08.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল বাবা আহিছে তোমালোকক বহুত ৰুচিৰে পঢ়াবলৈ, তোমালোকেও ৰুচিৰে পঢ়া - নিচা থাকিব লাগে আমাক পঢ়াওঁতাজন স্বয়ং ভগৱান হয়

প্ৰশ্ন:
তোমালোক ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ উদ্দেশ্য বা শুদ্ধ ভাৱনা কোনটো?

উত্তৰ:
তোমালোকৰ উদ্দেশ্যে হৈছে - কল্পৰ 5 হাজাৰ বছৰ পূৰ্বৰ দৰে পুনৰ শ্ৰীমতত বিশ্বত সুখ আৰু শান্তিৰ ৰাজ্য স্থাপন কৰা। তোমালোকৰ শুদ্ধ ভাৱনা হৈছে যে শ্ৰীমতত আমি গোটেই বিশ্বৰ সৎগতি কৰিম। তোমালোকে নিচাৰে কোৱা আমি সকলোকে সৎগতি দিওঁতা হওঁ। তোমালোকে পিতাৰ পৰা শান্তিৰ পুৰস্কাৰ (পীচ প্ৰাইজ) পোৱা। নৰকবাসীৰ পৰা স্বৰ্গবাসী হোৱাটোৱেই পুৰস্কাৰ লোৱা হয়।

ওঁম্শান্তি।
বিদ্যাৰ্থীসকলে যেতিয়া পঢ়ে তেতিয়া আনন্দৰে পঢ়ে। শিক্ষকেও বহুত আনন্দৰে, ৰুচিৰে পঢ়ায়। আত্মিক সন্তানসকলে এইটো জানে যে বেহদৰ পিতা যি শিক্ষকো হয়, তেওঁ আমাক বহুত ৰুচিৰে পঢ়ায়। সেই পঢ়াততো পিতা বেলেগ হয়, শিক্ষক বেলেগ হয়, যিয়ে পঢ়ায়। কোনো কোনোৰ পিতাই শিক্ষক হয় যিয়ে পঢ়ায় গতিকে বহুত ৰুচিৰে পঢ়ায় কিয়নো তথাপিও তেজৰ সম্পৰ্ক থাকে নহয় জানো। নিজৰ বুলি বুজি বহুত ৰুচিৰে পঢ়ায়। এইজন পিতাই তোমালোকক কিমান ৰুচিৰে পঢ়ায় তেন্তে সন্তানসকলেও কিমান ৰুচিৰে পঢ়িব লাগে। প্ৰত্যক্ষভাৱে (ডাইৰেক্ট) পিতাই পঢ়ায় আৰু এয়া এবাৰেই আহি পঢ়ায়। সন্তানসকলৰ ৰুচি থকা উচিত। বাবা ভগৱানে আমাক পঢ়ায় আৰু প্ৰত্যেকটো কথা ভাল দৰে বুজাই থাকে। কোনো কোনো সন্তানৰ পঢ়ি গৈ থাকোঁতে বিচাৰ আহে এয়া কি, নাটকত এয়া আবাগমনৰ (অহা-যোৱাৰ) চক্ৰ আছে। কিন্তু এই নাটক ৰচিলেই বা কিয়? ইয়াৰ পৰা কি লাভ? বচ, কেৱল এনেকৈ চক্ৰই লগাই থাকিম, ইয়াৰ পৰা মুক্ত হৈ যোৱাটোৱে ভাল। যেতিয়া দেখে এয়াতো 84ৰ চক্ৰ লগায়েই থাকিব লাগিব গতিকে এনেকুৱা এনেকুৱা খেয়াল আহে (চিন্তন চলে)। ভগৱানে এনেকুৱা খেল কিয় ৰচিছে, যি আবাগমনৰ চক্ৰৰ পৰা মুক্তই হ'ব নোৱাৰে, ইয়াতকৈতো মোক্ষ পোৱাই ভাল। এনেকুৱা এনেকুৱা খেয়াল বহুত সন্তানৰে আহে। এই আবাগমনৰপৰা, দুখ সুখৰ পৰা মুক্ত হৈ যাওঁ। পিতাই কয় - এয়া কেতিয়াও হ'ব নোৱাৰে। মোক্ষ পাবৰ কাৰণে চেষ্টা কৰাটোৱেই অপচয় হৈ যায়। পিতাই বুজাইছে এটিও আত্মা ভূমিকাৰ পৰা মুক্ত হ'ব নোৱাৰে। আত্মাত অবিনাশী ভূমিকা নিহিত হৈ আছে। সেয়া হৈছেই অনাদি অবিনাশী, একেবাৰে সঠিক ভাৱৰীয়া হয়। এজনো কম-বেছি হ'ব নোৱাৰে। তোমালোক সন্তানসকলৰ সকলো জ্ঞান আছে। এই নাটকৰ ভূমিকাৰ পৰা কোনেও মুক্ত হ'ব নোৱাৰে। কোনেও মোক্ষও পাব নোৱাৰে। সকলো ধৰ্মাৱলম্বী ক্ৰম অনুসৰি আহিবই লাগে। পিতাই বুজায় এইখন পূৰ্ব নিৰ্ধাৰিত অবিনাশী নাটক হয়। তোমালোকেও কোৱা বাবা এতিয়া জানি গ'লো, কেনেকৈ আমি 84ৰ চক্ৰ লগাওঁ। এইটোও বুজি পোৱা পোন-প্ৰথমে যিসকল আহে, তেওঁলোকে 84 জন্ম লয়। পাচত আহোঁতাসকলৰ নিশ্চয় কম জন্ম হ'ব। ইয়াততো পুৰুষাৰ্থ কৰিব লাগে। পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টি নিশ্চয় হ'ব। বাবাই প্ৰত্যেকটো কথা বাৰে বাৰে বুজাই থাকে কিয়নো নতুন নতুন সন্তান আহি থাকে। তেওঁলোকক আগৰ পঢ়াখিনি কোনে পঢ়াব। গতিকে পিতাই নতুনসকলক দেখি পুনৰ পুৰণি পইণ্টসমূহকেই পুনৰাবৃত্তি কৰে।

তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। জানা যে আৰম্ভণিৰ পৰা কেনেকৈ আমি ভূমিকা পালন কৰি আহিছোঁ। তোমালোকে যথাৰ্থ ৰীতিৰে জানা, কেনেকৈ ক্ৰমানুসৰি আহে, কিমান জন্ম লয়। এই সময়তহে পিতা আহি জ্ঞানৰ কথা শুনায়। সত্যযুগততো হৈছেই প্ৰালব্ধ। এয়া এই সময়ত তোমালোককহে বুজোৱা হয়। গীতাতো আৰম্ভণিত পুনৰ শেষৰ ফালে এই কথাটি আহে- মনমনাভৱ। পঢ়োৱা হয় পদ মৰ্যাদা পাবৰ কাৰণে। তোমালোকে ৰজা হ'বৰ কাৰণে এতিয়া পুৰুষাৰ্থ কৰা। অন্য ধৰ্মাৱলম্বীসকলৰ বিষয়েতো বুজাইছে - যে তেওঁলোক ক্ৰম অনুসৰি আহে, ধৰ্ম প্ৰতিষ্ঠাপকসকলৰ পিচে পিচে সকলো আহিবলগীয়া হয়। ৰাজত্ব কৰাৰ কথা নহয়। এখনেই গীতা শাস্ত্ৰ আছে যাৰ বহুত মহিমা আছে। ভাৰততেই পিতা আহি শুনায় আৰু সকলোৰে সৎগতি কৰে। সেই ধৰ্ম প্ৰতিস্থাপক যিসকল আহে, তেওঁলোকৰ যেতিয়া মৃত্যু হয় তেতিয়া ডাঙৰ ডাঙৰ তীৰ্থ বনাই দিয়ে। বাস্তৱত সকলোৰে তীৰ্থ এই ভাৰতেই হয় য'ত বেহদৰ পিতা আহে। পিতাই ভাৰততে আহি সকলোৰে সৎগতি কৰিছে। পিতাই কয় - মোক মুক্তিদাতা, পথ প্ৰদৰ্শক বুলি কয় নহয়। মই তোমালোকক এই পুৰণি সৃষ্টি, দুখৰ সৃষ্টিৰ পৰা উদ্ধাৰ কৰি শান্তিধাম, সুখধামলৈ লৈ যাওঁ। সন্তানসকলে জানে যে বাবাই আমাক শান্তিধাম, সুখধামলৈ লৈ যাব। বাকী সকলো শান্তিধামলৈ যাব। দুখৰ পৰা পিতাই আহি উদ্ধাৰ কৰে। তেওঁৰ জন্ম-মৰণতো নাই। পিতা আহিল পুনৰ গুচি যাব। তেওঁৰ বাবে এনেকৈ জানো ক'ব যে মৰি গ'ল। যেনেকৈ শিৱানন্দৰ কাৰণে ক'ব শৰীৰ ত্যাগ কৰিলে তেতিয়া অন্তিম ক্ৰিয়া-কৰ্ম কৰে। এইজন পিতা গুচি গলে তেতিয়া এওঁৰ অন্তিম ক্ৰিয়া, সমাৰোহ আদি একোৱেই কৰিবলগীয়া নহয়। তেওঁৰতো আগমনৰ বিষয়েও গম পোৱা নাযায়। অন্তিম ক্ৰিয়া আদিৰতো কথাই নাই। অন্য সকলো মনুষ্যৰ অন্তিম ক্ৰিয়া-কৰ্ম কৰে। পিতাৰ অন্তিম ক্ৰিয়া-কৰ্ম নহয়, তেওঁৰ শৰীৰেই নাই। সত্যযুগত এই জ্ঞান ভক্তিৰ কথাবোৰ নাথাকে। এইবোৰ এতিয়াহে চলে, আৰু সকলোৱে ভক্তিহে শিকায়। আধাকল্প ভক্তি চলে পুনৰ আধাকল্পৰ পাচত পিতা আহি জ্ঞানৰ উত্তৰাধিকাৰ দিয়ে। জ্ঞান তালৈ লগত নাযায়। তাত পিতাক স্মৰণ কৰাৰ দৰকাৰেই নাথাকে। মুক্তিত থাকে। তাত স্মৰণ কৰিবলগীয়া হয় জানো? তাত দুখৰ অভিযোগ নাথাকে। ভক্তিও প্ৰথমে অব্যভিচাৰী পাচত ব্যভিচাৰী হয়। এই সময়ততো অতি ব্যভিচাৰী ভক্তি, ইয়াক ৰৌৰৱ নৰক বুলি কোৱা হয়। একেবাৰে সমূলি নৰক, আকৌ পিতা আহি সমূলি স্বৰ্গ কৰি তোলে। এতিয়া হৈছে 100 শতাংশ দুখ, আকৌ 100 শতাংশ সুখ-শান্তি হব। আত্মা গৈ নিজৰ ঘৰত বিশ্ৰাম পাব। বুজাবলৈ অতি সহজ। পিতাই কয় মই তেতিয়াই আহোঁ যেতিয়া নতুন সৃষ্টি স্থাপনা কৰি পুৰণি সৃষ্টিৰ বিনাশ কৰিবলগীয়া হয়। ইমানবোৰ কাম এজনেতো নকৰিব। বহুত সহায়কাৰীৰ আৱশ্যক। এই সময়ত তোমালোক পিতাৰ সহায়কাৰী হৈছা। ভাৰতৰ বিশেষ সঁচা সেৱা কৰা। সত্য পিতাই সঁচা সেৱা শিকায়। নিজৰো, ভাৰতৰো আৰু বিশ্বৰো কল্যাণ কৰে। তেন্তে কিমান ৰুচিৰে কৰিব লাগে। পিতাই কিমান ৰুচিৰে সকলোৰে সৎগতি কৰে। এতিয়াও সকলোৰে সৎগতি নিশ্চয় হব। এয়া হৈছে শুদ্ধ অহংকাৰ, শুদ্ধ ভাৱনা।

তোমালোকে সঁচা সেৱা কৰা কিন্তু গুপ্ত। আত্মাই কৰে শৰীৰৰ দ্বাৰা। তোমালোকক বহুতে সোধে বি. কে. ৰ উদ্দেশ্য কি? তোমালোকে কবা বি. কে. ৰ উদ্দেশ্য হৈছে বিশ্বত সত্যযুগী সুখ-শান্তিৰ স্বৰাজ্য স্থাপন কৰা। আমি প্ৰত্যেক 5 হাজাৰ বছৰৰ পাচত শ্ৰীমতত বিশ্বত শান্তি স্থাপন কৰি বিশ্ব শান্তিৰ পুৰস্কাৰ লওঁ। যথা ৰজা-ৰাণী তথা প্ৰজা সকলোৱে পুৰস্কাৰ লয়। নৰকবাসীৰ পৰা স্বৰ্গবাসী হোৱাটো কোনো কম পুৰস্কাৰ নেকি! তেওঁলোকে শান্তিৰ পুৰস্কাৰ লৈ আনন্দিত হৈ থাকে, প্ৰাপ্তি একোৱেই নহয়। সঁচা পুৰস্কাৰতো এতিয়া আমি পিতাৰ পৰা লৈ আছোঁ বিশ্বৰ বাদশ্বাহীৰ। কোৱা হয় নহয় যে ভাৰত আমাৰ মহান দেশ হয়। কিমান মহিমা কৰে। সকলোৱে ভাবে আমি ভাৰতৰ মালিক হওঁ, কিন্তু মালিক কত আছে। এতিয়া তোমালোক সন্তানসকলে বাবাৰ শ্রীমতেৰে ৰাজ্য স্থাপন কৰা। অস্ত্ৰ শক্তি আদি একোৱেই নাই। দৈৱীগুণ ধাৰণ কৰা সেয়েহে তোমালোকৰে গায়ন পূজন হয়। অম্বাৰ চোৱা কিমান পূজা হয়। কিন্তু অম্বা কোন, ব্ৰাহ্মণ হয় নে দেৱতা এয়াও নাজানে। অম্বা, কালী, দূৰ্গা, সৰস্বতী আদি. এনেকুৱা বহুত নাম আছে। ইয়াততো তলত অম্বাৰ সৰু মন্দিৰ আছে। অম্বাক বহুত ভুজা দি দিয়ে। এনেকুৱাতো নহয়। ইয়াক অন্ধবিশ্বাস বুলি কোৱা হয়। যীশুখ্ৰীষ্ট, বুদ্ধ আদি আহিল, তেওঁলোকে নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিলে, তিথি তাৰিখ সকলো উল্লেখ কৰে। তাত অন্ধবিশ্বাসৰতো কথাই নাই। ইয়াত ভাৰতবাসীয়ে একোৱেই নাজানে- আমাৰ ধৰ্ম কেতিয়া আৰু কোনে প্ৰতিষ্ঠা কৰিলে? সেইকাৰণে কোৱা হয় অন্ধবিশ্বাস। এতিয়া তোমালোক পূজাৰী হোৱা আকৌ পূজ্য হোৱাগৈ। তোমালোক আত্মাও পূজ্য সেয়েহে শৰীৰৰো পূজ্য হয়। তোমালোক আত্মাৰো পূজা হয় পুনৰ দেৱতা হোৱা তেতিয়াও পূজা হয়। পিতাতো হয়েই নিৰাকাৰ। তেওঁ সদায় পূজ্য। তেওঁ কেতিয়াও পূজাৰী নহয়। তোমালোক সন্তানসকলৰ কাৰণে কোৱা হয় নিজেই পুজ্য নিজেই পূজাৰী। পিতা হৈছে চিৰ পূজ্য, ইয়ালৈ আহি পিতাই সঁচা সেৱা কৰে। সকলোকে সৎগতি দিয়ে। পিতাই কয়- এতিয়া মামেকম্‌ (মনেৰে কেৱল মোক) স্মৰণ কৰা। অন্য কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। ইয়াততো ডাঙৰ ডাঙৰ লাখপতি, কোটিপতি গৈ আল্লা আল্লা বুলি কয়। কিমান অন্ধ শ্ৰদ্ধা। পিতাই তোমালোকক আমিয়েই সেয়াৰ অৰ্থও বুজাইছে। তেওঁলোকেতো কৈ দিয়ে শিৱোহম, আত্মাই পৰমাত্মা। এতিয়া পিতাই শুদ্ধ কৰি কৈছে। এতিয়া নিৰ্ণয় কৰা, ভক্তি মাৰ্গত শুদ্ধ শুনিছিলা নে মই শুদ্ধকৈ কৈছোঁ? আমিয়েই সেয়াৰ অৰ্থ বহুত দীঘলীয়া। আমিয়েই ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়। এতিয়া আমিয়েই সেয়াৰ অৰ্থ কোনটো শুদ্ধ? আমি আত্মা চক্ৰত এনেকৈ আহোঁ। বিৰাট ৰূপৰ চিত্ৰও আছে, ইয়াত আটাইতকৈ উচ্চ ব্ৰাহ্মণক আৰু পিতাক দেখুওৱা নাই। দেৱতাসকল কৰ পৰা আহিল? কৰ পৰা জন্ম হল? কলিযুগততো হৈছে শূদ্ৰবৰ্ণ। সত্যযুগত তৎক্ষণাৎ দেৱতা বৰ্ণ কেনেকৈ হল? একোৱেই বুজি নাপায়। ভক্তি মাৰ্গত মনুষ্য কিমান আৱদ্ধ হৈ থাকে। কোনোবাই গ্ৰন্থ পঢ়িলে, চিন্তন চলিল, মন্দিৰ নিৰ্মাণ কৰিলে বচ গ্ৰন্থ বহি শুনাব। বহুত মনুষ্য আহি যায়, বহুত অনুগামী হৈ যায়। লাভতো একোৱেই নহয়। বহুত দোকান হৈ গল। এতিয়া এই সকলোবোৰ দোকান শেষ হৈ যাব। এই সকলো বেপাৰ ভক্তি মাৰ্গত আছে, ইয়াৰ পৰা বহুত ধন উপাৰ্জন কৰে। সন্ন্যাসীয়ে কয় আমি ব্ৰহ্ম যোগী, তত্ত্ব যোগী হওঁ। যেনেকৈ ভাৰতবাসী বাস্তৱত দেৱী-দেৱতা ধৰ্মৰ হয় কিন্তু হিন্দু ধৰ্মৰ বুলি কৈ দিয়ে। তেনেকৈ ব্ৰহ্মতো হৈছে তত্ত্ব, যত আত্মাসকল থাকে। তেওঁলোকে আকৌ ব্ৰহ্ম জ্ঞানী তত্ত্ব জ্ঞানী নাম ৰাখি দিছে। নহলেতো ব্ৰহ্ম তত্ত্ব হৈছে নিবাস কৰা স্থান। সেয়েহে পিতাই বুজায় কিমান ভীষণ ভুল কৰি দিলে। এই সকলো হৈছে ভ্ৰম। মই আহি সকলো ভ্ৰম দূৰ কৰি দিওঁ। ভক্তি মাৰ্গত কয়ো হে প্ৰভু তোমাৰ গতি মতি অনন্য। গতিতো কোনেও কৰিব নোৱাৰে। মততো অনেকৰে পোৱা যায়। ইয়াৰ মতে কিমান চমৎকাৰ কৰি দিয়ে। সমগ্ৰ বিশ্বকে পৰিৱৰ্তন (চেঞ্জ) কৰি দিয়ে।

এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে, ইমানবিলাক ধৰ্ম কেনেকৈ আহে! আকৌ আত্মাসকল কেনেকৈ নিজৰ নিজৰ শাখাত (চেক্সনত) গৈ থাকে। এই সকলোবোৰ নাটকত নিৰ্ধাৰিত হৈ আছে। এয়াও সন্তানসকলে জানে- দিব্য দৃষ্টি দাতা এজন পিতাই হয়। কোনোবাই বাবাক কলে - এই দিব্য দৃষ্টিৰ চাবি মোক দি দিয়া তেতিয়া মই কাৰোবাক সাক্ষাৎকাৰ কৰাই দিম। বাবাই কলে- নহয়, এই চাবি কোনেও পাব নোৱাৰে। তাৰ পৰিৱৰ্তে মই তোমালোকক পুনৰ বিশ্বৰ সাম্ৰাজ্য দিওঁ। মই নলওঁ। মোৰহে ভূমিকা আছে সাক্ষাৎকাৰ কৰোৱাৰ। সাক্ষাৎকাৰ হলে কিমান আনন্দিত হৈ যায়। একোৱেই নাপায়। এনেকুৱা নহয় যে সাক্ষাৎকাৰৰ দ্বাৰা কোনোবা নিৰোগী হৈ যায় অথবা ধন পাই যায়। নহয়, মীৰাৰ সাক্ষাৎকাৰ হল কিন্তু মুক্তি জানো পালে। মনুষ্যই ভাবে তেওঁ বৈকুণ্ঠতেই আছিল। কিন্তু বৈকুণ্ঠ কৃষ্ণপুৰী আছে কত। এই সকলোবোৰ হৈছে সাক্ষাৎকাৰ। পিতাই বহি সকলো কথা বুজায়। এওঁৰো (ব্ৰহ্মাৰো) প্ৰথমতে বিষ্ণুৰ সাক্ষাৎকাৰ হল তেতিয়া বহুত আনন্দিত হৈ গল। সেয়াও যেতিয়া দেখিলে যে মই মহাৰজা হওঁগৈ। বিনাশো দেখিলে আকৌ ৰাজত্বও দেখিলে তেতিয়া নিশ্চয় হল অহো! মইতো বিশ্বৰ মালিক হওঁ। বাবাৰ প্ৰৱেশ হৈ গল। বচ্‌ বাবা এই সকলোবোৰ আপুনি লৈ লওঁক, মোকতো বিশ্বৰ সাম্ৰাজ্য লাগে। তোমালোকেও এইটো সন্ধি (চুক্তি) কৰিবলৈ আহিছা নহয়। যিয়ে জ্ঞান লয় তেওঁৰ তেতিয়া ভক্তি আঁতৰি যায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) দৈৱীগুণ ধাৰণ কৰি শ্ৰীমতত ভাৰতৰ সঁচা সেৱা কৰিব লাগে। নিজৰ, ভাৰতৰ আৰু সমগ্ৰ বিশ্বৰ কল্যাণ বহুত ৰুচিৰে কৰিব লাগে।

(2) নাটকৰ (ড্ৰামাৰ) অনাদি অবিনাশী পূৰ্ব নিৰ্ধাৰিত ৰচনা যথাৰ্থ ভাৱে বুজি কোনো ধৰণৰ সময় নষ্ট (টাইম ৱেষ্ট) কৰা পুৰুষাৰ্থ কৰিব নালাগে। ব্যৰ্থ খেয়ালো (চিন্তনো) চলাব নালাগে।

বৰদান:
একাগ্ৰতাৰ অভ্যাসৰ দ্বাৰা একৰস স্থিতি গঢ়ি তোলোঁতা সিদ্ধি স্বৰূপ হোৱা

যত একাগ্ৰতা আছে তত স্বতঃ একৰস স্থিতি আছে। একাগ্ৰতাৰ দ্বাৰা সংকল্প, বাণী আৰু কৰ্মৰ ব্যৰ্থতা সমাপ্ত হৈ যায় আৰু সমৰ্থতা আহি যায়। একাগ্ৰতা অৰ্থাৎ এটাই শ্ৰেষ্ঠ সংকল্পত স্থিত হৈ থকা। যি এক বীজ ৰূপী সংকল্পত সমগ্ৰ বৃক্ষ ৰূপী বিস্তাৰ সমাহিত হৈ আছে। একাগ্ৰতাক বঢ়োৱা তেতিয়া সকলো প্ৰকাৰৰ অস্থিৰতা সমাপ্ত হৈ যাব। সকলো সংকল্প, বাণী আৰু কৰ্ম সহজে সিদ্ধ হৈ যাব। তাৰ বাবে একান্তবাসী হোৱা।

স্লোগান:
এবাৰ হোৱা ভুলক বাৰে বাৰে ভবা অৰ্থাৎ দাগৰ ওপৰত দাগ লগোৱা সেইবাবে হৈ যোৱাটোত বিন্দু (যতি) লগোৱা।