07.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল পিতা আহিছে তোমালোকক আত্মিক কলা শিকাবলৈ, যি কলাৰ দ্বাৰা তোমালোক সূৰ্য-চন্দ্ৰৰো সিপাৰে শান্তিধামলৈ যোৱা

প্ৰশ্ন:
চাইন্সৰ (বিজ্ঞানৰ) গৰ্ব আৰু চাইলেন্সৰ (মৌনতাৰ, শান্তিৰ) গৰ্বৰ মাজত কি পাৰ্থক্য আছে?

উত্তৰ:
বিজ্ঞানৰ বলেৰে গৰ্বিতসকল চন্দ্ৰ-তৰালৈ যাবলৈ কিমান খৰচ কৰে। শৰীৰৰ বাজী লগাই যায়। তেওঁলোকৰ এইটো ভয় থাকে কিজানি ৰকেট বিকল হৈ যায়। তোমালোক শান্তিৰ বলেৰে গৰ্বিত সন্তানসকল কোনো খৰচ নকৰাকৈয়ে সূৰ্য-চন্দ্ৰৰো সিপাৰে মূলবতনলৈ গুচি যোৱা। তোমালোকৰ কোনো ভয় নাই কাৰণ তোমালোকে শৰীৰ ইয়াতেই এৰি থৈ যোৱা।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজাইছে। সন্তানসকলে শুনিতো থাকে যে বিজ্ঞানীসকলে চন্দ্ৰলৈ যাবলৈ প্ৰচেষ্টা চলাই থাকে। কিন্তু তেওঁলোকেতো মাত্ৰ চন্দ্ৰলৈকেহে যাবলৈ চেষ্টা কৰে, কিমান খৰচ কৰে। ওপৰলৈ যাবলৈ বহুত ভয় লাগি থাকে। এতিয়া তোমালোকে নিজেই বিচাৰ কৰা, তোমালোক কৰ নিবাসী? তেওঁলোকতো চন্দ্ৰমাৰ ফালে যায়। তোমালোকতো সূৰ্য-চন্দ্ৰৰো সিপাৰে যোৱা, একেবাৰে মূলবতনলৈ। তেওঁলোকতো ওপৰলৈ যায় সেয়েহে তেওঁলোকে বহুত পইচা পায়। ওপৰত পৰিক্ৰমা লগাই আহিলে তেওঁলোকে লাখ-লাখ টকাৰ উপহাৰ পায়। শৰীৰৰ বাজী লগাই যায়। তেওঁলোক হল বিজ্ঞানৰ বলেৰে গৰ্বিত। তোমালোকৰ হৈছে চাইলেন্সৰ (শান্তিৰ, মৌনতাৰ) গৰ্ব। তোমালোকে জানা যে আমি আত্মাসকল নিজৰ শান্তিধাম ব্ৰহ্মাণ্ডলৈ যাওঁ। আত্মায়েসকলো কৰে। তেওঁলোকৰো আত্মা শৰীৰৰ সৈতে ওপৰলৈ যায়। সেয়া অতি ভয়ঙ্কৰ। ভয়ো কৰে, ওপৰৰ পৰা পৰিলে জীৱন শেষ হৈ যাব। সেয়া সকলো হৈছে পাৰ্থিৱ কলা। তোমালোকক পিতাই আত্মিক কলা শিকায়। এই কলা শিকিলে তোমালোকে কিমান ডাঙৰ পুৰস্কাৰ পোৱা। 21 জন্মৰ পুৰস্কাৰ পোৱা, পুৰুষাৰ্থৰ ক্ৰম অনুযায়ী। আজিকালি চৰকাৰে লটাৰিও উলিয়াই নহয়। এই পিতাই তোমালোকক পুৰস্কাৰ দিয়ে। আৰু কি শিকায়? তোমালোকক একেবাৰে ওপৰলৈ লৈ যায়, যত তোমালোকৰ ঘৰ। এতিয়া তোমালোকৰ স্মৃতিলৈ নাহে জানো যে আমাৰ ঘৰ কত আৰু ৰাজধানী যি হেৰুৱালো, সেয়া কত আছে। ৰাৱণে কাঢ়ি ললে। এতিয়া পুনৰাই আমি নিজৰ ঘৰলৈও যাওঁ আৰু ৰাজ্যও পাওঁ। মুক্তিধাম হৈছে আমাৰ ঘৰ - এইটো কোনেও নাজানে। এতিয়া চোৱা তোমালোক সন্তানসকলকশিকাবলৈ পিতা কৰ পৰা আহে, কিমান দুৰৈৰ পৰা আহিছে। আত্মাও ৰকেট হয়। তেওঁলোকে ওপৰলৈ গৈ চন্দ্ৰত কি আছে, তৰাবিলাকত কি আছে সেয়া চাবলৈ চেষ্টা কৰে। তোমালোক সন্তানসকলে জানা যে এয়াতো হৈছে এই মণ্ডপৰ লাইট (বিজুলী বাতি)। যেনেকৈ মণ্ডপত বিজুলী সংযোগ কৰে। মিউজিয়ামতো তোমালোকে বিজুলী বাতিৰে শোভা নকৰা জানো। এইখন আকৌ বেহদৰ সৃষ্টি। ইয়াত সূৰ্য, চন্দ্ৰ, তৰা এইবিলাক হৈছে পোহৰ দিওঁতা। মনুষ্যই আকৌ ভাবে যে সূৰ্য, চন্দ্ৰ এইবিলাক হৈছে দেৱতা। কিন্তু এইবোৰতো দেৱতা নহয়। এতিয়া তোমালোকে বুজি পোৱা যে পিতা আহি কেনেকৈ আমাক মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তোলে। এয়া হৈছে জ্ঞান সূৰ্য, জ্ঞান চন্দ্ৰমা আৰু জ্ঞান ভাগ্যশালী তৰা। জ্ঞানৰ দ্বাৰাই তোমালোক সন্তানসকলৰ সৎগতি হৈ আছে। তোমালোক কিমান দূৰলৈ যোৱা। পিতাইহে ঘৰলৈ যোৱাৰ ৰাস্তা দেখুৱাই দিছে। পিতাৰ বাহিৰে আন কোনেও নিজৰ ঘৰলৈ উভতি যাব নোৱাৰে। পিতা আহি যেতিয়া শিক্ষা দিয়ে, তেতিয়াহে তোমালোক জ্ঞাত হোৱা। এইটোও বুজি পোৱা যে আমি আত্মাসকল পবিত্ৰ হলে তেতিয়াহে নিজৰ ঘৰলৈ যাব পাৰিম। হয়তো যোগবলৰ দ্বাৰা নহলে শাস্তিৰ বলত পবিত্ৰ হব লাগিব। পিতাইতো বুজায়ে থাকে যে যিমান পিতাক স্মৰণ কৰিবা তোমালোক সিমানেই পবিত্ৰ হবা। স্মৰণ নকৰিলে পতিতেই হৈ থাকিবা, আকৌ বহুত শাস্তি খাব লাগিব আৰু পদো ভ্ৰষ্ট হৈ যাব। পিতাই নিজে বহি তোমালোকক বুজায়। তোমালোকে এইটো-এইটো বিধিৰে ঘৰলৈ যাব পাৰিবা। ব্ৰহ্মাণ্ডনো কি, সূক্ষ্ম বতননো কি, একোৱে নাজানে। বিদ্যাৰ্থীয়ে প্ৰথমতে কেনেকৈ জানিব, যেতিয়া পঢ়িবলৈ আৰম্ভ কৰে তেতিয়া আকৌ জ্ঞান পায়। জ্ঞানো কিছুমান নিম্ন পৰ্যায়ৰ কিছুমান উচ্চ পৰ্যায়ৰ। আই চি এছ ৰ পৰীক্ষা দিলে তেতিয়া অতি জ্ঞানী বুলি কব। ইয়াতকৈ উচ্চ জ্ঞান একো নাথাকে। এতিয়া তোমালোকে কিমান উচ্চ জ্ঞান শিকিছা। পিতাই তোমালোকক পবিত্ৰ হবলৈ যুক্তি শুনায় যে সন্তানসকল, মামেকম্‌ (একমাত্ৰ মোকেই) স্মৰণ কৰা তেতিয়া তোমালোক পতিতৰ পৰা পবিত্ৰ হৈ যাবাগৈ। আচলতে তোমালোক আত্মাসকল পবিত্ৰ আছিলা। ওপৰত নিজৰ ঘৰত আছিলা, যেতিয়া তোমালোক সত্যযুগত জীৱনমুক্তিত আছিলা তেতিয়া বাকী সকলো মুক্তিধামত আছিল। মুক্তি আৰু জীৱনমুক্তি দুয়োটাকে আমি শিৱালয় বুলি কব পাৰো। মুক্তিত শিৱবাবাও থাকে, আমি সন্তানসকলো (আত্মাসকলো) থাকো। এয়া হল আত্মিক সৰ্বোচ্চ জ্ঞান। তেওঁলোকে কয় - আমি চন্দ্ৰত গৈ থাকিম। কিমান মগজ খটুৱাই থাকে। বাহাদুৰি দেখুৱায়। ইমান নিযুত মাইল ওপৰলৈ যায়, কিন্তু তেওঁলোকৰ আশা পূৰণ নহয় আৰু তোমালোকৰ আশা পূৰণ হৈ যায়। তেওঁলোকৰ হল মিছা পাৰ্থিৱ অহংকাৰ, তোমালোকৰ হল আত্মিক অহংকাৰ। তেওঁলোকে মায়াৰ বাহাদুৰি কিমান দেখুৱায়। মানুহে কিমান হাতচাপৰি বজায়, শুভেচ্ছা দিয়ে। বহুত ধনো পায়। হয়তো 5-10 কোটি পাব। তোমালোক সন্তানসকলৰ এইটো জ্ঞান আছে যে তেওঁলোকে এয়া যি পইচা পায়, সেই সকলো শেষ হৈ যাব। জানিবা আৰু বেছি দিন নাই। আজি কি আছে কাইলৈ কি হব! আজি তোমালোক নৰকবাসী, কাইলৈ স্বৰ্গবাসী হৈ যাবা। বেছি সময় নালাগে, গতিকে তেওঁলোকৰ হল শাৰীৰিক শক্তি তোমালোকৰ হল আত্মিক শক্তি। যিটো কেৱল তোমালোকেহে জানা। তেওঁলোকে শৰীৰিক শক্তিৰে কিমানলৈকে যাব। চন্দ্ৰ তৰা পাবগৈ আৰু যুদ্ধ আৰম্ভ হৈ যাব। আকৌ সেই সকলোবোৰ শেষ হৈ যাব। তেওঁলোকৰ কলা ইয়াতেই শেষ হৈ যাব। সেয়া হল শাৰীৰিক সৰ্বশ্ৰেষ্ঠ কলা, তোমালোকৰ হল আত্মিক সৰ্বশ্ৰেষ্ঠ কলা। তোমালোক শন্তিধামলৈ যোৱা। তাৰ নামেই হল চুইট্ হোম (মিঠা ঘৰ)। তেওঁলোক কিমান ওপৰলৈ যায় আৰু তোমালোকে নিজৰ হিচাপ কৰা- তোমালোক কিমান মাইল ওপৰলৈ যোৱা? তোমালোক কোন? আত্মাসকল, পিতাই কয় - মই কিমান মাইল ওপৰত থাকো। হিচাপ কৰিব পাৰিবা জানো! তেওঁলোকৰ ওচৰততো হিচাপ থাকে। কয় ইমান মাইল ওপৰলৈ গল আকৌ উভতি আহে। বৰ সাৱধান হৈ থাকে, এনেকৈ নামিম, এইটো কৰিম, বহুত শব্দ হয়। তোমালোকৰ কি শব্দ হব। তোমালোকে কলৈ যোৱা আকৌ কেনেকৈ আহা সেয়া কোনেও নাজানে। তোমালোকে কি পুৰস্কাৰ পোৱা, এয়াও তোমালোকেহে জানা। আচৰিত কথা। বাবাৰ চমৎকাৰ, কোনেও নাজানে। তোমালোকে কবা এয়া জানো কিবা নতুন কথা। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত তেওঁলোকে নিজৰ এই অনুশীলন কৰি থাকিব। তোমালোকে এই সৃষ্টিৰূপী নাটকৰ আদি, মধ্য, অন্তৰ সময়সীমা আদি যথা ৰীতি জানা। তেতিয়া হলে তোমালোক ভিতৰি গৰ্বিত হব লাগে - বাবাই আমাক কি শিকায়। বহুত উচ্চ পুৰুষাৰ্থ কৰে, আকৌ কৰিব। এই কথাবোৰ অন্য কোনেও নাজানে। পিতা হল গুপ্ত। তোমালোকক নিতৌ কিমান বুজায়। তোমালোকক কিমান জ্ঞান দিয়ে। তেওঁলোকৰ যাত্ৰা সীমিত। তোমালোক বেহদলৈ যোৱা। তেওঁলোক চন্দ্ৰলৈকে যায়, এতিয়া সেয়াতো হল ডাঙৰ-ডাঙৰ লাইট, আৰুতো একো নহয়। তেওঁলোকে পৃথিৱীখন বহুত সৰু দেখিবলৈ পায়। গতিকে তেওঁলোকৰ পাৰ্থিৱ জ্ঞান আৰু তোমালোকৰ জ্ঞানৰ মাজত কিমান পাৰ্থক্য আছে। তোমালোক আত্মাসকল কিমান সূক্ষ্ম কিন্তু আত্মা ৰূপী ৰকেট বহুত তীব্ৰবেগী। আত্মাসকল ওপৰত থাকে আকৌ ভূমিকা পালন কৰিবলৈ আহে। তেওঁ হল চুপ্ৰিম (পৰম) আত্মা। পিছে তেওঁৰ পূজা কেনেকৈ হব। ভক্তিও নিশ্চয় হবই লাগিব।

পিতাই বুজাইছে - আধাকল্প হল জ্ঞান দিন, আধাকল্প হল ভক্তি ৰাতি। এতিয়া সংগমযুগত তোমালোকে জ্ঞান লোৱা। সত্যযুগততো জ্ঞান নাথাকে সেইকাৰণে ইয়াক পুৰুষোত্তম সংগমযুগ বুলি কোৱা হয়। সকলোকে পুৰুষোত্তম কৰি তোলে। তোমালোক আত্মা কিমান দূৰ দূৰণিলৈ যোৱা, তোমালোক আনন্দিত নোহোৱা জানো। তেওঁলোকে কলা প্ৰদৰ্শন কৰিলে বহুত পইচা পায়। যিমানেই নাপাওক তোমালোকে জানা সেয়া একোৱে লগত নাযাব। এতিয়া মৃত্যু সমাগত। সকলো শেষ হৈ যাব। এতিয়া তোমালোকে কিমান মূল্যৱান ৰত্ন পাইছা, ইয়াৰ কোনো মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰি। একো একোটা বাক্যৰ মূল্য লাখ-লাখ টকা। কিমান সময়ৰ পৰা তোমালোকে শুনিয়েই আহিছা। গীতাত কিমান মূল্যৱান জ্ঞান আছে। এই এখনেই গীতা যাক অতি মূল্যৱান বুলি কোৱা হয়। সকলো শাস্ত্ৰৰ ভিতৰত শিৰোমণি হৈছে শ্ৰীমদ্ভগবদ্‌ গীতা। তেওঁলোকে যদিও পঢ়ি থাকে কিন্তু অৰ্থ জানো বুজি পায়। গীতা পঢ়িলে কি হব। এতিয়া পিতাই কয় - মোক স্মৰণ কৰিলে তোমালোক পবিত্ৰ হবা। যদিও তেওঁলোকে গীতা পঢ়ে কিন্তু এজনৰো পিতাৰ সৈতে যোগ নাই। পিতাকেই সৰ্বব্যাপি বুলি কৈ দিয়ে। পবিত্ৰও হব নোৱাৰে। এতিয়া এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ তোমালোকৰ সন্মুখত আছে। এওঁলোকক দেৱতা বুলি কোৱা হয় কাৰণ দৈৱীগুণ আছে। তোমালোক আত্মাসকল পবিত্ৰ হৈ সকলোৱে নিজৰ ঘৰলৈ যাব লাগিব। নতুন সৃষ্টিততো ইমান মানুহ নাথাকে। বাকী সকলো আত্মা নিজৰ ঘৰলৈ যাব লাগিব। তোমালোকক পিতাইও চমৎকাৰ জ্ঞান দিয়ে, যাৰ দ্বাৰা তোমালোক মনুষ্যৰ পৰা দেৱতা বহুত উচ্চ হৈ যোৱা। গতিকে এনেকুৱা পঢ়াৰ প্ৰতি বহুত মনোযোগো দিব লাগে। এইটোও বুজি পোৱা যে যিয়ে যিমান কল্পৰ আগতে মনোযোগ দিছিল তেনেকৈয়ে দি থাকিব। গম পোৱা যায়। পিতাই সেৱাৰ খবৰ শুনি আনন্দিতো হয়। যদি পিতালৈ কেতিয়াও চিঠিয়েই নিলিখে তেতিয়া হলে বুজি পায় যে এওঁৰ বুদ্ধিযোগ কৰবাত অন্য সাধাৰণ বস্তুত লাগি গৈছে। দেহ-অভিমান আহি গৈছে, পিতাক পাহৰি গৈছে। নহলে বিচাৰ কৰি চোৱা প্ৰেম-বিবাহ হলে তেতিয়া তেওঁলোকৰ মাজত কিমান মৰম থাকে। অৱশ্যে হয় কিছুমানৰ খেয়াল সলনি হয় তেতিয়া আকৌ পত্নীকো মাৰি পেলায়। এয়া হৈছে তোমালোকৰ তেওঁৰ সৈতে প্ৰেম-বিবাহ। পিতা আহি তোমালোকক নিজৰ পৰিচয় দিছে। তোমালোকে নিজেই পৰিচয় নোপোৱা। পিতা আহিবলগীয়া হয়। পিতা তেতিয়াহে আহিব যেতিয়া সৃষ্টি পুৰণি হব। পুৰণিক নতুন কৰি গঢ়ি তুলিবলৈ নিশ্চয় সংগমতেই আহিব। পিতাৰ কৰ্তব্য হল নতুন সৃষ্টি স্থাপন কৰা। তোমালোকক স্বৰ্গৰ মালিক কৰি তোলে তেন্তে এনেকুৱা পিতাৰ প্ৰতি কিমান মৰম থাকিব লাগে তেনেহলে আকৌ কিয় কোৱা যে বাবা আমি পাহৰি যাওঁ। কিমান উচ্চতকৈও উচ্চ পিতা হয়। এওঁতকৈ উচ্চ আৰু কোনো নাই। মনুষ্যই মুক্তিৰ কাৰণে কিমান মগজ খটুৱায়, উপায় কৰে। কিমান মিছা ঠগবাজী চলি আছে। মহৰ্ষি আদিৰ কিমান নাম। চৰকাৰে 10-20 একৰ ভূমিও দি দিয়ে। এনেকুৱা নহয় যে চৰকাৰ অধাৰ্মিক হয়, তাৰ ভিতৰত কোনোবা মিনিষ্টাৰ ধাৰ্মিক হয়, কোনো অধাৰ্মিক। কোনোৱে ধৰ্মক নামানেই। এনেকৈ কোৱা হয় যে ৰিলিজিয়ন ইজ মাইট (ধৰ্মই শক্তি)। খ্ৰীষ্টান ধৰ্মত মাইট (শক্তি) আছিল নহয় জানো। গোটেই ভাৰতক গিলি পেলালে। এতিয়া ভাৰতত কোনো শক্তি নাই। কিমান কাজিয়া, মৰামৰি হৈ আছে। সেই ভাৰতেই কি আছিল। পিতা কেনেকৈ, কত আহে কোনেও একো নাজানে। তোমালোকে জানা মগধ দেশত আহে, যত ঘঁৰিয়াল থাকে। মনুষ্য এনেকুৱা যে সকলো খায়। ভাৰততে সকলোতকৈ বেছি বৈষ্ণৱ (সাকাহাৰী) আছিল। এইখন বৈষ্ণৱ ৰাজ্য নহয় জানো। কত এই মহান পবিত্ৰ দেৱতাসকল, কত আজিকালি চোৱা কি-কি খাই থাকে। নৰ ভক্ষকো হৈ যায়। ভাৰতৰ কি অৱস্থা হৈ গল। এতিয়া তোমালোকক গোটেই ৰহস্য বুজাই আছে। ওপৰৰ পৰা আৰম্ভ কৰি একেবাৰে তললৈকে সকলো জ্ঞান দিয়ে। প্ৰথমতে তোমালোকেই এই পৃথিৱীত আছিলা পাছত মনুষ্যৰ বৃদ্ধি পালে। এতিয়া অলপ সময়ৰ ভিতৰত হাহাকাৰ হৈ যাব তেতিয়া হায়-হায় কৰি থাকিব। স্বৰ্গত চোৱা কিমান সুখ। এই লক্ষ্য-উদ্দেশ্যৰ আৰ্হি চোৱা। এই সকলোবিলাক তোমালোক সন্তানসকলে ধাৰণাও কৰিব লাগে। এয়া কিমান উচ্চ পঢ়া। পিতাই কিমান স্পষ্টকৈ বুজায়। মালাৰ ৰহস্যও বুজাইছে। ওপৰত ফুল হৈছে শিৱবাবা, তাৰ পিছত মেৰু প্ৰবৃত্তি মাৰ্গ নহয় জানো। নিবৃত্তি মাৰ্গত থকাসকলৰতো মালা জপ কৰাৰ আদেশ নাই। এয়া হৈছে দেৱতাসকলৰ মালা, তেওঁলোকে কেনেকৈ ৰাজ্য ললে, তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে। কিছুমান আছে যিয়ে নিৰ্ভীক হৈ যি কোনো লোককে বুজায় - আহক আমি আপোনাক এনেকুৱা কথা শুনাম যিটো আৰু কোনেও শুনাব নোৱাৰে। শিৱবাবাৰ বাহিৰে অন্য কোনেও নাজানেই। তেওঁলোকক এই ৰাজযোগ কোনে শিকালে। বহুত ৰসালকৈ বহি শুনাব লাগে। এই 84 জন্ম কেনেকৈ লয়, দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ । পিতাই কিমান সহজ জ্ঞান শুনায় আৰু পবিত্ৰও হব লাগে তেতিয়াহে উচ্চ পদ পাবা। গোটেই বিশ্বত শান্তি স্থাপন কৰোঁতা তোমালোকেই হোৱা। পিতাই তোমালোকক ৰাজ্য-ভাগ্য দিয়ে। দাতা নহয় জানো। তেওঁ একো নলয়। তোমালোকৰ পঢ়াৰ এয়া হল পুৰস্কাৰ। এনেকুৱা পুৰস্কাৰ অন্য কোনেও দিব নোৱাৰে। তেন্তে এনেকুৱা পিতাক কিয় মৰমেৰে স্মৰণ নকৰা। লৌকিক পিতাকতো গোটেই জন্ম স্মৰণ কৰা। পাৰলৌকিকজনক কিয় স্মৰণ নকৰা। পিতাই কৈছে এয়া হৈছে যুদ্ধক্ষেত্ৰ, পবিত্ৰ হবলৈ সময় লাগে। ইমানেই সময় লাগে যেতিয়ালৈকে যুদ্ধ শেষ নহয়। এনেকুৱা নহয় যে যিসকল প্ৰথমে আহিছে তেওঁলোক সম্পূৰ্ণ পবিত্ৰ হৈ যাব। বাবাই কয় - মায়াৰ যুদ্ধ বৰ জোৰেৰে চলে। ভাল-ভাল সকলকো মায়াই জিনি লয়। ইমানেই শক্তিশালী। যিসকলৰ অৱনতি হৈ যায় তেওঁলোকে মুৰুলীও কত শুনিব। চেণ্টাৰলৈতো নাহেই তেনেহলে তেওঁলোকে কেনেকৈ জানিব। মায়াই একেবাৰে ৱৰ্থ নট এ পেনি (একেবাৰে মুল্যহীন) কৰি দিয়ে। মুৰুলী যেতিয়া শুনিব তেতিয়াহে সজাগ হব। লেতেৰা কামত লাগি যায়। কোনোবা হুচিয়াৰ সন্তান হলে তেওঁলোকক বুজাব - তুমি মায়াৰ ওচৰত কেনেকৈ হাৰি গলা। বাবাই তোমাক কি শুনায়, তুমি আকৌ কত গৈ আছা। যেতিয়া দেখা যে এওঁক মায়াই খাই আছে তেতিয়া ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগে। মায়াই যাতে একেবাৰে গিলি নিদিয়ে। আকৌ যাতে সজাগ হৈ যায়। নহলে উচ্চ পদ নাপাব। সৎগুৰুৰ নিন্দা কৰায়। ভাল বাৰু।

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ পৰা চাইলেন্সৰ (মৌনতাৰ, শান্তিৰ) কলা শিকি এই হদৰ সৃষ্টিৰ সিপাৰে বেহদলৈ যাব লাগে। নিচা থাকিব লাগে যে পিতাই আমাক কিমান ৱাণ্ডাৰফুল (চমৎকাৰ) জ্ঞান দি কিমান ডাঙৰ পুৰস্কাৰ দিয়ে।

(2) নিৰ্ভীক হৈ বহুত ৰসাল ভাৱে সেৱা কৰিব লাগে। মায়াৰ যুদ্ধত বলৱান হৈ বিজয়ী হব লাগে। মুৰুলী শুনি সজাগ হৈ থাকিব লাগে আৰু সকলোকে সজাগ কৰি তুলিব লাগে।

বৰদান:
স্বৰাজ্যৰ সংস্কাৰৰ দ্বাৰা ভৱিষ্যতৰ ৰাজ্য অধিকাৰ প্ৰাপ্ত কৰোঁতা ভাগ্যৱান আত্মা হোৱা

বহুত কালৰ ৰাজ্য অধিকাৰী হোৱাৰ সংস্কাৰে বহুত কাল ভৱিষ্যতৰ ৰাজ্য অধিকাৰী কৰি তুলিব। যদি বাৰে-বাৰে বশীভূত হোৱা, অধিকাৰী হোৱাৰ সংস্কাৰ নাই তেন্তে ৰাজ্য অধিকাৰীসকলৰ ৰাজ্যত থাকিবা, ৰাজ্য-ভাগ্য প্ৰাপ্ত নহব। গতিকে জ্ঞানৰ দাপোনত নিজৰ ভাগ্যৰ চেহেৰা চোৱা। বহুত সময়ৰ অভ্যাসৰ দ্বাৰা নিজৰ বিশেষ সহযোগী কৰ্মচাৰী বা ৰাজ্যৰ কৰ্ম-কৰ্তা সংগীসকলক নিজৰ অধিকাৰেৰে চলোৱা। ৰজা হোৱা তেতিয়া ভাগ্যৱান আত্মা বুলি কোৱা হব।
 

স্লোগান:
প্ৰকাশ দিয়াৰ সেৱা কৰিবলৈ বেহদৰ বৈৰাগ্য বৃত্তিক ইমাৰ্জ (জাগ্ৰত) কৰা।