08.09.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল নিজৰ অন্তৰত হাত ৰাখি সোধা যে বাবাই যি শুনায় সেয়া সকলো মই জানো আগতে জানিছিলোঁ, যি শুনিছা সেয়া অৰ্থ সহিত বুজি আনন্দিত হৈ থাকা

প্ৰশ্ন:
তোমালোকৰ এই ব্ৰাহ্মণ ধৰ্মত সকলোতকৈ অধিক শক্তি আছে সেয়া কোনটো আৰু কেনেকৈ?

উত্তৰ:
তোমালোকৰ এই ব্ৰাহ্মণ ধৰ্ম এনেকুৱা যে শ্ৰীমতেৰে গোটেই বিশ্বৰ সৎগতি কৰি দিয়ে। ব্ৰাহ্মণেই গোটেই বিশ্বক শান্ত কৰি দিয়ে। তোমালোক ব্ৰাহ্মণ কুল ভূষণসকল দেৱতা সকলতকৈও উচ্চ, তোমালোকে পিতাৰ দ্বাৰা এইটো শক্তি পোৱা। তোমালোক ব্ৰাহ্মণসকল পিতাৰ সহায়কাৰী হোৱা, তোমালোকেই সকলোতকৈ ডাঙৰ পুৰস্কাৰ (প্ৰাইজ্) পোৱা। তোমালোক ব্ৰহ্মাণ্ডৰো মালিক আৰু বিশ্বৰো মালিক হোৱা।
 

ওঁম্শান্তি।
অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায়। আত্মিক সন্তানসকলে জানে যে আত্মিক পিতা এবাৰেই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাচত নিশ্চয় আহে। কল্প নাম ৰাখি দিছে যিটো কবলগীয়া হয়। এই ড্ৰামাৰ অথবা সৃষ্টিৰ আয়ুস 5 হাজাৰ বছৰ, এই কথাবোৰ এজন পিতাইহে বহি বুজায়। এয়া কেতিয়াও কোনো মনুষ্যৰ মুখেৰে শুনিব নোৱাৰা। তোমালোক আত্মিক সন্তানসকল বহি আছা। তোমালোকে জানা যথাযথ আমাৰ; সকলো আত্মাৰ পিতা তেওঁ এজনেই। পিতাইহে সন্তানসকলক বহি নিজৰ পৰিচয় দিয়ে। যিটো কোনো মনুষ্য মাত্ৰই নাজানে। কোনেও নাজানে যে গড বা ঈশ্বৰ কি বস্তু হয়, যিহেতু তেওঁক গড ফাদাৰ পিতা বুলি কয় গতিকে (তেওঁৰ প্ৰতি) বহুত প্ৰেম থকা উচিত। বেহদৰ (অসীমৰ) পিতা হয় তেন্তে নিশ্চয় তেওঁৰ পৰা উত্তৰাধিকাৰো পোৱা যায়। ইংৰাজীত ভাল শব্দ কোৱা হয় হেভেনলি গড ফাদাৰ (স্বৰ্গীয় ঈশ্বৰ পিতা)। হেভেন (স্বর্গ) বুলি কোৱা হয় নতুন সৃষ্টিক আৰু হেল (নৰক) বুলি কোৱা হয় পুৰণি সৃষ্টিক। কিন্তু স্বৰ্গক কোনেও নাজানে। সন্ন্যাসীসকলেতো নামানেই। তেওঁলোকে কেতিয়াও এনেকৈ নকয় যে পিতা স্বৰ্গৰ ৰচয়িতা হয়। হেভেনলি গড ফাদাৰ - এই শব্দকেইটি বহুত মিঠা আৰু হেভেন প্ৰসিদ্ধও হয়। তোমালোক সন্তানসকলৰ বুদ্ধিত হেভেন আৰু হেলৰ গোটেই চক্ৰ, সৃষ্টিৰ আদি-মধ্য-অন্ত বুদ্ধিত ঘূৰি থাকে, যিসকল সেৱাধাৰী (ছাৰ্ভিচেবল) হয়, সকলোৱেতো একৰস সেৱাধাৰী নহয়।

তোমালোকে পুনৰ নিজৰ ৰাজধানী স্থাপন কৰি আছা। তোমালোকে কবা আমি আত্মিক সন্তানসকলে পিতাৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মতত চলি আছোঁ। উচ্চতকৈও উচ্চ পিতাৰহে শ্ৰীমত। শ্ৰীমদ্ভাগৱত গীতাৰো গায়ন কৰা হৈছে। এইখন হৈছে প্ৰথম নম্বৰৰ শাস্ত্ৰ। পিতাৰ নাম শুনাৰ লগে লগেই উত্তৰাধিকাৰ স্মৃতিত আহি যায়। এইখন সৃষ্টিত কোনেও নাজানে যে গড ফাদাৰৰ পৰা কি পোৱা যায়। প্ৰাচীন যোগ বুলি কয়। কিন্তু বুজি নাপায় প্ৰাচীন যোগ কোনে শিকালে? তেওঁলোকেতো কৃষ্ণই শিকালে বুলিয়ে কব কিয়নো গীতাত কৃষ্ণৰ নাম দি দিছে। তোমালোকে এতিয়া বুজি পোৱা যে পিতাইহে ৰাজযোগ শিকালে, যাৰ দ্বাৰা সকলোৱে মুক্তি-জীৱনমুক্তি পায়। এইটোও বুজি পোৱা যে ভাৰততহে শিৱবাবা আহিছিল, তেওঁৰ জয়ন্তীও পালন কৰে কিন্তু গীতাত নাম লুপ্ত হোৱাৰ বাবে মহিমাও লুপ্ত হৈ গৈছে। যাৰ দ্বাৰা গোটেই সৃষ্টিয়ে সুখ-শান্তি লাভ কৰে, সেইজন পিতাক পাহৰি গৈছে। ইয়াক কোৱাই হয় "একমাত্ৰ ভুলৰ নাটক"। ডাঙৰতকৈও ডাঙৰ ভুল এইটোৱে যে পিতাক নাজানে। কেতিয়াবা কয় তেওঁ নাম ৰূপৰ পৰা উপৰাম আকৌ কয় কাছ-মাছৰ অৱতাৰ লয়। পাথৰ-শিলগুটি সকলোতে আছে। ভুলৰ পাচত ভুল হৈ গৈ থাকে। ছিৰি তললৈ নামি যায়। কলা কম হৈ যায়, তমোপ্ৰধান হৈ গৈ থাকে। নাটকৰ পৰিকল্পনা (ড্ৰামা প্লেন) অনুসৰি যিজন পিতা স্বৰ্গৰ ৰচয়িতা হয়, যিজনে ভাৰতক স্বৰ্গৰ মালিক কৰি তুলিলে, তেওঁক পাথৰ-শিলগুটি সকলোতে আছে বুলি কৈ দিয়ে। পিতাই এতিয়া বুজায় তোমালোকে কেনেকৈ ছিৰি তললৈ নামি আহিছা, কোনেও একো গম নাপায়। নাটক কি হয়, সুধি থাকে। এই সৃষ্টি কেতিয়াৰ পৰা ৰচিত হৈছে? নতুন সৃষ্টি কেতিয়া আছিল তেতিয়া কৈ দিব লাখ লাখ বছৰ পূৰ্বে। এনেকৈ ভাবে যে পুৰণি সৃষ্টিৰতো এতিয়া বহুত বছৰ বাকী আছে, ইয়াক অজ্ঞান অন্ধকাৰ বুলি কোৱা হয়। গায়নো আছে - সৎগুৰুৱে জ্ঞান ৰূপী কাজল লগালে, অজ্ঞান-অন্ধকাৰ বিনাশ হল। তোমালোকে বুজি পোৱা ৰচয়িতা পিতাই নিশ্চয় স্বর্গই ৰচনা কৰিব। পিতাইহে আহি নৰকক স্বর্গ কৰি তোলে। ৰচয়িতা পিতাহে আহি সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। আহেও অন্তিমত। সময়তো লাগে নহয় জানো। এয়াও সন্তানসকলক বুজাইছে জ্ঞানত ইমান সময় নালাগে, যিমান স্মৃতিৰ যাত্রাত লাগে। 84 জন্মৰ কাহিনী যেন এটা কাহিনীহে, আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে কাৰ ৰাজ্য আছিল, সেই ৰাজ্য ক'লৈ গ'ল ?

তোমালোক সন্তানসকলৰ এতিয়া গোটেই জ্ঞান আছে। তোমালোক হওতে কিমান সাধাৰণ অজামিলৰ দৰে পাপী, অহল্যাসকল, কুঁজাসকল, ভিলনীসকল (নীচ শ্ৰেণীৰ) তেওঁলোকক কিমান উচ্চ কৰি তোলে। পিতাই বুজায় - তোমালোক কিহৰ পৰা কি হৈ গ'লা। পিতা আহি বুজায় - পুৰণি সৃষ্টিৰ অৱস্থা চোৱা এতিয়া কেনেকুৱা? মনুষ্যই একোৱে নাজানে যে সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে? পিতাই কয় - তোমালোকে নিজৰ অন্তৰত হাত থৈ সোধা - আগতে এইবোৰ জানিছিলোঁনে? একোৱে জনা নাছিলা। এতিয়া জানা বাবা পুনৰ আহি আমাক বিশ্বৰ বাদশ্বাহী (সাম্ৰাজ্য) দিয়ে। কাৰো বুদ্ধিত উদয় নহব যে বিশ্বৰ বাদশ্বাহী কি হয়। বিশ্ব মানে গোটেই সৃষ্টিখন। তোমালোকে জানা পিতাই আমাক এনেকুৱা ৰাজ্য দিয়ে যাক আমাৰ পৰা আধাকল্পলৈকে কোনেও কাঢ়ি নিব নোৱাৰে। গতিকে সন্তানসকল কিমান আনন্দিত হোৱা উচিত। পিতাৰ পৰা কিমান বাৰ ৰাজ্য লৈছা। পিতা সত্য হয়, সৎ শিক্ষকো হয়, সৎগুৰুও হয়। কেতিয়াও শুনাই নাই। এতিয়া অৰ্থ সহিত তোমালোকে বুজি পোৱা। তোমালোক সন্তান হোৱা, পিতাকতো স্মৰণ কৰিব পাৰা। আজি-কালি সৰু কালতে গুৰুৰ শৰণাপন্ন কৰি দিয়ে। গুৰুৰ চিত্ৰ তৈয়াৰ কৰিও ডিঙিত পিন্ধে বা ঘৰত ৰাখি থয়। ইয়াততো বিস্ময়কৰ হয় - পিতা, শিক্ষক, সৎগুৰু সকলো এজনেই। পিতাই কয় - মই লগত লৈ যাম। তোমালোকক সুধিব কি পঢ়া? কবা, আমি নতুন সৃষ্টিত ৰাজ্য প্ৰাপ্ত কৰাৰ বাবে ৰাজযোগ পঢ়োঁ। এয়া হয়েই ৰাজযোগ। যিদৰে বেৰিষ্টাৰ (উকীল) যোগ থাকে তেন্তে নিশ্চয় বুদ্ধিযোগ বেৰিষ্টাৰৰ ফালেই যাব। শিক্ষকক নিশ্চয় স্মৰণতো কৰিবই নহয় জানো। তোমালোকে কবা - আমি স্বর্গৰ ৰাজ্য প্ৰাপ্ত কৰাৰ বাবেই পঢ়োঁ। কোনে পঢ়ায়? শিৱবাবা ভগৱানে। তেওঁৰ নামতো এটাই যিটো প্ৰচলিত হৈ আহিছে। ৰথৰ নামতো নাই। মোৰ নাম হয়েই শিৱ। পিতা শিৱ আৰু ৰথক ব্ৰহ্মা বুলি কব। তোমালোকে এতিয়া জানা এয়া কিমান আশ্চৰ্যজনক (ৱণ্ডাৰফুল) হয়, শৰীৰতো এটাই। এওঁক ভাগ্যশালী ৰথ বুলি কিয় কয়? কিয়নো শিৱবাবাই প্ৰৱেশ কৰে তেন্তে নিশ্চয় দুটা আত্মা হল। এয়াও তোমালোকে জানা অন্য কাৰো এইটো খেয়ালো নাহে। এতিয়া দেখুৱায় ভাগীৰথে গঙ্গাক আনিলে। কি পানী আনিলে নেকি? তোমালোকে এতিয়া বাস্তৱত (প্ৰেক্টিকেলত) দেখিবলৈ পোৱা - কি আনিছে, কোনে আনিছে? কোনে প্ৰৱেশ কৰে? পিতাই কৰে নহয় জনো। মনুষ্যৰ শৰীৰত জানো পানী প্ৰৱেশ কৰিব। জঁটাৰ পৰা পানী ওলাব জানো। এই কথাবোৰৰ ওপৰত মনুষ্যই কেতিয়াও খেয়ালো (বিচাৰো) নকৰে। কোৱাই হয় - ধৰ্মই শক্তি (ৰিলিজন ইজ মাইট)। ধর্মত শক্তি থাকে। কোৱা, সকলোতকৈ বেছি কোনটো ধৰ্মৰ শক্তি আছে? (ব্ৰাহ্মণ ধৰ্মৰ), হয় এইটো ঠিক, যি কিছু শক্তি আছে সেয়া ব্ৰাহ্মণ ধৰ্মতহে আছে, আৰু কোনো ধর্মত কোনো শক্তি নাই। তোমালোক এতিয়া ব্ৰাহ্মণ। ব্ৰাহ্মণসকলে শক্তি পায় পিতাৰ পৰা, যাৰ দ্বাৰা তোমালোক আকৌ বিশ্বৰ মালিক হোৱা। তোমালোকৰ কিমান অধিক শক্তি আছে। তোমালোকে কবা আমি ব্ৰাহ্মণ ধৰ্মৰ হওঁ। কাৰো বুদ্ধিত ধাৰণ নহব। বিৰাট ৰূপো যদিও বনাইছে কিন্তু সেয়াও আধা। মুখ্য ৰচয়িতা আৰু তেওঁৰ প্ৰথম ৰচনাক কোনেও নাজানে। পিতা হৈছে ৰচয়িতা আকৌ ব্ৰাহ্মণ হৈছে টিকনি (আটাইতকৈ উচ্চ), ইয়াত শক্তি আছে। কেৱল পিতাক স্মৰণ কৰিলেই শক্তি পোৱা যায়। সন্তানসকলতো নিশ্চয় ক্ৰমানুসৰিয়ে হ'ব নহয় জানো। তোমালোক হৈছা এই সৃষ্টিত সৰ্বোত্তম ব্ৰাহ্মণ কুল ভূষণ। দেৱতাসকলতকৈও উচ্চ। তোমালোকে এতিয়া শক্তি পোৱা। সকলোতকৈ অধিক শক্তি আছে ব্ৰাহ্মণ ধৰ্মত। ব্ৰাহ্মণে কি কৰে? গোটেই বিশ্বক শান্ত কৰি দিয়ে। তোমালোকৰ ধৰ্ম এনেকুৱা যে শ্ৰীমতৰ দ্বাৰা সকলোৰে সৎগতি কৰে। সেইবাবে পিতাই কয় - তোমালোকক নিজতকৈও উচ্চ কৰি তোলোঁ। তোমালোক ব্ৰহ্মাণ্ডৰো মালিক, বিশ্বৰো মালিক হোৱা। গোটেই বিশ্বত তোমালোকে ৰাজত্ব কৰিবা। এতিয়া গায় নহয় - ভাৰত আমাৰ দেশ। কেতিয়াবা মহিমাৰ গীত গায়, কেতিয়াবা আকৌ কয় ভাৰতৰ কি অৱস্থা.। নাজানেই যে ভাৰত ইমান উচ্চ কেতিয়া আছিল! মনুষ্যইতো ভাবে স্বর্গ অথবা নৰক ইয়াতেই। যাৰ ধন গাড়ী-মটৰ আদি আছে, তেওঁলোক স্বৰ্গত আছে। এইটো বুজি নাপায় যে স্বৰ্গ বুলি নতুন সৃষ্টিকহে কোৱা হয়। ইয়াত সকলোবোৰ শিকিব লাগে। বিজ্ঞানৰ (চাইন্সৰ) কলাও আকৌ তাত কামত আহে। এই বিজ্ঞানেও তাত সুখ দিয়ে। ইয়াততো এই সকলোবোৰৰ অল্পকালৰ সুখ পোৱা যায়। তাত তোমালোক সন্তানসকলৰ বাবে এয়া স্থায়ী সুখ হৈ যাব। ইয়াত সকলোবোৰ শিকিব লাগে যাৰ আকৌ সংস্কাৰ লৈ যাব। কোনো নতুন আত্মা নাহে, যিয়ে শিকিব। ইয়াৰ সন্তানেই বিজ্ঞানৰ কৌশল শিকি তালৈ যায়। বহুত বুধিয়ক হৈ যাব। সকলো সংস্কাৰ লৈ যাব আকৌ তাত কামত আহিব। এতিয়া হৈছে অল্পকালৰ সুখ। পাচত এই বোমা আদিয়েই সকলোৰে নাশ কৰি দিব। মৃত্যু অবিহনে শান্তিৰ ৰাজ্য কেনেকৈ হব। ইয়াততো অশান্তিৰ ৰাজ্য। এয়াও তোমালোকৰ মাজত ক্ৰমানুসৰি আছে যিয়ে বুজি পায়, আমি প্ৰথমতে নিজৰ ঘৰলৈ যাম আকৌ সুখধামলৈ আহিম। সুখত পিতাতো নাহেই। পিতাই কয় - মোকো বানপ্ৰস্থ ৰথ লাগে নহয়। ভক্তি মাৰ্গতো সকলোৰে কামনাবোৰ পূৰণ কৰি আহিছোঁ। বাৰ্তাবাহকসকলকো দেখুৱাইছোঁ - কিদৰে ভক্তসকলে তপস্যা পূজা আদি কৰে, দেৱীসকলক সজাই, পূজা আদি কৰি আকৌ সমুদ্ৰত ডুবাই দিয়ে। কিমান খৰচ হয়। সোধা এয়া কেতিয়াৰ পৰা আৰম্ভ হৈছে? তেতিয়া কব পৰম্পৰাগতভাৱে চলি আহিছে। কিমান দিগভ্ৰান্ত হৈ ঘূৰি থাকে। এয়াও সকলো নাটক হয়।

পিতাই বাৰে বাৰে সন্তানসকলক বুজায় - মই তোমালোকক বহুত মিঠা (মধুৰ) কৰি তুলিবলৈ আহিছোঁ। এই দেৱতাসকল কিমান মিঠা। এতিয়াতো মনুষ্য কিমান কটু (কটু কথা কয়)। যিসকলে পিতাক বহুত সহায় কৰিছিল, তেওঁলোকৰ পূজা কৰি থাকে। তোমালোকৰো পূজাও হয়, পদো তোমালোকে উচ্চ প্ৰাপ্ত কৰা। পিতাই নিজে কয় - মই তোমালোকক নিজতকৈও উচ্চ কৰি তোলোঁ। উচ্চতকৈও উচ্চ ভগৱানৰ হৈছে শ্ৰীমত। শ্ৰীকৃষ্ণৰ বুলিতো কোৱা নহয়। গীতাতো শ্ৰীমত প্ৰসিদ্ধ। কৃষ্ণইতো এই সময়ত পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছে। কৃষ্ণৰ আত্মাৰ ৰথত পিতাই প্ৰৱেশ কৰিছে। কিমান আশ্চৰ্যজনক কথা। কেতিয়াও কাৰো বুদ্ধিত উদয় নহব। বুজি পোৱাসকলকো বুজাবলৈ বহুত পৰিশ্ৰম হয়। পিতাই কিমান ভালদৰে সন্তানসকলক বুজায়। বাবাই লিখে সৰ্বোত্তম ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ। তোমালোকে উচ্চ সেৱা কৰা গতিকে এয়া পুৰস্কাৰ পোৱা। তোমালোক পিতাৰ সহায়কাৰী হোৱা সেয়েহে সকলোৱে পুৰস্কাৰ পোৱা পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। তোমালোকৰো বহুত শক্তি আছে। তোমালোকে মনুষ্যক স্বৰ্গৰ মালিক কৰি তুলিব পাৰা। তোমালোক আত্মিক সেনা। তোমালোকে এই বেজ নিপিন্ধিলে মনুষ্যই কেনেকৈ বুজিব যে এওঁলোকো আত্মিক মিলেটেৰী হয়। মিলেটেৰীসকলে সদায় বেজ পিন্ধি থাকে। শিৱবাবা হ'ল নতুন সৃষ্টিৰ ৰচয়িতা। তাত এই দেৱতাসকলৰ ৰাজত্ব আছিল, এতিয়া নাই। পুনৰ পিতাই কয় মনমনাভৱ। দেহ সহিত সকলো সম্বন্ধ ত্যাগ কৰি মামেকম্‌ (মনেৰে কেৱল মোক) স্মৰণ কৰা তেতিয়া কৃষ্ণৰ ৰাজবংশত (ডায়নেষ্টিত) আহি যাবা। এই ক্ষেত্ৰত লাজ কৰিবলগীয়াতো কোনো কথা নাই। পিতাৰ স্মৃতি থাকিব। পিতাই এওঁৰ (ব্ৰহ্মাৰ) কাৰণেও কয় এওঁ নাৰায়ণৰ পূজা কৰিছিল, নাৰায়ণৰ মূৰ্তি লগত ৰাখিছিল। চলোঁতে-ফুৰোঁতে তেওঁক (নাৰায়ণক) চাইছিল। তোমালোক সন্তানসকলৰ এতিয়া জ্ঞান আছে, বেজতো নিশ্চয় লগাই ৰাখিব লাগে। তোমালোক হৈছা নৰৰ পৰা নাৰায়ণ কৰি তোলোঁতা। ৰাজযোগো তোমালোকেই শিকোৱা। নৰৰ পৰা নাৰায়ণ কৰি তোলাৰ সেৱা কৰা। নিজকে চাব লাগে মোৰ মাজত কোনো অৱগুণতো নাই?

তোমালোক সন্তানসকল বাপদাদাৰ ওচৰলৈ আহা, পিতা হ'ল শিৱবাবা, দাদা (ব্ৰহ্মা) হ'ল তেওঁৰ ৰথ। পিতাই নিশ্চয় ৰথৰ দ্বাৰাই সাক্ষাৎ কৰিব নহয় জানো। পিতাৰ ওচৰলৈ আহে, ৰিফ্ৰেছ (সতেজ) হ'বলৈ। সন্মুখত বহিলে স্মৃতি আহে। বাবা লৈ যাবলৈ আহিছে। পিতা সন্মুখত বহি আছে গতিকে বেছিকৈ স্মৃতি আহিব লাগে। নিজৰ স্মৃতিৰ যাত্ৰাক তাতো তোমালোকে নিতৌ বঢ়াব পাৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজক চাব লাগে যে মোৰ মাজত কোনো অৱগুণতো নাই! যিদৰে দেৱতাসকল মিঠা (মধুৰ) হয়, তেনেকুৱা মিঠা হৈছোঁনে?

(2) পিতাৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মতত চলি নিজৰ ৰাজধানী স্থাপন কৰিব লাগে। সেৱাধাৰী (ছাৰ্ভিচেবল) হোৱাৰ কাৰণে সৃষ্টিৰ আদি-মধ্য-অন্তৰ, স্বৰ্গ আৰু নৰকৰ (হেভেন আৰু হেলৰ) জ্ঞান বুদ্ধিত মন্থন কৰিব লাগে।

বৰদান:
শ্ৰেষ্ঠ ভাৱনাৰ আধাৰেৰে সকলোকে শান্তি, শক্তিৰ কিৰণ দিওঁতা বিশ্ব কল্যাণকাৰী হোৱা

যেনেকৈ পিতাৰ সংকল্প বা বাণীত, দৃষ্টিত সদায়েই কল্যাণৰ ভাৱনা বা কামনা আছে তেনেকৈ তোমালোক সন্তানসকলৰ সংকল্পত বিশ্ব কল্যাণৰ ভাৱনা বা কামনা ভৰপূৰ হৈ আছে। যি কোনো কাৰ্য কৰোঁতে বিশ্বৰ সকলো আত্মাই যাতে প্ৰকট (ইৰ্মাজ) হয়। মাষ্টৰ জ্ঞান সূৰ্য হৈ শুভ ভাৱনা বা শ্ৰেষ্ঠ কামনাৰ আধাৰেৰে শান্তি আৰু শক্তিৰ কিৰণ দি থাকা তেতিয়া বিশ্ব কল্যাণকাৰী বুলি কোৱা হব। কিন্তু ইয়াৰ বাবে সকলো বন্ধনৰ পৰা মুক্ত, স্বতন্ত্র হোৱা।

স্লোগান:
"মই ভাৱ আৰু মোৰ ভাৱ", এয়াই দেহ-অভিমানৰ দুৱাৰ। এতিয়া এই দুৱাৰক বন্ধ কৰা।