09.02.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


" মৰমৰ সন্তানসকল তোমালোকে তন - মন - ধনেৰে সঁচা আত্মিক সেৱা কৰিব লাগে , আত্মিক সেৱাৰ দ্বাৰাহে ভাৰত গ ল্ডেন এজ ত ( সোণালী যুগ ত ) পৰিণত হ ব

প্ৰশ্ন:
নিচিন্ত হৈ থাকিবলৈ সদায় কোনটো কথা মনত ৰাখিব লাগে ? তোমালোক নিচিন্ত হৈ কেতিয়া থাকিব পাৰিবা ?

উত্তৰ:
নিচিন্ত হৈ থাকিবলৈ সদায় যাতে এইটো স্মৃতিত থাকে যে এই ড্ৰামা (নাটক) একেবাৰে এক্যুৰেট (সঠিককৈ) ৰচি থোৱা আছে। ড্ৰামা অনুসৰি যি চলি আছে সেয়া একেবাৰে এক্যুৰেট। কিন্তু এতিয়া তোমালোক সন্তানসকল নিচিন্ত হৈ থাকিব নোৱাৰা, যেতিয়া তোমালোকৰ কৰ্মাতীত অৱস্থা হব, তেতিয়া তোমালোক নিচিন্ত হৈ যাবাগৈ, তাৰ বাবে যোগ বহুত ভাল হোৱা উচিত। যোগী আৰু জ্ঞানী সন্তানসকল লুকাই নাথাকে।

ওঁম্ শান্তি।
পতিত-পাৱন শিৱ ভাগৱানুৱাচ। পিতাই বুজাই দিছে যে দেহধাৰী মনুষ্যক কেতিয়াও ভগৱান বুলি কব নোৱাৰি। মনুষ্যই এয়াও জানে যে পতিত-পাৱন ভগৱানেই হয়। শ্ৰীকৃষ্ণক পতিত-পাৱন বুলি কোৱা নহব। বেচেৰাসকল বহুত বিভ্ৰান্ত হৈ আছে। ভাৰতত যেতিয়া সূতা জোট লাগে (বিভ্ৰান্তিৰ অৱস্থা হয়) তেতিয়া শিৱবাবা আহিবলগীয়া হয়। পিতাৰ অবিহনে আন কোনেও সেই জট ভাঙিব নোৱাৰে। তেওঁৱেই পতিত-পাৱন শিৱবাবা, যাক মাথো তোমালোক সন্তানসকলেহে জানা। সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। যদিও ইয়াত বহি আছা, নিতৌ শুনিও আছা তথাপিও এইটো কথাৰ প্ৰতি ধ্যান নাথাকে যে আমি শিৱবাবাৰ ওচৰত বহি আছো, তেওঁ এওঁৰ শৰীৰত বিৰাজমান হৈ আছে, আমাক পঢ়াই আছে, পাৱন কৰি আছে, উপায় শুনাই আছে।

তোমালোক স্বদৰ্শন চক্ৰধাৰী হৈ ৰচোতা আৰু ৰচনাৰ জ্ঞান প্ৰাপ্ত কৰি কামক জয় কৰি জগতজীৎ হোৱা। সেয়েহে সেইজন পিতা পতিত-পাৱনো হৈ গল। নতুন ৰচনাৰ ৰচোতাও হৈ গল। এতিয়া বেহদৰ ৰাজ্য পাবলৈ তোমালোকে পুৰুষাৰ্থ কৰা। প্ৰত্যেকে বুজি পায় আমি শিৱবাবাৰ পৰা ৰাজ্য-ভাগ্য লৈ আছো। এয়াও যথাৰ্থভাৱে বুজিব নোৱাৰে। কোনোৱে অলপ জানে, কোনোৱেটো একেবাৰেই নাজানে। শিৱবাবাইতো কয় পতিত-পাৱন মই হওঁ। কোনোবাই আহি যদি মোক সোধে তেন্তে মই নিজৰ পৰিচয় দিব পাৰো। তোমালোককো জানো পিতাই নিজৰ পৰিচয় দিয়া নাই। শিৱবাবাই কয় মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰো। এয়া সাধাৰণ শৰীৰ। বৃক্ষৰ অন্তত থিয় হৈ আছে। পতিত দুনিয়াত থিয় হৈ আছে আৰু একেবাৰে তলত তপস্যা কৰি আছে। এওঁলোককো তপস্যা শিৱবাবাই শিকাই আছে। ৰাজযোগ শিৱবাবাই শিকায়। তলত আদি দেৱ, ওপৰত আদি নাথ। তোমালোক সন্তানসকলে বুজাব পাৰা যে আমি ব্ৰাহ্মণ শিৱবাবাৰ সন্তান হওঁ। তোমালোকো শিৱবাবাৰ সন্তান কিন্তু সেইটো নাজানা। ভগৱান এজনেই, বাকী সকলো ভাই-ভাই। পিতাই কয় - মই নিজৰ সন্তানসকলকে পঢ়াওঁ। যিয়ে মোক চিনি পায় তেওঁলোককে পঢ়াই দেৱতা কৰি তোলো। ভাৰতেই স্বৰ্গ আছিল, এতিয়া নৰক। যিয়ে কামক জিনিব, তেওঁৱেই জগতজীৎ হব। মই গল্ডেন ৱল্ডৰ (সোণালী বিশ্বৰ) স্থাপনা কৰি আছো। অনেক বাৰ এই ভাৰত গল্ডেন এজত (স্বৰ্ণিম যুগত) আছিল, তাৰ পিছত আইৰণ এজত (লৌহ যুগত) আহিল - এয়া কোনেও নাজানে। ৰচয়িতা আৰু ৰচনাৰ আদি, মধ্য, অন্তক কোনেও নাজানে। মই নলেজফুল (জ্ঞানেৰে পৰিপূৰ্ণ) হওঁ। এয়া হৈছে লক্ষ্য-উদ্দেশ্য। মই এওঁৰ সাধাৰণ শৰীৰত প্ৰৱেশ কৰি জ্ঞান দিওঁ। এতিয়া তোমালোকো পবিত্ৰ হোৱা। এই বিকাৰসমূহক জিনিব পাৰিলে তোমালোক জগতজীৎ হবাগৈ। ইয়াৰ বাবে সকলো সন্তানে পুৰুষাৰ্থ কৰি আছে। তন-মন-ধনেৰে আত্মিক সেৱা কৰে, পাৰ্থিৱ সেৱা নহয়। ইয়াক স্পিৰিচুৱেল নলেজ (আধ্যাত্মিক জ্ঞান) বুলি কোৱা হয়। এয়া ভক্তি নহয়। ভক্তিৰ যুগ হৈছে দ্বাপৰ-কলিযুগ, যাক ব্ৰহ্মাৰ ৰাতি বুলি কোৱা হয় আৰু সত্যযুগ-ত্ৰেতাক ব্ৰহ্মাৰ দিন বুলি কোৱা হয়। কোনোবা গীতাৰ পাঠক আহিলে তেওঁকো বুজাব লাগে গীতাত ভুল আছে। গীতা কোনে শুনালে, ৰাজযোগ কোনে শিকালে, কোনে কলে কামৰ ওপৰত বিজয়ী হব পাৰিলে তোমালোক জগতজীৎ হৈ যাবা? এই লক্ষ্মী-নাৰায়ণো জগতজীৎ হৈছে নহয় জানো। এওঁলোকৰ 84 জন্মৰ ৰহস্য বুজায়। যিয়েই নহওক কিয় জ্ঞান লবলৈতো ইয়ালৈ আহিব লাগিব নহয় জানো। মইতো সন্তানসকলক পঢ়াও। কিন্তু তোমালোকৰ মাজতো কিছুমানে ইমানখিনি বুজি নাপায়, সেইবাবে গায়নো আছে কোটিৰ মাজত কোনোবা.................। মই যি হওঁ, যেনেকুৱা হওঁ সেয়া কিছুমানেতো 5 শতাংশও নাজানে। তোমালোকে পিতাক জানি লৈ সম্পূৰ্ণ ৰীতিৰে স্মৰণ কৰিব লাগে। মামেকম্(মনে মনে কেৱল মোক) স্মৰণ কিয় নকৰা? তেতিয়া এনেকৈ কয় যে বাবা স্মৃতি পাহৰি যাওঁ। হেৰ, তোমালোকে বাবাক মনত পেলাব নোৱাৰানে। অৱশ্যে বাবাই বুজি পায় যে ইয়াৰ বাবে বহুত চেষ্টাৰ প্ৰয়োজন তথাপি পুৰুষাৰ্থ কৰাবলৈ জোৰ দি থাকে। হেৰ যিজন পিতাই তোমালোকক ক্ষীৰ সাগৰলৈ লৈ যায়, বিশ্বৰ মালিক কৰি তোলে, তেওঁক পাহৰি যোৱা! মায়াই পাহৰাইও নিশ্চয় দিব। সময় লাগিব। এনেকুৱাও নহয় যে মায়াইতো পাহৰাই দিবই, সেইকাৰণে ঠাণ্ডা হৈ বহি যাবা। নহয়, পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে। কামৰ ওপৰত জয়ী হব লাগে। মামেকম্স্মৰণ কৰিলে বিকৰ্ম বিনাশ হব। যেনেকৈ তোমালোক সন্তানসকলক কওঁ তেনেকৈ কোনোবা বহুত ডাঙৰ জজ্(বিচাৰপতি) আহিলেও তেওঁকো পিতাই সন্তান বুলিয়েই নকব জানো কিয়নো মই উচ্চৰো উচ্চ ভগৱান হওঁ। উচ্চৰো উচ্চ শিক্ষা ময়েই দিওঁ, প্ৰিন্স-প্ৰিন্সেচ (ৰাজকুমাৰ-ৰাজকুমাৰী) পদ পাবৰ বাবে। পিতাই কয় - মই এওঁক পঢ়াই আছো। এওঁৱেই আকৌ কৃষ্ণ হয়গৈ।ব্ৰহ্মা-সৰস্বতী, তেওঁলোকেই আকৌ লক্ষ্মী-নাৰায়ণ হবগৈ। এই প্ৰবৃত্তি মাৰ্গ চলি আহিছে। নিবৃত্তি মাৰ্গৰ লোকসকলে ৰাজযোগ শিকাব নোৱাৰে। ৰজা-ৰাণী দুয়োটাই লাগে। বিলাতলৈ গৈ কয় - আমি ৰাজযোগ শিকাওঁ। কিন্তু তেওঁলোকেতো সুখক কাগ বিষ্টাৰ সমান বুলি কয় তেন্তে আকৌ ৰাজযোগ কেনেকৈ শিকাব! গতিকে সন্তানসকল উৎসাহিত হোৱা উচিত। কিন্তু সন্তানসকল এতিয়াও সৰু হৈ আছে, পৈণত হোৱা নাই। পৈণত হবলৈ সাহস লাগে।

পিতাই শুনায় - এইয়া হল ৰাৱণৰ সম্প্ৰদায়। তোমালোকে আহ্বান কৰা - হে পতিত-পাৱন আহা। তেন্তে এইখন পতিত দুনিয়া নে পবিত্ৰ দুনিয়া? তোমালোকে বুজি পোৱা নহয় যে আমি নৰকবাসী হওঁ। এই দৈৱী সম্প্ৰদায় আছে জানো? ৰাম ৰাজ্য আছে জানো? তোমালোক ৰাৱণ ৰাজ্যৰ নোহোৱা জানো? এতিয়া ৰাৱণ ৰাজ্যত সকলোৰে আসুৰি বুদ্ধি। এতিয়া আসুৰি বুদ্ধিক দৈৱী কৰি তোলোঁতাজন কোন? এনেকৈ 4-5 টা প্ৰশ্ন সুধিলে তেতিয়া মনুষ্য চিন্তাত পৰি যাব। তোমালোক সন্তানসকলৰ কাম হৈছে পিতাৰ পৰিচয় দিয়া। বৃক্ষজোপাটো লাহে লাহে বাঢ়ে। পিছত বহুত বৃদ্ধি হৈ যাব। মায়াইও চক্ৰ লগাই একেবাৰে অধঃপতিত কৰি দিয়ে। বক্সিঙতো (মুষ্টি যুদ্ধ) বহুতৰে মৃত্যু হয়, ইয়াতো বহুতৰে মৃত্যু হয়। বিকাৰলৈ যোৱা মানেই মৃত্যু হোৱা। পুনৰ আৰম্ভণিৰ পৰা নতুনকৈ পুৰুষাৰ্থ কৰিবলগীয়া হয়। বিকাৰে একেবাৰে মাৰি পেলায়। যি অলপ মামৰ আতৰাই পতিতৰ পৰা পবিত্ৰ হৈছিল, সেই উপাৰ্জন খিনিও শেষ হৈ যায়। পুনৰ আৰম্ভণিৰ পৰা চেষ্টা কৰিবলগীয়া হয়। এনেকুৱা নহয় যে তেওঁলোকক আহিবলৈ অনুমতি দিব নালাগে। নহয়, তেওঁলোকক বুজাব লাগে যে যি অলপ স্মৰণৰ যাত্ৰা কৰিছিলা, অধ্যয়ন কৰিছিলা সেই সকলোবোৰ শেষ হৈ গল। একেবাৰে অধঃপতিত হৈ পৰিলা। অৱশ্যে যদি বাৰে বাৰে অধঃপতিত হৈ থাকে তেতিয়া কোৱা হব বাহিৰ হৈ যোৱা। এবাৰ বা দুবাৰ ক্ষমা কৰা হব। দুবাৰ ক্ষমা কৰিবলগীয়া হলে তাৰ পিছত মামলা হপলেচ (আশাহীন) হৈ যায়। আকৌ আহিবও কিন্তু একেবাৰে ডাৰ্টি ক্লাচত (নিকৃষ্ট শ্ৰেণীত)। তুলনাত্মক ভাৱে এনেকৈয়ে কোৱা নহব জানো। যিয়ে একেবাৰে কম পদ পায় তেওঁলোকক কোৱা হব ডাৰ্টি ক্লাচ। দাস-দাসী, চণ্ডাল, প্ৰজাৰো চাকৰ সকলো শ্ৰেণীৰে হবগৈ নহয় জানো। পিতাইতো জানে মই এওঁলোকক পঢ়াই আছো। প্ৰত্যেক 5 হাজাৰ বছৰৰ পিছত পঢ়াওঁ। তেওঁলোকে লাখ বছৰ বুলি কৈ দিয়ে। আগলৈ গৈ এইটো কথাও কবলৈ আৰম্ভ কৰি দিব যে যথাযথ 5 হাজাৰ বছৰৰ কথা। সেয়াই মহাভাৰতৰ যুদ্ধ। কিন্তু স্মৃতিৰ যাত্ৰাত থাকিব নোৱাৰে। দিনে-প্ৰতিদিনে টু লেট্(বহুত পলম) হৈ গৈ থাকিব। গায়নো আছে - বহুত গল অলপ আছে.। এই সকলোবোৰ এই সময়ৰে কথা। বাকী পবিত্ৰ হবৰ বাবে অলপ সময় আছে। যুদ্ধ সমাগত। নিজৰ অন্তৰক সুধিব লাগে মই স্মৃতিৰ যাত্ৰাত আছোনে? যেতিয়া কোনোবা নতুন লোক আহে তেতিয়া সন্তানসকলে ফৰ্ম নিশ্চয় পূৰ কৰিবলৈ দিব লাগে। যেতিয়া ফৰ্ম পূৰাব তেতিয়া তেওঁলোকক বুজাব পাৰা। যদি কোনোবাই বুজিবই নিবিচাৰে তেনেহলে তেওঁ ফৰ্ম পূৰাবই বা কি? এনেকুৱাতো বহুত আহে। কোৱা, পিতাক আহ্বান কৰা - পতিত-পাৱন আহা তেন্তে নিশ্চয় এইখন পতিত দুনিয়া, সেইবাবেতো কোৱা যে আহি পবিত্ৰ কৰি তোলা। তাৰ পিছত কোনোবা হয়, কোনোবা নহয়। বাবাৰ ওচৰলৈ পত্ৰতো বহুত আহে। সকলোৱে লিখে শিৱবাবা ওৰফে ব্ৰহ্মা। শিৱবাবাইও কয় মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ। এওঁক 84 জন্মৰ কাহিনী শুনাও। অন্য কোনো মনুষ্যই ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক নাজানে। এতিয়া পিতাইহে তোমালোকক শুনাইছে। এই চিত্ৰ আদিও বাবাই দিব্য দৃষ্টি দান কৰি সকলো অংকন কৰোৱাইছে।

বাবাই তোমালোক আত্মাসকলকহে পঢ়ায়। আত্মাসকল তৎক্ষণাৎ অশৰীৰী হৈ যায়। এই শৰীৰৰ পৰা নিজকে পৃথক বুলি বুজিব লাগে, বাবাই কয়- সন্তানসকল, দেহী-অভিমানী হোৱা, অশৰীৰী হোৱা। মই আত্মাসকলক পঢ়াওঁ। এয়া হৈছে আত্মা আৰু পৰমাত্মাৰ মেলা, ইয়াক সংগমৰ মেলা বুলি কোৱা হয়। বাকী কোনো পানীৰ গংগাই পবিত্ৰ কৰি নোতোলে। সাধু, সন্ত, ঋষি, মুনি আদি সকলোৱে স্নান কৰিবলৈ যায়। এতিয়া গংগা পতিত-পাৱনী কেনেকৈ হব পাৰে? ভগৱানুৱাচ (ভগৱানে কয়)-কাম মহাশত্ৰু হয়, ইয়াৰ ওপৰত জয়ী হলেই তোমালোক জগতজীৎ হৈ যাবাগৈ। গংগা বা সাগৰেতো এনেকৈ নকয়। এনেকৈতো জ্ঞান সাগৰ পিতাই বুজায়, ইয়াৰ ওপৰত জয়ী হবৰ বাবে মামেকম্ (মনে মনে কেৱল মোক স্মৰণ) কৰা তেতিয়া তোমালোক পবিত্ৰ হৈ যাবা। দৈৱীগুণ ধাৰণ কৰা, কাকো দুখ নিদিবা। প্ৰথম নম্বৰৰ দুখ হৈছে কাম কটাৰী চলোৱা। ইয়েই আদি, মধ্য, অন্ত দুখ দিওঁতা হয়। সত্যযুগত এয়া নাথাকে। সেইখন হল পবিত্ৰ দুনিয়া, তাত কোনো পতিত নাথাকেই। যেনেকৈ তোমালোকে যোগ বলেৰে ৰাজ্য লোৱা, তেনেকৈ তাত যোগ বলেৰে সন্তান জন্ম হয়। ৰাৱণ ৰাজ্যই নাথাকে। তোমালোকে ৰাৱণক জ্ব্লোৱা, গমেই নোপোৱা যে কেতিয়াৰ পৰা জ্বলাই আহিছা। ৰাম ৰাজ্যত ৰাৱণ নাথাকে। এইবোৰ অতিকৈ বুজিবলগীয়া কথা, যি পিতাই বুজাইছে। বহুত ভালকৈ বুজায় কিন্তু কল্পই-কল্পই যিয়ে যিমান পঢ়ে, সিমানেই পঢ়িব। পুৰুষাৰ্থৰ পৰা সকলো কথা গম পোৱা যায়। স্থূল সেৱাৰো বিষয় আছে, মনেৰে নহলে বাণীৰে, কৰ্মৰে। বাণীৰেতো বহুত সহজ। প্ৰথমতে হৈছে মনৰে অৰ্থাৎ মনমনাভৱ, স্মৃতিৰ যাত্ৰাত থাকিব লাগে। নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। পিতাৰ পৰা শিক্ষা লব লাগে।

বহুত আছে যিয়ে পিতাক স্মৰণ কৰিব নোৱাৰে। এনেকৈ কোৱা নহব যে জ্ঞানক স্মৰণ কৰিব নোৱাৰে। মামেকম্ স্মৰণ কৰিব নোৱাৰে। স্মৰণ নকৰিলে তেন্তে শক্তি কেনেকৈ পাবা। পিতা হৈছে সৰ্বশক্তিমান, তেওঁক স্মৰণ কৰিলেহে শক্তি আহিব, ইয়াকে ধাৰ বুলি কোৱা হয়। কৰ্মৰেও কোনোবাই ভালকৈ সেৱা কৰিলে তেতিয়াও পদ পাব। কৰ্মৰেও যদি নকৰে তেন্তে কি পদ পাব। বিষয় থাকে নহয় জানো। এয়া হল গুপ্ত বুজিবলগীয়া কথা। তেওঁলোকে যোগ-যোগ বুলি কৈ থাকে কিন্তু এইটো বুজি নাপায় যে যোগৰ দ্বাৰা তোমালোকে বিশ্বৰ বাদশ্বাহী (সাম্ৰাজ্য) লোৱা। যোগবলৰ দ্বাৰাই তাত সন্তান জন্ম হয়। এয়াও কোনেও নাজানে। তোমালোকক বুজোৱা হয় তথাপিও আধাকল্পৰ পিছত তোমালোক মায়াৰ বান্দা (গোলাম) হৈ যোৱা। আকৌ মায়াই তোমালোকক এতিয়াও এৰি নিদিয়ে। এতিয়া তোমালোক শিৱবাবাৰ বান্দা হব লাগে। কোনো দেহধাৰীৰ বান্দা হব নালাগে। ভাই-ভনী বুলিও এতিয়াহে কোৱা হয়- পবিত্ৰ হবৰ বাবে। আকৌ ইয়াৰো উৰ্দ্ধত যাব লাগে। ভাই-ভাই বুলি বুজিব লাগে। ভাই-ভনীৰ দৃষ্টিও নহয়। ড্ৰামা অনুসৰি যি চলে, সেয়া একেবাৰে এক্যুৰেট (সঠিক)। ড্ৰামা একেবাৰে এক্যুৰেট। পিতাতো নিচিন্ত, এওঁৰতো চিন্তা নিশ্চয় থাকিব। নিচিন্ত তেতিয়াহে হৈ থাকিব যেতিয়া কৰ্মাতীত অৱস্থা হব, তেতিয়ালৈকে কিবা নহয় কিবা হৈ থাকিব। যোগ ভাল হোৱা উচিত। যোগৰ বাবে বাবাই এতিয়া জোৰ দিয়ে। ইয়াৰ বাবে কয় - বাৰে বাৰে পাহৰি যাওঁ। পিতাই অভিযোগ কৰে, যিজন পিতাই তোমালোকক ইমান খাজনা দিয়ে তেওঁক তোমালোকে পাহৰি যোৱা। পিতাই জানে কাৰ জ্ঞান আছে, কাৰ নাই। জ্ঞানী কেতিয়াও লুকাই থাকিব নোৱাৰে। তেওঁ তৎক্ষণাৎ সেৱাৰ প্ৰমাণ দিব। গতিকে এই সকলোবোৰ বুজিবলগীয়া কথা। ভাল বাৰু!

অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰ বাবে মুখ্য সাৰ :-

(1) মায়াৰ বক্সিঙত (মুষ্টি যুদ্ধত) পৰাজিত হব নালাগে। পুৰুষাৰ্থত ঠাণ্ডা হৈ বহি যাব নালাগে। সাহসেৰে সেৱা কৰিব লাগে।

(2) এই ড্ৰামা এক্যুৰেট (সঠিক) ভাৱে ৰচা হৈছে, সেয়েহে কোনো কথাৰ বাবে চিন্তা কৰিব নালাগে। কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিবলৈ এজন পিতাৰহে স্মৃতিত থাকিব লাগে, কোনো দেহধাৰীৰ বান্দা (গোলাম) হব নালাগে।

বৰদান:
বেহদৰ বৈৰাগ্য বৃত্তিৰ দ্বাৰা সকলো মোহৰ ( আসক্তিৰ ) পৰা মুক্ত হৈ থাকোঁতা সঁচা ৰাজঋষি হোৱা

ৰাজঋষি অৰ্থাৎ এফালে ৰাজ্য আনফালে ঋষি অৰ্থাৎ বেহদৰ বৈৰাগী। যদিহে নিজৰ প্ৰতি, ব্যক্তিৰ প্ৰতি, বস্তুৰ প্ৰতি মোহ (আসক্তি) আছে তেন্তে ৰাজঋষি নহয়। যাৰ সংকল্প মাত্ৰতো অলপো যদিমোহ আছে তেওঁৰ দুই নাওঁত দুই ভৰিৰ দৰে হল, তেতিয়া ইফালৰো নহব আৰু সিফালৰো নহব, সেইবাবে ৰাজঋষি হোৱা, বেহদৰ বৈৰাগী হোৱা অৰ্থাৎ এজন পিতা দ্বিতীয় কোনো নাই - এইটো পাঠ দৃঢ় কৰা।

স্লোগান:
ক্ৰোধ অগ্নি ৰ ৰূপ হয় যিয়ে নিজকো জ্বলায় আৰু আনকো জ্বলাই দিয়ে।