08.10.21       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল এতিয়া বিদেহী হোৱাৰ অভ্যাস কৰা, নিজৰ এই বিনাশী দেহৰ পৰা মমত্ব আঁতৰাই একমাত্ৰ শিৱবাবাক স্নেহ কৰা

প্ৰশ্ন:
এই বেহদৰ পুৰণি সৃষ্টিৰ প্ৰতি যিসকলৰ বৈৰাগ্য জন্মিছে তেওঁলোকৰ লক্ষণ কি হব?

উত্তৰ:
তেওঁলোকে এই দুচকুৰে যি দেখে সেয়া দেখিও যেন নাচাব। তেওঁলোকৰ বুদ্ধিত এইটো থাকিব যে এই সকলোবোৰ নাশ হব। এই সকলোবোৰ মৰি পৰি আছে। আমিতো শান্তিধাম সুখধামলৈ যাব লাগে। তেওঁলোকৰ মমত্ব আঁতৰি যাব। যোগত থাকি কাৰোবাৰ সৈতে বাৰ্তালাপ কৰিলে তেওঁলোকো আকৰ্ষিত হব। জ্ঞানৰ নিচা বাঢ়ি থাকিব।

গীত:
ওঁম্‌ নমঃ শিৱায়ে

ওঁম্শান্তি।
পিতাই কয় - মৰমৰ সন্তানসকল, তোমালোকে শিৱবাবাক জানি গৈছা। আকৌ এই গীত গোৱাতো যেন ভক্তিমাৰ্গৰ হৈ যায়। ভক্তিমাৰ্গৰসকলে শিৱায়ে নমঃ বুলিও কয়, মাতা-পিতা বুলিও কয়, কিন্তু নাজানে। শিৱবাবাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা উচিত। তোমালোক সন্তানসকলেতো পিতাক পাইছা, তেওঁৰ পৰা উত্তৰাধিকাৰ পাই আছা সেইবাবে পিতাক স্মৰণ কৰা। তোমালোকে শিৱবাবাক পালা, জগতবাসীয়ে পোৱা নাই। যিসকলে পাইছে তেওঁলোকো ভালদৰে চলিব নোৱাৰে। বাবাৰ নিৰ্দেশনা বহুত মিঠা (মধুৰ), আত্ম-অভিমানী হোৱা, দেহী-অভিমানী হোৱা। আত্মাসকলৰ সৈতেই বাৰ্তালাপ কৰে। দেহী-অভিমানী পিতাই, দেহী-অভিমানী সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁতো এজনেই। সেইবাবেইতো মধুবনত তোমালোক সন্তানসকলৰ সৈতে বহি আছে। তোমালোক সন্তানসকলে জানা যে যথাযথ পিতা আহিছেই পঢ়াবলৈ। এই পঢ়া শিৱবাবাৰ বাহিৰে আন কোনেও পঢ়াব নোৱাৰে, ব্ৰহ্মায়ো নোৱাৰে, বিষ্ণুৱেও নোৱাৰে। এয়াতো পিতাহে আহি পতিতসকলক পাৱন কৰি তোলে, অমৰকথা শুনায়। সেয়াও ইয়াতেই শুনাব। অমৰনাথততো নুশুনাব নহয় জানো। এই অমৰকথাই সত্য-নাৰায়ণৰ কথা। পিতাই কয় - মই তোমালোকক শুনাওঁতো ইয়াতেই। বাকী এয়া হৈছে সকলো ভক্তিমাৰ্গৰ ঠেকা-খুন্দা। সকলোৰে সৎগতি দাতা ৰাম একমাত্ৰ নিৰাকাৰেই হয়। তেৱেঁই পতিত-পাৱন, জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ হয়। তেওঁ আহেই তেতিয়া যেতিয়া বিনাশৰ সময় হয়। গোটেই জগতৰ গুৰুতো একমাত্ৰ পৰমপিতা পৰমাত্মাই হব পাৰে। তেওঁ নিৰাকাৰ হয়, নহয় জানো। দেৱতাসকলকো মনুষ্য বুলি কোৱা হয়। কিন্তু তেওঁলোক দৈৱীগুণধাৰী মনুষ্য সেইবাবে তেওঁলোকক দেৱতা বুলি কোৱা হয়। তোমালোকে এতিয়া জ্ঞান পাইছা। জ্ঞান মাৰ্গত অৱস্থা বৰ শক্তিশালী (মজবুত) কৰি ৰাখিব লাগে। যিমান সম্ভৱ পিতাক স্মৰণ কৰিব লাগে। বিদেহী হব লাগে। তেন্তে আকৌ দেহৰ প্ৰতি মৰমেই বা কিয় ৰাখিব লাগে। বাবাই তোমালোকক কয় শিৱবাবাক স্মৰণ কৰা পাছত এওঁৰ ওচৰলৈ আহা। মনুষ্যইতো বুজে এওঁলোকে দাদাক সাক্ষাৎ কৰিবলৈ যায়। এইটোতো তোমালোকে জানা যে শিৱবাবাক স্মৰণ কৰি আমি তেওঁক (ব্ৰহ্মা বাবাক) সাক্ষাৎ কৰোঁ। তাততো থাকেই নিৰাকাৰী আত্মাসকল, বিন্দু। বিন্দুকতো সাক্ষাৎ কৰিব নোৱাৰে। তেন্তে শিৱবাবাৰ সৈতে কেনেকৈ সাক্ষাৎ হব সেইবাবে ইয়াত বুজোৱা হয়, হে আত্মাসকল নিজক আত্মা বুলি বুজি বুদ্ধিত এইটো ৰাখা যে আমি শিৱবাবাক সাক্ষাৎ কৰোঁ। এইটোতো অতি গৃঢ় ৰহস্য নহয় জানো। বহুতৰ শিৱবাবাৰ স্মৃতি নাথাকে। বাবাই বুজায় নিতৌ শিৱবাবাক স্মৰণ কৰা। শিৱবাবা তোমালোকক সাক্ষাৎ কৰিবলৈ আহে। বচ্‌ আপোনাৰ হৈছোঁ। শিৱবাবাই এওঁৰ শৰীৰৰ আহি জ্ঞান শুনায়। তেৱোঁ নিৰাকাৰ আত্মা, তোমালোকো আত্মা। একমাত্ৰ পিতাই আছে যিয়ে সন্তানসকলক কয় মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা। সেয়াতো বুদ্ধিৰে স্মৰণ কৰিব লাগে। আমি পিতাৰ ওচৰলৈ আহিছোঁ। বাবা এই পতিত শৰীৰত আহিছে। সন্মুখত আহিলেই নিশ্চয় কৰি দিয়ে, শিৱবাবা আমি আপোনাৰ হলোঁ। মুৰুলীসমূহতো এইটোৱে শুনা মামেকম্‌ স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব।

তোমালোকে জানা এওঁ সেইজনেই পতিত-পাৱন পিতা। সঁচা সৎগুৰু তেৱেঁই হয়। এতিয়া তোমালোক পাণ্ডৱসকলৰ পৰমপিতা পৰমাত্মাৰ প্ৰতি প্ৰীতি বুদ্ধি আছে। বাকী সকলোৱেতো কাৰোবাৰ নহয় কাৰোবাৰ লগত অপ্ৰীতিকৰ (ভ্ৰষ্ট) বুদ্ধিৰ হয়। যিসকল শিৱবাবাৰ হয় তেওঁলোকৰতো আনন্দৰ পাৰা বৰ তীব্ৰতাৰে বাঢ়ি থাকিব লাগে। যিমানে সময় সমীপত আহে, সিমানে আনন্দিত হয়। আমাৰ এতিয়া 84 জন্ম পূৰা হল। এতিয়া এয়া হৈছে অন্তিম জন্ম। আমি নিজৰ ঘৰলৈ যাওঁ। এই ছিৰিৰ চিত্ৰতো বৰ ভাল, ইয়াত স্পষ্টকৈ আছে। গতিকে সন্তানসকলে গোটেই দিন বুদ্ধি চলাব লাগে। চিত্ৰ তৈয়াৰ কৰোঁতাসকলেতো বিচাৰ সাগৰ বহুত মন্থন কৰিব লাগে, যিসকল মুৰব্বী তেওঁলোকৰ বিচাৰ চলিব লাগে। তোমালোকেতো প্ৰত্যাহ্বান জনোৱা - সত্যযুগী শ্ৰেষ্ঠাচাৰী দৈৱী ৰাজ্যত 9 লাখ হব। কোনোবাই কয় - ইয়াৰ কি প্ৰমাণ আছে? কোৱা যে এয়াতো বোধশক্তিৰ কথা নহয় জানো। সত্যযুগত বৃক্ষ (মনুষ্য সৃষ্টিৰ) হবই সৰু। ধৰ্মও এটা গতিকে মনুষ্যও কম হব। ছিৰিত গোটেই জ্ঞান আহি যায়। যেনেকুৱা এই কুম্ভকৰ্ণৰ চিত্ৰখন। গতিকে এইটো এনেকুৱাকৈ অংকন কৰিব লাগে - ব্ৰহ্মাকুমাৰীসকলে জ্ঞান অমৃত পান কৰায়, তেওঁলোকে বিষ (বিকাৰ) বিচাৰে। বাবাই মুৰলীত সকলো নিৰ্দেশনা দি থাকে। প্ৰতিখন চিত্ৰৰ বুজনি অতি উত্তম। লক্ষ্মী-নাৰায়ণৰ চিত্ৰৰ ওপৰত কবা - এই ভাৰত স্বৰ্গ আছিল, এক ধৰ্ম আছিল তেন্তে কিমান মনুষ্য হব। এতিয়া কিমান ডাঙৰ বৃক্ষ হৈ গল। এতিয়া বিনাশ হব। পুৰণি সৃষ্টিক পৰিৱৰ্তন কৰোঁতা একমাত্ৰ পিতাই হয়। 4-5 খন চিত্ৰ হৈছে মুখ্য - যাৰ দ্বাৰা যিকোনো লোককে তৎক্ষণাৎ কাঁড়ে আঘাত কৰিব। নাটক অনুসৰি দিনে-প্ৰতিদিনে জ্ঞানৰ পইণ্টবোৰ গূঢ় হৈ থাকে। তেন্তে চিত্ৰবোৰততো পৰিৱৰ্তন হব। সন্তানসকলৰ বুদ্ধিতো পৰিৱৰ্তন হয়। আগতে এইটো জানো বুজি পাইছিল যে শিৱবাবা বিন্দু হয়। এনেকৈ জানো কব যে প্ৰথমে এনেকৈ কিয় কোৱা নাছিল। পিতাই কয় - সকলোবোৰ কথা আগতীয়াকৈ জানো বুজোৱা হয়। পিতা জ্ঞানৰ সাগৰ হয় সেয়েহে জ্ঞান দিয়েই থাকিব। সংশোধন হৈ থাকিব। আগতীয়াকৈ জানো কম। নহলতো কৃত্ৰিম হৈ যাব। অকস্মাৎ কোনো ঘটনা ঘটি থাকিব তেতিয়া নাটক বুলি কব। এনেকুৱা নহয় যে এয়া হব নালাগে। মম্মাতো অন্তিমলৈকে থাকিব লাগিছিল, তেন্তে মম্মা কিয় গুচি গল? নাটকত হল সেয়া সঠিক। বাবায়ো যি কলে সেয়া নাটক অনুসৰি কলে। নাটকত মোৰ ভূমিকা এনেকুৱা। বাবায়ো নাটকৰ ওপৰত ৰাখি দিয়ে। মনুষ্যই কয় - ঈশ্বৰৰ নিয়তি। ঈশ্বৰে কয় - নাটকৰ নিয়তি। ঈশ্বৰে কলে নে এওঁ কলে, নাটকত আছিল। কোনো ওলোটা কাম হৈ গল নাটকত আছিল, পুনৰ ঠিক হৈ যাব। আৰোহণৰ কলা নিশ্চয় আছে। উচ্চলৈ যায়, কেতিয়াবা অস্থিৰ হৈ যায়। এই সকলোবোৰ মায়াৰ ধুমুহা। যেতিয়ালৈকে মায়া আছে বিকল্প (নেতিবাচক সংকল্প) নিশ্চয় আহিব। সত্যযুগত মায়াই নাই গতিকে বিকল্পৰ কথাই নাই। সত্যযুগত কেতিয়াও কৰ্ম বিকৰ্ম নহয়। বাকী কেইটিমান দিন আছে, আনন্দিত হৈ থাকে। এয়া আমাৰ অন্তিম জন্ম। এতিয়া অমৰলোকলৈ যাবলৈ শিৱবাবাৰ পৰা অমৰকথা শুনোঁ। এই কথাবোৰ তোমালোকেহে বুজি পোৱা। তেওঁলোকে কত কত অমৰনাথলৈ গৈ ঠেকা-খুন্দা খাই থাকে। এয়া বুজি নাপায় যে পাৰ্ৱতীক কথা কোনে শুনালে? তাততো শিৱৰ চিত্ৰ দেখুৱায়। বাৰু শিৱ কত বহিল? শিৱ আৰু শংকৰক দেখুৱায়। শিৱই শংকৰৰ দেহত বহি কথা শুনালে নেকি? একোৱে বুজি নাপায়, ভক্তি মাৰ্গৰসকল এতিয়ালৈকে তীৰ্থলৈ গৈ থাকে। কথাও বাস্তৱত ডাঙৰ নহয়। আচলতে হৈছে মনমানভৱ। বচ্‌, বীজক স্মৰণ কৰা। নাটকৰ চক্ৰক স্মৰণ কৰা। যি জ্ঞান বাবাৰ আছে সেই সকলো জ্ঞান আমাৰ অৰ্থাৎ আত্মাৰো আছে। তেৱোঁ জ্ঞানৰ সাগৰ, আমি আত্মাও মাষ্টৰ জ্ঞানৰ সাগৰ হওঁ। নিচা বাঢ়িব লাগে নহয় জানো। সেয়া আমি ভাইসকলক (আত্মাসকলক) শুনাওঁ। শুনাবাতো শৰীৰৰ দ্বাৰাই। এই ক্ষেত্ৰত সংশয় আনিব নালাগে। পিতাক স্মৰণ কৰি কৰি সকলো জ্ঞান বুদ্ধিত আহি যায়। পিতাৰ স্মৃতিৰেই বিকৰ্ম বিনাশ হব, মমত্ব আঁতৰি যাব। কাৰোবাৰ নাম মাত্ৰ প্ৰেম আছে। আমাৰো এনেকুৱাই। এতিয়াতো আমি সুখধামলৈ যাওঁ। এয়াতো যেন সকলো মৰি পৰি আছে, ইয়াৰ প্ৰতি কি অন্তৰৰ আকৰ্ষণ ৰাখিব লাগে। শান্তিধামলৈ গৈ পুনৰ সুখধামলৈ আহি ৰাজত্ব কৰিম। ইয়াক কোৱা হয় পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য। পিতাই কয় - এই দুচকুৰে যি কিছু দেখিবলৈ পোৱা সেয়া সকলো নাশ হৈ যাব। বিনাশৰ পাছত স্বৰ্গ দেখিবা। এতিয়া তোমালোক সন্তানসকল অতি মিঠা হোৱা উচিত। যোগত থাকি কোনো কথা কলে তেতিয়া তেওঁলোক আকষিত হব। এই জ্ঞান এনেকুৱা যে বাকী সকলো পাহৰি যায়। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান মাৰ্গত নিজৰ অৱস্থা বহুত শক্তিশালী কৰি তুলিব লাগে। বিদেহী হব লাগে। একমাত্ৰ পিতাৰ প্ৰতিহে সঁচা প্ৰীতি ৰাখিব লাগে।

(2) নাটকৰ নিয়তিক লৈ অচল হৈ থাকিব লাগে। নাটকত যি হল সেয়া সঠিক। কেতিয়াও অস্থিৰ হব নালাগে, কোনো কথাত সংশয় আনিব নালাগে।

বৰদান:
দাতা হৈ প্ৰতিটো ছেকেণ্ডত, প্ৰতিটো সংকল্পত দান দিওঁতা উদাৰচিতীয়া, মহাদানী হোৱা

তোমালোক দাতাৰ সন্তান লওঁতা নহয় কিন্তু দিওঁতা হোৱা। প্ৰতিটো চেকেণ্ডত প্ৰতিটো সংকল্পত দিব লাগে, যেতিয়া এনেকুৱা দাতা হৈ যাবা তেতিয়া কোৱা হব উদাৰচিতীয়া, মহাদানী। এনেকুৱা মহাদানী হলে মহান শক্তিৰ প্ৰাপ্তি স্বতঃ হয়। কিন্তু দিবলৈ নিজৰ ভঁৰাল ভৰপূৰ হোৱা উচিত। যি লবলগীয়া আছিল সেয়া সকলোবোৰ লৈ ললা, বাকী থাকিল দিবলৈ। সেয়েহে দি গৈ থাকা দি থাকিলে আৰু অধিক ভঁৰাল ভৰপূৰ হৈ যাব।

স্লোগান:
প্ৰতিটো বিষয়ত সম্পূৰ্ণ নম্বৰ জমা কৰিবলৈ হলে গম্ভীৰতাৰ গুণ ধাৰণ কৰা।


মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য

(1) নিৰাকাৰ পৰমাত্মাৰ সংৰক্ষিত শৰীৰ হৈছে ব্ৰহ্মাৰ শৰীৰ

এইটোতো নিজৰ পূৰা নিশ্চয় আছে যে পৰমাত্মাই নিজৰ সাকাৰ ব্ৰহ্মা তনৰ দ্বাৰা আহি পঢ়াই আছে, এই কথাৰ ওপৰত বহুত জিজ্ঞাসুৱে প্ৰশ্ন সোধে যে অমৃতবেলাৰ সময়ত যেতিয়া নিৰাকাৰ পৰমাত্মা নিজৰ সাকাৰ তনত প্ৰৱেশ কৰে তেতিয়া সেই সময়ত শৰীৰত কি পৰিৱৰ্তন হয়? তেওঁলোকে সোধে যে তোমালোকে সেই সময়ত বহি লক্ষ্য কৰানে কেনেকৈ পৰমাত্মা আহে? ইয়াৰ ওপৰত বুজোৱা হয় যে পৰমাত্মা প্ৰৱেশ কৰাৰ সময়ত এনেকুৱা নহয় যে সেই শৰীৰটোৰ কোনো নয়ন, মুখমণ্ডল সলনি হৈ যায়। কিন্তু যেতিয়া আমি ধ্যানত যাওঁ তেতিয়া নয়ন, মুখমণ্ডল সলনি হৈ যায়, কিন্তু এই সাকাৰ ব্ৰহ্মাৰ ভূমিকাই গুপ্ত হয়। যেতিয়া পৰমাত্মা এওঁৰ শৰীৰত আহে তেতিয়া কোনেও গম নাপায়। তেওঁৰ এই শৰীৰতো সংৰক্ষণ কৰি থোৱা আছে সেইবাবে ছেকেণ্ডত আহে, ছেকেণ্ডত গুচি যায়, এতিয়া এইটো ৰহস্য বুজি লোৱা। বাকী এনেকুৱা নহয় যে কোনো কথা বুজি নোপোৱাৰ বাবে এই পঢ়াৰ পাঠ্যক্ৰম এৰি দিব লাগে। পঢ়াতো দিনে দিনে গূঢ় আৰু স্পষ্ট হৈ গৈ থাকে। গোটেই পাঠ্যক্ৰম একেবাৰতেতো পঢ়িব নোৱাৰিব, নহয় জানো, তেনেকৈয়ে তোমালোকক বুজোৱা হয়। অন্য যিসকল ধৰ্ম পিতা আহে তেওঁলোকৰ মাজতো নিজ নিজ পৱিত্ৰ আত্মা আহি নিজৰ ভূমিকা পালন কৰে আকৌ সেই আত্মাসকল সুখ-দুখৰ খেলত আহিব লাগে, তেওঁলোক উভতি নাযায় কিন্তু যেতিয়া নিৰাকাৰ পৰম আত্মা আহে, তেওঁ সুখ-দুখৰ পৰা উপৰাম হয়, গতিকে তেওঁ নিজৰ ভূমিকা পালন কৰি আকৌ গুচি যায়। গতিকে এই কথাটোৱেই আমি বুদ্ধিত ৰাখিব লাগে।

(2) আত্মা আৰু পৰমাত্মাৰ মাজত গুণ আৰু শক্তিৰ পাৰ্থক্য

আত্মা আৰু পৰমাত্মাৰ অন্তৰ (ভিন্নতা) ইয়াৰ ওপৰত বুজোৱা হয় যে আত্মা আৰু পৰমাত্মাৰ ৰূপ একেধৰণৰ জ্যোতি ৰূপ। আত্মা আৰু পৰমাত্মাৰ আকাৰ একেই বাকী আত্মা আৰু পৰমাত্মাৰ গুণ আৰু শক্তিৰ মাজত পাৰ্থক্য নিশ্চয় আছে। এতিয়া এয়া যিমানবোৰ গুণ আছে সেই সকলো মহিমা হৈছে পৰমাত্মাৰ। পৰমাত্মা দুখ সুখৰ পৰা উপৰাম, সৰ্বশক্তিমান হয়, সৰ্বগুণ সম্পন্ন হয়, 16 কলা সম্পন্ন হয়, তেওঁৰেই সমষ্ট শক্তিয়ে কাম কৰি আছে। বাকী মনুষ্য আত্মাৰ কোনো শক্তি কামত নাহে। পৰমাত্মাৰেই সমষ্ট ভূমিকা চলে, পৰমাত্মা ভূমিকাত আহিও নিজে উপৰাম হৈ থাকে। কিন্তু আত্মা ভূমিকাত আহি ভাৱৰীয়াৰ ৰূপত আহি যায়, পৰমাত্মা ভূমিকাত আহিও কৰ্মবন্ধনৰ পৰা উপৰাম হয়। আত্মা ভূমিকাত আহি কৰ্মবন্ধনৰ বশ হৈ যায়, এয়াই হৈছে আত্মা আৰু পৰমাত্মাৰ মাজত অন্তৰ, ভিন্নতা। ভালবাৰু। ওঁম্ শান্তি।