08.06.22 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
বিকৰ্মৰ পৰা ৰক্ষা পাবলৈ বাৰে বাৰে অশৰীৰী হোৱাৰ অভ্যাস কৰা, এইটো অভ্যাসেই মায়াজিৎ
কৰি তুলিব, স্থায়ীভাৱে যোগযুক্ত হৈ থাকিবা”
প্ৰশ্ন:
কোনটো নিশ্চয়
যদি দৃঢ় হৈ যায় তেন্তে যোগ খণ্ডিত হ’ব নোৱাৰে?
উত্তৰ:
সত্যযুগ ত্ৰেতাত আমি পৱিত্ৰ আছিলোঁ, দ্বাপৰ কলিযুগত পতিত হৈ গ’লোঁ, এতিয়া আমি পুনৰ
পাৱন হ’ব লাগে, এইটো নিশ্চয় দৃঢ় হৈ গ’লে তেতিয়া যোগ খণ্ডিত হ’ব নোৱাৰে। মায়াই
পৰাজিত কৰিব নোৱাৰে।
গীত:-
জ’ পিয়া কে
চাথ হ্যে… (যি প্ৰিয়তমৰ লগত আছে…)
ওঁম্শান্তি।
মৰমৰ
সন্তানসকলে এই গীতটিৰ অৰ্থ বুজি পালে। সেই বৰষুণৰ কথাতো নহয়। সেয়া যি সাগৰ বা নদী
আছে তাৰ কথা নহয়। এয়া হৈছে জ্ঞান সাগৰ, তেওঁ আহি জ্ঞানৰ বৰ্ষা বৰষে, গতিকে অজ্ঞান
অন্ধকাৰ দূৰ হৈ যায়। এয়া কোনে বুজে? যিসকলে নিজক প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি
বুজে। সন্তানসকলে জানে আমাৰ পিতা হৈছে শিৱ, তেওঁ হৈ গ’ল আমাৰ সকলো বি.কে.ৰ ককা,
সেয়াও নিৰাকাৰ। যিহেতু তোমালোকৰ নিশ্চয় জন্মিছে যে আমি প্ৰজাপিতা ব্ৰহ্মাকুমাৰ
কুমাৰী হওঁ গতিকে এয়া কোনো পাহৰি যোৱাৰ কথা নহয়। সকলো সন্তান প্ৰিয়তমৰ লগত আছে।
এনেকুৱা নহয় যে কেৱল তোমালোক আছা, মুৰুলীতো সকলোৱে শুনিব। সন্তানসকলৰ বাবেই জ্ঞানৰ
বৰ্ষা, যি জ্ঞানেৰে ঘোৰ অন্ধকাৰৰ বিনাশ হৈ যায়। তোমালোকে জানা আমি ঘোৰ অন্ধকাৰত
আছিলোঁ, এতিয়া ৰশ্মি পাইছা গতিকে সকলোবোৰ জানি গৈ আছা। পৰমপিতা পৰমাত্মাৰ জীৱন
বৃত্তান্ত তোমালোকে জানা। যিসকলে শিৱবাবাৰ জীৱন বৃত্তান্ত নাজানা তেওঁলোকে হাত উঠোৱা।
সকলোৱে জানে পৰমাত্মাৰ জীৱন বৃত্তান্ত। সেয়াও এটা জন্মৰ নহয়। শিৱবাবাৰ কিমান জন্মৰ
জীৱন বৃত্তান্ত আছে? তোমালোকে গম পোৱানে? তোমালোকে জানা শিৱবাবাৰ এই ড্ৰামাত কি
ভূমিকা আছে। আদিৰ পৰা অন্তলৈকে তেওঁক আৰু তেওঁৰ জীৱন বৃত্তান্ত জানা। যথাযথ ভক্তি
মাৰ্গত যিয়ে যি ভাৱনাৰে ভক্তি কৰে তাৰ ফল মই দিবলগীয়া হয়। সেয়াতো চৈতন্য নহয়,
সাক্ষাৎকাৰ ময়েই কৰাওঁ। তোমালোকে জানা আধাকল্প ভক্তি মাৰ্গ চলে। ভক্তিৰ মনোকামনা
পূৰ্ণ হ’ল, এতিয়া আকৌ সন্তান হৈছে গতিকে তেওঁলোকে উত্তৰাধিকাৰ নিশ্চয় পাব। পিতাই
সন্তানসকলক উত্তৰাধিকাৰ দিয়ে, এয়া হৈছে নিয়ম। তোমালোকৰ মুখ এতিয়া সৎগতিৰ ফালে।
তোমালোকে মূলবতন, সূক্ষ্মবতন, স্থূলবতনক জানা। এই বেহদ ড্ৰামাত মুখ্য ভাৱৰীয়া কোন।
ৰচয়িতা হয়, নিৰ্দেশক হয় আৰু কৰণকৰাৱনহাৰ হয়। নিৰ্দেশনা দিয়ে নহয়। পঢ়ায়ো। তেওঁ কয় -
মই তোমালোকক ৰাজযোগ শিকাবলৈ আহিছোঁ। এয়াও কৰ্ম কৰা নহ’ল জানো আৰু কৰায়ো। আধাকল্প
তোমালোকে মায়াৰ বশীভূত হৈ অশুদ্ধ কৰ্তব্য কৰি আহিছা। এয়া হৈছে জয় পৰাজয়ৰ খেল।
অশুদ্ধ কৰ্তব্য কৰাওঁতাজনক ভগৱান বুলি কেনেকৈ ক’ব পাৰি? ভগৱানে কয় - মইতো এজনেই,
যিয়ে সকলোকে শুদ্ধ কৰ্ম কৰিবলৈ শিকাওঁ। এতিয়া সকলোৰে বিনাশৰ (হিচাপ-নিকাচ
নিষ্পত্তিৰ) সময়। সকলোকে কবৰৰ পৰা জগাব লাগে। এয়া সকলো কবৰত সমাধিস্থ হৈ আছে। পিতা
আহি জগায়। মৃত্যু সন্মুখত আছে। শিৱবাবাই ব্ৰহ্মাৰ তনৰ দ্বাৰা আমাক সকলো বুজাই আছে।
তোমালোকে সকলোৰে জীৱন বৃত্তান্ত, শিৱবাবাৰো জীৱন বৃত্তান্ত জানোঁতা হৈ গ’লা। গতিকে
উচ্চ নহ’লা জানো। যিসকল বহুত শাস্ত্ৰ অধ্যয়ন কৰোঁতা থাকে, তেওঁলোকৰ আগত নজনাসকলে
মূৰ দোৱায়। তোমালোকে মূৰ দোৱাব নালাগে। একেবাৰে সহজ হয়। সন্তানে বুজি পায় আমি
মূলবতন, শান্তিধামৰ নিবাসী হ’মগৈ, আকৌ সুখধামলৈ আহিম। এতিয়া আমি প্ৰজাপিতা
ব্ৰহ্মাকুমাৰ-কুমাৰী। শিৱবাবাৰ আমি নাতি। শিৱবাবাক স্মৰণ কৰিলে আমি সুখৰ
উত্তৰাধিকাৰ পাম। তোমালোক সন্তানসকলৰ নিশ্চয় জন্মিছে যে আমি পৱিত্ৰ আছিলোঁ আকৌ পতিত
হ’লোঁ এতিয়া পুনৰ আমি পৱিত্ৰ হ’ব লাগে। যদি নিশ্চয় নজন্মে তেন্তে যোগযুক্তও হ’ব
নোৱাৰিব, পদো পাব নোৱাৰিব। পৱিত্ৰ জীৱনতো ভাল নহয় জানো। কুমাৰীসকলৰ বহুত মান আছে
কিয়নো এই সময়ত তোমালোক কুমাৰীসকলে বহুত সেৱা কৰা নহয়। এতিয়া তোমালোক পৱিত্ৰ হৈ থাকা,
এতিয়াৰ পৱিত্ৰতাক ভক্তি মাৰ্গত পূজা কৰা হয়। এই জগতখনতো বহুত লেতেৰা, ‘কীচক’ৰ (মহাভাৰতৰ
এটা দুষ্ট চৰিত্ৰ) কাহিনী আছে নহয়। মনুষ্যই বহুত লেতেৰা ভাৱনা ৰাখি আহে, তেওঁলোকক
‘কীচক’ বুলি কোৱা হয় সেইকাৰণে বাবাই কয় বহুত সাৱধান হ’ব লাগে। বহুত লেতেৰা কাঁইটৰ
জগত। তোমালোকতো বহুত আনন্দিত হোৱা উচিত। আমি শান্তিধামলৈ গৈ পুনৰ সুখধামলৈ আহিম। আমি
সুখধামৰ মালিক আছিলোঁ আকৌ পৰিক্ৰমা লগালোঁ। এইটোতো নিশ্চয় জন্মিব লাগে নহয়। অশৰীৰী
হোৱাৰ অভ্যাস কৰিব লাগে, নহ’লেতো মায়াই খাই থাকিব, যোগ খণ্ডিত হৈ থাকিব, বিকৰ্ম
বিনাশ নহ’ব। স্মৃতিত থকাৰ কিমান পৰিশ্ৰম কৰিব লাগে। স্মৃতিৰেই সৰ্বদা স্বাস্থ্যৱান
হ’বা। যিমান সম্ভৱ অশৰীৰী হৈ পিতাক স্মৰণ কৰিব লাগে। আমাক আত্মাসকলক পিতা পৰমপিতা
পৰমাত্মাই পঢ়াই আছে। কল্পই কল্পই পঢ়ায়, ৰাজ্য-ভাগ্য দিয়ে। তোমালোকে যোগবলেৰে নিজৰ
ৰাজধানী স্থাপনা কৰা। ৰজাই ৰাজত্ব কৰে, সেনাই ৰাজ্যৰ বাবে যুদ্ধ কৰে। ইয়াত তোমালোকে
নিজৰ বাবে পৰিশ্ৰম কৰা, পিতাৰ বাবে নহয়। মইতো ৰাজত্বই নকৰোঁ। মই তোমালোকক ৰাজ্য
প্ৰাপ্ত কৰাবলৈ যুক্তি শুনাওঁ। তোমালোক সকলো বানপ্ৰস্থী সকলোৰে মৃত্যু হ’ব।
সৰু-ডাঙৰ বুলি কোনো হিচাপ নাই। এনেকৈ নুবুজিবা যে সৰু ল’ৰা হ’লে সিহঁতে পিতাকৰ
উত্তৰাধিকাৰ পাব। এই জগতখনেই নাথাকিব যে পাব পাৰিব। মনুষ্যতো ঘোৰ অন্ধকাৰত আছে।
বহুত ধন উপাৰ্জন কৰাৰ ইচ্ছা ৰাখে, ভাবে আমাৰ পো-নাতিয়ে খাব। কিন্তু কাৰো এইটো কামনা
পূৰ্ণ নহ’ব। এই সকলোবোৰ মাটিত মিলি যাব। এই জগতখনেই নাশ হৈ যাব। এটা বোমা নিক্ষেপ
কৰিলেই সকলো নাশ হৈ যাব। উদ্ধাৰ কৰোঁতা কোনো নাথাকিব। এতিয়াতো সোণ আদিৰ খনিবোৰ
একেবাৰে খালী হৈ গ’ল। নতুন সৃষ্টিত আকৌ সেই সকলোবোৰ পুনৰ ভৰপূৰ হৈ যাব। তাত নতুন
সৃষ্টিত সকলো নতুন পাই যাবা। এতিয়া ড্ৰামাৰ চক্ৰ পূৰা হৈছে, পুনৰ আৰম্ভ হ’ব। কিৰণ
আহি গৈছে। গায়নো কৰে - জ্ঞান সূৰ্য প্ৰকট হ’ল, অজ্ঞান অন্ধকাৰ বিনাশ হ’ল। সেই
সূৰ্যৰ কথা নহয়, মনুষ্যই সূৰ্যক পানী উচৰ্গা কৰে। এতিয়া সূৰ্যইতো গোটেই জগতকে পানীৰ
যোগান ধৰে। সূৰ্যক আকৌ পানী দিয়ে, ভক্তি বিস্ময়কৰ, আকৌ কয় সূৰ্য দেৱতায়ে নমঃ,
চন্দ্ৰ দেৱতায়ে নমঃ। সেয়া আকৌ কেনেকৈ দেৱতা হ’ব? ইয়াততো মনুষ্য অসুৰৰ পৰা দেৱতা হয়।
সেইবোৰক দেৱতা বুলি ক’ব নোৱাৰি। সেয়াতো হৈছে সূৰ্য, চন্দ্ৰ তৰা। সূৰ্যৰো পতাকা লগায়।
জাপানত সূৰ্যবংশী বুলি কয়। বাস্তৱত জ্ঞান সূৰ্যবংশীতো সকলো হয়। কিন্তু জ্ঞান নাই,
এতিয়া ক’ত সেই সূৰ্য, ক’ত এই জ্ঞান সূৰ্য। ইয়াতো এই বিজ্ঞানৰ আৱিস্কাৰ উলিয়ায়,
তথাপিও ফলাফল কি হয়! একোৱেই নাই। বিনাশ হওঁ হওঁ অৱস্থা। যিসকল বিচাৰ বুদ্ধিসম্পন্ন
হয় তেওঁলোকে বুজি পায় এই বিজ্ঞানৰ দ্বাৰা নিজৰেই বিনাশ কৰে। তেওঁলোকৰ হৈছে বিজ্ঞান,
তোমালোকৰ হৈছে শান্তি। তেওঁলোকে বিজ্ঞানৰ দ্বাৰা বিনাশ কৰে, তোমালোকে শান্তিৰ দ্বাৰা
স্বৰ্গ স্থাপনা কৰা। এতিয়াতো নৰকত সকলোৰে নাও ডুবি আছে। সেইফালে সেইসকল সেনা, এইফালে
তোমালোক হৈছা যোগবলধাৰী সেনা। তোমালোক হৈছা উদ্ধাৰ কৰোঁতা। তোমালোকৰ ওপৰত কিমান
দায়িত্ব আছে, গতিকে পূৰা সহায়কাৰী হ’ব লাগে। এই পুৰণি সৃষ্টি নাশ হৈ যাব। এতিয়া
তোমালোকে ড্ৰামাখনক বুজি গৈছা। এতিয়া সংগমৰ সময়। পিতা নাও পাৰ কৰাবলৈ আহিছে।
তোমালোকে বুজি পোৱা ৰাজধানী পূৰা স্থাপনা হৈ যাব তাৰপাছত বিনাশ হ’ব। মাজে মাজে আখৰা
চলি থাকিব। যুদ্ধতো অনেক লাগি থাকে। এইখন হৈছে ছিঃ ছিঃ জগত, তোমালোকে জানা বাবাই
আমাক ফুলৰ (পৱিত্ৰ) জগতলৈ লৈ যাব। এই পুৰণি চোলা সোলোকাব লাগে। আকৌ নতুন চোলা
পৰিধান কৰিব লাগে। এয়াতো পিতাই প্ৰতিশ্ৰুতি দিয়ে যে মই কল্পই কল্পই সকলোকে লৈ যাওঁ,
সেইকাৰণে মোৰ নাম কালৰো কাল মহাকাল ৰাখিছে। পতিত-পাৱন, দয়াশীল বুলিও কয়।
তোমালোকে জানা আমি
শ্ৰীমত অনুসৰি স্বৰ্গলৈ যাবলৈ পুৰুষাৰ্থ কৰি আছোঁ। বাবাই কয় - মোক স্মৰণ কৰা তেতিয়া
মই তোমালোকক স্বৰ্গলৈ পঠিয়াই দিম, লগতে শৰীৰ নিৰ্বাহো কৰিব লাগে। কৰ্ম অবিহনে কোনেও
থাকিব নোৱাৰে। কৰ্ম সন্ন্যাসতো নহয়। স্নান আদি কৰা, এয়াও কৰ্ম নহয় জানো। অন্তিম
সময়ত সকলোৱে পূৰা জ্ঞান ল’ব, কেৱল বুজিব যে এওঁলোকে যি কয় যে শিৱবাবাই পঢ়ায়, এইটো
ঠিক কথা, নিৰাকাৰ ভগৱানুবাচ - তেওঁতো এজনেই সেইকাৰণে বাবাই কৈ থাকে - সকলোকে সোধা
নিৰাকাৰ শিৱৰ সৈতে তোমালোকৰ কি সম্বন্ধ? সকলো ভাই ভাই হয় তেন্তে ভাইসকলৰ পিতাতো
থাকিব নহয় জানো। নহ’লেনো ক’ৰ পৰা আহিল। গায়নো কৰে - তুমি মাতা-পিতা…। এয়া হৈছে
পিতাৰ মহিমা, পিতাই কয় - ময়েই তোমালোকক শিকাওঁ। তোমালোক আকৌ বিশ্বৰ মালিক হোৱা।
ইয়াত বহিও শিৱবাবাক স্মৰণ কৰিব লাগে। এই দুচকুৰেতো শৰীৰক চায়, বুদ্ধিৰে জানে আমাক
পঢ়াওঁতাজন হৈছে শিৱবাবা। যিসকল পিতাৰ লগত আছে তেওঁলোকৰ বাবেই এই ৰাজযোগ আৰু জ্ঞানৰ
বৰ্ষা। পতিতসকলক পাৱন কৰি তোলা - এইটো পিতাৰ কাম। এই জ্ঞান সাগৰ সেইজনেই, তোমালোকে
জানা আমি শিৱবাবা নাতি, ব্ৰহ্মাৰ সন্তান। ব্ৰহ্মাৰ পিতা হৈছে শিৱ, উত্তৰাধিকাৰ
শিৱবাবাৰ পৰা পোৱা যায়। স্মৰণো তেওঁকে কৰিব লাগে। এতিয়া আমি বিষ্ণুপুৰীলৈ যাব লাগে।
ইয়াৰ পৰা তোমালোকৰ লংগৰ উঠি গৈছে। শূদ্ৰৰ নাও ৰৈ আছে। তোমালোকৰ নাও চলি গৈ আছে।
এতিয়া তোমালোক চিধা ঘৰলৈ গুচি যাবা। পুৰণা কাপোৰ সকলো এৰি থৈ যাব লাগে। এতিয়া এই
নাটক পূৰা হৈছে, এতিয়া কাপোৰ সোলোকাই ঘৰলৈ যাবা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো অশুদ্ধ কৰ্ম নকৰিবা, মৃত্যু সন্মুখত থিয় হৈ আছে, বিনাশৰ (হিচাপ-নিকাচ
নিষ্পত্তিৰ) সময় সেইকাৰণে সকলোকে কবৰৰ পৰা জগাই তুলিব লাগে। পৱিত্ৰ হোৱাৰ আৰু কৰি
তোলাৰ সেৱা কৰিব লাগে।
(2) এই ছিঃ ছিঃ জগতত
কোনো কামনা ৰাখিব নালাগে। সকলোৰে ডুবিলৈ ধৰা নাও উদ্ধাৰ কৰাত পিতাৰ পূৰা সহায়কাৰী
হ’ব লাগে।
বৰদান:
যোগৰ প্ৰয়োগ
দ্বাৰা সকলো সম্পদ বৃদ্ধি কৰোঁতা সফল তপস্বী হোৱা
পিতাৰ দ্বাৰা প্ৰাপ্ত
হোৱা সকলো সম্পদৰ ওপৰত যোগৰ প্ৰয়োগ কৰা। সম্পদ কমকৈ খৰচ হওঁক আৰু প্ৰাপ্তি অধিক
হওঁক – এয়াই হৈছে প্ৰয়োগ। যেনেকৈ সময় আৰু সংকল্প শ্ৰেষ্ঠ সম্পদ, গতিকে সংকল্পৰ খৰচ
কমকৈ হওঁক কিন্তু প্ৰাপ্তি অধিক হওঁক। যি ক্ষেত্ৰত সাধাৰণ ব্যক্তিয়ে দুই চাৰি মিনিট
চিন্তা কৰাৰ পাছত সফলতা প্ৰাপ্ত কৰে তেনে ক্ষেত্ৰত তোমালোকে এক দুই চেকেণ্ডত কৰি
লোৱা। কম সময়, কম সংকল্পত ফলাফল অধিক হওঁক তেতিয়া যোগৰ প্ৰয়োগ কৰোঁতা সফল তপস্বী
বুলি কোৱা হ’ব।
স্লোগান:
নিজৰ অনাদি আদি সংস্কাৰ স্মৃতিত ৰাখি সদায় অচল হৈ থাকা।
মাতেশ্বৰী জীৰ অমূল্য
মহাবাক্য
কাঁইটৰ জগতৰ পৰা ফুলৰ
ছায়ালৈ লৈ বলক, এতিয়া এই নিমন্ত্ৰণ কেৱল পৰমাত্মাৰ বাবে কৰি আছে। যেতিয়া মনুষ্য অতি
দুখী হয় তেতিয়া পৰমাত্মাক স্মৰণ কৰে, পৰমাত্মা এই কাঁইটৰ জগতৰ পৰা ফুলৰ ছায়ালৈ লৈ
বলক, ইয়াৰ দ্বাৰা সিদ্ধ হয় যে নিশ্চয় সেইখনো কোনো জগত আছে। এতিয়া এইটোতো সকলো
মনুষ্যই জানে যে এতিয়াৰ যি সংসাৰ সেয়া কাঁইটেৰে ভৰি আছে। যি কাৰণে মনুষ্যই দুখ আৰু
অশান্তি পাই আছে আৰু স্মৰণ আকৌ ফুলৰ জগতক কৰে। গতিকে নিশ্চয় সেইখনো কোনো জগত হ’ব
যিখন জগতৰ সংস্কাৰ আত্মাত ভৰি আছে। এতিয়া এইটোতো আমি জানো যে দুখ-অশান্তি এই
সকলোবোৰ কৰ্মবন্ধনৰ হিচাপ-নিকাচ। ৰজাৰ পৰা ভিকহুলৈকে প্ৰত্যেক মনুষ্য মাত্ৰেই এই
হিচাপ-নিকাচত পূৰা বান্ধ খাই আছে সেইকাৰণে পৰমাত্মাইতো নিজেই কয় এতিয়া সংসাৰ হৈছে
কলিযুগ, গতিকে সেয়া গোটেইখন কৰ্মবন্ধনৰ আৰু আগৰ সংসাৰ সত্যযুগ আছিল যাক ফুলৰ জগত
বুলি কয়। এতিয়া সেইখন হৈছে কৰ্মবন্ধন ৰহিত জীৱনমুক্ত দেৱী-দেৱতাসকলৰ ৰাজ্য, যিখন
এতিয়া নাই। এতিয়া এয়া আমি যি জীৱনমুক্ত বুলি কওঁ, ইয়াৰ অৰ্থ এইটো নহয় যে আমি কোনো
দেহৰ পৰা মুক্ত আছিলোঁ, তেওঁলোকৰ কোনো দেহৰ বোধ নাছিল, কিন্তু তেওঁলোক দেহত থাকিও
দুখ পোৱা নাছিল, অৰ্থাৎ তাত কোনো কৰ্মবন্ধনৰ মামলা নাই। তেওঁলোকে জীৱন ধাৰণ কৰি,
জীৱন ত্যাগ কৰি আদি, মধ্য, অন্ত সুখ প্ৰাপ্ত কৰিছিল। গতিকে জীৱনমুক্তিৰ অৰ্থ হৈছে
জীৱন থাকিও কৰ্মাতীত, এতিয়া এই গোটেই জগতখন 5 বিকাৰত পূৰা বান্ধ খাই আছে, মানে 5
বিকাৰ সকলোতে নিবাস কৰি আছে, কিন্তু মনুষ্যৰ ইমান শক্তি নাই যে এই 5 ভূতক জিনিব পাৰে,
সেইকাৰণে পৰমাত্মা স্বয়ং আহি আমাক 5 ভূতৰ পৰা মুক্ত কৰে আৰু ভৱিষ্যত প্ৰালব্ধ
দেৱী-দেৱতা পদ প্ৰাপ্ত কৰায়। ভাল বাৰু- ওঁম্ শান্তি।