09.05.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল যিজন পিতাক তোমালোকে আধাকল্প স্মৰণ কৰিলা, এতিয়া তেওঁৰ আজ্ঞা পোৱা গতিকে সেয়া পালন কৰা ইয়াৰ দ্বাৰা তোমালোকৰ আৰোহণ কলা হৈ যাব

প্ৰশ্ন:
তোমালোক সন্তানসকলে নিজৰ প্ৰাকৃতিক চিকিৎসা (নেচাৰ কিয়ৰ) নিজেই কৰিব লাগে, কেনেকৈ?

উত্তৰ:
এজন পিতাৰ স্মৃতিত থাকিলে আৰু মৰমেৰে যজ্ঞৰ সেৱা কৰিলে প্ৰাকৃতিক চিকিৎসা হৈ যায় কিয়নো স্মৃতিৰে আত্মা নিৰোগী হয় আৰু সেৱা কৰিলে অপাৰ আনন্দিত হৈ থকা যায়। গতিকে যিসকল স্মৃতি আৰু সেৱাত ব্যস্ত হৈ থাকে তেওঁলোকৰ প্ৰাকৃতিক চিকিৎসা হৈ গৈ থাকে।

গীত:
তুনে ৰাত গৱায়ী চো কে, দিন গৱায়ী খা কে.... (তুমি ৰাতি শুই কটালা, দিন খাই কটালা...)

ওঁম্শান্তি।
সন্তানসকলে গীতটি শুনিলা। মালা ঘূৰাওঁতে ঘূৰাওঁতে যুগ পাৰ হল। কেইটা যুগ? দুটা যুগ। সত্যযুগ ত্ৰেতাততো কোনেও মালা নুঘূৰায় (জপ নকৰে)। কাৰো বুদ্ধিত এইটো নাই যে আমি উচ্চলৈ যাওঁ আকৌ তললৈ আহোঁ। আমাৰ এতিয়া আৰোহণ কলা হৈছে। আমাৰ অৰ্থাৎ ভাৰতৰ। যিমান ভাৰতবাসীৰ আৰোহণ কলা আৰু অৱনমিত কলা হয় সিমান আৰু কাৰো নহয়। ভাৰতেই শ্ৰেষ্ঠাচাৰী আৰু ভ্ৰষ্টাচাৰী হয়। ভাৰতেই নিৰ্বিকাৰী, ভাৰতেই বিকাৰী। অন্য খণ্ড বা ধৰ্মৰ সৈতে ইয়াৰ সম্বন্ধ নাই। তেওঁলোক কোনো স্বৰ্গলৈ নাযায়। ভাৰতবাসীৰেই চিত্ৰ আছে। যথাযথ ৰাজত্ব কৰিছিল। সেয়েহে পিতাই বুজায় - তোমালোকৰ এতিয়া আৰোহণ কলা। যাৰ হাতত ধৰিছা তেওঁ তোমালোকক লগত লৈ যাব। আমাৰ ভাৰতবাসীৰেই আৰোহণ কলা হয়। মুক্তিলৈ গৈ আকৌ জীৱনমুক্তিলৈ আহিম। আধাকল্প দেৱী-দেৱতা ধৰ্মৰ ৰাজত্ব চলে। 21 প্ৰজন্ম আৰোহণ কলা, আকৌ অৱনমিত কলা হৈ যায়। এনেকৈ কয় যেতিয়া তোমালোকৰ আৰোহণ কলা হয় তেতিয়া সকলোৰে কল্যাণ হৈ যায়। এতিয়া সকলোৰে কল্যাণ হয় নহয় জানো। কিন্তু আৰোহণ কলা আৰু অৱৰোহণ কলাত তোমালোক আহা। এই সময়ত ভাৰতে যিমান ধাৰ লয় সিমান আন কোনেও নলয়। সন্তানসকলে জানে আমাৰ ভাৰত সোণৰ চৰাই (সমৃদ্ধিশালী) আছিল। বহুত চহকী আছিল। এতিয়া ভাৰতৰ অৱৰোহণ কলা পূৰা হৈছে। বিদ্বান আদিয়েতো ভাবে কলিযুগৰ আয়ুস এতিয়াও 40 হাজাৰ বছৰ বাকী আছে। একেবাৰে ঘোৰ অন্ধকাৰত আছে। বুজাবও লাগে বৰ যুক্তিৰে, নহলে ভক্তসকল আচৰিত হৈ যাব। পোন প্ৰথমেতো দুজন পিতাৰ পৰিচয় দিব লাগে। ভগৱানুবাচ যে গীতা সকলোৰে মাতা-পিতা। উত্তৰাধিকাৰ গীতাৰ পৰা পোৱা যায়, বাকী সকলো তাৰ সন্তান। সন্তানৰ পৰা উত্তৰাধিকাৰ পাব নোৱাৰে। তোমালোক সন্তানসকলে গীতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা নহয়। গীতা মাতাৰ আকৌ পিতাও আছে। বাইবেল আদি কোনো শাস্ত্ৰক মাতা বুলি কোৱা নহয়। গতিকে পোন প্ৰথমে সুধিব লাগে যে পৰমপিতা পৰমাত্মাৰ সৈতে আপোনাৰ সম্বন্ধ কি? সকলোৰে পিতা এজনেই নহয় জানো। সকলো আত্মা ভাই ভাই হয়। এজন পিতাৰ সন্তান। পিতাই মনুষ্য সৃষ্টি ৰচনা কৰে প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা, গতিকে তোমালোক আকৌ পৰস্পৰ ভাই ভনী হৈ যোৱা। সেয়েহে নিশ্চয় পৱিত্ৰ হৈ থাকে। পতিত-পাৱন পিতাহে আহি তোমালোকক যুক্তিৰে পাৱন কৰি তোলে। সন্তানসকলে জানে পৱিত্ৰ হলে তেতিয়া পৱিত্ৰ সৃষ্টিৰ মালিক হম। বহুত শ্ৰেষ্ঠ উপাৰ্জন। এনেকুৱা কোন থাকিব যিয়ে 21 জন্মৰ বাদশ্বাহী লবলৈ পৱিত্ৰ নহব। আকৌ শ্ৰীমতো পোৱা যায়, যিগৰাকী পিতাক আধাকল্প স্মৰণ কৰিলা, তেওঁৰ আজ্ঞা তোমালোকে পালন নকৰিবানে। তেওঁৰ আজ্ঞা মতে নচলিলে তোমালোক পাপ আত্মা হৈ যাবা। এইখন সৃষ্টি পাপ আত্মাসকলৰ। ৰামৰাজ্য পুণ্য আত্মাসকলৰ সৃষ্টি আছিল। এতিয়া ৰাৱণৰাজ্য পাপ আত্মাসকলৰ সৃষ্টি। এতিয়া তোমালোক সন্তানসকলৰ আৰোহণ কলা। তোমালোক বিশ্বৰ মালিক হোৱা। কেনেকৈ গুপ্তভাৱে বহি আছা। কেৱল পিতাক স্মৰণ কৰিব লাগে। মালা আদি জপ কৰাৰ কোনো কথা নাই। পিতাক স্মৰণ কৰি তোমালোকে কাম কৰা। বাবা আপোনাৰ যজ্ঞৰ সেৱা স্থূল, সূক্ষ্ম দুয়োটা আমি কেনেকৈ একেলগে কৰোঁ। বাবাই আজ্ঞা দিছে এনেকৈ স্মৰণ কৰা। প্ৰাকৃতিক চিকিৎসা কৰায় নহয়। তোমালোক আত্মা পৱিত্ৰ হলে শৰীৰৰো পৱিত্ৰ হৈ যাব। কেৱল পিতাৰ স্মৃতিৰ দ্বাৰাই তোমালোক পতিতৰ পৰা পাৱন হৈ যোৱা। পাৱনো হোৱা আৰু যজ্ঞৰ সেৱাও কৰি থাকা। সেৱা কৰিলে বৰ আনন্দিত হবা। মই ইমান সময় পিতাৰ স্মৃতিত থাকি নিজক নিৰোগী কৰিলোঁ অথবা ভাৰতক শান্তিৰ দান দিলোঁ। ভাৰতক তোমালোকে শ্ৰীমত অনুসৰি শান্তি আৰু সুখৰ দান দিয়া। জগতত আশ্ৰমতো অনেক আছে। কিন্তু তাত একো নাই। তেওঁলোকে এইটো গম নাপায় যে 21 প্ৰজন্ম স্বৰ্গৰ ৰাজ্য কেনেকৈ পোৱা যায়।

তোমালোকে এতিয়া ৰাজযোগৰ পঢ়া পঢ়ি আছা। তেওঁলোকেও কৈ থাকে যে ঈশ্বৰ পিতাৰ আগমন হৈছে। নিশ্চয় কৈছে। সেয়াতো নিশ্চয় হব নহয়। বিনাশৰ কাৰণে বোমাও উদ্ভাৱন হল। নিশ্চয় পিতাইহে স্বৰ্গৰ স্থাপনা, নৰকৰ বিনাশ কৰায়। এয়াতো নৰক নহয় জানো। কিমান হাই-কাজিয়া মৰামৰি আদি হয়। বহুত ভয়। শিশুক কেনেকৈ পলুৱাই লৈ যায়। কিমান উপদ্ৰৱ হয়। এতিয়া তোমালোকে জানা যে এই সৃষ্টি পৰিৱৰ্তন হৈ আছে। কলিযুগ পৰিৱৰ্তন হৈ আকৌ সত্যযুগ হৈ আছে। আমি সত্যযুগৰ স্থাপনাত বাবাৰ সহায়কাৰী হওঁ। ব্ৰাহ্মণেই সহায়কাৰী হয়। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণৰ জন্ম হয়। তেওঁলোক হল কোষ বংশাৱলী, তোমালোক হলা মুখ বংশাৱলী। তেওঁলোক ব্ৰহ্মাৰ সন্তানতো হব নোৱাৰে। তোমালোকক তুলি লোৱা হয়। তোমালোক ব্ৰাহ্মণ ব্ৰহ্মাৰ সন্তান। প্ৰজাপিতা ব্ৰহ্মাতো সংগমতহে হব পাৰে। ব্ৰাহ্মণেই আকৌ দেৱী-দেৱতা হয়। তোমালোকে সেই ব্ৰাহ্মণকো বুজাব পাৰা যে আপোনালোক কোষ বংশাৱলী। এনেকৈ কয়- ব্ৰাহ্মণ দেৱী-দেৱতায়ে নমঃ। ব্ৰাহ্মণসকলকো নমস্কাৰ, দেৱতাসকলকো নমস্কাৰ জনায়। কিন্তু ব্ৰাহ্মণসকলক নমস্কাৰ তেতিয়া জনাব যেতিয়া এই সময়ত হব। বুজি পায় যে এওঁলোক ব্ৰাহ্মণ, তন-মন-ধনেৰে বাবাৰ শ্ৰীমতত চলে। সেই ব্ৰাহ্মণে পাৰ্থিৱ যাত্ৰাত লৈ যায়। এয়া তোমালোকৰ হল আত্মিক যাত্ৰা। তোমালোকৰ যাত্ৰা কিমান মিঠা। সেই পাৰ্থিৱ যাত্ৰাতো অনেক আছে। গুৰু লোকো অনেক আছে। সকলোকে গুৰু বুলি কৈ দিয়ে। এতিয়া তোমালোক সন্তানসকলে জানা আমি মিঠা শিৱবাবাৰ মতত চলি তেওঁৰ পৰা ব্ৰহ্মাৰ দ্বাৰা উত্তৰাধিকাৰ লৈ আছোঁ। উত্তৰাধিকাৰ শিৱবাবাৰ পৰা লওঁ। তোমালোক ইয়ালৈ আহিলে তেতিয়া ততালিকে সোধো কাৰ ওচৰলৈ আহিছা? বুদ্ধিত আছে এয়া শিৱবাবাই ধাৰে লোৱা ৰথ। আমি তেওঁৰ ওচৰলৈ যাওঁ। বাগদান ব্ৰাহ্মণে কৰায়। কিন্তু সম্বন্ধ প্ৰেমিক-প্ৰেমিকাৰ মাজত হয়, বাগদান কৰোৱা ব্ৰাহ্মণৰ সৈতে নহয়। স্ত্ৰীয়ে পতিক স্মৰণ কৰে নে বন্ধনত বান্ধোতাজনক স্মৰণ কৰে? তোমালোকৰো প্ৰেমিক হৈছে শিৱ। আকৌ কোনো দেহধাৰীক তোমালোকে কিয় স্মৰণ কৰা? স্মৰণ কৰিব লাগে শিৱক। এই লকেট আদিও বাবাই তৈয়াৰ কৰাইছে বুজাবলৈ। বাবা নিজেই দালাল হৈ বাগদান কৰায়। সেয়েহে দালালক স্মৰণ কৰিব নালাগে। প্ৰেমিকাৰ যোগ প্ৰেমিকৰ সৈতে। মম্মা বাবা আহি তোমালোক সন্তানসকলৰ দ্বাৰা মুৰুলী শুনায়, বাবাই কয় - বহুত এনেকুৱা সন্তান আছে যাৰ ভ্ৰূকুটিৰ মাজত মই বহি মুৰুলী শুনাওঁ কল্যাণৰ কৰাৰ অৰ্থে। কাৰোবাক সাক্ষাৎকাৰ কৰাবলৈ, কাৰোবাক মুৰুলী শুনাবলৈ, কাৰোবাৰ কল্যাণ কৰিবলৈ আহোঁ। ব্ৰাহ্মণীসকলৰ ইমান শক্তি নাই, জানো যে এইগৰাকী ব্ৰাহ্মণীয়ে উৎকৰ্ষ সাধন কৰিব নোৱাৰিব তেতিয়া মই এনেকুৱা তীৰ মাৰো যে তেওঁ ব্ৰাহ্মণীতকৈ আগত গুচি যায়। ব্ৰাহ্মণীয়ে ভাবে এওঁক মই বুজালোঁ। দেহ-অভিমানত আহি যায়। বাস্তৱত এই অহংকাৰো আহিব নালাগে। সকলো কৰাওঁতাজন হৈছে শিৱবাবা। ইয়াততো তোমালোকক কয় - শিৱবাবাক স্মৰণ কৰা। সংযোগ শিৱবাবাৰ লগত থাকিব লাগে। এওঁতো হৈছে মাজতে দালাল, এওঁ ইয়াৰ প্ৰতিদান পাই যায়। তথাপিও এয়া বৃদ্ধৰ অনুভৱী শৰীৰ। এয়া সলনি হব নোৱাৰে। নাটকত নিৰ্ধাৰিত হৈ আছে। এনেকুৱা নহয় যে বেলেগ কল্পত বেলেগৰ শৰীৰত আহিব। নহয়, যি শেষত আছে তেৱেঁই আকৌ প্ৰথমত যাব লাগে। বৃক্ষত চোৱা শেষত থিয় হৈ আছে নহয়। এতিয়া তোমালোক সংগমত বহি আছা। বাবাই এই প্ৰজাপিতা ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰিছে। জগত অম্বা হল কামধেনু আৰু কপিলদেৱ বুলিও কয়। কাপল অৰ্থাৎ যুগল, বাপ-দাদা মাতা-পিতা, এই কাপল যুগল হল নহয়। মাতাৰ পৰা উত্তৰাধিকাৰ নাপায়। উত্তৰাধিকাৰ তথাপিও শিৱবাবাৰ পৰা পায়। গতিকে তেওঁক স্মৰণ কৰিবলগীয়া হয়। মই এওঁৰ দ্বাৰা তোমালোকক লৈ যাবলৈ আহিছোঁ। ব্ৰহ্মায়ো শিৱবাবাক স্মৰণ কৰে। শঙ্কৰৰ আগতো শিৱবাবাৰ চিত্ৰ ৰাখে। এই সকলোবোৰ হল মহিমাৰ কাৰণে। এই সময়ততো শিৱবাবা আহি নিজৰ সন্তান কৰি লয়। আকৌ তোমালোকে বহি পিতাক পূজা কৰিবা জানো। পিতা আহি সন্তানসকলক ফুলৰ দৰে (পৱিত্ৰ) কৰি তোলে। গাঁতৰ পৰা উলিয়ায়। আকৌ প্ৰতিজ্ঞাও কৰে - মই কেতিয়াও পতিত নহওঁ। পিতাই কয় কোলালৈ আহি আকৌ কলা মুখ নকৰিবা। যদি কৰা তেন্তে কুলৰ কলংক হৈ যাবা। হাৰি গলে ওস্তাদৰ নাম বদনাম কৰা হব। মায়াৰ লগত হাৰিলে তেতিয়া পদ ভ্ৰষ্ট হৈ যাব। অন্য কোনো সন্ন্যাসী আদিয়ে এইবোৰ কথা নিশিকায়। কিছুমান আছে যিয়ে কয় - মাহত এবাৰ বিকাৰত যোৱা। কোনোৱে কয় 6 মাহত এবাৰ যোৱা। কিছুমানতো বহুত অজামিল (পাপী) থাকে। বাবাইতো (ব্ৰহ্মা) বহুত গুৰুৰ শৰণ লৈছে। তেওঁলোকে এনেকৈ কেতিয়াও নকয় যে পৱিত্ৰ হোৱা। বুজি পায় যে ময়েই থাকিব নোৱাৰোঁ। যিসকল বিচাৰ বুধি সম্পন্ন হব, তেওঁলোকে তৎক্ষণাৎ কব - আপুনিয়েই থাকিব নোৱাৰে, আমাক কেনেকৈ কয়। তথাপিও কয় - জনকৰ নিচিনাকৈ চেকেণ্ডত জীৱনমুক্তিৰ মাৰ্গ-দৰ্শন কৰোৱা। আকৌ গুৰুসকলে কয় ব্ৰহ্মক স্মৰণ কৰা তেতিয়া তোমালোক নিৰ্বাণধামলৈ যাবা। আচলতেতো কোনোৱেই নাযায়, শক্তিয়েই নাই। সকলো আত্মাৰ থকা স্থান হৈছে মূলবতন, যত আমি আত্মাসকল তৰাৰ দৰে থাকোঁ। এয়া পূজাৰ নিমিত্তে ডাঙৰ লিঙ্গ সাজে। বিন্দুৰ পূজা কেনেকৈ হব? এনেকৈ কয়ো যে ভ্ৰূকুটিৰ মাজত জিলিকে আচৰিত তৰা। গতিকে আত্মাৰ পিতাও এনেকুৱাই হব নহয়। পিতাৰ দেহ নাই। সেই তৰাৰ পূজা কেনেকৈ হব পাৰে। পিতাক পৰম আত্মা বুলি কোৱা হয়। তেওঁতো হৈছে পিতা। যেনেকুৱা আত্মা তেনেকুৱা পৰমাত্মা। তেওঁ কোনো ডাঙৰ নহয়। তেওঁৰ এই জ্ঞান আছে। এই বেহদৰ বৃক্ষক অন্য কোনেও নাজানে। পিতাহে জ্ঞানপূৰ্ণ। জ্ঞানতো পৰিপূৰ্ণ, পৱিত্ৰতাতো পৰিপূৰ্ণ। সকলোৰে সৎগতিদাতা। সকলোকে সুখ-শান্তি দিওঁতা। তোমালোক সন্তানসকলে যিমান বেছি উত্তৰাধিকাৰ পোৱা আন কোনেও পাব নোৱাৰে। মনুষ্যইতো কিমান গুৰুক পূজা কৰে। নিজৰ বাদশ্বাহকো ইমান পূজা নকৰে। গতিকে এই সকলো অন্ধশ্ৰদ্ধা হল নহয়। কি কি কৰি থাকে। সকলোতে গ্লানিয়েই গ্লানি। কৃষ্ণক গৰাকী (প্ৰভু) বুলিও কয় সেইদৰে ভগৱান বুলিও কয়। ভগৱান কৃষ্ণ স্বৰ্গৰ প্ৰথম ৰাজকুমাৰ, লক্ষ্মী-নাৰায়ণৰ বাবেও কয় এওঁলোক দুয়ো ভগৱান-ভগৱতী। বহুত পুৰণা চিত্ৰ ক্ৰয় কৰে। পুৰণা ডাক টিকতো বিক্ৰী হয় নহয়। বাস্তৱত সকলোতকৈ পুৰণাতো হৈছে শিৱবাবা নহয় জানো। কিন্তু কোনেও গম নাপায়। মহিমা সকলো শিৱবাবাৰ। সেই বস্তুতো পাব নোৱাৰে। পুৰণাতকৈও পুৰণা বস্তু কোনটো? প্ৰথম নম্বৰত শিৱবাবা। কোনেও বুজিব নোৱাৰে যে আমাৰ পিতা কোন? তেওঁৰ নাম ৰূপ কি? কৈ দিয়ে তেওঁৰ কোনো নাম ৰূপ নাই, তেন্তে পূজা কাক কৰা? শিৱতো নাম নহয় জানো। দেশো আছে, কালো আছে। নিজেই কয় - মই সংগমত আহোঁ। আত্মাই শৰীৰৰ দ্বাৰা বাৰ্তালাপ কৰে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা শাস্ত্ৰ বিলাকত কিমান মুখৰোচক কথা উল্লেখ কৰি দিছে, যাৰ দ্বাৰা অৱৰোহণ কলা হৈ গৈছে। আৰোহণ কলা সত্যযুগ ত্ৰেতা, অৱৰোহণ কলা দ্বাপৰ কলিযুগ। এতিয়া আকৌ আৰোহণ কলা হব। পিতাৰ অবিহনে কোনেও আৰোহণ কলা কৰাব নোৱাৰে। এই সকলো কথা ধাৰণ কৰিবলগীয়া হয়। সেয়েহে কোনো কাম আদি কৰোঁতে (পিতাৰ) স্মৃতিত থাকিব লাগে। যেনেকৈ শ্ৰীনাথ দ্বাৰত মুখত কাপোৰ বান্ধি কাম কৰে। শ্ৰীনাথ বুলি কৃষ্ণক কয়। শ্ৰীনাথৰ ভোজন তৈয়াৰ কৰে নহয়। শিৱবাবাইতো ভোজন আদি নাখায়। তোমালোকে পৱিত্ৰ ভোজন ৰান্ধা গতিকে স্মৃতিত থাকি ৰান্ধিব লাগে, তেতিয়া তাৰ দ্বাৰা বল পাবা। কৃষ্ণ লোকলৈ যাবলৈ ব্ৰত উপবাস আদি ৰাখে। এতিয়া তোমালোকে জানা আমি কৃষ্ণপুৰীলৈ গৈ আছোঁ সেইবাবে তোমালোকক যোগ্য কৰি তোলা হয়। তোমালোকে পিতাক স্মৰণ কৰা তেতিয়া আকৌ পিতাই প্ৰতিশ্ৰুতি দিয়ে তোমালোক কৃষ্ণপুৰীলৈ নিশ্চয় যাবা। তোমালোকে জানা আমি নিজৰ কাৰণে কৃষ্ণপুৰী স্থাপন কৰি আছোঁ আকৌ আমিয়েই ৰাজত্ব কৰিমগৈ। যিসকল শ্ৰীমতত চলিব তেওঁলোক কৃষ্ণপুৰীলৈ আহিব। লক্ষ্মী-নাৰায়ণতকৈও কৃষ্ণৰ নাম প্ৰসিদ্ধ। কৃষ্ণ শিশু সেয়েহে মহাত্মাৰ সমান। শিশু অৱস্থা সতোপ্ৰধান সেইবাবে কৃষ্ণৰ নাম বেছি। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ পূৰা সংযোগ একমাত্ৰ শিৱবাবাৰ সৈতে ৰাখিব লাগে। কেতিয়াও কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। কেতিয়াও নিজৰ ওস্তাদৰ (পিতাৰ) নাম বদনাম কৰিব নালাগে।

(2) নিজৰ দ্বাৰা যদি কাৰোবাৰ কল্যাণ হয় তেতিয়া মই এওঁৰ কল্যাণ কৰিলোঁ, এইটো অহংকাৰত আহিব নালাগে। সেয়াও দেহ-অভিমান। কৰাওঁতা পিতাক স্মৰণ কৰিব লাগে।

বৰদান:
অমৃতবেলা তিনিটা বিন্দুৰ তিলক লগাওঁতা কিয়, কিৰ উৎকণ্ঠাৰ পৰা মুক্ত অচল-অটল হোৱা

বাপদাদাই সদায় কয় যে নিতৌ অমৃতবেলা তিনিটা বিন্দুৰ তিলক লগোৱা। তোমালোকো বিন্দু, পিতাও বিন্দু আৰু যি হৈ গল, যি হৈ আছে সেয়া একো নতুন নহয় (নাথিং ন্যু), গতিকে ফুলষ্টপো (যতিও) বিন্দু। এই তিনিটা বিন্দুৰ তিলক লগোৱা অৰ্থাৎ স্মৃতিত থাকা। তেতিয়া গোটেই দিন অচল-অটল হৈ থাকিবা। কিয়, কিৰ উৎকণ্ঠা সমাপ্ত হৈ যাব। যি সময়ত কোনো পৰিস্থিতি আহে সেই সময়তে ফুলষ্টপ (যতি) লগোৱা। একো নতুন নহয়, হবলগীয়া আছিল, হৈ আছে সাক্ষী হৈ চোৱা আৰু আগবাঢ়ি গৈ থাকা।

স্লোগান:
পৰিৱৰ্তন শক্তিৰ দ্বাৰা ব্যৰ্থ সংকল্পৰ সোঁতৰ তীব্ৰতা সমাপ্ত কৰি দিয়া তেতিয়া সমৰ্থ হৈ যাবা।