07.11.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল সকলোকে এইটোৱে শুভ সংবাদ দিয়া যে এতিয়া দৈৱী (দৈৱিক) সৃষ্টি স্থাপন হৈ আছে, যেতিয়া নিৰ্বিকাৰী সৃষ্টি হ'ব তেতিয়া বাকী সকলো বিনাশ হৈ যাব

প্ৰশ্ন:
ৰাৱণৰ অভিশাপ কেতিয়া পোৱা যায়, অভিশপ্ত হোৱাৰ চিন কি?

উত্তৰ:
যেতিয়া তোমালোক দেহ-অভিমানী হোৱা তেতিয়া ৰাৱণৰ অভিশাপ পোৱা যায়। অভিশপ্ত আত্মাসকল কঙাল বিকাৰী হৈ গৈ থাকে, অৱনমিত হৈ গৈ থাকে। এতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ দেহী-অভিমানী হ'ব লাগে। নিজৰ দৃষ্টি-বৃত্তিক পাৱন কৰি তুলিব লাগে।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক 84 জন্মৰ কাহিনী শুনায়। এইটোতো বুজি পোৱা যে সকলোৱেতো 84 জন্ম নলয়। তোমালোকেই পোন-প্ৰথমে সত্যযুগৰ আৰম্ভণিত পূজ্য দেৱী-দেৱতা আছিলা। ভাৰতত প্ৰথমতে পূজ্য দেৱী-দেৱতা ধৰ্মৰে ৰাজত্ব আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল তেন্তে নিশ্চয় ৰাজবংশ থাকিব। ৰজাৰ বংশত মিত্ৰ-সম্বন্ধীও থাকিব। প্ৰজাও থাকিব। এয়া যেন এটা কাহিনী। 5 হাজাৰ বছৰ পূৰ্বেও এওঁলোকৰ ৰাজত্ব আছিল - এয়া স্মৃতিলৈ আনে। ভাৰতত আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ ৰাজত্ব আছিল। এয়া বেহদৰ পিতাই বহি বুজায়, যিজনকে জ্ঞানেৰে পৰিপূৰ্ণ বুলি কোৱা হয়। কিহৰ জ্ঞান? মনুষ্যই ভাবে তেওঁ সকলোৰে ভিতৰখনক, কৰ্ম বিকৰ্মক জানোঁতা হয়। কিন্তু এতিয়া পিতাই বুজায় - প্ৰত্যেক আত্মাই নিজৰ নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। সকলো আত্মা নিজৰ পৰমধামত থাকে। আত্মাত গোটেই ভূমিকা নিহিত হৈ আছে। সাজু হৈ বহি আছে যে এতিয়া গৈ কৰ্মক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰিম। এইটোও তোমালোকে বুজি পোৱা যে আমি আত্মাসকলেই সকলো কৰোঁ। আত্মাইহে কয় - এইটো টেঙা, এইটো নিমখীয়া। আত্মাইহে বুজি পায় - আমি এতিয়া বিকাৰী পাপী আত্মা। আসুৰিক স্বভাৱৰ। আত্মাইহে ইয়াত কৰ্মক্ষেত্ৰত শৰীৰ ধাৰণ কৰি সকলো ভূমিকা পালন কৰে। তেন্তে এইটো নিশ্চয় হব লাগে নহয় জানো! আমি আত্মাইহে সকলো কৰোঁ। এতিয়া পিতাৰ সৈতে মিলিত হৈছোঁ পুনৰ 5 হাজাৰ বছৰৰ পাচত মিলিত হ'ম। এইটোও বুজি পোৱা যে পূজ্য আৰু পূজাৰী, পাৱন আৰু পতিত হৈ আহিছোঁ। যেতিয়া পূজ্য হওঁ তেতিয়া কোনো পতিত থাকিব নোৱাৰে। যেতিয়া পূজাৰী হওঁ তেতিয়া কোনো পাৱন থাকিব নোৱাৰে। সত্যযুগত হয়েই পাৱন পূজ্য। যেতিয়া দ্বাপৰৰ পৰা ৰাৱণ ৰাজ্য আৰম্ভ হয় তেতিয়া সকলো পতিত পূজাৰী হৈ যায়। শিৱবাবাই কয় - চোৱা শংকৰাচাৰ্যও মোৰ পূজাৰী হয়। মোকেই পূজা কৰে নহয়। শিৱৰ চিত্ৰ কাৰোবাৰ ওচৰত হীৰাৰ, কাৰোবাৰ ওচৰত সোণৰ, কাৰোবাৰ ওচৰত ৰূপৰ থাকে। এতিয়া যিসকলে পূজা কৰে, সেই পূজাৰীসকলক পূজ্য বুলিতো কব নোৱাৰে। গোটেই সৃষ্টিত এই সময়ত পূজ্য এজনো থাকিব নোৱাৰে। পূজ্যসকল পবিত্ৰ হয় পুনৰ অপৱিত্ৰ হয়। পবিত্ৰ থাকে নতুন সৃষ্টিত। পবিত্ৰসকলকহে পূজন কৰা হয়। যেনেকৈ কুমাৰীসকল যেতিয়া পবিত্র হৈ থাকে তেতিয়া পূজন কৰাৰ যোগ্য হয়, অপৱিত্ৰ হলে তেতিয়া আকৌ সকলোৰে আগত মূৰ দোঁৱাবলগীয়া হয়। পূজাৰ কিমান সামগ্ৰী আছে। য'তেই প্ৰদৰ্শনী, সংগ্ৰহালয় আদি খোলা তেতিয়া ওপৰত ত্ৰিমূৰ্তি শিৱ নিশ্চয় ৰাখিব লাগে। তলত এই লক্ষ্মী-নাৰায়ণ লক্ষ্য-উদ্দেশ্য। আমি এই পূজ্য দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছোঁ। তাত আকৌ অন্য কোনো ধৰ্ম নাথাকে। তোমালোকে বুজাব পাৰা, প্ৰদৰ্শনীততো ভাষণ আদি দিব নোৱাৰিবা। বুজাবৰ কাৰণে আকৌ বেলেগ ব্যৱস্থা থকা উচিত। মুখ্য কথাই হৈছে এইটো - আমি ভাৰতবাসীক শুভ সংবাদ দিওঁ। আমি এই ৰাজ্য স্থাপন কৰি আছোঁ। ইয়াত দৈৱী ৰাজবংশ আছিল, এতিয়া নাই পুনৰ ইয়াৰ স্থাপনা হয় বাকী সকলো বিনাশ হৈ যাব। সত্যযুগত যেতিয়া এই এটা ধৰ্ম আছিল তেতিয়া অনেক ধৰ্ম নাছিল। এতিয়া এই অনেক ধৰ্ম মিলি এক হৈ যাব, সেয়াতো হ'ব নোৱাৰে। তেওঁলোক আহেই ইজনৰ পিচত সিজন আৰু বৃদ্ধি হৈ গৈ থাকে। প্ৰথম আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰায় লোপ হৈ গ'ল। কোনো নাই যিয়ে নিজক দেৱী-দেৱতা ধৰ্মৰ বুলি ক'ব পাৰে। ইয়াক কোৱাই হয় বিকাৰী বিশ্ব। তোমালোকে ক'ব পাৰা যে আমি আপোনালোকক শুভ সংবাদ শুনাওঁ - শিৱবাবাই নিৰ্বিকাৰী বিশ্ব স্থাপন কৰি আছে। আমি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ব্ৰহ্মাকুমাৰ-কুমাৰী নহওঁ জানো। পোন-প্ৰথমেতো আমি ভাই ভাই হওঁ আকৌ যেতিয়া ৰচনা হয় তেতিয়া নিশ্চয় ভাই-ভনী হ'ম। সকলোৱে কয় - বাবা মই আপোনাৰ সন্তান তেন্তে ভাই-ভনীৰ আসুৰিক দৃষ্টি যাব নোৱাৰে। এই অন্তিম জন্ম পবিত্ৰ হ'ব লাগে, তেতিয়াহে পবিত্ৰ বিশ্বৰ মালিক হ'ব পাৰিবা। তোমালোকে জানা গতি-সৎগতি দিওঁতা হৈছেই এজন পিতা। পুৰণি সৃষ্টি পৰিৱৰ্তন হৈ নিশ্চয় নতুন সৃষ্টি স্থাপন হ'ব। সেয়াতো ভগৱানেহে কৰিব। এতিয়া তেওঁ নতুন সৃষ্টি কেনেকৈ ৰচে, সেয়া তোমালোক সন্তানসকলেহে জানা। এতিয়া পুৰণি সৃষ্টিও আছে, এইখন নাশ হোৱা নাই। চিত্ৰতো আছে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। এওঁৰ এয়া বহুত জন্মৰ অন্তিম জন্ম হয়। ব্ৰহ্মাৰ যুগল নাই, ব্ৰহ্মাইতো তুলি লয়। বুজাবলৈ বহুত যুক্তি লাগে। শিৱবাবা ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি আমাক নিজৰ কৰি লয়। শৰীৰত প্ৰৱেশ কৰিলে তেতিয়াহে কব - হে আত্মাসকল, তোমালোক মোৰ সন্তান। আত্মাসকলতো আছেই আকৌ ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি ৰচিলে তেতিয়া নিশ্চয় ব্ৰহ্মাকুমাৰ-কুমাৰী হব নহয় জানো, গতিকে ভাই-ভনী হৈ গল। অন্য দৃষ্টি আঁতৰি যায়। আমি শিৱবাবাৰ পৰা পাৱন হোৱাৰ উত্তৰাধিকাৰ লওঁ। ৰাৱণৰ পৰা অভিশাপ পাওঁ। এতিয়া আমি দেহী-অভিমানী হওঁ তেতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ পাওঁ। দেহ-অভিমানী হলে ৰাৱণৰ অভিশাপ পোৱা যায়। অভিশাপ পালে অৱনমিত হৈ যায়। এতিয়া ভাৰত অভিশপ্ত নহয় জানো। ভাৰতক ইমান কঙাল, বিকাৰী কোনে কৰিলে? কাৰোবাৰতো অভিশাপ আছে নহয় জানো। এয়া হৈছে ৰাৱণ ৰূপী মায়াৰ অভিশাপ। প্ৰত্যেক বছৰে ৰাৱণক জ্বলায় তেন্তে নিশ্চয় শত্ৰু হয়। ধৰ্মতেই শক্তি থাকে। এতিয়া আমি দেৱতা ধৰ্মৰ হওঁ। বাবা নতুন ধৰ্ম প্ৰতিষ্ঠা কৰাৰ নিমিত্ত হয়। কিমান শক্তিশালী ধৰ্ম প্ৰতিষ্ঠা কৰে। আমি বাবাৰ পৰা শক্তি লওঁ, গোটেই বিশ্বক জয় কৰোঁ। স্মৃতিৰ যাত্ৰাৰ দ্বাৰাই শক্তি পোৱা যায় আৰু বিকৰ্ম বিনাশ হয়। গতিকে এয়াও এক প্ৰলোভন লিখি দিব লাগে। আমি শুভ সংবাদ শুনাওঁ। এতিয়া এইটো ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে যাক হেভেন, স্বৰ্গ বুলি কয়। এনেকৈ ডাঙৰ ডাঙৰ আখৰেৰে লিখি দিয়া। বাবাই ৰায় দিয়ে - সকলোতকৈ মুখ্য হৈছে এইটো। এতিয়া আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। প্ৰজাপিতা ব্ৰহ্মাও বহি আছে। আমি প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে শ্ৰীমত অনুসৰি এইটো কাৰ্য কৰি আছোঁ। ব্ৰহ্মাৰ মত নহয়, শ্ৰীমত হয়েই পৰমপিতা পৰমাত্মা শিৱৰ, যিজন সকলোৰে পিতা হয়। পিতায়েই এক ধৰ্মৰ প্ৰতিষ্ঠা, অনেক ধৰ্মৰ বিনাশ কৰায়। ৰাজযোগ শিকি এনেকুৱা হয়। আমিও এনেকুৱা হৈ আছোঁ। আমি বেহদৰ সন্ন্যাস কৰিছোঁ কিয়নো আমি জানো - এই পুৰণি সৃষ্টি ভস্ম হৈ যাব। যেনেকৈ হদৰ (লৌকিকৰ) পিতাই নতুন ঘৰ নিৰ্মাণ কৰিলে তেতিয়া পুৰণা ঘৰৰ প্ৰতি মমত্ব নাইকিয়া হৈ যায়। পিতাই কয় - এই পুৰণি সৃষ্টি নাশ হৈ যাব। এতিয়া তোমালোকৰ কাৰণে নতুন সৃষ্টি স্থাপন কৰি আছোঁ। তোমালোকে পঢ়াই নতুন সৃষ্টিৰ কাৰণে। অনেক ধৰ্মৰ বিনাশ, এক ধৰ্মৰ প্ৰতিষ্ঠা সংগমতেই হয়। যুদ্ধ লাগিব, প্ৰাকৃতিক দুৰ্যোগো আহিব। সত্যযুগত যেতিয়া এওঁলোকৰ ৰাজত্ব আছিল তেতিয়া অন্য কোনো ধৰ্ম নাছিল। বাকীসকল কত আছিল? এইটো জ্ঞান বুদ্ধিত ৰাখিব লাগে। এনেকুৱা নহয় যে এইটো জ্ঞান বুদ্ধিত ৰাখি মই অন্য কাম নকৰোঁ, কিমান খেয়াল থাকে। চিঠি লিখা, পঢ়া, ঘৰৰ খেয়াল ৰখা, তথাপিও পিতাক স্মৰণ কৰি থাকোঁ। বাবাক স্মৰণ নকৰিলে বিকৰ্ম কেনেকৈ বিনাশ হব।

এতিয়া তোমালোক সন্তানসকলে জ্ঞান পাইছা, তোমালোক আধাকল্পৰ কাৰণে পূজ্য হৈ আছা। আধাকল্প হৈছে পূজাৰী তমোপ্ৰধান আকৌ আধাকল্প পূজ্য সতোপ্ৰধান হয়। আত্মাই পৰমপিতা পৰমাত্মাৰ সৈতে যোগসূত্ৰ গঢ়িলে পাৰস (পৰশমণি, পবিত্ৰ) হয়। স্মৰণ কৰি কৰি লৌহযুগৰ (কলিযুগৰ) পৰা সোণালীযুগলৈ (সত্যযুগলৈ) গুচি যাবাগৈ। পতিত-পাৱন এজনকেই কোৱা হয়। আগলৈ গৈ তোমালোকৰ প্ৰভাৱ বিস্তাৰ হব। এয়াতো সকলো ধৰ্মৰ কাৰণে। তোমালোকে কোৱাও যে পিতাই কয় - পতিত-পাৱন ময়েই হওঁ। মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা। বাকী সকলোৱে হিচাপ-নিকাচ নিষ্পত্তি কৰি যাব। কৰবাত বিবুদ্ধিত পৰিলে তেতিয়া সুধিব পাৰা। সত্যযুগত হয়েই কমসংখ্যক। এতিয়াতো অনেক ধৰ্ম আছে। নিশ্চয় হিচাপ-নিকাচ নিষ্পত্তি কৰি আকৌ এনেকুৱা হব, যেনেকুৱা আছিল। বিস্তাৰত কিয় যাব লাগে। এইটো জানে যে প্ৰত্যেকে আহি নিজৰ নিজৰ ভূমিকা পালন কৰিবহি। এতিয়া সকলোৱে উভতি যাব লাগে কিয়নো এই সকলোবোৰ সত্যযুগত নাছিলেই। পিতা আহেই এক ধৰ্মৰ প্ৰতিষ্ঠা, অনেক ধৰ্মৰ বিনাশৰ কৰাবলৈ। এতিয়া নতুন সৃষ্টিৰ স্থাপনা হৈ আছে। আকৌ সত্যযুগ নিশ্চয় আহিব, চক্ৰ নিশ্চয় ঘূৰিব। অত্যাধিক খেয়াল চলাব নালাগে, মূল কথা আমি সতোপ্ৰধান হলে উচ্চ পদ পাম। কুমাৰীসকলেতো ইয়াত লাগি যাব লাগে, কুমাৰীৰ উপাৰ্জন মা-পিতাই নাখায়। কিন্তু আজিকালি ভোকাতুৰ হৈ গৈছে সেয়েহে কুমাৰীসকলেও উপাৰ্জন কৰিবলগীয়া হয়। তোমালোকে বুজি পোৱা যে এতিয়া পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিৰ মালিক হব লাগে। আমি ৰাজযোগী হওঁ, পিতাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় লব লাগে।

এতিয়া তোমালোক পাণ্ডৱ সেনাৰ হৈছা। নিজৰ সেৱা কৰিও এইটো খেয়াল ৰাখিব লাগে, আমি গৈ সকলোকে ৰাস্তা দেখুৱাওঁ। যিমান কৰিবা সিমান উচ্চ পদ পাবা। বাবাক সুধিব পাৰা - এইটো অৱস্থাত মৰি গলে তেতিয়া মই কি পদ পাম? বাবাই তৎক্ষণাৎ কৈ দিব। সেৱা নকৰা সেইকাৰণে সাধাৰণ ঘৰত গৈ জন্ম লবা আকৌ আহি জ্ঞান লবা সেইটোতো কঠিন হব কাৰণ শিশুৱে ইমান জ্ঞানতো লব নোৱাৰিব। ধৰি লোৱা বাকী 2-3 বছৰ থাকিলেও কি পঢ়িব পাৰিবা? বাবাই কৈ দিব তুমি গৈ ক্ষত্ৰিয় কুলত জন্ম লবা। শেষৰ ফালে হয়তো দ্বৈত মুকুট পাবা। স্বৰ্গৰ পূৰা সুখ পাব নোৱাৰা। যিসকলে পূৰা সেৱা কৰিব, পঢ়িব তেওঁলোকেই পূৰা সুখ পাব। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। এইটোৱে চিন্তা থাকিব লাগে - এতিয়া যদি নহওঁ তেন্তে কল্প কল্পলৈ হব নোৱাৰিম। প্ৰত্যেকে নিজক জানিব পাৰে, মই কিমান নম্বৰ লৈ উত্তীৰ্ণ হম। সকলো গম পাই যায় তেতিয়া কোৱা হব হবলগীয়া আছিল। অন্তৰত দুখ হব নহয় জানো। বহি বহি মোৰ কি হৈ গল! বহি থাকোতে মনুষ্য মৰিও যায় সেইকাৰণে পিতাই কয় - এলাহ নকৰিবা। পুৰুষাৰ্থ কৰি পতিতৰ পৰা পাৱন হৈ থাকা, ৰাস্তা দেখুৱাই থাকা। যি মিত্ৰ-সম্বন্ধীয় আদি আছে, তেওঁলোকৰ প্ৰতি দয়াশীল হব লাগে। দেখা যায় এওঁ বিকাৰ অবিহনে, লেতেৰা বস্তু নোখোৱাকৈ থাকিব নোৱাৰে, তথাপিও বুজাই থকা উচিত। যদি নামানে তেন্তে বুজিবা আমাৰ কুলৰ নহয়। চেষ্টা কৰি মাৰ ঘৰৰ, শহুৰৰ ঘৰৰ কল্যাণ কৰিব লাগে। এনেকুৱাও চলন হ'ব নালাগে যাতে কোনোবাই কয় এওঁতো আমাৰ সৈতে কথাই নাপাতে, মুখ ঘূৰাই দিলে। নহয়, সকলোৰে লগত মিলি থাকিব লাগে। আমি তেওঁলোকৰো কল্যাণ কৰিব লাগে। বহুত দয়াশীল হ'ব লাগে। আমি সুখৰ ফালে যাওঁ গতিকে অন্যকো ৰাস্তা দেখুৱাব লাগে। তোমালোক অন্ধৰ লাখুটি হোৱা নহয় জানো। গায়ন কৰে - অন্ধৰ লাখুটি তোমালোক। চকুতো সকলোৰে আছে তথাপি আহ্বান কৰে কিয়নো জ্ঞানৰ তৃতীয় নেত্র নাই। শান্তি-সুখৰ ৰাস্তা দেখুৱাওঁতা একমাত্ৰ পিতাহে হয়। এয়া তোমালোক সন্তানসকলৰ বুদ্ধিত এতিয়া আছে। আগতে বুজিছিলা জানো। ভক্তি মাৰ্গত কিমান মন্ত্ৰ জপে। ৰাম ৰাম বুলি কৈ মাছক খুৱায়, পৰুৱাক খুৱায়। এতিয়া জ্ঞান মাৰ্গততো একোৱে কৰাৰ প্ৰয়োজন নাই। পক্ষীতো অনেক মৰি যায়। এচাটি ধুমুহা আহিলেই কিমান মৰি যায়। প্ৰাকৃতিক দুৰ্যোগো (নেচাৰেল কেলেমেটিজ) এতিয়া বহুত জোৰেৰে আহিব। এই আখৰা (ৰিহাৰচেল) চলি থাকিব। এই সকলোবোৰ বিনাশতো হ'বই। ভিতৰি বুজা যায় এতিয়া আমি স্বৰ্গলৈ যাম। তাত আমাৰ অতি সুন্দৰ মহল (অট্টালিকা) সাজিম। যেনেকৈ কল্প পূৰ্বে সাজিছিলোঁ। সাজিবও সেয়াই যি কল্প পূৰ্বে সাজিছিল। সেই সময়ত সেই বুদ্ধি উদয় হৈ যাব। তাৰ খেয়াল এতিয়া কিয় কৰিব লাগে, তাতকৈতো পিতাৰ স্মৃতিত থাকা। স্মৃতিৰ যাত্ৰাক পাহৰি নাযাবা। মহলতো তৈয়াৰ হবই কল্প পূৰ্বৰ দৰে। কিন্তু এতিয়া স্মৃতিৰ যাত্ৰাত থকাৰ দায়িত্বও পালন কৰা আৰু বহুত আনন্দিত হৈ থাকিব লাগে যে আমি পিতা, শিক্ষক, সৎগুৰুক পাইছোঁ। এইটো আনন্দততো শিহৰিত হৈ যাব লাগে। তোমালোকে জানা যে আমি আহিছোঁৱেই অমৰপুৰীৰ মালিক হ'বলৈ। এইটো আনন্দ স্থায়ী হৈ থকা উচিত। ইয়াত থাকিলে তেতিয়া তাত 21 জন্ম স্থায়ী হৈ যাব। বহুতক স্মৰণ কৰাই থাকিলে নিজৰো স্মৃতি বাঢ়িব। তেতিয়া অভ্যাস হৈ যাব। এইটো জানা যে এই অপবিত্ৰ সৃষ্টিত জুই লাগিব। তোমালোক ব্ৰাহ্মণসকলৰেই এইটো খেয়াল আছে ইমান বিশাল সৃষ্টি নাশ হৈ যাব। সত্যযুগত এয়া একোৱেই গম নাপাবা। এতিয়া অন্ত, তোমালোকে স্মৃতিত থকাৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পতিতৰ পৰা পাৱন হোৱাৰ পুৰুষাৰ্থত এলাহ কৰিব নালাগে। যি মিত্ৰ সম্বন্ধীয় আদি আছে তেওঁলোকৰ প্ৰতি দয়াশীল হৈ বুজাব লাগে, এৰি দিব নালাগে।

(2) এনেকুৱা চলন হ'ব নালাগে যাতে কোনোৱে কয় যে এওঁতো মুখ ঘূৰাই দিছে। দয়াশীল হৈ সকলোৰে কল্যাণ কৰিব লাগে আৰু সকলো খেয়াল (বিচাৰ) এৰি এজন পিতাৰ স্মৃতিত থাকিব লাগে।

বৰদান:
সামৰি লোৱাৰ শক্তিৰ দ্বাৰা অশুদ্ধকো শুদ্ধ কৰোঁতা বিশ্ব পৰিৱৰ্তক হোৱা

আনৰ ভুল দেখি নিজে ভুল নকৰিবা। যদিহে কোনোবাই ভুল কৰে তেতিয়া আমি যাতে শুদ্ধ পথত থাকোঁ, তেওঁৰ সংগৰ প্রভাৱত যাতে নাহোঁ, যিসকল প্ৰভাৱত আহি যায় তেওঁলোক অমনোযোগী হৈ যায়। প্ৰত্যেকে কেৱল এইটোৱে দায়িত্ব লোৱা যে মই শুদ্ধ পথতেই থাকিম, যদি অন্যই ভুল কৰে তেন্তে সেই সময়ত সামৰি লোৱাৰ শক্তি ব্যৱহাৰ কৰা। কাৰোবাৰ ভুলক নোট কৰাৰ (আঙুলিয়াই দিয়াৰ) সলনি তেওঁক সহযোগৰ নোট দিয়া অৰ্থাৎ সহযোগেৰে ভৰপূৰ কৰি দিয়া তেতিয়া বিশ্ব পৰিৱৰ্তনৰ কাৰ্য সহজেই হৈ যাব।

স্লোগান:
নিৰন্তৰ যোগী হ'বলৈ হলে মই আৰু মোৰ বোধক বেহদলৈ (অসীমলৈ) পৰিৱৰ্তন কৰা।