08.05.22    Avyakt Bapdada     Assame Murli     31.12.90     Om Shanti     Madhuban


*তপস্যাই আটাইতকৈ শ্ৰেষ্ঠ সমাৰোহ, তপস্যা অৰ্থাৎ পিতাৰ সৈতে আনন্দোৎসৱ কৰা*


আজি বাপদাদাই চাৰিওফালৰ সকলো নতুন জ্ঞানৰ দ্বাৰা সকলো সময়ত নতুন জীৱন, নতুন বৃত্তি, নতুন দৃষ্টি, নতুন সৃষ্টিৰ অনুভৱ কৰোঁতা সন্তানসকলক স্নেহৰ বাবে অভিনন্দন জনাই আছে। এই সময়ত চাৰিওফালৰ সন্তানসকলে নিজৰ অন্তৰ ৰূপী দূৰদৰ্শনৰ দ্বাৰা বৰ্তমান সময়ৰ দিব্য দৃশ্য চাই আছে। সকলোৰে এটাই সংকল্প দূৰৈত থাকিও সমীপত অনুভৱ কৰিব লাগে। বাপদাদায়ো সকলো সন্তানক চাই আছে। সকলোৰে নতুন উৎসাহ-উদ্দীপনাৰ আন্তৰিক অভিনন্দনৰ সুৰ শুনি আছে। সকলোৰে বিচিত্ৰ স্নেহভৰা সুৰ বহুত সুন্দৰ হয় সেয়েহে সকলোকে লগে লগে প্ৰতিদানত সঁহাৰি জনাই আছে। নতুন বছৰৰ, নতুন উৎসাহ-উদ্দীপনাৰ সকলো সময়ত নিজৰ মাজত দিব্যতা অনাৰ বাবে সদাকাললৈ অভিনন্দন। কেৱল আজি নৱবৰ্ষৰ বাবে অভিনন্দন নহয়, কিন্তু অবিনাশী পিতাৰ অবিনাশী প্ৰীতি পালন কৰোঁতা সন্তানসকলৰ প্ৰতি সংগমযুগৰ প্ৰতিটো মুহূৰ্ত জীৱনত নবীনতা আনোঁতা হয় সেয়েহে প্ৰতিটো মুহূৰ্তৰ বাবে অবিনাশী পিতাৰ অবিনাশী অভিনন্দন। বাপদাদাৰ বিশেষ আনন্দেৰে ভৰা অভিনন্দনেৰেই সকলো ব্ৰাহ্মণে শ্ৰীবৃদ্ধি কৰি আছে। ব্ৰাহ্মণ জীৱনৰ প্ৰতিপালনৰ আধাৰ হৈছে অভিনন্দন। অভিনন্দনৰ আনন্দেৰেই আগবাঢ়ি গৈ আছা। পিতাৰ স্বৰূপত সকলো সময়তে অভিনন্দন। শিক্ষকৰ স্বৰূপত সকলো সময়তে চাব্বাচ চাব্বাচ ৰ বাণীয়ে সন্মান সহকাৰে উৰ্ত্তীণ কৰাই আছে। সৎগুৰুৰ ৰূপত প্ৰতিটো শ্ৰেষ্ঠ কৰ্মৰ আশীৰ্বাদ সহজে আৰু আনন্দময় জীৱনৰ অনুভৱ কৰাই আছে সেইবাবে পদমাপদম ভাগ্যৱান হোৱা। ভাগ্যবিধাতা ভগৱানৰ সন্তান হৈ গলা অৰ্থাৎ সম্পূৰ্ণ ভাগ্যৰ অধিকাৰী হৈ গলা। মনুষ্যইতো বিশেষ দিনত বিশেষ অভিনন্দন জনায় আৰু তোমালোকে কেৱল নৱবৰ্ষৰ অভিনন্দন পোৱা নেকি? এক তাৰিখৰ পৰা দুই তাৰিখ হৈ গলে তেতিয়া অভিনন্দনো সমাপ্ত হৈ যাব নেকি? তোমালোকৰ বাবে সকলো সময়, প্ৰতিটো মুহূৰ্ত বিশেষ হয়। সংগমযুগ হয়েই বিশেষ যুগ, অভিনন্দনৰ যুগ। নিতৌ অমৃতবেলা পিতাৰ পৰা অভিনন্দন পোৱা নহয়! এয়াতো নিমিত্ত মাত্ৰ দিৱস উদযাপন কৰা। কিন্তু সদায় স্মৃতিত ৰাখিবা যে প্ৰতিটো মুহূৰ্ত আনন্দৰ মুহূৰ্ত। আনন্দই আনন্দ নহয় জানো? যদি কোনোবাই সোধে তোমালোকৰ জীৱনত কি আছে? তেন্তে কি উত্তৰ দিবা? আনন্দই আনন্দ আছে নহয়! গোটেই কল্পৰ আনন্দ এইটো জীৱনতে অনুভৱ কৰা কিয়নো পিতাৰ সৈতে মিলনৰ আনন্দৰ অনুভৱে গোটেই কল্পৰ ৰাজ্য অধিকাৰী আৰু পূজ্য অধিকাৰী দুয়োটাৰে অনুভৱ কৰায়। পূজ্যবোধৰ আনন্দ আৰু ৰাজ্য কৰাৰ আনন্দ - দুয়োটাৰে জ্ঞান এতিয়া আছে, সেয়েহে এতিয়া আনন্দ আছে।

এই বছৰ কি কৰিবা? নবীনতা আনিবা নহয়! এইটো বছৰ সমাৰোহ বৰ্ষ হিচাপে উদযাপন কৰিবা। ভাবি আছা তপস্যা কৰিব লাগে নে সমাৰোহ পাতিব লাগে? তপস্যাই হৈছে আটাইতকৈ শ্ৰেষ্ঠ সমাৰোহ। কিয়নো হঠযোগতো কৰিব নালাগে। তপস্যা অৰ্থাৎ পিতাৰ সৈতে আনন্দোৎসৱ কৰা। মিলনৰ আনন্দ, সৰ্ব প্ৰাপ্তিৰ আনন্দ, সমীপতাৰ অনুভৱৰ আনন্দ, সমান স্থিতিৰ আনন্দ। তেন্তে এয়া সমাৰোহ নহল জানো। সেৱাৰ ডাঙৰ ডাঙৰ সমাৰোহ নকৰিবা, কিন্তু তপস্যাৰ বাতাবৰণ বাণীৰ সমাৰোহতকৈও অধিক আত্মাক পিতাৰ প্ৰতি আকৰ্ষিত কৰিব। তপস্যা হৈছে আত্মিক চুম্বক যে আত্মাসকলৰ শান্তি আৰু শক্তিৰ অনুভৱ দূৰৈৰ পৰাই হব। তেন্তে নিজৰ মাজত কি নবীনতা আনিবা? নবীনতাই সকলোৰে প্ৰিয় হয়। গতিকে সদায় নিজক পৰীক্ষা কৰা যে আজি দিনটোত মনেৰে অৰ্থাৎ নিজৰ সংকল্প শক্তিত কি বিশেষত্ব আনিলোঁ? আৰু অন্য আত্মাসকলৰ প্ৰতি মনৰ সেৱা অৰ্থাৎ শুভ ভাৱনা, শুভ কামনাৰ বিধিৰ দ্বাৰা কিমান বৃদ্ধি প্ৰাপ্ত হল? অৰ্থাৎ শ্ৰেষ্ঠত্বৰ কি নবীনতা আনিলা? লগতে বাণীত মধুৰতা, সন্তুষ্টতা, সৰলতাৰ নবীনতা কিমান আহিল? ব্ৰাহ্মণ আত্মাৰ বাণী সাধাৰণ বাণী নহয়। বাণীত এই তিনিটা কথাৰ অনুভূতি নিজৰ আৰু অন্য আত্মাসকলৰ হওক। ইয়াক নবীনতা বুলি কোৱা হব। লগতে প্ৰতিটো কৰ্মত নবীনতাৰ অৰ্থাৎ প্ৰতিটো কৰ্মই নিজৰ প্ৰতি আৰু অন্য আত্মাসকলৰ প্ৰতি প্ৰাপ্তিৰ অনুভৱ কৰাব। কৰ্মৰ প্ৰত্যক্ষ ফল আৰু ভৱিষ্যতৰ জমা ফলৰ অনুভৱ হওঁক। বৰ্তমান সময়ত প্ৰত্যক্ষ ফল সদায় আনন্দ আৰু শক্তিৰ প্ৰসন্নতাৰ অনুভূতি হওঁক আৰু ভৱিষ্যতৰ জমাৰ অনুভৱ হওঁক। তেতিয়া সদায় নিজক ভৰপূৰ অনুভৱ কৰিবা। কৰ্মৰূপী বীজ প্ৰাপ্তিৰ বৃক্ষৰে ভৰপূৰ হওঁক। খালী হৈ নাথাকক। ভৰপূৰ আত্মাৰ স্বভাৱসিদ্ধ নিচা অলৌকিক হয়। তেন্তে এনেকুৱা নবীনতাৰ কৰ্ম কৰিছানে? লগতে সমন্ধ সম্পৰ্ক ইয়াত কি নবীনতা আনিব লাগে?

এইটো বছৰ দাতাৰ সন্তান মাষ্টৰ দাতা - এইটো স্মৃতি স্বৰূপত অনুভৱ কৰা। লাগিলে ব্ৰাহ্মণ আত্মা হওঁক, বা সাধাৰণ আত্মা হওক কিন্তু যাৰেই সমন্ধ-সম্পৰ্কত আহা, সেই আত্মাসকলৰ মাষ্টৰ দাতাৰ দ্বাৰা প্ৰাপ্তিৰ অনুভৱ হওঁক। লাগিলে সাহস পাওঁক বা উৎসাহ-উদ্দীপনা জাগক, শান্তি আৰু শক্তি পাওক, সহজ বিধি পাওক, আনন্দ পাওক - অনুভৱৰ বৃদ্ধিৰ অনুভূতি হওক। প্ৰত্যককে কিবা নহয় কিবা দিব লাগে, লব নালাগে, দিব লাগে। দিয়াতেই লোৱা সমাহিত হৈ আছে। কিন্তু মই আত্মা মাষ্টৰ দাতা হব লাগে। সেই অনুসৰি নিজৰ স্বভাৱ সংস্কাৰত পিতাৰ সমান হোৱাৰ নবীনতা আনিব লাগে। মোৰ স্বভাৱ নহয়, যি পিতাৰ স্বভাৱ সেয়া মোৰ স্বভাৱ। যি ব্ৰহ্মাৰ সংস্কাৰ সেয়া ব্ৰাহ্মণৰ সংস্কাৰ। এনেকৈ নিতৌ নিজৰ মাজত নবীনতা আনিলে নতুন সংসাৰৰ স্থাপনা স্বতঃ হৈয়েই যাব। তেন্তে বুজিলা নতুন বছৰত কি কৰিবা? যি পাৰ হৈ গল সে পাৰ হৈ যোৱা বৰ্ষৰ সমাপ্তি সমাৰোহ উদযাপন কৰিবা, আৰু বৰ্তমানৰ সমানতা আৰু সমীপতাৰ সমাৰোহ উদযাপন কৰিবা আৰু ভৱিষ্যতৰ সদাকালৰ সফলতাৰ সমাৰোহ উদযাপন কৰিবা। সমাৰোহ বৰ্ষ উদযাপন কৰি উৰি থাকিবা।

ডবল বিদেশীসকলে আনন্দত থকাতো পচন্দ কৰা নহয়! তেন্তে আনন্দৰ বাবে দুটা কথা স্মৃতিত ৰাখিবা- এটা হৈছে ডট (বিন্দু) আৰু আনটো হৈছে নট (নহয়)। নট কাক কৰিব লাগে - এইটোতো জানা নহয়। মায়াক নট এলাও (নিষিদ্ধ কৰিবা)। নট কৰিব জানানে? নে অলপ অলপ এলাও কৰিবা। ডট লগাই দিয়া তেতিয়া নট হৈয়েই যাব। ডবল নিচা আছে নহয়।

ভাৰতবাসীয়ে কি কৰিব? ভাৰত মহান দেশ - এইটো আজিকালিৰ শ্লোগান। আৰু ভাৰতৰে মহান আত্মাসকলক মহাত্মা বুলি গায়ন কৰা হৈছে। গতিকে ভাৰত মহান অৰ্থাৎ ভাৰতবাসী মহান আত্মা। গতিকে সকলো সময়ত নিজৰ মহানতাৰে ভাৰত মহান আত্মাসকলৰ স্থান, দেৱ আত্মাসকলৰ স্থান সাকাৰ ৰূপত কৰি তুলিবা। চিত্ৰ সমাপ্ত হৈ চৈতন্য দেৱ আত্মাসকলৰ স্থান সকলোকে দেখুৱাবা। গতিকে ডবল বিদেশী আৰু ভাৰত নিবাসী নহয়, কিন্তু দুয়োবিধেই এতিয়া মধুবন নিবাসী হোৱা। বাৰু।

চাৰিওফালৰ সকলো মাষ্টৰ দাতা আত্মাসকলক, সদায় পিতাৰ দ্বাৰা অভিনন্দন পোৱা বিশেষ আত্মাসকলক, সদায় আনন্দত থাকোঁতা ভাগ্যৱান আত্মাসকলক, সদায় নিজৰ মাজত নবীনতা আনোঁতা মহান আত্মাসকলক, ফৰিস্তা তথা দেৱ আত্মা হবলৈ ওলোৱা সৰ্বশ্ৰেষ্ঠ আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। প্ৰতিটো মুহূৰ্তৰ বাবে অভিনন্দন আৰু নমস্কাৰ।

দলসমূহৰ সৈতে অব্যক্ত বাপদাদাৰ সাক্ষাৎকাৰ

(1) অচল-অটল আত্মা হওঁ - এনেকুৱা অনুভৱ কৰানে? এফালে অস্থিৰতা আৰু আনফালে তোমালোক ব্ৰাহ্মণ আত্মাসকল সদায় অচল (স্থিৰ)। যিমানে তাত অস্থিৰতা সিমানে তোমালোকৰ ভিতৰত অচল-অটল স্থিতিৰ অনুভৱ বাঢ়ি গৈ আছে। যিয়েই হৈ নাযাওঁক, সকলোতকৈ সহজ যুক্তি হল - একো নতুন নহয়। একো নতুন কথা নহয়। কেতিয়াবা আচম্বিত হোৱা যায় যে এয়া কিয় হৈ আছে, কি হব? আচম্বিত তেতিয়া হোৱা যায় যেতিয়া নতুন কথা হয়। কিবা কথা ভবাই নাই, শুনাই নাই, বুজাই নাই আৰু আকস্মিকভাৱে হৈ গলে তেতিয়া আচম্বিত হোৱা যায়। গতিকে আশ্চৰ্য নহয় কিন্তু ফুলষ্টপ হওঁক। জগত বিবুদ্ধিত পৰোঁতা আৰু তোমালোক আনন্দত থাকোঁতা হোৱা। জগতৰ লোকসকল সৰু সৰু কথাত বিবুদ্ধিত পৰে - কি কৰোঁ, কেনেকৈ কৰোঁ। আৰু তোমালোক সদায় আনন্দত থাকা, বিবুদ্ধিত পৰাতো সমাপ্ত হৈ গল। ব্ৰাহ্মণ মানে আনন্দ, ক্ষত্ৰিয় অৰ্থাৎ বিবুদ্ধিত পৰা। কেতিয়াবা আনন্দ, কেতিয়াবা বিবুদ্ধিত পৰে। তোমালোক সকলোৱে নিজৰ নামেই ব্ৰহ্মাকুমাৰ আৰু ব্ৰহ্মাকুমাৰী বুলি কোৱা। ক্ষত্ৰিয় কুমাৰ আৰু ক্ষত্ৰিয় কুমাৰী বুলিতো নোকোৱা নহয়? সদায় নিজৰ ভাগ্যৰ আনন্দত থাকোঁতা হোৱা। অন্তৰত সদায় স্বতঃ এটাই গীত বাজি থাকে বাঃ! বাবা আৰু বাঃ! মোৰ ভাগ্য! এইটো গীত বাজি থাকে, ইয়াক বজোৱাৰ আৱশ্যকতা নাই। এয়া অনাদি বাজিয়েই থাকে। হায় হায় সমাপ্ত হৈ গল, এতিয়া হল বাঃ! বাঃ! হায় হায় কৰোঁতাতো গৰিষ্ঠ সংখ্যকেই হয় আৰু বাঃ! বাঃ! কৰোঁতা বহুত কম আছে। তেন্তে নৱবৰ্ষত কি স্মৃতিত ৰাখিবা? বাঃ! বাঃ! যি সন্মুখত দেখিলা, যি শুনিলা, যি কলা - সকলো বাঃ! বাঃ! হায় হায় নহয়। হায় এয়া কি হৈ গল! নহয় বাঃ! এয়া বহুত ভাল হল। কোনোবাই বেয়াও কৰক কিন্তু তোমালোকে নিজৰ শক্তিৰে বেয়াক ভাললৈ পৰিৱৰ্তন কৰি দিয়া। এয়াইতো পৰিৱৰ্তন নহয় জানো। নিজৰ ব্ৰাহ্মণ জীৱনত বেয়া নহয়েই। কোনোবাই যদি গালিও দিয়ে তেন্তে মহত্ব গালি দিওঁতাজনৰ, যিয়ে সহন শক্তিৰ পাঠ পঢ়ালে। মহত্বতো হল নহয়, যি তোমালোকৰ মাষ্টৰ হৈ গল। তোমালোকে গমতো পালা যে সহন শক্তি কিমান আছে, তেন্তে বেয়া হল নে ভাল হল? ব্ৰাহ্মণৰ দৃষ্টিত বেয়া নহয়েই। ব্ৰাহ্মণৰ কাণে বেয়া শুনিবলৈ নাপায়েই, সেয়েতো ব্ৰাহ্মণ জীৱন আনন্দৰ জীৱন। এতিয়াই বেয়া, এতিয়া ভাল - তেন্তে আনন্দ থাকিব নোৱাৰে। সদায় আনন্দই আনন্দ। গোটেই কল্পত ব্ৰহ্মাকুমাৰ আৰু কুমাৰী শ্ৰেষ্ঠ হয়। দেৱ আত্মাসকলো ব্ৰাহ্মণৰ তুলনাত একো নহয়। সদায় এইটো নিচাত থাকা, সদায় সুখী হোৱা আৰু আনকো সদায় সুখত ৰাখা। থাকাও আৰু ৰাখাও। মইতো আনন্দত থাকোঁ, এনেকুৱা নহয়। মইতো সকলোকে আনন্দত ৰাখোঁ - এয়াও হওঁক। মইতো সুখত থাকোঁ - এয়াও স্বাৰ্থ হয়। ব্ৰাহ্মণৰ সেৱা কি? জ্ঞান দিয়াই আনন্দিত হবৰ বাবে।

(2) বিশ্বৰ যিমানেই শ্ৰেষ্ঠ আত্মাৰ গায়ন কৰা হয় তেওঁলোকতকৈ তোমালোক কিমান শ্ৰেষ্ঠ হোৱা। পিতা তোমালোকৰ হৈ গল। তেন্তে তোমালোক কিমান শ্ৰেষ্ঠ হৈ গলা! সৰ্ব শ্ৰেষ্ঠ হৈ গলা। সদায় এইটো স্মৃতিত ৰাখিবা যে উচ্চতকৈও উচ্চ পিতাই সৰ্বশ্ৰেষ্ঠ আত্মা কৰি তুলিলে। দৃষ্টি কিমান উচ্চ হৈ গল, বৃত্তি কিমান উচ্চ হৈ গল! সকলো সলনি হৈ গল। এতিয়া কাৰোবাক চালে তেতিয়া আত্মিক দৃষ্টিৰে চাবা আৰু সকলোৰে প্ৰতি কল্যাণৰ বৃত্তি হৈ গল। ব্ৰাহ্মণ জীৱন অৰ্থাৎ প্ৰত্যেক আত্মাৰ প্ৰতি দৃষ্টি আৰু বৃত্তি শ্ৰেষ্ঠ হৈ গল।

(3) নিজে নিজৰ সফলতাৰ তৰা হওঁ - এনেকুৱা অনুভৱ কৰানে? যত সৰ্বশক্তি আছে, তত সফলতা জন্ম সিদ্ধ অধিকাৰ হয়। যিয়েই কাৰ্য কৰা, শৰীৰ নিৰ্বাহৰ অৰ্থেই হওঁক, ঈশ্বৰীয় সেৱাৰ অৰ্থেই হওক। কাৰ্যত কাৰ্য কৰাৰ পূৰ্বে এইটো নিশ্চয় কৰা। নিশ্চয় জন্মাতো ভাল কথা কিন্তু বাস্তৱত অনুভৱী আত্মা হৈ নিশ্চয় আৰু নিচাত থাকা। সৰ্বশক্তি এই ব্ৰাহ্মণ জীৱনৰ সফলতাৰ সাধন হয়। সৰ্বশক্তিৰ মালিক হোৱা সেয়েহে যি কোনো শক্তিক যেতিয়াই আদেশ দিবা, সেই সময়তে হাজিৰ হওঁক। যিদৰে সেৱাধাৰী আছে, সেৱাধাৰীক যি সময়তে আদেশ কৰা তেতিয়া সেৱাৰ বাবে সাজু হয় সেইদৰে সৰ্বশক্তি তোমালোকৰ আদেশত চলক। যিমানে মাষ্টৰ সৰ্বশক্তিমানৰ আসনত স্থিত হৈ থাকিবা সিমানে সৰ্বশক্তিয়ে সদায় আদেশ মানি থাকিব। অলপো যদি স্মৃতিৰ আসনৰ পৰা তললৈ নামি আহা তেন্তে শক্তিসমূহে আদেশ নামানিব। চাকৰৰ ক্ষেত্ৰতো কোনোবা একান্ত বাধ্য হয়, কোনোবা অলপ তল-ওপৰ কৰোঁতা হয়। তেন্তে তোমালোকৰ আগত সৰ্বশক্তি কেনেকুৱা হয়? আদেশ পালন কৰোঁতা হয় নে অলপ দেৰিকৈ উপস্থিত হয়? যিদৰে এই স্থূল কৰ্মেন্দ্ৰিয়বোৰক, যি সময়ত, যেনেকৈ আদেশ দিয়া, সেই সময়ত কৰ্মেন্দ্ৰিয় আদেশ অনুসৰি চলে, সেইদৰে এই সূক্ষ্ম শক্তিসমূহো আদেশ অনুসৰি চলোঁতা হওঁক। পৰীক্ষা কৰা যে গোটেই দিনটোত সৰ্বশক্তি আদেশ অনুসৰি চলিলনে? কিয়নো যেতিয়া এই সৰ্বশক্তি এতিয়াৰ পৰা তোমালোকৰ আদেশ অনুসৰি চলিব তেতিয়াহে অন্তিমতো তোমালোকে সফলতা প্ৰাপ্ত কৰিব পাৰিবা। ইয়াৰ বাবে বহুকালৰ অভ্যাসৰ প্ৰয়োজন। তেন্তে এই নৱবৰ্ষত আদেশ অনুসৰি চলোৱাৰ বিশেষ অভ্যাস কৰিবা কিয়নো বিশ্বৰ ৰাজ্য প্ৰাপ্ত কৰিব লাগে নহয়। বিশ্ব ৰাজ্য অধিকাৰী হোৱাৰ আগতে স্বৰাজ্য অধিকাৰী হোৱা।

নিশ্চয় আৰু নিচাই প্ৰতিগৰাকী সন্তানক উৰন্ত কলাৰ অনুভৱ কৰাই আছে। ডবল বিদেশীসকল ভাগ্যৱান হয় যিয়ে উৰন্ত কলাৰ সময়ত আহি উপস্থিত হৈছে। আহোৰণ কৰাৰ বাবে পৰিশ্ৰম কৰিবলগীয়া নহল। বিজয়ৰ তিলক সদায় মস্তকত চিকমিকাই আছে। এই বিজয়ৰ তিলকেই আনকো আনন্দিত কৰিব কিয়নো বিজয়ী আত্মাৰ চেহেৰা সদায় হৰ্ষিত হৈ থাকে। গতিকে তোমালোকৰ হৰ্ষিত চেহেৰা দেখি সকলো আনন্দৰ প্ৰতি আকৰ্ষিত হয় কিয়নো জগতৰ আত্মাসকলে আনন্দ বিচাৰি আছে আৰু তোমালোকৰ চেহৰাত যেতিয়া আনন্দৰ ৰেঙনি দেখে তেতিয়া নিজেও আনন্দিত হয়। তেওঁলোকে ভাবে এওঁলোকৰ কিবা প্ৰাপ্তি হৈছে। আগলৈ তোমালোকৰ চেহেৰাৰ আনন্দৰ আকৰ্ষণে আৰু সমীপত আনিব। কাৰোবাৰ হয়তো শুনিবলৈ সময়ো নাথাকিব তেতিয়া চেকেণ্ডত তোমালোকৰ চেহেৰাই সেই আত্মাসকলৰ সেৱা কৰিব। তোমালোক সকলোৱে স্নেহ আৰু আনন্দ দেখি ব্ৰাহ্মণ হলা নহয়। গতিকে তপস্যা বৰ্ষত এনেকুৱা সেৱা কৰিবা।

(4) একমাত্ৰ পিতা, আন কোনো নাই - এইটো স্থিতিত সদায় স্থিত হৈ থাকোঁতা সহযোগী আত্মা হোৱানে? এজনক স্মৰণ কৰা সহজ। অনেকক স্মৰণ কৰা কঠিন হয়। অনেক বিস্তাৰ এৰি সাৰ স্বৰূপ একমাত্ৰ পিতা - এইটো অনুভৱত কিমান আনন্দ আছে। আনন্দ জন্মসিদ্ধ অধিকাৰ হয়, পিতাৰ সম্পদ হয় তেন্তে পিতাৰ সম্পদ সন্তানসকলৰ বাবে জন্মসিদ্ধ অধিকাৰ হয়। নিজৰ সম্পদ হয় তেন্তে নিজক লৈ গৌৰৱ হয় - নিজৰ হয়। আৰু পাইছাও কাৰ পৰা? অবিনাশী পিতাৰ পৰা। তেন্তে অবিনাশী পিতাই যি দিব, অবিনাশীয়ে দিব। অবিনাশী সম্পদৰ নিচাও অবিনাশী হয়। এই নিচা কোনেও কাঢ়ি নিব নোৱাৰে কিয়নো এয়া হানিকাৰক নিচা নহয়। এয়া প্ৰাপ্তি কৰাওঁতা নিচা। সেয়া প্ৰাপ্তি হেৰুওৱাৰ নিচা। তেন্তে সদায় কি স্মৃতিত থাকে? একমাত্ৰ পিতা, আন কোনো নাই। দ্বিতীয় তৃতীয় আহি গলে তেতিয়া সংঘাত হব। আৰু একমাত্ৰ পিতা থাকিলে তেতিয়া একৰস স্থিতি হব। এজনৰ ৰসত স্নেহত লীন হৈ থাকিবলৈ বহুত ভাল লাগে কিয়নো আত্মাৰ আচল স্বৰূপেই হল - একৰস।

বিদায় বেলাত নৱৰৰ্ষৰ শুভাৰম্ভৰ বাবে অভিনন্দন : চাৰিওফালৰ স্নেহী আৰু ভাগ্যৱান সকলো সন্তানক বিশেষ নতুন উদ্দীপনা, নতুন উৎসাহৰ প্ৰতিটো মুহূৰ্তৰ বাবে অভিনন্দন, নিজেও হীৰা হোৱা আৰু জীৱনো হীৰা হয় আৰু হীৰক প্ৰভাত, সন্ধিয়া, হীৰক ৰাত্ৰি সদায় থাকক। এইটো বিধিৰে অতি শীঘ্ৰে নিজৰ ৰাজ্য স্থাপন কৰিবা আৰু ৰাজ্য কৰিবা। নিজৰ ৰাজ্য প্ৰিয় হয় নহয় জানো। তেন্তে এতিয়া সোনকালে (নিজৰ ৰাজ্য) আনা আৰু ৰাজ্য কৰা। নিজৰ ৰাজ্য সন্মুখত দৃষ্টিগোচৰ হৈ আছে নহয়। গতিকে এতিয়া ফৰিস্তা হোৱা আৰু দেৱতা হোৱা। চাৰিওফালৰ সন্তানসকলে বিশেষ পদমগুণ স্নেহপূৰ্ণ স্মৰণ স্বীকাৰ কৰিবা। বিদেশৰ সকলেই হওক বা দেশৰ সকলেই হওঁক তপস্যাৰ উৎসাহ-উদ্দীপনাত ভাল হয় আৰু যত তপস্যা আছে তত সেৱা আছেই। সদায় সফলতাৰ বাবে অভিনন্দন। প্ৰত্যেকেই এনেকুৱা নবীনতা দেখুৱাবা যাতে গোটেই বিশ্বই তোমালোকৰ ফালে চায়। নবীনতাৰ লাইট-হাউচ হবা। ভাল বাৰু। প্ৰত্যেকে নিজৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু অভিনন্দন স্বীকাৰ কৰিবা।

বৰদান:
শুদ্ধ সংকল্প আৰু শ্ৰেষ্ঠ সংগৰ দ্বাৰা পাতল হৈ আনন্দৰ নৃত্য কৰোঁতা অলৌকিক ফৰিস্তা হোৱা

তোমালোক ব্ৰাহ্মণ সন্তানসকলৰ বাবে প্রতিদিনৰ মুৰুলীয়েই শুদ্ধ সংকল্প। কিমান শুদ্ধ সংকল্প পিতাৰ দ্বাৰা সদায় পুৱাতে পোৱা যায়, এই শুদ্ধ সংকল্পত বুদ্ধি ব্যস্ত কৰি ৰাখা আৰু সদায় পিতাৰ সংগত থাকা তেতিয়া পাতল হৈ আনন্দৰ নৃত্য কৰি থাকিবা। আনন্দিত হৈ থকাৰ সহজ সাধন হ'ল - সদায় পাতল হৈ থকা। শুদ্ধ সংকল্প পাতল হয় আৰু ব্যৰ্থ সংকল্প গধুৰ হয় সেয়েহে সদায় শুদ্ধ সংকল্পত ব্যস্ত হৈ পাতল হোৱা আৰু আনন্দৰ নৃত্য কৰি থাকা তেতিয়া অলৌকিক ফৰিস্তা বুলি কোৱা হব।

স্লোগান:
পৰমাত্ম স্নেহৰ প্ৰতিপালনৰ স্বৰূপ হৈছে - সহজযোগী জীৱন।