09.07.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল যেতিয়া সময় পোৱা তেতিয়া একান্তত বহি বিচাৰ সাগৰ মন্থন কৰা, যিবোৰ পইণ্টচ শুনা সেয়া ৰিভাইজ কৰা (আওৰোৱা)

প্ৰশ্ন:
তোমালোকৰ স্মৃতিৰ যাত্ৰা কেতিয়া পুৰা হব?

উত্তৰ:
যেতিয়া তোমালোকৰ কোনো এটি কৰ্মেন্দ্ৰিয়ইও প্ৰবঞ্চনা নকৰিব, কৰ্মাতীত অৱস্থা যেতিয়া হৈ যাব তেতিয়া স্মৃতিৰ যাত্ৰা পুৰা হৈ যাব। এতিয়া তোমালোকে পুৰা পুৰুষাৰ্থ কৰা, নিৰাশ হব নালাগে। ছাৰ্ভিচত (সেৱাত) তৎপৰ হৈ থাকিব লাগে।
 

ওঁম্শান্তি।
মৰমৰ সন্তানসকল আত্মাঅভিমানী হৈ বহি আছানে? সন্তানসকলে বুজি পায় যে আধাকল্প আমি দেহ-অভিমানী হৈ আছোঁ। এতিয়া দেহী-অভিমানী হৈ থাকিবৰ বাবে পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই আহি বুজায় - নিজকে আত্মা বুলি বুজি বহা তেতিয়া পিতাৰ স্মৃতি আহিব। নহলে পাহৰি যাবা। স্মৰণ নকৰিলে তেন্তে যাত্ৰা কেনেকৈ কৰিব পাৰিবা! পাপ কেনেকৈ খণ্ডন হব! লোকচান হৈ যাব। এয়াতো বাৰে বাৰে স্মৰণ কৰা। এইটো হৈছে মুখ্য কথা। বাকীতো পিতাই অনেক প্ৰকাৰৰ যুক্তি শুনায়। ৰং (অশুদ্ধ) কি, ৰাইট (শুদ্ধ) কি - সেয়াও বুজাইছে। পিতাতো জ্ঞানৰ সাগৰ হয়। ভক্তিকো জানে। সন্তানসকলে ভক্তিত কি কি কৰিবলগীয়া হয়। পিতাই বুজায় - এই যজ্ঞ তপ আদি কৰা, এই সকলোবোৰ হৈছে ভক্তি মাৰ্গ। যদিও পিতাৰ মহিমা কৰে, কিন্তু ওলোটা। বাস্তৱত কৃষ্ণৰ মহিমাও পুৰা ৰীতি নাজানে। প্ৰতিটো কথাক বুজিব লাগে নহয় জানো। যেনেকৈ কৃষ্ণক বৈকুণ্ঠ নাথ বুলি কোৱা হয়। বাৰু, বাবাই সোধে, কৃষ্ণক ত্ৰিলোকীনাথ বুলি কব পাৰিনে? ত্ৰিলোকীনাথ বুলি গায়ন কৰা হয় নহয়। এতিয়া ত্ৰিলোকৰ নাথ অৰ্থাৎ তিনি লোক মূলবতন, সূক্ষ্মবতন, স্থূলবতন। তোমালোক সন্তানসকলক বুজোৱা হয় যে তোমালোক ব্ৰহ্মাণ্ডৰো মালিক হোৱা। কৃষ্ণই এনেকৈ বুজে জানো যে মই ব্ৰহ্মাণ্ডৰ মালিক হওঁ? নহয়। তেওঁতো বৈকুণ্ঠত আছিল। বৈকুণ্ঠ বুলি কোৱা হয় স্বৰ্গক নতুন সৃষ্টিক। গতিকে বাস্তৱত ত্ৰিলোকীনাথ কোনোৱেই নহয়। পিতাই ৰাইট কথা বুজায়। তিনি লোকতো আছে। ব্ৰহ্মাণ্ডৰ মালিক শিৱবাবাও হয়, তোমালোকো হোৱা। সূক্ষ্মবতনৰতো কথাই নাই। স্থূলবতনতো তেওঁ মালিক নহয়, স্বৰ্গৰো নহয়, নৰকৰো নহয়। কৃষ্ণ হৈছে স্বৰ্গৰ মালিক। নৰকৰ মালিক হৈছে ৰাৱণ। এইখনক ৰাৱণ ৰাজ্য, আসুৰি ৰাজ্য বুলি কোৱা হয়। মনুষ্যই কয়ো কিন্তু বুজি নাপায়। তোমালোক সন্তানসকলক পিতাই বহি বুজায়। ৰাৱণক 10টা মূৰ দি দিয়ে। 5 বিকাৰ স্ত্ৰীৰ, 5 বিকাৰ পুৰুষৰ। এতিয়া 5 বিকাৰতো সকলোৰে কাৰণে আছে। সকলো আছেই ৰাৱণ ৰাজ্যত। এতিয়া তোমালোক শ্ৰেষ্ঠাচাৰী হৈ আছা। পিতা আহি শ্ৰেষ্ঠাচাৰী সৃষ্টি ৰচনা কৰে। একান্তত বহিলে এনেকুৱা এনেকুৱা বিচাৰ সাগৰ মন্থন চলিব। সেই পঢ়াৰ কাৰণেও ষ্টুডেণ্টে (বিদ্যাৰ্থীয়ে) একান্তত কিতাপ লৈ গৈ পঢ়ে। তোমালোকৰতো কিতাপ আদি পঢ়াৰ দৰকাৰ নাই। অৱশ্যে হয়, তোমালোকে পইণ্টচ নোট কৰা (টুকি ৰাখা)। এয়া আকৌ ৰিভাইজ কৰিব (আওৰাব) লাগে। এইবোৰ বুজিবলগীয়া অতি গূঢ় কথা। পিতাই কয় নহয় যে আজি তোমালোকক গূঢ়তকৈও গূঢ় নতুন নতুন পইণ্টচ বুজাই আছোঁ। পাৰসপুৰীৰ মালিকতো লক্ষ্মীনাৰায়ণ হয়। এনেকৈও কোৱা নহব যে বিষ্ণু হয়। বিষ্ণুকো বুজি নাপায় যে এয়াই লক্ষ্মী-নাৰায়ণ। এতিয়া তোমালোকে শ্বৰ্টত (চমুকৈ) এইম-অবজেক্ট (লক্ষ্য-উদ্দেশ্য) বুজোৱা। ব্ৰহ্মা-সৰস্বতী পৰস্পৰ কোনো মেল-ফিমেল (পুৰুষ-মহিলা) নহয়। এওঁতো প্ৰজাপিতা ব্ৰহ্মা হয় নহয় জানো। প্ৰজাপিতা ব্ৰহ্মাক গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ বুলি কব পাৰি, শিৱবাবাক কেৱল পিতা বুলিয়ে কব। বাকী সকলো হৈছে ব্ৰাডাৰ্চ (ভাই)। ব্ৰহ্মাৰ ইমান অনেক সন্তান আছে। সকলোৱে গম পায় - আমি ভগৱানৰ সন্তান ব্ৰাডাৰ্চ হৈ গলোঁ। কিন্তু সেয়া হয় নিৰাকাৰী সৃষ্টিত। এতিয়া তোমালোক ব্ৰাহ্মণ হৈছা। নতুন সৃষ্টি সত্যযুগক কোৱা হয়। ইয়াৰ নাম আকৌ পুৰুষোত্তম সংগমযুগ ৰখা হৈছে। সত্যযুগত হয়েই পুৰুষোত্তম। এইবোৰ অতি ৱণ্ডাৰফুল (বিস্ময়কৰ) কথা। তোমালোক নতুন সৃষ্টিৰ বাবে তৈয়াৰ হৈ আছা। এই সংগমযুগতে তোমালোক পুৰুষোত্তম হোৱা। এনেকৈ কয়ো যে আমি লক্ষ্মী-নাৰায়ণ হম। এওঁলোক হৈছে সকলোতকৈ উত্তম পুৰুষ। তেওঁলোকক আকৌ দেৱতা বুলি কোৱা হয়। উত্তমতকৈ উত্তম নাম্বাৰ ৱান (এক নম্বৰৰ) হৈছে লক্ষ্মী-নাৰায়ণ তাৰপাচত ক্ৰমানুসৰি তোমালোক সন্তানসকল হবাগৈ। সূৰ্যবংশী ৰাজবংশক উত্তম বুলি কোৱা হব। নাম্বাৰ ৱান (প্ৰথম নম্বৰ)তো হয় নহয় জানো। লাহে লাহে কলা কম হয়।

এতিয়াতো তোমালোক সন্তানসকলে নতুন সৃষ্টিৰ উদঘাটন কৰা। যেনেকৈ নতুন ঘৰ তৈয়াৰ হলে তেতিয়া সন্তানসকল আনন্দিত হয়। উদঘাটন কৰে। তোমালোক সন্তানসকলেও নতুন সৃষ্টিক দেখি আনন্দিত হোৱা। উদঘাটন কৰা। লিখাও আছে যে সোণৰ ফুলৰ বৰ্ষা হয়। তোমালোক সন্তানসকলৰ কিমান আনন্দৰ সীমা বাঢ়ি যোৱা উচিত। তোমালোকে সুখ আৰু শান্তি দুয়োটাই পোৱা। অন্য কোনো নাই যিয়ে ইমান সুখ আৰু শান্তি পায়। অন্য ধৰ্ম আহিলে তেতিয়া দ্বৈত হৈ যায়। তোমালোক সন্তানসকলৰ অপাৰ আনন্দ আছে - আমি পুৰুষাৰ্থ কৰি উচ্চ পদ পাম। এনেকুৱা নহয় যে ভাগ্যত যি আছে সেয়াই পাম, পাছ (উত্তীৰ্ণ) হবলগীয়া আছে যদি হম। নহয়, প্ৰতিটো কথাত পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে। পুৰুষাৰ্থ কৰিব নোৱাৰে বাবে কৈ দিয়ে যি ভাগ্যত আছে হব। তেতিয়া পুৰুষাৰ্থ কৰাই বন্ধ হৈ যায়। পিতাই কয় - তোমালোক মাতাসকলক কিমান উচ্চ কৰি তোলোঁ। ফিমেলৰ (নাৰীৰ) মান সকলো ঠাইতে আছে। বিলাততো মান আছে। ইয়াত কন্যা সন্তান জন্ম ললে তেতিয়া বিচনা ওলোটাই দিয়ে। সৃষ্টিখন একেবাৰে ডাৰ্টী (লেতেৰা)। এই সময়ত তোমালোক সন্তানসকলে জানা যে ভাৰত কি আছিল, এতিয়া কি হল। মনুষ্যই পাহৰি গল কেৱল শান্তি শান্তি বুলি বিচাৰি ফুৰে। বিশ্বত শান্তি বিচাৰে। তোমালোকে এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ দেখুওৱা। যেতিয়া এওঁলোকৰ ৰাজত্ব আছিল তেতিয়া পবিত্ৰতা-সুখ-শান্তিও আছিল। তোমালোকে এনেকুৱা ৰাজ্য বিচৰা নহয় জানো। মূলবতনততো বিশ্বৰ শান্তি বুলি কব নোৱাৰি। বিশ্বত শান্তিতো ইয়াতেই হব নহয় জানো। দেৱতাসকলৰ ৰাজত্ব গোটেই বিশ্বত আছিল। মূলবতনতো হৈছে আত্মাসকলৰ জগত। মনুষ্যইতো এইটোও নাজানে যে আত্মাসকলৰ জগত থাকে। পিতাই কয় - মই তোমালোকক কিমান উচ্চ পুৰুষোত্তম কৰি তোলোঁ। এইটো বুজাবলগীয়া কথা। এনেকুৱা নহয় যে চিঞৰিবা ভগৱান আহিছে, তেতিয়া কোনেও মানি নলব। আৰুহে গালি খাবা আৰু খুৱাবা। তেওঁলোকে কব যে বি. কে. সকলে নিজৰ বাবাক ভগৱান বুলি কয়। এনেকৈ ছাৰ্ভিচ নহয়। বাবাই যুক্তি শুনাই থাকে। কোঠাত 810 খন চিত্ৰ বেৰত ভালকৈ আঁৰি দিয়া আৰু বাহিৰত লিখি দিয়া - বেহদৰ (অসীমৰ) পিতাৰ পৰা যদি বেহদৰ সুখৰ উত্তৰাধিকাৰ লব বিচৰা অথবা মনুষ্যৰ পৰা দেৱতা হব বিচৰা তেন্তে আহক আমি আপোনালোকক বুজাম। এনেকৈ বহুত আহিবলৈ ধৰিব। নিজে নিজেই আহি থাকিব। বিশ্বত শান্তিতো আছিল নহয় জানো। এতিয়া ইমান অনেক ধৰ্ম আছে। তমোপ্ৰধান সৃষ্টিত শান্তি কেনেকৈ হব পাৰে। বিশ্বত শান্তি সেয়াতো ভগৱানেই কৰিব পাৰে। শিৱবাবা আহে তেন্তে নিশ্চয় কিবা উপহাৰ লৈ আহিব। এজন পিতাই আছে যি ইমান দূৰৈৰ পৰা আহে আৰু এই বাবা এবাৰেই আহে। ইমান মহান বাবা 5 হাজাৰ বছৰৰ পাচত আহে। ভ্ৰমণৰ পৰা উভতি আহোঁতে তেতিয়া সন্তানসকলৰ বাবে উপহাৰ লৈ আহে নহয় জানো। এজন ব্যক্তি স্ত্ৰীৰ পতিও হয়, সন্তানসকলৰ পিতাও হয় নহয় জানো। আকৌ ককা, আজোককা, প্ৰপিতামহ হয়। এওঁক তোমালোকে বাবা বুলি কোৱা আকৌ গ্ৰেণ্ড ফাদাৰো হব। গ্ৰেট গ্ৰেণ্ড ফাদাৰো হব। বংশবৃক্ষ আছে নহয় জানো। আদম, আদি দেৱ নাম আছে কিন্তু মনুষ্যই বুজি নাপায়। তোমালোক সন্তানসকলক পিতাই বহি বুজায়। পিতাৰ দ্বাৰা সৃষ্টি চক্ৰৰ হিষ্ট্ৰী-জিওগ্ৰাফী (বুৰঞ্জী-ভূগোল) তোমালোকে জানি চক্ৰৱৰ্তী ৰজা হৈ আছা। বাবাই কিমান মৰমেৰে আৰু ৰুচিৰে পঢ়ায় তেন্তে ইমান পঢ়িব লাগে নহয় জানো। ৰাতিপুৱাৰ সময়খিনিতো সকলোৱে আজৰি হৈ থাকে। ৰাতিপুৱাৰ ক্লাচ হয় - আধাঘণ্টা বা পঞ্চলিচ মিনিট, মুৰুলী শুনি পুনৰ গুচি যোৱা। স্মৰণতো যিকোনো ঠাইত থাকি কৰিব পাৰা। ৰবিবাৰৰ দিনটিতো ছুটী থাকে। ৰাতিপুৱা 23 ঘণ্টা বহি যোৱা। দিনৰ উপাৰ্জনৰ ঘাটি পূৰাই লোৱা। পুৰা আঁচল ভৰপূৰ কৰি লোৱা। সময়তো পোৱা নহয় জানো। মায়াৰ ধুমুহা আহিলে স্মৰণ কৰিব নোৱাৰে। বাবাই একেবাৰে সহজকৈ বুজায়। ভক্তিমাৰ্গত কিমান সৎসংগলৈ যায়। কৃষ্ণৰ মন্দিৰত, আকৌ শ্ৰীনাথৰ মন্দিৰত, আকৌ অন্যৰ কাৰোবাৰ মন্দিৰলৈ যাব। যাত্ৰাতো কিমান ব্যভিচাৰী হয়। ইমান কষ্টও কৰে, লাভ একোৱেই নাই। ড্ৰামাত এইটোও নিৰ্ধাৰিত হৈ আছে পুনৰ হব। তোমালোক আত্মাত ভূমিকা নিহিত হৈ আছে। সত্যযুগত ত্ৰেতাত যি ভূমিকা কল্পৰ পূৰ্বে পালন কৰিছিলা সেয়াই পালন কৰিবা। ভোদা বুদ্ধিৰসকলে এইটোও বুজি নাপায়। যাৰ বুদ্ধি সূক্ষ্ম (চোকা) তেওঁলোকে ভালদৰে বুজি আনক বুজাব পাৰে। তেওঁলোকৰ অন্তৰত ভাৱনা উদয় হয় যে এই অনাদি নাটক ৰচি থোৱা আছে। জগতত কোনেও বুজি নাপায় যে এয়া বেহদৰ নাটক হয়। ইয়াক বুজিবলৈও সময় লাগে। প্ৰতিটো কথা ডিটেইলত (বিস্তাৰত) বুজাই পুনৰ কোৱা হয় - মুখ্য হৈছে স্মৃতিৰ যাত্ৰা। চেকেণ্ডত জীৱনমুক্তি বুলিও গায়ন কৰা হৈছে। আকৌ এইটোও গায়ন আছে যে জ্ঞানৰ সাগৰ হয়। গোটেই সাগৰক চিয়াঁহী কৰি লোৱা, জংঘলক কলম কৰি লোৱা, ধৰণীক কাগজ কৰি লোৱা তেতিয়াও অন্ত পাব নোৱাৰিবা। আৰম্ভণিৰ পৰা ধৰি তোমালোকে কিমান লিখি আহিছা। বহুত কাগজ গৈ যাব। তোমালোকে কোনো হাবাথুৰি খাব নালাগে। মুখ্য হৈছেই অল্‌ফ (পৰমপিতা)। পিতাক স্মৰণ কৰিব লাগে। ইয়ালৈও তোমালোক শিৱবাবাৰ ওচৰলৈ আহা। শিৱবাবাই এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত প্ৰৱেশ কৰি তোমালোকক কিমান মৰমেৰে পঢ়ায়। নিজৰ কোনো মহিমা নকৰে। পিতাই কয় - মই আহোঁ পুৰণা শৰীৰত। কেনেকৈ সাধাৰণ ৰীতিৰে শিৱবাবা আহি পঢ়ায়। কোনো অহংকাৰ নাই। পিতাই কয় - তোমালোকে মোক কোৱাই যে বাবা পতিত সৃষ্টিত, পতিত শৰীৰত আহা, আহি আমাক শিক্ষা দিয়া। সত্যযুগত আহ্বান নকৰা যে আহি হীৰা-মণি-মুকুতাৰ মহলত বহা, ভোজন আদি গ্ৰহণ কৰা. শিৱবাবাই ভোজন গ্ৰহণেই নকৰে। আগতে আহ্বান কৰিছিলা যে আহি ভোজন খোৱা। 36 প্ৰকাৰৰ ভোজন খুৱাইছিলা, এয়া আকৌ হব। এয়াও চৰিত্ৰ বুলিয়েই কোৱা হব। কৃষ্ণৰ চৰিত্ৰ কি? তেওঁতো সত্যযুগৰ প্ৰিন্স (ৰাজকুমাৰ) হয়। তেওঁক পতিত-পাৱন বুলি কোৱা নহয়। সত্যযুগত এওঁ বিশ্বৰ মালিক কেনেকৈ হল - এয়াও এতিয়া তোমালোকে জানা। মনুষ্যতো একেবাৰে ঘোৰ অন্ধকাৰত আছে। এতিয়া তোমালোক অতি প্ৰকাশত আছা। পিতা আহি ৰাতিক দিন কৰি দিয়ে। আধাকল্প তোমালোকে ৰাজত্ব কৰা তেন্তে কিমান আনন্দিত হোৱা উচিত।

তোমালোকৰ স্মৃতিৰ যাত্ৰা তেতিয়াহে পুৰা হব যেতিয়া তোমালোকৰ কোনো এটি কৰ্মেন্দ্ৰিয়ইও প্ৰবঞ্চনা নকৰিব। কৰ্মাতীত অৱস্থা হৈ গলে তেতিয়া স্মৃতিৰ যাত্ৰা পুৰা হব। এতিয়া পুৰা হোৱা নাই। এতিয়া তোমালোকে পুৰা পুৰুষাৰ্থ কৰিব লাগে। নিৰাশ হব নালাগে। ছাৰ্ভিচ আৰু ছাৰ্ভিচ। পিতাও আহি বৃদ্ধ শৰীৰৰ দ্বাৰা সেৱা কৰি আছে নহয় জানো। পিতা কৰণকৰাৱণহাৰ (কৰাওঁতা) হয়। সন্তানসকলৰ কাৰণে কিমান চিন্তা থাকে - এইটো সাজিব লাগে, ঘৰ সাজিব লাগে। যেনেকৈ লৌকিক পিতাৰ হদৰ চিন্তা থাকে, তেনেকৈ পাৰলৌকিক পিতাৰ বেহদৰ চিন্তা থাকে। তোমালোক সন্তানসকলেই ছাৰ্ভিচ কৰিব লাগে। দিনে-প্ৰতিদিনে বহুত সহজ হৈ যায়। যিমান বিনাশৰ সমীপত আহি থাকিবা সিমান শক্তি আহি থাকিব। গায়নো কৰা হৈছে যে ভীষ্মপিতামহ আদিৰ অন্তিম সময়ত তীৰ লাগিল। এতিয়া তীৰ লাগি গলে (জ্ঞানে প্ৰভাৱিত কৰিলে) তেতিয়া বহুত হুলস্থুল হৈ যাব। ইমান সমাগম হৈ যাব যে কথাই নুসুধিবা। এনেকৈ কয় নহয় যে মূৰ খজুৱাবলৈও আজৰি নাই। এনেকুৱা কোনো নাই। কিন্তু সমাগম হৈ গলে তেতিয়া এনেকৈ কোৱা হয়। যেতিয়া এওঁলোকক তীৰে আঘাত কৰিব তেতিয়া তোমালোকৰ প্ৰভাৱ বিস্তাৰ হব। সকলো সন্তানে পিতাৰ পৰিচয়তো পাবই।

তোমালোকে 3 খোজ ভূমিতো এই অবিনাশী হস্পিতাল আৰু গডলী ইউনিভাৰচিটি (ঈশ্বৰীয় বিশ্ব বিদ্যালয়) স্থাপন কৰিব পাৰা। পইচা নাথাকিলেও কোনো কথা নাই। চিত্ৰ তোমালোকে পাই যাবা। ছাৰ্ভিচত মান-অপমান, দুখ-সুখ, ঠাণ্ডা-গৰম সকলো সহন কৰিব লাগে। কাৰোবাক হীৰাৰ দৰে কৰি তোলাতো কোনো কম কথা জানো! পিতা কেতিয়াবা ভাগৰি পৰে জানো? তোমালোক কিয় ভাগৰি পৰা? ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ৰাতিপুৱাৰ সময়ত আধাঘণ্টা বা পঞ্চল্লিছ মিনিট বহুত স্নেহ আৰু ৰুচিৰে পঢ়া পঢ়িব লাগে। পিতাৰ স্মৃতিত থাকিব লাগে। স্মৃতিত থকাৰ এনেকুৱা পুৰুষাৰ্থ হওক যাতে সকলো কৰ্মেন্দ্ৰিয় বশ হৈ যায়।

(2) ছাৰ্ভিচত (সেৱাত) দুখ-সুখ, মান-অপমান, গৰম-ঠাণ্ডা সকলো সহন কৰিব লাগে। ছাৰ্ভিচত কেতিয়াও ভাগৰি পৰিব নালাগে। 3 খোজ ভূমিতো হস্পিতাল (চিকিৎসালয়) তথা ইউনিভাৰচিটি (বিশ্ব বিদ্যালয়) স্থাপনা কৰি হীৰাৰ দৰে কৰি তোলাৰ সেৱা কৰিব লাগে।
 

বৰদান:
সৰ্বশক্তিৰ লাইটৰ (প্ৰকাশৰ) দ্বাৰা আত্মাসকলক মাৰ্গ-দৰ্শন কৰোঁতা চৈতন্য লাইট হাউচ (প্ৰকাশ কুঞ্জ) হোৱা
 

যদি সদায় এইটো স্মৃতিত থাকা যে মই আত্মা বিশ্ব কল্যাণৰ সেৱাৰ কাৰণে পৰমধামৰ পৰা অৱতৰিত হৈছোঁ তেতিয়া যিয়েই সংকল্প কৰিবা, বাণী উচ্চাৰিত কৰিবা তাত বিশ্বৰ কল্যাণ সমাহিত হৈ থাকিব। আৰু এইটো স্মৃতিয়েই লাইট হাউচৰ কাম কৰিব। যেনেকৈ সেই লাইট হাউচৰ পৰা একেটা ৰঙৰ লাইট নিৰ্গত হৈ থাকে তেনেকৈ তোমালোক চৈতন্য লাইট হাউচৰ দ্বাৰা সৰ্বশক্তিৰ লাইটে আত্মাসৱক প্ৰতিটো খোজত মাৰ্গ-দৰ্শন কৰাৰ কাৰ্য কৰি থাকিব।

স্লোগান:
স্নেহ আৰু সহযোগৰ লগতে শক্তি ৰূপ হোৱা তেতিয়া ৰাজধানীত প্ৰথম নম্বৰ প্ৰাপ্ত হৈ যাব।