয় তেন্তে সেই পৰমাত্মাৰ দ্বাৰা যি জ্ঞান প্ৰাপ্ত হৈ আছে সেয়া সকলো মনুষ্যৰ কাৰণে জৰুৰী হয়। সকলো ধৰ্মাৱলম্বীৰে এই জ্ঞান লোৱাৰ অধিকাৰ আছে। যদিও প্ৰত্যেক ধৰ্মৰ জ্ঞান নিজা নিজা, প্ৰত্যেকৰ নিজা নিজা শাস্ত্ৰ আছে, প্ৰত্যেকৰে মত নিজা নিজা, প্ৰত্যেকৰ সংস্কাৰ নিজা নিজা কিন্তু এই জ্ঞান সকলোৰে কাৰণে। লাগিলে তেওঁলোকে এই জ্ঞান ধাৰণ কৰিব নোৱাৰিবও পাৰে, আমাৰ বংশতো নাহে কিন্তু সকলোৰে পিতা হোৱাৰ কাৰণে তেওঁৰ সৈতে যোগসূত্ৰ গঢ়িলে তথাপিও পবিত্ৰ নিশ্চয় হব। এই পবিত্ৰতাৰ কাৰণে নিজৰেই শাখাত পদ নিশ্চয় পাব কিয়নো যোগকতো সকলো মনুষ্যই মান্যতা দিয়ে, বহুত মনুষ্যই এনেকৈ কয় যে আমাকো মুক্তি লাগে, কিন্তু শাস্তিৰ পৰা মুক্ত হোৱাৰ শক্তিও এই যোগৰ দ্বাৰাই পাব পাৰে।

অজপাজাপ অৰ্থাৎ নিৰন্তৰ ঈশ্বৰীয় স্মৃতি

এয়া যি কথিত আছে যে প্ৰতিটো শ্বাসত অজপাজাপ জপ কৰি থাকা তাৰ যথাৰ্থ অৰ্থ কি? যেতিয়া আমি কওঁ অজপাজাপ তেন্তে ইয়াৰ অৰ্থ হল জপ নকৰাকৈ প্ৰতিটো শ্বাসত নিজৰ বুদ্ধিৰ যোগসূত্ৰ নিজৰ পৰমপিতা পৰমাত্মাৰ লগত নিৰন্তৰ লগোৱা আৰু এই ঈশ্বৰীয় স্মৃতি প্ৰতিটো শ্বাসত স্থায়ী ৰূপত চলি থাকে, সেই নিৰন্তৰ ঈশ্বৰীয় স্মৃতিক অজপাজাপ বুলি কয়। বাকী কোনো মুখেৰে জাপ জপা অৰ্থাৎ ৰাম ৰাম বুলি কোৱা, ভিতৰি কোনো মন্ত্ৰ উচ্চাৰণ কৰা, এয়াতো নিৰন্তৰ চলিব নোৱাৰে। তেওঁলোকে ভাবে যে আমি মুখেৰে মন্ত্ৰ উচ্চাৰণ নকৰোঁ কিন্তু অন্তৰত উচ্চাৰণ কৰিব লাগে, এয়া হৈছে অজপাজাপ। কিন্তু এয়াতো সহজ এক বিচাৰৰ কথা যত নিজৰ শব্দই অজপাজাপ হয়, যাক জপ কৰাৰো প্ৰয়োজন নাই। বহি অন্তৰেৰে কোনো মূৰ্তিৰ ধ্যানো কৰিব নালাগে, একো স্মৰণ কৰিব নালাগে কিয়নো তেওঁলোকেও নিৰন্তৰ খোৱা বোৱা কৰি থাকিব নোৱাৰে কিন্তু আমি যি ঈশ্বৰীয় স্মৃতিত থাকোঁ, সেয়াই নিৰন্তৰ চলি থাকিব পাৰে কিয়নো এয়া অতি সহজ। যেনেকৈ ধৰি লোৱা সন্তান হয় নিজৰ পিতাক স্মৰণ কৰে, তেতিয়া সেই সময়ত পিতাৰ চিত্ৰ সন্মুখত আনিবলগীয়া নহয় কিন্তু মন-বাণী-কৰ্মৰে পিতাৰ গোটেই কৰ্তব্য (অকুপেশ্বন), কৰ্মকাণ্ড (এক্টিভিটি), গুণ সহিত স্মৃতিলৈ আহে বচ, সেয়া স্মৃতিলৈ অহাৰ লগে লগে সন্তানৰো সেয়াই কৰ্মকাণ্ড চলে, সেইবাবে সন্তানে পিতাক প্ৰত্যক্ষ (চান শ্বজ ফাদাৰ) কৰাব। এনেদৰে নিজৰ আৰু আন সকলোৰে স্মৃতি অন্তৰৰ পৰা আঁতৰাই, সেই এজন প্ৰকৃত পাৰলৌকিক পৰমপিতা পৰমাত্মাৰ স্মৃতিত থাকিব লাগে, এই ক্ষেত্ৰত উঠোঁতে বহোঁতে, খাওঁতে-লওঁতে নিৰন্তৰ স্মৃতিত থাকিব পাৰে। সেই স্মৃতিৰেই কৰ্মাতীত হয়। সেয়েহে এই স্বাভাৱিক স্মৃতিকেই অজপাজাপ বুলি কয়। ভাল বাৰু! ওঁম্‌ শান্তি।