08.02.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল এই আত্মিক হস্পিতালে তোমালোকক আধাকল্পৰ বাবে এভৰহেল্ডী (সৰ্বদা স্বাস্থ্যৱান) কৰি তুলিব, ইয়াততোমালোক দেহী-অভিমানী হৈ বহা

প্ৰশ্ন:
ধান্দা (পেছাগত কাম-কাজ) আদি কৰি থাকিও কোনটো ডায়ৰেক্সন (নিৰ্দেশনা)ৰ স্মৃতি বুদ্ধিত ৰাখিব লাগে?

উত্তৰ:
পিতাৰ ডায়ৰেক্সন হৈছে তোমালোকে কোনো সাকাৰ বা আকাৰক স্মৰণ নকৰিবা, এজন পিতাৰ স্মৃতি থাকিহে তেতিয়া বিকৰ্ম বিনাশ হ'ব। এই ক্ষেত্ৰত কোনেও এনেকৈ ক'ব নোৱাৰে যে আজৰি নাই। সকলো কৰিও স্মৃতিত থাকিব পাৰা।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকল প্ৰতি পিতাৰ গুড্‌ মৰ্নিং (সু-প্ৰভাত)। গুড্‌ মৰ্নিঙৰ পাছত সন্তানসকলক কোৱা হয় যে পিতাক স্মৰণ কৰা। আহ্বানো কৰে - হে পতিত-পাৱন আহি পাৱন কৰি তোলা সেয়েহে পিতাই প্ৰথমতে কয় - আত্মিক পিতাক স্মৰণ কৰা। আত্মিক পিতাতো সকলোৰে এজনেই হয়। ফাদাৰক (পিতাক) কেতিয়াও সৰ্বব্যাপি বুলি মানি লোৱা নহয়। গতিকে যিমান পাৰি সন্তানসকলে প্ৰথমে পিতাক স্মৰণ কৰা, এজন পিতাৰ বাহিৰে কোনো সাকাৰ বা আকাৰক স্মৰণ নকৰিবা। এয়াতো একেবাৰে সহজ নহয় জানো। মনুষ্যই কয় - আমি ব্যস্ত হৈ থাকোঁ, আজৰি নাই। কিন্তু ইয়াততো সদায় আজৰি আছে। পিতাই যুক্তি শুনায় - এইটোও জানা যে পিতাক স্মৰণ কৰিলেহে আমাৰ পাপ ভস্ম হব। মুখ্য কথা এইটোৱেই। ধান্দা আদি কৰাত কোনো বাধা নাই। এই সকলো কৰিও কেৱল পিতাক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হব। এইটোতো বুজি পায় যে আমি পতিত, সাধু-সন্ত, ঋষি-মুনি আদি সকলোৱে সাধনা কৰে। ভগৱানক পাবৰ বাবে সাধনা কৰে। গতিকে যেতিয়ালৈকে তেওঁৰ পৰিচয় নাপায় তেতিয়ালৈকেতো প্ৰাপ্ত কৰিব নোৱাৰে। তোমালোকে জানা যে পিতাৰ পৰিচয় জগতত কাৰোৱেই নাই। শৰীৰৰ পৰিচয়তো সকলোৰে আছে। ডাঙৰ বস্তুৰ অতি সোনকালে পৰিচয় হৈ যায়। আত্মাৰ পৰিচয়তো যেতিয়া পিতা আহিব তেতিয়াহে দিব। আত্মা আৰু শৰীৰ দুটা বস্তু। আত্মা হৈছে এটা তৰা আৰু অতি সূক্ষ্ম। আত্মাক কোনেও দেখিব নোৱাৰে। সেয়েহে যেতিয়া ইয়াত আহি বহা তেতিয়া দেহী-অভিমানী হৈ বহিব লাগে। এইখনো আধাকল্পৰ বাবে এভৰহেল্‌ডী হোৱাৰ হস্পিতাল নহয় জানো। আত্মাতো হৈছে অবিনাশী, কেতিয়াও বিনাশ নহয়। আত্মাৰেই সকলো ভূমিকা। আত্মাই কয় - মই কেতিয়াও বিনাশ নহওঁ। ইমানবিলাক আত্মা সকলো অবিনাশী। শৰীৰ হৈছে বিনাশী। এতিয়া তোমালোকৰ বুদ্ধিত এইটো ধাৰণ হৈছে যে আমি আত্মা অবিনাশী হওঁ। আমি 84 জন্ম লওঁ, এইখন হৈছে নাটক। ইয়াত কোন কোন ধৰ্মৰ প্ৰতিষ্ঠাপক কেতিয়া আহে, কিমান জন্ম লয় এয়াতো জানা। 84 জন্মৰ যি গায়ন কৰা হয় সেয়া নিশ্চয় কোনো এটা ধৰ্মৰ হব। সকলোৰেতো হব নোৱাৰে। সকলো ধৰ্ম একেলগেতো নাহে। আমি বহি বেলেগৰ হিচাপ কিয় উলিয়াও! এইটো জানে যে অমুক অমুক সময়ত ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে। সেয়া পাছত বৃদ্ধি হয়। সকলো সতোপ্ৰধানৰ পৰা তমোপ্ৰধানতো হবই লাগিব। সৃষ্টি যেতিয়া তমোপ্ৰধান হয় তেতিয়া পুনৰ পিতা আহি সতোপ্ৰধান সত্যযুগ স্থাপন কৰে। এতিয়া তোমালোক সন্তানসকলে জানো যে আমি ভাৰতবাসীয়েই পুনৰ নতুন সৃষ্টিলৈ আহি ৰাজ্য কৰিম, অন্য কোনো ধৰ্ম নাথাকিব। তোমালোক সন্তানসকলৰ মাজতো যিসকলে উচ্চ পদ প্ৰাপ্ত কৰিব তেওঁলোকে বেছিকৈ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰে আৰু বাতৰিও লিখে যে বাবা মই ইমান সময় স্মৃতিত থাকোঁ। কিছুমানেতো লাজতে পুৰা খবৰ নিদিয়ে। এনেকৈ ভাবে যে বাবাই কি বুলি কব। কিন্তু গমতো পোৱা যায় নহয় জানো। স্কুলত শিক্ষকে ষ্টুডেণ্টক (বিদ্যাৰ্থীক) নকব জানো যে তোমালোকে যদি নপঢ়া তেন্তে ফেল (অনুত্তীৰ্ণ) হৈ যাবা। লৌকিক মা-পিতায়ো সন্তানৰ পঢ়াৰ পৰা বুজি পায়, এইখনতো বহুত ডাঙৰ স্কুল। ইয়াততো ক্ৰমানুসৰি বহোৱা নহয়। বুদ্ধিৰে বুজা যায়, ক্ৰমানুসৰিতো হয়েই নহয় জানো। এতিয়া পিতাই ভাল-ভাল সন্তানসকল অন্য ঠাইলৈ পঠিয়াই দিয়ে, তেওঁলোক গুচি গলে তেতিয়া আনসকলে লিখে আমাক মহাৰথীৰ প্ৰয়োজন, তেন্তে এইটো নিশ্চয় বুজি পায় যে তেওঁলোক আমাতকৈ বুদ্ধিমান আৰু নামিগ্ৰামী। ক্ৰমানুসৰিতো হয়েই। প্ৰদৰ্শনীলৈও অনেক প্ৰকাৰৰ আহে সেয়েহে নিৰীক্ষণ কৰিবলৈ গাইডো থিয় হৈ থাকিব লাগে। সোধা-পোছা কৰোঁতাসকলেতো জানে যে এওঁ কেনে ধৰণৰ ব্যক্তি। তেতিয়া ইংগিত দিব লাগে যে এওঁক তুমি বুজোৱা। তোমালোকে বুজি পোৱা যে ফাৰ্ষ্ট গ্ৰেড, চেকেণ্ড গ্ৰেড, থাৰ্ড গ্ৰেড সকলোধৰণৰ আছে। তাততো সকলোৰে সেৱা কৰিব লাগে। কোনোবা ডাঙৰ ব্যক্তি হলে তেতিয়া ডাঙৰ ব্যক্তিৰ খাতিৰতো সকলোৱে কৰেই। এইটো হৈছে নিয়ম। পিতা বা শিক্ষকে শ্ৰেণীত সন্তানসকলৰ মহিমা কৰে, এয়াও সকলোতকৈ শ্ৰেষ্ঠ খাতিৰ। নাম উজ্জ্বল কৰা সন্তানসকলৰ মহিমা অথবা খাতিৰ কৰা হয়। এওঁ ধনৱান, ৰিলিজিয়চ মাইণ্ডেড (ধাৰ্মিক মনোবৃত্তিৰ) হয় এয়াও খাতিৰ কৰা নহয় জানো। এতিয়া তোমালোকে এইটো জানা যে উচ্চতকৈ উচ্চ হৈছে ভগৱান। এনেকৈ কয়ো যে উচ্চতকৈ উচ্চ হয়, যদি কোৱা তেওঁৰ বায়গ্ৰাফী (জন্মবৃতান্ত) শুনোৱা তেতিয়া কৈ দিব সৰ্বব্যাপি হয়। বচ একেবাৰে তললৈ নমাই দিয়ে। এতিয়া তোমালোকে বুজাব পাৰা যে সকলোতকৈ উচ্চতকৈ উচ্চ হৈছে ভগৱান, তেওঁ হৈছে মূলবতন নিবাসী। সূক্ষ্মবতনত দেৱতাসকল আছে। ইয়াত থাকে মনুষ্য। গতিকে উচ্চৰো উচ্চ ভগৱান নিৰাকাৰেই নহল জানো।

এতিয়া তোমালোকে জানা যে আমি যি হীৰাৰ নিচিনা আছিলোঁ আমিয়েই আকৌ কড়িৰ নিচিনা হৈ গলোঁ আকৌ ভগৱানক নিজতকৈও বেছি তললৈ লৈ গলোঁ। চিনিয়েই নাপায়। তোমালোক ভাৰতবাসীয়েহে পৰিচয় পোৱা পুনৰাই পৰিচয় কম হৈ যায়। এতিয়া তোমালোকে পিতাৰ পৰিচয় সকলোকে দি আছা। বহুতে পিতাৰ পৰিচয় পাব। তোমালোকৰ মুখ্য চিত্ৰ হৈছেএই ত্ৰিমূৰ্ত্তি, সৃষ্টি চক্ৰ আৰু বৃক্ষ। এই চিত্ৰবোৰত কিমান (জ্ঞানৰ) প্ৰকাশ আছে। এনেকৈতো সকলোৱে কব যে এই লক্ষ্মী-নাৰায়ণ সত্যযুগৰ মালিক আছিল। বাৰু, সত্যযুগৰ আগতে কি আছিল? এয়াও এতিয়া তোমালোকে জানা। এতিয়া হৈছে কলিযুগৰ অন্ত আৰু হয়ো প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজ্য। এতিয়া ৰাজ্যতো নাই, কিমান পাৰ্থক্য। সত্যযুগৰ আদিত ৰজা আছিল আৰু এতিয়া কলিযুগৰ অন্ততো ৰজা আছে। যদিও সেইসকল পবিত্ৰ নহয় কিন্তু কোনোবাই ধনৰ বিনিময়তো টাইটল (উপাধি) লৈ লয়। মহাৰজাতো কোনো নাই। টাইটল কিনি লয়। যেনেকৈ পাটিয়ালাৰ মহাৰজা, যোধপুৰ, বিকানিৰৰ মহাৰজা.. নামতো লয় নহয় জানো। এই নাম অবিনাশী ভাৱে চলি থাকে। আগতে পবিত্ৰ মহাৰজা আছিল, এতিয়া হৈছে অপবিত্ৰ মহাৰজা। ৰজা, মহাৰজা শব্দবোৰ চলি থাকে। এই লক্ষ্মী-নাৰায়ণৰ ক্ষেত্ৰত কোৱা হব - এওঁলোক সত্যযুগৰ মালিক আছিল, কোনে ৰাজ্য ললে? এতিয়া তোমালোকে জানা যে ৰাজ্য স্থাপনা কেনেকৈ হয়। পিতাই কয় - মই তোমালোকক এতিয়া 21 জন্মৰ কাৰণে পঢ়াওঁ। তেওঁলোকেতো পঢ়ি এই জন্মতে বেৰিষ্টাৰ আদি হয়। তোমালোকে এতিয়া পঢ়ি ভৱিষ্যতে মহাৰজা-মহাৰাণী হোৱাগৈ। ড্ৰামা প্লেন (নাটকৰ পৰিকল্পনা) অনুসৰি নতুন সৃষ্টিৰ স্থাপনা হৈ আছে। এতিয়া হৈছে পুৰণি সৃষ্টি। যিমানেই সুন্দৰ-সুন্দৰ বৃহৎ মহল নাথাকক কিয় হীৰা-মুকুতাৰ মহল নিৰ্মাণ কৰাৰ শক্তি এতিয়া কাৰো নাই। সত্যযুগত এই সকলো হীৰা-মুকুতাৰ মহল নিৰ্মাণ নকৰে জানো। নিৰ্মাণ কৰিবলৈ সময় নালাগে। ইয়াতো আৰ্থকোৱেক (ভূমিকম্প) আদি হলে তেতিয়া বহুত কাৰিকৰ লগাই দিয়ে, এক দুই বছৰতে গোটেই চহৰ সম্পূৰ্ণ কৰি দিয়ে। নতুন দিল্লী নিৰ্মাণ কৰিবলৈ 8-10 বছৰ লাগিল কিন্তু ইয়াৰ শ্ৰমিক আৰু তাৰ শ্ৰমিকৰ মাজত পাৰ্থ্যকতো আছে নহয় জানো। আজিকালিতো নতুন-নতুন ইনভেনশ্বনো (আৱিস্কাৰো) কৰি থাকে। ঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিজ্ঞানো বৰ শক্তিশালী, সকলো তৈয়াৰ কৰি থোৱা পোৱা যায়, তৎক্ষণাৎ ফ্লেট তৈয়াৰ হৈ যায়। বহুত কম সময়ত নিৰ্মাণ সম্পূৰ্ণ হৈ যায় গতিকে এই সকলোবিলাক তাতো কামত আহিব। এই সকলো লগত যাব। সংস্কাৰতো থাকি যাব নহয় জানো। এই বিজ্ঞানৰ সংস্কাৰো তালৈ যাব। সেয়েহে এতিয়া পিতাই সন্তানসকলক বুজাই থাকে, পাৱন হবলৈ হলে পিতাক স্মৰণ কৰা। পিতায়ো গুড্‌ মৰ্নিং জনাই পুনৰ শিক্ষা দিয়ে। সন্তানসকল পিতাৰ স্মৃতিত বহিছানে? চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ কৰা কিয়নো জন্ম-জন্মান্তৰৰ পাপৰ বোজা শিৰত আছে। ছিৰি নামি নামি 84 জন্ম লয়। এতিয়া আকৌ এটা জন্মত আৰোহণৰ কলা হয়। যিমানে পিতাক স্মৰণ কৰি থাকিবা সিমানে আনন্দিত হৈ থাকিবা, শক্তি পাবা। বহুত সন্তান আছে যিসকলক প্ৰথম নম্বৰত ৰখা হয় কিন্তু স্মৃতিত একেবাৰে নাথাকে। যদিও জ্ঞানত তীক্ষ্ণ কিন্তু স্মৃতিৰ যাত্ৰাত নাথাকে। পিতাইতো সন্তানসকলৰ মহিমা কৰে। এৱোঁ প্ৰথম নম্বৰত আছে তেন্তে নিশ্চয় মেহনতো কৰে। তোমালোকে সদায় এনেকৈ বুজিবা যে শিৱবাবাই বুজায় তেতিয়া বুদ্ধিযোগ তাত লাগি থাকিব। এৱোঁ শিকিবতো লাগিব নহয় জানো। তথাপিও কয় - বাবাক স্মৰণ কৰা। যিকোনো লোককে বুজাবলৈ চিত্ৰ আছে। ভগৱান বুলি নিৰাকাৰজনকে কোৱা হয়। তেওঁ আহি শৰীৰ ধাৰণ কৰে। এজন ভগৱানৰ সন্তান সকলো আত্মা ভাই-ভাই হয়। এতিয়া এই শৰীৰত বিৰাজমান হৈ আছে। সকলো অকালমূৰ্ত, এয়া হৈছে অকালমূৰ্তৰ (আত্মাৰ) আসন। অকাল আসন অন্য কোনো বেলেগ বস্তু নহয়। এয়া (ভ্ৰকুটি) হৈছে অকালমূৰ্তৰ আসন। ভ্ৰকুটিৰ মাজত আত্মা বিৰাজমান হয় ইয়াকে অকাল আসন বুলি কোৱা হয়। অকাল আসন হৈছে অকালমূৰ্তৰ। আত্মা সকলো অকাল হয়, কিমান অতি সূক্ষ্ম হয়। পিতাতো হৈছে নিৰাকাৰ। তেওঁ নিজৰ আসন ক'ৰ পৰা আনিব। পিতাই কয় - মোৰো এইখন আসন হয়। মই আহি এই আসন ধাৰত লওঁ। ব্ৰহ্মাৰ সাধাৰণ বৃদ্ধ শৰীৰত অকাল আসনত আহি মই বহোঁ। এতিয়া তোমালোকে জানিলা যে সকলো আত্মাৰ এয়া হৈছে আসন। মনুষ্যৰহে কথা কোৱা হয়, জীৱ জন্তুৰ কথাতো নহয়। প্ৰথমতে মনুষ্য যি জীৱ জন্তুতকৈও অধোগতিলৈ গ'ল, তেওঁলোকৰতো শুধৰণি হওক। কোনোবাই জীৱ জন্তুৰ কথা সুধিলে তেতিয়া কবা যে প্ৰথমে নিজকতো শুধৰাই লোৱা। সত্যযুগততো জীৱ জন্তুও বহুত ভাল ফাৰ্ষ্টক্লাচ্‌ (উৎকৃষ্ট) হ'ব। আৱৰ্জনা আদি একো নাথাকিব। ৰজাৰ মহলত যদি পাৰ আদিৰ বিষ্ঠা থাকে তেতিয়া দণ্ড বিহিব। অলপো আৱৰ্জনা নাথাকে। তাত বহুত সাৱধান হৈ থাকে। পহৰা দি থাকে, কেতিয়াও কোনো জীৱ জন্তু ভিতৰত সোমাব নোৱাৰে। বহুত চাফ-চিকুনতা থাকে। লক্ষ্মী-নাৰায়ণৰ মন্দিৰো কিমান চাফ-চিকুনকৈ ৰাখে। শংকৰ-পাৰ্ৱতীৰ মন্দিৰত পাৰ চৰায়ো দেখুৱায়। গতিকে নিশ্চয় মন্দিৰো লেতেৰা কৰে। শাস্ত্ৰততো বহুত মিছা কথা লিখি দিছে।

এতিয়া পিতাই সন্তানসকলক বুজায়, তাৰ ভিতৰতো অলপহে আছে যিয়ে ধাৰণা কৰিব পাৰে। বাকী সকলেতো একোৱেই বুজি নাপায়। পিতাই সন্তানসকলক কিমান মৰমেৰে বুজায় - সন্তানসকল, বহুত মধুৰ হোৱা। মুখেৰে যাতে সদায় জ্ঞান ৰত্নই উচ্চাৰিত হৈ থাকে। তোমালোক হৈছা ৰূপ-বসন্ত (জ্ঞানী-যোগী)। তোমালোকৰ মুখেৰে কেতিয়াও পাথৰ (কটু বচন) উচ্চাৰিত হ'ব নালাগে। আত্মাৰেই মহিমা হয়। আত্মাই কয় - মই ৰাষ্ট্ৰপতি হওঁ, অমুক হওঁ.....। মোৰ শৰীৰৰ নাম এইটো। বাৰু, আত্মাসকল কাৰ সন্তান? এক পৰমাত্মাৰ। তেন্তে নিশ্চয় তেওঁৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হব। তেওঁ আকৌ সৰ্বব্যাপি কেনেকৈ হ'ব পাৰে! তোমালোকে বুজি পোৱা যে আমিও প্ৰথমতে একোৱেই জনা নাছিলোঁ। এতিয়া কিমান বুদ্ধি উদয় হল। তোমালোক যিকোনো মন্দিৰলৈ গ'লে বুজিবা যে এয়াতো সকলো মিছা চিত্ৰ। 10 ভূজাধাৰী, হাতীৰ শুঁৰ থকা কিবা চিত্ৰ থাকে জানো! এই সকলোবিলাক হৈছে ভক্তি মাৰ্গৰ সামগ্ৰী। বাস্তৱতে ভক্তি হব লাগে এজন শিৱবাবাৰ যিজন সকলোৰে সৎগতি দাতা হয়। তোমালোকৰ বুদ্ধিত আছে - এই লক্ষ্মী-নাৰায়ণেও 84 জন্ম লয়। আকৌ উচ্চতকৈও উচ্চ পিতাহে আহি সৎগতি দিয়ে। তেওঁতকৈ উচ্চ আৰু কোনো নাই। এই জ্ঞানৰ কথাবোৰ তোমালোকৰ মাজতো ক্ৰমানুসৰি ধাৰণা কৰিব পাৰে। ধাৰণা কৰিব নোৱাৰিলে বাকী কি কামৰ হলা। কিছুমানতো অন্ধৰ লাখুটি হোৱাৰ সলনি অন্ধহে হৈ যায়। গায়ে গাখীৰ নিদিলে তেতিয়া গোশালত ভৰাই হয়। ইয়াতো জ্ঞান ৰূপী দুগ্ধ দিব নোৱাৰে। বহুত আছে, যিসকলে একো পুৰুষাৰ্থ নকৰে। বুজি নাপায় যে আমি কিবাতো কাৰোবাৰ কল্যাণ কৰোঁ। নিজৰ ভাগ্যৰ প্ৰতি খেয়ালে নাথাকে। বচ, যি পাইছে সেয়াই ভাল। তেন্তে পিতাই কব - এওঁৰ ভাগ্যত নাই। নিজৰ সৎগতি কৰাৰ বাবে পুৰুষাৰ্থতো কৰিব লাগে। দেহী-অভিমানী হব লাগে। পিতা কিমান উচ্চতকৈ উচ্চ আৰু চোৱা আহে কেনেকৈ পতিত সৃষ্টিত, পতিত শৰীৰত। তেওঁক পতিত সৃষ্টিতে আহ্বান কৰে। যেতিয়া ৰাৱণে দুখ দিয়ে তেতিয়া একেবাৰে ভ্ৰষ্ট কৰি দিয়ে, তেতিয়া পিতা আহি শ্ৰেষ্ঠ কৰি তোলে। যিয়ে ভাল পুৰুষাৰ্থ কৰে তেওঁলোক ৰজা-ৰাণী হৈ যায়, যিয়ে পুৰুষাৰ্থ নকৰে তেওঁ দৰিদ্ৰ হৈ যায়। ভ্যাগত নাথাকিলে পুৰুষাৰ্থ কৰিব নোৱাৰে। কিছুমানেতো বহুত সুন্দৰ ভাগ্য গঢ়ি লয়। প্ৰত্যেকেই নিজক চাব পাৰে যে মই কিমান সেৱা কৰোঁ। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ৰূপ-বসন্ত (জ্ঞানী-যোগী) হৈ মুখেৰে সদায় জ্ঞান ৰত্ন উচ্চাৰিত কৰিব লাগে, বহুত মধুৰ হব লাগে। কেতিয়াও পাথৰ (কটু বচন) উচ্চাৰিত কৰিব নালাগে।

(2) জ্ঞান আৰু যোগত তীক্ষ্ণ হৈ নিজৰ আৰু আনৰ কল্যাণ কৰিব লাগে, নিজৰ উচ্চ ভাগ্য গঢ়ি তোলাৰ পুৰুষাৰ্থ কৰিব লাগে। অন্ধৰ লাখুটি হব লাগে।

বৰদান:
প্ৰবৃত্তিৰ বিস্তাৰত থাকি ফৰিস্তা স্বৰূপৰ সাক্ষাৎকাৰ কৰাওঁতা সাক্ষাৎকাৰ মূৰ্ত হোৱা

প্ৰবৃত্তিৰ বিস্তাৰ থকা সত্বেও বিস্তাৰক সামৰি লোৱাৰ আৰু উপৰাম হোৱাৰ অভ্যাস কৰা। এতিয়াই স্থূল কাৰ্য কৰি আছা, এতিয়াই অশৰীৰী হৈ গলা - এইটো অভ্যাসে ফৰিস্তা স্বৰূপৰ সাক্ষাৎকাৰ কৰাব। উচ্চ স্থিতিত থাকিলে সৰু-সৰু কথা ব্যক্ত ভাৱ যেন অনুভৱ হব। উচ্চলৈ গলে নীচাত্মিকাবোধ আপোনাআপুনি আঁতৰি যাব, পৰিশ্ৰমৰ পৰা ৰক্ষা পৰিবা। সময়ো লাঘৱ হব, সেৱাও তীব্ৰ গতিৰে সম্পন্ন হব। বুদ্ধি ইমান বিশাল হৈ যাব যে একেটা সময়তে অনেক কাৰ্য কৰিব পাৰিবা।
 

স্লোগান:
আনন্দক স্থায়ী কৰি ৰাখিবলৈ হলে আত্মাৰূপী দীপকত জ্ঞান ঘৃত নিতৌ ঢালি থাকা।