09.04.19       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰসন্তানসকলতোমালোকসতোপ্ৰধানহ'
বলাগিবগতিকেপিতাকস্নেহেৰেস্মৰণকৰা,
পাৰসনাথশিৱবাবাতোমালোকক
পাৰসপুৰীৰমালিককৰিতুলিবলৈআহিছে

প্ৰশ্ন:
তোমালোকসন্তানসকলকোনটোএটাকথা
ৰধাৰণাৰদ্বাৰাইমহিমাযোগ্যহৈপৰিবা?

উত্তৰ:
বহুত-বহুত নম্ৰ স্বভাৱৰ হোৱা। কোনো কথাতেই অহংকাৰ কৰিব নালাগে। বহুত মিঠা হ'ব লাগে। অহংকাৰ আহিলে তেতিয়া শত্ৰু হৈ পৰে। উচ্চ অথবা নীচ, পবিত্ৰতা অনুসৰি হয়। যেতিয়া পবিত্ৰ হৈ থাকে তেতিয়া মান থাকে, অপবিত্ৰ হলে সকলোৰে আগত মূৰ দোৱাই থাকে।

ওঁম্শান্তি।
আত্মাৰ পিতাই বহি সন্তানসকলক বুজায়। পিতাইও বুজি পায় যে মই এই সন্তানসকলক বুজাওঁ। এইটোও সন্তানসকলক বুজোৱা হৈছে যে ভক্তি মাৰ্গত ভিন্ন-ভিন্ন নামেৰে অনেক চিত্ৰ অংকন কৰি দিয়ে। যেনেকৈ নেপালত পাৰসনাথক মান্যতা দিয়ে। তেওঁৰ বহুত ডাঙৰ মন্দিৰ আছে। কিন্তু একোৱেই নাই। 4 খন দুৱাৰ, 4 টা মূৰ্তি আছে। চতুৰ্থত কৃষ্ণক ৰাখিছে। এতিয়া সম্ভৱতঃ কিছু সলনি কৰি দিলে। এতিয়া পাৰসনাথ বুলি নিশ্চয় শিৱবাবাকেই কোৱা হ'ব। মনুষ্যক পাৰসবুদ্ধিৰো তেওঁৱেই কৰি তোলে। গতিকে পোন-প্ৰথমে তেওঁলোকক এইটো বুজাব লাগে যে - উচ্চতকৈও উচ্চ হৈছে ভগৱান, পিছত গোটেই সৃষ্টি। সূক্ষ্মধামৰ সৃষ্টিটো নাই। পিছত হৈছে - লক্ষ্মী-নাৰায়ণ বা বিষ্ণু। বাস্তৱত বিষ্ণুৰ মন্দিৰো ভুল। বিষ্ণু চতুৰ্ভুজ, চাৰিটা বাহুধাৰী কোনো মনুষ্য নাথাকে। পিতাই বুজায় এইয়া হৈছে লক্ষ্মী-নাৰায়ণ, যাক একেলগে বিষ্ণুৰ ৰূপত দেখুওৱা হৈছে। লক্ষ্মী-নাৰায়ণ দুয়ো বেলেগ-বেলেগ। সূক্ষ্মধামত বিষ্ণুক 4টা বাহু দি দিলে অৰ্থাৎ দুয়োকে একত্ৰিত কৰি চতুৰ্ভুজ কৰি দিলে, বাকী এনেকুৱা কোনো নাথাকে। মন্দিৰত যি চতুৰ্ভুজ দেখুৱায় - সেয়া সূক্ষ্মধামৰ। চতুৰ্ভুজক শংখ, চক্ৰ, গদা, পদ্ম আদি দিয়ে। এনেকুৱা একো নাই। চক্ৰও তোমালোক সন্তানসকলৰ হয়। নেপালত বিষ্ণুৰ ডাঙৰ চিত্ৰ ক্ষীৰ সাগৰত দেখুৱায়। পূজাৰ দিনা অলপমান গাখীৰ ঢালি দিয়ে। পিতাই এটা-এটা কথা ভাল দৰে বুজায়। এনেকৈ কোনেও বিষ্ণুৰ অৰ্থ বুজাব নোৱাৰে। নাজানেই। এয়াতো ভগৱানে নিজে বুজায়। ভগৱান বুলি কোৱা হয় শিৱবাবাক। হয়তো এজনেই কিন্তু ভক্তি মাৰ্গৰ লোকসকলে নাম অনেক ৰাখি দিলে। তোমালোকে এতিয়া অনেক নাম নোলোৱা। ভক্তি মাৰ্গত বহুত ঠেলা-গতা খায়। তোমালোকেও খাইছিলা। এতিয়া যদি তোমালোকে মন্দিৰ আদি চাবলৈ যোৱা তেতিয়া তাৰ ওপৰত বুজাবা যে উচ্চতকৈও উচ্চ হৈছে ভগৱান, পৰম আত্মা, নিৰাকাৰ পৰমপিতা পৰমাত্মা। আত্মাই শৰীৰৰ দ্বাৰা কয় - অ' পৰমপিতা। তেওঁৰ আকৌ মহিমাও আছে জ্ঞানৰ সাগৰ, সুখৰ সাগৰ। ভক্তি মাৰ্গত এজনৰেই বহুত চিত্র আছে। জ্ঞান মাৰ্গততো জ্ঞান সাগৰ এজনেই। তেওঁৱেই পতিত-পাৱন, সকলোৰে সৎগতি দাতা। তোমালোকৰ বুদ্ধিত গোটেই চক্ৰৰ জ্ঞান আছে। উচ্চতকৈও উচ্চ হৈছে পৰমাত্মা, তেওঁৰ বাবেই গায়ন আছে স্মৰণ কৰি কৰি সুখ পোৱা অৰ্থাৎ এজন পিতাকেই স্মৰণ কৰা অথবা স্মৰণ কৰি থাকা, তেতিয়া এই শৰীৰৰ সকলো দুখ-অশান্তি দূৰ হ'ব, পুনৰ জীৱন মুক্তি পদ প্ৰাপ্ত কৰা। এয়া জীৱন মুক্তি নহয় জানো। পিতাৰ পৰা এইয়া সুখৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। অকলে এওঁৱেইটো নাপায়। নিশ্চয় ৰাজধানী হ'ব নহয় জানো। অৰ্থাৎ পিতাই ৰাজধানী স্থাপনা কৰি আছে। সত্য যুগত ৰজা, ৰাণী, প্ৰজা সকলো থাকিব। তোমালোকে জ্ঞান প্ৰাপ্ত কৰি আছা, গতিকে গৈ ডাঙৰ কূলত জন্ম ল'বা। বহু সুখ প্ৰাপ্ত হয়। যেতিয়া সেয়া স্থাপনা হৈ যায় তেতিয়া ছিঃ-ছিঃ আত্মাবোৰে শাস্তি খাই উভতি যাব। নিজৰ-নিজৰ শাখাত গৈ থিতাপি লব। ইমানবোৰ আত্মা আহিব আকৌ বৃদ্ধি হৈ গৈ থাকিব। এয়া বুদ্ধিত থাকিব লাগে যে ওপৰৰ পৰা কেনেকৈ আহে। এনেকুৱাতো নহয় দুটি পাতৰ সলনি 10টা পাত (আত্মা) একেলগে আহিব লাগে। নহয়, নিয়ম অনুসৰি পাত ওলায়। এয়া বহুত ডাঙৰ বৃক্ষ হয়। দেখুৱায় যে এদিনতে লাখৰ হিচাপত বৃদ্ধি হৈ যায়। প্ৰথমতে বুজাব লাগে - উচ্চতকৈও উচ্চ হৈছে ভগৱান, পতিত-পাৱন, দুখ হৰ্তা, সুখ কৰ্তাও তেওঁৱেই হয়। যিসকল ভাওৰীয়া দুখী হয়, তেওঁলোক সকলোকে আহি সুখ দিয়ে। দুখ দিওঁতা জন হৈছে ৰাৱণ। মনুষ্যই এইটো গমেই নাপায় যে পিতাৰ আগমন হৈছে যাৰ বাবে আহি বুজিব। বহুতেতো বুজি-বুজি পিছত আতৰি গুছি যায়। যেনেকৈ স্নান কৰি-কৰি ভৰি পিচলি গলে পানীৰ ভিতৰলৈ সোমাই যায়। বাবা অনুভৱী নহয় জানো। এইয়াতো বিকাৰৰ সাগৰ হয়। বাবাই তোমালোকক ক্ষীৰ সাগৰৰ ফালে লৈ যায়। কিন্তু মায়াৰূপী ঘৰিয়ালে ভাল-ভাল মহাৰথীকো গিলি পেলায়। জীৱন্তে পিতাৰ কোলাৰ পৰা মৰি ৰাৱণৰ কোলালৈ গুছি যায় অৰ্থাৎ মৰি যায়। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে উচ্চতকৈও উচ্চ পিতাই পুনৰ ৰচনা ৰচে। বুৰঞ্জী-ভূগোল সূক্ষ্মধামৰতো নহয়। যদিও তোমালোক সূক্ষ্ম ধামলৈ যোৱা, সাক্ষাৎকাৰ কৰা। তাত চতুৰ্ভুজ দেখা। চিত্ৰত আছে নহয়নে। গতিকে সেয়া বুদ্ধিত বহি আছে, ভাবে নিশ্চয় সাক্ষাৎকাৰ হ'ব। কিন্তু এনেকুৱা কোনো বস্তু নাই। এইয়া হৈছে ভক্তি মাৰ্গৰ চিত্ৰ। এতিয়ালৈকে ভক্তি মাৰ্গ চলি আছে। ভক্তি মাৰ্গ যেতিয়া পুৰা হব তেতিয়া এই চিত্রবোৰ নাথাকিব। স্বৰ্গত এই সকলোবোৰ কথা পাহৰি যাবা। এতিয়া বুদ্ধিত আছে যে এই লক্ষ্মী-নাৰায়ণৰ দুটা ৰূপ হৈছে চতুৰ্ভুজৰ। লক্ষ্মী-নাৰায়ণৰ পূজা অৰ্থাৎ চতুৰ্ভুজৰ পূজা। লক্ষ্মী-নাৰায়ণৰ মন্দিৰ বা চতুৰ্ভুজৰ মন্দিৰ, কথা একেটাই। এই দুয়োটাৰ জ্ঞান অন্য কাৰোৱেই নাই। তোমালোকে জানা এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছে। বিষ্ণুৰ ৰাজ্য বুলিতো কোৱা নহয়। এওঁলোকে প্ৰতিপালনো কৰে। গোটেই বিশ্বৰ মালিক হয় গতিকে বিশ্বৰ প্ৰতিপালন কৰে।

শিৱ ভগৱানুৱাচ - মই তোমালোকক ৰাজযোগ শিকাওঁ। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া এই যোগ অগ্নিৰ দ্বাৰা বিকৰ্ম বিনাশ হ'ব। বিস্তাৰত বুজাবলগীয়া হয়। কোৱা, এয়াও হৈছে গীতা। কেৱল গীতাত কৃষ্ণৰ নাম দি দিলে। এয়াতো ভুল, সকলোৰে গ্লানি কৰি দিলে সেই কাৰণে ভাৰত তমোপ্ৰধান হৈ পৰিল। এতিয়া হৈছে কলিযুগী সৃষ্টিৰ অন্তৰ সময়, ইয়াক কোৱা হয় তমোপ্ৰধান লৌহ যুগ। যি সতোপ্ৰধান আছিল, তেওঁলোকেই 84 জন্ম লৈছে। জন্ম-মৰণত নিশ্চয় আহিব লাগিব। যেতিয়া সম্পূৰ্ণ 84 জন্ম লয় তেতিয়া পুনৰ পিতা আহিবলগীয়া হয় - প্ৰথম নম্বৰত। এজনৰ কথা নহয়। এওঁৰতো গোটেই ৰাজধানী আছিল নহয় জানো, পুনৰ নিশ্চয় হ'ব লাগিব। পিতাই সকলোৰে বাবে কয় - নিজকে আত্মা বুলি ভাবা, পিতাক স্মৰণ কৰা তেতিয়া যোগৰ অগ্নিৰে পাপ ভস্ম হৈ যাব। কাম চিতাত বহি সকলো ক'লা হৈ পৰিল। এতিয়া ক'লাৰ পৰা বগা কেনেকৈ হ'ব? সেয়াও পিতাইহে শিকায়। কৃষ্ণৰ আত্মা নিশ্চয় ভিন্ন-ভিন্ন নাম-ৰূপ লৈ আহিব। যি লক্ষ্মী-নাৰায়ণ আছিল, তেওঁলোকেই 84 জন্মৰ পাছত পুনৰ সেয়া হ'ব লাগিব। গতিকে তেওঁলোকৰ বহুত জন্মৰ অন্তত পিতা আহি প্ৰৱেশ কৰে। পুনৰ তেওঁলোক সতোপ্ৰধান বিশ্বৰ মালিক হয়। তোমালোকৰ ভিতৰত পাৰস নাথকো পূজা কৰে, শিৱকো পূজা কৰে। নিশ্চয় তেওঁলোকক শিৱই এনেকুৱা পাৰসনাথ কৰি তুলিছিল। শিক্ষকতো লাগিব নহয় জানো। তেওঁ হৈছে জ্ঞানৰ সাগৰ। এতিয়া সতোপ্ৰধান পাৰসনাথ হ'বলৈ পিতাক বহুত স্নেহেৰে স্মৰণ কৰা। তেওঁৱেই সকলোৰে দুখ হৰ্তা। পিতাতো হৈছে সুখ দিওঁতা। এইয়া হৈছে কাঁইটৰ জংঘল। পিতা আহিছে ফুলৰ বাগিচা বনাবলৈ। পিতাই নিজৰ পৰিচয় দিয়ে। মই এই সাধাৰণ বৃদ্ধ শৰীৰত প্ৰৱেশ কৰোঁ, যিয়ে নিজৰ জন্মৰ বিষয়ে নাজানে। ভগৱানুৱাচ - মই তোমালোকক ৰাজযোগ শিকাওঁ। গতিকে এইখন ঈশ্বৰীয় বিশ্ব বিদ্যালয় হৈ গল। লক্ষ্য-উদ্দেশ্য হৈছেই ৰজা-ৰাণী হোৱাৰ গতিকে নিশ্চয় প্ৰজাও হব। মনুষ্যই যোগ-যোগ বুলি বহুত কয়। নিবৃত্তি মাৰ্গৰ লোকসকলেতো অনেক প্ৰকাৰৰ হঠযোগ কৰে। তেওঁলোকে ৰাজযোগ শিকাব নোৱাৰে। পিতাৰ হৈছেই এক প্ৰকাৰৰ যোগ। কেৱল কয় নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। 84 জন্ম সম্পূৰ্ণ হ'ল, এতিয়া ঘৰলৈ উভতি যাব লাগে। এতিয়া পাৱন হ'ব লাগে। এজন পিতাক স্মৰণ কৰা, বাকী সকলোকে এৰা। ভক্তি মাৰ্গত তোমালোকে গায়ন কৰিছিলা আপুনি আহিলে আমি এজনৰেই সংগ ল'ম। গতিকে নিশ্চয় তেওঁৰ পৰা উত্তৰাধিকাৰ (সম্পত্তি) পাইছিলা নহয় জানো। আধা কল্প হৈছে স্বৰ্গ, পিছত নৰক। ৰাৱণ ৰাজ্য আৰম্ভ হয়। এনেকৈ-এনেকৈ বুজাব লাগে। নিজক দেহ বুলি নাভাবিবা। আত্মা অবিনাশী হয়। আত্মাতেই গোটেই ভূমিকা নিহিত হৈ আছে, যি তোমালোকে পালন কৰা। এতিয়া শিৱবাবাক স্মৰণ কৰা তেতিয়া বৈতৰণী পাৰ হৈ যাবা। সন্ন্যাসী পবিত্ৰ হয় গতিকে তেওঁলোকৰ কিমান মান হয়। সকলোৱে মূৰ দোৱাই থাকে। পবিত্ৰতা অনুসৰিয়েই উচ্চ-নীচ হয়। দেৱতাসকল হৈছে একেবাৰে উচ্চ। সন্ন্যাসীয়ে আকৌ এটা জন্ম পবিত্ৰ হয়, পিছত পৰৱৰ্তী জন্মতো বিকাৰৰ দ্বাৰাই লয়। দেৱতাসকল থাকে সত্যযুগত। এতিয়া তোমালোকে পঢ়া আৰু আনকো পঢ়ুওৱা। কোনোৱে পঢ়ে কিন্তু আনক বুজাব নোৱাৰে কিয়নো ধাৰণা নহয়। বাবাই ক'ব তোমাৰ ভাগ্যত নাই যেতিয়া পিতাই কি কৰিব। পিতাই যদি সকলোকে আশীৰ্বাদ কৰে তেন্তে সকলোৱে স্কলাৰশ্বিপ্ (বৃত্তি) লৈ ল'ব। তেওঁতো ভক্তি মাৰ্গত আশীৰ্বাদ কৰে। সন্ন্যাসীয়েও এনেকুৱাই কৰে। তেওঁক গৈ কয় মোৰ সন্তান হওঁক, আশীৰ্বাদ কৰক। ভাল বাৰু, তোমাৰ সন্তান হ'ব। ছোৱালী হয় যদি ক'ব লিখনি। ল'ৰা হলে বাহ্-বাহ্ কৰি ভৰিত পৰি থাকিব। আকৌ যদি মৰে তেন্তে কন্দা-কটা, গুৰুক গালি দিবলৈ লাগি যাব। গুৰুৱে ক'ব এয়া লিখনি আছিল। ক'ব, প্ৰথমে কিয় কোৱা নাছিল। কোনোবা মৃত্যুৰ হোৱাৰ পাছত জী উঠিলে তেতিয়া সেয়াও লিখনি বুলিয়েই ক'ব। সেয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। আত্মা ক'ৰবাত লুকাই পৰে। ডাক্তৰ সকলেও ভাবে এওঁ মৰিল, পুনৰ জী উঠে। চিতাত তুলি দিয়াজনো পিছতো উঠি বহে। কোনোবা এজনে কাৰোবাক মানিলে তেন্তে তেওঁৰ পিছত বহুত পৰি যায়।

তোমালোক সন্তানসকলতো বহুত নম্ৰ স্বভাৱৰ হৈ চলিব লাগে। অহংকাৰ যাতে অলপ মানো নাথাকে। আজিকালি কাৰোবাক অলপমান অহংকাৰ দেখুৱালেই শত্ৰুতা বাঢ়ি যায়। বহুত মিঠা হৈ চলিব লাগে। নেপালতো প্ৰভাৱ বিস্তাৰ হব। এতিয়া তোমালোক সন্তানসকলৰ মহিমাৰ সময় নহয়। নহ'লে তেওঁলোকৰ আশ্ৰম (স্থানবোৰ) উৰি যাব। ডাঙৰ-ডাঙৰ লোক সকল জাগ্ৰত হৈ সভাত বহি শুনালে, তেতিয়া তেওঁলোকৰ পিছত বহুত লোক আহি যাব। কোনো এম.পি. (বিধায়ক) বহি যদি তোমালোকৰ মহিমা কৰে যে ভাৰতৰ ৰাজযোগ এই ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ বাহিৰে কোনেও শিকাব নোৱাৰে, এনেকুৱা এতিয়ালৈকে কোনো ওলোৱা নাই। সন্তানসকল বহুত বুদ্ধিমান, চমৎকাৰী হ'ব লাগে। অন্যসকলে ভাষণ কেনেকৈ কৰে, শিকিব লাগে। সেৱা কৰাৰ যুক্তি (উপায়) পিতাই শিকায়। পিতাই যি মুৰুলী শুনালে, ঠিক তেনেকৈয়ে কল্প-কল্পই চলাইছিল। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। প্ৰশ্ন উঠিব নোৱাৰে - এনেকৈ কিয়? ড্ৰামা অনুসৰি যি বুজাবলগীয়া আছিল সেয়া বুজালোঁ। বুজাই থাকোঁ। বাকী লোকসকলেতো অজস্ৰ প্ৰশ্ন কৰিব। কোৱা, প্ৰথমে মনমনাভৱ হৈ যোৱা। পিতাক জানিলে তোমালোকে সকলো জানি যাবা। ভাল বাৰু!

কল্পৰ পিছত পুনৰাই লগ পোৱা অতি মৰমৰ সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সেৱাৰ যুক্তি শিকি বহুত-বহুত বুদ্ধিমান আৰু চমৎকাৰী হ'ব লাগে। ধাৰণা কৰি পিছত অন্যকো কৰাব লাগে। পঢ়াৰ দ্বাৰা নিজৰ ভাগ্য নিজে গঢ়িব লাগে।

(2) কোনো কথাতেই অলপমানো অহংকাৰ দেখুৱাব নালাগে, বহুত-বহুত মিঠা আৰু নম্ৰ স্বভাৱৰ হ'ব লাগে। মায়া ৰূপী ঘৰিয়ালৰ পৰা নিজক চম্ভালিব লাগে।

বৰদান:
সময়অনুসৰিপ্ৰতিটোকাৰ্যতসফলহওঁতাজ্ঞানীযোগীআত্মাহোৱা

জ্ঞানৰ অৰ্থ হৈছে বোধ। বুদ্ধিমান বুলি তেওঁক কোৱা হয় যিয়ে সময় অনুসৰি বুদ্ধিমত্তাৰ দ্বাৰা কাৰ্য কৰি সফলতা প্ৰাপ্ত কৰে। বুদ্ধিমানৰ চিন হৈছে তেওঁ কেতিয়াও ঠগ খাব নোৱাৰে আৰু যোগীৰ চিন হৈছে পৰিষ্কাৰ আৰু স্পষ্ট বুদ্ধি। যাৰ বুদ্ধি পৰিষ্কাৰ আৰু স্পষ্ট তেওঁ কেতিয়াও নক'ব যে গম নাপাওঁ এনেকুৱা কিয় হৈ গ'ল! এনে শব্দ জ্ঞানী আৰু যোগী আত্মাই উচ্চাৰণ কৰিব নোৱাৰে, তেওঁলোকে জ্ঞান আৰু যোগক প্ৰত্যেক কৰ্মতেই প্ৰয়োগ কৰে।

স্লোগান:
অচল-অটলহৈতেৱেঁইথাকেযিয়েনিজৰআদি-অনাদিসংস্কাৰ-স্বভাৱকস্মৃতিতৰাখে।