09.02.20    Avyakt Bapdada     Assame Murli     20.11.85     Om Shanti     Madhuban


সংগমযুগী ব্ৰাহ্মণৰ অনন্য, মৰমৰ শ্ৰেষ্ঠ সংসাৰ


আজি ব্ৰাহ্মণৰ ৰচয়িতা পিতাই নিজৰ অকণমানি অলৌকিক সুন্দৰ সংসাৰক চাই আছেহঁক। এই ব্ৰাহ্মণ সংসাৰ সত্যযুগী সংসাৰতকৈও অতি উপৰাম আৰু অতি মৰমৰ হয়। এই অলৌকিক সংসাৰৰ ব্ৰাহ্মণ আত্মাসকল কিমান শ্ৰেষ্ঠ আৰু বিশেষ হয়। দেৱতা ৰূপতকৈও এই ব্ৰাহ্মণ স্বৰূপ বিশেষ হয়। এইখন সংসাৰৰ মহিমা আছে, উপৰাম অৱস্থা আছে। এই সংসাৰৰ প্ৰত্যেক আত্মা বিশেষ হয়। প্ৰত্যেক আত্মাই স্বৰাজ্যধাৰী ৰজা। প্ৰত্যেক আত্মা স্মৃতিৰ তিলকধাৰী, অৱিনাশী তিলকধাৰী, স্বৰাজ্য তিলকধাৰী, পৰমাত্ম অন্তৰাসনাধিকাৰী হয়। গতিকে সকলো আত্মা এই সুন্দৰ সংসাৰৰ মুকুট, আসন, আৰু তিলকধাৰী হয়! এনেকুৱা সংসাৰ গোটেই কল্পত কেতিয়াবা শুনিছা নতুবা দেখিছা জানো! যি সংসাৰৰ প্ৰত্যেক ব্ৰাহ্মণ আত্মাৰে এজন পিতা, এটিয়ে পৰিবাৰ, এটাই ভাষা, একেই নলেজ অৰ্থাৎ জ্ঞান, একেই জীৱনৰ শ্ৰেষ্ঠ লক্ষ্য, একেই বৃত্তি, একেই দৃষ্টি, একেই ধৰ্ম আৰু একেই ঈশ্বৰীয় কৰ্ম। এনেকুৱা সংসাৰ যিমানেই সৰু সিমানেই মৰমৰ হয়। এনেকৈ সকলো ব্ৰাহ্মণ আত্মাই মনৰ ভিতৰত গীত গোৱানে যে আমাৰ এই সৰু সংসাৰ অতি উপৰাম আৰু অতি মৰমৰ হয়। এইটো গীত গোৱানে? এই সংগমযুগী সংসাৰ দেখি দেখি হৰ্ষিত হোৱানে? কিমান অনন্য সংসাৰ! এই সংসাৰৰ দিনচৰ্যাই অনন্য। নিজৰ ৰাজ্য, নিজৰ নিয়ম, নিজৰ ৰীতি-নীতি, কিন্তু ৰীতিও উপৰাম আৰু প্ৰীতিও মৰমৰ। এনেকুৱা সংসাৰত থাকোঁতা ব্ৰাহ্মণ আত্মা হোৱা নহয় জানো! এইখন সংসাৰতে নাথাকা জানো? কেতিয়াবা নিজৰ সংসাৰক এৰি পুৰণি সংসাৰলৈতো গুছি নোযোৱা! সেইবাবে পুৰণি সংসাৰৰ লোকে বুজি নাপায় যে দৰাচলতে এই ব্ৰাহ্মণ হয়নো কি! এনেকৈ নকয় জানো যে ব্ৰহ্মাকুমাৰীসকলৰ চলনেই বেলেগ ধৰণৰ। জ্ঞানো বেলেগ ধৰণৰ। যেতিয়া সংসাৰেই বেলেগ হয় তেন্তে সকলো নতুন আৰু উপৰামেই নহব জানো। সকলোৱে নিজে নিজক চোৱা যে নতুন সংসাৰৰ নতুন সংকল্প, নতুন ভাষা, নতুন কৰ্ম, এনেকুৱা উপৰাম হৈছানে! কোনো পুৰণি ভাৱতো ৰৈ যোৱা নাই! অলপো যদি পুৰণি ভাৱ থাকে তেন্তে সি পুৰণি জগতৰ ফালে আকৰ্ষিত কৰি দিব আৰু উচ্চ সংসাৰৰ পৰা নীচ সংসাৰলৈ গুছি যাবা। উচ্চ অৰ্থাৎ শ্ৰেষ্ঠ হোৱাৰ কাৰণে স্বৰ্গক উচ্চত দেখুৱায় আৰু নৰকক তলত দেখুৱায়। সংগমযুগী স্বৰ্গ সত্যযুগী স্বৰ্গতকৈও উচ্চ হয় কিয়নো এতিয়া দুয়োখন সংসাৰৰে নলেজ্‌ফুল হৈছা। ইয়াত এতিয়া দেখিও, জানিও উপৰাম আৰু মৰমৰ হোৱা সেইবাবে মধুবনক স্বৰ্গ যেন অনুভৱ কৰা। কোৱা নহয় যে স্বৰ্গ যদি চাব খোজা তেন্তে এতিয়া চোৱা। তাত স্বৰ্গৰ বৰ্ণনা নকৰিব। এতিয়া নিচাত কোৱা যে আমি স্বৰ্গ দেখিছোঁ। চেলেঞ্জ কৰা (প্ৰত্যাহ্বান জনোৱা) যে স্বৰ্গ চাব বিচৰিলে ইয়ালৈ আহি যোৱা। এনেকৈ বৰ্ণনা নকৰা জানো। আগতে ভাবিছিলা, শুনিছিলা যে স্বৰ্গৰ পৰী বহুত সুন্দৰ হয়। কিন্তু কোনেও দেখা নাই। স্বৰ্গত এইটো এইটো থাকে, শুনিছিলাতো বহুত কিন্তু এতিয়া নিজেই স্বৰ্গৰ সংসাৰত আহি উপস্থিত হলা। নিজেই স্বৰ্গৰ পৰী হৈ গলা। শ্যামৰ পৰা সুন্দৰ হৈ গলা নহয় জানো! ডেউকা পাই গলা। ইমান উপৰাম জ্ঞান আৰু যোগৰ ডেউকা পাইছা যাৰ সহায়ত তিনিও লোকৰে চক্ৰ লগাব পাৰা। বিজ্ঞানীসকলৰ ওচৰতো ইমান তীব্ৰগতিৰ সাধন নাই। সকলোৱে ডেউকা পাইছানে? কোনোবা থাকিতো যোৱা নাই। এইখন সংসাৰৰে গায়ন আছে - ব্ৰাহ্মণ সংসাৰত অপ্ৰাপ্ত কোনো বস্তু নাই, সেইবাবে গায়ন আছে এজন পিতাক পালোঁ যেতিয়া সকলো পালোঁ। এখন জগতৰ নহয় কিন্তু তিনিও লোকৰে মালিক হৈ যায়। এইখন সংসাৰৰ গায়ন আছে - সদায় সকলোৱে দোলনাত দুলি থাকে। দোলনাত দোলাতো ভাগ্যৰ চিন বুলি কোৱা হয়। এইখন সংসাৰৰ বিশেষত্ব কি বাৰু? কেতিয়াবা অতিন্দ্ৰিয় সুখৰ দোলনাত দোলা, কেতিয়াবা সুখৰ দোলনাত দোলা, কেতিয়াবা শান্তিৰ দোলনাত, কেতিয়াবা জ্ঞানৰ দোলনাত দোলা। পৰমাত্ম কোলাতো দোলা। পৰমাত্ম কোলা হৈছে স্মৃতিৰ লভলীন অৱস্থাত দুলি থকা। যেনেকৈ কোলাত সমাহিত হৈ যায় তেনেকৈ পৰমাত্ম স্মৃতিত সমাহিত হৈ যায়, লভলীন হৈ যায়। এই অলৌকিক কোলাই চেকেণ্ডত অনেক জন্মৰ দুখ বেদনা পাহৰাই দিয়ে। এনেকৈ সকলোৱে দোলনাত দুলি থাকানে!

কেতিয়াবা সপোনতো ভাবিছিলানে যে এনেকুৱা সংসাৰৰ অধিকাৰী হৈ যাবাগৈ! বাপদাদাই আজি নিজৰ মৰমৰ সংসাৰখনক চাই আছে। এইখন সংসাৰ পছন্দ কৰানে? মৰম লাগেনে? কেতিয়াবা এখন ভৰি সেইখন সংসাৰত, এখন ভৰি এইখন সংসাৰততো নাৰাখা? 63 জন্ম সেইখন সংসাৰ দেখিলা, অনুভৱ কৰিলা। কি পালা? কিবা পালা নে হেৰুৱালা? শৰীৰো হেৰুৱালা, মনৰ সুখ-শান্তিও হেৰুৱালা আৰু ধনো হেৰুৱালা! সম্বন্ধও হেৰুৱালা। পিতাই যি সুন্দৰ শৰীৰ দিছিল, সেয়া কত হেৰুৱালা! যদি ধনো একত্ৰিত কৰা তেন্তে সেয়া কলা ধন। স্বচ্ছ ধন কলৈ গল? যদি আছেও কোনো কামৰে নহয়। কওঁতে কোটিপটি কিন্তু দেখুৱাব পাৰে জানো? গতিকে সকলো হেৰুৱালা তথাপিও যদি বুদ্ধি যায় তেন্তে কি বুলি কোৱা হব? বিচাৰ বুদ্ধি সম্পন্ননে? সেইবাবে নিজৰ এই শ্ৰেষ্ঠ সংসাৰখনক স্মৃতিত ৰাখা। এই সংসাৰখনৰ, এইটো জীৱনৰ বিশেষত্ব সমূহ সদায় স্মৃতিত ৰাখি সমৰ্থ হোৱা। স্মৃতি স্বৰূপ হলে নষ্টমোহা (নিৰ্মোহী) অনায়াসে হৈ যাবা। পুৰণি জগতৰ কোনো বস্তুকে বুদ্ধিৰে স্বীকাৰ নকৰিবা। স্বীকাৰ কৰা মানে প্ৰৱঞ্চিত হোৱা। প্ৰৱঞ্চিত হোৱা মানে দুখ পোৱা। তেন্তে কত থাকিব লাগে? শ্ৰেষ্ঠ সংসাৰত নে পুৰণি সংসাৰত? সদায় পাৰ্থক্য স্পষ্ট ৰূপত জাগ্ৰত কৰি ৰাখিবা যে এইখন কি আৰু সেইখন কি! অচ্ছা!

এনেকুৱা অকণমানি মৰমৰ সংসাৰত থাকোঁতা বিশেষ ব্ৰাহ্মণ আত্মাসকলক, সদায় আসনত অধিষ্ঠিত আত্মাসকলক, সদায় দোলনাত দোলা আত্মাসকলক, সদায় উপৰাম আৰু পৰমাত্ম স্নেহী সন্তানসকলৰ প্ৰতি পৰমাত্ম স্মৰণ, পৰমাত্ম মৰম আৰু নমস্কাৰ।

সেৱাধাৰী (টিচাৰ্চ) ভগ্নীসকলৰ লগত:- সেৱাধাৰী অৰ্থাৎ ত্যাগী তপস্বী আত্মা। সেৱাৰ ফলতো সদায় পোৱাই যায় কিন্তু ত্যাগ আৰু তপস্যাৰ দ্বাৰা সদায় আগবাঢ়ি গৈ থাকিবা। সদায় নিজকে বিশেষ আত্মা বুলি ভাবি বিশেষ সেৱাৰ প্ৰমাণ দিব লাগে। এইটোৱে লক্ষ্য ৰাখিবা যিমানে লক্ষ্য মজবুত হব সিমানেই বিল্ডিঙো (ঘৰো) ভালদৰে তৈয়াৰ হব। গতিকে সদায় সেৱাধাৰী বুলি ভাবি আগবাঢ়ি যোৱা। যেনেকৈ পিতাই তোমালোকক নিৰ্বাচিত কৰিছে তেনেকৈ তোমালোকে আকৌ প্ৰজা নিৰ্বাচন কৰা। স্বয়ং সদায় নিৰ্বিঘ্ন হৈ সেৱাকো নিৰ্বিঘ্ন বনাই যোৱা। সেৱাতো সকলোৱে কৰে কিন্তু নিৰ্বিঘ্ন সেৱা হওঁক, ইয়াতেই নম্বৰ প্ৰাপ্ত হয়। যতেই থাকা তাৰ সকলো শিক্ষাৰ্থী নিৰ্বিঘ্ন হওঁক, বিঘ্নৰ লহৰ যাতে নাথাকে। শক্তিশালী বাতাৱৰণ হওঁক। ইয়াকে নিৰ্বিঘ্ন আত্মা বুলি কোৱা হয়। এইটোৱে লক্ষ্য ৰাখা - এনেকুৱা স্মৃতিৰ বাতাৱৰণ হওঁক যাতে বিঘ্ন আহিব নোৱাৰে। দুৰ্গ থাকিলে শত্ৰু আহিব নোৱাৰে। গতিকে নিৰ্বিঘ্ন হৈ নিৰ্বিঘ্ন সেৱাধাৰী হোৱা। অচ্ছা!

ভিন্ন-ভিন্ন দলৰ লগত:-
সেৱা কৰা আৰু সন্তুষ্টতা লোৱা। কেৱল সেৱা নকৰিবা কিন্তু এনেকুৱা সেৱা কৰা যত সন্তুষ্টতা থাকে। সকলোৰে যাতে আশীৰ্বাদ পোৱা। আশীৰ্বাদ প্ৰাপ্ত সেৱাই সহজে সফলতা আনি দিয়ে। সেৱাতো পৰিকল্পনা অনুযায়ী কৰিবই লাগে আৰু বহুত কৰা। আনন্দ-উৎসাহেৰে কৰা কিন্তু এইটো ধ্যান নিশ্চয় ৰাখিবা - যি সেৱা কৰিলা তাৰ পৰা আশীৰ্বাদ প্ৰাপ্ত হলনে? নে কেৱল পৰিশ্ৰম কৰিলা? যত আশীৰ্বাদ থাকিব তত পৰিশ্ৰম নহব। গতিকে এতিয়া এইটোৱে লক্ষ্য ৰাখিবা যে যাৰেই সম্পৰ্কত আহা তেওঁৰ পৰা আশীৰ্বাদ লৈ গৈ থাকা। যেতিয়া সকলোৰে আশীৰ্বাদ প্ৰাপ্ত কৰিবা তেতিয়া আধাকল্প তোমালোকৰ চিত্ৰই আশীৰ্বাদ দি থাকিব। তোমালোকৰ চিত্ৰৰ পৰা আশীৰ্বাদ লবলৈ নাহে জানো। দেৱী অথবা দেৱতাৰ ওচৰত আশীৰ্বাদ লবলৈ যায় নহয়। গতিকে এতিয়াই সকলোৰে আশীৰ্বাদ জমা কৰা সেইবাবে চিত্ৰৰ দ্বাৰাও দি থাকা। অনুষ্ঠান পাতা, ৰেলী কৰা ভি. আই.পিৰ, আই.পিৰ সেৱা কৰা, সকলো কৰা কিন্তু আশীৰ্বাদ প্ৰাপ্ত কৰা সেৱা কৰা। (আশীৰ্বাদ প্ৰাপ্ত কৰাৰ সাধন কি বাৰু?)। হয় হুজুৰৰ পাঠ দৃঢ় হওঁক। কেতিয়াও কাকো না না (নোৱাৰিবা, নহব আদি) কৰি দুৰ্বল নকৰিবা। ধৰি লোৱা কোনোবা যদি ভুলো হয় তেন্তে তেওঁক চিধা ভুল বুলি নকবা। প্ৰথমতে তেওঁক আশ্বাস দিয়া, সাহস দিয়া। তেওঁক হা (হয় পাৰিবা, হব আদি) কৰি তাৰ পাছত বুজোৱা তেতিয়া বুজি পাব। প্ৰথমৰ পৰাই না না বুলি কলে তেওঁৰ যি অলপ সাহস আছিল সেয়া শেষ হৈ যাব। ভুলতো হব পাৰে কিন্তু ভুলক ভুল বুলি কলে তেওঁ নিজক ভুল বুলি কেতিয়াও নুবুজিব, সেইবাবে প্ৰথমতে তেওঁ হা কোৱা, সাহস বঢ়োৱা তেতিয়া তেওঁ নিজেই বিচাৰ কৰি লব। ৰিগাৰ্ড (সন্মান) দিয়া। কেৱল এইটো বিধি প্ৰয়োগ কৰা। ভুল হলেও প্ৰথমতে ভাল বুলি কোৱা, প্ৰথমতে তেওঁৰ যাতে সাহস আহে। কোনোবা যদি পৰি থাকে তেওঁক ঢকিয়াই দিবা নে উঠাই দিবা?... তেওঁক সহায় কৰি প্ৰথমতে উঠোৱা। ইয়াকে উদাৰতা বুলি কোৱা হয়। সহযোগী হওঁতাসকলক সহযোগী কৰি গৈ থাকা। তুমিও আগত ময়ো আগত। একেলগে আগবাঢ়ি যোৱা। হাতে হাত ধৰি আগবাঢ়ি গলে তেতিয়া সফলতা হব আৰু সন্তুষ্টতাৰ আশীৰ্বাদ প্ৰাপ্ত হব। এনেদৰে আশীৰ্বাদ লোৱাত মহান হোৱা তেতিয়া সেৱাত স্বতঃ মহান হৈ যাবা।

সেৱাধাৰীসকলৰ লগত:- সেৱা কৰি থাকিও সদায় নিজকে কৰ্মযোগী স্থিতিত স্থিত হৈ থকাৰ অনুভৱ কৰানে নে কৰ্ম কৰোঁতে স্মৃতি কম হৈ যায় আৰু কৰ্মত বুদ্ধি বেছিকৈ থাকে! কিয়নো স্মৃতিত থাকি কৰ্ম কৰিলে কৰ্মত কেতিয়াও ভাগৰি পৰিবলগীয়া নহয়। স্মৃতিত থাকি কৰ্ম কৰোঁতাই কৰ্ম কৰি সদায় আনন্দৰ অনুভৱ কৰিব। কৰ্মযোগী হৈ কৰ্ম অৰ্থাৎ সেৱা কৰা নহয় জানো! কৰ্মযোগৰ অভ্যাসীয়ে সদায় প্ৰতিটো খোজতে বৰ্তমান আৰু ভৱিষ্যত শ্ৰেষ্ঠ কৰি তোলে। ভবিষ্যতৰ হিচাপো সদায় ভৰপূৰ আৰু বৰ্তমানো সদায় শ্ৰেষ্ঠ। এনেকুৱা কৰ্মযোগী হৈ সেৱাৰ ভূমিকা পালন কৰানে, পাহৰিতো নোযোৱা? মধুবনত সেৱাধাৰী হোৱা গতিকে মধুবনে স্বতঃ পিতাৰ স্মৃতি আনি দিয়ে। সৰ্বশক্তিৰ খাজনা (সম্পত্তি) জমা কৰিছা নহয় জানো! ইমান জমা কৰিছানে যে সদায় ভৰপূৰ হৈ থাকিবা। সংগমযুগত বেটাৰী সদায় চাৰ্জ হৈ থাকে। দ্বাপৰৰ পৰা বেটাৰী ঢিলা হয়। সংগমত সদায় ভৰপূৰ, সদায় চাৰ্জ থাকে। গতিকে মধুবনত বেটাৰী ভৰাবলৈ নাহা, উদযাপন কৰিবলৈ আহা। পিতা আৰু সন্তানৰ স্নেহ আছে সেইবাবে মিলিত হোৱা, শুনা, এয়াই সংগমযুগৰ উদযাপন। অচ্ছা!

য়ুথ ৰেলীৰ সফলতাৰ প্ৰতি বাপদাদাৰ বৰদানী মহাবাক্য
য়ুথ ৱিং (যুৱা প্ৰভাগ) লাগিলে গঠন কৰা। যিয়েই কৰা - সন্তুষ্টতা হওক, সফলতা হওক। বাকীতো সেৱাৰ কাৰণেই জীৱন। নিজৰ উৎসাহত যদি কোনো কাৰ্য কৰা তেন্তে তাত কোনো আপত্তি নাই। প্ৰগাম (কাৰ্যসূচী) আছে, কৰিব লাগে তেন্তে সেয়া অন্য ৰূপ হৈ যায়। কিন্তু যদি নিজৰ উৎসাহ-উদ্দীপনাৰে কৰিব বিচৰা তেন্তে কোনো আপত্তি নাই। যতেই যোৱা, যাৰ লগতেই মিলিত হোৱা, যিয়েই দেখিবা সেৱাতো হয়েই। কেৱল কোৱাটোৱে সেৱা নহয় কিন্তু নিজৰ চেহেৰা সদায় হৰ্ষিত হওঁক। আত্মিক চেহেৰায়ো সেৱা কৰে। লক্ষ্য ৰাখি উৎসাহ-উদ্দীপনাৰে আনন্দেৰে আত্মিক আনন্দৰ ৰেঙনি দেখুওৱাই আগবাঢ়া। কেৱল জোৰ কৰি কাকো কৰাব নালাগে। প্ৰগ্ৰাম বনাইছা যেতিয়া কৰিবই লাগিব, এনেকুৱা কোনো কথা নাই, নিজৰ উৎসাহ-উদ্দীপনা আছে যদি কৰা, ভাল কথা।

যদি কাৰোবাৰ উৎসাহ নাই তেন্তে ধৰাবন্ধা নাই। আপত্তি নাই। এনেও এই গল্ডেন জুবলীলৈ সকলো ঠাইকে সামৰি লোৱাৰ লক্ষ্য আছিল গতিকে যেনেকৈ পদযাত্ৰীসকলে নিজৰ দলৰ সৈতে আহিব সেইদৰে বাছৰ দ্বাৰা আহোঁতাও থাকিব লাগে। প্ৰত্যেক যোন বা এৰিয়াৰ পৰা বাছৰ দ্বাৰা সেৱা কৰি দিল্লীলৈ আহিব পাৰে। দুই প্ৰকাৰৰ দল বনাই দিয়া। এটিয়ে বাছৰ দ্বাৰা সেৱা কৰি আহক আৰু এটিয়ে পদযাত্ৰাৰ দ্বাৰা। ডবল হৈ যাব। কৰিব পাৰা, য়ুথ নোহোৱা জানো। তেওঁলোকেতো কৰবাত নহয় কৰবাত শক্তি লগাবই লাগিব। সেৱাত শক্তি লগালেতো ভালেই। ইয়াত দুয়োটি ভাৱ সিদ্ধ হৈ যাওঁক - সেৱাও সিদ্ধ হওঁক আৰু নামো ৰখা হৈছে পদযাত্ৰা গতিকে সেয়াও সিদ্ধ হৈ যাওঁক। প্ৰত্যেক ৰাজ্যই যদি তেওঁলোকৰ (পদযাত্ৰীসকলৰ) প্ৰথমতেই ইণ্টাৰভিউ লোৱাৰ প্ৰবন্ধ ৰাখে তেন্তে আপোনাআপুনি আৱাজ বিয়পিব। কিন্তু কেৱল এইটো নিশ্চয় হোৱা উচিত যে আত্মিক যাত্ৰা যাতে দেখা পায়, কেৱল পদযাত্ৰাই যাতে নেদেখে, আত্মিকতা আৰু আনন্দৰ ৰেঙনি হওঁক। তেতিয়াহে নবীনতা দেখা পোৱা যাব। সাধাৰণ হিচাপে যিদৰে আনে যাত্ৰা উলিয়ায়, তেনেকুৱা যাতে নহয় কিন্তু এনেকুৱা লাগক এওঁলোক ডবল যাত্ৰী, এটি যাত্ৰা নকৰে। স্মৃতিৰ যাত্ৰা কৰোঁতাও হয়, পদযাত্ৰা কৰোঁতাও হয়। ডবল যাত্ৰাৰ প্ৰভাৱ যাতে চেহেৰাত দৃষ্টিগোচৰ হয়, তেন্তে ভাল হয়।

বিশ্বৰ ৰাজনেতাসকলৰ প্ৰতি অব্যক্ত বাপদাদাৰ মধুৰ বাৰ্তা
বিশ্বৰ প্ৰতিগৰাকী ৰাজ্যনেতাই নিজৰ দেশক বা দেশবাসীক প্ৰগতিৰ দিশলৈ লৈ যোৱাৰ শুভ ভাৱনা, শুভ কামনাৰে নিজৰ-নিজৰ কাৰ্যত লাগি আছে। ভাৱনা বহুত শ্ৰেষ্ঠ কিন্তু প্ৰত্যক্ষ প্ৰমাণ যিমান বিচাৰে সিমান নহয় - সেয়া কিয় বাৰু? কিয়নো আজিৰ জনতা বা বহুত নেতাৰ মনৰ ভাৱনা সেৱাৰ ভাৱ, প্ৰেমৰ ভাৱৰ সলনি স্বাৰ্থ ভাৱ, ঈৰ্ষা ভাৱলৈ সলনি হৈ গৈছে, সেইবাবে এই ফাউণ্ডেচনক সমাপ্ত কৰিবলৈ প্ৰাকৃতিক শক্তি, বৈজ্ঞানিক শক্তি ৱৰ্ল্ডলি নলেজ্‌ৰ শক্তি, ৰাজ্যৰ অথৰিটিৰ শক্তিৰ দ্বাৰাতো নিজে চেষ্টা কৰিছা কিন্তু বাস্তৱিক সাধনতো হৈছে আধ্যাত্মিক শক্তি, যাৰ দ্বাৰাই মনৰ ভাৱনা সহজে সলনি হব পাৰে, সেইফালে মনযোগ কম, সেইবাবে সলনি হোৱা ভাৱনাৰ বীজ সমাপ্ত নহয়। অলপ সময়ৰ বাবে তল পৰি থাকে। কিন্তু সময়ে সময়ে আৰু উগ্ৰ ৰূপত প্ৰত্যক্ষ হৈ যায়। সেইবাবে আধ্যাত্মিক পিতাৰ আধ্যাত্মিক সন্তানসকলৰ প্ৰতি, আত্মাসকলৰ প্ৰতি এয়াই বাৰ্তা যে সদায় নিজক স্পিৰিট (চল) বুলি ভাবি স্পিৰিচুৱেল পিতাৰ লগত সম্বন্ধ স্থাপন কৰি স্পিৰিচুৱেল শক্তি লৈ নিজৰ মনৰ নেতা হোৱা তেতিয়া ৰাজ্যৰ নেতা হৈ আনৰো মনৰ ভাৱনাক সলনি কৰিব পাৰিবা। তোমালোকৰ মনৰ সংকল্প আৰু জনতাৰ বাস্তৱিক কৰ্ম একে হৈ যাব। দু্য়োটিৰে সহযোগত সফলতাৰ প্ৰত্যক্ষ প্ৰমাণ অনুভৱ হব। মনত ৰাখিবা যে চেল্ফ্‌ ৰুল (আত্ম শাসন)ৰ অধিকাৰীয়েহে সদায় যোগ্য ৰাজনেতাৰ ৰুলৰ অধিকাৰী হব পাৰে। আৰু স্বৰাজ্য তোমলোকৰ স্পিৰিচুৱেল ফাদাৰলি বাৰ্থ ৰাইট (আধ্যাত্মিক পিতাৰ জন্ম সিদ্ধ অধিকাৰ) হয়। এই বাৰ্থ ৰাইটৰ শক্তিৰ দ্বাৰা সদায় ৰাইটিয়চ (সত্যনিষ্ঠতা)ৰ শক্তিও অনুভৱ কৰিবা আৰু সফল হৈ থাকিবা।

বৰদান:
সংগঠনত থাকি লক্ষ্য আৰু লক্ষণক সমান কৰোঁতা সদায় শক্তিশালী আত্মা হোৱা

সংগঠনত পৰস্পৰক দেখি উৎসাহ-উদ্দীপনাও আহে আৰু অলসতাও (অমনোযোগীতাও) আহে। এনেকৈ ভাবে যে এৱোঁ কৰে, ময়ো কৰিলোঁ তেন্তে কি হল, সেইবাবে সংগঠনৰ পৰা শ্ৰেষ্ঠ হোৱাৰ সহযোগ লোৱা। প্ৰতিটো কৰ্ম কৰাৰ আগতে এইটো বিশেষ এটেনশ্বন (মনোযোগ) বা লক্ষ্য ৰাখিব লাগে যে মই নিজকে সম্পন্ন কৰি চেম্পুল (আৰ্হি) হব লাগিব। মই কৰি আকৌ আনৰ দ্বাৰাও কৰাব লাগিব। বাৰে-বাৰে এইটো লক্ষ্যক ইমাৰ্জ (জাগ্ৰত) কৰা। লক্ষ্য আৰু লক্ষণক মিলাই চলা তেতিয়া শক্তিশালী হৈ যাবা।

স্লোগান:
লাষ্ট (শেষ)ৰ পৰা ফাৰ্ষ্ট (প্ৰথম)লৈ যাব লাগে গতিকে সাধাৰণ আৰু ব্যৰ্থ সংকল্পত সময় অপচয় নকৰিবা।