09.10.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল ৰাতিপুৱা উঠি বাবাৰ সৈতে মিঠা মিঠা (ৰসাল) বাৰ্তালাপ কৰা, বিচাৰ সাগৰ মন্থন কৰিবৰ কাৰণে ৰাতিপুৱাৰ সময় বহুত উত্তম হয়

প্ৰশ্ন:
ভক্তয়ো ভগৱানক সৰ্বশক্তিমান বুলি কয় আৰু তোমালোক সন্তানসকলেও কোৱা, কিন্তু দুয়োটাৰ মাজত পাৰ্থক্য কি?

উত্তৰ:
তেওঁলোকে কয় ভগৱানেতো যি ইচ্ছা কৰে তাকেই কৰিব পাৰে। সকলো তেওঁৰ হাতত আছে। কিন্তু তোমালোকে জানা বাবাই কৈছে - ময়ো নাটকৰ (ড্ৰামাৰ) বন্ধনত বান্ধ খাই আছোঁ। নাটক সৰ্বশক্তিমান হয়। পিতাক সৰ্বশক্তিমান বুলি এই কাৰণেই কোৱা হয় কিয়নো তেওঁৰ ওচৰত সকলোকে সৎগতি দিয়াৰ শক্তি আছে। এনেকুৱা ৰাজ্য প্ৰতিষ্ঠা কৰে যাক কোনেও কাঢ়ি নিব নোৱাৰে।

ওঁম্শান্তি।
কোনে কলে? বাবাই। ওঁম্‌ শান্তি - এয়া কোনে কলে? দাদাই। এতিয়া তোমালোক সন্তানসকলে এয়া চিনাক্ত কৰিলা। উচ্চতকৈ উচ্চজনৰ মহিমাতো বহুত শ্ৰেষ্ঠ হয়। এনেকৈ কয় সৰ্বশক্তিমান হয় গতিকে কি কৰিব নোৱাৰে। এতিয়া এই ভক্তিমাৰ্গৰ সকলেতো সৰ্বশক্তিমানৰ বহুত বেছি অৰ্থ উলিয়ায়। পিতাই কয় নাটক (ড্ৰামা) অনুসৰি সকলোবোৰ হয়। মই একো নকৰোঁ। ময়ো নাটকৰ বন্ধনত বান্ধ খাই আছোঁ। মাত্ৰ তোমালোকে পিতাক স্মৰণ কৰিলে সৰ্বশক্তিমান হৈ যোৱা। পবিত্ৰ হলে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যোৱা। পিতা সৰ্বশক্তিমান হয়, তেওঁ শিকাবলগীয়া হয়। সন্তানসকল, মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হৈ যাব আকৌ সৰ্বশক্তিমান হৈ বিশ্বত ৰাজত্ব কৰিবা। শক্তিহীন হলে তেন্তে ৰাজত্ব কেনেকৈ কৰিবা। যোগৰ দ্বাৰা শক্তি পোৱা যায় সেই কাৰণে ভাৰতৰ প্ৰাচীন যোগৰ বহুত গায়ন আছে। তোমালোক সন্তানসকলে ক্ৰম অনুসৰি স্মৰণ কৰা আৰু আনন্দিত হোৱা। তোমালোকে জানা আমি আত্মাসকলে পিতাক স্মৰণ কৰিলে বিশ্বত ৰাজত্ব কৰিব পাৰো। কাৰোৱেই শক্তি নাই যে কাঢ়ি নিব পাৰিব। উচ্চতকৈও উচ্চ পিতাৰ মহিমা সকলোৱে কৰে কিন্তু একোৱেই বুজি নাপায়। এজনো মনুষ্য নাই যিয়ে এইটো গম পায় যে এয়া নাটক হয়। যদি নাটক বুলি বুজি পোৱা তেন্তে আৰম্ভণিৰ পৰা শেষলৈকে সেয়া স্মৃতিলৈ আহিব লাগে। নহলেতো নাটক বুলি কোৱাটোৱেই ভুল হৈ যায়। কয়ো যে এয়া নাটক হয়, আমি ভূমিকা (পাৰ্ট) পালন কৰিবলৈ আহিছোঁ। গতিকে সেই নাটকৰ আদি-মধ্য-অন্তকো জানিব লাগে নহয়নে। এইটোও কয় আমি ওপৰৰ পৰা আহোঁ সেইবাবেতো বৃদ্ধি হৈ থাকে নহয় জানো। সত্যযুগততো কম মনুষ্য আছিল। ইমানবিলাক আত্মা কৰ পৰা আহিল, এইটো কোনেও নুবুজে যে এইখন অনাদি পূৰ্ব নিৰ্ধাৰিত অবিনাশী নাটক। যিখন আদিৰ পৰা অন্তলৈকে পুনৰাবৃত্তি (ৰিপিট) হৈ থাকে। তোমালোকে চিনেমা (বাইস্কোপ) আদিৰ পৰা অন্তলৈকে চোৱা আকৌ পুনৰাবৃত্তি কৰি যদি চোৱা তেন্তে চক্ৰ নিশ্চয় হুবহু পুনৰাবৃত্তি হব। অলপো পাৰ্থক্য নহব।

পিতাই অতি মৰমৰ সন্তানসকলক কেনেকৈ বহি বুজায়। কিমান মৰমৰ পিতা। পিতা আপুনি কিমান মৰমৰ। বাবা বচ্‌, এতিয়াতো আমি নিজৰ সুখধামলৈ যাম। এতিয়া এইটো গম পালোঁ যে আত্মা পাৱন হৈ গলে তাত (স্বৰ্গত) গাখীৰো পবিত্ৰ পাম। শ্ৰেষ্ঠাচাৰী মাতৃসকল বহুত মৰমৰ হয়, সময়মতে সন্তানসকলক নিজেই দুগ্ধ পান কৰায়। সন্তানসকলৰ কন্দাৰ দৰকাৰ নহয়। এনেকৈ এয়াও বিচাৰ সাগৰ মন্থন কৰিবলগীয়া হয়। ৰাতিপুৱা বাবাৰ সৈতে বাৰ্তালাপ কৰিলে বহুত আনন্দ পোৱা যায়। বাবা আপুনি শ্ৰেষ্ঠাচাৰী ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কিমান ভাল যুক্তি শুনায়, পুনৰ আমি শ্ৰেষ্ঠাচাৰী মাতৃসকলৰ কোলালৈ আহিম। অনেক বাৰ আমিয়েই সেই নতুন সৃষ্টিলৈ গৈছোঁ। এতিয়া আমাৰ আনন্দৰ দিন আহিছে। এয়া আনন্দৰ খোৰাক (পথ্য) হয় সেই কাৰণে গায়নো আছে অতীন্দ্ৰিয় সুখৰ কথা সুধিব বিচৰা যদি গোপ-গোপীসকলক সোধা। এতিয়া আমি বেহদৰ পিতাক পাইছোঁ। আমাক আকৌ স্বৰ্গৰ মালিক শ্ৰেষ্ঠাচাৰী কৰি তোলে। কল্পই কল্পই আমি নিজৰ ৰাজ্য-ভাগ্য লওঁ। পৰাজিত হওঁ আকৌ জয়ী হওঁ। এতিয়া পিতাক স্মৰণ কৰিলেহে ৰাৱণৰ ওপৰত জয়লাভ হব পুনৰ আমি পাৱন হৈ যাম। তাত কাজিয়া দুখ আদিৰ নাম নাই, কোনো খৰচ নাই। ভক্তিমাৰ্গত জন্ম-জন্মান্তৰ কিমান খৰচ কৰিলোঁ, কিমান হাবাথুৰি খালোঁ, কিমান গুৰুৰ শৰণাপন্ন হলোঁ। এতিয়া আৰু আধাকল্প আমি কোনো গুৰুৰ শৰণাপন্ন নহওঁ। শান্তিধাম, সুখধামলৈ যাম। পিতাই কয় - তোমালোক সুখধামৰ যাত্ৰী। এতিয়া দুখধামৰ পৰা সুখধামলৈ যাব লাগে। বাহঃ আমাৰ বাবা, কেনেকৈ আমাক পঢ়াই আছে। আমাৰ স্মাৰকো ইয়াত আছে। এয়াতো অতি বিস্ময়কৰ। এই দেলৱাড়া মন্দিৰৰতো অপৰমঅপাৰ মহিমা আছে। এতিয়া আমি ৰাজযোগ শিকোঁ। তাৰ স্মাৰকতো নিশ্চয় নিৰ্মাণ হব নহয় জানো। এয়া হুবহু আমাৰ স্মাৰক হয়। বাবা, মম্মা আৰু সন্তানসকল বহি আছে। তলত যোগ শিকি আছে ওপৰত স্বৰ্গৰ ৰাজ্য আছে। বৃক্ষতো কিমান স্পষ্টকৈ আছে। বাবাই কেনেকৈ সাক্ষাৎকাৰ কৰালে আকৌ চিত্ৰ তৈয়াৰ কৰালে। বাবাইহে সাক্ষাৎকাৰ কৰালে আকৌ সংশোধনো (কাৰেক্টো) কৰিলে। কিমান বিস্ময়কৰ হয়। গোটেইখিনি নতুন জ্ঞান। কোনেও এই জ্ঞানৰ বিষয়ে নাজানে। পিতাইহে বহি বুজায়, মনুষ্য কিমান তমোপ্ৰধান হৈ যায়। মনুষ্য সৃষ্টি বৃদ্ধি হৈ গৈ থাকে। ভক্তিও বৃদ্ধি হৈ গৈ গৈ তমোপ্ৰধান হৈ যায়। ইয়াত তোমালোকে এতিয়া সতোপ্ৰধান হবলৈ পুৰুষাৰ্থ কৰা। গীতাতো মনমনাভৱ শব্দটি আছে। কেৱল এয়া নাজানে যে ভগৱান কোন হয়। এতিয়া তোমালোক সন্তানসকলে ৰাতিপুৱা উঠি বিচাৰ সাগৰ মন্থন কৰিব লাগে যে মনুষ্যক ভগৱানৰ পৰিচয় কেনেকৈ দিওঁ। ভক্তিতো মনুষ্যই ৰাতিপুৱা উঠি কোঠাত বহি ভক্তি কৰে। সেয়াও বিচাৰ সাগৰ মন্থন কৰাই হল নহয় জানো। এতিয়া তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পোৱা। পিতাই তৃতীয় নেত্ৰ দিয়াৰ কথা শুনায়। ইয়াকেই আকৌ তীজৰীৰ কথা বুলি কৈ দিছে। তীজৰীৰ কথা, অমৰ কথা, সত্য নাৰায়ণৰ কথাও প্ৰসিদ্ধ হয়। শুনাওতা এজনেই পিতা হয় যিটো আকৌ ভক্তি মাৰ্গত চলে। জ্ঞানেৰে তোমালোক সন্তানসকল শ্ৰেষ্ঠাচাৰী হোৱা, সেই কাৰণে দেৱতাসকলক পদমপতি বুলি কয়। দেৱতাসকল বহুত ধনৱান, পদমপতি হয়গৈ। কলিযুগক চোৱা আৰু সত্যযুগকো চোৱা - ৰাতি-দিনৰ পাৰ্থক্য আছে। গোটেই সৃষ্টি পৰিস্কাৰ হবলৈ সময় লাগে নহয় জানো। এইখন বেহদৰ সৃষ্টি। ভাৰত হয়েই অবিনাশী খণ্ড। এইখন কেতিয়া প্ৰায় লুপ্ত নহয়। আধাকল্প এটাই খণ্ড থাকে। পুনৰ অন্য খণ্ডবোৰ ক্ৰমানুসৰি আবিৰ্ভাৱ হব। তোমালোক সন্তানসকলে কিমান জ্ঞান পোৱা। কোৱা- বিশ্বৰ ইতিহাস- ভূগোল কেনেকৈ চক্ৰাকাৰে ঘূৰে- আহি বুজি লোৱা। প্ৰাচীন ঋষি মুনিসকলৰ কিমান সন্মান আছে, কিন্তু তেওঁলোকেও সৃষ্টিৰ আদি-মধ্য-অন্তক নাজানে। তেওঁলোক হৈছে হঠযোগী। অৱশ্যে হয়, বাকী তেওঁলোকৰ পবিত্ৰতাৰ শক্তি আছে যাৰ দ্বাৰা ভাৰতক নিয়ন্ত্ৰণাধীণ কৰি ৰাখে। নহলেতো কব নোৱাৰি ভাৰতৰ কি হৈ গলহেঁতেন। ঘৰত ৰং আদি দিয়া হয় নহয় জানো- তেতিয়া শোভিত হয়। ভাৰত মহান পবিত্ৰ আছিল, এতিয়া সেইখনেই পতিত হৈ গল। তাত তোমালোকৰ সুখো বহুত সময় চলে। তোমালোকৰ ওচৰত বহুত ধন থাকে। তোমালোক ভাৰততে আছিলা। তোমালোকৰ ৰাজ্য আছিল, কালিৰ কথা। পুনৰ পাচত অন্য ধৰ্ম আহিল। তেওঁলোকে আহি কিছু শুধৰাই নিজৰ নাম প্ৰখ্যাত কৰিলে। এতিয়া সেই সকলোবোৰো তমোপ্ৰধান হৈ গল। এতিয়া তোমালোক সন্তানসকল কিমান আনন্দিত হোৱা উচিত। এই সকলোবোৰ কথা নতুন সকলক শুনাব নালাগে। পোন প্ৰথমেতো পিতাৰ পৰিচয় দিব লাগে। পিতাৰ নাম, ৰূপ, দেশ, কালক জানানে? উচ্চতকৈ উচ্চ পিতাৰ ভূমিকাতো প্ৰখ্যাত নহয় জানো। এতিয়া তোমালোকে জানা- সেই পিতায়েই আমাক নিৰ্দেশনা দি আছে। তোমালোকে পুনৰ নিজৰ ৰাজধানী স্থাপনা কৰি আছা। তোমালোক সন্তানসকল মোৰ সহায়কাৰী হোৱা। তোমালোক পবিত্ৰ হোৱা। তোমালোকৰ কাৰণে পবিত্ৰ সৃষ্টি নিশ্চয় স্থাপন হব। তোমালোকে এনেকৈ লিখিব পাৰা যে পুৰণি সৃষ্টি সলনি হৈ আছে। পুনৰ এই সূৰ্যবংশী-চন্দ্ৰবংশী ৰাজ্য হব। পুনৰ ৰাৱণ ৰাজ্য হব। চিত্ৰৰ ওপৰত বুজাবলৈ বহুত মিঠা লাগে, ইয়াত তিথি তাৰিখ সকলো লিখা আছে। ভাৰতৰ প্ৰাচীন ৰাজযোগ মানে স্মৃতি। স্মৃতিৰে বিকৰ্ম বিনাশ হয় আৰু পঢ়াৰ দ্বাৰা পদ মৰ্যাদা পোৱা যায়। দৈৱীগুণ ধাৰণ কৰিব লাগে। অৱশ্যে হয়, ইমানখিনি নিশ্চিত যে মায়াৰ ধুমুহা আহিব। ৰাতিপুৱা উঠি বাবাৰ সৈতে বাৰ্তালাপ কৰাতো বহুত ভাল। ভক্তি আৰু জ্ঞান দুয়োটাৰ বাবে এই সময় ভাল। মিঠা মিঠা কথা পতা উচিত। এতিয়া আমি শ্ৰেষ্ঠাচাৰী জগতলৈ যাম। বৃদ্ধসকলৰ অন্তৰত এইটো থাকে যে আমি এই শৰীৰ ত্যাগ কৰি গৰ্ভলৈ যাম। বাবাই কিমান নিচা বঢ়ায়। বহি এনেকুৱা কথাবোৰ পাতা তেতিয়াও তোমালোকৰ জমা হৈ যাব। শিৱবাবাই আমাক নৰকবাসীৰ পৰা স্বৰ্গবাসী কৰি আছে। পোন প্ৰথমে আমি আহোঁ, গোটেই আদিৰ পৰা অন্তলৈকে (আলৰাউণ্ড) ভূমিকা আমি পালন কৰিছোঁ। এতিয়া বাবাই কয় এই ছিঃ ছিঃ চোলা এৰি দিয়া। দেহ সহিত গোটেই সৃষ্টিখনক পাহৰি যোৱা। এয়া হৈছে বেহদৰ সন্ন্যাস। তাতো তোমালোক বৃদ্ধ হলে সাক্ষাৎকাৰ হব- আমি শিশু হম। আনন্দিত হয়। শৈশৱকালতো সকলোতকৈ ভাল। এনেকৈ ৰাতিপুৱা বিচাৰ সাগৰ মন্থন কৰিব লাগে। পইণ্টচ ওলালে তোমালোক আনন্দিত হবা। আনন্দত এঘণ্টা ডেৰ ঘণ্টা পাৰ হৈ যাব। যিমানে অভ্যাস হৈ গৈ থাকিবা সিমানে বেছি আনন্দিত হৈ গৈ থাকিবা। বহুত আনন্দিত হবা আকৌ ঘুৰোঁতে-ফুৰোঁতে স্মৰণ কৰিব লাগে। আজৰি সময় বহুত আছে, অৱশ্যে হয় বিঘিনি আহিব, তাত কোন সন্দেহ নাই। বেপাৰত মনুষ্যৰ টোপনি নাহে। এলেহুৱা লোক শুই থাকে। তোমালোকে যিমান পাৰা শিৱবাবাকেই স্মৰণ কৰি থাকা। তোমালোকৰ বুদ্ধিত থাকে যে শিৱবাবাৰ কাৰণে ভোজন তৈয়াৰ কৰোঁ। শিৱবাবাৰ কাৰণে আমি এইটো কৰোঁ। ভোজনো শুদ্ধিৰে ৰান্ধিব লাগে। এনেকুৱা বস্তু থাকিব নালাগে যাৰ বাবে সংঘাত হৈ যায়। বাবাই (ব্ৰহ্মাবাবাই) নিজেও স্মৰণ কৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ৰাতিপুৱা উঠি বাবাৰ সৈতে মিঠা মিঠা বাৰ্তালাপ কৰিব লাগে। নিতৌ আনন্দৰ খোৰাক (পথ্য) খাই অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰিব লাগে।

(2) সত্যযুগী ৰাজধানী স্থাপনা কৰাত পিতাৰ পূৰা সহায়ক হবলৈ পবিত্ৰ হব লাগে, স্মৃতিৰে বিকৰ্ম বিনাশ কৰিব লাগে, ভোজনো শুদ্ধিৰে ৰান্ধিব লাগে।

বৰদান:
স্ব-স্থিতিৰ দ্বাৰা পৰিস্থিতিৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা সংগমযুগী বিজয়ী ৰত্ন হোৱা

পৰিস্থিতিৰ ওপৰত বিজয় প্ৰাপ্ত কৰাৰ সাধন হৈছে স্ব-স্থিতি। এই দেহো পৰৰ (আনৰ) হয় নিজৰ নহয়। স্ব-স্থিতি বা স্ব-ধৰ্মই সদায় সুখৰ অনুভৱ কৰায় আৰু প্ৰকৃতি-ধর্ম অৰ্থাৎ পৰৰ ধর্ম বা দেহৰ স্মৃতিয়ে কিবা নহয় কিবা প্ৰকাৰৰ দুখৰ অনুভৱ কৰায়। সেয়হে যিয়ে সদায় স্ব-স্থিতিত থাকে তেওঁ সদায় সুখৰ অনুভৱ কৰে, তেওঁৰ ওচৰলৈ দুখৰ ঢৌ আহিব নোৱাৰে। তেওঁ সংগমযুগী বিজয়ী ৰত্ন হৈ যায়।

স্লোগান:
পৰিৱৰ্তন শক্তিৰ দ্বাৰা ব্যৰ্থ সংকল্পৰ প্ৰবাহৰ গতিক সমাপ্ত কৰা।


মাতেশ্বৰী জীৰ অমূল্য মহাবাক্য

এই অবিনাশী ঈশ্বৰীয় জ্ঞান প্ৰাপ্ত কৰিবলৈ কোনো ভাষা শিকিবলগীয়া নহয়

আমাৰ যি ঈশ্বৰীয় জ্ঞান, সেয়া অতি সহজ আৰু মিঠা, ইয়াৰ দ্বাৰা জন্ম-জন্মান্তৰলৈ উপাৰ্জন জমা হয়। এই জ্ঞান ইমান সহজ যে যিকোনো মহান আত্মা, অহল্যাৰ দৰে পাথৰ বুদ্ধিৰ, যিকোনো ধৰ্মৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে প্ৰাপ্ত কৰিব পাৰে। চোৱা, ইমান সহজ হোৱা সত্ত্বেও জগতৰ লোকে এই জ্ঞানক বহুত গধুৰ (কঠিন) বুলি ভাবে। কোনোৱে ভাবে যেতিয়া আমি বহুত বেদ, শাস্ত্ৰ, উপনিষদ পঢ়ি ডাঙৰ বিদ্বান হম, তাৰ বাবে আকৌ ভাষা শিকিবলগীয়া হয়। বহুত হঠযোগ কৰিলে তেতিয়াহে প্ৰাপ্তি হব, কিন্তু এয়াতো আমি নিজৰ অনুভৱেৰে জানিছোঁ যে এই জ্ঞান অতি সহজ আৰু সৰল কিয়নো স্বয়ং পৰমাত্মাই পঢ়াই আছে, ইয়াত কোনো হঠক্ৰিয়া নাই, জপ তপ, শাস্ত্ৰবাদী পণ্ডিতো হবলগীয়া নহয়, কোনোবাই ইয়াৰ বাবে সংস্কৃত ভাষা শিকাৰো প্ৰয়োজন নহয়, এয়াতো স্বাভাৱিক আত্মাই নিজৰ পৰমপিতা পৰমাত্মাৰ লগত যোগসূত্ৰ গঢ়ি তুলিব লাগে। কোনোবাই জ্ঞানক ধাৰণ কৰিব নোৱাৰিলেও তেতিয়াও কেৱল যোগেৰেও বহুত লাভ হব। ইয়াৰ দ্বাৰা একতো পবিত্ৰ হয়, দ্বিতীয়তে আকৌ কৰ্মবন্ধন ভস্মীভূত হয় আৰু কৰ্মাতীত হয়, এই সৰ্বশক্তিমান পৰমাত্মাৰ স্মৃতিত ইমান শক্তি আছে। যদিও তেওঁ নিজৰ সাকাৰ ব্ৰহ্মা তনৰ দ্বাৰা আমাক যোগ শিকাই আছে কিন্তু স্মৰণ তথাপিও চিধা সেই জ্যোতি স্বৰূপ শিৱ পৰমাত্মাক কৰিব লাগে, সেই স্মৃতিৰেই কৰ্মবন্ধনৰ ময়লা আঁতৰ হব। ভাল বাৰু। ওঁম্‌ শান্তি।