09.06.22       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তোমালোক ব্ৰাহ্মণকুল শ্ৰেষ্ঠ বিষ্ণুকুলৰ হ'বলৈ গৈ আছা, সেইবাবে তোমালোক দৃঢ় বৈষ্ণৱ হ'ব লাগে, কোনোধৰণৰ অশুদ্ধ বস্তু পিয়াজ আদিও খাব নালাগে

প্ৰশ্ন:
তোমালোক সন্তানসকলে কোনটো পৰীক্ষালৈ ভয় কৰিব বা বিবুদ্ধিত পৰিব নালাগে?

উত্তৰ:
যদি আগবাঢ়ি গৈ থাকোতে পুৰণা জোতাৰ (শৰীৰৰ) কোনো কষ্ট হয়, বেমাৰ আদি হয় তেন্তে তাৰ বাবে ভয়ভীত হব বা বিবুদ্ধিত পৰিব নালাগে আৰুহে আনন্দিত হ'ব লাগে, কিয়নো তোমালোকে জানা - এয়া কৰ্মভোগ। পুৰণি হিচাপ-নিকাচ নিষ্পত্তি হৈ আছে। আমি যোগবলেৰে হিচাপ-নিকাচ নিষ্পত্তি কৰিব নোৱাৰিলে তেতিয়া কৰ্মভোগেৰে নিষ্পত্তি হয়। এয়া সোনকালে শেষ হ'লেই ভাল।

গীত:-
হমাৰে তীৰ্থ ন্যাৰে হে. (আমাৰ তীৰ্থ অনন্য.......)

ওঁম্শান্তি।
নিৰাকাৰ ভগৱানুবাচ (ভগৱানে কয়)। তেওঁৰতো এটাই নাম - শিৱ ভগৱানুবাচ, এনেকৈ কবলগীয়া হয় বুজাবৰ বাবে, দৃঢ় নিশ্চয় জন্মাবৰ বাবে। পিতাই কবলগীয়া হয় মই যি হওঁ, মোৰ নাম কেতিয়াও সলনি নহয়। সত্যযুগৰ যিসকল দেৱী-দেৱতা আছে, তেওঁলোকতো পুনৰ্জন্মত আহেই। পিতাই এই শৰীৰৰ দ্বাৰা সন্তানসকলক বুজাই আছে। তোমালোক আত্মিক যাত্ৰাত আছা, পিতাও গুপ্ত, দাদাও গুপ্ত। কোনেও নাজানে ব্ৰহ্মাৰ শৰীৰত পৰমপিতা আহে। সন্তানো গুপ্ত। সকলোৱে কয় - মই শিৱবাবাৰ সন্তান, গতিকে তেওঁৰ পৰা উত্তৰাধিকাৰ লব লাগে। তেওঁৰ শ্রীমতত চলিব লাগে। এইটোতো নিশ্চয় আছেই যে তেওঁ আমাৰ পৰম পিতা, শিক্ষক, সৎগুৰু হয়। কিমান মিঠা মিঠা কথা। আমি নিৰাকাৰ শিৱবাবাৰ বিদ্যাৰ্থী, আমাক ৰাজযোগ শিকায়। ভগৱানুবাচ - হে সন্তানসকল, মই তোমালোকক ৰাজযোগ শিকাওঁ। পৌৰপতিয়েতো (মেয়ৰেতো) এনেকৈ হে সন্তানসকল বুলি নকব। সন্ন্যাসীয়েও এনেকৈ কব নোৱাৰে। সন্তান বুলি কোৱাতো পিতাৰহে কৰ্তব্য। সন্তানসকলেও জানে আমি নিৰাকাৰ পিতাৰ সন্তান, তেওঁৰ সন্মুখত বহি আছোঁ। প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী হয়। প্রজাপিতা শব্দটি নিলিখিলে মনুষ্য বিবুদ্ধিত পৰে। ভাবে ব্ৰহ্মাতো সূক্ষ্মবতনবাসী দেৱতা হয়। তেওঁ আকৌ ইয়াত কৰপৰা আহিল? এনেকৈ কয় - ব্ৰহ্মা দেৱতায়ে নমঃ, শংকৰ দেৱতায়ে নমঃ, আকৌ গুৰু বুলিও কয় - গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু। এতিয়া বিষ্ণু অথবা শংকৰতো গুৰু নহয়। ভাবে শংকৰে, পাৰ্ৱতীক কথা (কাহিনী) শুনায় সেয়েহে গুৰু হৈ গল। গুৰু বিষ্ণুও নহয়। সত্যযুগত লক্ষ্মী-নাৰায়ণ গুৰু নহয়। কৃষ্ণকো ডাঙৰ গুৰু গীতাৰ ভগৱান কৰি দিছে। কিন্তু ভগৱান এজন, এই কথাটি তোমালোক সন্তানসকলে সিদ্ধ কৰিব লাগে।

তোমালোক গুপ্ত সেনা। ৰাৱণৰ ওপৰত বিজয়ী হোৱা অৰ্থাৎ মায়াক জিনি জগতজিৎ হোৱা। ধনক মায়া বুলি কোৱা নহয়। ধনক সম্পত্তি বুলি কোৱা হয়। গতিকে পিতাই সন্তানসকলক বুজায় - সন্তানসকল, এতিয়া মৃত্যু সন্মুখত থিয় হৈ আছে। এয়া সেয়াই 5 হাজাৰ বছৰ পূৰ্বৰ কথা। কেৱল নিৰাকাৰ ভগৱানুবাচৰ সলনি সাকাৰ কৃষ্ণৰ নাম লিখি দিছে। পিতাই কয় তোমালোকে এতিয়া এয়া যি জ্ঞান পোৱা, এয়া হৈছে ভৱিষ্যত প্ৰালব্ধৰ বাবে। প্ৰালব্ধ পোৱাৰ পাছত জ্ঞানৰ দৰকাৰ নাই। এই জ্ঞান হয়েই পতিতৰ পৰা পাৱন হোৱাৰ। পাৱন সৃষ্টিত আকৌ কোনো গুৰুৰ শৰণ লোৱাৰ দৰকাৰ নাই। বাস্তৱত গুৰুতো এজনেই পৰমপিতা পৰমাত্মা। আহ্বানো কৰে - হে পতিত-পাৱন আহক, তেন্তে বুজিব লাগে নহয় জানো। তেৱেঁই পৰম গুৰু। সকলোৰে সৎগতি দাতা ৰাম বুলি গায়ন কৰা হয়। তেন্তে তেওঁ নিশ্চয় তেতিয়া আহিব যেতিয়া সকলোৰে দুৰ্গতি হয়। তাততো হৈছে ক্ষীৰসাগৰ, সুখৰ সাগৰ। বিষয় বৈতৰণী নদী তাত নাথাকে। বিষ্ণু ক্ষীৰসাগৰত থাকিব তেন্তে নিশ্চয় তেওঁৰ সন্তানসকলো লগত থাকিব। এতিয়া তোমালোক ব্ৰাহ্মণকুলৰ আকৌ বিষ্ণুকুলৰ হ'বাগৈ। তাত সম্পূৰ্ণ বৈষ্ণৱ নহয় জানো। দেৱতাসকলৰ আগত কেতিয়াও অশুদ্ধ বস্তু পিয়াজ আদি আগনবঢ়ায়। আকৌ এনেকুৱা দেৱতা হ'বলৈ হলে এই সকলোবোৰ এৰিব লাগিব। এয়া হৈছে সংগমযুগ। বুজোৱা হৈছে তোমালোক ব্ৰাহ্মণসকলহে সংগমত আছা, বাকী সকলো কলিযুগত আছে। যেতিয়ালৈকে ব্ৰাহ্মণ নহয় তেতিয়ালৈকে বুজিব নোৱাৰিব। পিতাই কয় - মই কল্পৰ সংগমত আহোঁ। তেওঁলোকে বুজিয়েই নাপায় - এয়া কোনো সংগম হয়। সৃষ্টি সলনি হয় নহয়। গায়নো কৰে কিন্তু কেনেকৈ সলনি হয়, এয়া কোনেও নাজানে। এনেয়ে কেৱল মুখেৰে কৈ দিয়ে। তোমালোকে ভালদৰে বুজি পোৱা শ্রীমতত চলিলেহে শ্ৰেষ্ঠ হ'ম। পিতাক স্মৰণ কৰিব লাগে। দেহ সহিত দেহৰ সকলো সম্বন্ধক পাহৰি যাব লাগে। বাবাই শৰীৰ অবিহনে পঠিয়াইছিল, আকৌ তেনেকৈয়ে যাব লাগিব। ইয়াত ভূমিকা পালন কৰিবলৈ আহিছা। এয়া হৈছে গুপ্ত পৰিশ্ৰম, পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰিব লাগে। তোমালোকে বাৰে বাৰে এইটো পাহৰি যোৱা। বাবাক পাহৰিলে মায়াই থাপৰ লগাই দিয়ে। এয়াও খেল, আল্লাহ আলাউদ্দিনৰ চাকি দেখুৱায় নহয়। আল্লাই প্ৰথম ধৰ্ম প্ৰতিষ্ঠা কৰিলে। ঘঁহি দিলে আৰু বৈকুণ্ঠ পালে। এই ধৰ্ম কোনে প্ৰতিষ্ঠা কৰি আছে? আল্লাই প্ৰথম নম্বৰৰ ধৰ্ম প্ৰতিষ্ঠা কৰিলে। হাতমতাইৰো খেল দেখুৱায়। মুখত কিবা ভৰাই নথলে মায়া আহি যায়। তোমালোকৰো একেই অৱস্থা। পিতাক পাহৰি অন্য সকলোকে স্মৰণ কৰি থাকা।

এতিয়া তোমালোক সন্তানসকলে জানা আমি শান্তিধামলৈ গৈ আছোঁ, আকৌ সুখধামলৈ আহিম। দুখধামক পাহৰি যোৱাৰ পুৰুষাৰ্থ কৰা। এয়াতো সকলো নাশ হৈ যাব। মই লাখপতি, এনেকুৱা হওঁ... এয়া বুদ্ধিত ৰাখিব নালাগে। আমিতো হয়েই নাঙঠ (অশৰীৰী) এইটোতো পুৰণা বস্তু। এই পুৰণা জোতাই (শৰীৰে) বহুত দুখ দিছে। যিমান অধিক বেমাৰ হয় সিমান আনন্দিত হ'ব লাগে। নাচিব লাগে। কৰ্মভোগ, হিচাপ-নিকাচ নিষ্পত্তি কৰিবই লাগিব, এইক্ষেত্ৰত ভয় কৰিব নালাগে। বুজিব লাগে মই যোগবলেৰে বিকৰ্ম বিনাশ কৰিব নোৱাৰিলে কৰ্মভোগৰ দ্বাৰা নিষ্পত্তি কৰিবলগীয়া হব, এই ক্ষেত্ৰত বিবুদ্ধিত পৰাৰ কাৰণ নাই। এয়াতো পুৰণা শৰীৰ। এয়া সোনকালে নাশ হ'লেই ভাল। আকৌ তোমালোকৰ 7 দিনীয়া ভাতীও প্ৰসিদ্ধ। 7 দিন ভালদৰে বুজি বুদ্ধিত ধাৰণ কৰি তাৰপাছত লাগিলে য'লৈকে গুচি নোযোৱা। মুৰুলীতো পাই থাকিবা, সেয়াই যথেষ্ট। পিতাক স্মৰণ কৰি চক্ৰ ঘূৰাই থাকা। 7 দিনত স্বদর্শন চক্ৰধাৰী হ'ব লাগে। 7 দিনীয়া পাঠো ৰাখে। 7 দিন প্ৰসিদ্ধ। গ্ৰন্থও 7 দিনৰ ৰাখে। ভাতীও 7 দিনৰ। এনেকুৱা নহয় যে যিয়েই আহিব তেওঁক 7 দিনৰ বাবে আহিব লাগিব বুলি কব লাগে। মনুষ্যৰ নাড়ীৰ স্পন্দনো চাবলগীয়া হয়। প্ৰথমেই 7 দিনীয়া পাঠ্যক্ৰম বুলি কলে ভয় খাই যায়। ভাবে মই থাকিব নোৱাৰিলে কি কৰিম, গুচি যায় সেইবাবে মনুষ্যক চাবলগীয়া হয়। প্ৰত্যেকৰে নাড়ীৰ স্পন্দন চাব লাগে। প্ৰথমতেতো অনুসন্ধান কৰা উচিত। কিমান দিনলৈকে আহিছে। ততালিকে 7 দিন বুলি কলে ভয় খাই যায়। 7 দিন কোনেও দিব নোৱাৰে। কোনো কোনো এনেকুৱা বৈদ্য থাকে যিয়ে নাড়ীৰ স্পন্দন চাই ততালিকে কৈ দিয়ে যে তোমাৰ এইটো এইটো বেমাৰ আছে। এৱোঁতো তোমালোকৰ অবিনাশী জ্ঞান বৈদ্য। তোমালোক সন্তানসকলো মাষ্টৰ বৈদ্য। এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। তোমালোকে কোৱা এক চেকেণ্ডত মনুষ্যই জীৱনমুক্তি পাব পাৰে, তেতিয়া যিকোনো লোকে কয় যদি এক চেকেণ্ডত জীৱনমুক্তি পোৱা যায়, তেন্তে 7 দিন বুলি কিয় কয়? চেকেণ্ডৰ কথা কওক। ভয় খায়। আমিতো থাকিব নোৱাৰোঁ, সেইবাবে প্ৰথমে নাড়ীৰ স্পন্দন চাব লাগে। সকলোৰে বাবে এটাই কথা হ'ব নোৱাৰে। বহুত সন্তানে অহিত কৰি দিয়ে। প্ৰ-পত্ৰ পূৰণ কৰোৱাৰ সময়ত নাড়ীৰ স্পন্দন চাই সুধিবলগীয়া হয়। কিমান দিন থাকিব পাৰিব, সেয়াও সুধিবলগীয়া হয়। বাৰু এইটোতো কওক সকলোৰে ভগৱান এজনে নহয় জানো। পৰমপিতাৰ সৈতে আপোনাৰ কি সম্বন্ধ। প্ৰথমতেতো এইবোৰ কথাৰ ওপৰত বুজাব লাগে যে তেওঁ পিতা, আমি সন্তান। পিতাইতো উত্তৰাধিকাৰ দিয়ে। স্বৰ্গৰ উত্তৰাধিকাৰ পাব লাগে। স্বৰ্গৰ ৰচয়িতা হয়। এতিয়াতো নৰক। ভাৰত স্বৰ্গ আছিল, বিশ্বৰ মালিক আছিল। দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। মায়াই ৰাজ্য কাঢ়ি লৈছে। এতিয়া আকৌ মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰি ৰাজ্য লব লাগে। পুৰণা পতিত কলিযুগী সৃষ্টিৰ বিনাশ সমাগত তেন্তে নিশ্চয় পাৱন সৃষ্টি স্থাপন কৰিব লাগিব। অলপ ইংগিত দিয়া উচিত। আগলৈ গৈ সেই কথাবোৰ বুজি গৈ থাকিব। আজি নহ'লে কালিলৈ আহি যাব। যাব ক'লৈ? সৎগতি পোৱাৰ দোকান এখনেই। পৰমপিতা পৰমাত্মা শিৱবাবাৰ এখনেই দোকান। এক চেকেণ্ডত জীৱনমুক্তি পোৱা যায়। দোকান চোৱা কেনেকুৱা, যাৰ তোমালোক বিক্রেতা হোৱা। যিসকল ভাল বিক্রেতা হ'ব তেওঁলোকে পদো ভাল পাব। বিক্ৰী কৰাৰো জ্ঞান থকা উচিত। যদিহে জ্ঞান নাই তেওঁ কি সেৱা কৰিব। প্ৰথমতেতো নিশ্চয় জন্মোৱা। তাৰপাছত 7 দিনৰ কথা। হেৰৌ পিতাতো উত্তৰাধিকাৰ দিবলৈ আহিছে। ভাৰত সুখধাম আছিল, এতিয়া ভাৰত দুখধাম। আকৌ সুখধাম কেনেকৈ হয়, কোনে গঢ়ে? প্ৰথমে মাৰ্গ দেখুৱাব লাগে - আমি আত্মাসকল শান্তিধামৰ নিবাসী আকৌ ভূমিকা পালন কৰিবলৈ আহোঁ।

এতিয়া পিতাই কয় - সন্তানসকল ঘৰলৈ উভতিব আহিব লাগে। পিতাক স্মৃতিত ৰাখিলে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। তোমালোকৰ উৰাৰ পাখি যি ভাঙি গৈছে সেয়া পাই থকিবা। তোমালোক মোৰ ওচৰলৈ গুচি আহিবা। পিতাহে আহি কড়িৰ পৰা হীৰাতুল্য কৰি তোলে। এয়া অতি শ্ৰেষ্ঠ উপাৰ্জন। তোমালোকে পিতাক স্মৰণ কৰিলে 21 জন্মৰ বাবে নিৰোগী হোৱা। চক্ৰক স্মৰণ কৰিলে তোমালোক সৰ্বদা স্বাস্থ্যৱান, ধনৱান হ'বাগৈ। এতিয়াতো দুয়োটাই নাই। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে, অপৈণতসকলক মায়াই তাৎক্ষণাৎ খাই পেলাব। তথাপি আগলৈ গৈ স্মৃতি উদয় হব। শেষৰ ফালে ৰজাসকলো আহে, সন্ন্যাসী আদিও আহে। তোমালোক কন্যাসকলে, মাতাসকলে বাণ মাৰিছা। ইয়াত মন্দিৰো সঠিককৈ সাজি থোৱা আছে। কুমাৰী কন্যাৰো মন্দিৰ আছে। অৰ্ধকুমাৰীৰ অৰ্থ জানো বুজি পায়। যিসকল গৃহস্থ ব্যৱহাৰত থাকি বি.কে. হয়, তেওঁলোকক অৰ্ধ বুলি কোৱা হয়। কুমাৰীতো কুমাৰীয়ে হয়। তোমালোকৰ স্মাৰক হিচাপে পূৰা মন্দিৰ সাজি থোৱা আছে। কল্পৰ পূৰ্বেও তোমালোকে সেৱা কৰিছিলা। তোমালোক কিমান আনন্দিত হোৱা উচিত। তোমালোকৰ কিমান উচ্চ আৰু শ্ৰেষ্ঠ পৰীক্ষা। পঢ়াওঁতাজন হৈছে ভগৱান।

(দিল্লীৰ দলে বাবাৰ পৰা ছুটী লৈ নিজৰ স্থানলৈ যাব ওলাইছে) সন্তানসকল ভালকৈয়ে সজীৱ হৈ যাব ওলাইছা। ক্ৰমানুসৰিতো হয়েই। যিসকলে ভালকৈ বুজে তেওঁলোকে ভালকৈ বুজায়ো। এয়াতো সন্তানসকলে বুজে বাবাও গুপ্ত, দাদাও গুপ্ত। আমিও গুপ্ত। কোনেও নাজানে। ব্ৰাহ্মণসকলেও নাজানে। তোমালোকে বুজাব পাৰা যে আপোনালোক কোষ বংশাৱলী, আমি হৈছোঁ মুখ বংশাৱলী। আপোনালোক পতিত আমি পাৱন হৈ আছোঁ। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান তেন্তে নিশ্চয় নতুন সৃষ্টিৰ নহ'লা জানো। সত্যযুগৰ দেৱতাসকল নতুন সৃষ্টিৰ নে ব্ৰাহ্মণ নতুন সৃষ্টিৰ? ব্ৰাহ্মণৰ টিকনি আছে নহয়। টিকনি (ব্ৰাহ্মণ কুল) উচ্চ নে মূৰ (দেৱতা কুল) উচ্চ? তাত আকৌ শিৱবাবাকো নোহোৱা কৰি দিছে। তোমালোক সন্তানসকলে জানা পিতা হৈছে ফুলৰ বাগিচাৰ মালিক। ৰাৱণক জানো মালিক বুলি কব। ৰাৱণেতো কাঁইট কৰি তোলে, বাবাই ফুল কৰি তোলে। এয়া সকলো কাঁইটৰ জংঘল। পৰস্পৰ দুখ দি আছে। পিতাই বুজায়, কাকো দুখ দিব নালাগে। ক্রোধত কথা কলে এশ গুণ দণ্ড হৈ যায়। পাপ-আত্মা হৈ যায়। তেওঁলোকৰ বাবে শাস্তি বহুত কাঢ়া। পিতাৰ সৈতে সহায়কাৰী হোৱাৰ নিশ্চয়তা প্ৰদান কৰি আকৌ অহিত কৰিলে তেতিয়া তেওঁলোকৰ বাবে বহুত কাঢ়া শাস্তি আছে। সন্তান হৈ যদি আকৌ বিকৰ্ম কৰা তেন্তে এশ গুণ দণ্ড পাই যাবা, সেয়েহে সাহস যদি আছে শ্রীমতত চলা। নৰৰ পৰা নাৰায়ণ হ'ব লাগে। এনেকুৱা নহয় - বাৰু, প্ৰজা হলে প্ৰজাই ঠিক। নহয়, এয়াতো বহুত ডাঙৰ মালা। স্থান বহুত আছে। এইক্ষেত্ৰত হাৰ্টফেইল হ'ব নালাগে, বাগৰিলে আকৌ সাৱধান হব লাগে, হাৰ্টফেইল হ'ব নালাগে। শিৱবাবাৰ পৰা এক চেকেণ্ডত জীৱনমুক্তি পোৱাৰ এয়া এখনেই দোকান। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) উচ্চ পদ পাবলৈ হ'লে শিৱবাবাৰ দোকানৰ ভাল বিক্রেতা হ'ব লাগে। প্ৰত্যেকৰে নাড়ীৰ স্পন্দন চাই তাৰপাছত তেওঁক জ্ঞান দিব লাগে।

(2) ক্ৰোধৰ বশীভূত হৈ মুখেৰে দুখদায়ী বচন উচ্চাৰিত কৰিব নালাগে। পিতাৰ সহায়কাৰী হোৱাৰ নিশ্চয়তা প্ৰদান কৰি কোনো অহিত কাম কৰিব নালাগে ।

বৰদান:
"একো নতুন নহয়" এইটো স্মৃতিৰে বিঘিনিবোৰক খেল বুলি বুজি অতিক্ৰম কৰোঁতা অনুভৱীমূৰ্ত হোৱা

বিঘিনি অহা - এয়াও নাটকত আদিৰ পৰা অন্তলৈকে নিহিত হৈ আছে কিন্তু সেই বিঘিনিয়ে অসম্ভৱৰ পৰা সম্ভৱৰ অনুভূতি কৰায়। অনুভৱী আত্মাসকলৰ বাবে বিঘিনিও খেল যেন লাগে। যিদৰে ফুটবল খেলত বল আহে, ভৰিৰে লথিয়াই দিয়ে, খেল খেলিবলৈ মজা লাগে। সেইদৰে এই বিঘিনিৰ খেলো চলি থাকিব, একো নতুন নহয়। নাটকে খেলো দেখুৱায় আৰু সম্পন্ন সফলতাও দেখুৱায়।

স্লোগান:
সকলোৰে গুণক চাই বিশেষত্বসমূহৰ সুবাস বিয়পাই দিয়া তেতিয়া এই সংসাৰ সুখময় হৈ যাব।