07.10.21       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল বেয়া নুশুনিবা, এজন পিতাৰ পৰাই শুনিব লাগে, গৃহস্থ ব্যৱহাৰত থাকি পদুম ফুলৰ সমান হৈ থাকিব লাগে

প্ৰশ্ন:
কোনটো খেলক যথাৰ্থ ৰীতিৰে জানোঁতা সন্তানসকল কেতিয়াও বিমৰ্ষিত হব নোৱাৰে?

উত্তৰ:
দুখ আৰু সুখ, ভক্তি আৰু জ্ঞানৰ যি খেলা চলে, ইয়াক যথাৰ্থ ৰীতিৰে জানোঁতাজন কেতিয়াও বিমৰ্ষিত নহয়। তোমালোকে জানা যে ভগৱানে কাকো দুখ নিদিয়ে, তেওঁ হল দুখ হৰ্তা, সুখ কৰ্তা। যেতিয়া সকলো দুখী হৈ যায়, তেতিয়া দুখৰ পৰা মুক্ত কৰিবলৈ তেওঁ আহে।

গীত:
য়হ কৌন আজ আয়া চবেৰে (এয়া পুৱাতে আজি কোন আহিল)

ওঁম্শান্তি।
সন্তানসকলে কি শুনিলে? ভক্তিৰ গীত। ভক্তিক ইংৰাজীত ফিলচপি (দৰ্শন) বুলি কয়। উপাধি পায় ডাক্তৰ অফ্‌ ফিলচপি। এতিয়া ফিলচপিতো (ভক্তিতো) সৰু বৰ সকলো মনুষ্যই জানে। যিকোনো লোককে সোধা - ঈশ্বৰ কত থাকে, তেতিয়া সৰ্বব্যাপি বুলি কৈ দিব। এয়াও ফিলচপি হল নহয় জানো। এতিয়া শাস্ত্ৰৰ কোনো কথা পিতাই নুশুনায়। কোনো ভক্তকে জ্ঞানৰ সাগৰ বুলি নকয়। তেওঁলোকৰ জ্ঞানো নাই আৰু জ্ঞান সাগৰৰ সন্তানো নহয়। জ্ঞান সাগৰ পিতাক কোনেও নাজানে। নিজক তেওঁৰ সন্তান বুলিও নাভাবে। তেওঁলোক সকলোৱে ভক্তি কৰে ভগৱানক পাবলৈ। কিন্তু ভগৱানক নাজানে তেন্তে ভক্তিৰ পৰা কি লাভ হব। বহুতেই ডাক্তৰ অফ্‌ ফিলচপি এইটো উপাধি পাইছে চাগৈ, তেওঁলোকৰ বুদ্ধিততো এটাই কথা আছে যে ঈশ্বৰ সৰ্বব্যাপি। তাকেই ফিলচপি বুলি ভাবে, ইয়াৰ কাৰণেই অৱনমিত হৈ আহিছে, ইয়াক কোৱা হয় ধৰ্ম গ্লানি। আমি কোনো মনুষ্যৰ সৈতে শাস্ত্ৰক লৈ কোনো বাদ-বিবাদ কৰিব নোৱাৰোঁ। আমি কোনো মনুষ্যৰ পৰা পঢ়া নাই বাকী সকলো মনুষ্যই মনুষ্যৰ পৰা পঢ়িছে। বেদ শাস্ত্ৰ আদি সকলো মনুষ্যৰ পৰাই পঢ়ে। ৰচনাও কৰিছে মনুষ্যই। তোমালোককতো এই জ্ঞান শুনাওঁতা এজনেই আত্মিক পিতা। তেওঁ এবাৰেই আহি বুজায়। এতিয়া আমি কোনো মনুষ্যৰ পৰা একো শিকিব নালাগে। তোমালোকে এতিয়া আধাত্মিক পিতাৰ পৰাহে শুনিব লাগে। শুনোঁতা হল আত্মিক সন্তান, আত্মাসকল। সেয়া সকলো মনুষ্যই মনুষ্যক শুনায়। এয়া হল আত্মিক পিতাৰ জ্ঞান। সেয়া হল মনুষ্যৰ জ্ঞান। এই বাবাও (সাকাৰ) মনুষ্য নহয় জানো। কোৱা, আত্মিক পিতাই এওঁৰ দ্বাৰা শুনায়। আমি আত্মাসকলে শুনোঁ। আমি আত্মাসকলে আকৌ শৰীৰৰ দ্বাৰা আনক শুনাওঁ। এয়া হল আত্মিক জ্ঞান। বাকী সকলো হল পাৰ্থিৱ। ভক্তিত শৰীৰৰ পূজা কৰে। পিতাই কয় তোমালোকে নিজক মনুষ্য বা ভক্ত বুলি নাভাবিবা। নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। তোমালোক আত্মাসকল ভাই ভাই হোৱা। গায়নো কৰা হৈছে আত্মা-পৰমাত্মা পৃথকে থাকিল বহুকাল গতিকে আমি কোনো মনুষ্যৰ পৰা শুনিব নালাগে। কোনোবাই প্ৰশ্ন সুধিলে কবা আমাৰ কোনো শাস্ত্ৰৰ জ্ঞান নাই। আমি তাক ফিলচপি বুলি কওঁ অৰ্থাৎ ভক্তিমাৰ্গৰ জ্ঞান। সৎগতি দিয়াৰ জ্ঞান কেৱল এজন পিতাইহে দিয়ে। সকলোৰে সৎগতি দাতা বুলি এজনৰেই গায়ন কৰা হৈছে। গতিকে তোমালোক সন্তানসকলে কাৰো সৈতে তৰ্ক কৰিব নালাগে।

পিতাই কয় - জ্ঞানৰ হৰ্তা-কৰ্তা, জ্ঞানৰ সাগৰ মই হওঁ। মই তোমালোকক কোনো শাস্ত্ৰ আদি নুশুনাওঁ। আমাৰ এয়া হৈছে আত্মিক জ্ঞান। বাকী সকলো হৈছে পাৰ্থিৱ জ্ঞান। সেই সৎসংগ আদি সকলো ভক্তিমাৰ্গৰ কাৰণে। এয়া আত্মিক পিতাই বহি আত্মাসকলক বুজায় সেইকাৰণে আত্ম-অভিমানী হবলৈ সন্তানসকলৰ পৰিশ্ৰম হয়। আমি আত্মাসকলে পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। পিতাৰ সন্তান নিশ্চয় পিতাৰ গাদীৰে উত্তৰাধিকাৰী হব নহয় জানো। লক্ষ্মী-নাৰায়ণো দেহধাৰী। তেওঁলোকৰ সন্তানে শাৰীৰিক পিতাৰ পৰা উত্তৰাধিকাৰ পায়। এই কথাবোৰেই সুকীয়া। সত্যযুগতো পাৰ্থিৱ কথা হৈ যায়। তাত এইদৰে নকয় যে আত্মিক পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। দেহ-অভিমান এৰিব লাগে। আমি আত্মা আৰু পিতাক স্মৰণ কৰিব লাগে। ভাৰতৰ এই প্ৰাচীন যোগৰেই গায়ন কৰা হৈছে। য়াদ শব্দটি হিন্দী ভাষাৰ। গতিকে এই জ্ঞান তোমালোকক এতিয়া কোনে দিয়ে? এয়া কোনো মনুষ্যই নাজানে। জন্ম-জন্মান্তৰ মনুষ্যই মনুষ্যৰ সৈতে বাৰ্তালাপ কৰি আহিছে। এতিয়া আত্মিক পিতাই আত্মিক সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰে। আত্মাই শুনায় সেয়েহে ইয়াক আত্মিক আধ্যাত্মিক জ্ঞান বুলি কোৱা হয়। গীতাকো তেওঁলোকে আধ্যাত্মিক জ্ঞান বুলি ভাবে, কিন্তু তাত নাম দেহধাৰী কৃষ্ণৰ দি দিছে। পিতাই কয় যে কোনো মনুষ্যৰ এই জ্ঞান থাকিব নোৱাৰে। যেতিয়াই কোনোবাই তোমালোকৰ সৈতে তৰ্কত লিপ্ত হয় তেতিয়া কবা, এয়া হৈছে তোমালোকৰ ভক্তিৰ জ্ঞান। মনুষ্যই ৰচনা কৰা শাস্ত্ৰৰ জ্ঞান। সত্য জ্ঞানতো একমাত্ৰ জ্ঞান সাগৰ পিতাৰহে আছে, তেওঁ স্বয়ং জ্ঞান দি আছে। তেওঁক পৰম পিতা বুলি কয়। পূজাও সেই নিৰাকাৰৰ কৰা হয়। যদি অন্য নিৰাকাৰীসকলৰ পূজা হয় তেন্তে তেওঁলোকো তেওঁৰ সন্তানেই হয়। মাটিৰ শালগ্ৰাম সাজি পূজা কৰে। ৰুদ্ৰ যজ্ঞ ৰচে। তোমালোকে জানা যে সেই পৰমপিতা পৰমাত্মা নিৰাকাৰী সৃষ্টিত থাকে। আমি আত্মাসকলো তাত থাকোঁ। সেই জ্ঞান সাগৰ আহি জ্ঞান শুনাই সকলোৰে সৎগতি কৰি দিয়ে। তেওঁ হৈছে বহু দূৰৈত থাকোঁতা পৰমপিতা পৰমাত্মা। সকলো আত্মা ভাইৰ ভূমিকা প্ৰাপ্ত হৈছে, যিয়ে আকৌ শৰীৰ ধাৰণ কৰি ভাই-ভনী হয়। সকলো আত্মা এজন পিতাৰ সন্তান। আত্মাই যেতিয়া শৰীৰ ধাৰণ কৰে তেতিয়া স্বৰ্গত সুখ, নৰকত দুখ পায়। এয়া কিয় হয়? বুজোৱা হয় জ্ঞান আৰু ভক্তি। সেয়া হৈছে দিন, সেয়া হৈছে ৰাতি। জ্ঞানৰ পৰা সুখ, ভক্তিৰ পৰা দুখ, এইখন খেলা ৰচি থোৱা আছে। এনেকুৱা নহয় যে দুখ সুখ সকলো ভগৱানেই ৰচনা কৰে। ভগৱানক আহ্বানেই তেতিয়া কৰে যেতিয়া দুখ হয়। বুজি পায় যে তেওঁ সুখ দিওঁতা হয়। পুনৰ যেতিয়া সুখৰ সময় পূৰা হয় তেতিয়া পুনৰ ৰাৱণ 5 বিকাৰৰ কাৰণে দুখ আৰম্ভ হয়। এইখনেই খেল যাক যথাৰ্থ ৰীতিৰে বুজিব লাগে। ইয়াকেই আত্মিক জ্ঞান বুলি কোৱা হয়। বাকী সকলো হৈছে পাৰ্থিৱ জ্ঞান, সেয়া আমি শুনিব নিবিচাৰোঁ। আমি হুকুম পাইছোঁ কেৱল মোৰ অৰ্থাৎ নিৰাকাৰ পিতাৰ পৰাই শুনিবা। পিতাই কয় - বেয়া নুশুনিবা আমি একমাত্ৰ ভগৱানৰ পৰা শুনোঁ। তোমালোকে মনুষ্যৰ পৰা শুনা। ৰাতি-দিন পাৰ্থক্য আছে। ডাঙৰ ডাঙৰ বিদ্ধানসকলে শাস্ত্ৰ আদি পঢ়ে। সেয়াতো আমিও বহুত পঢ়িলোঁ। এতিয়া ভগৱানে কয় - তোমালোকে অনেক গুৰুৰ শৰণ ললা, এতিয়া তেওঁলোকক এৰা, মই যি শুনাওঁ সেয়া শুনা। ভগৱান হয়েই নিৰাকাৰ, তেওঁৰ নাম হৈছে শিৱ। এতিয়া আমি তেওঁৰ পৰা শুনি আছোঁ। পিতাই নিজেই নিজৰ পৰিচয় আৰু নিজৰ ৰচনাৰ আদি-মধ্য-অন্তৰ পৰিচয় দিয়ে। তেন্তে আকৌ আমি আপোনালোকৰ পৰা শাস্ত্ৰ আদিৰ কথা কিয় শুনিম! আমি আপোনালোকক আত্মিক জ্ঞান শুনাওঁ। শুনিব বিচাৰে যদি শুনক। বিবুদ্ধিত পৰাৰতো কোনো কথাই নাই। গোটেই জগতখন এফালে আৰু আনফালে তোমালোক কিমান কমসংখ্যক। পিতাই এতিয়া কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ ওপৰত যি পাপৰ বোজা আছে সেয়া আঁতৰি যাব আৰু তোমালোক পৱিত্ৰ হৈ যাবা। যিসকল পৱিত্ৰ হব তেওঁলোকেই পৱিত্ৰ সৃষ্টিৰ মালিক হব। এতিয়া পুৰণি সৃষ্টিৰ পৰিৱৰ্তন হব। কলিযুগৰ পাছত সত্যযুগ আহিব লাগে। সত্যযুগ হৈছে পাৱন সৃষ্টি। কলিযুগতেই মোক আহ্বান কৰে যে আহি পাৱন সৃষ্টি ৰচনা কৰক। সেয়েহে মই এতিয়া আহিছোঁ, মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা। এতিয়া সৃষ্টি পৰিৱৰ্তন হৈ আছে। এয়া অন্তিম জন্ম। এই পুৰণি সৃষ্টিত আসুৰি ৰাজ্য নাশ হৈ ৰাম ৰাজ্য স্থাপন হৈ আছে সেইকাৰণে এতিয়া অন্তিম জন্ম গৃহস্থ ব্যৱহাৰত থাকি কমল ফুলৰ সমান পৱিত্ৰ হোৱা। এইখন বিষয় সাগৰ নহয় জানো। কমল ফুল পানীৰ ওপৰত থাকে। গতিকে এতিয়া তোমালোক গৃহস্থ ব্যৱহাৰত থাকি কমল ফুলৰ সমান পৱিত্ৰ হোৱা। তোমালোক সন্তানসকলে জানা যে আমি বাদশ্বাহী স্থাপন কৰি আছোঁ। এতিয়া গোটেই সৃষ্টি সলনি হব। সেই ধৰ্ম প্ৰতিষ্ঠাপকে কেৱল নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। প্ৰথমে তেওঁলোক পাৱন হয় পুনৰ পতিত হৈ যায়। সৎগুৰুতো এজনেই সৎগতি দাতা। মনুষ্যই গুৰুৰ শৰণ তেতিয়াই লয় যেতিয়া সৎগতিত যাব বিচাৰে। যেতিয়া পাপ বহুত হয় তেতিয়া আত্মিক পিতাই জ্ঞান শুনায়। ভক্তিৰ ফল জ্ঞান তোমালোকে ভগৱানৰ পৰা পোৱা। ভগৱানে কোনো ভক্তি নিশিকায়। তেওঁতো জ্ঞান দিয়ে। তেওঁ কয় মামেকম্‌ স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হব অন্য কোনো পাৱন হোৱাৰ মাৰ্গেই নাই। নতুন সৃষ্টিত সকলো স্বৰ্গবাসী আছিল। এতিয়া পুৰণি সৃষ্টিত সকলো নৰকবাসী সেইকাৰণে পিতাই কয় যে মই সকলোকে উদ্ধাৰ কৰিবলৈ আহোঁ। ময়েই আহি আত্মিক জ্ঞান দিওঁ। পিতাই নিজৰ পৰিচয় দি আছে। মই তোমালোকৰ পিতা হওঁ। এতিয়া এইখন হৈছে নৰক। নতুন সৃষ্টিক স্বৰ্গ বুলি কোৱা হয়। এনেকৈ কেনেকৈ কব যে ইয়াতেই স্বৰ্গ নৰক, যাৰ বহুত ধন আছে তেওঁ স্বৰ্গত আছে। স্বৰ্গতো হয়েই নতুন সৃষ্টিত। ইয়াত স্বৰ্গ কৰ পৰা আহিল, সেইকাৰণে আমি কোনো মনুষ্যৰ কথা নুশুনোঁ। পিতাই কয় - তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হব লাগে সেয়েহে মামেকম্‌ স্মৰণ কৰা। গোটেই দিন বুদ্ধিত এইটো জ্ঞান থাকিব লাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন পিতাৰ পৰাই আত্মিক কথা শুনিব লাগে। কাৰো লগত অন্য কথাৰ বাদ-বিবাদ কৰিব নালাগে।

(2) দেহী-অভিমানী হোৱাৰ পৰিশ্ৰম কৰিব লাগে। সতোপ্ৰধান হবৰ কাৰণে এজন পিতাৰ স্মৃতিত থাকিব লাগে।

বৰদান:
পিতাৰ হাত আৰু সান্নিধ্যৰ স্মৃতিৰে কঠিনক সহজ কৰোঁতা দুশ্চিন্তা মুক্ত বা নিচিন্ত হোৱা

যিদৰে কোনো জ্যেষ্ঠজনৰ হাতত হাত থাকিলে তেতিয়া স্থিতি দুশ্চিন্তা মুক্ত বা নিচিন্ত হৈ থাকে। এইদৰে প্ৰতিটো কর্মত এনেকৈয়ে বুজিব লাগে যে বাপদাদা মোৰ লগতো আছে আৰু আমাৰ এই অলৌকিক জীৱনৰ হাত তেওঁৰ হাতত আছে অৰ্থাৎ জীৱন তেওঁৰ ওচৰত সমৰ্পিত, তেতিয়া দায়িত্বও তেওঁৰ হৈ যায়। সকলো বোজা পিতাৰ ওপৰত ৰাখি নিজক পাতল (বোজা মুক্ত) কৰি দিয়া। বোজা আঁতৰোৱাৰ বা কঠিনক সহজ কৰাৰ সাধনেই হৈছে - পিতাৰ হাত আৰু সান্নিধ্য।

স্লোগান:
পুৰুষাৰ্থত সত্যতা থাকিলে তেতিয়া বাপদাদাৰ অতিৰিক্ত সহায়ৰ অনুভৱ কৰিবা।


মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য

(1) "জ্ঞান, যোগ আৰু দৈৱীগুণৰ ধাৰণা হৈছে জীৱনৰ আধাৰ"

এইটোতো নিজৰ নিশ্চয় আছে যে পৰমপিতা পৰমাত্মাৰ দ্বাৰা আমি জ্ঞান পাই আছোঁ, এই জ্ঞানত মুখ্য তিনিটা পইণ্ট আছে যাৰ বাবে নিজে পূৰা পুৰুষাৰ্থ কৰাৰ প্ৰতি ধ্যান দিব লাগে। ইয়াত প্ৰথমতে হৈছে - যোগ অথবা ঈশ্বৰীয় নিৰন্তৰ স্মৃতি, যাৰ দ্বাৰা বিকৰ্মৰ বিনাশ হয়। দ্বিতীয়তে হৈছে - জ্ঞান মানে এই গোটেই ব্ৰহ্মাণ্ড, সৃষ্টিৰ আদি-মধ্য-অন্ত কেনেকৈ হয়, যেতিয়া এই জ্ঞান থাকিব তেতিয়াহে এই জীৱনত বাস্তৱিক পৰিৱৰ্তন আহিব পাৰে আৰু আমি ভৱিষ্যতৰ প্ৰালব্ধ ভালকৈ গঢ়িব পাৰোঁ। তৃতীয় পইণ্ট হৈছে যোগ্যতা গতিকে আমি সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ অৱশ্যে হব লাগে তেতিয়াহে দেৱতা হব পাৰিম। সেয়েহে নিজে চলোঁতে-ফুৰোঁতে, খাওঁতে-লওঁতে এই তিনিওটা পইণ্টৰ প্ৰতি ধ্যান দিয়াতো জৰুৰী। এই এটা জন্মতে জ্ঞান বল, যোগ বল আৰু দৈৱী গুণৰ ধাৰণা কৰা হয়। তিনিওটাৰ পৰস্পৰ সম্পৰ্ক আছে - জ্ঞান অবিহনে যোগযুক্ত হব নোৱাৰে আৰু যোগ অবিহনে দৈৱী গুণৰ ধাৰণা নহয়, এই তিনিওটা পইণ্টৰ ওপৰতে গোটেই জীৱনৰ আধাৰ, তেতিয়াহে বিকৰ্মৰ হিচাপ সমাপ্ত হৈ ভাল কর্ম হয়। ইয়াকে ঈশ্বৰীয় জীৱন বুলি কোৱা হয়।

(2) "ভাৰতৰ প্ৰাচীন যোগ পৰমাত্মাৰ দ্বাৰা শিকোৱা হৈছে"

আমাৰ এই ঈশ্বৰীয় যোগ ভাৰতত প্ৰাচীন যোগ নামেৰে প্ৰসিদ্ধ। এই যোগক অবিনাশী যোগ বুলি কিয় কোৱা হয়? কিয়নো অবিনাশী পৰমপিতা পৰমাত্মাৰ দ্বাৰা শিকোৱা হৈছে। যদিও অন্য মনুষ্য আত্মায়ো যোগ শিকায় সেয়েহে যোগাশ্ৰম আদিবোৰ খুলি থাকে কিন্তু তেওঁলোকে প্ৰাচীন যোগ শিকাব নোৱাৰে। যদিহে এনেকুৱা যোগ হয় তেন্তে সেই বল কত! ভাৰত দিনে-প্ৰতিদিনে নিৰ্বল হৈ গৈ থাকে ইয়াৰ দ্বাৰা সিদ্ধ হয় যে সেই যোগ অবিনাশী যোগ নহয়, যাৰ সৈতে যোগযুক্ত হব লাগে তেওঁ নিজেহে শিকাব পাৰে। বাকী অন্যৰ সৈতেতো যোগযুক্ত হবই নালাগে তেন্তে আকৌ শিকাব কেনেকৈ? এয়াতো স্বয়ং পৰমাত্মাইহে কাৰ্য কৰিব পাৰে, তেওঁহে আমাক পূৰা ভেদ (ৰহস্য) শুনাব পাৰে। বাকীতো সকলোফালে কৈ থাকে, আমি যোগ শিকাম। এয়াতো আমি জানো যে সঁচা যোগতো কেৱল পৰমাত্মাইহে শিকাই সূৰ্যবংশী ৰাজবংশ বা দৈৱী ৰাজ্য স্থাপন কৰে। এতিয়া সেই প্ৰাচীন যোগ পৰমাত্মাই কল্পই কল্পই আহি আমাক শিকায়। তেওঁ কয় - হে আত্মা মোৰ অৰ্থাৎ পৰমাত্মাৰ সৈতে নিৰন্তৰ যোগযুক্ত হৈ থাকা তেতিয়া তোমালোকৰ পাপ নষ্ট হৈ যাব। বাৰু। ওঁম্ শান্তি।