08.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকলএইসংগমযুগহৈছেউ
ত্তমতকৈওউত্তমহোৱাৰযুগ, ইয়াতেইতোমালো
কেপতিতৰপৰাপাৱনহৈপাৱনসৃষ্টিৰচিবলাগে

প্ৰশ্ন:
অন্তিমকষ্টদায়কচিনবোৰ(দৃশ্যাৱলী)
চাবৰকাৰণেশক্তিকিহৰআধাৰতআহিব?

উত্তৰ:
দেহ ভাৱ (দেহৰ বোধ) আতৰাই গৈ থাকা। অন্তিমৰ চিনবোৰ বহুত কাঢ়া। পিতাই সন্তানসকলক শক্তিশালী কৰি তুলিবৰ কাৰণে অশৰীৰী হবলৈ ইংগিত দিয়ে। যেনেকৈ পিতা এই শৰীৰৰ পৰা উপৰাম হৈ তোমালোকক শিকায়, তেনেকৈ তোমালোক সন্তানসকলেও নিজক শৰীৰৰ পৰা ভিন্ন বুলি ভাবা, অশৰীৰী হোৱাৰ অভ্যাস কৰা। বুদ্ধিত থাকিব লাগে যে এতিয়া ঘৰলৈ যাব লাগে।

ওঁম্শান্তি।
মিঠা-মিঠা আত্মিক সন্তানসকল শৰীৰ সহিত ইয়াত আছে। পিতাও এতিয়া শৰীৰ সহিত আছে। এই ঘোঁৰা বা গাড়ীত আৰোহী হৈ আছে আৰু সন্তানসকলক কি শিকায়? জীৱন্তে মৃত্যু কেনেকৈ হয়, পিতাৰ বাহিৰে অন্য কোনেও এয়া শিকাব নোৱাৰে। পিতাৰ পৰিচয় সকলো সন্তানে প্ৰাপ্ত কৰিছে, তেওঁ জ্ঞানৰ সাগৰ পতিত-পাৱন হয়। জ্ঞানৰ দ্বাৰাহে তোমালোক পতিতৰ পৰা পাৱন হোৱা আৰু পাৱন সৃষ্টিও ৰচিব লাগে। এই পতিত সৃষ্টিৰ ড্ৰামা প্লেন (নাটকৰ পৰিকল্পনা) অনুসৰি বিনাশ হ'বই। কেৱল যিয়ে পিতাক চিনি পায় আৰু ব্ৰাহ্মণো হয়, তেওঁলোকেই পুনৰ পাৱন সৃষ্টিত আহি ৰাজ্য কৰে। পবিত্ৰ হ'বৰ কাৰণে ব্ৰাহ্মণো নিশ্চয় হ'ব লাগিব। এই সংগম যুগ হৈছেই পুৰুষোত্তম অৰ্থাৎ উত্তমতকৈও উত্তম পুৰুষ হোৱাৰ যুগ। তেওঁলোকে ক'ব উত্তমতো বহুত সাধু, সন্ত, মহাত্মা, মন্ত্ৰী, ধনী ব্যক্তি, প্ৰেচিডেণ্ট (ৰাষ্ট্ৰপতি) আদিও হয়। কিন্তু নহয়, এয়াতো কলিযুগৰ ভ্ৰষ্টাচাৰী সৃষ্টি, পুৰণি সৃষ্টি হয়, পতিত সৃষ্টিত পাৱন এজনো নাই। এতিয়া তোমালোক সংগমযুগী হৈছা। সেই লোকসকলে পানীকে পতিত-পাৱন বুলি ভাবে। কেৱল গংগা নহয়, যিবিলাক নদী আছে, য'তেই পানী দেখা পায়, ভাবি লয় পানীয়ে পাৱন কৰি তোলোতা। এইটো বুদ্ধিত বহি আছে। কোনোবা ক'লৈ, কোনোবা আন কৰবালৈ যায়। অৰ্থাৎ পানীত স্নান কৰিবলৈ যায়। কিন্তু পানীৰ দ্বাৰাতো কোনো পাৱন হ'ব নোৱাৰে। যদি পানীত স্নান কৰিলে পাৱন হৈ যায় তেন্তে এই সময়ত গোটেই সৃষ্টি পাৱন হলহেঁতেন। এই সকলোবিলাকেই পাৱন সৃষ্টিত থাকিব লাগিছিল। এয়াতো পুৰণি নিয়ম চলি আহিছে। সাগৰততো গোটেই আৱৰ্জনা আদি গৈ পৰে, তেন্তে সেই সাগৰে আকৌ পাৱন কেনেকৈ কৰিব? আত্মাহে পাৱন হ'ব লাগে। ইয়াৰ বাবেতো পৰমপিতাক লাগিব যিয়ে আত্মাক পাৱন কৰি তুলিব। গতিকে তোমালোকে বুজাব লাগে - পাৱন থাকেই সত্যযুগত, পতিত থাকে কলিযুগত। এতিয়া তোমালোক সংগমযুগত আছা। পতিতৰ পৰা পাৱন হ'বৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। তোমালোকে জানা আমি শূদ্ৰ বৰ্ণৰ আছিলোঁ, এতিয়া ব্ৰাহ্মণ বৰ্ণৰ হৈছোঁ। শিৱবাবাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ কৰি তোলে। আমি হৈছোঁ প্ৰকৃত মুখ বংশাৱলী ব্ৰাহ্মণ। সেয়া হৈছে কোষ বংশাৱলী। প্ৰজাপিতা, তেন্তে প্ৰজা সকলো হৈ গল। প্ৰজাৰ পিতা হৈছে ব্ৰহ্মা। তেওঁতো গ্ৰেট্ গ্ৰেট্ গ্ৰেণ্ড ফাদাৰ (অতি মহান পিতামহ) হৈ গ'ল। নিশ্চয় তেওঁ আছিল পিছত ক'লৈ গ'ল? পুনৰ্জন্মতো লয় নহয় জানো। এয়াতো সন্তানসকলক বুজোৱা হৈছে, ব্ৰহ্মাইও পুনৰ্জন্ম লয়। ব্ৰহ্মা আৰু সৰস্বতী, মা আৰু পিতা। তেওঁলোকেই পুনৰ মহাৰজা-মহাৰাণী, লক্ষ্মী-নাৰায়ণ হয়, যাক বিষ্ণু বুলি কোৱা হয়। তেওঁলোকেই আকৌ 84 জন্মৰ পাছত আহি ব্ৰহ্মা সৰস্বতী হয়। এই ৰহস্যতো বুজোৱা হৈছে। এনেকৈ কোৱাও হয় যে জগত অম্বাতো গোটেই জগতৰ মা হৈ গ'ল। লৌকিক মাতো প্ৰত্যেকৰে নিজৰ-নিজৰ ঘৰত বহি আছে। কিন্তু জগত অম্বাক কোনেও নাজানেই। এনেয়ে অন্ধশ্ৰদ্ধাৰে কৈ দিয়ে। কাকোৱেই নাজানে। যাক পূজা কৰে তেওঁৰ কৰ্তব্যক নাজানে। এতিয়া তোমালোক সন্তানসকলে জানা যে ৰচয়িতা হৈছে উচ্চতকৈও উচ্চ। এইয়া হৈছে ওলোটা বৃক্ষ, ইয়াৰ বীজ ওপৰত আছে। পিতা ওপৰৰ পৰা তললৈ আহিবলগীয়া হয়, তোমালোকক পাৱন কৰি তুলিবৰ কাৰণে। তোমালোক সন্তানসকলে জানা বাবা আহিছে আমাক এই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান দি পুনৰ সেই নতুন সৃষ্টিৰ চক্ৰৱৰ্তী ৰজা-ৰাণী কৰি তোলে। এই চক্ৰৰ ৰহস্য সৃষ্টিত তোমালোকৰ বাহিৰে অন্য কোনেও নাজানে। পিতাই কয় পুনৰ 5 হাজাৰ বছৰৰ পাছত আহি তোমালোকক শুনাম। এই ড্ৰামা পূৰ্ব নিৰ্ধাৰিত। ড্ৰামাৰ নিৰ্মাতা, নিৰ্দেশক মুখ্য ভাওৰীয়া আৰু ড্ৰামাৰ আদি-মধ্য-অন্তক নাজানিলে তেওঁক বুদ্ধিহীন বুলি কোৱা নহ'ব জানো। পিতাই কয় 5 হাজাৰ বছৰৰ আগতেও মই তোমালোকক বুজাইছিলোঁ। তোমালোকক নিজৰ পৰিচয় দিছিলোঁ। যেনেকৈ এতিয়া দি আছো। তোমালোকক পবিত্ৰও কৰি তুলিছিলোঁ, যেনেকৈ এতিয়া কৰি আছোঁ। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। তেওঁৱেই সৰ্বশক্তিমান পতিত-পাৱন হয়। গায়নো আছে - অন্তিম সময়ত যি স্মৃতিলৈ আহিব সেই অনুসৰিয়েই বাৰে বাৰে তেনেকুৱা যোনিত যাব (জন্ম লব)। এতিয়া এই সময়ত তোমালোকে জন্মতো লোৱা কিন্তু গাহৰি, মূৰ্গী, কুকুৰ, মেকুৰী নোহোৱা।

এতিয়া বেহদৰ পিতাৰ আগমন হৈছে। পিতাই কয় - মই তোমালোক সকলো আত্মাৰে পিতা হওঁ। এই সকলো কাম চিতাত বহি ক'লা (অপবিত্ৰ) হৈ গৈছে, এওঁলোকক পুনৰ জ্ঞান চিতাত বঢ়াব লাগে। তোমালোক এতিয়া জ্ঞান চিতাত বঢ়িছা। জ্ঞান চিতাত বঢ়ি পিছত পুনৰ বিকাৰলৈ যাব নোৱাৰে। প্ৰতিজ্ঞা কৰে যে আমি পবিত্ৰ হৈ থাকিম। বাবাই কোনো সেই (লৌকিকৰ) ৰাখি নবন্ধোৱায়। সেয়াতো ভক্তি মাৰ্গৰ নিয়ম চলি আহিছে। বাস্তৱত এয়া হৈছে এই সময়ৰ কথা। তোমালোকে বুজি পোৱা যে পবিত্ৰ নোহোৱাকৈ পাৱন সৃষ্টিৰ মালিক কেনেকৈ হ'ম? তথাপিও দৃঢ় কৰিব কাৰণে সন্তানসকলক প্ৰতিজ্ঞা কৰোৱা হয়। কোনোৱে তেজেৰে লিখি দিয়ে, কোনোৱে অন্য প্ৰকাৰে লিখে। বাবা আপুনি আহিছে, আমি আপোনাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় ল'ম। নিৰাকাৰ সাকাৰত আহিছে নহয় জানো। যেনেকৈ পিতা পৰমধামৰ পৰা নামে, তেনেকৈ তোমালোক আত্মাসকলো নামা। ওপৰৰ পৰা তললৈ আহা ভূমিকা পালন কৰিবলৈ। এইটো তোমালোকে বুজি পোৱা যে এয়া সুখ আৰু দুখৰ খেল হয়। আধাকল্প সুখ, আধাকল্প দুখ। পিতাই বুজায় 3/4 ভাগতকৈও বেছি তোমালোকে সুখ ভোগ কৰা। আধা কল্পৰ পাছতো তোমালোক ধনৱান আছিলা। কিমান ডাঙৰ মন্দিৰ আদি সজোৱা হয়। দুখতো পিছলৈ হয়, যেতিয়া একেবাৰে তমোপ্ৰধান ভক্তি হৈ যায়। পিতাই বুজাইছে - তোমালোক প্ৰথমতে অব্যভিচাৰী ভক্ত আছিলা, কেৱল এজনৰেই ভক্তি কৰিছিলা। যিজন পিতাই তোমালোকক দেৱতা কৰি তোলে, সুখধামলৈ লৈ যায়, তেওঁৰহে তোমালোকে পূজা কৰিছিলা পিছত ব্যভিচাৰী ভক্তি আৰম্ভ হয়। প্ৰথমে এজনৰ পূজা পিছত দেৱতাসকলৰ পূজা কৰিছিলা। এতিয়াতো 5 ভূতেৰে ৰচিত শৰীৰকো পূজা কৰে। চৈতন্যৰো আৰু জড়ৰো পূজা কৰে। 5 তত্ত্বৰে গঠিত শৰীৰকো দেৱতা সকলতকৈও উচ্চ বুলি ভাবে। দেৱতাসকলকতো কেৱল ব্ৰাহ্মণেহে স্পৰ্শ কৰে। তোমালোকৰতো অনেক গুৰু লোক আছে। এইয়া পিতাই বহি বুজায়। এৱোঁ (ব্ৰহ্মা; ককা) কয় ময়ো সকলোবোৰ কৰিছিলোঁ। ভিন্ন-ভিন্ন হঠযোগ আদি, কান, নাক মোচৰা আদি সকলোবোৰ কৰিছিলোঁ। শেষত গৈ সকলোবোৰ এৰি দিবলগীয়া হ'ল। সেইটো ধান্দা কৰোঁ নে এইটো ধান্দা কৰোঁ? আলস্য ভাৱ আহি থাকে, ভাগৰি-অশান্ত হৈ পৰিছিলো। প্ৰাণায়ম আদি শিকাত বহুত কষ্ট হয়। আধা কল্প ভক্তি মাৰ্গত আছিলোঁ, এতিয়া গম পাইছোঁ। পিতাই একেবাৰে সঠিককৈ শুনায়। তেওঁলোকে কয় ভক্তি পৰম্পৰাগতভাৱে চলি আহিছে। এতিয়া সত্য যুগত ভক্তি ক'ৰ পৰা আহিল। মনুষ্যই একেবাৰে বুজি নাপায়। মূৰ্খ বুদ্ধিৰ নহয় জানো। সত্য যুগততো এনেকৈ কোৱা নহয়। পিতাই কয় মই প্ৰত্যেক 5 হাজাৰ বছৰৰ পিছত আহোঁ। শৰীৰো তেওঁৰ লওঁ যিয়ে নিজৰ জন্মৰ বিষয়ে নাজানে। এওঁৱেই এক নম্বৰৰ যি সুন্দৰ আছিল, তেওঁৱেই এতিয়া শ্যাম হৈ পৰিল। আত্মাই ভিন্ন-ভিন্ন শৰীৰ ধাৰণ কৰে। গতিকে পিতাই কয় - যাৰ শৰীৰত প্ৰৱেশ কৰোঁ, তেওঁৰ শৰীৰত এতিয়া বহি আছোঁ। কি শিকাব কাৰণে? জীৱন্তে মৰিবলৈ। এই সৃষ্টিৰ পৰাতো মৰিব লাগিব নহয় জানো। এতিয়া তোমালোক পবিত্ৰ হৈ মৰিব লাগে। মোৰ ভূমিকাই হৈছে পাৱন কৰি তোলাৰ। তোমালোক ভাৰতবাসীয়ে আহ্বানেই কৰা - হে পতিত-পাৱন। অন্য কোনেও এনেকৈ নকয় - হে মুক্তিদাতা, দুখৰ সৃষ্টিৰ পৰা মুক্ত কৰিবলৈ আহা। সকলোৱে মুক্তিধামলৈ যাবৰ কাৰণেই যত্ন কৰে। তোমালোক সন্তানসকলে আকৌ পুৰুষাৰ্থ কৰা - সুখধামৰ কাৰণে। সেইয়া হৈছে প্ৰবৃত্তি মাৰ্গৰ লোকসকলৰ কাৰণে। তোমালোকে জানা যে আমি প্ৰবৃত্তি মাৰ্গৰ সকল পবিত্র আছিলোঁ। পুনৰ অপবিত্ৰ হৈ পৰিলোঁ। প্ৰবৃত্তি মাৰ্গৰ লোকসকলৰ কাম নিবৃত্তি মাৰ্গৰ লোকসকলে কৰিব নোৱাৰে। যজ্ঞ, তপ, দান আদি সকলো প্ৰবৃত্তি মাৰ্গৰ লোকসকলে কৰে। তোমালোকে এতিয়া অনুভৱ কৰা যে এতিয়া আমি সকলোকে জানো। শিৱবাবাই আমাক সকলোকে ঘৰত বহি পঢ়াই আছে। বেহদৰ পিতা বেহদৰ সুখ দিওঁতা হয়। তেওঁৰ লগত তোমালোকে বহুত সময়ৰ পিছত মিলিত হৈছা সেই কাৰণে প্ৰেমৰ অশ্ৰু বৈ আহে। বাবা বুলি কোৱাৰ লগে-লগে ৰোমাঞ্চিত হৈ পৰে - অহো! বাবা আহিছে আমাৰ সন্তানসকলৰ সেৱাৰ কাৰণে। বাবাই আমাক এই শিক্ষাৰ দ্বাৰা ফুল বনাই লৈ যায়। এই লেতেৰা ছিঃ-ছিঃ সৃষ্টিৰ পৰা আমাক নিজৰ লগত লৈ যাব। ভক্তি মাৰ্গত তোমালোক আত্মাসকলে কৈছিলা - বাবা আপুনি আহিলে আমি বলিহাৰ হম। আমি আপোনাৰেই হ'ম, দ্বিতীয় আন কোনো নাই। ক্ৰম অনুসৰিতো হয়েই। সকলোৰে নিজৰ-নিজৰ ভূমিকা আছে। কোনোৱেতো পিতাক বহুত প্ৰেম কৰে, যিয়ে স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে। সত্য যুগত কন্দা-কটাৰ নামেই নাথাকে। ইয়াততো কিমান কন্দা-কটা কৰি থাকে। যদি স্বৰ্গলৈয়ে গ'ল তেন্তে আকৌ কন্দা-কটা কিয় কৰিব লাগে আৰুহে বেণ্ড বজাব লাগে। তাততো বেণ্ড বজায়। তমোপ্ৰধান শৰীৰ আনন্দৰে এৰি দিয়ে। এইটো নিয়মো ইয়াৰ পৰা আৰম্ভ হয়। ইয়াত তোমালোকে কোৱা আমি নিজৰ ঘৰলৈ যাব লাগে। তাততো বুজি পায় যে পুনৰ্জন্ম ল'ব লাগিব। গতিকে পিতাই সকলো কথা বুজাই দিয়ে। ভোমোৰাৰ উদাহৰণো তোমালোকৰ কাৰণে। তোমালোক হৈছা ব্ৰাহ্মণী, গোবৰৰ পোকক তোমালোকে ভুঁ-ভুঁ কৰা। তোমালোককতো পিতাই কয় - এই শৰীৰকো এৰি দিব লাগে। জীৱন্তে মৰিব লাগে। পিতাই কয় - নিজক আত্মা বুলি ভাবা, এতিয়া আমি উভতি যাব লাগিব। নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। দেহক পাহৰি যোৱা। পিতাতো বহুত মিঠা হয়। পিতাই কয় - মই তোমালোক সন্তানসকলক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছোঁ। এতিয়া শান্তিধাম আৰু সুখধামক স্মৰণ কৰা। অল্ফ (আল্লা) আৰু বে (বাদশ্বাহী)। এইয়া হৈছে দুখধাম। শান্তিধাম হৈছে আমাৰ আত্মাসকলৰ ঘৰ। আমি ভূমিকা পালন কৰিলোঁ, এতিয়া আমি ঘৰলৈ যাব লাগে। তাত এই ছিঃ-ছিঃ শৰীৰ নাথাকিব। এতিয়াতো এয়া একেবাৰেই জৰ্জৰিত শৰীৰ হৈ পৰিছে। এতিয়া আমাক পিতাই সন্মুখত বহি শিকায়, ইংগিতেৰে। ময়ো আত্মা, তোমালোকো আত্মা। মই শৰীৰৰ পৰা উপৰাম হৈ তোমালোককো তাকেই শিকাওঁ। তোমালোকেও নিজক শৰীৰৰ পৰা ভিন্ন বুলি ভাবা। এতিয়া ঘৰলৈ যাব লাগে। ইয়াততো এতিয়া আৰু থাকিব নালাগে। এইটোও জানা যে এতিয়া বিনাশ হব। ভাৰতত ৰক্তৰ নদী ব'ব। পুনৰ ভাৰততেই গাখীৰৰ নদী ব'ব। ইয়াত সকলো ধৰ্মৰ লোকসকল একেলগে আছে। সকলোৱে নিজৰ মাজত যুদ্ধ লাগি মৰিব। এইয়া হৈছে অন্তিম সময়ৰ মৃত্যু। পাকিস্তানত কি-কি যে হৈছিল। বহুত কাঢ়া চিন (দৃশ্য) আছিল। কোনোবাই দেখিলে বেহুচ্ হৈ পৰিব। এতিয়া বাবাই তোমালোকক শক্তিশালী কৰি তোলে। দেহ ভাৱো (দেহৰ বোধ) আতৰাই দিয়ে।

বাবাই লক্ষ্য কৰে, সন্তানসকল স্মৃতিত নাথাকে, বহুত দুৰ্বল সেই কাৰণে সেৱাও বৃদ্ধি নহয়। ক্ষণে-ক্ষণে লিখে - বাবা, স্মৃতি পাহৰি যাওঁ, বুদ্ধি আপোনাৰ সৈতে নালাগে। বাবাই কয় যোগ শব্দটো এৰি দিয়া। বিশ্বৰ বাদশ্বাহী দিওঁতা পিতাক তোমালোকে পাহৰি যোৱা! আগতে ভক্তিত বুদ্ধি অন্য ফালে গুছি গলে নিজকে চিকুটি দিছিল। বাবাই কয় তোমালোক আত্মা অবিনাশী। কেৱল তোমালোক পাৱন আৰু পতিত হৈ পৰা। বাকী আত্মা কোনো সৰু-ডাঙৰ নহয়। বাৰু!

কল্পৰ পিছত পুনৰাই লগ পোৱা অতি মৰমৰ সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ লগত নিজে কথা পাতা অহো! বাবা আহিছে আমাৰ সেৱাৰ কাৰণে। তেওঁ আমাক ঘৰত বহি পঢ়াই আছে! বেহদৰ বাবা বেহদৰ সুখ দিওঁতা হয়, তেওঁক আমি এতিয়া লগ পাইছোঁ। এনেকৈ স্নেহেৰে বাবা বুলি কোৱা যাতে আনন্দত প্ৰেমৰ অশ্ৰু আহি যায়। নোম শিয়ঁৰি উঠে (ৰোমাঞ্চিত হৈ যোৱা) ।

(2) এতিয়া ঘৰলৈ উভতি যাব লাগে সেই কাৰণে সকলোৰে পৰা মমত্ব আতৰাই জীৱন্তে মৰিব লাগে। এই দেহকো পাহৰিব লাগে। ইয়াৰ পৰা পৃথক হোৱাৰ অভ্যাস কৰিব লাগে।

বৰদান:
কৰ্মৰহিচাপ-নিকাচবুজিলৈনিজৰঅচ
লস্থিতিবনাওঁতাসহজযোগীহোৱা

আগবাঢ়ি গৈ থাকোঁতে যদি কোনো কৰ্মৰ হিচাপ-নিকাচ সন্মুখত আহে তেনে ক্ষেত্ৰত মনক অস্থিৰ নকৰিবা, স্থিতি তল-ওপৰ নকৰিবা। গৈ থাকা আহিছে যেতিয়া চিনাক্ত কৰি দূৰতেই শেষ কৰি দিয়া। এতিয়া যোদ্ধা নহ'বা। সৰ্বশক্তিমান পিতা লগত আছে গতিকে মায়াই অস্থিৰ কৰিব নোৱাৰে। কেৱল নিশ্চয়ৰ ফাউণ্ডেচনক (আধাৰক) প্ৰেক্টিকেলত (ব্যৱহাৰিক ৰূপত) আনা আৰু সময়ত ব্যৱহাৰ কৰা তেতিয়া সহজ যোগী হৈ যাবা। এতিয়া নিৰন্তৰ যোগী হোৱা, যুদ্ধ কৰোঁতা যোদ্ধা নহয়।

স্লোগান:
ডৱললাইটহৈথাকিবলৈনিজৰসক
লোদায়িত্বৰবোজাপিতাকঅৰ্পণকৰিদিয়া।