08.02.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


" মৰমৰ সন্তানসকল মই সদায় বাণীৰ পৰা নিলগত , মই আহিছো তোমালোক সন্তানসকলক উপৰাম কৰি তুলিবলৈ , এতিয়া তোমালোক সকলোৰে বানপ্ৰস্থ অৱস্থা , এতিয়া বা ণীৰ পৰা নিলগৰ ঘৰলৈ যাব লাগে

প্ৰশ্ন:
ভাল পুৰুষাৰ্থী বিদ্যাৰ্থী বুলি কাক কোৱা হ ব ? তেওঁৰ মুখ্য লক্ষণ সমূহ শুনোৱা ?

উত্তৰ:
ভাল পুৰুষাৰ্থী বিদ্যাৰ্থী সেইজন, যিয়ে নিজে নিজৰ সৈতে কথা পাতিব জানে, সূক্ষ্ম অধ্যয়ন কৰে। পুৰুষাৰ্থী বিদ্যাৰ্থীয়ে সদায় নিজক নিৰীক্ষণ কৰি থাকিব যে মোৰ ভিতৰত কোনো আসুৰী স্বভাৱতো নাই? দৈৱী গুণ কিমানলৈকে ধাৰণ কৰিছো? তেওঁ নিজৰ ৰেজিষ্টাৰ ৰাখে যে ভাই-ভাই দৃষ্টি সদায় থাকেনে? অশুদ্ধ চিন্তনতো নচলে?

ওঁম্ শান্তি।
আত্মিক সন্তানসকলৰ প্ৰতি, যিয়ে বাণীৰ পৰা নিলগত যাবলৈ, অৰ্থাৎ ঘৰলৈ যাবলৈ পুৰুষাৰ্থ কৰি আছে। সেইয়া সকলো আত্মাৰে ঘৰ। তোমালোকে বুজি পোৱা যে এতিয়া আমি এই শৰীৰ এৰি ঘৰলৈ যাব লাগে। পিতাই কয় - মই আহিছো তোমালোকক ঘৰলৈ লৈ যোৱাৰ অৰ্থে, সেইবাবে দেহ আৰু দেহৰ সম্বন্ধৰ পৰা উপৰাম হব লাগে। এয়াটো হৈছে ছিঃছিঃ দুনিয়া। এইটোও আত্মাই জানে যে আমি এতিয়া যাব লাগে। পিতা আহিছে পাৱন কৰি তুলিবলৈ। আকৌ আমি পাৱন দুনিয়ালৈ যাব লাগে। এইটো ভিতৰি ভিতৰি বিচাৰ সাগৰ মন্থন চলি থাকিব লাগে। অন্য কাৰোৰে এনেকুৱা বিচাৰ নাহিব। তোমালোকে বুজি পোৱা আমি নিজে অন্তৰেৰে এই শৰীৰ এৰি নিজৰ ঘৰলৈ গৈ পুনৰ নতুন পবিত্ৰ সম্বন্ধত, নতুন দুনিয়াত আহিম। এইটো স্মৃতিও বহুত কম সংখ্যকৰহে থাকে। পিতাই কয় - সৰু, ডাঙৰ, বৃদ্ধ আদি সকলোৱে উভতি যাব লাগিব। আকৌ নতুন দুনিয়াৰ পাৱন সম্বন্ধত আহিব লাগিব। বাৰে বাৰে বুদ্ধিত আহিব লাগে যে আমি এতিয়া ঘৰলৈ যাবৰ কাৰণে তৈয়াৰী কৰি আছো। যিয়ে কৰিব তেওঁহে লগত যাব। যিয়ে এতিয়া ঈশ্বৰৰ অৰ্থে কৰে তেওঁ গৈ নতুন দুনিয়াত পদ্মাপদমপতি হয়গৈ। দুনিয়াৰ লোকে পুৰণি দুনিয়াত ইনডাইৰেক্ট (পৰোক্ষ ভাৱে) কৰে। এনেকৈ ভাবে যে ঈশ্বৰে ইয়াৰ ফল দিব। এতিয়া পিতাই বুজাইছে যে সেইয়া তোমালোকে অলপ সময়ৰ ক্ষণভংগুৰ পোৱা। এতিয়া মই আহিছো, তোমালোকক ৰায় দিওঁ - এতিয়া যি দিবা সেয়া তোমালোকে 21 জন্মৰ বাবে পদমৰ হিচাপত পাবা। তোমালোকে বুজি পোৱা ডাঙৰ মানুহৰ ঘৰত গৈ জন্ম লমগৈ। মইতো নাৰায়ণ অথবা লক্ষ্মী হম। গতিকে ইমানখিনি মেহনত (চেষ্টা) কৰিব লাগে। আমি এতিয়া এই পুৰণি ছিঃছিঃ দুনিয়াৰ পৰা যাবলৈ তৈয়াৰী কৰি আছো। এই পুৰণি দুনিয়া, পুৰণা শৰীৰ এৰিব লাগিব। এনেকৈ তৈয়াৰ হৈ থাকিব লাগে যাতে অন্তিম সময়ত কোনো স্মৃতিলৈ নাহে। যদি পুৰণি দুনিয়া অথবা মিত্ৰ-সম্বন্ধীয় আদি স্মৃতিলৈ আহে তেনেহলে কি গতি হব? তোমালোকে কোৱা নহয় যে অন্ত কালত যিয়ে স্ত্ৰীক স্মৰণ কৰে সেইবাবে পিতাক অনুসৰণ কৰিব লাগে। এনেকুৱা নহয়, বাবা বৃদ্ধ হয় সেইবাবে বুজি পায় এই শৰীৰ এৰিবই লাগিব। নহয়, তোমালোক সকলোৱে বৃদ্ধ হোৱা। সকলোৰে বানপ্ৰস্থ অৱস্থা, সকলোৱে উভতি যাব লাগিব সেইবাবে পিতাই কয় - এই পুৰণি দুনিয়াৰ পৰা বুদ্ধি যোগ চিঙি পেলোৱা। এতিয়াতো যাব লাগে নিজৰ ঘৰলৈ। পাছত তাত যিমান সময় থাকিবলগীয়া হব সিমান সময় তাত থাকিবা। যিমানেই পাছলৈ ভূমিকা থাকিব সিমানেই পিছত গৈ শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰিবা। কিছুমানেতো 5000 বছৰতকৈ 100 বছৰ কম সময়ৰ বাবেও শান্তি ধামত থাকিব। শেষৰ ফাললৈ আহিব। যেনেদৰে কাশী কলৱত খায়, সকলো পাপ তৎক্ষণাৎ শেষ হৈ যায়। শেষৰ ফালে অহাসকলৰ পাপ কি হব! আহিল আৰু গল। বাকী মুক্তি কোনেও পাব নোৱাৰে। তাত থাকি কি কৰিব। ভূমিকাতো নিশ্চয় পালন কৰিবই লাগিব। তোমালোকৰ ভূমিকা হৈছে আৰম্ভণিতে অহাৰ। গতিকে পিতাই কয় - সন্তানসকল, এই পুৰণি দুনিয়াক পাহৰি গৈ থাকা। এতিয়াতো যাব লাগে, 84ৰ ভূমিকা সম্পূৰ্ণ হল। তোমালোক পতিত হৈ গলা। এতিয়া পুনৰ নিজকে আত্মা বুলি ভাবি পিতাক স্মৰণ কৰা। দৈৱী গুণো ধাৰণ কৰা।

পিতাই বুজায় - সন্তানসকল, নিজক নিৰীক্ষণ কৰি থাকা-মোৰ ভিতৰত কোনো আসুৰী স্বভাৱতো নাই? তোমালোকৰ দৈৱী স্বভাৱ হব লাগে। তাৰ বাবে চাৰ্ট (তালিকা) ৰাখা তেতিয়া পৰিপক্ক হৈ গৈ থাকিবা। কিন্তু মায়া এনেকুৱা যে চাৰ্ট ৰাখিবলৈ নিদিয়ে। দুই-চাৰিদিন ৰাখি আকৌ এৰি দিয়ে কিয়নো ভাগ্যত নাই। ভাগ্যত থাকিলে বহুত ভাল ৰীতিৰে চাৰ্ট ৰাখিব। স্কুলত ৰেজিষ্টাৰ নিশ্চয় ৰাখে। ইয়াতো সকলো কেন্দ্ৰতে সকলোৰে চাৰ্ট, ৰেজিষ্টাৰ ৰাখিব লাগে। তাৰ পিচত চাব লাগে মই সদায় যাওঁনে? দৈৱীগুণ ধাৰণ কৰিছোনে? ভাই-ভনীৰ সম্বন্ধৰ পৰাও উৰ্দ্ধত যাব লাগে। মাত্ৰ ভাই-ভাইৰ আত্মিক দৃষ্টিহে থাকিব লাগে। মই আত্মা হওঁ। কাৰোৰে যেন অশুদ্ধ দৃষ্টি নাথাকে। ভাই-ভনীৰ সম্বন্ধও এইবাবেই কিয়নো তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰী হোৱা। এজন পিতাৰ সন্তান হোৱা। এই সংগমযুগতেই ভাই-ভনীৰ সম্বন্ধত থাকা। তেতিয়া বিকাৰি দৃষ্টি বন্ধ হৈ যাব। এজন পিতাকেই স্মৰণ কৰিব লাগে। বাণীৰ পৰাও নিলগত যাব লাগে। এনেকৈ নিজৰ সৈতে বাৰ্তালাপ কৰা এয়া হৈছে সূক্ষ্ম অধ্যয়ন, ইয়াত আৱাজ (শব্দ) কৰাৰ দৰকাৰ নাই। এয়াতো সন্তানসকলক বুজাবৰ কাৰণে আৱাজত আহিবলগীয়া হয়। বাণীৰ পৰা নিলগত যাবলৈও বুজাবলগীয়া হয়। এতিয়া উভতি যাব লাগিব। পিতাক আহ্বান কৰা হৈছে যে আহা, আমাক লগত লৈ যোৱা। আমি পতিত, উভতি যাব নোৱাৰো। পতিত দুনিয়াত এতিয়া পাৱন কোনে কৰি তুলিব! সাধু-সন্ত আদি কোনেও পাৱন কৰি তুলিব নোৱাৰে। নিজেই পাৱন হবলৈ গংগা স্নান কৰে। পিতাক নাজানে। যিয়ে কল্পৰ আগতে জানিছিল তেওঁৱেই এতিয়া পুৰুষাৰ্থ কৰি আছে। এই পুৰুষাৰ্থো পিতাৰ বাহিৰে কোনেও কৰাব নোৱাৰে। পিতাই হৈছে সকলোতকৈ উচ্চ। এনেকুৱা পিতাক শিল-পাথৰত আছে বুলি কৈ মনুষ্যৰ কি অৱস্থা হৈ গল! চিৰি তললৈ নামিয়েই আহিল। কত সেই সম্পূৰ্ণ নিৰ্বিকাৰী, কত এয়া সম্পূৰ্ণ বিকাৰী। এই কথাবোৰ মানিবও সেইসকলে যিয়ে কল্পৰ আগতে মানিছিল। তোমালোকৰ কৰ্তব্য হৈছে যিয়েই আহে তেওঁক পিতাৰ আদেশৰ বিষয়ে শুনোৱা। চিৰিৰ চিত্ৰৰ ওপৰত বুজোৱা। সকলোৰে এতিয়া বানপ্ৰস্থ অৱস্থা। সকলোৱে শান্তিধাম আৰু সুখধামলৈ যাব। সুখধামলৈ তেওঁলোক যাব যিয়ে আত্মাক বুদ্ধিযোগ বলৰ দ্বাৰা সম্পূৰ্ণ পবিত্ৰ কৰি তুলিব। ভাৰতৰ প্ৰাচীন যোগৰো গায়ন আছে। আত্মাৰ এতিয়া স্মৃতি আহে যথাযথ আমি আগতেও আহিছো। এতিয়া পুনৰ উভতি যাব লাগিব। তোমালোকৰ নিজৰ পাৰ্ট স্মৃতিলৈ আহে। যি এই কূললৈ আহিবলগীয়া নহয় তেওঁৰ এইটো স্মৃতিলৈও নাহে যে মই পবিত্ৰ হব লাগে। পবিত্ৰ হবলৈকে মেহনত (চেষ্টা) কৰিবলগীয়া হয়। পিতাই কয় - নিজকে আত্মা বুলি ভাবি মোক স্মৰণ কৰা তেতিয়া বিকৰ্মাজীৎ হবাগৈ আৰু ভাই-ভনী বুলি ভাবিলে দৃষ্টি পৰিৱৰ্তন হৈ যাব। সত্যযুগত দৃষ্টি অশুদ্ধ নহয়। পিতাইতো বুজাই থাকে সন্তানসকল নিজকে সোধা - মই সত্যযুগী দেৱতা হওঁ নে কলিযুগী মনুষ্য হওঁ? তোমালোক সন্তানসকলে বহুত ভাল-ভাল, চিত্ৰ, শ্লগান আদি বনাব লাগে। এখন চিত্ৰ দ্বাৰা এইটো সুধিব লাগে - সত্যযুগী হোৱা নে কলিযুগী? আনখন চিত্ৰ দ্বাৰা আকৌ অন্য এটা প্ৰশ্ন সুধিব লাগে, এনেকৈ উদ্দীপনাৰ সৃষ্টি কৰিব লাগে।

পিতাইতো শ্ৰীমত দিয়ে পতিতক পাৱন কৰি তুলিবৰ কাৰণে। বাকী তোমালোকৰ ধাণ্ডা আদিৰ বিষয়ে মই কি জানো। পিতাক আহ্বানেই কৰিছা যে আহি মনুষ্যৰ পৰা দেৱতা হোৱাৰ মাৰ্গ-দৰ্শন কৰা, সেয়া মই আহি শুনাওঁ। কিমান সৰল কথা। ইঙ্গিতেই বহুত সহজ - মনমনাভৱ। নিজকে আত্মা বুলি ভাবি পিতাক স্মৰণ কৰা। অৰ্থ নুবুজাৰ কাৰণে গঙ্গাক পতিত-পাৱনী বুলি ভাবি ললে। পতিত-পাৱনতো পিতা হয়। এতিয়া সকলোৰে কয়ামতৰ (নিষ্পত্তিৰ)সময়। হিচাব-নিকাচ পৰিশোধ কৰাই উভতাই লৈ যায়। পিতাই বুজালে বুজিও পায় কিন্তু ভাগ্যত নাথাকিলে অধঃপতিত হৈ পৰে। পিতাই কয় - ভাই-ভনী বুলি ভাবা, কেতিয়াও যেন কু-দৃষ্টি নাযায়। কাৰোবাৰ কামৰ ভূত, লোভৰ ভূত আহি যায়, কেতিয়াবা ভাল খাদ্য (ভোজন) দেখিলে আসক্তি জাগে। চানাৱালা দেখিলে, অন্তৰে খাবলৈ বিচাৰে। আকৌ যদি খাই দিয়ে তেন্তে অৱস্থা কেঁচা হোৱাৰ কাৰণে সোনকালে তাৰ প্ৰভাৱ পৰি যায়। বুদ্ধি ভ্ৰষ্ট হৈ যায়। মা-পিতা, অনন্য সন্তানসকলক যিসকলক প্ৰমানপত্ৰ (মান্যতা) দিয়া হয় তেওঁলোকক অনুসৰণ কৰিব লাগে। যজ্ঞৰ পৰা যি পোৱা যায় তাক মিঠা বুলি ভাবি খাব লাগে। লোভৰ বশৱৰ্তী হব নালাগে। যোগৰো প্ৰয়োজন। যোগ নাথাকিলে কব অমুক বস্তুটো খাব লাগে, নহলে বেমাৰত পৰি যাম। বুদ্ধিত এইটো থাকিব লাগে যে মই আহিছো দেৱতা হবলৈ। এতিয়া মই উভতি ঘৰলৈ যাব লাগিব। আকৌ সন্তান হৈ মাতৃৰ কোলালৈ আহিম। মাকে যি খায় বা পাণ কৰে তাৰ প্ৰভাৱ সন্তানৰ ওপৰতো পৰে। তাত এনেকুৱা কোনো কথা নাথাকে। তাত সকলো ফাৰ্ষ্টক্লাছ (সৰ্বোৎকৃষ্ট) হব। মোৰ (সন্তানৰ) বাবে মায়ে ফাৰ্ষ্টক্লাছ খাদ্য আদি খাব, যি মোৰ পেটলৈ আহিব। তাতটো হয়েই ফাৰ্ষ্টক্লাছ। জন্মৰে পৰাই আহাৰ-পানী সকলো শুদ্ধ হয়। গতিকে এনেকুৱা স্বৰ্গলৈ যাবৰ কাৰণে তৈয়াৰী কৰিব লাগে। পিতাক স্মৰণ কৰিব লাগে।

পিতাই আহি আমাক ৰিজ্যুভেনেট (পুনৰুজ্জীৱিত) কৰি তোলে। দুনিয়াৰ লোকে বান্দৰৰ গ্লান্স (হৰমন) মনুষ্যৰ শৰীৰত প্ৰয়োগ কৰে। এনেকৈ ভাবে মই ডেকা হৈ যাম। যেনেদৰে বেলেগৰ হাৰ্ট (কলিজা) বেলেগৰ শৰীৰত সংস্থাপন কৰে। পিতাই কোনো হাৰ্ট সংস্থাপন নকৰে। পিতাই আহি পৰিৱৰ্তন কৰেহি। বাকী এয়া সকলো হৈছে বিজ্ঞান। বোমা আদি তৈয়াৰ কৰে। এইবোৰতো দুনিয়াকেই শেষ কৰি দিয়া বস্তু। তমোপ্ৰধান বুদ্ধি নহয় জানো। তেওঁতো আনন্দিত হয় যে এয়াও হবলগীয়া নিৰ্ধাৰিত হৈ আছে। বোমা নিশ্চয় সাজিবই লাগিব। শাস্ত্ৰত আকৌ লিখা আছে পেটৰ পৰা মিচাইল ওলাল, তাৰ পাছত এনেকুৱা হল। এতিয়া পিতাই বুজাইছে - এইবোৰ সকলো ভক্তি মাৰ্গৰ কথা। ৰাজযোগতো ময়েই শিকাইছিলো। সেয়াটো এটা কাহিনী হৈ গল, যি শুনি-শুনি এই অৱস্থা হৈ গল। এতিয়া পিতাই সঁচা সত্য নাৰায়ণৰ কথা, তৃতীয় নেত্ৰৰ কথা, অমৰনাথৰ কথা শুনাই আছে। এই পঢ়াৰ দ্বাৰা তোমালোকে এই পদ পোৱা। বাকী কৃষ্ণ আদিতো নাই, যেনেকৈ দেখুৱাইছে যে স্বদৰ্শন চক্ৰৰ দ্বাৰা সকলোকে মাৰিলে। মইতো কেৱল ৰাজযোগ শিকাই পাৱন কৰি তোলো। মই তোমালোকক স্বদৰ্শন চক্ৰধাৰী কৰি তোলো। তেওঁলোকে আকৌ কৃষ্ণৰ হাতত চক্ৰ অদি দেখুৱাই দিছে। স্বদৰ্শন চক্ৰ ঘূৰাব কেনেকৈ? এয়া জানো যাদুৰ কথা। এয়া সকলো গ্লানি কৰি নিদিলে জানো। সেয়াও আধা কল্প ধৰি চলে। কিমান আচৰিত ড্ৰামা (নাটক)। এতিয়া সৰু-ডাঙৰ সকলোৰে বানপ্ৰস্থ অৱস্থা। এতিয়া আমি যাব লাগিব সেইবাবে পিতাক স্মৰণ কৰিব লাগে। অন্য একো যাতে স্মৃতিলৈ নাহে। এনেকুৱা অৱস্থা যদি হয় তেতিয়াহে উচ্চ পদ পাব পাৰিবা। নিজৰ অন্তৰক সুধিব লাগে - মোৰ ৰেজিষ্টাৰ কিমানলৈকে ঠিক আছে? ৰেজিষ্টাৰৰ দ্বাৰা চলনৰ বিষয়ে জানিব পৰা যাব - নিয়মীয়াকৈ পঢ়ে নে নপঢ়ে? কিছুমানেতো মিছাকৈও কৈ দিয়ে। পিতাই কয় - সঁচা কথা শুনাবা, সঁচা নুশুনালে তোমাৰ নিজৰেই ৰেজিষ্টাৰৰ বেয়া হব। ভগৱানৰ সৈতে পবিত্ৰ হোৱাৰ প্ৰতিজ্ঞা কৰি পুনৰ ভংগ কৰিলে তোমাৰ কি অৱস্থা হব। বিকাৰত অধঃপতিত হলে খেল সমাপ্ত। প্ৰথম নম্বৰৰ শত্ৰু হৈছে দেহ-অভিমান, তাৰ পাছত কাম, ক্ৰোধ। দেহ-অভিমানত আহিলেই বৃত্তি বেয়া হয় সেইবাবে পিতাই কয় - দেহী-অভিমানী হোৱা। অৰ্জুনো এওঁৱেই নহয় জানো। কৃষ্ণৰেই আত্মা আছিল। অৰ্জুন নাম জানো হয়, নামতো সলনি হয়, যাৰ শৰীৰত প্ৰৱেশ কৰে। মনুষ্যইতো কৈ দিয়ে এই (কল্প) বৃক্ষ আদি তোমালোকৰ কল্পনা। মনুষ্যই যি কল্পনা কৰে সেইয়া দেখিবলৈ পোৱা যায়।

তোমালোক সন্তানসকল বহুত আনন্দিত হব লাগে- এতিয়া আমি গৈ স্বৰ্গত শিশু হমগৈ। আকৌ নাম, ৰূপ, দেশ, কাল সকলো নতুন হব। এইয়া বেহদৰ ড্ৰামা। সকলো পূৰ্ব নিৰ্ধাৰিত। যি হবলগীয়া আছে সেয়া হবই তেন্তে আমি চিন্তানো কিয় কৰো? ড্ৰামাৰ ৰহস্য এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে অন্য কোনেও নাজানে। দুনিয়াত এতিয়া সকলো পূজাৰী। যত পূজাৰী থাকে তত পূজ্য এজনো থাকিব নোৱাৰে। পূজ্য থাকেই সত্যযুগ-ত্ৰেতাত। কলিযুগত হৈছে পূজাৰী, তেন্তে আকৌ তোমালোকে নিজকে পূজ্য বুলি কেনেকৈ কব পাৰা? পূজ্যতো দেৱী-দেৱতাসকলহে হয়। পূজাৰী হৈছে মনুষ্য। মূল কথা পিতাই বুজায়- পাৱন হবলৈ হলে মামেকম্(মনে মনে কেৱল মোক) স্মৰণ কৰা। ড্ৰামা অনুসাৰে যিয়ে যিমান পুৰুষাৰ্থ কৰিছিল সিমানেই কৰিব। অচ্ছা!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰ বাবে মুখ্য সাৰ :
(1) নিজৰ অধ্যয়নৰ ৰেজিষ্টাৰৰ ৰাখিব লাগে। নিজৰ চাৰ্ট (তালিকা) চাব লাগে যে মোৰ ভাই-ভনীৰ দৃষ্টি কিমানকে থাকে? মোৰ দৈৱী স্বভাৱ হৈছেনে?

(2) নিজৰ জিভাৰ ওপৰত বহুত নিয়ন্ত্ৰণ ৰাখিব লাগে। বুদ্ধিত যাতে থাকে যে মই দেৱতা হবলৈ গৈ আছো সেইবাবে খোৱা-বোৱাৰ ওপৰত বহুত ধ্যান দিব লাগে। জিভা চঞ্চল হব নালাগে। মা-পিতাক অনুসৰণ কৰিব লাগে।

বৰদান:
প্ৰতিটো ক্ষণকে অন্তিম ক্ষণ বুলি ভাবি সদায় এভাৰেডী ( সদা প্ৰস্তুত ) হৈ থাকোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা

নিজৰ অন্তিম ক্ষণৰ কোনো ভৰসা নাই সেইবাবে প্ৰতিটো ক্ষণকেঅন্তিম ক্ষণ বুলি বুজি এভাৰেডী (সদা প্ৰস্তুত)হৈ থাকা। এভাৰেডী অৰ্থাৎ তীব্ৰ পুৰুষাৰ্থী। এনেকৈ নাভাবিবা যে এতিয়া বিনাশ হবলৈ কিছু সময় লাগিব তাৰ পাছৰ তৈয়াৰ হৈ যাম। নহয়। প্ৰতিটো ক্ষণেই অন্তিম ক্ষণ সেইবাবে সদায় নিৰ্মোহী, নিৰ্বিকল্প (নেতিবাচক সংকল্পৰ পৰা মুক্ত), নিৰ-ব্যৰ্থ (ব্যৰ্থৰ পৰা মুক্ত)। ব্যৰ্থও যাতে নাথাকে তেতিয়া কোৱা হব এভাৰেডী। কিবা কৰ্ম কৰিবলৈ আছে কিন্তু নিজৰ স্থিতি সদায় উপৰাম হোৱা উচিত, যি হব সেইয়া ভালেই হব।

স্লোগান:
নিজৰ হাতত আইন উঠাই লোৱাটোও ক্ৰোধৰ অংশ হয়।