08.11.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল পিতা হৈছে অবিনাশী বৈদ্য, যিয়ে এটি মহামন্ত্ৰৰেই তোমালোকৰ সকলো দুখ দূৰ কৰি দিয়ে

প্ৰশ্ন:
মায়াই তোমালোকৰ মাজত বিঘিনি কিয় আনে? তাৰ কাৰণ শুনোৱা?

উত্তৰ:
1) কিয়নো তোমালোক মায়াৰ অতি প্ৰিয় গ্ৰাহক। মায়াৰ গ্ৰাহক শেষ হয় সেইকাৰণে বিঘিনি আনে। 2) যেতিয়া অবিনাশী বৈদ্যই তোমালোকক ঔষধ দিয়ে তেতিয়া মায়াৰ বেমাৰবোৰ উথলি আহে সেইকাৰণে বিঘিনিলৈ ভয় কৰিব নালাগে। মনমনাভৱ মন্ত্ৰৰ প্ৰভাৱত মায়া আঁতৰি যাব।

ওঁম্শান্তি।
পিতাই বহি সন্তানসকলক বুজায়, মনুষ্যই মনৰ শান্তি, মনৰ শান্তি বুলি কৈ হায়ৰাণ হয়। নিতৌ কয়ো ওঁম শান্তি। কিন্তু ইয়াৰ অৰ্থ নুবুজাৰ কাৰণে শান্তি বিচাৰিয়ে থাকে। এনেকৈ কয়ো আই এম (মই) আত্মা অৰ্থাৎ আই এম চাইলেন্স (মই শান্ত)। আমাৰ স্বধৰ্মই হৈছে শান্তি। যিহেতু স্বধৰ্মই শান্তি তেন্তে আকৌ বিচাৰিব কিয় লাগে? অৰ্থ বুজি নোপোৱাৰ কাৰণে আকৌ শান্তি বিচাৰি থাকে। তোমালোকে বুজি পোৱা যে এইখন ৰাৱণ ৰাজ্য। কিন্তু এইটোও নুবুজে যে ৰাৱণ সাধাৰণভাৱে গোটেই জগতৰে আৰু বিশেষভাৱে ভাৰতৰ মূল শত্ৰু, সেইকাৰণে ৰাৱণক দাহ কৰি থাকে। এনেকুৱা কোনো মনুষ্য আছেনে যাক বছৰে-বছৰে জ্বলোৱা হয়? ৰাৱণকতো জন্ম-জন্মান্তৰ, কল্প-কল্পান্তৰ জ্বলাই আহিছে কিয়নো এই ৰাৱণ তোমালোকৰ বহুত ডাঙৰ শত্ৰু। 5 বিকাৰত সকলো আৱদ্ধ হৈ যায়। জন্মই ভ্ৰষ্টাচাৰৰ পৰা হয় গতিকে ৰাৱণৰ ৰাজ্য নহল জানো। এই সময়ত অপাৰ দুখ। ইয়াৰ নিমিত্ত কোন? ৰাৱণ। এয়া কোনেও নাজানে - দুখ কি কাৰণে হয়। এইখন ৰাজ্যই হৈছে ৰাৱণৰ। সকলোতকৈ ডাঙৰ শত্ৰু হৈছে এই ৰাৱণ। প্ৰতি বছৰে তেওঁৰ এফিজী (প্ৰতিকৃতি) সাজি দাহ কৰি থাকে। দিনে-প্ৰতিদিনে আৰুহে ডাঙৰকৈ সাজি গৈ থাকে। দুখো বাঢ়ি যায়। ইমান ডাঙৰ-ডাঙৰ সাধু, সন্ত, মহাত্মাসকল, ৰজাসকল আছে কিন্তু এজনেও এইটো নাজানে যে ৰাৱণ হৈছে আমাৰ শত্ৰু, যাক আমি বছৰে-বছৰে জ্বলাওঁ। আকৌ আনন্দোৎসৱো কৰো। এনেকৈ ভাবে যে ৰাৱণ মৰিল আৰু আমি লঙ্কাৰ মালিক হৈ গলো। কিন্তু মালিক নহয়। কিমান ধন খৰচ কৰে। পিতাই কয় - তোমালোকক ইমান প্ৰচুৰ ধন দিলো সকলোবোৰ কত হেৰুৱালা? দশহৰাত লাখ-লাখ টকা খৰচ কৰে। ৰাৱণক মাৰি আকৌ লঙ্কা লুটপাট কৰে। একোৱে বুজি নাপায়, ৰাৱণক কিয় জ্বলায়। বৰ্তমান সময়ত সকলোৱে এই বিকাৰৰ কাৰাগাৰত বন্দী হৈ আছে। আধাকল্প ৰাৱণক জ্বলায় কিয়নো দুখী হয়। বুজিও পায় যে ৰাৱণ ৰাজ্যত আমি বহুত দুখী। এইটো নুবুজে যে সত্যযুগত এই 5 বিকাৰ নাথাকে। এই ৰাৱণক জ্বলোৱা আদি নাথাকে। তেওঁলোকক সোধা - এয়া কেতিয়াৰ পৰা পালন কৰি আহিছা! তেতিয়া কব - এয়াতো অনাদি কালৰ পৰা চলি আহিছে। ৰক্ষাবন্ধন কেতিয়াৰ পৰা আৰম্ভ হল? কব অনাদি কালৰ পৰা চলি আহিছে। গতিকে এই সকলোবোৰ বুজিবলীয়া কথা নহয় জানো। মনুষ্যৰ বুদ্ধি কি হৈ গল। পশুও নহয়, মানুহো নহয়। কোনো কামৰ নহয়। স্বৰ্গক একেবাৰে নাজানে। মাথো এনেকৈ ভাবে যে এইখন সৃষ্টি ভগৱানে স্ৰজিছে। দুখত আকৌ ভগৱানকে স্মৰণ কৰে হে ভগৱান এই দুখৰ পৰা উদ্ধাৰ কৰা। কিন্তু কলিযুগততো সুখী হব নোৱাৰে। দুখতো নিশ্চয় ভূগীবই লাগিব। চিৰি নামিবই লাগিব। নতুন সৃষ্টিৰ পৰা পুৰণি সৃষ্টিৰ অন্তলৈকে সকলোবোৰ ৰহস্য পিতাই বুজায়। সন্তানসকল কাষলৈ আহিলে কয় যে সকলো দুখৰ ঔষধ এটাই। অবিনাশী বৈদ্য নহয় জানো। 21 জন্মৰ কাৰণে সকলোকে দুখৰ পৰা মুক্ত কৰি দিয়ে। সেই বৈদ্য লোকসকলতো নিজেও বেমাৰত পৰে। এওঁতো হৈছে অবিনাশী বৈদ্য। এইটোও বুজি পোৱা - দুখো বহুত, সুখো বহুত। পিতাই অপাৰ সুখ দিয়ে। তাত দুখৰ নাম-চিহ্ন নাথাকে। সুখী হোৱাৰেই ঔষধ। মাত্ৰ মোক স্মৰণ কৰা তেতিয়া পাৱন সতোপ্ৰধান হৈ যাবাগৈ, সকলো দুখ দূৰ হৈ যাব। পিছত সুখেই সুখ হব। গোৱাও হয় - দুখ হৰ্তা, সুখ কৰ্তা। আধাকল্পৰ বাবে তোমালোকৰ সকলো দুখ দূৰ হৈ যায়। তোমালোকে মাত্ৰ নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা।

আত্মা আৰু জীৱ দুয়োৰে খেল। নিৰাকাৰ আত্মা অবিনাশী আৰু সাকাৰ শৰীৰ বিনাশী ইহঁতৰে খেলা। এতিয়া পিতাই কৈছে - দেহ সহিত দেহৰ সকলো সমন্ধক পাহৰি যোৱা। গৃহস্থ ব্যৱহাৰত থাকি নিজক এনেকৈ ভাবা যে আমি এতিয়া উভটি যাব লাগিব। পতিতসকলতো যাব নোৱাৰে গতিকে মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া সতোপ্ৰধান হৈ যাবা। পিতাৰ ওচৰত ঔষধ আছে নহয় জানো। এইটোও শুনাও যে মায়াই নিশ্চয় বিঘিনি আনিব। তোমালোক ৰাৱণৰ গ্ৰাহক নহয় জানো। ৰাৱণৰ গ্ৰাহক আঁতৰি গলে নিশ্চয় হতাশ হব। গতিকে পিতাই বুজায় এয়াতো হৈছে পঢ়াৰ কথা। কোনো ঔষধ নহয়। স্মৃতিৰ যাত্ৰা হৈছে ঔষধ। এটি ঔষধেৰে তোমালোকৰ সকলো দুখ দূৰ হৈ যাব যদিহে নিৰন্তৰ মোৰ স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰা। ভক্তি মাৰ্গত এনেকুৱা বহুত আছে যাৰ মুখ অনবৰত চলিয়ে থাকে। কিবা নহয় কিবা মন্ত্ৰ, ৰাম নাম জপি থাকে, তেওঁলোকে গুৰুৰ মন্ত্ৰ পাইছে। তোমালোকে ইমানবাৰ সদায় জপিব লাগিব। তাকে ৰামৰ নামৰ মালা জপা বুলি কয়। ইয়াকে ৰাম নামৰ দান বুলি কয়। এনেকুৱা বহুত সংস্থা গঠন হৈছে। ৰাম-ৰাম বুলি জপি থাকিলে কাজিয়া আদি নকৰিব, ব্যস্ত হৈ থাকিব। কোনোৱে কিবা কলেও তাৰ সঁহাৰি নিদিব। বহুত কম সংখ্যক লোকেহে এনেকুৱা কৰে। ইয়াত আকৌ পিতাই বুজায় - ৰাম-ৰাম বুলি মুখেৰে কব নালাগে। এয়াতো হৈছে অজপাজপ কেৱল পিতাক স্মৰণ কৰি থাকা। পিতাই কয় - মই কোনো ৰাম নহওঁ। ৰামতো ত্ৰেতাত আছিল, যাৰ ৰাজ্য আছিল, তেওঁকতো জপিব নালাগে। এতিয়া পিতাই বুজাইছে - ভক্তিমাৰ্গত এই সকলোকে স্মৰণ কৰি, পূজা কৰি তোমালোকে চিৰি তললৈহে নামিলা কিয়নো সেই সকলোবোৰ হৈছে আনৰাইটিয়াচ (অসত্য, অধৰ্মী)। ৰাইটিয়াচতো (সত্য, ধৰ্মনিষ্ঠ) একমাত্ৰ পিতাহে। তেওঁ তোমালোক সন্তানসকলক বহি বুজায়। এয়া কেনেকুৱা বিভ্ৰান্তিৰ খেল। যিজন পিতাৰ পৰা ইমান বেহদৰ সম্পত্তি পোৱা যায় তেওঁক স্মৰণ কৰিলে চেহেৰাই চিকমিকাই থাকিব। আনন্দত চেহেৰা প্ৰফুল্লিত হৈ যায়। মুখ হৰ্ষিত হৈ যায়। তোমালোকে জানা যে পিতাক স্মৰণ কৰিলে আমি এনেকুৱা হমগৈ। আধাকল্পৰ বাবে আমাৰ সকলো দুখ দূৰ হৈ যাব। এনেকুৱা নহয় যে পিতাই কিছু কৃপা কৰি দিব। নহয়, এয়া বুজিব লাগে - আমি পিতাক যিমানে স্মৰণ কৰিম সিমানে সতোপ্ৰধান হৈ যাম। এই লক্ষ্মী নাৰায়ণ বিশ্বৰ মালিক কিমান হৰ্ষিত মুখৰ। এনেকুৱা হব লাগে। বেহদৰ পিতাক স্মৰণ কৰি ভিতৰি আনন্দিত হয় যে আকৌ আমি বিশ্বৰ মালিক হমগৈ। আত্মাৰ এই আনন্দৰ সংস্কাৰেই লগত যাব। আকৌ অলপ-অলপকৈ কমি যাব। এই সময়ত মায়াই তোমালোকক বহুত হায়ৰাণো কৰিব। মায়াই তোমালোকৰ স্মৃতি পাহৰাবলৈ চেষ্টা কৰিব। সদায় এনেকুৱা হৰ্ষিত মুখেৰে থাকিব নোৱাৰিবা। নিশ্চয় কোনোবা সময়ত শ্বাসৰুদ্ধ হব। মনুষ্য যেতিয়া বেমাৰত পৰে তেতিয়া তেওঁক কোৱাও হয় - শিৱবাবাক স্মৰণ কৰা কিন্তু শিৱবাবা কোন, এয়া কোনেও নাজানে গতিকে কি বুলি ভাবি স্মৰণ কৰিব? কিয় স্মৰণ কৰিব? তোমালোক সন্তানসকলেতো জানা যেপিতাক স্মৰণ কৰিলে আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হম। দেৱী-দেৱতা সতোপ্ৰধান নহয় জানো, সেইখনক কোৱা হয় দৈৱী সৃষ্টি। মনুষ্যৰ সৃষ্টি বুলি কোৱা নহয়। মনুষ্য নাম নাথাকে। অমুক দেৱতা। সেইখন হৈছেই দৈৱী সৃষ্টি, এইখন হৈছে মনুষ্য সৃষ্টি। এই সকলোবোৰ হৈছে বুজিবলগীয়া কথা। পিতাইহে বুজায়, পিতাক জ্ঞানৰ সাগৰ বুলি কোৱা হয় । পিতাই অনেক প্ৰকাৰৰ বুজনি দি থাকে। তথাপি শেষত মহামন্ত্ৰ দিয়ে - পিতাক স্মৰণ কৰিলে তোমালোক সতোপ্ৰধান হৈ যাবা আৰু তোমালোকৰ সকলো দুখ দূৰ হৈ যাব। কল্পৰ আগেয়েও তোমালোক দেৱী-দেৱতা হৈছিলা। তোমালোকৰ চৰিত্ৰ দেৱতাসকলৰ দৰে আছিল। তাত কোনো উল্টা-সুল্টা বচন কোৱা নাছিলা। এনেকুৱা কোনো কামেই নহয়। সেইখন হৈছেই দৈৱী সৃষ্টি। এইখন হৈছে মনুষ্য সৃষ্টি। পাৰ্থক্য নাই জানো। এয়া পিতাই বহি বুজায়। মানুহে বুজে যে দৈৱী সৃষ্টিৰ লাখ-লাখ বছৰ হৈ গৈছে। ইয়াতেতো কাকো দেৱতা বুলি কব নোৱাৰে। দেৱতাসকলতো স্বচ্ছ আছিল । মহান আত্মা বুলি দেৱী-দেৱতাসকলক কোৱা হয়। মনুষ্যক কেতিয়াও কব নোৱাৰি। এইখন হৈছে ৰাৱণ সৃষ্টি। ৰাৱণ বৰ ডাঙৰ শত্ৰু। এই ৰাৱণৰ দৰে শত্ৰু আন কোনো নাই। প্ৰতি বছৰে তোমালোকে ৰাৱণক জ্বলোৱা। এওঁ কোন হয়? কোনেও নাজানে। কোনো মনুষ্য নহয়, এয়া হৈছে 5 বিকাৰ গতিকে ইয়াক ৰাৱণ ৰাজ্য বোলা হয়। 5 বিকাৰৰ ৰাজ্য নহয় জানো। সকলোৰে 5 বিকাৰ আছে। এই দুৰ্গতি আৰু সৎগতিৰ খেলখন ৰচি থোৱা আছে। এতিয়া তোমালোকক সৎগতিৰ সময় আদিৰ কথাও পিতাই বুজাইছে। দুৰ্গতিৰ বিষয়েও বুজাইছে। তোমালোকেই ওপৰলৈ উঠা আৰু তোমালোকেই তললৈ নামা। শিৱজয়ন্তীও ভাৰততেই হয়। ৰাৱণ জয়ন্তীও ভাৰততে হয়। আধাকল্প হৈছে দৈৱী সৃষ্টি, লক্ষ্মী-নাৰায়ণ, ৰাম-সীতাৰ ৰাজ্য হয়। এতিয়া তোমালোক সন্তানসকলে সকলোৰে জীৱন বৃত্তান্ত জানা। সকলো মহিমা তোমালোকৰে। নৱৰাত্ৰিত পূজা আদি সকলো তোমালোকৰে হয়। তোমালোকেই স্থাপনা কৰা। শ্ৰীমতত চলিবিশ্বক পৰিৱৰ্তন কৰা গতিকে শ্ৰীমতত পুৰা চলিব লাগে। ক্ৰমানুসৰি পুৰুষাৰ্থ কৰিয়ে থাকে। স্থাপনা হৈ থাকে। ইয়াত যুদ্ধ আদিৰ কোনো কথা নাই। এতিয়া তোমালোকে বুজি পোৱা যে এই পুৰোষোত্তম সংগমযুগ হয়েই একেবাৰে বেলেগ। পুৰণি সৃষ্টিৰ অন্ত, নতুন সৃষ্টিৰ আৰম্ভণি। পিতা পুৰণি সৃষ্টিৰ পৰিৱৰ্তন কৰিবলৈকে আহে। তোমালোকক বহুত কথাই বুজায় কিন্তু বহুত আছে যিয়ে পাহৰি যায়। ভাষণৰ পিছতহে মনত পৰে - এইটো-এইটো পইণ্টচ বুজাব লাগিছিল। হুবহু কল্প-কল্প যেনেকৈ স্থাপন হৈছিল তেনেকৈয়ে হৈ থাকিব, যিসকলে যি পদ পাইছিল তেওঁলোকেই পাব। সকলোৱে একধৰণৰ পদ পাব নোৱাৰে। অতি উচ্চ পদ পাওঁতাও আছে সেইদৰে অতি নীচ পদ পাওঁতাও আছে। যিসকল অনন্য সন্তান আছে তেওঁলোকে আগলৈ গৈ বহুত অনুভৱ কৰিব - এওঁ চহকীসকলৰ দাসী হবগৈ। এওঁ ৰাজ পৰিয়ালৰ দাসী হবগৈ। এওঁ বহুত ধনবান হব, যিসকলক মাজে সময়ে নিমন্ত্ৰণ দি থাকিব। সকলোকে জানো নিমন্ত্ৰণ দিব, সকলোৰে জানো মুখ চাবলৈ পাব।

পিতাইও ব্ৰহ্মাৰ মুখেৰে বুজায় সন্মুখত জানো সকলোৱে চাব পাৰিব। তোমালোক এতিয়া সন্মুখত আহিছা, পবিত্ৰ হৈছা। এনেকুৱাও হয় যে অপবিত্ৰ আহি ইয়াত বহে, কিবা শুনিলে তেতিয়া দেৱতা হৈ যাব তথাপি কিবা শুনিলে প্ৰভাৱ পৰিব। নুশুনিলে আকৌ নাহিবই। গতিকে মুখ্য কথা পিতাই কয় - মনমনাভৱ। এই এটি মন্ত্ৰৰ দ্বাৰা তোমালোকৰ সকলো দুখ দূৰ হৈ যায়। মনমনাভৱ - এয়া পিতাই কয়। আকৌ শিক্ষক হৈ কয় মধ্যাজীভৱ। এওঁ পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়। তিনিওজনৰে স্মৃতি থাকিলে তেতিয়াও বহুত হৰ্ষিত মুখৰ হৈ থাকিব। পিতাই পঢ়ায় আকৌ পিতায়ে লগত লৈ যায়। এনেকুৱা পিতাক কিমান স্মৰণ কৰিব লাগে। ভক্তিমাৰ্গততো পিতাক কোনেও নাজানেই। মাত্ৰ ইমানে জানে যে ভগৱান হয়, আমি সকলো ভাতৃ। পিতাৰ পৰা কি পোৱা যায়, সেয়া একোৱে নাজানে। তোমালোকে এতিয়া বুজি পোৱা এজনে পিতা আছে, আমি তেওঁৰ সকলো সন্তান ভাই-ভাই হওঁ। এয়া বেহদৰ কথা নহয় জানো। সকলো সন্তানকে শিক্ষক হৈ পঢ়ায়। আকৌ সকলোৰে হিচাপ-নিকাচ নিষ্পত্তি কৰি উভতাই লৈ যাব। এই ছিঃ-ছিঃ জগতৰ পৰা উভতি যাব লাগে, নতুন সৃষ্টিলৈ আহিবৰ কাৰণে তোমালোকক যোগ্য কৰি তোলে। যিসকল যোগ্য হয় তেওঁলোক সত্যযুগত আহে। ভালবাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ অৱস্থা সদায় একৰস আৰু হৰ্ষিত মুখৰ কৰি ৰাখিবৰ বাবে পিতা, শিক্ষক আৰু সৎগুৰু তিনিওজনকে স্মৰণ কৰিব লাগে। ইয়াৰ পৰাই আনন্দৰ সংস্কাৰ ধাৰণ কৰিব লাগে। সম্পত্তিৰ স্মৃতিৰে চেহেৰা চিকমিকাই থাকিব লাগে।

(2) শ্ৰীমতত চলি গোটেই বিশ্বক পৰিৱৰ্তন কৰাৰ সেৱা কৰিব লাগে। 5 বিকাৰত যিসকল আৱদ্ধ হৈ আছে তেওঁলোকক উদ্ধাৰ কৰিব লাগে। নিজৰ স্বধৰ্মৰ পৰিচয় দিব লাগে।

বৰদান:
স্বৰাজ্যৰ দ্বাৰা নিজৰ সংগীসকলক স্নেহী সহযোগী কৰি তোলোঁতা মাষ্টৰ দাতা হোৱা

ৰজা অৰ্থাৎ দাতা। দাতাক কবলগীয়া বা বিচাৰিবলগীয়া নহয়। নিজেই প্ৰত্যেক ৰজাকে নিজৰ স্নেহৰ উপহাৰ আগবঢ়ায়। তোমালোকো নিজৰ ওপৰত ৰাজ্য কৰোঁতা ৰজা হৈ যোৱা তেতিয়া প্ৰত্যেকে তোমালোকৰ আগত সহযোগৰ উপহাৰ আগবঢ়াব। যিসকলৰ নিজৰ ওপৰত ৰাজ্য কৰে তেওঁলোকৰ আগত লৌকিক অলৌকিক সংগীসকলে হয় আছো, হয় হুজুৰ, হব বুলি কৈ স্নেহী, সহযোগী হৈ যায়। পৰিয়ালত কেতিয়াও হুকুম নচলাবা, নিজৰ কৰ্মেন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণত ৰাখিবা তেতিয়া তোমালোকৰ সকলো সংগী তোমালোকৰ স্নেহী, সহযোগী হৈ যাব।
 

স্লোগান:
সকলো প্ৰাপ্তিৰ সাধন থাকিও বৃত্তি উপৰাম হৈ থাকিলে তেতিয়া কোৱা হব বৈৰাগ্য বৃত্তি।