08.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল তোমালোকৰ পঢ়াৰ ফাউণ্ডেশ্বন (আধাৰ) হল পিয়ুৰিটী (পবিত্ৰতা), পিয়ুৰিটী থাকিলে তেতিয়াহে যোগৰ শক্তি জমা হব, যোগৰ শক্তি থাকিলে তেন্তে বাণীত শক্তি থাকিব

প্ৰশ্ন:
তোমালোক সন্তানসকলে এতিয়া কোনটো প্ৰয়াস সম্পূৰ্ণকৈ কৰিব লাগে?

উত্তৰ:
শিৰত যি বিকৰ্মৰ বোজা আছে সেয়া আঁতৰাবলৈ সম্পূৰ্ণ প্ৰয়াস কৰিব লাগে। পিতাৰ হৈ যদি কোনো বিকৰ্ম কৰা তেতিয়া বহুত জোৰেৰে বাগৰি পৰিবা (অধঃপতিত হৈ যাবা)। যদি বি. কে.ৰ নিন্দা কৰোৱা, কিবা কষ্ট দিয়া তেন্তে বহুত পাপ হৈ যাব। তেতিয়া জ্ঞান শুনিলে বা শুনালে একো লাভ নহয়।
 

ওঁম্শান্তি।
আত্মিক পিতাই সন্তানসকলক বুজাই আছে যে তোমালোক পতিতৰ পৰা পাৱন হৈ পাৱন সৃষ্টিৰ মালিক কেনেকৈ হব পাৰা! পাৱন সৃষ্টিক স্বৰ্গ অথবা বিষ্ণুপুৰী, লক্ষ্মী-নাৰায়ণৰ ৰাজ্য বুলি কোৱা হয়। বিষ্ণু অৰ্থাৎ লক্ষ্মী-নাৰায়ণৰ কম্বাইণ্ড (যুগ্ম) চিত্ৰ এনেকৈ তৈয়াৰ কৰিছে, সেইবাবে বুজোৱা হয়। বাকী বিষ্ণুৰ যেতিয়া পূজা কৰে তেতিয়া বুজিব নোৱাৰে যে এওঁ কোন? মহালক্ষ্মীৰ পূজা কৰে কিন্তু বুজি নাপায় যে এওঁ কোন হয়? বাবাই এতিয়া তোমালোক সন্তানসকলক ভিন্ন ভিন্ন ৰীতিৰে বুজায়। ভালদৰে ধাৰণ কৰা। কোনো কোনোৰ বুদ্ধিত থাকে যে পৰমাত্মাইতো সকলো জানে। আমি যি কিছু ভাল বা বেয়া কৰো সেয়া সকলো জানে। এতিয়া ইয়াক অন্ধশ্ৰদ্ধাৰ ভাৱ বুলি কোৱা হয়। ভগৱানে এই কথাবোৰ নাজানেই। তোমালোক সন্তানসকলে জানা যে ভগৱানতো হৈছে পতিতক পাৱন কৰোঁতা। পাৱন কৰি স্বৰ্গৰ মালিক কৰি তোলে আকৌ যিসকলে ভালদৰে পঢ়িব তেওঁলোকে উচ্চ পদ পাব। বাকী এনেকৈ বুজিব নালাগে যে পিতাই সকলোৰে অন্তৰক জানে। এনেকৈ বুজিলে তেতিয়া অবুজ (বুদ্ধিহীন) বুলি কোৱা হব। মনুষ্যই যি কৰ্ম কৰে তাৰ আকৌ ভাল বা বেয়া ফল ড্ৰামা (নাটক) অনুসৰি তেওঁলোকে পায়েই। ইয়াৰ লগত পিতাৰ কোনো কানেকশ্বন (সম্বন্ধ) নাই। এইটো খেয়াল কেতিয়াও কৰিব নালাগে যে বাবাইতো সকলো জানেই। বহুত আছে যিসকল বিকাৰত যায়, পাপ কৰি থাকে আকৌ ইয়ালৈ অথবা চেণ্টাৰ (সেৱাকেন্দ্ৰ)লৈ আহি যায়। তেওঁলোকে ভাবে বাবাইতো জানে। কিন্তু বাবাই কয় মই এইটো ধান্দাই (কামেই) নকৰোঁ। সৰ্বজ্ঞ (আনৰ অন্তৰৰ কথা জানোঁতা) শব্দটিও ৰং (ভুল)। তোমালোকে পিতাক আহ্বান কৰা যে আহি পতিতৰ পৰা পাৱন কৰি তোলা, স্বৰ্গৰ মালিক কৰি তোলা কিয়নো জন্ম-জন্মান্তৰৰ পাপ শিৰত বহুত আছে। এই জন্মৰো আছে। এই জন্মৰ পাপৰ বিষয়ে শুনোৱাও। বহুতে এনেকুৱা পাপ কৰিছে যে পাৱন হবলৈ বহুত কঠিন যেন লাগে। মুখ্য কথা হয়েই পবিত্ৰ হোৱাৰ। পঢ়াতো বহুত সহজ, কিন্তু বিকৰ্মৰ বোজা কেনেকৈ আঁতৰিব তাৰ বাবে প্ৰয়াস কৰা উচিত। এনেকুৱা বহুত আছে সীমাহীন পাপ কৰে, বহুত ডিচ-ছাৰ্ভিচ (অহিত) কৰে। বী. কে.ৰ আশ্ৰমক সংকটত পেলাবলৈ চেষ্টা কৰে। এওঁলোকৰ বহুত পাপ হয়। সেই পাপ আদি কোনো জ্ঞান দিলে খণ্ডন হৈ নাযাব। পাপ যোগৰ দ্বাৰাহে খণ্ডন হব। প্ৰথমতেতো যোগৰ পুৰা পুৰুষাৰ্থ কৰা উচিত, তেতিয়া কাৰোবাক তীৰেও আঘাত কৰিব (শুনোৱা জ্ঞানে প্ৰভাৱিত কৰিব)। প্ৰথমতে পবিত্ৰ হোৱা, যোগত থাকিলে তেতিয়া বাণীতো শক্তি আহিব। নহলেতো কাৰোবাক যিমানে নুবুজোৱা, কাৰো বুদ্ধিত ধাৰণ নহব, তীৰ নালাগিব। জন্ম-জন্মান্তৰৰ পাপ আছে নহয় জানো। এতিয়া যি পাপ কৰে, সেয়াতো জন্ম-জন্মান্তৰতকৈও বেছি হৈ যায় সেইবাবে গায়ন কৰা হয় - সৎগুৰুৰ নিন্দক... এওঁ সত্য বাবা, সত্য টিচাৰ (শিক্ষক), সৎগুৰু হয়। পিতাই কয় বী. কে.ৰ নিন্দা কৰোৱাসকলৰো বহুত ডাঙৰ পাপ হয়। প্ৰথমতে নিজেতো পাৱন হোৱা। কাৰোবাক বুজোৱাৰ বহুত চখ থাকে। যোগ অলপো নাই, তাৰ পৰা কি লাভ? পিতাই কয় মুখ্য কথা হৈছেই স্মৃতিৰে পাৱন হোৱাৰ। আহ্বানো পাৱন হবলৈকে কৰে। ভক্তি মাৰ্গত এক প্ৰকাৰৰ অভ্যাস হৈ গৈছে, ঠেলা-গঁতা খোৱা, অদৰকাৰী আৱাজ কৰা। প্ৰাৰ্থনা কৰে কিন্তু ভগৱানৰ কাণ কত আছে, কাণ নোহোৱাকৈ, মুখ নোহোৱাকৈ কেনেকৈ শুনিব, কেনেকৈ কব? তেওঁতো অব্যক্ত হয়। এই সকলোবোৰ হৈছে অন্ধশ্ৰদ্ধা।

তোমালোকে পিতাক যিমান স্মৰণ কৰিবা সিমানে পাপ নাশ হব। এনেকুৱা নহয় যে পিতাই জানে এওঁ বহুত স্মৰণ কৰে, এওঁ কমকৈ স্মৰণ কৰে, এয়াতো নিজৰ চাৰ্ট (খতিয়ান) নিজেই চাব লাগে। পিতাই কৈছে - স্মৃতিৰেহে তোমালোকৰ বিকৰ্ম বিনাশ হব। বাবায়ো তোমালোককে সোধে যে কিমান স্মৰণ কৰা? চলনৰ পৰাও গম পোৱা যায়। স্মৃতি অবিহনে পাপ খণ্ডন হব নোৱাৰে। এনেকুৱা নহয় যে কাৰোবাক জ্ঞান শুনালে তেতিয়া তোমাৰ বা তেওঁৰ পাপ খণ্ডন হৈ যাব! নহয়, যেতিয়া নিজে স্মৰণ কৰিবা তেতিয়া পাপ খণ্ডন হব। মূল কথা হল পাৱন হোৱাৰ। পিতাই কয় মোৰ হৈছা যেতিয়া কোনো পাপ নকৰিবা। নহলে বহুত জোৰেৰে বাগৰি পৰিবা (অধঃপতিত হৈ যাবা)। প্ৰত্যাশাও ৰাখিব নালাগে যে মই ভাল পদ পাব পাৰিম। প্ৰদৰ্শনীত বহুতকে বুজায় তেতিয়া বচ আনন্দিত হৈ যায়, মই বহুত ছাৰ্ভিচ (সেৱা) কৰিলোঁ। কিন্তু পিতাই কয় প্ৰথমতে তুমিতো পাৱন হোৱা। পিতাক স্মৰণ কৰা। স্মৃতিত থকাৰ ক্ষেত্ৰত বহুত ফেইল (অকৃতকাৰ্য) হয়। জ্ঞানতো বহুত সহজ, কেৱল 84ৰ চক্ৰক জানিব লাগে, সেই পঢ়াত কিমান গণিত শাস্ত্ৰ পঢ়ে, পৰিশ্ৰম কৰে। কি উপাৰ্জন কৰিব? পঢ়ি থাকোঁতে মৰি গলে তেতিয়া পঢ়া শেষ। তোমালোক সন্তানসকলেতো যিমান স্মৃতিত থাকিবা সিমান ধাৰণ হব। যদি পবিত্ৰ নোহোৱা, পাপ খণ্ডন নকৰা তেন্তে বহুত শাস্তি ভূগিব লাগিব। এনেকুৱা নহয়, মোৰ স্মৃতিতো বাবাৰ ওচৰলৈ যায়েই। বাবাই কি কৰিব! তোমালোকে স্মৰণ কৰিলে তেতিয়া তোমালোক পাৱন হবা, এই ক্ষেত্ৰত বাবাই কি কৰিব, কি বাঃ বাঃ দিব। বহুত সন্তান আছে যিসকলে কয় আমিতো সদায় পিতাক স্মৰণ কৰিয়ে থাকোঁ, তেওঁৰ বাহিৰে আমাৰ আছেই বা কোন? এয়াও মিছা কথা কৈ থাকে। স্মৃতিত থকাৰ বাবেতো বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। মই স্মৰণ কৰোঁ নে নকৰোঁ, এয়াও বুজিব নোৱাৰে। নজনাকৈ কৈ দিয়ে মইতো স্মৰণ কৰোৱেই। পৰিশ্ৰম অবিহনে কোনোবা বিশ্বৰ মালিক হব পাৰে জানো। উচ্চ পদ পাব নোৱাৰে। স্মৃতিৰ শক্তি যেতিয়া জমা হব তেতিয়া ছাৰ্ভিচ কৰিব পাৰে। আকৌ চোৱা যায় ছাৰ্ভিচ কৰি কিমান প্ৰজা তৈয়াৰ কৰিলে। হিচাপ লাগে নহয় জানো। মই কিমানক নিজৰ সমান কৰি তোলোঁ। প্ৰজা তৈয়াৰ কৰিব লাগে নহয় জানো, তেতিয়াহে ৰজাৰ পদ পাব পাৰে। সেয়াতো এতিয়া একোৱেই নাই। স্মৃতিত থাকিলে, শক্তি জমা কৰিলে তেতিয়া কাৰোবাক তীৰে পুৰা আঘাত কৰিব। শাস্ত্ৰবোৰতো আছে নহয় শেষত ভীষ্মপিতামহ, দ্ৰোণাচাৰ্য আদিক জ্ঞান দিলে। যেতিয়া তোমালোকৰ পতিত স্বভাৱ আঁতৰি আত্মা সতোপ্ৰধান অৱস্থালৈকে আহি যায় তেতিয়া শক্তি জমা হয় তেতিয়া তৎক্ষণাৎ তীৰ লাগি যায়। কেতিয়াও এইটো খেয়াল নকৰিবা যে বাবাইতো সকলো জানে। বাবাৰ জনাৰ কি দৰকাৰ আছে, যি কৰিবা সেয়া পাবা। বাবাই সাক্ষী হৈ চাই থাকে। বাবালৈ লিখে মই অমুক ঠাইলৈ গৈ ছাৰ্ভিচ কৰিলোঁ, বাবাই সুধিব প্ৰথমে তুমি স্মৃতিৰ যাত্ৰাত তৎপৰ হৈ আছানে? প্ৰথম কথাই হৈছে এইটো আনৰ সংগ ত্যাগ কৰি পিতাৰ সংগ লোৱা। দেহী-অভিমানী হব লাগে। ঘৰত থাকিও বুজিব লাগে যে এইখনতো পুৰণি সৃষ্টি, পুৰণি দেহ। এয়া সকলো নাশ হৈ যাব। আমাৰ কাম হল পিতা আৰু উত্তৰাধিকাৰৰ লগত। পিতাই এনেকৈ নকয় যে গৃহস্থ ব্যৱহাৰত নাথাকিবা, কাৰো লগত কথা নাপাতিবা। বাবাক সোধে বিয়ালৈ যাওঁনে? বাবাই কব হয় যোৱা। তালৈও গৈ ছাৰ্ভিচ কৰা। বুদ্ধিৰ যোগসুত্ৰ যাতে শিৱবাবাৰ লগত থাকে। জন্ম-জন্মান্তৰৰ বিকৰ্ম স্মৃতিৰ বলেৰেহে ভস্ম হব। ইয়াতো যদি বিকৰ্ম কৰা তেন্তে বহুত শাস্তি ভোগ কৰিব লাগিব। পাৱন হৈ হৈ যদি বিকাৰত বাগৰি পৰা তেন্তে মৰিলা। একদম টুকুৰা-টুকুৰ হৈ যায়। শ্ৰীমতত নচলি বহুত লোকচান কৰে। খোজে প্ৰতি শ্ৰীমতৰ প্ৰয়োজন। এনেকুৱা এনেকুৱা পাপ কৰে যে যোগযুক্ত হব নোৱাৰে। স্মৰণ কৰিব নোৱাৰে। কাৰোবাক গৈ যদি কোৱা ভগৱান আহিছে, তেওঁৰ পৰা উত্তৰাধিকাৰ লওঁক, তেতিয়া তেওঁলোকে মানি নলব। তীৰ নালাগিব। বাবাই কৈছে ভক্তসকলক জ্ঞান শুনোৱা, ব্যৰ্থ কাকো নিদিবা (নুশুনাবা), নহলেতো আৰুহে নিন্দা কৰাবা।

কোনো কোনো সন্তানে বাবাক সোধে বাবা, আমাৰ দান কৰাৰ অভ্যাস আছে, এতিয়াতো জ্ঞানত আহি গলোঁ, এতিয়া কি কৰোঁ? বাবাই ৰায় দিয়ে সন্তানসকল, গৰিবক দান দিওঁতাতো বহুত আছে। গৰিব কোনো ভোকত নমৰে, ফকীৰসকলৰ ওচৰত বহুত পইচা থাকে, সেইবাবে এই সকলোবোৰ কথাৰ পৰা তোমালোকৰ বুদ্ধি আঁতৰাই দিয়া উচিত। দান আদি কৰোঁতেও বহুত সাৱধান হব লাগে। বহুতে এনেকুৱা এনেকুৱা কাম কৰে, কথাই নুসুধিবা আকৌ নিজে এইটো বুজি নাপায় যে আমাৰ শিৰত বোজা বহুত গধুৰ হৈ গৈ থাকে। জ্ঞান মাৰ্গ কোনো হাঁহি-ধেমালিৰ মাৰ্গ নহয়। পিতাৰ লগততো আকৌ ধৰ্মৰাজো আছে। ধৰ্মৰাজৰ ডাঙৰ ডাঙৰ কোব (শাস্তি) খাবলগীয়া হয়। এনেকৈ কয় নহয় যেতিয়া অন্তিমত ধৰ্মৰাজে হিচাপ লব তেতিয়া গম পাবা। জন্ম-জন্মান্তৰৰ শাস্তি খাবলৈ কোনো সময় নালাগে। বাবাই কাশী কলৱতৰো (কাশীত গৈ আপোনঘাতী হোৱা) উদাহৰণ বুজাইছে। সেয়া হল ভক্তি মাৰ্গ, এয়া হল জ্ঞান মাৰ্গ। মনুষ্যকো বলি দিয়ে, এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এই সকলোবোৰ কথা বুজিব লাগে, এনেকুৱা নহয় যে এই ড্ৰামাখন ৰচিলেই বা কিয়? চক্ৰত আনিলেই বা কিয়? চক্ৰততো আহিয়েই থাকিবা। এইখনতো অনাদি ড্ৰামা হয় নহয় জানো। চক্ৰত নাহিলে তেতিয়া আকৌ সৃষ্টিখনেই নাথাকিব। মোক্ষতো লাভ নকৰে। মুখ্যজনৰো মোক্ষ হব নোৱাৰে। 5 হাজাৰ বছৰ পাচত পুনৰ এনেকৈয়ে চক্ৰ পৰিক্ৰমা কৰিবা। এয়াতো ড্ৰামা নহয় জানো। কেৱল কাৰোবাক বুজালে, জ্ঞান শুনালে পদ পাই নোযোৱা, প্ৰথমেতো পতিতৰ পৰা পাৱন হব লাগে। এনেকুৱা নহয় বাবাইতো সকলো জানে। বাবাই জানিওনো কি কৰিব, প্ৰথমেতো তোমালোক আত্মাই জানা শ্ৰীমতত আমি কি কৰোঁ, কিমানলৈ বাবাক স্মৰণ কৰোঁ? বাকী বাবাই বহি এয়া জানিব, ইয়াৰ পৰা কি লাভ? তোমালোকে যি কিছু কৰা সেয়া তোমালোকে পাবা। বাবাই তোমালোকৰ এক্ট (ভূমিকা) আৰু ছাৰ্ভিচ (সেৱা)ৰ পৰা জানে এই সন্তানটিয়ে ভাল ছাৰ্ভিচ কৰে। অমুকে বাবাৰ হৈ বহুত বিকৰ্ম কৰিছে তেতিয়া তেওঁ শুনোৱা মুৰুলী শক্তিশালী হব (আনক প্ৰভাৱিত কৰিব) নোৱাৰে। এয়া হৈছে জ্ঞানৰ তৰোৱাল। তাত স্মৃতি ৰূপী শক্তিৰ প্ৰয়োজন। যোগবলৰ দ্বাৰা তোমালোকে বিশ্বক জয় কৰা, বাকী জ্ঞানৰ দ্বাৰা নতুন সৃষ্টিত উচ্চ পদ পাবা। প্ৰথমেতো পবিত্ৰ হব লাগে, পবিত্ৰ নোহোৱাকৈ উচ্চ পদ পাব নোৱাৰা। ইয়ালৈ নৰৰ পৰা নাৰায়ণ হবৰ কাৰণে আহে। পতিত জানো নৰৰ পৰা নাৰায়ণ হব। পাৱন হোৱাৰ বাবে পুৰা যুক্তি লাগে। অনন্য সন্তানসকল যিসকলে চেণ্টাৰৰ (সেৱাকেন্দ্ৰৰ) তত্ত্বাৱধান লয় তেওঁলোকেও বহুত পৰিশ্ৰম কৰিব লাগে, ইমান পৰিশ্ৰম নকৰে সেইবাবে সেই শক্তি জমা নহয়, তীৰ নালাগে, স্মৃতিৰ যাত্ৰা কত! কেৱল প্ৰদৰ্শনীত বহুতকে বুজায়, প্ৰথমতে স্মৃতিৰ দ্বাৰা পবিত্ৰ হব লাগে তাৰ পাচত জ্ঞান। পাৱন হলে তেতিয়া জ্ঞান ধাৰণ হব। পতিতৰ ধাৰণ নহব। মুখ্য চাৱজেক্ট (বিষয়) হল স্মৃতিত থকাতো। সেই পঢ়াতো চাবজেক্ট থাকে নহয় জানো। তোমালোকৰ ওচৰতো যদিও বী.কে. হয় কিন্তু ব্ৰহ্মাকুমাৰ-কুমাৰী, ভাই-ভনী হোৱাতো মাহীৰ ঘৰলৈ যোৱাৰ দৰে (ইমান উজু) নহয়। কেৱল কোৱাতে সীমিত হব নালাগে। দেৱতা হবলৈ প্ৰথমতে পবিত্ৰ নিশ্চয় হব লাগে। তাৰপাচত হৈছে পঢ়া। কেৱল পঢ়িলে পবিত্ৰ নহলে তেতিয়া উচ্চ পদ পাব নোৱাৰিবা। আত্মা পবিত্ৰ হব লাগে। পবিত্ৰ হলে তেতিয়াহে পবিত্ৰ সৃষ্টিত উচ্চ পদ পাব পাৰিবা। পবিত্ৰতাৰ ওপৰতে বাবাই জোৰ দিয়ে। পবিত্ৰতা অবিহনে কাকো জ্ঞান শুনাব নোৱাৰে। বাকী বাবাই একো চাই নাথাকে। নিজে বহি আছে নহয় জানো, সকলো কথা বুজায়। ভক্তি মাৰ্গত ভাৱনাৰ ভাড়া পোৱা যায়। সেয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, শৰীৰ অবিহনে পিতাই কেনেকৈ কথা পাতিব? কেনেকৈ শুনিব? আত্মাৰ শৰীৰ আছে, সেইবাবে শুনে, কথা কয়। বাবাই কয় মোৰ অৰগন্সেই (কৰ্মেন্দ্ৰিয়ই) নাই তেন্তে শুনিম, জানিম কেনেকৈ? এনেকৈ ভাবে যে বাবাইতো জানে মই বিকাৰত যাওঁ। যদি নাজানে তেন্তে ভগৱান বুলিয়ে নামানো। এনেকুৱাও বহুত থাকে। পিতাই কয় মই আহিছোঁ তোমালোকক পাৱন কৰি তোলাৰ মাৰ্গৰ বিষয়ে শুনাবলৈ। সাক্ষী হৈ চাওঁ। সন্তানসকলৰ চলনৰ পৰা গম পোৱা যায় এওঁ কুসন্তান নে সুসন্তান। ছাৰ্ভিচৰো প্ৰমাণ লাগে নহয় জানো। এয়াও জানে যি কৰে সেয়া পায়। শ্ৰীমতত চলিলে তেতিয়া শ্ৰেষ্ঠ হব। নচলিলে তেতিয়া নিজে কদৰ্য হৈ অধঃপতিত হব। কিবা কথা থাকিলে তেতিয়া ক্লীয়াৰ (স্পষ্ট)কৈ সোধা। অন্ধশ্ৰদ্ধাৰ কথা নাই। বাবাই কেৱল কয় স্মৃতিৰ শক্তি নাথাকিলে তেতিয়া পাৱন কেনেকৈ হবা? এইটো জন্মতো এনেকুৱা এনেকুৱা পাপ কৰে তাৰ কথাই নুসুধিবা। এইখন হয়েই পাপ আত্মাসকলৰ সৃষ্টি, সত্যযুগ হল পুণ্য আত্মাসকলৰ সৃষ্টি। এয়া হল সংগম। কোনো কোনোতো ডালহেড (ভোদা বুদ্ধিৰ) হয় গতিকে ধাৰণ কৰিব নোৱাৰে। বাবাক স্মৰণ কৰিব নোৱাৰে। পাচলৈ টু লেট (অতি পলম) হৈ যাব, খেৰৰ জুমুঠি সদৃশ পৃথিৱীখনত জুই লাগি যাব তেতিয়া যোগযুক্ত হৈও থাকিব নোৱাৰিব। সেই সময়ততো হাহাকাৰৰ সৃষ্টি হৈ যায়। বহুত দুখৰ পাহাৰ খহিবলগীয়া আছে। এইটোৱে চিন্তা থকা উচিত যে আমি নিজৰ ৰাজ্য-ভাগ্যতো পিতাৰ পৰা লৈ লওঁ। দেহ-অভিমান ত্যাগ কৰি ছাৰ্ভিচত লাগি যোৱা উচিত। কল্যাণকাৰী হব লাগে। ধন ব্যৰ্থত খৰচ কৰিব নালাগে। যিসকল লায়ক নহয় এনেকুৱা পতিতসকলক কেতিয়াও দান দিব নালাগে, নহলে দান দিওঁতাজনৰ ওপৰতো বোজা আহি যায়। এনেকুৱা নহয় যে নাগাৰা বজাব লাগে যে ভগৱান আহিছে। এনেকৈ ভগৱান বুলি কওঁতা ভাৰতত বহুত আছে। কোনেও নামানিব। এইটো তোমালোকে জানা তোমালোকে জ্ঞানৰ প্ৰকাশ পাইছা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পঢ়াৰ লগে লগে পবিত্ৰ নিশ্চয় হব লাগে। এনেকুৱা লায়ক (যোগ্য) আৰু সুসন্তান হৈ ছাৰ্ভিচৰ প্ৰমাণ দিব লাগে। শ্ৰীমতত নিজকে শ্ৰেষ্ঠ কৰি তুলিব লাগে।

(2) স্থূল ধনো ব্যৰ্থত খৰচ কৰিব নালাগে। পতিতসকলক দান কৰিব নালাগে। জ্ঞান ধনো পাত্ৰ (ব্যক্তি) চাই দিব লাগে।
 

বৰদান:
সদায় মল্ড হোৱাৰ (পৰিস্থিতিৰ লগত খাপ খুৱাই লোৱাৰ) বিশেষত্বৰ দ্বাৰা সম্পৰ্ক আৰু সেৱাত সফল হওঁতা সফলতামূৰ্ত হোৱা
 

যিসকল সন্তানৰ নিজক মল্ড কৰাৰ বিশেষত্ব আছে তেওঁলোকে সহজে গল্ডেন এজ (স্বৰ্ণিম যুগ)ৰ ষ্টেজত (অৱস্থাত) গৈ উপনীত হব পাৰে। যেনেকুৱা সময়, যেনেকুৱা চাৰকামচটান্স (পৰিস্থিতি) সেই অনুসৰি নিজৰ ধাৰণাবোৰক প্ৰত্যক্ষ কৰাৰ বাবে মল্ড হবলগীয়া হয়। মল্ড হওঁতাসকলেই ৰিয়েল গল্ড (খাটি সোণ) হয়। যেনেকৈ সাকাৰ পিতাৰ বিশেষত্ব দেখিলা - যেনেকুৱা সময়, যেনেকুৱা ব্যক্তি তেনেকুৱা ৰূপ - এনেকৈ ফল ফাদাৰ (পিতাক অনুসৰণ) কৰা তেতিয়া সেৱা আৰু সম্পৰ্ক সকলোতে সহজেই সফলতামূৰ্ত হৈ যাবা।

স্লোগান:
যত সৰ্বশক্তি আছে তত নিৰ্বিঘ্ন সফলতা লগত আছে।