09.09.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল সকলো কথাত যোগবলেৰে কাম আদায় কৰা, পিতাক একোৱে সুধিবলগীয়া কথা নাই, তোমালোক ঈশ্বৰীয় সন্তান হোৱা সেইবাবে কোনো আসুৰিক কৰ্ম নকৰিবা

প্ৰশ্ন:
তোমালোকৰ এই যোগবলৰ চমৎকাৰ কি?

উত্তৰ:
এয়াই যোগবল হয় যাৰ দ্বাৰা তোমালোকৰ সকলো কৰ্মেন্দ্রিয় বশ হৈ যায়। যোগবল অবিহনে তোমালোক পাৱন (পবিত্ৰ) হ'ব নোৱাৰা। যোগবলেৰেহে গোটেই সৃষ্টি পাৱন হয় সেইবাবে পাৱন হ'বলৈ বা ভোজনক শুদ্ধ কৰিবলৈ স্মৃতিৰ যাত্রাত থাকা। যুক্তিৰে চলা। নম্রতাৰে ব্যৱহাৰ কৰা।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়। জগতত কোনেও নাজানে যে আত্মিক পিতাই আহি স্বৰ্গ বা নতুন সৃষ্টিৰ স্থাপনা কেনেকৈ কৰে। কোনেও নাজানে। তোমালোকে পিতাৰ পৰা কোনো বস্তু খুজিব নোৱাৰা। পিতাই সকলো বুজায়। একোৱেই সোধাৰ দৰকাৰ নাথাকে, সকলোবোৰ নিজেই বুজাই থাকে। পিতাই কয় - মই কল্পই কল্পই এই ভাৰত খণ্ডলৈ আহি কি কৰিব লাগে, সেয়া মই জানো, তোমালোকে নাজানা। নিতৌ বুজাই থাকে। কোনোবাই যদি একোকে নোসোধেও তথাপিও সকলো বুজাই থাকে। কেতিয়াবা সোধে - খোৱা-বোৱাৰ অসুবিধা হয় নেকি। এতিয়া এইটোতো বুজিবলগীয়া কথা। বাবাই কৈ দিছে সকলো কথাতে যোগবলেৰে কাম আদায় কৰা, স্মৃতিৰ যাত্রাত থাকি কৰ্ম কৰা, আৰু য'লৈকে যোৱা মুখ্য কথা হ'ল পিতাক নিশ্চয় স্মৰণ কৰিব লাগে। আৰু কোনো আসুৰিক কৰ্ম কৰিব নালাগে। আমি ঈশ্বৰীয় সন্তান হওঁ, তেওঁ হ'ল সকলোৰে পিতা, সকলোৰে বাবে এয়া একে শিক্ষাই দিব। পিতায়ে শিক্ষা দিয়ে সন্তানসকল, স্বৰ্গৰ মালিক হ'ব লাগে। ৰাজ্যতো পদতো থাকে নহয়। প্রত্যেকৰে নিজৰ পুৰুষাৰ্থ অনুসৰি পদবী থাকে। সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে আৰু প্রালব্ধও সন্তানসকলে পাব লাগে। পুৰুষাৰ্থ কৰাবলৈ পিতা আহে। তোমালোকে একো নাজানিছিলা যে পিতা কেতিয়া আহিব, আহি কি কৰিব, কলৈ লৈ যাব। পিতাহে আহি বুজায় - নাটকৰ পৰিকল্পনা অনুসৰি তোমালোক ক'ৰ পৰা সৰি পৰিলা (অৱনমিত হলা)। একেবাৰে উচ্চ শিখৰৰ পৰা। অলপো বুদ্ধিত উদয় নহয় যে আমি কোন হওঁ? এতিয়া অনুভৱ কৰা নহয়। তোমালোকে সপোনতো ভবা নাছিলা যে পিতা আহি কি কৰিব। তোমালোকেও একো নাজানিছিলা। এতিয়া পিতাক পাইছা যেতিয়া বুজি পোৱা যে এনেকুৱা পিতাৰ প্ৰতিতো উৎসৰ্গিত হৈ যাব লাগে। যেনেদৰে স্ত্রী যদি পতিব্ৰতা হয় তেন্তে পতিৰ (স্বামীৰ) বাবে কিমান বলিদান দিয়ে। চিতাত উঠিবলৈও ভয় নকৰে। কিমান সাহসী হয়। আগতে চিতাত বহুতে উঠিছিল (স্বামীৰ চিতাত জাহ গৈছিল)। ইয়াত বাবাইতো এনেকুৱা একো কষ্ট নিদিয়ে। যদিও নাম হ'ল জ্ঞান চিতা কিন্তু জ্বলি যোৱাৰ কোনো কথা নাই। পিতাই একেবাৰে এনেদৰে বুজাই যেন মাখনৰ পৰা চুলি উলিওৱা (অতি স্পষ্টকৈ)। সন্তানসকলে বুজি পায় যে যথাযথ জন্ম-জন্মান্তৰৰ বোজা শিৰত আছে। কোনো এজন অজামিল নহয়। প্রত্যেক মনুষ্যই এজন আনজনতকৈ বেছি অজামিল হয়। মনুষ্যই কি জানে আগৰ জন্মত কি কি কৰিছিল। এতিয়া তোমালোকে বুজি পোৱা পাপহে কৰিছিলোঁ, বাস্তৱত এটিও পুণ্য আত্মা নাই। সকলোবোৰ হ'ল পাপ আত্মা। পুণ্য কৰিলে পুণ্য আত্মা হৈ যায়। পুণ্য আত্মাসকল সত্যযুগত থাকে। কোনোবাই যদি হস্পিতাল আদি নিৰ্মাণ কৰিলে তাৰ পৰা কি হ'ল। ছিৰি নামি যোৱাৰ (অৱনমিত হোৱাৰ) পৰা হাত সাৰি যাব জানো। আৰোহণ কলাতো নহয়, নহয় জানো। অৱনমিতহে হৈ যায়। এইজন পিতাতো এনেকুৱা পৰমপ্ৰিয় হয় যাৰ কাৰণে কয় যে জীৱন্তে উৎসৰ্গিত হৈ যাওঁ কিয়নো তেওঁ স্বামীসকলৰো স্বামী, পিতাসকলৰো পিতা সকলোতকৈ উচ্চ হয়।

সন্তানসকলক এতিয়া পিতায় জগাই আছে। এনেকুৱা বাবা যিয়ে স্বৰ্গৰ মালিক কৰি তোলে, কিমান সাধাৰণ হয়। আৰম্ভণিতে যেতিয়া কন্যাসকল (কুমাৰীসকল) বেমাৰত ভুগিছিল তেতিয়া বাবাই নিজেই তেওঁলোকৰ সেৱা কৰিছিল। একোৱে অহংকাৰ নাই। বাপদাদা উচ্চতকৈও উচ্চ হয়। কয় - যেনেকুৱা কৰ্ম মই এওঁৰ (ব্ৰহ্মাবাবাৰ) দ্বাৰা কৰাম, নতুবা কৰিম। দুয়ো যেন এক হৈ যায়। গম পোৱা যায় জানো। পিতাই কি কৰে, দাদাই কি কৰে। কৰ্ম-অকৰ্ম-বিকৰ্মৰ গতি পিতাইহে বহি বুজায়। পিতা বহুত উচ্চ। মায়াৰো কিমান প্ৰভাৱ আছে। ঈশ্বৰ পিতাই কয় এনেকুৱা নকৰিবা, তথাপিও নামানে। ভগৱানে কয় - মৰমৰ সন্তানসকল, এইটো কৰ্ম নকৰিবা, তথাপিও ওলোটা কৰ্ম কৰি দিয়ে। ওলোটা কৰ্মৰ বাবেইতো মানা কৰিব নহয় জানো। কিন্তু মায়াও বহুত শক্তিশালী হয়। ভুলতো পিতাক পাহৰিব নালাগে। যিয়েই নকৰক, মাৰক বা টুকুৰা টুকুৰ কৰি দিয়ক। পিতাই এনেকুৱা একো নকৰে কিন্তু এনেকৈ চৰম (এক্সট্ৰিম) অৱস্থাৰ বাবে কোৱা হয়। গীতো আছে তোমাৰ দুৱাৰ কেতিয়াও নেৰো। লাগিলে যি বুলিয়েই নোকোৱা। বাহিৰত আছেই বা কি। বুদ্ধিয়েও কয় যামনো কলৈ? পিতাই বাদশ্বাহী (সাম্ৰাজ্য) দিয়ে পুনৰ কেতিয়াবা পোৱা যায় জানো। এনেকুৱা হয় জানো যে পাচৰ জন্মত কিবা পোৱা যাব। নহয়। এয়া পাৰলৌকিক পিতা যিজনে তোমালোকক বেহদ (অপৰিসীম) সুখধামৰ মালিক কৰি তোলে। সন্তানসকলে দৈৱী গুণো ধাৰণ কৰিব লাগে, সেয়াও পিতাই পৰামৰ্শ দিয়ে। নিজৰ পুলিচ আদিৰ কৰ্মও কৰা, নহলে বৰ্খাস্ত (ডিচমিচ) কৰি দিব। নিজৰ কৰ্মতো কৰিবই লাগিব, চকু দেখুৱাবলগীয়া হয় (খঙাল দৃষ্টিৰে চাবলগীয়া হয়)। যিমান পাৰা মৰমেৰে কাম আদায় কৰা। নহলে যুক্তিৰে চকু দেখুওৱা। হাত চলাব নালাগে। বাবাৰ কিমান অনেক সন্তান আছে। বাবাৰো সন্তানসকলৰ প্ৰতি খেয়াল থাকে নহয়। মূল কথা হৈছে পবিত্ৰ হৈ থকা। জন্ম-জন্মান্তৰ তোমালোকে আহ্বান কৰিছা নহয় হে পতিত-পাৱন, আহি আমাক পাৱন কৰি তোলা। কিন্তু অৰ্থ একোৱেই নুবুজে। আহ্বান কৰে তেন্তে নিশ্চয় পতিত হয়। নহলেতো আহ্বান কৰাৰ দৰকাৰ নাই। পূজা কৰাৰো দৰকাৰ নাই। পিতাই বুজায় - তোমালোক অবলাসকলৰ ওপৰত কিমান অত্যাচাৰ হয়, সহন কৰিবলগীয়াই হয়। যুক্তিও শুনাই থাকে। বহুত নম্ৰতাৰে চলা। কোৱা, আপুনিতো ভগৱান হয়, তেন্তে এয়া কি বিচৰা? বিবাহ পাশত আৱদ্ধ হোৱাৰ সময়ত কয় - মই তোমাৰ পতি ঈশ্বৰ গুৰু সকলো হওঁ, এতিয়া মই পবিত্ৰ হৈ থাকিব বিচাৰো, তেন্তে আপুনি বাধা কিয় দিয়ে। ভগৱানকতো পতিত-পাৱন বুলি কোৱা হয় নহয় জানো। আপুনিয়েই পবিত্ৰ কৰি তোলোঁতা হৈ যাওক। এনেকৈ মৰমেৰে, নম্ৰতাৰে কথা পাতিব লাগে। ক্ৰোধ কৰিলে ফুলৰ বৰ্ষা কৰা। মাৰে আকৌ তাৰ বাবে দুখ প্ৰকাশো কৰে। যেনেকৈ মদ্যপান কৰিলে বহুত নিচা বাঢ়ি যায়। নিজকে বাদশ্বাহ বুলি ভাবে। তেন্তে এই বিষো এনেকুৱা বস্তু যে কথাই নুসুধিবা। অনুতাপো কৰে কিন্তু অভ্যাস হৈ যোৱাৰ বাবে সেয়া আঁতৰি নাযায়। এবাৰ দুবাৰ বিকাৰত গল, বচ্‌ নিচা লাগি যায় তাৰপাচত অৱনতি হৈ থাকে। যেনেকৈ নিচাযুক্ত দ্ৰব্যই আনন্দিত কৰি তোলে, বিকাৰো তেনেকুৱা। ইয়াত আকৌ বহুত পৰিশ্ৰম হয়। যোগবলৰ অবিহনে কোনেও কৰ্মেন্দ্ৰিয়ক বশ কৰিব নোৱাৰে। যোগবলৰে চমৎকাৰ, সেইবাবেতো নাম প্ৰখ্যাত, বাহিৰৰ পৰা ইয়ালৈ যোগ শিকিব আহে। শান্তিত বহি থাকিব। ঘৰ-সংসাৰৰ পৰা দূৰ হৈ যায়। সেয়াতো হৈছে আধাকল্পৰ কাৰণে কৃত্ৰিম (আৰ্টিফিচিয়েল) শান্তি। কোনেও সঁচা শান্তি বিষয়ে গমেই নাপায়। পিতাই কয় - সন্তানসকল, তোমালোকৰ স্ব-ধৰ্মই হৈছে শান্তি, এই শৰীৰেৰে তোমালোকে কৰ্ম কৰা। যেতিয়ালৈকে শৰীৰ ধাৰণ নকৰে তেতিয়ালৈকে আত্মা শান্তিত থাকে। পুনৰ কৰবাত নহয় কৰবাত গৈ প্ৰৱেশ কৰে। ইয়াততো আকৌ কোনো-কোনোৱে সূক্ষ্ম শৰীৰেৰে হাবাথুৰি খাই থাকে। সেয়া ছায়াৰ শৰীৰ হয়, কোনোবা দুখ দিওঁতা হয়, কোনোবা ভাল হয়, ইয়াতো কোনোবা ভাল মনুষ্য থাকে যিয়ে কাকোৱেই দুখ নিদিয়ে। কোনোবাইতো বহুত দুখ দিয়ে। কোনোবা যেন সাধু মহাত্মা হয়।

পিতাই বুজায় মৰমৰ সন্তানসকল, তোমালোকে 5 হাজাৰ বছৰৰ পাচত পুনৰ আহি মিলিত হৈছা। কি লবলৈ? পিতাই শুনাইছে তোমালোকে কি পাবা। বাবা আপোনাৰ পৰা কি পাম, এইটোতো প্ৰশ্নই নহয়। আপুনিতো হয়েই হেভেনলী গদ ফাদাৰ (স্বৰ্গীয় ঈশ্বৰ পিতা)। নতুন সৃষ্টিৰ ৰচয়িতা। তেন্তে নিশ্চয় আপোনাৰ পৰা বাদশ্বাহীয়েই পাম। পিতাই কয় - অলপো যদি কিবা বুজি যায় তেতিয়াও স্বৰ্গলৈ নিশ্চয় আহিব। মই স্বৰ্গৰ স্থাপনা কৰিবলৈ আহিছোঁ। সকলোতকৈ শ্ৰেষ্ঠ ব্যক্তি হৈছে ভগৱান আৰু প্ৰজাপিতা ব্ৰহ্মা। তোমালোকে জানা যে বিষ্ণু কোন হয়? আৰু কোনেও নাজানে। তোমালোকেতো কবা আমি এওঁৰ বংশৰ হওঁ, এই লক্ষ্মী-নাৰায়ণেতো সত্যযুগত ৰাজত্ব কৰিছিল। এই চক্ৰ আদি জানো বাস্তৱত বিষ্ণুৰ হয়। এই অলংকাৰ আমাৰ ব্ৰাহ্মণসকলৰ হয়। এতিয়া এই জ্ঞান আছে। সত্যযুগত জানো এয়া বুজাব। এনেকুৱা কথা শুনোৱাৰ শক্তি কাৰো নাই। তোমালোকে এই 84ৰ চক্ৰক জানা। ইয়াৰ অৰ্থ কোনেও বুজিব নোৱাৰে। সন্তানসকলক পিতাই বুজাইছে। সন্তানসকলেও বুজি গৈছে, আমাৰ ক্ষেত্ৰততো এই অলংকাবোৰ শোভা নাপায়। এতিয়া আমি শিক্ষা আহৰণ কৰি আছোঁ। পুৰুষাৰ্থ কৰি আছোঁ। পুনৰ এনেকুৱা হৈ যামগৈ। স্বদৰ্শন চক্ৰ ঘূৰাই ঘূৰাই আমি দেৱতা হৈ যাম। স্বদৰ্শন চক্ৰ অৰ্থাৎ ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক জানিব লাগে। গোটেই সৃষ্টিত কোনেও এইটো বুজাব নোৱাৰে যে এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। পিতাই কিমান সহজকৈ বুজায় - এই চক্ৰৰ আয়ুস ইমান বেছিতো হব নোৱাৰে। মনুষ্য সৃষ্টিৰেই খবৰ শুনোৱা হয় যে ইমান মনুষ্য আছে। এনেকৈ জানো কোৱা হয় যে কিমান কাছ আছে, মাছ আদি কিমান আছে, মনুষ্যৰেই কথা। তোমালোককো প্ৰশ্ন সোধে, পিতাই সকলো শুনাই থাকে। কেৱল তাৰ ওপৰত সম্পূৰ্ণ ধ্যান দিব লাগে।

পিতাই বুজাইছে - যোগবলেৰে তোমালোকে সৃষ্টিক পাৱন কৰি তোলা তেন্তে যোগবলেৰে ভোজন শুদ্ধ কৰিব নোৱাৰানে? বাৰু, তোমালোকতো এনেকুৱা হৈছা। তেন্তে কাৰোবাক নিজৰ সমান কৰি গঢ়ি তোলানে? এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে পিতা আহিছে স্বৰ্গৰ বাদশ্বাহী পুনৰ দিবলৈ। সেয়েহে ইয়াক প্ৰত্যাখ্যান (ৰিফিউজ) নকৰিবা। বিশ্বৰ বাদশ্বাহী প্ৰত্যাখ্যান কৰিলে তেন্তে শেষ। তেতিয়া আৱৰ্জনাৰ (ৰিফিউজৰ) পাত্ৰত গৈ পৰিবা। এই গোটেই জগতখন হৈছে আৱৰ্জনা। তেন্তে ইয়াক আৱৰ্জনা (ৰিফিউজ) বুলিয়ে কোৱা হব। জগতৰ অৱস্থা চোৱা কেনেকুৱা। তোমালোকেতো জানা যে আমি বিশ্বৰ মালিক হওঁগৈ। এইটো কোনেও নাজানে যে সত্যযুগত এখনেই ৰাজ্য আছিল, মানি নলব। নিজৰ অহংকাৰ থাকে সেয়েহে অলপো নুশুনে, কৈ দিয়ে এই সকলোবোৰ আপোনালোকৰ কল্পনা। কল্পনাৰেই এই শৰীৰ আদি তৈয়াৰ হৈছে। অৰ্থ একোৱেই বুজি নাপায়। বচ্‌ এয়া ঈশ্বৰৰ কল্পনা, ঈশ্বৰে যি বিচাৰে সেয়াই হয়, তেওঁৰ এয়া খেল। এনেকুৱা কথা কয়, কথাই নুসুধিবা। এতিয়া তোমালোক সন্তানসকলে জানা বাবাৰ আগমন হৈছে। বৃদ্ধ মাতাসকলেও কয় - বাবা প্ৰত্যেক 5 হাজাৰ বছৰৰ পাচত আমি আপোনাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ লওঁ। আমি এতিয়া আহিছোঁ স্বৰ্গৰ ৰাজ্য-ভাগ্য লবলৈ। তোমালোকে জানা যে সকলো ভাৱৰীয়াৰ (এক্টৰৰ) নিজৰ নিজৰ ভূমিকা (পাৰ্ট) আছে। এজনৰ ভূমিকা আনজনৰ লগত নিমিলে। তোমালোক আকৌ এই নাম ৰূপতেই এই সময়ত পুনৰ পিতাৰ পৰা উত্তৰাধিকাৰ লবলৈ পুৰুষাৰ্থ কৰিবা। কিমান অপৰিসীম উপাৰ্জন হয়। যদিও বাবাই কয় যদি অলপো শুনে তেতিয়াও স্বৰ্গলৈ আহিব কিন্তু প্ৰত্যেক মনুষ্যই শ্ৰেষ্ঠ হবলৈকে পুৰুষাৰ্থ কৰে নহয় জানো। সেয়েহে পুৰুষাৰ্থ হৈছে প্ৰথম (ফাৰ্ষ্ট)। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেনেকৈ বাবাই সন্তানসকলৰ সেৱা কৰে, কোনো অহংকাৰ নাই, তেনেকৈ অনুসৰণ (ফল) কৰিব লাগে। পিতাৰ শ্ৰীমতত চলি বিশ্বৰ বাদশ্বাহী লব লাগে, প্ৰত্যাখ্যান (ৰিফিউজ) কৰিব নালাগে।

(2) পিতাসকলৰো পিতা, স্বামীসকলৰো স্বামী যিজন সকলোতকৈ উচ্চ, অতি মৰমৰ (বিলাভেড্‌) হয় তেওঁৰ প্ৰতি জীৱন্তে উৎসৰ্গিত হৈ যাব লাগে। জ্ঞান চিতাত বহিব লাগে। কেতিয়াও ভুলতো পিতাক পাহৰি ওলোটা কৰ্ম কৰিব নালাগে।

বৰদান:
মাষ্টৰ জ্ঞান সাগৰ হৈ জ্ঞানৰ গভীৰতাত যাওঁতা অনুভৱ ৰূপী ৰত্নৰে ভৰপূৰ হোৱা

যিসকল সন্তান জ্ঞানৰ গভীৰতাত যায় তেওঁলোক অনুভৱ ৰূপী ৰত্নেৰে সম্পন্ন হয়। এটা হৈছে জ্ঞান শুনা আৰু শুনোৱা, আনটো হৈছে অনুভৱী মূৰ্ত হোৱা। অনুভৱী সদায় অবিনাশী আৰু নির্বিঘ্ন হৈ থাকে। তেওঁলোকক কোনেও লৰচৰ কৰিব নোৱাৰে। অনুভৱীৰ আগত মায়াৰ কোনো প্ৰয়াসেই সফল নহয়। অনুভৱী কেতিয়াও প্ৰবঞ্চিত হব নোৱাৰে সেইবাবে অনুভৱক বঢ়াই গৈ প্ৰতিটো গুণৰ অনুভৱী মূৰ্ত হোৱা। মনন শক্তিৰ দ্বাৰা শুদ্ধ সংকল্পৰ পুঁজি (ষ্টক) জমা কৰা।

স্লোগান:
ফৰিস্তা সেইজন যি দেহৰ সূক্ষ্ম অভিমানৰ সম্বন্ধৰ পৰাও উপৰাম।